অনুবাদকবিতা

তাক মাৰি পেলোৱা হ’ব-(মূল হিন্দী: ৰাজেশ যোশী, অনুবাদ: মানস বৰা)

যি এই পাগলামিত সহযোগ নকৰিব
তাক মাৰি পেলোৱা হ’ব।
.
কাঠঘৰাত নি থিয় কৰোৱা হ’ব তাক,
যি বিৰুদ্ধে কথা ক’ব
যি সঁচা ক’ব,
তাক মাৰি পেলোৱা হ’ব।
.
এইটো কাহানিও সহ্য কৰা নহ’ব ;
যে কৰোবাৰ কামিজ
তেওঁৰ কামিজতকৈ বেছি বগা হ’ব,
যাৰ কামিজত এটাও দাগ নাথাকিব
তাক মাৰি পেলোৱা হ’ব।
.
কলাৰ পৃথিবীৰ পৰা তাক বাহিৰ কৰি দিয়া হ’ব
যি উচ্চ জা়তিৰ ন’হব
যি তেওঁৰ গুণ নাগাব
.
যি ৰাজপথত ধৰ্মৰ পতাকা উৰুওৱা
মিচিলত চামিল নহ’ব
তাক বন্দুকৰ গুলিৰে থকা-সৰকা কৰা হ’ব
নাস্তিক বুলি ঘোষণা কৰা হ’ব তাক।
.
অস্ত্ৰহীন আৰু নিৰপৰাধী হোৱাটোৱেই
এই সময়ৰ সকলোতকৈ ডাঙৰ অপৰাধ,
যি অপৰাধী নহ’ব
তাক মাৰি পেলোৱা হ’ব।

Print Friendly, PDF & Email

One thought on “তাক মাৰি পেলোৱা হ’ব-(মূল হিন্দী: ৰাজেশ যোশী, অনুবাদ: মানস বৰা)

  • বসন্ত কু বৰা

    বৰ সময়োপযোগী অনুবাদ । আপ্লুত হ’লোঁ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *