ডায়েবেটিছ ৰোগৰ হাতপুথি (চতুৰ্থ অংশ) (ডা: কুঞ্জন শইকীয়া)
(প্ৰথম অংশটি পঢ়িবলৈ ইয়াতে টিপক, দ্বিতীয় অংশটোৰ বাবে ইয়াতে টিপক, তৃতীয় অংশটি পঢ়িবলৈ ইয়াতে টিপক)
চকু, বৃক্ক আৰু স্নায়ুৰ এই জটিলতাসমূহ, যাক কোৱা হয় MICROVASCULAR COMPLICATIONS, তাৰ আলোচনাৰ পাছত এতিয়া চোৱা যাওক MACROVASCULAR COMPLICATIONS-ৰ প্ৰতি। ডায়েবেটিছত হ’ব পৰা এই MACROVASCULAR ভাগটোত হৃদৰোগ, মগজু আৰু তেজ চলাচল কৰা ডাঙৰ ধমনীবোৰ পৰে। হৃদযন্ত্ৰৰ অসুখৰ ভিতৰত পৰা নামবোৰ হ’ল CORONARY ARTERY DISEASE, CARDIOMYOPATHY, HEART FAILURE, ARRYTHIMIAS আদি। এই গোটেই জটিলতাবোৰৰ খুব বেছি ভিতৰলৈ নগৈ এনেভাৱে সহজভাৱে ক’ব পাৰি যে CORONARY ARTERY DISEASE হ’ল হৃদযন্ত্ৰৰ ভিতৰৰ তেজ চলাচল কৰা ধমনীবোৰ, যাৰ নাম CORONARY ARTERY, তাৰ ভিতৰত তেজ চলাচল চৰ্বী জমা হৈ বাধাপ্ৰাপ্ত হোৱা আৰু ফলত তেজৰ চলাচল কম হৈ হৃদযন্ত্ৰৰ মাংসপেশীবোৰৰ আঘাত হানি MYOCARDIAL INFARCTION বা ISCHAEMA সৃষ্টি কৰা। এনে ৰোগীয়ে হঠাৎ বুকুৰ প্ৰচণ্ড বিষ অনুভৱ কৰি উশাহ-নিশাহ লোৱাত কষ্ট পায়। অৱশ্যে এই বিষ সদায় অনুভৱ নহ’ব পাৰে কাৰণ আগতে কৈ অহা AUTONOMIC NEUROPATHY-ৰ বাবে বিষ অনুভৱ নহৈ কেৱল উশাহ-নিশাহৰ অসুবিধা হ’ব পাৰে। কেতিয়াবা আকৌ প্ৰক্ৰিয়াটো লাহে লাহে হয়, য’ত তেজৰ চলাচল ঠিকেই থাকে, অর্থাৎ চৰ্বী জমা হোৱা অংশ যাক—PLAQUE বুলি কোৱা হয়—সি ধমনীৰ ভিতৰৰ তেজৰ প্ৰবাহক সম্পূর্ণ বন্ধ নকৰি কিছু পৰিমাণে খোলা ৰাখে। তেতিয়া ৰোগীয়ে জিৰণিৰ সময়ত তেনে একো অনুভৱ নকৰে, কিন্তু যিকোনো বেছিকৈ অক্সিজেন প্রয়োজন হোৱা কাম কৰোতে যেনে, খৰকৈ খোজ কঢ়া বা ব্যায়াম কৰা, ওখ ঠাইলৈ খোজ কঢ়া, চিৰি বগোৱা আদি কৰোতে বিষ বা ভাগৰ অনুভৱ কৰিব পাৰে। পাছলৈ ৰক্তপ্ৰৱাহ বেছিকৈ কমি গ’লে জিৰণিৰ সময়তো বিষ অনুভৱ কৰিব পাৰে (ANGINA AT REST)। এই ANGINA-ই পাছত গৈ পৰিৱৰ্তিত হ’ব পাৰে ACUTE MYOCARDIAL INFARCTION (ACUTE MI) লৈ। আগতে কৈ অহাৰ দৰে ৰোগীয়ে প্রচণ্ড বিষ অনুভৱ কৰিব পাৰে বা নকৰিবও পাৰে। যিসকলে এই বিষ অনুভৱ কৰে তেওঁলোকে এই বিষ এনে তীব্র বুলি কয় যে যি বিষ আগতে কেতিয়াও জীৱনত তেওঁলোকে পোৱা নাই। ইয়াৰ লগতে ঘাম ওলোৱা, বমি হোৱা আদি লক্ষণেও দেখা দিয়ে। অতি সাৱধানেৰে ৰোগীয়ে এই কথা জানিব লাগে যে কেতিয়াবা বিষ বেলেগ ঠাইতো অনুভৱ কৰিব পাৰে যেনে বাঁও কান্ধত, থুতৰিত বা পেটৰ ওপৰৰ অংশত। হৃদযন্ত্ৰৰ অসুখৰ লক্ষণ পেটৰ অসুখ ধৰণেৰেওে দেখা দিব পাৰে। সেয়ে সন্দেহ হ’লে ততালিকে অকণো পলম নকৰাকৈ চিকিৎসকৰ ওচৰ চাপিব লাগে। হৃদৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সময় অতি মূল্যবান। যিমান সোনকালে চিকিৎসা আৰম্ভ হয় সিমান ভাল। ৰোগীৰ জীৱন আৰু মৰণ হৃদৰোগৰ ক্ষেত্ৰত ঘড়ীৰ কাটাৰ ওপৰত নিৰ্ভৰশীল হয়। আপ্তবাক্য এষাৰ, এয়া মেডিকেল জগতৰ আপ্তবাক্য, এই ক্ষেত্ৰত দোহাৰিব পাৰি—“MINUTES MEANS MUSCLES”। অর্থাৎ হৃদৰোগৰ ক্ষেত্ৰত মাংসপেশীৰ জীৱন নিৰ্ভৰ কৰে ঘড়ীৰ কাটাৰ ওপৰত। এক মিনিটৰ ইফাল-সিফালে সাংঘাতিক পৰিৱৰ্তন ঘটাব পাৰে।
CARDIOMYOPATHY শব্দই মাংসপেশীসমূহ দুৰ্বল হৈ যোৱাৰ ফলত হৃদযন্ত্ৰৰ আকৃতি ডাঙৰ হৈ যোৱা বুজায়। এইদৰে ডাঙৰ হৈ পৰা আৰু মাংসপেশীবোৰ সংকুচিত নোহোৱা বাবে হৃদযন্ত্ৰই তেজৰ প্ৰৱাহ আগলৈ ঠেলি দিব নোৱাৰে ধমনীবোৰৰ ফালে। এই PUMPING কামটো ব্যাহত হোৱাৰ বাবে হাওঁফাওঁত তেজ জমা হয় আৰু ইয়াক Heart Failure বুলিও কোৱা হয়। অৱশ্যে কেৱল CARDIOMYOPATHY-ৰ বাবেই হার্ট ফেইলাৰ নহয়, উচ্চ ৰক্তচাপ বা MYOCARDIAL INFARCTION-ৰ পাছতো হৃদযন্ত্ৰৰ PUMPING-ৰ কামত বাধা আহে। মনত ৰাখিবলগীয়া কথা, আমাৰ হৃদযন্ত্ৰ এটা PUMP-ৰ দৰে আৰু ই দেহৰ সকলো অংশক ধমনীসমূহৰ যোগেদি তেজক পাম্প কৰি পঠায়। এয়া কৰিব নোৱাৰিলেই হার্ট ফেইলাৰ হয়। ইয়াৰ লক্ষণসমূহ হ’ল উশাহ-নিশাহৰ কষ্ট আৰু ভৰি আৰু পেট ফুলা। এটা লক্ষণ ৰোগীসকলে মনত ৰখা উচিত, হার্ট ফেইলাৰৰ ৰোগীসকলে ৰাতি শোৱাৰ পাছত হঠাৎ উশাহ নোপোৱা যেন হৈ সাৰ পাই বহি দিব লগা হয় আৰু বতাহ পাবৰ বাবে খিৰিকী খুলি দিয়ে, কাৰণ তেওঁলোকে বুকুৰ ভিতৰত গধুৰ আৰু হেঁচা পৰাধৰণৰ ভাব অনুভৱ কৰে। ইয়াক কয় PAROXYSMAL NOCTURNAL DYSPNOEA (PND)। এনে হ’লে অনতিপলমে চিকিৎসকক অৱগত কৰাব লাগে।
ARRYTHMIA শব্দই হৃদযন্ত্ৰৰ ছন্দোময় গতি ব্যাহত হৈ অনিয়মীয়া ছন্দত কাম কৰাটো বুজায়। হৃদযন্ত্ৰৰ নিজা এক বৈদ্যুতিক যোগান থাকে যাৰ বাবে হৃদযন্ত্ৰই এক নিৰ্দিষ্ট ছন্দত কাম কৰি থাকে। CORONARY ARTERY DISEASE, CARDIOMYOPATHY আৰু আন আন কাৰণত ARRYTHMIA হয়। ৰোগীয়ে ইয়াৰ উমান পাব পাৰে যদি নিজৰ হৃদয়ৰ স্পন্দন অনিয়মীয়া হৈছে যেন লাগে। এনে Arrythemis-বোৰ বিপজ্জনক হ’ব পাৰে আৰু সোনকালে ইয়াৰ চিকিৎসা গ্ৰহণ কৰিব লাগে।
হৃদযন্ত্ৰৰ এই অসুখসমূহক প্ৰতিৰোধ কৰিবলৈ এইকেইটা কথাৰ দৰকাৰ :
ক) গ্লুকজৰ পৰিমাণ তেজত সামান্য বা NORMAL কৰি ৰখা৷
খ) ৰক্তচাপৰ নিয়ন্ত্ৰণ কৰা।
গ) দেহত কলেষ্টৰলৰ পৰিমাণ নিয়মীয়া কৰি ৰখা।
ডায়েবেটিছৰ ৰোগীৰ ৰক্তচাপক নিয়ন্ত্ৰণ কৰোতে চিকিৎসকসকলে ৰোগীসকলক দুভাগত ভগাই লয়—হৃদৰোগৰ খুউব বেছি সম্ভাৱনা থকা আৰু আপেক্ষিকভাৱে কম সম্ভাৱনা থকা ৰোগী। বেছি সম্ভাৱনা থকা ৰোগীৰ ৰক্তচাপ ১৩০/৮০-ৰ তলত আৰু কম সম্ভাৱনা থকাসকলৰ ১৪০/৯০ৰ তলত ৰখা হয়। দেহত কলেষ্টৰলৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিবলৈ চিকিৎসকৰ দ্বাৰা দিয়া STATIN শ্ৰেণীৰ দৰৱৰ নিয়মীয়া ব্যৱহাৰ কৰিব লাগে। লগতে আহাৰ আৰু ব্যায়ামৰ প্ৰতি নজৰ ৰাখিব লাগে। এই বিষয়ে পাছত আলোচনা কৰা হ’ব।
CEREBROVASULAR DIEASE (CVA) হ’ল মগজুৰ তেজ প্ৰৱাহৰ লগত জড়িত। আমি সততে জনা পক্ষাঘাত ৰোগ CVA ভাগতে পৰে। ইয়াৰ কাৰণ হৃদযন্ত্ৰৰ ৰোগৰ সৈতে একে। তেজত গ্লুকজৰ পৰিমাণ বঢ়াৰ ফলস্বৰূপে ধমনীৰ ভিতৰত চর্বীজাতীয় পদার্থ জমা হৈ তেজৰ চলাচল ব্যাহত কৰে। আচলতে CAD আৰু CVA এই সকলোকে একেলগে ASCVD (ATHEROSCLEROTIC CARDIOVASCULAR DISEASE) বুলি কোৱা হয়, কাৰণ তেজ পৰিবাহী ধমনীত চর্বীৰ তৰপ পৰি তেজ চলাচলৰ বাটবোৰ সৰু হৈ যোৱাই হ’ল ইহঁতৰ মূল কাৰণ। মগজুত তেজৰ চলাচল ব্যাহত হৈ STROKE বা পক্ষাঘাত হোৱাৰ সম্ভাৱনা ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত সদায় বেছি হয়।
ৰোগীৰ কৰণীয়সমূহ হ’ল তলত দিয়া ধৰণৰ। এয়া হৃদযন্ত্ৰৰ ৰোগৰ ক্ষেত্ৰতো একে :
(১) ৰক্তচাপক নিয়ন্ত্ৰণত ৰখা।
(২) নিমখ কমকৈ খোৱা (২৩০০ মি.গ্ৰা.ৰ তলত এদিনত)।
(৩) উচ্চ চর্বীযুক্ত খাদ্য এৰাই চলা।
(৪) শাক-পাচলি আৰু ফল-মূল সৰহকৈ খোৱা (অৱশ্যে কেলৰিৰ পৰিমাণৰ ওপৰত নজৰ ৰাখিব লাগিব, কাৰণ কিছু পাচলি আৰু ফল-মূলত কেলৰি বেছিকৈ থাকে)।
(৫) অন্ততঃ ৩০ মিনিট সময় ব্যায়াম কৰা।
(৬) ওজন নিয়মীয়া কৰি ৰখা।
(৭) এলকহল ব্যৱহাৰ কৰাসকলে সীমিত পৰিমাণত নির্দিষ্ট মাত্ৰাৰ ভিতৰত কৰা।
(৮) ধূমপান একেবাৰে পৰিহাৰ কৰা।
(৯) ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা যদি শৰীৰৰ কোনো অংশ লৰচৰ নকৰা যেন বা দুৰ্বল হয়, মুখৰ কোনো অংশত জিনজিনোৱা যেন লাগে, কথা কওঁতে অসুবিধা বা কথাবোৰ ফুটি নুঠা যেন লাগে, মূৰৰ বিষ আৰু বমি হয়, খোজ কাঢ়োতে ঢলং-পলং কৰে, চকুৰে দেখাত অসুবিধা পায় ইত্যাদি।
পশ্চিমত BEAUMONT হস্পিতালত পক্ষাঘাত বা STROKE-ৰ লক্ষণসমূহ FASTER বুলি এটা শব্দত ব্যৱহাৰ কৰা হয়। তাৰ অৰ্থ এনেধৰণৰ:
‘F’ মানে ইংৰাজীত FACE, তাৰ মানে মুখখন এফালে বেঁকা হৈ যোৱা বা অঁকৰা হোৱা যেন লগা।
‘A’ মানে ইংৰাজীত ARMS, তাৰ মানে এখন হাত আনখনতকৈ দুর্বল যেন লগা।
‘S’ মানে STABILITY, মানে ভৰিত থিয় দি থাকিব নোৱাৰা বা পৰি যোৱা।
“T” মানে TALKING, তাৰ অৰ্থ কথা কওঁতে অসুবিধা হোৱা বা ফুটি নুঠা।
‘E’ ৰ অৰ্থ EYES, চকুৰে দেখাত অসুবিধা হোৱা, একেটা বস্তুকে দুটাকৈ দেখা, নেদেখা হোৱা।
‘R’ ৰ দ্বাৰা REACT-ক বুজোৱা হয়, অৰ্থ হ’ল এনে লক্ষণ হোৱা মাত্ৰকে চিকিৎসকৰ কাষ চপা। ৰোগীসকলে সেয়ে এই FASTER শব্দটোৰ বিষয়ে জনাটো দৰকাৰ যাতে লক্ষণসমূহ নিজে চিনাক্ত কৰিব পাৰে।
Peripheral Artery Disease (PAD) হ’ল আন এটা MACROVASCULAR COMPLICATION। ই আচলতে আগতে উল্লেখিত ASCVD-ৰ এটা অংশ। ভৰিৰ তলৰ ফালে থকা ৰক্তপ্ৰৱাহৰ নলীবোৰ সাধাৰণতে চর্বীৰ PLAQUE জমা হৈ সৰু হৈ যায় যদিও ই সমগ্ৰ ভৰি দুটাৰ ধমনীবোৰকে সামৰি ল’ব পাৰে। তেজৰ প্ৰৱাহ ভালকৈ নোহোৱাৰ ফলত ভৰি দুখন চেঁচা হৈ যায়, ছালৰ ৰং ক’লা পৰে আৰু বিষ অনুভৱ হয়। বিষ সাধাৰণতে ভৰিৰ কলাফুলত হয় যদিও আৰু ওপৰলৈ ককালৰ ফালেও অনুভৱ হ’ব পাৰে। এই বিষ খোজ কাঢ়িলে ধৰে, ৰৈ দিলে নাইকিয়া হৈ যায় আৰু আকৌ পুনৰ খোজ কাঢ়িলে বিষায়। এই ধৰণৰ বিষক INTERMITTENT CLAUDICATION বুলি কোৱা হয়। এনে হ’লে চিকিৎসকক বর্ণনা দিওঁতে তেওঁলোকে ৰোগ ধৰা পেলাব পাৰে। চিগাৰেট খোৱা লোকৰ এনে ৰোগ বেছিকৈ হয় আৰু PAD হোৱা লোকে ধূমপান সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগে। গ্লুকজৰ মাত্ৰা আৰু ৰক্তচাপক নিয়মিত কৰি ৰখা, কলেষ্টৰলৰ মাত্ৰা কম কৰা, ধূমপান নকৰা আদিৰে PAD-ক দূৰত ৰাখিব পাৰি। এই ৰোগ থকা লোকৰ ভৰিত ঘা হ’ব পাৰে (DIABETIC FOOT ULCER), সেয়ে ভৰিৰ যত্ন আগত কৈ অহাৰ দৰে ল’ব লাগে।
MICROVASCULAR আৰু MACROVASCULAR এইখিনিৰ বিষয়ে কোৱাৰ পাছত আৰু দুটা জটিলতাৰ কথা উল্লেখ কৰা ভাল হ’ব। ডায়েবেটিছ ৰোগীৰ অস্থি আৰু সন্ধিসমূহত কিছু বিসংগতি দেখা দিয়ে। প্রায়ে হোৱা দেখা যায় কান্ধৰ বিষ, হাতখন পাছলৈ বা বাহিৰৰ ফালে ঘূৰালে জঠৰতা আৰু বিষ হয়, ইয়াৰ নাম হ’ল FROZEN SHOULDER। ইয়াৰ উপশমৰ বাবে ফিজিঅ’থেৰাপী, বিষ পাতলোৱা দৰৱ আৰু কেতিয়াবা Steroid বেজীৰ প্ৰয়োজন হয়। FROZEN SHOULDER থকা ৰোগীসকলে ধৈৰ্য ধৰিব লাগে কাৰণ এই বিষ ভাল হওঁতে মাহ পর্যন্ত লাগিব পাৰে। এনেধৰণৰে আৰু এটা অসুখ হ’ল Trigger finger। হাতৰ যিকোনো আঙুলি সাধাৰণতে অনামিকা আঙুলিটো ভাঁজ লাগি যায় আৰু কিছু বল দি চিধা কৰিবলৈ চেষ্টা কৰিলে হঠাৎ খোল খাই যায়। ইয়াৰ নিৰ্দিষ্ট ভাঁজৰ কাৰণে ইয়াক Trigger finger (বন্দুকৰ ট্রিগাৰৰ দৰে খোলা বন্ধ হোৱা বাবে) বুলি কোৱা হয়। অস্থিৰোগৰ বিশেষজ্ঞৰ ওচৰত ইয়াৰ চিকিৎসা কৰাব লাগে। গ্লুকজৰ মাত্ৰা অধিক হৈ থাকিলে এনে Trigger finger হয়।
লিভাৰৰ সুস্থতাও ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত প্ৰভাৱিত হয়। সাধাৰণ লোকতকৈ এনে ৰোগীৰ লিভাৰত চৰ্বী বহু বেছি পৰিমাণে জমা হয়। সকলো লোকৰে লিভাৰত কম-বেছি পৰিমাণে চর্বী থাকে, কিন্তু ইয়াৰ পৰিমাণ ৫-১০% তকৈ বেছি হ’লে তাক Fatty Liver বুলি কোৱা হয়। যিসকলে অত্যাধিকভাৱে এলকহল ব্যৱহাৰ কৰে তেওঁলোকৰ লিভাৰত যথেষ্ট ফেট বা চর্বী জমা হয়। ইয়াক ব্যৱহাৰ নকৰা লোকৰ Fatty Liver হ’লে তাক NAFLD (NON ALCOHOLIC FAITY LIVER DISEASE) বুলি কোৱা হয়। NAFLD-ত লিভাৰত চৰ্বী জমা হোৱা স্বত্বেও ই সিমান অনিষ্ট সাধন নকৰে। কিন্তু এই চৰ্বীয়ে যদি লিভাৰৰ কোষসমূহ ধ্বংস কৰিবলৈ লয় তেন্তে তাক কোৱা হয় NASH (NON ALCOHOLIC STEATO HEPATITIS)। এই NASH আৰু আগুৱাই গৈ লিভাৰৰ CIRRHOSIS হ’ব পাৰে। সকলোৱে জানে যে CIRRHOSIS এক অতি গুৰুতৰ ৰোগ য’ত ৰোগীৰ পেটত পানী জমা হয় আৰু হাত-ভৰি ফুলি যায়। যিসকল ডায়েবেটিছ ৰোগীয়ে অত্যাধিক মদ্যপান কৰে তেওঁলোকে এয়া পৰিহাৰ কৰা উচিত, কাৰণ এলকহল নিজেই Fatty Liver আৰু LIVER CIRRHOSIS-ৰ কাৰণ আৰু ডায়েবেটিছৰ লগত লগ লাগি ই লিভাৰত আৰু আঘাত হানে। Fatty Liver থকা ডায়েবেটিছ ৰোগীসকলৰ সচৰাচৰ আচৰণত মেদ বহুলতা থাকে আৰু ইনচুলিনৰ প্ৰতি প্ৰতিৰোধো (Insulin Resistance) তাৰ সংগী হয়।
NAFLD আৰু NASH মহিলাসকলৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। আনহাতে Hepatocellular CANCER হ’ল লিভাৰৰৰ কেন্সাৰ। যদিও ই কম সংখ্যক লোকৰ হয় তথাপিও ডায়েবেটিছ ৰোগীৰ যাৰ Fatty LIVER আছে, তেওঁলোকৰ সাধাৰণ লোকতকৈ এই ৰোগ হোৱাৰ বেছি সম্ভাৱনা থাকে (প্রায় দুই-তিনি গুণ বেছি)। সেয়ে ৰোগীসকলৰ কৰণীয় হ’ল মেদবহুলতা কমাই ওজনক নিয়ন্ত্ৰণ কৰি ৰখা, তেজত গ্লুকজ আৰু কলেষ্টৰলক উচিত মাত্রাক ৰাখিবলৈ নিয়মীয়া ব্যায়ামাদি কৰা, অধ্যাধিক তেল বা মছলা পৰিহাৰ কৰা আৰু চিকিৎসকৰ পৰামৰ্শ মতে চলা। লিভাৰৰ সুস্থতাৰ বাবে চিকিৎসকে দিয়া LIVER FUNCTION TEST (LFT), আলট্রাচাউণ্ড (Ultrasound), ফাইব্রস্কেন (Fibroscan) ইত্যাদি পৰীক্ষাসমূহ কৰিবলৈ কেতিয়াও পলম কৰিব নেলাগে।
ডায়েবেটিছে শৰীৰৰ প্ৰায়বোৰ অংশতে নিজৰ প্ৰভাৱ পেলায়। ছালখনো তাৰ ব্যতিক্ৰম নহয়। ছালৰ এই ৰোগে বিভিন্ন ৰূপ লয়। ৰোগীৰ ভৰি দুখনৰ আঠুৰ তলৰ ফালে ক’লা ঘূৰণীয়া কিছুমান দাগ প্রায়ে দেখা যায়। এইবোৰক SHIN SPOT বুলি কোৱা হয়। ইয়াৰ উপৰিও কেতিয়াবা ঢৌ ফুটা যেন হয়। ইহঁতক DIABETIC BULLAE বুলি কোৱা হয়। এই ঢৌবোৰ ফুটি নুশুকোৱা ঘাৰ সৃষ্টি হ’ব পাৰে। হাতৰ আঙুলিৰ চাৰিও কাষে থকা ছালবোৰ ডাঠ হৈ যোৱাও দেখা যায়, তেতিয়া আঙুলিবোৰ অলপ বেঁকা হৈ পৰে। হাত দুখন নমস্কাৰৰ ভংগীত একেলগ কৰিলে আঙুলিৰ মাজত ফাঁক থাকি যায় (সাধাৰণতে হাত দুখন নমস্কাৰ কৰাৰ দৰে লগ লগালে অকণো ফাঁক নেথাকে)। ইয়াক PRAYER SIGN বুলি কোৱা হয়৷ তদুপৰি ছালত খৰ-খজুতি আৰু এলাৰ্জী প্ৰায়ে হৈ থাকে আৰু ঔষধ ব্যৱহাৰ কৰিলেও এইবোৰ ভাল নহয় বা ভাল হোৱাৰ পাছতো পুনৰ হৈ থাকে। গ্লুকজৰ নিয়ন্ত্রণেই ইয়াৰ পৰা উপশমৰ উপায়।