দিন-দৈন্য ।। অনামিকা শৰ্মা
মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা
উৰুখা পজাৰ শেতেলিতে বহি
আকাশৰ তৰা লেখি লেখি
কতদিন জাপ খোৱা নাই চকু
বন্ধ কোঠালীত চপৰা-চপৰে
ক’লা মেঘৰ কৰুণ ছাঁ
উৰুখা চালিৰ সুৰুঙাৰে
দেখে জোনাকী পৰুৱাৰ নাচ।
দিনৰ ভাগৰবোৰ ক’তে নো পলায়?
নিৰাশাই পঙ্গু কৰা হৃদয়খন
দুখ আৰু হতাশাত চিৰাচিৰ হয়।
একমাএ শতচ্ছিন্ন চোলাটোৰেই বাগৰে বছৰ
কেইটামান ভাত এখন সেকা ৰুটিত বান্ধ খায়
জীৱনটোৰ দুৰ্ণিবাৰ হেঁপাহ।
তেনেকৈয়ে
সুখৰ শেতেলিত
দুখৰ হুমুনিয়াহ বাঢ়ে।
কিন্তু
সকলো দুখ পাহৰি
পুৱাই দৌৰ মাৰে পোনাটোলৈ চাই
এখন সেকা ৰুটি আৰু
অকণমান নিমখৰ সন্ধানত।

