অনুবাদগ্ৰন্থ

চ্যায়, চ্যায় : অজান জিৰণি ঠাইৰ যাত্ৰা (চতুৰ্থ অংশ) ‌।। মূল: বিশ্বনাথ ঘোষ :: অনুবাদ: কল্যাণী কোঁৱৰ

মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা

(পূৰ্বৰ অংশটিৰ বাবে ইয়াত টিপক)

ভাৰতৰ নাভিস্থল  (চতুৰ্থ খণ্ড)

পিছদিনা ৰাতিপুৱা অমনদীপৰ শিষ্য সঞ্জয় হোটেললৈ আহিল। আগদিনা নিশাই সিদ্ধান্ত লোৱা হৈছিল যে সি মোক ৰে’লৱেৰ য়াৰ্ড আৰু লগতে সেইবোৰ ঠাইলৈ নিব যিবোৰ মই হয়তো দেখা নাছিলোঁ। অমনদীপৰ অনুপস্থিতিত সঞ্জয় অনুজ ভাতৃৰ সলনি বন্ধুলৈ ৰূপান্তৰিত হৈছিল। ওলাই যোৱাৰ আগতে আমি একেলগে চাহ খালোঁ। চাহ খাই থাকোঁতে মই তাক ক’লোঁ যে মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰু দুয়ো ইটাৰ্ছীৰ গোঠী ধৰ্মশালাত থাকি যোৱা বুলি জানি আচৰিত হ’লোঁ।

“সুভাষ চন্দ্ৰ বসুও তাত আছিল।” সি ক’লে ।

“সঁচাকৈয়ে নে?”

“হয়। আৰু তাতেই তেওঁ অসুস্থ হৈ পৰিছিল। তেওঁক মিছন চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁক তালৈ লৈ যোৱা এম্বুলেন্সখন এতিয়াও চিকিৎসালয়ত ৰখাই থোৱা আছে।”

হোটেলখনৰ পৰা মাত্র কেইমিনিটমানৰ দূৰত্বতে চিকিৎসালয়খন আছিল। ইয়াৰ চৌহদত ৰখাই থোৱা এম্বুলেন্সখনৰ কংকালটো থিয়হৈ আছিল- আজিকালিৰ এছ ইউ ভি ৰ ১৯৩০ বা ১৯৪০ চনৰ সংস্কৰণ। ষ্টিয়াৰিং, গিয়াৰ হেণ্ডেল আৰু ইয়াৰ এলুমিনিয়াম শৰীৰটোৰ বাহিৰে বাকী সকলোবোৰ হাড়লৈকে খাই পেলাইছিল। গাড়ীখন যে কেইবাদশক ধৰি তাত পৰি থকা কথাটো প্ৰমাণ কৰিবৰ বাবে এজন বিশেষজ্ঞৰ চকুৰ প্ৰয়োজন নাই। কংকাল হোৱাৰ উপৰিও গাড়ীখন চৌহদটোৰ গছ-লতাৰ অংশ হৈ পৰিছিল।

তাৰপাছত সঞ্জয় আৰু মই, তাৰ বাইকত উঠি উৰা মাৰিলোঁ ৰে’লৱেৰ য়াৰ্ড চাবলৈ। মই ইটাৰ্ছীৰ পৰা খালী হাতে উভতি যোৱাটো সি বিচৰা নাছিল আৰু এজন সাংবাদিক হিচাপে সকলো ক্ষমতা ব্যৱহাৰ কৰি মোক এনেকুৱা কিছুমান ঠাইলৈ লৈ গৈছিল য’ত সাধাৰণ মানুহ সোমাবলৈ হয়তো আগ্রহী নহয় বা তেওঁলোকক অনুমতি দিয়া নহয়। এইবোৰ এনেকুৱা ঠাই য’ত ডিজেলৰ লগতে বৈদ্যুতিক ইঞ্জিনবোৰ মেৰামতি কৰা হয়, ঠিক যেন গেৰেজত চার্ভিচিঙৰ বাবে অপেক্ষা কৰি থকা গাড়ী। আমি ৰে’লগাড়ী এখনত উঠি গৈ থাকোঁতে, ইঞ্জিনটো চলি থকা অৱস্থাত ৰাখিবলৈ কেইবাশ ইঞ্জিনিয়াৰ আৰু টেকনিছিয়ানৰ এটা বাহিনীৰ প্রয়োজন হয় বুলি খুব কমেইহে উপলব্ধি কৰোঁ। সেই অৰ্থতে এই যাত্ৰাটো চকু মুকলি কৰা যাত্রা আছিল। কিন্তু মোৰ আটাইতকৈ বেছি ভাল লাগিছিল এই য়াৰ্ডবোৰলৈ যোৱা পথটো- কেইকিলোমিটাৰ মুকলি ঠাইৰ মাজেৰে পাৰ হৈ গৈছোঁ, মাজে মাজে যাৰ একঘেয়ামিতা ভাঙি দিছে ৰে’ল কৰ্মচাৰীৰ পুৰণি দিনৰ এক মহলীয়া আৱাসবোৰে। তেওঁলোক এনে এটা দ্বীপত বাস কৰে য’ত মল বা চুপাৰমাৰ্কেট নাই, কিন্তু তেওঁলোকৰ সকলোৰে এখন সৰু বাগিছা আৰু পিছফালে এখন বহল চোতাল আছে। তাতোকৈ ডাঙৰ কথাটো হ’ল তেওঁলোকে পৰিস্কাৰ বতাহ সেৱন কৰে।

আমি ইটাৰ্ছী চহৰৰ ব্যস্ততালৈ উভতি অহাৰ লগে লগে বৰষুণ দিবলৈ আৰম্ভ কৰিলে। সঞ্জয়ে বাইকখন ৰখাই দিলে আৰু আমি ৰে’লৱে কলনি এটাৰ বাছ ৰখোৱা আস্থানত আশ্ৰয় ললোঁ। স্কুলৰ পৰা ল’ৰা-ছোৱালী আনি থকা কেইগৰাকীমান মহিলাই ইতিমধ্যে তাত আশ্ৰয় লৈছিল আৰু লগতে দুটা ছাগলীয়েও আশ্ৰয় লৈ আছিল। বৰষুণ কমিবলৈ ধৰোঁতেই বাছ ষ্টপেজৰ পৰা ওলাই আহি ছাগলী দুটাই সংগম কৰিবলৈ আৰম্ভ কৰিলে। এগৰাকী মহিলাই, যিয়ে হয়তো পিছত নিজৰ সন্তানে অস্বস্তিকৰ প্রশ্ন কৰাটো নিবিচাৰিছিল, গাত উঠি থকা ছাগলীটোক পৰি থকা এছাৰি এডালেৰে জোৰেৰে আঘাত কৰিবলৈ ধৰিলে। ভয় খাই জন্তু দুটা বিচ্ছুৰিত হৈ পৰিল।

চহৰ আহি পোৱাৰ পাছত সঞ্জয়ে মোক ৰে’লৱেৰ এজন জ্যেষ্ঠ বিষয়াক লগ কৰিবলৈ লৈ গ’ল। তেওঁ এজন দয়ালু আৰু উদাৰ ব্যক্তি। তেওঁ সোনকালেই আৰু আনন্দেৰে অৱসৰ ল’ব বুলি ক’লে। “যথেষ্ট হ’ল আৰু” তেওঁ হাঁহিলে। “এতিয়া জীৱনৰ বাকী থকা সময়খিনি ভ্রমণ কৰিয়েই কটাম। মই কেতিয়াবা বিদেশ ফুৰিবলৈ যাম নে নাই নাজানো, কিন্তু আজি পাছপ’ৰ্ট পালোঁ।” এটা খামৰ পৰা চিকচিকিয়া পাছপ’ৰ্ট উলিয়াই আমাক দেখুৱাই দিলে। মই চেন্নাইৰ বুলি গম পাই তেওঁ ক’লে, “দক্ষিণত পোৱা ঘেঁহু আৰু সৰিয়হৰ বেছিভাগেই ইটাৰ্ছীৰ পৰা যায়, সেই কথাটো জানিছিলা নে?” তেওঁ আমাক আৰু কিছু কথা ক’লে – প্রতিদিনে ইটাৰ্ছীৰ মাজেৰে এশ আঠখন ৰে’লগাড়ী পাৰ হৈ যায়, চহৰৰ প্ৰায় ছয় হাজাৰ মানুহ ৰে’লৱেৰ দ্বাৰা নিয়োজিত হৈ আছে আৰু দৈনিক আঠ হাজাৰ যাত্ৰী ইটাৰ্ছীৰ পৰা ৰে’লত উঠে যাৰদ্বাৰা প্রতিদিনে ৰে’লৱেলৈ চাৰে চাৰি লাখ টকা আহে।”

তেওঁৰ কোঠাটোৰ বেৰত আঁৰি থোৱা ফটোবোৰ বিভিন্ন ৰে’লমন্ত্রী আৰু জ্যেষ্ঠ ৰে’ল বিষয়াৰ ভ্ৰমণৰ সময়ত তোলা ফটো। বেছিভাগ ফটোতে তেওঁক নিমিষতে চিনিব পৰা গৈছিল, কিন্তু কিছুমান পুৰণি ফটোত তেওঁক বিচাৰিবলগীয়া হৈছিল। ভ্ৰমণকাৰী গণ্যমান্য ব্যক্তিসকলৰ সৈতে তেওঁ একেটা ফ্রেমতে আছিল। সকলো পাৰ্থক্যৰ মূলতে আছিল তেওঁৰ চুলিখিনি, আগতে আছিল কিন্তু এতিয়া নাই। এই ফটোবোৰ এক অর্থত তেওঁৰ কেৰিয়াৰত বিশেষ মাত্রা দিছিল যি এতিয়া সোনকালেই শেষ হ’বলৈ গৈ আছে। কিন্তু তাৰপাছত তেওঁ মোটা মাহিলি পেঞ্চনৰ মজা ল’ব, প্রথম শ্ৰেণীৰ পাছ দুটাৰ সৈতে।

তেওঁৰ কোঠাটোৰ পৰা ওলাই অহাৰ পাছত সঞ্জয়ে মোক ক’লে, “তেওঁৰ চেহেৰা দেখি ভোল নাযাব। অতি অসৎ মানুহ এইজন। ইটার্ছীত তেওঁৰ আধা ডজন ঘৰ আছে। আৰু তেওঁৰ পাছপ’ৰ্টখন দেখিলে নহয়? এতিয়া নিজৰ অসৎ উপাৰ্জনৰ টকাবোৰ পৃথিৱী ভ্রমণ কৰিবলৈ খৰচ কৰিব।” সঞ্জয়ৰ দেউতাকেও ৰে’লৱেত চাকৰি কৰিছিল। দেউতাক কি পদত আছিল, সি মোক কোৱা নাছিল আৰু মইও সোধা নাছিলো। দুটা ডেকা ল’ৰাক এৰি থৈ দুবছৰৰ আগতে দেউতাকৰ মৃত্যু হ’ল। সঞ্জয় ডাঙৰ সন্তান। ৰে’লৱে মানি অহা যুগ যুগ ধৰি অহা মানৱীয় প্রথা অনুসৰি সঞ্জয়ে দেউতাকৰ ঠাইত সহজে চাকৰিটো পাব পাৰিলেহেঁতেন কিন্তু সি আঁতৰি আহি তাৰ পৰিৱর্তে ভায়েকৰ নামটো ৰেজিষ্টাৰ কৰি দিলে। “মোৰ ভাইটিটো বৰ ভাল ল’ৰা, কিন্তু সি বৰ সহজতে আনৰ কথা মানি লয়। মোৰ দৰে সি শান্ত নহয়। সি প্রায়ে বেয়া সংগত পৰে আৰু সেই মানুহবোৰে তাক এনেকুৱা কাম কৰিবলৈ বাধ্য কৰে যিবোৰে হয়তো কেতিয়াবা তাক বিপদত পেলাব পাৰে। কেতিয়াবা কেনেবাকৈ যদি জেলত সোমাবলৈ হয় তেন্তে তাৰ জীৱন শেষ হৈ যাব। গতিকে মোতকৈ তাক এই ৰে’লৱেৰ চাকৰিটো বেছি প্রয়োজন। মই মাত্র তাৰ কলেজ পঢ়ি শেষ হোৱালৈ অপেক্ষা কৰি আছোঁ।

নিজৰ ত্যাগ আৰু আতিথ্যৰ বাবে সঞ্জয়ৰ জীৱন-কাহিনীয়ে সঞ্জয়ক ভাৰতীয় হিচাপে প্রতিনিধিত্ব কৰে। তাৰ ত্যাগৰ কথা মই এইমাত্র গম পালোঁ আৰু তাৰ আতিথ্য মই ৰাতিপুৱাৰেপৰা গ্রহণ কৰি আছোঁ। মোৰ কাৰণে সময় নষ্ট কৰাৰ কোনো কাৰণ তাৰ ওচৰত নাছিল, তথাপিও সি মোক বাইকত উঠাই ঘূৰি ফুৰিছে, যেন এই চুক্তিটো মোতকৈ তাৰ কাৰণেহে বেছি গুৰুত্বপূর্ণ। মই উত্তৰ ভাৰতৰ বাস নকৰোঁ আৰু সঞ্জয়ক মোটা দৰমহা পোৱা চাকৰি এটা পোৱাকৈ সহায় কৰি দিবলৈ মই তাৰ কোনো নামজ্বলা হিন্দী কাকততো কাম নকৰোঁ। এইটো আছিল বিশুদ্ধ ভাৰতীয় আতিথ্যৰ বিনিময় ভাব-চিন্তা, যি আৰু প্রকাশ পাবলৈ বাকী আছিল। দুপৰীয়া ভাত খাবলৈ মোৰ হোটেললৈ উভতি যোৱাৰ পৰামৰ্শ দিওঁতে সঞ্জয়ে প্রত্যাখ্যান কৰিলে। সি মোক দুপৰীয়াৰ আহাৰ খাবলৈ তাৰ প্ৰিয় ধাবালৈ লৈ যাবলৈ জোৰ কৰিলে। “বিশ্বাস কৰক, সিহঁতি ইটাৰ্ছীত আটাইতকৈ ভাল খানা বনায়”, সি আগ্রহ প্রকাশ কৰিলে। মই যেতিয়া মান্তি হ’লোঁ, সি মোৰ পৰা এটা প্রতিশ্ৰুতি উলিয়াই ল’লে যে খোৱাৰ পইচা সি আদায় কৰিব। “আপুনি আমাৰ ইটার্ছীলৈ আহিছে, গতিকে আপুনি আলহী।” সি ক’লে। সি ধন আদায় কৰিব, এই কথাটো মনত ৰাখি মই মাথোঁ দালি আৰু ৰুটি অৰ্ডাৰ কৰিলোঁ। সঞ্জয়ে হয়তো কথাটো বুজি পালে কাৰণ যেতিয়াই ৱেটাৰজন তাৰ ফালে ঘূৰিল সি তাত পোৱা আটাইতকৈ ভাল খাদ্য সম্ভাৰ দিবলৈ কোৱাৰ লগতে দুটা শীতল পানীয় অৰ্ডাৰ দিলে। মই ওচৰে পাজৰে চালোঁ, তাত খাই থকা বেছিভাগ মানুহেই ভ্ৰমণকাৰী। ৱেটাৰজনে শীতল পানীয়ৰ লগতে পিয়াজ, নেমু আৰু কেচাঁ জলকীয়াৰে সজাই ৰঙীন কাঁহিখনো আনিলে- যাৰ অৰ্থ খাদ্য সম্ভাৰ সোনকালেই আহি পাব। ঠিক সেই সময়তে মোৰ ফোনটো বাজি উঠিল। অমনদীপে ফোন কৰিছে।

“ছাৰ, আপুনি ক’ত আছে ?”

তেওঁক উত্তৰ দিলোঁ।

“আপোনাৰ মনত আছেনে যোৱা নিশা মঞ্জুজীৰ কথা যে কৈছিলোঁ?”

“সেই গৰাকী ..…..”

“হয়, হয়। সেই একেগৰাকীয়েই মঞ্জুজী”, মোৰ বাক্যটো শেষ হোৱালৈ অপেক্ষা নকৰাকৈয়ে সি ক’লে।

“মঞ্জুজী এতিয়া ইয়াত, মোৰ দোকানত আছে। মই তেওঁক আপোনাৰ কথা কৈছোঁ। আপুনি যদি কয়, তেওঁক ধাবালৈকে পঠাই দিম নেকি?”

“ঠিক আছে, পঠাই দিয়া।” সেইখিনি সময়ত মোৰ আন কোনো কথা মনলৈ অহা নাছিল।

মোৰ কাণ দুখন আকৌ ৰঙা হৈ পৰা আৰু ভৰি দুটা কিছু কঁপি থকা যেন লাগিল। মই সঞ্জয়ক তাই আহি আছে বুলি কলোঁ, কিন্তু সি কোনো আৱেগ প্ৰকাশ নকৰিলে। অমনদীপৰ দোকানত তাইক কেইবাবাৰো দেখা বুলিও ক’লে কিন্তু স্বেচ্ছাই অধিক তথ্য নিদিলে। বয়সত মোতকৈ বহুত সৰু হোৱাৰ বাবে মইও তাক সুধিবলৈ দ্বিধাবোধ কৰিলোঁ।

মঞ্জু অহাৰ আগতেই খোৱা আহি পালেহি। আমি আমাৰ তৃতীয় ৰুটিৰ যোৰাটো খাবলৈ আৰম্ভ কৰোঁতেই ধাবাৰ বাহিৰত দুগৰাকী মহিলা থিয় হৈ থকা লক্ষ্য কৰিলোঁ। ইতিমধ্যে তাত থকা আন গ্ৰাহকে তেওঁলোকৰ ওপৰত চকু ফুৰাবলৈ আৰম্ভ কৰিলেই। তেওঁলোকৰ দুগৰাকীৰ ভিতৰত এগৰাকী বগা, কিছু চাপৰ আৰু অলপ শকত আৰু আনগৰাকী ওখ, মিঠা বৰণীয়া আৰু ক্ষীণ। দুগৰাকীৰে বয়স পঁয়ত্ৰিশ বছৰৰ ওপৰৰ যেন নালাগিল।

“তাইয়েই নেকি?” মই সঞ্জয়ক সুধিলোঁ।

সি ঘূৰি চাই উত্তৰ দিলে “হয়, সেই বগা বৰণৰ গৰাকী।”

“আমি এতিয়া কি কৰিম? মই ওলাই গৈ সিহঁতক মাতিব লাগিব নেকি?” মই সুধিলোঁ।

“আপুনি নালাগে। মই যাওঁ।” সঞ্জয়ে ক’লে।

***********************

এতিয়া আমি চাৰিজন হলোঁ। মঞ্জু মোৰ কাষত বহিল আৰু ওখ, মিঠাবৰণীয়া গৰাকী সঞ্জয়ৰ কাষত বহিল। টেবুলখন ছানি ধৰা অস্বস্তিকৰ নিস্তব্ধতাই খোৱাখিনি ডিঙি পাৰ হ’বলৈ নিদিয়া যেন লাগিল। তদুপৰি সকলোৰে চকু আমাৰ ওপৰত আছিল। কিছুমানে পোনে পোনেই আৰু আন কিছুমানে লুকাই চুৰকৈ চাই আছিল। মই সঞ্জয়ৰ পৰা প্রেৰণা ললোঁ। সি শান্তভাৱে খাই আছে যেন একো হোৱাই নাই। গতিকে মই চাৰিটা শীতল পানীয় অৰ্ডাৰ কৰি এজন নিৰপেক্ষ সাংবাদিকৰ দৰে কথা-বতৰা আৰম্ভ কৰিলোঁ-

“অমনদীপে মোক কৈছিল যে………..”

মঞ্জুৱে সন্মুখৰ ফালে চাই থাকিল। তাইৰ ডিঙিত ঘামৰ টোপাল জিলিকি উঠিল। তাইৰ চেহেৰাটো অতি সুলভ, তাই সহজেই যিকোনো অন্তহীন টিভি ধাৰাবাহিকত ভাতখোৱা টেবুলৰ এমূৰত বহি থকা কঠোৰ শহুৰেকৰ সৈতে পাৰিবাৰিক ৰাতিৰ আহাৰ খাই থকা মৰমলগা নবৌয়েকৰ চৰিত্র হ’ব পাৰিলেহেঁতেন।

“বাৰু, অমনদীপে মোক সেই কথাটো কৈছিল…………” মই ক’লোঁ।

তাই আৰু মিঠা বৰণীয়া মহিলাগৰাকীয়ে ইজনীয়ে সিজনীৰ চকুলৈ চাই হাঁহিলে। মই কলোঁ, যোৱানিশা অমনদীপৰ লগত ইটাৰ্ছী আৰু ইয়াৰ মানুহৰ কথা পাতি আছিলোঁ। সি মোক কৈছিল কেনেকৈ……….”।

মঞ্জুৱে মোৰ চকুলৈও চোৱা নাছিল। তাই মাথো লগৰজনীলৈ চাই হাঁহি থাকিল। সঞ্জয় খোৱাত ব্যস্ত। মই তাইৰ লগত চিধাচিধিকৈ কথাবোৰ পতাৰ সিদ্ধান্ত ললোঁ।

“মঞ্জুজী, তুমি আগতে এগৰাকী ভাল গৃহিণী আছিলা বুলি মই শুনিছোঁ কিন্তু এতিয়া এনেকুৱা কিছুমান বিশেষ কাম কৰি আছা যিবোৰ তোমাৰ দৰে মহিলাই কৰা উচিত নহয়। গতিকে মই ভাবিছোঁ যে এনেকুৱা কি পৰিস্থিতি হ’ব পাৰে যিয়ে তোমাক এনেবোৰ কাম কৰিবলৈ বাধ্য কৰালে।

“মোৰ কোনো উপায় নাছিল।” তাই ক’লে। মই যেতিয়া তাইক কিয় বুলি সুধিলোঁ, তাই নিজৰ কাহিনীটো ক’বলৈ আৰম্ভ কৰিলে।

মঞ্জু কম বয়সতে বিয়া হৈছিল এজন হস্পিটেল টেকনিচিয়ানৰ লগত, যিজনৰ পূৰ্বৰ বিবাহৰ ফালৰপৰা এটা ডাঙৰ ল’ৰা আছিল। ল’ৰাটো বেলেগ জাতিৰ এজনী ছোৱালীৰ প্ৰেমত পৰিল। সি বিয়া কৰাব খুজিছিল কিন্তু ছোৱালীজনীৰ মাক-দেউতাক আৰু পৰিয়ালৰ মানুহে এনে বিয়াৰ ঘোৰ বিৰোধিতা কৰিছিল। ছোৱালীজনীয়ে পলাই গৈ ল’ৰাটোৰ সৈতে বিয়াত বহিল। তাইৰ পৰিয়ালৰ মানুহে ছোৱালীজনী নাবালিকা আৰু ল’ৰাটোৱে তাইক অপহৰণ কৰা বুলি পুলিচত মিছাকৈ অভিযোগ দাখিল কৰিলে। কিছুদিনৰ পাছত ল’ৰাটোৱে ছোৱালীজনীক ঘৰলৈ আনিলে আৰু সতিনীৰ ল’ৰাৰ পত্নী হ’লেও মঞ্জুৱে নিজৰ বোৱাৰীৰ দৰেই ব্যৱহাৰ কৰিছিল। এদিন সিহঁতৰ ঘৰলৈ পুলিচ আহিল আৰু নাবালিকা ছোৱালী এজনীক বন্দী কৰি ৰখাৰ অভিযোগত মঞ্জু আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ জেল হ’ল। গোচৰটোৰ বিৰুদ্ধে যুঁজিবলৈ যাওঁতে সিহঁতে বহুত টকা খৰচ কৰিবলগীয়া হৈছিল আৰু তাৰবাবে বৃহৎ ঋণৰ সন্মুখীন হ’বলগীয়া হৈছিল। সেই ঋণ পৰিশোধ কৰিবলৈ তাই বেশ্যাবৃত্তিত লিপ্ত হ’ল।

“এই তোমাৰ বান্ধৱী নেকি?” মিঠা বৰণীয়া মহিলাগৰাকীলৈ আঙুলিয়াই মঞ্জুক সুধিলোঁ।

“হয়, জেলত লগ পাইছিলোঁ আৰু তাতেই আমাৰ বন্ধুত্ব হৈছিল। আমি তেতিয়াই পৰস্পৰক কথা দিছিলোঁ যে আমি যিয়েই নকৰোঁ কিয়, একেলগে কৰিম।”

“তুমি কিয় জেলত আছিলা?” মই মিঠা বৰণীয়া মহিলাগৰাকীক সুধিলোঁ।

তাই খৰধৰকৈ উত্তৰ দিলে যে তাইৰ কাহিনী মঞ্জুৰ কাহিনীটোৰ দৰেই। বিশদভাৱে তাই ক’ব খোজা নাই আৰু তাই যাবলৈ আগ্ৰহী হৈ পৰিল।

“দিদি, যাওঁ ব’লা” তাই মঞ্জুক ক’লে।

কিন্তু নিজৰ কাহিনীটো কোৱাৰ পাছতো মঞ্জুৱে যাবলৈ কোনো খৰখেদা নকৰিলে। তাইৰ কাহিনীটো বিশ্বাস কৰিম নে নকৰিম মই সিদ্ধান্ত ল’ব পৰা নাই। কিন্তু এনে লাগিল তাই হয়তো বাধ্যবাধকতাৰ বাবে এই ব্যৱসায়ত সোমাই পৰিছে। কোনোৱে স্বইচ্ছাৰে এই ব্যৱসায়ত নানামে। মঞ্জুক বেশ্যাৰ ৰূপত কল্পনা কৰোঁতে মনটোক কিবা এটা দুখে চুই গ’ল! গৃহিনীসূলভ মৰমলগা দেখনিয়ৰ চেহেৰাটোৰে তাই আন বেলেগ উপাৰ্জনৰ পথ সহজতে উলিয়াই ল’ব পাৰিলোহেঁতেন, যেনে এজন মধ্যবয়সীয়া বেংক মেনেজাৰক ভালৰি লগাই তেওঁৰদ্বাৰা লোন এটা চহী কৰাই কিবা সৰুসুৰা ব্যৱসায় আৰম্ভ কৰিব পাৰিলেহেঁতেন। সম্ভৱত তাই সহজ টকা বিচাৰিছিল। কিন্তু তাতোতকৈ বেছি দুখ লগা কথাটো হ’ল যে ৰাতিপুৱাৰে পৰা তাই এটাও গ্ৰাহক বিচাৰি পোৱা নাছিল।

“ৰাতিপুৱাৰে পৰা ঘূৰি ফুৰিছোঁ, কিন্তু ভাগ্য বেয়া। মইও কোনো গ্ৰাহক পোৱা নাই আৰু তাইও পোৱা নাই। ”

মিঠা বৰণৰ মহিলাগৰাকীয়ে তাইক এই মন্তব্যৰ মাজলৈ টানি অনাটো একেবাৰে ভাল নাপালে। তাই মঞ্জুক সোঁৱৰাই দিলে, “দিদি যাওঁ ব’লা।” মঞ্জুৱে কোনো গুৰুত্ব নিদিলে। তাই তেতিয়াও শীতল পানীয় খাই আছিল।

তেতিয়ালৈকে অলপ সাহস পাই মই মঞ্জুক গ্ৰাহকৰ পৰা কিমান টকা লয় সুধিলোঁ। তাই হাঁহিলে আৰু মিঠা বৰণৰ মহিলাগৰাকীৰ ফালে চালে, যিগৰাকীয়ে মুঠেও আমোদ পোৱা নাছিল।

“মই সাধাৰণতে পাঁচশ টকা বিচাৰোঁ। কিন্তু কিছুমান পুৰুষ এনেকুৱা ঠগ যে সকলো কাম কৰাৰ পাছত মাত্র দুশ টকা দিয়ে। কি কৰিব আৰু? আমিতো সিহঁতৰ লগত কাজিয়া কৰিবলৈ যোৱা নাই। ঘৰতো মানুহে অপেক্ষা কৰি থাকে। গতিকে তেওঁলোকে ইচ্ছামতে যি দিয়ে, তাকে লৈ গুচি আহোঁ।

“দিদি যাওঁ,” তাইৰ লগৰজনীয়ে জোৰ দি ক’লে।

মঞ্জু গ’লগৈ। এইটো আছিল অদ্ভুত ধৰণৰ লগপোৱা। মানুহে সাধাৰণতে বেশ্যালৈ ৰূপান্তৰিত হোৱা মানুহৰ লগত এঘন্টা সময় কটায়, কিন্তু এইমাত্ৰ  মই এনে এজনী বেশ্যাৰ লগত এঘন্টা সময় কটালোঁ যিজনী মানুহ আছিল।

মই পুনৰ খোৱা প্লেটলৈ ঘূৰি গ’লো, ইতিমধ্যে ৰুটিখন টান হ’ল। মই ৰুটিখন টানি থকা দেখি সঞ্জয়ে ক’লে, “ৰুটি ঠাণ্ডা হোৱাৰ আগতেই মই আপোনাক খাই ল’বলৈ মনত পেলাই আছিলোঁ। এতিয়া আৰু এটা আনিবলৈ কওঁ নেকি?”

“নালাগে, মোৰ খাই হৈ গ’ল।” মই ক’লো।

সঞ্জয়ে মোক কেতিয়া সোনকালে খাই শেষ কৰিবলৈ কৈছিল মোৰ মনত নাই। ইমান সময়ে যে সি তাতে আছিল, আনকি সেইটোও মই পাহৰি আছিলোঁ। মই আপত্তি কৰাৰ পাছতো বিলখন সিয়েই পৰিশোধ কৰিলে৷ তেতিয়াও তাৰ কাম শেষ হোৱা নাছিল- “ব’লক, মই আপোনাক এনে এখন ঠাইলৈ লৈ যাম য’ত বেজীৰ পৰা আৰম্ভ কৰি ডিচ এণ্টেনালৈকে সকলো পাব।”

অলপ পিছতে আমি হোছাংগাবাদলৈ যোৱা ঘাইপথত উঠিলো। কিলোমিটাৰৰ পাছত কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰাৰ পাছতো আমাৰ চাৰিওফালে কেৱল সেউজীয়া পথাৰৰ বাহিৰে আন একো দেখা নাছিলোঁ। হঠাতে দিগন্তত এটা ডাঙৰ ধূসৰ-নীলা ঘৰৰ দৰে দেখা পালোঁ। প্রথম দৃষ্টিত বিমানৰ ছাউনি যেন লাগিল। মই ভাবিলোঁ নিশ্চয় শস্যৰ গোদাম হ’ব।

“সেইখনেই মই কোৱা ডাঙৰ বজাৰখন।” সঞ্জয়ে ঘৰ নিচিনাটোলৈ আঙুলিয়াই দেখুৱালে৷ “য’ত বেজীৰ পৰা আৰম্ভ কৰি ডিচ এন্টেনালৈকে সকলো পোৱা যায়৷” সি আকৌ ক’লে।

আমি অট্টালিকাটোৰ ওচৰ চাপি অহাৰ লগে লগে, ইয়াৰ ভিতৰ ভাগটো দেখাত কেনেকুৱা হ’ব মই কল্পনা কৰিবলৈ চেষ্টা কৰিলোঁ। কিন্তু ইমান বিবিধ প্ৰকাৰৰ সামগ্রী বিক্রি কৰা ডাঙৰ বজাৰখন কল্পনা কৰাটো অসম্ভৱ হৈ পৰিল, তাতে সেইখন এনে ঠাইত আছে য’ত চাৰিওফালে মাইলৰ পাছত মাইল জুৰি সেউজীয়া পথাৰৰ বাহিৰে আন একো নাই। মই মাথো ইয়াকেই কল্পনা কৰিব পাৰিলোঁ য’ত গাঁৱৰ মানুহে মৰাপাটৰ বস্তা পাৰি আলু আৰু বিলাহী বিক্রি কৰি থকাৰ দৰে বেজী আৰু ডিচ এন্টেনা বিক্ৰী কৰি আছে।

আমি অট্টালিকাটোৰ উপস্থিত হোৱাৰ লগে লগেই মই বুজি পালোঁ যে এইখন প্ৰকৃততে এখন হাইপাৰ মাৰ্কেট, যিখন ইমানেই ডাঙৰ আছিল যে তাত আধা ডজন বিমান ৰাখিব পৰা হ’ব। যিহেতু সঞ্জয়, যাৰ হয়তো তেতিয়ালৈকে চুপাৰ মাৰ্কেট দেখাৰ সম্ভাৱনা কম, সেয়েহে ঠাইখন বৰ্ণনা কৰিবলৈ তাৰ ওচৰত আন একো শব্দ নথকাত সি ‘বেজীৰ পৰা ডিচ এন্টেনালৈকে’ উপমাটো ব্যৱহাৰ কৰি আছিল। সেই বিশালতাৰ লগত সামঞ্জস্য ৰাখি এই হাইপাৰ মাৰ্কেটখনৰ নামটো চৌপাল সাগৰ দিছে। এই বজাৰখন এটা ডাঙৰ ধঁপাত কোম্পানী আইটিছি য়ে পৰিচালনা কৰে। ধূমপানক হেয়জ্ঞান কৰিবলৈ আৰম্ভ কৰাৰ পৰাই এই কোম্পানীটোৱে নিজৰ ব্যৱসায় হোটেল, বস্ত্ৰ আৰু খাবলৈ সাজু কৰি ৰখা পেকেট খাদ্য ইত্যাদিৰ দৰে বিচিত্ৰ ক্ষেত্ৰলৈ প্ৰসাৰিত কৰিলে। আইটিছিৰ একেবাৰে সস্তীয়া ব্ৰেণ্ড জন প্লেয়াৰছৰ এম্বেছাদৰ ঋত্বিক ৰোশন, তাৰ সামগ্ৰী এইখন বজাৰত ৰেহাই মূল্যত বিক্ৰী কৰে। তিনিশ পঞ্চাশ টকাত এটা ভাল জিন্স পোৱা যায়। এহেজাৰ টকাৰ তলত এযোৰ মজবুত  দৌৰ মৰা জোতা পোৱা যায়। পৰ্দাৰ পৰা আৰম্ভ কৰি বাচন-বৰ্তন, অন্তৰ্বাসৰ পৰা ছাতিলৈকে সকলো বস্তুৱেই আছিল। টাটা স্কাইৰ ডিচ এন্টেনাৰ কথা নকলেও হ’ব। মোৰ অনুমানত সেই মলখনত এটা বস্তু পোৱা নাযায়, সেইটো হ’ল হেয়াৰ ষ্টাইলিঙ জেল। কিন্তু কিয় পোৱা নাযাব! গাঁৱৰ মানুহবোৰক মূৰত গামোচা মাৰি ৰ’দত কষ্ট কৰা বুলি কল্পনা কৰি থাকিব নোৱাৰি। যদি টাটা স্কাই গৈ গাওঁবোৰত উপনীত হৈছে, তেন্তে বিজ্ঞাপনো উপনীত হৈছেগৈ, য’ত ক্ৰিকেট তাৰকা মহেন্দ্ৰ সিং ধোনীয়ে এটা বিশেষ ব্ৰেণ্ডৰ হেয়াৰ জেল প্ৰচাৰ কৰিছে আৰু যেতিয়া কোনো জনপ্ৰিয় ক্ৰিকেট খেলুৱৈয়ে কিবা এটা প্ৰচাৰ কৰে তেতিয়া চহৰ আৰু গ্ৰাম্য বজাৰৰ মাজৰ ৰেখাডাল স্বয়ংক্ৰিয়ভাৱে নাইকীয়া হৈ যায়।

মোৰ জিন্স আৰু জোতা এযোৰ কিনিবলৈ মন গ’ল। কিন্তু মই নিজকে যুক্তি দিলোঁ – যদি মই আৰু দুহেজাৰ টকা বিনিয়োগ কৰোঁ তেন্তে লিভাইছ আৰু ৰিব’ক কিনিব পাৰিম, ইয়াৰ পৰা চেন্নাইলৈ এইবোৰ কঢ়িয়াই নিয়াৰ কি প্ৰয়োজন? অৱশেষত অলিভ তেলৰ এটা টিন লোৱাটো থিৰাং কৰিলোঁ। চেন্নাইৰ পৰা ৰেলত যাত্ৰা কৰি থাকোঁতে অলিভ তেলে আপোনাৰ শৰীৰত কি আশ্চৰ্য্য ঘটাব পাৰে সেই বিষয়ে এটা লেখা পঢ়িছিলোঁ। টকা পৰিশোধ কৰা ঠাইত ওচৰৰ গাঁৱৰ মহিলাৰ এটা সৰু শাৰীত মই থিয় হ’ব লগা হ’ল। সকলোৱে নিজৰ ক্ৰয় কৰা বস্তুবোৰ মলখনৰ বাস্কেটত কঢ়িয়াই লৈ ফুৰিছিল। মই শাৰীত থিয় হৈ থাকোঁতে ভাবিলোঁ, সেই মহিলা সকলৰ ভিতৰৰে এজনী কেলী বাই হ’ব পাৰে নেকি, সেই গৰাকী মহিলা যাৰ শৰীৰক সাপৰ আত্মাই বশ কৰিছিল।

(আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *