অসাধাৰণ মানুহ কমৰেড শশী শৰ্মা – (ৰূমা অধিকাৰী)
৪২ সংখ্যক বিষ্ণু প্ৰসাদ ৰাভা দিৱস ২০ জুন ২০১১ চন৷ আমি ‘নতুন সাহিত্য পৰিষদ, মংগলদৈ শাখা’ আৰু ‘গণনাট্য সংঘ, মংগলদৈ শাখা’ ই যুটীয়াকৈ এই দিৱসটো বিভিন্ন কাৰ্যসূচীৰে উদ্যাপন কৰিছিলোঁ৷ মূল সভাত সম্বৰ্ধনা জনোৱা হৈছিল ৰাভাদেউৰ সংগলাভ কৰা উপেন শৰ্মা, কামেশ্বৰী বাগলাৰী আৰু সদ্য প্ৰয়াত শশী শৰ্মা চাৰক৷ নলবাৰীৰ পৰা শশী শৰ্মা আৰু তেওঁৰ পত্নী বীণাপাণি দেৱী আৰু অন্য দুগৰাকী আহিছিল৷ অতিথি সকলক আমাৰ গৃহতেই জিৰণি আৰু দুপৰীয়াৰ সাজ আহাৰৰ ব্যৱস্থা কৰা হৈছিল ৷ চাৰৰ মাত-কথা ইমান আন্তৰিক আছিল যে চাৰ-বাইদেউৰ পৰা খুড়া-খুড়ীলৈ সম্বোধন পৰিৱৰ্তিত হৈছিল৷ সেই দিনটোৰ কথা আজিও সোঁৱৰো! শশী শৰ্মা চাৰৰ দৰে মানুহৰ সান্নিধ্য পাই মই ধন্য হৈছো৷ তাৰ পিছতো যেতিয়াই লগ পাইছোঁ সেই একেই আন্তৰিক ব্যৱহাৰ পাইছোঁ দুয়োৰেই পৰা৷ সেই অমায়িক হাঁহিটোৱে যেন এবাৰ কথা পতাজনৰ সৈতে মনৰ দূৰত্ব নোহোৱা কৰে!
মূৰৰ সোঁমাজত বত্ৰিশটা চিলাই, বাওঁভৰিৰ আঠুৰ ঘিলাটো কোবাই ভঙা; সেই কুখ্যাত আন্দোলনৰ আন্দোলনকাৰীৰ তেখেতলৈ উপহাৰ৷ তথাপিও কাৰো বিৰুদ্ধে কোনো অভিযোগ নাই! জীৱনলৈ অহা প্ৰতিটো ঘাত প্ৰতিঘাতৰ মোকাবিলা কৰিছিল সাহসেৰে, হাঁহিৰে৷ সহজ – সৰল এইজনা মনিষীৰ কলমটো কিন্তু আছিল বজ্ৰৰ দৰে কঠিন আৰু তীক্ষ্ণ৷ কথা, কাম আৰু লিখনিত কোনো পাৰ্থক্য নথকা এজন সঁচা মানুহ৷
১৯৩২ চনৰ ৩ অক্টোবৰত নলবাৰীৰ জানিগোগ গাঁৱৰ কৰেবাৰী চুবুৰীত জন্ম হয় প্ৰয়াত শশী শৰ্মাৰ৷ পিতৃ- সৰ্বানন্দ শৰ্মা আৰু মাতৃ লক্ষ্মী দেৱী৷
তেখেতক জীৱন্ত কিংবদন্তী বুলিব পাৰি কাৰণ নলবাৰী প্ৰেছ ক্লাৱে সাজি উলিওৱা তেওঁৰ নিজৰ প্ৰতিমূৰ্ত্তি নিজেই উন্মোচন কৰিছিল নলবাৰী ৰাইজৰ সমুখত ৷ “ছোভিয়েট দেশ নেহেৰু শান্তি বঁটা” বিজয়ী এই মাৰ্ক্সবাদী পণ্ডিতজনাই তিনি কুৰিৰো অধিক গ্ৰন্থ আৰু অলেখ প্ৰৱন্ধ লিখিছে৷ প্ৰগতিশীল সাহিত্যত তেওঁৰ অৱদান অবিস্মৰণীয়! এইগৰাকী শিক্ষাবিদ, সমালোচক নলবাৰী কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ লৈ জাপাৰকুচিত নিগাজিকৈ থাকিবলৈ লয়৷ বিজ্ঞানমনস্ক মানৱতাবাদী শশী শৰ্মা ইলোৰা বিজ্ঞান মঞ্চৰ লগত জন্মলগ্নৰে পৰাই ওতঃপ্ৰোত ভাবে জড়িত হৈ থকাই নহয় পতি-পত্নী দুয়ো মৰণোত্তৰ দেহদানৰ শেষ ইচ্ছা পত্ৰত স্বাক্ষৰ কৰিছিল চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষৰ বাবে৷ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহ গুৱাহাটীলৈ অনা হয় আৰু ইলোৰা বিজ্ঞান মঞ্চৰ লগতে আজীৱন যি আদৰ্শক বুকুত ৰাখি চলিছিল তাৰ কাৰ্য্যালয়ত তেওঁক শেষশ্ৰদ্ধা জনোৱা হয়৷ তাৰ পৰা মৃতদেহ GMCH লৈ নিয়া হয়৷ আদৰ্শৰ ক্ষেত্ৰত কোনোদিনেই কোনো কাৰণতে আপোচ নকৰা এই বিশিষ্ট চিন্তাবিদ জনাই চৰকাৰৰ পৰা উপযুক্ত সন্মান নাপালে কেৱল বাওঁপন্থী হোৱা বাবেই! প্ৰাপ্য সন্মানৰ পৰা চিৰকাল আঁতৰাই ৰাখিলে মাৰ্ক্সবাদক বুজিবলৈ আৰু বুজাবলৈ বিচৰা বাবেই৷ কিন্তু শশী শৰ্মা আজি কেৱল এগৰাকী ব্যক্তি নহয় এক অনুষ্ঠান! মানুহৰ বাবে সদাই চিন্তা কৰা শশী শৰ্মাই নিজৰ সকলো সম্পত্তি মানুহৰ বাবেই উচৰ্গিত কৰি গ’ল৷
সদা হাস্যময় ঋষিতুল্য শশী শৰ্মা চাৰলৈ জনালোঁ একাজলি শ্ৰদ্ধাৰ্ঘ্য ৷ লালচালাম কমৰেড শশী শৰ্মা ৷