ধাৰ্মিকৰ ধৰ্ম/অধৰ্ম ।। প্রসেনজিৎ চৌধুৰী
মুক্ত চিন্তা। ১০ম বছৰ।। ৬ষ্ঠ সংখ্যা
[শীৰ্ষটোকা: এই কৈফিয়ৎমূলক টোকাৰ প্ৰয়োজন কিয় অনুভৱ কৰিলোঁ তাৰ আঁৰৰ কাহিনী সম্পর্কে অলপ আভাস দিয়া যুগুত হ’ব বুলি ভাবিছোঁ। বিগত শতিকাৰ সত্তৰৰ দশকৰ মাজভাগত এখন প্ৰগতিশীল আলোচনীত ‘অলংকৃত শৃঙ্খল’ নামৰ এটা আলোচনাধর্মী গল্প বা গল্পালোচনা লিখিছিলোঁ। ই আছিল ভাৰতীয় নাৰীত্বৰ যি বহুশ্ৰুত আদৰ্শ তাৰ সমালোচনাত্মক পৰ্য্যালোচনাৰ প্ৰয়াস। গল্পৰ আংগিকৰ আধাৰত এই পৰ্য্যালোচনা দাঙি ধৰা হৈছিল। এই ধৰণৰ শৈলীৰে ছিৰিয়াছ বিষয় আলোচনা কৰাৰ আংগিক আমি লৈছিলোঁ বিদগ্ধ নাট্যকাৰ উৎপল দত্তৰ ৰচনাৰ পৰা। যিমান দূৰ মনত পৰে ‘এপিক থিয়েটৰ’ শীর্ষক আলোচনীখনত নাট্যবেত্তা দত্তৰ সৰস-সুখপাঠ্য লেখা কেইটামান প্রকাশ পাইছিল – যিবোৰ লেখাৰ কেন্দ্ৰবিন্দুত আছিল জপেনদা নামৰ আকৰ্ষণীয় চৰিত্ৰটো। আমি মূলতঃ এই চৰিত্ৰটোৰ আৰ্হিত অক্ষম হাতেৰে নিৰ্মাণ কৰিছিলোঁ ‘অলংকৃত শৃঙ্খল’ত প্ৰাধান্য পোৱা বলীনদা নামৰ চৰিত্ৰটো। জপেনদাৰ দৰে বলীনদাও মেজাজী, কিঞ্চিৎ ৰুক্ষভাৱে স্পষ্টভাষী আৰু আমোদজনকভাৱে ব্যংগাত্মক। যিখন আলোচনীত আমাৰ উল্লিখিত লেখাটো ওলাইছিল তাৰ একত্র সংকলন অলপতে ওলাইছে। এই একত্র সংকলনৰ ‘ভূমিকা’ত এগৰাকী প্ৰথিতযশা সমালোচকে ‘অলংকৃত শৃঙ্খল’ শীর্ষক গল্প বা গল্পালোচনাটোক প্ৰবন্ধ আখ্যা দি আমালৈ তিৰস্কাৰৰ সুতীব্ৰ বাণ নিক্ষেপ কৰিছে। তেওঁৰ মতে ‘প্ৰবন্ধটোত ‘ফোৰণ দিবলৈ ব্যৱহাৰ কৰা হাস্যৰসৰ মছলা নুশুজা বিধৰ’। আমি আচলতে লেখাটো গল্পধৰ্মী হোৱা হেতুকে দুই-এঠাইত ‘হাস্যৰসৰ মছলা’ ব্যৱহাৰ কৰিছিলোঁ। বিজ্ঞ সমালোচক গৰাকীয়ে কিয় গল্প/গল্পালোচনাটোক প্ৰবন্ধৰ পোছাক পিন্ধালে তাৰ ৰহস্য ভেদ কৰাৰ ক্ষমতা আমাৰ নাই। আলোচনীখনত আমাৰ লেখাটোৰ শীৰ্ষদেশত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল – ‘গল্প’। এই ‘গল্প’ হৈ পৰিল ‘প্ৰবন্ধ” !
আমাৰ ‘অলংকৃত শৃঙ্খল’ৰ প্ৰধান চৰিত্ৰ বলীনদা। তেৱেঁই বক্তব্যৰ মূল বাহক। উৎপল দত্তৰ জপেনদাৰ দৰে বলীনদাও এটা কাল্পনিক চৰিত্ৰ। লেখকৰ ব্যক্তিত্ব বা মন-মেজাজক তেওঁ প্রতিনিধিত্ব নকৰে। বলীনদাৰ যি বুদ্ধিমত্তা বা ইতিকিং কৰাৰ যি হাস্যোদ্রেককাৰী প্ৰৱণতা সি চৰিত্ৰটোৰহে বৈশিষ্ট্য। আশ্চৰ্য্যজনক কথা যে আমাক তিৰস্কাৰ কৰোঁতে তীক্ষ্ণধী সাহিত্য-সমালোচক গৰাকীয়ে কথাটো সম্পূর্ণ পাহৰি পেলাইছে অথবা তাৰ গুৰুত্বক আওকাণ কৰিছে। সেইকাৰণে ‘অলংকৃত শৃঙ্খল’ত তেওঁ লেখকৰ উচ্চমন্যতাৰ গোন্ধ পাইছে: “পাঠকতকৈ নিজকে বহু বেছি ক্ষুৰধাৰ বুদ্ধিৰ অধিকাৰী বুলি ভাবি লোৱাৰ পৰাই এনে মৌলিক লিখাতো অপৰিপক্কতা ধৰা পৰে”। পঞ্চাশ বছৰৰ আগতে লিখা আমাৰ লেখাত অপৰিপক্কতা থকাটো অপ্রত্যাশিত নহয়। কিন্তু উল্লিখিত লেখাটোৰ বলীনদা চৰিত্ৰটোৰ লগত লেখকক একাকাৰ কৰি আমাক তুচ্ছ-তাচ্ছিল্য কৰাৰ প্ৰৱণতা জানো বর্ষীয়ান বুদ্ধিজীৱী গৰাকীৰ অপৰিপক্কতাৰ পৰিচায়ক নহয়? অনিচ্ছাসত্ত্বেও এই সৌজন্য-ৰহিত ৰূঢ় প্ৰশ্নটো কৰিব লগা হ’ল। সমালোচনা আৰু বিতৰ্কৰ বেলিকা ব্যক্তিগত বিদ্রূপ-বিদ্বেষৰ উৰ্দ্ধলৈ যাব পৰাটো পৰিপক্কতাৰ লক্ষণ বুলি আমি বিবেচনা কৰোঁ। এই ধাৰণাৰ ভিত্তিতেই আমি প্ৰশ্নটো কৰিছোঁ। বিদ্বান গৰাকীৰ প্ৰতি অশ্রদ্ধা দেখুওৱাটো আমাৰ উদ্দেশ্য নহয়। সৰহ ক্ষেত্ৰত তেখেতৰ ৰাজহুৱা আৰু বৌদ্ধিক অৱদানক কোনেও অস্বীকাৰ কৰিব নোৱাৰে।
‘মুক্ত চিন্তা’-ৰ কাৰণে লিখা আমাৰ বৰ্তমান লেখাটোৰ আংগিক অগতানুগতিক – সত্তৰৰ দশকত লিখা ‘অলংকৃত শৃঙ্খল’ৰ দৰেই। কথোপকথনৰ ভংগীৰে লিখা এই লেখাটোত আমি ধাৰ্মিকতাৰ বিভিন্ন দিশ তথা লক্ষণ সাধ্যানুসাৰে ফঁহিয়াই চাবলৈ যত্ন কৰিছোঁ। ইয়াতো বক্তব্যৰ মূল বাহক বলীনদা। পিছে কথাতে কয়, এবাৰ সাপে খালে লেজুলৈকো ভয়। স্বাভাৱিকতে আমি অলপ শংকিত হৈছোঁ এই ভাবি যে প্ৰবন্ধ ৰচনাৰ যি শৈলী আৰু মেজাজ তাৰ নিভাঁজ প্রকাশ লেখাটোত বিচাৰি নাপাই কোনো কোনো সমালোচক বিৰক্ত বা ক্ষুদ্ধ হ’ব পাৰে। মূলতঃ সেই ভয়ৰ বাবেই এই কৈফিয়ৎমূলক টোকাটোক লেখাটোৰ শীর্ষাংশত ঠাই দিলোঁ। টোকাটোত ব্যক্তিগত প্ৰসংগই প্রাধান্য পোৱাৰ বাবে লেখক ক্ষমাপ্রার্থী।]
বলীন : তুমি কিবা প্ৰশ্ন কৰিব বিচাৰিলেই বুকু ধপ্ধপাবলৈ আৰম্ভ কৰে। কোনেও নভবা কথা কিছুমানে তোমাৰ মগজুত তোলপাৰ লগায় আৰু তাৰ ফলত তোমাৰ মনলৈ আহে নোহোৱা-নোপোজা প্ৰশ্নবোৰ।
মীনাক্ষী : প্রশ্নটো তেনেই সহজ বলীনদা –
বলীন: কোৱা
মীনাক্ষী : ধার্মিক কেইপ্ৰকাৰৰ?
বলীন : কি ?! এইটো সহজ প্রশ্ন? ধৰ্মৰ সংজ্ঞাক লৈয়েই কিমান মত-বিৰোধ, কিমান তর্ক-বিতর্ক।
কোনোবাই কয়, আচাৰেই ধৰ্ম, কোনোবাই কয়, গভীৰ ঈশ্বৰ-বিশ্বাসেই ধৰ্মৰ আধাৰ। এই ঈশ্বৰ এজন নে একাধিক বা তেওঁ সাকাৰ নে নিৰাকাৰ তাক লৈও ধৰ্মবেত্তাসকলৰ মাজত মতৰ অমিল। আন এচাম নীতিপৰায়ণ মানুহৰ মতে আকৌ সজ চিন্তা আৰু সজ আচৰণয়েই যথার্থ ধর্ম।
মীনাক্ষী : তাৰ মানে ধৰ্মৰ কোনো নির্দিষ্ট সংজ্ঞা নাই?
বলীন : নাই। সেইকাৰণে শৈশৱ কালত খৃষ্ট ধৰ্মই নাস্তিকতাৰ অপবাদ সহ্য কৰিবলগীয়া হৈছিল। তথ্যটো তুমি A History of God নামৰ কিতাপখনত পাবা। লেখকৰ নাম… ৰ’বা, কি আছিল জানো –
মীনাক্ষী : Karen Armstrong
বলীন : গুড। ঠিক মনত আছে তোমাৰ। বাৰ্দ্ধক্যৰ আক্ৰমণত স্মৃতি-সংৰক্ষণৰ কেন্দ্ৰ প্ৰায় বিধ্বস্ত। নামবোৰ মনত নাথাকে মীনাক্ষী।
মীনাক্ষী : অলপতে আৰু এটা মজাৰ তথ্য পালোঁ Vyse ৰ Superstition নামৰ কিতাপখনত। আৰম্ভনিতে খৃষ্ট ধর্মক বহুতে এক ধৰণৰ অন্ধবিশ্বাস বুলি অভিহিত কৰিছিল। ৰোমান বুৰঞ্জীবিদ Tacitus ৰ বিচাৰ অনুযায়ী খৃষ্ট ধর্ম হ’ল ‘recurrent superstition”।
বলীন : দেখিছা, তজবীয়া তৰুণ মগজত কি সুন্দৰভাৱে তথ্যবোৰে নিগাজীকৈ আসন পাতি বহে।
মীনাক্ষী : পিছে বলীনদা, মোৰ প্ৰশ্নটোৰ কি হ’ল? উত্তৰৰ আশাত ঢপলিয়াই আহিছোঁ – বৌৱে কৰা কফি কাপৰ লোভো নথকা নহয় ।
বলীন : মই ভাবিছিলোঁ, ধৰ্মৰ সংজ্ঞাৰ জটিল জঞ্জালত পৰি তুমি আহিয়েই মোলৈ নিক্ষেপ কৰা প্ৰশ্নটোৰ কথা পাহৰিবা …… . আচ্ছা, তোমাক এটা কথা সোধো। হঠাৎ তোমাৰ মনলৈ এই প্রশ্নটো আহিল কিয়?
মীনাক্ষী : কালি ৰাতি বছৰেকীয়া পৰীক্ষাৰ বহি চাই চাই বৰ আমনি লাগিছিল। টেবুলত বহি এনেই— একো নভবাকৈ— অভিধানৰ পাত লুটিয়াই আছিলোঁ। অকস্মাতে ‘ধৰ্ম’ শব্দটোৰ ওপৰত চকু পৰিল। দেখিলোঁ, ‘ধৰ্মপ্ৰাণ’ শব্দটোৰ অৰ্থ হ’ল যিজন মানুহে ধৰ্মক নিজৰ প্ৰাণতুল্য জ্ঞান কৰে তেৱেঁই ধৰ্মপ্ৰাণ।
বলীন : যেনে তোমাৰ পঁচাশী বছৰীয়া আইতা।
মীনাক্ষী : আনহাতে ‘ধৰ্মভীৰু’ৰ এটা অৰ্থ হ’ল ধৰ্মহানি বা পাপলৈ যি ভয় কৰে। এতিয়া প্ৰশ্ন হ’ল, ধর্মভীৰু মানুহ এজনক জানো ধৰ্মপ্ৰাণ বোলাটো যুগুত? ‘ধার্মিক’ শব্দটোৱে অৱশ্যে দুয়োজনকে আঁকোৱালি লৈছে কোনো বাছ-বিচাৰ নকৰাকৈ।
বলীন : এতিয়া বুজিলোঁ তোমাৰ সহজ প্ৰশ্নটোৰ জটিল চৰিত্ৰ। আইতাৰাৰ প্ৰসংগৰেই আলোচনা আৰম্ভ কৰিব পাৰি। তেওঁ নিভাঁজ ধাৰ্মিক। ধৰ্ম তেওঁৰ প্ৰাণ, তেওঁৰ উশাহ-নিশাহ। ধৰ্মবেত্তাসকলৰ উচ্চমার্গীয় ঈশ্বৰ-চৰ্চাৰ লগত তেওঁৰ অৱশ্যে পোনপটীয়া সম্পৰ্ক নাই। সৰু কালতেই তেওঁৰ মনৰ উদং মাটিত সিঁচি দিয়া হৈছিল ধৰ্মৰ বীজ। পৰৱৰ্তী সময়ত সামাজিক-সাংস্কৃতিক বাতাৱৰণে যোগান ধৰা সাৰপানীয়ে সেই বীজক ৰূপান্তৰিত কৰিলে এজোপা গছলৈ – যাৰ শিপাই চুইছেগৈ তোমাৰ আইতাৰ মনৰ একেবাৰে গভীৰ অংশক।
মীনাক্ষী : সেইকাৰণে নাস্তিক্যগন্ধী কথা ক’লে খুব সতৰ্ক হৈ নিজৰ যুক্তিবোৰ আইতাক বুজাবলৈ যত্ন কৰোঁ।
বলীন : সেই চেষ্টা বাদ দিয়াই ভাল। পঁচাশী বছৰীয়া আইতাৰাক মনোকষ্ট দি কি লাভ? আৰু তুমিতো জানাই, হাইপাৰটেনছনৰ ৰোগীৰ লগত ৰেডিকেল চিন্তাৰ সম্পৰ্ক মুঠেও মধুৰ নহয়।
মীনাক্ষী : আইতাৰ নিচিনা নিভাঁজ ধাৰ্মিক বহুত আছে। তেওঁলোকৰ সকলোৰে ধাৰণা আৰু ধৰ্মাচৰণ অৱশ্যে আইতাৰ দৰে নহ’বও পাৰে। কিন্তু আন্তৰিকতা, গভীৰতা, দৃঢ়তাৰ পিনৰ পৰা আটাইৰে ঈশ্বৰ-বিশ্বাস আৰু নিষ্ঠা জানো সমগোত্রীয় নহয়?
বলীন: হয়, নিশ্চয় হয়। পিছে এইবিধ ধাৰ্মিকৰ সংখ্যা বোধহয় কমি আহিছে।
মীনাক্ষী : বোধহয় নহয় বলীনদা, কমি যে আহিছে তাত কোনো সংশয় নাই। যেনেকৈ কিছুমান চৰাই-চিৰিকটিৰ — বা সৎ ৰাজনীতিকৰ— সংখ্যা দিনে দিনে কমি আহিছে।
বলীন : আনহাতে অন্য এবিধ ধাৰ্মিকৰ সংখ্যা নিতৌ বাঢ়িব ধৰিছে। এওঁলোক প্রদর্শনকামী ধার্মিকতাৰ- exhibitionistic religiosity-ৰ প্ৰতিনিধি। বাহ্যিক ধৰ্মীয় আচৰণেৰে মানুহৰ দৃষ্টি আকর্ষণ কৰাটোৱেই এওঁলোকৰ মূল উদ্দেশ্য। এইসকল ধাৰ্মিক কিন্তু একেৰঙী গোট নহয়। এওঁলোকৰ ভিতৰত তুমি বিভিন্ন ধৰণৰ মানুহ পাবা : কোনোবাই নিজৰ অৰ্থনৈতিক ক্ষমতা জাহিৰ কৰিবলৈ জকমকীয়া ধৰ্মানুষ্ঠান পাতে, কোনোবাই নিজৰ ভাবমূর্তি – মানে public image – নিষ্কলুষ কৰাৰ উদ্দেশ্যে ধাৰ্মিকতাৰ প্ৰদৰ্শনৰ ওপৰত গুৰুত্ব দিয়ে, আন এচামে আকৌ ধৰ্মাচৰণৰ কোলাহলপূৰ্ণ আড়ম্বৰপূৰ্ণ প্ৰকটকৰণত নিজেই মুগ্ধ হৈ বা আনৰ পৰা প্ৰশংসা বুটলি এক ধৰণৰ narcissistic pleasure উপভোগ কৰে।
মীনাক্ষী : ইয়াৰ লগত আপুনি ভোটোৎসৱৰ সময়ত –
বলীন : ভোটোৎসৱ? মানে ইলেকছন?
মীনাক্ষী : অ, সেই ইলেকছনৰ সময়ত ধার্মিকতাৰ ৰাজহুৱা প্ৰদৰ্শনৰ বিষয়টোও যোগ দিব পাৰে। ইয়াক বোধহয় electoral religiosity বুলিব পাৰি।
বলীন : নিশ্চয় পাৰি। পিছে এই ধাৰ্মিকতাৰ প্ৰকাশো সমৰূপী নহয়। কেতিয়াবা দেখিবা নিৰ্বাচনৰ বতৰত প্ৰচাৰৰ পৰাক্ৰমী ৰথত কেৱল এটা ধৰ্মকহে সগর্বে সসম্মানে আসন পাতি দিয়া হৈছে। কেতিয়াবা আকৌ ভোটোৎসৱৰ সময়ত ধৰ্মপৰায়ণতাৰ ৰাজহুৱা প্ৰদৰ্শনত একাধিক ধৰ্মৰ সংমিশ্রণো দেখা যায়। ধৰ্মমুক্ততাৰ– secularism-ৰ যি ভাৰতীয় সংস্কৰণ ই তাৰেই এক নিদর্শন। এই ধৰণৰ electoral religiosity-ৰ ঘাই বা একমাত্র উদ্দেশ্য এটা বা একাধিক ধর্মীয় সম্প্ৰদায়ৰ সন্তুষ্টি সাধন—appeasement ৷
মীনাক্ষী : কিন্তু এই কথাও নিশ্চয় অস্বীকাৰ কৰিব নোৱাৰি যে ধৰ্মীয় সংকীর্ণতা আৰু বিদ্বেষৰ প্ৰদূষণ ৰোধ কৰাৰ অৰ্থেও কিছু সংখ্যক চিন্তাশীল আৰু মুক্তমনা ৰাজনীতিকে আন্তৰিকতাৰে একাধিক ধৰ্মীয় সম্প্ৰদায়ৰ প্ৰতি সন্মান দেখুৱায়। তাহানিৰ স্বাধীনতা আন্দোলনৰ বুকুতেই এই উদাৰ পৰম্পৰাৰ সূচনা। গান্ধীজীৰ চিন্তা-ভাৱনাত ইয়াৰ দেধাৰ নমুনা পাওঁ ।
বলীন: তোমাৰ বক্তব্যৰ লগত দ্বিমত হোৱাৰ প্ৰশ্নই নুঠে। পিছে সম্প্রতি appeasement ৰ বিষয়টো বৰ গুৰুত্বপূৰ্ণ হৈ পৰিছে। ইয়াৰ ছলনাময় চেহেৰা চৰিত্ৰ ভালকৈ ফঁহিয়াই চাব নোৱাৰিলে সহজ-সৰল ভোটাৰ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা প্ৰচুৰ। তুমি নিশ্চয় মন কৰিছা, ভোটাৰক ভুৱা ভাবমূৰ্তিৰে তুষ্ট কৰাৰ যি কৌশল তাৰ ঘাই টার্গেট হিচাপে সচৰাচৰ দুটা ধৰ্মীয় সম্প্রদায়ক বাছি লোৱা হয়। ইয়াক আমি dual appeasement বুলিব পাৰোঁ। আমাৰ দেশত এই দুমুখীয়া তোষণ-নীতিৰ দেধাৰ দৃষ্টান্ত তুমি পাবা। কোনোবাই টুপী পিন্ধি মছজিদলৈ গৈছে, আকৌ সেই একেজন ৰাজনীতিকে কপালত ৰঙা ফোঁট লৈ মন্দিৰতো আৰতি কৰিছে।
মীনাক্ষী : ধৰ্ম-নিৰ্ভৰ ৰাজনৈতিক প্রতিপক্ষৰ লগত ফেৰ মাৰিবলৈ গৈ বহুতেই কাম্য ধৰ্মমুক্ত আচৰণক হেলাৰঙে বিসর্জন দিয়ে। দিনে দিনে এই অশুভ প্ৰৱণতা বাঢ়ি গৈছে।
বলীন : ধাৰণা হয়, তুমি উল্লেখ কৰা electoral religiosity-ক ৰাজনৈতিক ধৰ্মপৰায়ণতাও বোলা যায়। কিয়নো এইবিধ ধৰ্মপৰায়ণতাৰ প্ৰধান লক্ষ্য নিজৰ ৰাজনৈতিক প্ৰভাৱৰ পৰিধি বঢ়োৱা, সংগঠন মজবুত কৰা, ৰাজনৈতিক ক্ষমতাত অধিষ্ঠিত হোৱা।
মীনাক্ষী: পিছে ৰাজনৈতিক ধৰ্মপৰায়ণতাৰ ক্ষেত্ৰখন জানো আৰু বহল নহয়? নিৰ্বাচনৰ ঠেক গণ্ডীতেই জানো ই সীমিত?
বলীন : সুন্দৰ প্ৰশ্ন – অৰ্থগৰ্ভ, গুৰুত্বপূৰ্ণ। ধর্মীয় পৰিচিতিৰ ওপৰত সৰ্বাধিক গুৰুত্ব দি এচাম মানুহ ৰাজনীতিৰ দবা খেলত অৱতীর্ণ হয়। আজিকালি যি identity politics ৰ কথা বৰকৈ শুনা যায় তাৰ সৈতে এই খেলৰ সম্পৰ্ক পোনপটীয়া। সাংস্কৃতিক আত্মপৰিচয় প্ৰদৰ্শন কৰিব বিচৰা এইবিধ ৰাজনীতিয়ে অৱধাৰিত বাৱে exhibitionistic religiosty-ক উদগনি দিয়ে। অৱশ্যে এইক্ষেত্ৰত প্ৰদৰ্শনকামিতা ব্যক্তি-কেন্দ্ৰিক নহয়। ইয়াৰ লক্ষ্য হ’ল সমূহীয়া ধৰ্মীয় পৰিচয় জাহিৰ কৰা – জকমকীয়া উৎসৱেৰে, গৰ্জনধৰ্মী আনন্দোল্লাসেৰে।
মীনাক্ষী : এই ধৰণৰ পৰিচিতি-কেন্দ্ৰিক উগ্ৰ প্ৰদৰ্শনে জানো ধৰ্মীয় সংকীর্ণতাৰ সূচনা নকৰে? ই নিশ্চয় সাম্প্রদায়িক বিভাজন-বিৰোধৰ বাটো মোকলাই দিয়ে।
বলীন : ইয়াৰ অন্য এটা দিশো আছে। এটা সম্প্ৰদায়ৰ উগ্ৰ পৰিচিতি-প্রদর্শনে অন্য সম্প্রদায়ক –বিশেষকৈ সংখ্যা আৰু সংগঠনৰ পিনৰ পৰা দুৰ্বল সম্প্ৰদায়ক — শংকিত, উত্তেজিত আৰু প্ৰৰোচিত কৰে। তেতিয়া সেই সম্প্ৰদায়ৰ সুবিধাবাদী, নেতৃত্বলোভী বা দূৰদৰ্শিতাৰহিত এচাম লোক সচেতনভাৱে ধাৰ্মিকতা প্ৰদৰ্শনৰ স্থূল আৰু ক্ষতিকৰ প্ৰতিযোগিতাত উছাহেৰে নামি পৰে। অৱশ্যে প্ৰতিকূল সামাজিক-ৰাজনৈতিক পৰিস্থিতিত কেতিয়াবা প্ৰায় স্বতঃস্ফূর্তভাবেও ধার্মিকতাৰ প্ৰতিযোগিতামূলক প্রবণতাই গা কৰি উঠিব পাৰে।
মীনাক্ষী : ক্রিয়া-প্ৰতিক্ৰিয়াৰ এই দিশটো খুবেই গুৰুত্বপূৰ্ণ। কিন্তু এটা কথা বলীনদা – ৰাজনৈতিক ধার্মিকতাৰ ধাৰক-বাহকসকলক জানো ধার্মিক বুলিব পাৰি?
বলীন: গুৰুত্বপূৰ্ণ প্রশ্ন, কিন্তু পাক লগা। … পিছে তোমাক কৰযোৰে অনুৰোধ কৰিছোঁ, আজি আৰু সেই জটিল আলোচনাৰ পাতনি নেমেলিবা। এতিয়া দৰকাৰ একাপ কফি আৰু……
মীনাক্ষী : ঠিক আছে বলীনদা। এতিয়া তেন্তে আমি উভতি যাওঁ আমাৰ কথা-বাৰ্তাৰ আদিকাণ্ডলৈ।
বলীন : আদিকাণ্ডলৈ?! ভাবিছিলোঁ, অন্তিমকাণ্ডৰ বাটচ’ৰাত উপস্থিত হৈছোঁহি। কি বিড়ম্বনা!
মীনাক্ষী : আচহুৱা প্রশ্ন এটা কৰিছিলোঁ, মনত পৰিছে ?
বলীন : চকামকাকৈ কিবা এটা মনত পৰিছে। ধৰ্ম-ভীৰু মানুহক ধর্মপ্রাণ বুলিব পাৰি নে নোৱাৰি— এই ধৰণৰ চোকা প্ৰশ্নাস্ত্ৰ এটাৰে আলোচনাৰ আদিকাণ্ডতেই আঘাত কৰা মনত পৰে। চোৱা মীনাক্ষী, এই ধৰণৰ দুৰূহ প্ৰশ্নৰ সন্তোষজনক সমিধান দিব পৰা মেধা এই অধমৰ নাই। পিছে এটা কথা তোমাক ক’ব পাৰোঁ, ধৰ্মপ্ৰাণ মানুহ যে ধৰ্ম-ভীৰু হ’বই তেনে কোনো ধৰা বন্ধা কথা নাই। ঈশ্বৰৰ ওচৰত স্বত:প্ৰবৃত্ত হৈ নিজকে অকুণ্ঠচিত্তে সমৰ্পণ কৰা এনে বহু লোক আছে যাৰ আত্মোৎসর্গৰ উৎস নৰক-যন্ত্ৰণাৰ আতংক বা ধৰ্মহানিৰ ফলত ঈশ্বৰৰ ৰোষদৃষ্টিত পৰাৰ ভয় নহয়।
মীনাক্ষী : বুজিছোঁ, বুজিছোঁ। আপোনাৰ আচল পইণ্টটো বুজিছোঁ। ধৰ্ম-ভীৰু মানুহৰ চিন্তা-দুশ্চিন্তা, নিয়মানুগত্য, ধৰ্মাচৰণ আদিৰ আঁৰত থাকে মনস্তাত্বিক চাহিদা।
বলীন : ঠিক ধৰিছা। মনস্তত্বৰ দিশটো তুমি আওকাণ কৰিব নোৱাৰা৷ ধৰ্মহানিৰ ভয় আৰু পৰজন্মৰ পীড়নৰ আতংকই এই চাম মানুহৰ মন ভাৰাক্ৰান্ত কৰে উদ্বেগ, উৎকণ্ঠা, দুশ্চিন্তা আৰু শংকাৰে। ধৰ্মাচৰণৰ সহায়ত এনে অশান্তি অস্থিৰতাৰ পৰা তেওঁলোকে সকাহ বিচাৰে। মজাৰ কথা কি জানা? ধৰ্মৰ বিধান-বিশ্বাসে যি পাপ-ভীতিৰ জন্ম দিয়ে সি, আওপকীয়াকৈ হ’লেও, ধৰ্মৰ ভিত্তি মজবুতহে কৰে।
মীনাক্ষী : আৰু এটা কথা যোগ দিব পাৰোঁনে বলীনদা ?
বলীন : কোৱা কোৱা। আমি কথাহে পাতিছোঁ, ভাব-বিনিময় কৰিছোঁ। ওখ বেদীৰ পৰা গুৰুৱে গাই যোৱা বচন শুনিবলৈ তুমি নিশ্চয় ইয়ালৈ অহা নাই।
মীনাক্ষী : যোগ দিব বিচৰা কথাটো হ’ল, মনত পাপ-ভীতি থকা সত্ত্বেও বহু লোকে ধৰ্মই নিবিচৰা কাম কৰে বা কৰিবলৈ বাধ্য হয়। ভীতিৰ উপৰি পাপবোধেও এওঁলোকক কষ্ট দিয়ে, সন্ত্রস্ত কৰে, উদ্বিগ্নতা বঢ়ায়।
বলীন : অর্থাৎ পাপ-ভীতি আৰু পাপবোধৰ মাজত কিছু সূক্ষ্ম পার্থক্য নথকা নহয়।
মীনাক্ষী : ধর্মীয় অনুশাসন উলংঘা কৰা বা নানা অপৰাধ তথা অন্যায় কৰ্মত লিপ্ত থকা ধর্ম-বিশ্বাসী মানুহৰ মনত পাপবোধৰ সূচনা হোৱাটো তেনেই স্বাভাৱিক। এই পাপবোধৰ তাড়নাত সাধাৰণতে এই চাম মানুহ বেছিকৈ ধৰ্মাচৰণৰ প্ৰতি আকৃষ্ট হয়। দুজন-দুৰাচাৰীৰ মাজত ধৰ্মীয় আনুষ্ঠানিকতাৰ যি পয়োভৰ তথা জনপ্ৰিয়তা দেখা যায় তাৰ এটা কাৰণ নিশ্চয় এই পাপবোধ।
বলীন : আন এটা কাৰণ হ’ল, নিজৰ অখ্যাতি অপনোদনৰ চেষ্টা। এনে চেষ্টাৰ অন্যতম পৰিণাম exhibitionistic religiosity। ই মূলতঃ ব্যক্তি-কেন্দ্ৰিক – কেতিয়াবা পৰিয়াল-কেন্দ্ৰিকো।
মীনাক্ষী : এই ব্যক্তি-কেন্দ্ৰিকতা কিন্তু ৰাজনৈতিক ধাৰ্মিকতাৰ ৰাজহুৱা প্ৰদৰ্শনত প্রায় গুৰুত্বহীন। তাত দেখা যায় সমূহীয়া ধৰ্মীয় পৰিচিতিৰ সবল-সোচ্চাৰ ঘোষণা।
বলীন : বঢ়িয়া পর্যবেক্ষণ। এইখিনিতে আৰু এটা দৰকাৰী কথা তোমাৰ সোঁৱৰাই দিওঁ বুলি ভাবিছোঁ। অলপ আগতে তোমাক কৈছিলোঁ, মনস্তত্ত্বৰ দিশটো আমি আওকাণ কৰিব নোৱাৰোঁ। পিছে পাপ-ভীতি আৰু পাপবোধতেই মনস্তত্বৰ ভূমিকা শেষ বুলি নাভাবিবা। ইয়াৰ প্ৰকাশ বৈচিত্র্যময় কেতিয়াবা প্রচ্ছন্ন, কেতিয়াবা প্রকাশ্য। উদাহৰণ হিচাপে মানুহৰ অসহায়তাৰ প্ৰতি তুমি চকু দিব পাৰা। ইয়াৰ লগত পাপ বিষয়ক ধৰ্মীয় ধাৰণাৰ কোনো সম্পৰ্ক নাই। অসহায়তাৰ উৎস আৰু চৰিত্ৰ বিবিধ প্ৰকাৰৰ – বৈষম্যমূলক সমাজ ব্যৱস্থাত জনসাধাৰণ যি অসহায়তাৰ দ্বাৰা পীড়িত তাৰ সৈতে বজাৰ অৰ্থনীতিৰ অনিশ্চয়তাই বিত্তবান ব্যৱসায়ীৰ মনত জন্ম দিয়া উদ্বেগৰ পাৰ্থক্য সুস্পষ্ট। আনহাতে মৃত্যুৰ ভয় বা ৰোগ-ব্যাধিৰ আক্ৰমণৰ সম্ভাৱনাই মানুহৰ অসহায়তাত এক সুকীয়া মাত্রা যোগ দিয়ে। পিছে মন কৰিবলগীয়া কথা হ’ল, নিৰুপায় অৱস্থাত মানুহে এটা নিৰ্ভৰযোগ্য অৱলম্বন বিচাৰে –
মীনাক্ষী : যি অৱলম্বনে টনিক আৰু টেঙ্গুলাইজাৰৰ দৰে কাম কৰে।
বলীন : বঢ়িয়া ক’লা। অর্থাৎ শক্তিও দিব, শান্তও কৰিব। তোমাক বোধহয় নক’লেও হ’ব যে সর্বশক্তিমান, মংগলময় আৰু ন্যায়পৰায়ণ ঈশ্বৰৰ ধাৰণাই জীৱনৰ খলা-বমা বাটেৰে খোজ দিওঁতে অসহায় বোধ কৰা মানুহক এক অস্বস্তি-নাশক অৱলম্বনৰ সন্ধান দিয়ে।
মীনাক্ষী : সেইবাবে নিশ্চয় এচাম সমাজ-বিজ্ঞানীয়ে কয় যে সমাজত অন্যায়-অবিচাৰ-অসাম্য থকালৈকে ধৰ্মৰ আৱেদন সন্তোষজনকভাৱে কমাৰ আশা নাই।
বলীন : ধৰ্মৰ যি আৱেদন বা জনপ্রিয়তা তাৰ আঁৰত অন্য ধৰণৰ কাৰকো সক্রিয় থাকে। মানুহ সামাজিক প্ৰাণী, সংগকামিতা মানুহৰ সহজাত প্ৰৱণতা। এই প্ৰৱণতাৰ প্রাবল্যৰ কাৰণেও বহুক্ষেত্ৰত মানুহ ধৰ্মৰ পিনে ঢাল খায়। সমাজ-বিজ্ঞানত তুমি normative influence ৰ কথা পাবা। মানুহে সমূহৰ লগত, নিজৰ সমাজখনৰ লগত খাপ খাই চলিব বিচাৰে। গৱেষণাই – brain scanning-এ দেখুৱাইছে যে দৈহিক যন্ত্ৰণা আৰু গোষ্ঠীৰ পৰা বহিষ্কৰণৰ অভিজ্ঞতাই মস্তিষ্কৰ একেটা কেন্দ্রকে সক্রিয় কৰে। অৰ্থাৎ সমাজৰ পৰা আঁতৰি থকাটো কায়িক কষ্টৰ দৰেই এক যন্ত্রণাদায়ক অভিজ্ঞতা।
মীনাক্ষী : বাঃ, বেছ গুৰুত্বপূৰ্ণ তথ্য।
বলীন: কিন্তু উৎসৰ কথা নুসুধিবা। এই বৃদ্ধ ব্ৰেইনত তোমাৰ গৱেষকসুলভ সন্ধানী মনক সন্তুষ্ট কৰিব পৰা কোনো ৰেফাৰেন্স মজুত নাই।
মীনাক্ষী : পিছে বলীনদা, সমাজত পুৰণি মত-মতবাদৰ বিপৰীতে গৈ বিসম্বাদী স্থিতি লোৱা মানুহোতো আছে।
বলীন: নিশ্চয় আছে। যেনে, তুমি বা তোমাৰ ভাবী স্বামী – ছৰি, ছৰি – পার্টনাৰ মৈনাক। পিছে কথা হ’ল, হাজাৰ হাজাৰ বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে চলি অহা ধর্মীয় বিশ্বাস আৰু আচৰণ অধিকাংশ মানুহে নিষ্ঠাৰে- – প্ৰায়ে নিষ্প্রশ্ন আনুগত্যেৰে আঁকোৱালি লয়। আনহাতে এই কথাও সঁচা যে এওঁলোকৰ মাজত এনে মানুহো আছে যাৰ আচলতে ধৰ্ম-কৰ্মৰ প্ৰতি বিশেষ আগ্রহ নাই, হয়তো মনত কিঞ্চিৎ সংশয়ো আছে। যান্ত্ৰিকভাৱে বা সমাজৰ ওচৰত সেও মানি এওঁলোক ধাৰ্মিক হৈ থাকে।
মীনাক্ষী : ঠিক কথা কৈছে বলীনদা। এম.এ. পঢ়োতে আমাৰ কেইজনমান লগৰীয়া এই ধৰণৰ আছিল। ধৰ্মৰ প্ৰতি তেওঁলোকৰ কোনো আগ্ৰহ নাছিল – দুজনমান তো প্রায় নাস্তিকেই আছিল কিন্তু ৰাজহুৱা ধৰ্মানুষ্ঠানত তেওঁলোকে মাজে-সময়ে অংশ লোৱাটো দেখিছিলোঁ। নাটক নিচাত সচৰাচৰ মচগুল হৈ থকা ধৰ্মহীন বন্ধু এজন এবাৰ দুৰ্গা পূজাৰ সাংস্কৃতিক সমিতিৰ সম্পাদকো হৈছিল। এতিয়া তেওঁ নাটকৰ জৰিয়তে বিজ্ঞানমস্কতাৰ বাৰ্তা বিয়পাই বেছ খ্যাতি অৰ্জন কৰিছে।
বলীন: তোমাৰ বন্ধুজনক বোধহয় Ritual atheist বোলা যায়।
মীনাক্ষী : Ritual atheist? সেইটো কি? আপোনাৰ উদ্ভাৱন?
বলীন : নহয়, নহয়, আচ্ছা, এটা কাম কৰা। তুমি সৌ টেবুলখনৰ পৰা Dan Steel- Atheism নামৰ কিতাপখন আনাচোন। কালি ৰাতি পঢ়িছিলোঁ। উপশিৰোনামটো পাহৰিলোঁ — দীঘল কিবা এটা। ষ্টীলে ritual atheist-ৰ কথা লিখিছে। শুনা তেওঁৰ বক্তব্য। ধর্মহীন মানে non- religious মানুহৰ প্ৰসংগত তেওঁ কৈছে- ‘They are ritual atheists if they participate in holiday traditions or ceremonies that derive from religion’ তেওঁ এটা উদাহৰণ দিছে। বৰদিন হ’ল বছৰৰ ‘biggest holiday’। পিছে পৃথিৱীজুৰি non-religious মানুহেও বৰদিন উৎসৱ পালন কৰে। এইসকল লোক ritual atheist। ষ্টীলে এষাৰ তাৎপৰ্যপূৰ্ণ কথা কৈছে। ধর্মীয় উৎসৱ উপভোগ কৰা উল্লিখিত মানুহ চামে যদি চেলাচত নিজকে ritual atheist বুলি ঘোষণা কৰে তেনেহ’লে atheist-ৰ সংখ্যা বহুগুণে বাঢ়ি যাব।
মীনাক্ষী : আমাৰ ইয়াতো নিশ্চয় ritual atheist – atheist নহ’লেও অন্ততঃ agnostic লোকৰ — অভাৱ নাই। কিন্তু এওঁলোককতো সাধাৰণ মানুহে ধৰ্ম-অনুৰাগী বুলিয়ে ভাবে।
বলীন: সেইকাৰণে তোমাক এইবিধ মানুহৰ কথা কলোঁ। তোমাৰ প্ৰথম প্ৰশ্নটোৱেই আছিল – ধাৰ্মিক কেইপ্ৰকাৰৰ, নহয় জানো? স্পষ্ট উত্তৰ দিব নোৱাৰিলেও আমাৰ আলোচনাৰ পৰা নিশ্চয় এই কথা বুজিছোঁ যে বিষয়টো যথেষ্ট জটিল আৰু…….
মীনাক্ষী : কিন্তু-
বলীন : তোমাৰ আৰু কোনো ‘কিন্তু’ক প্ৰশ্ৰয় নিদিওঁ মীনাক্ষী। মুমূর্ষু মগজৰ ওপৰত প্ৰচুৰ অত্যাচাৰ চলোৱা হ’ল। এতিয়া ভিতৰলৈ ব’লা, ধূমায়িত কফি কাপ হাতত লৈ আমি আড্ডাৰ এজেণ্ডাহীন স্বধৰ্ম পালন কৰোঁ।

