বিবিধ চিন্তা

ধৰ্ষণ: আধুনিক সমাজৰ অভিশাপ স্বৰূপ- (আকস্মিকা ভৰদ্বাজ)

বৰ্তমান আমাৰ সমাজত ধৰ্ষণ যেন এক নিয়মিত ঘটনা হৈ পৰিছে। সমাজখন যিমানেই আধুনিকতা তথা প্ৰযুক্তিৰ দিশত আগবাঢ়িছে সিমানেই হত্যা, ধৰ্ষণ ইত্যাদিৰ দৰে অমানৱীয় কাৰ্যকলাপো বৃদ্ধি পোৱা দেখা গৈছে! আজিও আমাৰ আধুনিক সমাজ খনত এগৰাকী নাৰী বা এগৰাকী ছোৱালী সম্পূৰ্ণৰূপে সুৰক্ষিত নহয়। কেতিয়াবা হয়তো চলন্ত বাছত, কেতিয়াবা কৰ্মক্ষেত্ৰত ,কেতিয়াবা শিক্ষা অনুষ্ঠানত,কেতিয়াবা আকৌ বিবাহৰ পিছতো বিভিন্ন ধৰণে যৌন নিৰ্যাতনৰ সন্মুখীন হ’ব লগা হয়। আনকি এগৰাকী কিশোৰীয়ো সুৰক্ষিত নহয়। যি সময়ত কিশোৰ-কিশোৰীসকলে প্ৰাণ চঞ্চলা মনটোৱে খেলা-ধূলা, পঢ়া-শুনা কৰি মুক্ত মনেৰে বিচৰণ কৰিব বিচাৰে, সেই সময়ত কিশোৰী সকল যৌন নিৰ্যাতন অথবা ধৰ্ষণৰ বলি হোৱা দেখা যায়। এগৰাকী মাতৃ বা অভিভাৱকে নিজৰ শিশুটিক অকলে বিদ্যালয়লৈ বা সমনীয়াৰ লগত অকলে খেলা-ধূলা কৰিবলৈ পঠিয়ালেও গোটেই দিনটো চিন্তাত থাকিব লগীয়া হয়, কাৰণ মনৰ ভিতৰত সেই একেবোৰ চিন্তাই দোলাদি ফুৰে! যেনে- কণমাণি ছোৱালীজনী ভালদৰে আছে নে নাই! বৰ্তমান আমাৰ সমাজত শিক্ষাৰ পোহৰ পৰাৰ পিছতো এনেকৈ এগৰাকী নাৰী বা এগৰাকী কিশোৰীয়ে কিয় ধৰ্ষণ বা যৌন নিৰ্যাতনৰ বলি হ’ব লগা হয়? জীৱশ্ৰেষ্ঠ বুলি স্বাভিমান দেখুৱা মানুহেই এনেকুৱা জঘন্য কাণ্ডবোৰ কিয় কৰে?


মই এগৰাকী সমাজ কৰ্ম বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী। আমাৰ দৈনন্দিন পাঠ্যক্ৰমৰ লগতে NGO সমূহত internshipৰ সুবিধা পাওঁ।সেয়েহে এনেধৰণৰ ঘটনাবোৰৰ লগত সঘনে সাক্ষাৎ হৈ থকাৰ সুযোগ পাওঁ।ইয়াৰ লগতে দৈনন্দিন বাতৰি কাকত , টেলিভিশ্বন চালেই এনেবোৰ খবৰে অলপ সময়ৰ বাবে হ’লেও মনটোক নিস্তদ্ধ কৰি তোলে। এইবোৰৰ মাজতেই বিশেষকৈ মোৰ ব্যক্তিগত জীৱনত‌ মূখামুখী হোৱা এটা ঘটনাই মনতো বৰকৈ জোকৰি গৈছিল। ঘটনাটো প্ৰায় এক-দেৰ বছৰৰ আগৰ। এগৰাকী অকণমাণি ছোৱালী। তাইৰ বয়স মাত্ৰ ১২-১৩ বছৰ। জানিব পৰা মতে সেই কণমাণি ছোৱালীজনী হয়তো বিদ্যালয়লৈ গৈছিল, কিন্তু দৰিদ্ৰতাৰ বাবেই পৰিয়ালৰ লোকে শিক্ষাৰ পৰা আঁতৰ কৰি কৰ্মত নিয়োজিত কৰিছিল।অৰ্থাৎ সময়ৰ সোঁতত তাই এগৰাকী শিশু শ্ৰমিক লৈ ৰূপান্তৰিত হৈছিল। তাই দিনত বেলেগৰ ঘৰত কাম কৰিছিল আৰু আবেলি সমনীয়াৰ লগত খেলা-ধূলা কৰিছিল। দিনবোৰ এনেকৈয়ে পাৰ হৈ গৈ আছিল।কিন্তু সেইদিনাৰ পৰিবেশটো অলপ বেলেগ আছিল। তাই ক’তো কাম বিচাৰি নাপায় ঘৰলৈ উভটি আহিছিল। দিনটো ঘৰতে পৰিয়ালৰ লগত ইটো-সিটো কৰি সময় কটাই আনদিনাৰ দৰে সেইদিনাও আবেলি তাই লগৰ সমনীয়াৰ লগত খেলিবলৈ গৈছিল। কিন্তু যি খেলিবলৈ গ’ল আৰু সুস্থ শৰীৰে তাই ঘৰলৈ উভতি আহিব নোৱাৰিলে। কণমাণিজনীৰ জীৱণলৈ কাল অমানিশা মাতি অনা সেই আবেলিটোত ঘৰৰ ওচৰৰ এজন বয়সস্থ মানুহৰূপী পিশাচে তাইৰ শৰীৰৰ ওপৰত নিৰ্যাতন চলাইছিল। যিজনী ছোৱালী নিজেই এজনী শিশু, যাৰ শৰীৰৰ গঠনেই পূৰ হোৱা নাছিল। কিন্তু সেই অভিসপ্ত দিনটোৰ বাবেই ছোৱালীজনী ৬ মাহৰ অন্তঃসত্বা হৈ পৰিছিল। আমি NGO ফালৰ পৰা যিমান পাৰি সহায় কৰিবলৈ চেষ্টা কৰিছিলো। এইখিনিতে ক’ব ই লাগিব যে এনেবোৰ ক্ষেত্ৰত শিশুৰ হকে কাম কৰি অহা NGO সমূহে সদায়ে সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়াই আহিছে। মোৰ এই ব্যক্তিগত অভিজ্ঞতাখিনিৰ ওপৰত একলম লিখিবলৈ লওঁতেই পঢ়িবলৈ পাইছিলোঁ আন এটা গাৰ নোম সিয়ৰী উঠা ঘটনা। পঢ়িবলৈ পোৱা মতে ঘটনাটো সংঘটিত হৈছে চত্তীছগড়ৰ এখন ব্যক্তিগত হাস্পতালত। এফালে ক’ৰণাৰ আতংকত গোটেই পৃথিৱী কঁপি থকাৰ সময়ত ICU ত ভৰ্তি এগৰাকী যুৱতীক দুজন কৰ্মচাৰীয়ে দলবদ্ধ ভাবে ধৰ্ষন কৰে। তাতোকৈয়ো নিৰ্লজ্জ কথা, এই কুকৰ্ম লুকুৱাবলৈ বোলে যুৱতী গৰাকীক নিটৌ সেৱন কৰাইছিল অচেতন হোৱাৰ ঔষধ! যদি এগৰাকী যুৱতী এখন হাস্পতালতো সুৰক্ষিত নহয়। তেন্তে ভাৱকচোন আমাৰ সমাজখন কোন দিশে ধাৱমান হৈছে।

এনেধৰণৰ জঘণ্য ঘটনাৰ সন্মুখীন হয়তো বহুত ছোৱালীয়ে হৈ আহিছে কিন্ত মানুহৰ আগত ব্যক্ত কৰিবলৈ সংকোচবোধ কৰে। কাৰণ বহুত কিশোৰীয়ে যৌনতাৰ বিষয়ে নাজানে। ইয়াৰ বহুতো কাৰণ আছে। ইয়াৰ ভিতৰত সামাজিক অপবাদ, ভবিষ্যতৰ জীৱনৰ প্ৰতি থকা শংকা তথা যৌন শিক্ষাৰ অভাৱ ইত্যাদিৰ কথাবোৰ অন্যতম। আমাৰ শিক্ষা ব্যৱস্থাত যৌন শিক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে যাতে ছোৱালী এজনীয়ে যিকোনো পৰিস্থিতিত নিজক সুৰক্ষা দিবলৈ কথাবোৰ বুজি পায়। ভাৰতবৰ্ষত ধৰ্ষণকাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও আইনী ব্যৱস্থা লেহেমীয়া হোৱা বাবে মানুহে এনেবোৰ অপৰাধৰ প্ৰতি ভয়, সংকোচ নকৰে। লেহেমীয়া আইনী ব্যৱস্থাৰ সুৰুঙা লৈ বহু ধৰ্ষণকাৰী পলায় সাৰি যোৱাও দেখা যায়। গতিকে আইনী ব্যৱস্থা দ্ৰুত হব লাগে যাতে কোনো ধৰ্ষণকাৰীয়ে মুক্ত আকাশৰ তলত ঘূৰি-ফুৰিব নোৱাৰে। মনোবৈজ্ঞানিক দিশৰ পৰা চাবলৈ গ’লে দেখা যায় যে ধৰ্ষণকাৰী সমূহৰ চাৰিত্ৰিক বৈশিষ্ট্য বোৰো ভিন্ন ভিন্ন। কিছুমান ধৰ্ষন কাৰীয়ে অপৰিকল্পিত ভাবেই এনেবোৰ জঘন্য কামত লিপ্ত হয়। কিছুমানে প্ৰতিশোধ হিচাপে, কিছুমানে আকৌ নিৰ্জমতাৰ সুযোগ হিচাপেও এই কাণ্ড কৰা দেখা যায়।

ধৰ্ষণ কোনো সমাজিক ব্যাধি নহয়। ই এক গুৰুত্বৰ অপৰাধ। সমাজৰ পৰা এনেধৰণৰ অপৰাধ আঁতৰ কৰিবলৈ বিভিন্নজনে অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে যদিও সফল হব পৰা নাই। ইয়াৰ কাৰণ সমূহ বিশ্লেষণ কৰিবলৈ গ’লে দেখা যায়– আমাৰ সমাজৰ উচ্চ শ্ৰেণীৰ লোকসকলে তেওঁলোকৰ আৰ্থিক সামৰ্থৰে আইনী ব্যৱস্থাটোৰ পৰা হাত সাৰিব বিচাৰে আৰু এওঁলোকে ধৰ্ষিতা গৰাকীকো বিভিন্ন প্ৰলোভন দেখোৱাই মুখ বন্ধ কৰিব বিচাৰে। বহুক্ষেত্ৰত ধৰ্ষিতা গৰাকীয়ে সমাজিক অপযশৰ ভয় বা কেৰিয়াৰ কেন্দ্ৰিক ভয়ৰ বাবেও যৌন নিৰ্যাতনৰ কথা মুকলিকৈ প্ৰকাশ কৰিব নিবিচাৰে।আনহাতে বহুক্ষেত্ৰত ধৰ্ষণকাৰীজন আইনী প্ৰক্ৰিয়াৰ সুৰুঙাৰ পৰা ওলাই আহি প্ৰতিষোধ লয় বুলি ধৰ্ষিতা গৰাকীয়ে এনেবোৰ কথা ব্যক্ত কৰিব নিবিছাৰে ।কঠোৰ আইনী ব্যৱস্থাৰ লগতে জণগণৰ মাজত এনেবোৰ বিষয়ৰ ওপৰত অধিক সজাগতা বৃদ্ধি কৰিব লাগে, যাতে সকলোৱে যৌনতাৰ ওপৰত সচেতন হয়। তদুপৰি বিভিন্ন ব্যক্তিৰ লগত কৰা আলোচনা বা সামাজিক মাধ্যমৰ আলোচনাবোৰত এনেবোৰ স্পৰ্শকাতৰ বিষয়ত তুলোঙা মন্তৱ্য কৰা দেখা যায়। তেনে ধৰণৰ অকালপক্ক এচাম মানুহৰ বাবে যেন কেৱল ছোৱালীজনীহে এইবোৰ ক্ষেত্ৰত দায়ী! চুটি কাপোৰ পিন্ধা অথবা ৰাতি বাহিৰত দেৰিলৈকে থকাৰ বাবে তেওঁলোকে ছোৱালী এজনীকে দোষ দিব বিচাৰে।এজন ধৰ্ষণকাৰীয়ে এগৰাকী নাৰীৰ ওপৰত শাৰিৰীক তথা মানসিক অত্যাচাৰ চলাবলৈ নাৰী গৰাকীৰ বয়স,ধৰ্ম বা সাজ-পাৰ চাই ধৰ্ষণ কৰিব নাযায়।এই লেখিকাইও ব্যক্তিগতভাৱে এনেবোৰ কথা কেতিয়াও সৰ্মথন নকৰে ।কাৰণ চুটি কাপোৰ পিন্ধা বা ৰাতি বাহিৰত দেৰিলৈকে থকাটোৱেই কেতিয়াও ছোৱালী এজনীৰ চাৰিত্ৰিক বৈশিষ্ট্য নিৰূপণ কৰিব নোৱাৰে। ই এটা পুৰুষ তান্ত্ৰিক সমাজৰ চিন্তাধাৰা। এনেধৰণৰ পুৰুষতান্তিক চিন্তাধাৰাৰ পৰা আমি প্ৰথম মুক্ত হ’ব লাগিব। আমাৰ পুৰুষ তান্ত্ৰিক সমাজখনত এজনী ছোৱালীক সৰুৰ পৰাই কিছুমান কাম ঘৰতে নিৰ্ধাৰণ কৰি দিয়া হয়। এটা শিশু জন্ম হোৱাৰ লগে লগে সেই শিশুটিৰ ক্ষেত্ৰত কিছু নীতি-নিয়ম বান্ধি দিয়া হয়। আৰু শিশুটিয়ে সেই নীতি-নিয়ম সমূহ অনুকৰণ কৰি নিজকে গঢ় দিবলৈ চেষ্টা কৰে। শিশুটি ডাঙৰ হৈ অহাৰ লগে লগে খেলা সামগ্ৰী সমূহৰ পৰা ল’ৰা-ছোৱালী পাৰ্থক্য আনি দিয়া হয়। ল’ৰা হ’লে বন্দুক,বল-বেত আদি ছোৱালী হ’লে পুতলা। এই খেলা সামগ্ৰী সমূৰ পৰাই আমি সিহঁতক শিকাওঁ যে ল’ৰাক বন্দুকৰ জৰিয়তে সাহসিকতা আৰু ছোৱালীক
ঘৰতে থাকি পুতলাৰ লগত খেলা-ধূলা কৰা। কন্যা সন্তান গৰাকীক সৰুৰ পৰাই খেলা-ধূলাৰ জৰিয়তে এইটো প্ৰমাণ কৰি দিয়া হয় যে তাই সৰুৰ পৰাই ঘৰতে থাকি খেলা-ধূলা কৰিব লাগে, পুৰুষৰ দৰে বাহিৰলৈ যাব নালাগে, উচ্চস্বৰত কথা বা হাঁহিব নালাগে, তাইৰ খেলা সামগ্ৰী ভিন্ন, সাজ-পোছাক ভিন্ন ইত্যাদি। সৰুৰ পৰাই গঢ় দিয়া মানসিকতাবোৰৰ বাবেই এগৰাকী নাৰীয়ে কঠিন পৰিস্থিতি এটাত যুঁজিবলৈ ভয় কৰে। গতিকে এগৰাকী নাৰীয়ে আত্মবিশ্বাসেৰে, দক্ষতাৰে সমাজত প্ৰতিস্থিত হব লাগে।যাতে এগৰাকী নাৰীয়ে নাৰী হিচাপে নহয় মানুহ হিচাপে জীয়াই থাকিব পাৰে। তদুপৰি আমি মনত ৰখা দৰকাৰ এগৰাকী নাৰী অবিহণে এখন ঘৰ আৰু সমাজ সদায় অপৰিপূৰ্ণ।গতিকে নাৰীক সন্মান আৰু সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত আমি সকলোৱেই ঐক্যবধ হওঁ আহক।

Leave a Reply

Your email address will not be published. Required fields are marked *