বৰ্তমান হিন্দু জাতীয়তাবাদী ইতিহাস চৰ্চাৰ স্বৰূপ ।। ৰূপক বৰুৱা
মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা
এডৱাৰ্ড হালেট কাৰ (Edward Hallett Carr) হ’ল এজন বিশ্বখ্যাত ঐতিহাসিক দাৰ্শনিক। উত্তৰ আধুনিকতাবাদী সকলৰ বহু আক্ৰমণ আৰু আপত্তিৰ স্বত্বেও তেওঁৰ ইতিহাস তত্ত্ব আজিও অবিসম্বাদী হৈ আছে। তেওঁৰ What is History গ্ৰন্থত ইতিহাসৰ বিভিন্ন দিশ আৰু তত্ত্ব আলোচনা কৰিছে। এই গ্ৰন্থখনতে কাৰে এই বুলিও কৈছে—”মই পূৰ্ব বক্তৃতাত কৈছিলোঁ যে, ইতিহাসৰ অধ্যয়ন কৰাৰ আগেয়ে ঐতিহাসিকজনক অধ্যয়ন কৰক। এতিয়া মই সংযোগ কৰিম – ঐতিহাসিকজনক অধ্যয়ন কৰাৰ আগতে তেওঁৰ ঐতিহাসিক আৰু সামাজিক বাতাবৰণ অধ্যয়ন কৰক। এজন ব্যক্তি হিচাপে ঐতিহাসিকজনো ইতিহাস আৰু সমাজ সৃষ্ট।”
কাৰৰ এই উক্তিত ভেজা দি আমিও কওঁ যে- আমিও আমাৰ ঐতিহাসিক সকলক আৰু তেওঁৰ সামাজিক আৰু ৰাজনৈতিক অৱস্থান জানিব লাগিব যি তেওঁক সামগ্ৰিক দৃষ্টিভংগী গঢ়ি তোলে। তেওঁৰ ইতিহাস চৰ্চা এই দৃষ্টিভংগীৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনাই সৰহ আৰু তেওঁৰ এই দৃষ্টিভংগীৰ প্ৰভাৱ আমি তেওঁৰ সৃষ্টিত প্ৰত্যক্ষ কৰিম যি ইতিহাস চৰ্চাক নিৰ্দিষ্ট মতাদৰ্শৰ এজেণ্ডাত পৰিণত কৰে।
বৰ্তমান হিন্দু জাতীয়তাবাদ ভাৰতবৰ্ষত শক্তিশালী হৈ পৰিছে। জাতীয়তাবাদে সাধাৰণতে পুষ্টি লাভ কৰে অতীতৰ পৰা। সেই অতীত সদায় জাতীয়তাবাদী সকলৰ বাবে গৌৰৱময় অতীত। ইয়াৰ বাবে তথ্য আৰু যুক্তিৰ ভেটি নিৰ্মাণ কৰিব লাগে ইতিহাসবিদসকলে। ফলত আমাৰ ইতিহাসবিদ সকলে, হিন্দুত্ববাদীসকলে গঢ়ি তোলা পৰিৱেশত, যাক হেঁচা বুলিও ক’ব পাৰি, ইতিহাস চৰ্চা কৰিব লগা হৈছে। ভাৰতীয় সমাজৰ বিচিত্ৰতাক নেওচি একশৈলিক ৰূপত গঢ়ি তোলা, হিন্দু শাস্ত্ৰক প্ৰধান্য দি ইয়াক ঐতিহাসিক তথ্যৰ প্ৰামাণিক উৎস হিচাপে গ্ৰহণ কৰা, উপাখ্যানৰ চৰিত্ৰক ঐতিহাসিক চৰিত্ৰ হিচাপে প্ৰক্ষেপ কৰা আদিৰ দ্বাৰা ইতিহাস অধ্যয়নৰ গেৰুৱা ধাৰা এটা প্ৰৱৰ্তন কৰা হৈছে। ভাৰতৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰক নাকচ কৰি এখন হিন্দু ৰাষ্ট্ৰ গঠন কৰা য’ত হিন্দুৰ আধিপত্য থাকিব। মুছলমান, কমিউনিষ্ট, গান্ধী, আৰু নেহৰু তেওঁলোকৰ প্ৰধান শত্ৰুৰ দৰে হৈ পৰিল আৰু এতিয়া তেওঁলোকৰ বিৰুদ্ধে মিছা নেৰেটিভ নিৰ্মাণৰ প্ৰয়োজন হৈছে।
আটাইতকৈ ক্ষতিকাৰক কথাটো হ’ল ইতিহাসক আশ্ৰয় কৰি মধ্যযুগৰ কিছুমান কথাৰ আলমত বৰ্তমান মুছলমান সকলৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা হৈছে আৰু ভাৰতীয় সমাজলৈ তেওঁলোকৰ অৱদানক অস্বীকাৰ কৰা হৈছে। অতীতৰ খণ্ড খণ্ড ভাৰতবৰ্ষক এক কৰাত মুছলমান ৰজাসকলৰ অৱদানেই বেছি। তাকো তেওঁলোকে অস্বীকাৰ কৰে। ইতিহাসৰ পাতৰ পৰা মোহাৰি পেলাব খোজা হৈছে তেওঁলোকৰ অৱদানক। তেওঁলোকৰ মতে মুছলমান মানেই যেন আক্ৰমণকাৰী আৰু দেশৰ শত্ৰু। হিন্দুত্ববাদীসকলৰ এই কামবোৰৰ কাৰণে প্ৰয়োজন হৈছে ইতিহাস পুনৰ লিখনৰ। আৰু ব্যাপক ভাবে এইয়া কৰা হৈ আছে।
অতি কম সংখ্যকে এই প্ৰভাৱৰ পৰা মুক্ত হৈ ইতিহাস চৰ্চা কৰিব পাৰিছে। কিন্তু বহুতে আপোচ কৰিব লগা হৈছে। ইতিহাসক গেৰুৱা কৰি তোলা হৈছে। নিৰ্মাণ কৰা হৈছে গেৰুৱা দেশৰ।
জাতীয়তাবাদী ইতিহাসবিদ সকলৰ এনেধৰণৰ কাৰ্য্যৰ বাবে মাৰ্ক্সবাদী ইতিহাসবিদ Eric Hobsbawm য়ে কৈছে— “For historians are to nationalism what poppy-growers are to heroin addicts:” তেওঁ আৰু কৈছে— “Nation without a past are contradicts in terms. What makes a nation is the past, what justifies one nation against others is the past, historian are the people who produce it.”
মাৰ্ক্সবাদী ইতিহাসবিদ লুকাচে জাৰ্মান ইতিহাসবিদ ৰাঙ্কেক (Ranke) ইতিহাস বিৰোধী বুলি গণ্য কৰিছিল। ই.এইচ.কাৰে এইক্ষেত্ৰত মতপোষণ কৰিছে এনেধৰণে—”লুকাচে ৰেঙ্কেক ইতিহাস বিৰোধী বুলি গণ্য কৰিছিল এই অৰ্থত যে এটাৰ পৰা এটালৈ এক বিকাশৰ প্ৰক্ৰিয়াতকৈ তেওঁ ঘটনাৱলীৰ, সমাজ প্ৰতিষ্ঠানৰ এটা সংগ্ৰহ উপহাৰ দিছিল। লুকাচে লিখিছিল যে— ইতিহাস অদ্ভূত উপাখ্যানৰ এক সংগ্ৰহত পৰিণত হৈছিল।” কিন্তু এইজন সোঁপন্থী জাৰ্মান ইতিহাসবিদ ৰাঙ্কে (Ranke) আধুনিক ইতিহাস চৰ্চাৰ বাটকটীয়া বুলি সদায় স্মৰণীয় হৈ থাকিব। তেওঁই প্ৰথম ইতিহাস চৰ্চাৰ পৰা উপাখ্যানক নাকচ কৰিছে। ৰাঙ্কে (Ranke) ইতিহাস চৰ্চাৰ ক্ষেত্ৰত বস্তুনিষ্ঠতাক গুৰুত্ব দি যিকোনো ভাবাবেগ ইতিহাস চৰ্চাৰ পৰিপন্থী বুলি মতপোষণ কৰিছিল। তেওঁ ইতিহাস চৰ্চাৰ এক নতুন পদ্ধতিৰ সূচনা কৰে। এই পদ্ধতিত ঐতিহাসিক তথ্যবিলাক ব্যৱহাৰৰ আগেয়ে তাৰ সমালোচনামূলক বিশ্লেষণ কৰাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ উপাখ্যান, ৰূপকথা, পুৰণি কাহিনী যি প্ৰমাণিত নহয় তাক ইতিহাস চৰ্চাৰ বাহিৰৰ বস্তু বুলি কৈছিল। যিকোনো ভাবাবেগ, জাতীয়তাবাদ নাইবা ৰাষ্ট্ৰীয়তাবাদ যিয়েই নহওক তেওঁ প্ৰশ্ৰয় দিয়াৰ বিৰোধিতা কৰিছিল। তেওঁৰ শেষকথা আছিল— “The strict presentation of facts is the supreme law of historical writing.”।
কিন্তু তেওঁ সমাজ বিকাশৰ প্ৰক্ৰিয়াক এৰাই চলিছিল। ঐতিহাসিক সকলে বিকাশ আৰু প্ৰগতিৰ ধাৰাটোক এৰাই ইতিহাস অধ্যয়ন কৰিলে এই অধ্যয়নৰ দ্বাৰা সমাজৰ একো উপকাৰ নহয়।
জাতীয়তাবাদী ইতিহাসবিদ সকল সমাজৰ বিকাশ আৰু প্ৰগতিৰ ধাৰাটোৰ প্ৰতি বেছি আগ্ৰহী নহয়। তেওঁলোকে আমাৰ সমাজৰ প্ৰগতি আৰু বিকাশৰ ধাৰাটোক চিহ্নিত কৰি ভৱিষ্যতৰ বাবে পথ নিৰ্ণয় কৰিবলৈ অপৰাগ। বৰ্তমান ভাৰতবৰ্ষত হিন্দুত্বৰ জাতীয়তাবাদী ইতিহাসবিদ সকলে অতীতৰ মানৱ প্ৰগতিতকৈ হিন্দুৰ গৌৰৱকেন্দ্ৰিক, সমাজৰ প্ৰগতিৰ লগত সম্পৰ্ক নথকা কিছুমান বিষয়ৰ লগত ব্যস্ত। আনকি ইতিহাসক তেওঁলোকে উপাখ্যানত পৰিণত কৰিছে।
কাৰে প্ৰগতিৰ বিষয়ে মন্তব্য কৰিছে এনেদৰে-“ইতিহাস-ৰচনা এক প্ৰগতিশীল বিজ্ঞান এইটো অৰ্থত যে ই কোনো এক ঘটনাপ্ৰবাহক অনবৰতে ব্যাপক আৰু গভীৰ অন্তদৃষ্টি প্ৰদান কৰিবলৈ বিচাৰে, যিটো নিজেই প্ৰগতিশীল। আমাৰ ‘অতীতৰ বিষয়ে এটা গঠনমূলক দৃষ্টিভংগী’ৰ প্ৰয়োজন বুলি কওঁতে মই এইটোকে বুজাবলৈ বিচাৰিছিলোঁ। প্ৰগতিৰ সম্পৰ্কে এই দ্বৈত বিশ্বাসৰ
ভিত্তিতে বিগত দুই শতিকাত আধুনিক ইতিহাস-ৰচনাৰ ধাৰা বিকশিত হৈ আহিছে আৰু ইয়াৰ অবিহনে ই বাচি থাকিবও নোৱাৰে, কিয়নো এইটো বিশ্বাসেই ইয়াক ইয়াৰ তাৎপৰ্যৰ মাপকাঠি, প্ৰকৃতি আৰু আকস্মিকতাৰ মাজত পাৰ্থক্য কষটি
প্ৰদান কৰে।” তেওঁ আকৌ কৈছে যে— “ইতিহাস বস্তুনিষ্ঠতাৰ কিছুমান অ’ত-ত’ত অৱস্থিত নিৰ্ণীত আৰু অপৰিৱৰ্তনীয় সিদ্ধান্তৰ মানদণ্ডৰ ওপৰত প্ৰতিষ্ঠিত নহয়। আৰু হ’বও নোৱাৰে, বৰং কেৱল এনে এক মানদণ্ডৰ ওপৰত প্ৰতিষ্ঠিত যিটো ভৱিষ্যততহে নিহিত আৰু ইতিহাসৰ অগ্ৰগতিৰ গতিপথৰ লগে লগেহে উদ্ভৱ হয়।”
কাৰে অতীতৰ মানৱ প্ৰগতিত বিশ্বাস কৰিছিল। তেওঁৰ মতে অতীত সম্পৰ্কে এক উপলব্ধিয়েহে ভৱিষ্যত সম্পৰ্কে এক বৰ্দ্ধিত অন্তৰ্দৃষ্টি ইয়াৰ লগত বহন কৰি আনে।
ইতিহাস সময়ৰ অগ্ৰগতিৰ লগে লগে বস্তুনিষ্ঠতাৰ বেছি ওচৰ চাপি আহিব বুলি কাৰে বিশ্বাস কৰিছিল। তেওঁ কৈছিল, “১৮৮০ৰ দশকৰ ঐতিহাসিকতকৈ ১৯২০ৰ দশকৰ ঐতিহাসিকজন বস্তুনিষ্ঠ সিদ্ধান্তৰ অধিক ওচৰ চাপিছিল আৰু আজিকালি ঐতিহাসিক ১৯২০ দশকৰ ঐতিহাসিকতকৈয়ো বেছি ওচৰ চাপিছে আৰু ২০০০ চনৰ ঐতিহাসিক আৰু অধিক ওচৰ চাপিব পাৰিব।”
বৰ্তমান ভাৰতবৰ্ষত ইয়াৰ ওলোটাটোহে দেখা গৈছে। ডি ডি কৌশাম্বী, ৰামচৰণ শৰ্মা, ৰমিলা থাপাৰ দৰে ইতিহাসবিদসকলে গঢ়ি তোলা বস্তুনিষ্ঠ আৰু বিজ্ঞানসন্মত ধাৰাটোৰ পৰা হিন্দু জাতীয়তাবাদী ইতিহাসবিদসকল আঁতৰি আহিছে আৰু এই ধাৰাটোৰ ওপৰত বিভিন্ন ধৰণে আক্ৰমণ চলাইছে।

