নিবন্ধবিজ্ঞান-প্ৰযুক্তি

ডায়েবেটিছ ৰোগৰ হাতপুথি (পঞ্চম অংশ) (ডা: কুঞ্জন শইকীয়া)

(প্ৰথম অংশটি পঢ়িবলৈ ইয়াতে টিপক, দ্বিতীয় অংশটোৰ বাবে ইয়াতে টিপক, তৃতীয় অংশটি পঢ়িবলৈ ইয়াতে টিপক, চতুৰ্থ  অংশটি পঢ়িবলৈ ইয়াতে টিপক) 

ডায়েবেটিছৰ চিকিৎসাৰ বিষয়ে ৰোগীয়ে জানিবলগীয়া কথা

ডায়েবেটিছ ৰোগ সমগ্ৰ জীৱনজুৰি থাকে আৰু বেছিভাগ ক্ষেত্ৰত ভিতৰি ভিতৰি লাহে লাহে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগবোৰত প্ৰভাৱ পেলায়। ইয়াৰ পৰা হোৱা অপকাৰসমূহ কেতিয়াও এদিনতে দেখা নেযায়, বাঢ়ি থকা গ্লুকজে ক্রমাগতভাৱে কঢ়িয়াই অনা জটিলতাবোৰ লাহে লাহে দেখা দিয়ে আৰু গম পোৱালৈ সাধাৰণতে বহু পলম হৈ যায়। মানৱ শৰীৰৰ ভিতৰৰ তেজ পৰিবাহী ধমনীসমূহৰ গাত থকা ENDOTHELIAL কোষসমূহে গ্লুকজৰ আধিক্যক সহ্য নকৰে আৰু সেয়ে চিকিৎসা কৰাৰ উদ্দেশ্যই হ’ল গ্লুকজৰ মাত্ৰাক নিয়মীয়া কৰা। চিকিৎসকে ৰোগীক চিকিৎসা কৰোতে তলত দিয়া মাত্ৰাসমূহত গ্লুকজক ৰখাৰ চেষ্টা কৰে।
ক) খালী পেটৰ (FASTING PLASMA GLUCOSE) ছুগাৰ ৮০-১৩০ মি.গ্ৰা./ডেলি.।
খ) খোৱাৰ ২ ঘণ্টাৰ পাছৰ ছুগাৰ ১৮০ মি.গ্ৰা./ডে.লি.ৰ ভিতৰত।
গ) তিনিমাহৰ গ্লুকজ মাত্ৰাৰ গড় হিচাপে দিয়া HbA1c < ৭% ৰ তলত।

কিন্তু ডায়েবেটিছৰ নিয়ন্ত্ৰণৰ এই লক্ষ্যসমূহ ৰোগীভেদে বেলেগ বেলেগ হ’ব পাৰে। কোনজন ৰোগীৰ গ্লুকজৰ মাত্ৰা কিমানৰ ভিতৰত থাকিলে ভাল হ’ব তাক চিকিৎসকে সিদ্ধান্ত কৰে। ডায়েবেটিছ নতুনকৈ ধৰা পৰিছে নে বহুদিনৰ পুৰণা ৰোগ, ৰোগীৰ বয়স কিমান, লগত বৃক্ক বা হৃদৰোগৰ আৰু অন্যান্য জটিলতা আছে নেকি—এই সকলোধৰণৰ কথা চালি জাৰি চাইহে চিকিৎসকে এটা সিদ্ধান্তত উপনীত হয়। একেবাৰে নতুনকৈ হোৱা ডায়েবেটিছ, ডেকা বয়স, আন সকলো ফালৰপৰা সুস্থ লোকক চিকিৎসা কৰোঁতে গ্লুকজৰ মাত্ৰাক বেছি তললৈ, আদর্শ মাত্ৰাৰ ওচৰলৈ ৰাখিবলৈ চেষ্টা কৰা হয়। ৰোগ ধৰা পৰাৰ পাছতে যদি সোনকালে আৰু খুউব ভালকৈ নিয়ন্ত্ৰণ কৰা হয় তেন্তে তাৰ সুপ্ৰভাৱ পাছলৈ থাকি যায় আৰু জটিলতাসমূহ বহু পৰিমাণে কমকৈ দেখা দিয়ে। ইয়াক চিকিৎসা শাস্ত্ৰত LEGACY EFFECT বুলিও কোৱা হয়। আনহাতে বহুদিনৰ পৰা ডায়েবেটিছ ৰোগত ভোগী থকা আৰু বৃক্ক, হৃদযন্ত্র, চকু, স্নায়ু আদিৰ জটিলতা লৈ ফুৰা ৰোগীক গ্লুকজৰ মাত্ৰা নিয়ন্ত্ৰণ কৰোতে অলপ সাৱধানতা লোৱা হয় যাতে গ্লুকজৰ মাত্ৰা নিয়মীয়াৰ অলপ ওপৰৰ ফালে থাকে। উদাহৰণস্বৰূপে FPG ১৩০-ৰ আশে-পাশে, PPG ১৮০-ৰ আৰু HbA1c ৮%-ৰ ওচৰত। ইয়াৰ কাৰণ এয়ে যে এনে ৰোগীক খুউব বেছিকৈ নিয়ন্ত্ৰণ কৰিলে হিতে বিপৰীত হয় আৰু তেওঁলোক হৃদৰোগ, পক্ষাঘাত আদি ৰোগত সোনকালে আক্ৰান্ত হৈ মৃত্যুৰ হাৰ বাঢ়ি যায়। একবিংশ শতিকাৰ প্ৰথম দশকত কৰা তিনিটা বৃহৎ গৱেষণা ACCORD, ADVANCE আৰু VAT-ৰ ফলাফলৰ পৰা চিকিৎসকসকলে এনে সিদ্ধান্তত উপনীত হৈছে। গতিকে মধুমেহৰ চিকিৎসা ইংৰাজীত ক’বলৈ গ’লে INDIVIDUALISED হয়, তাৰ মানে ব্যক্তিবিশেষে চিকিৎসাৰ লক্ষ্য আৰু প্ৰণালী বেলেগ বেলেগ হয়। ৰোগীসকলে এই কথাও জনা অতি দৰকাৰী যে একোজন ৰোগীৰ চিকিৎসাৰ প্ৰণালী আৰু ঔষধ সময়ৰ লগে লগে সলনি হ’ব কাৰণ এই ৰোগ একে ঠাইতে ৰৈ নেথাকে, ই আগ বাঢ়ি যায় যাক কোৱা হয় PROGRESSIVE DISEASE বুলি।
চিকিৎসাত দুই ধৰণৰ ঔষধ ব্যৱহাৰ হয়—টেবলেট যাক গিলি খোৱা হয় (দুই এবিধ আছে যাক জিভাত ৰাখি থলে বা মুখৰ ভিতৰত থলে গলি যায়, MOUTH DISSOVING TABLET বুলি কয়) আৰু বেজীৰ দৰে লোৱা ইনচুলিন। ডায়েবেটিছ ৰোগৰ টেবলেটবিলাকক OAD (ORAL ANTI-DIABETIC DRUGS) বুলি নামকৰণ কৰা হয়। OAD কেইবাশ্ৰেণীৰো থাকে, সেইবিলাকৰ সবিশেষ আলোচনা চিকিৎসা শাস্ত্ৰৰ অন্তৰ্গত আৰু ইয়াত কেৱল সেইবিলাকৰ শ্ৰেণীসমূহ উল্লেখ কৰা হৈছে যাতে ৰোগীসকলে ইয়াৰ বিষয়ে ধাৰণা এটা ল’ব পাৰে। তলত তালিকা এখন দিয়া হ’ল।

এই শ্ৰেণীসমূহৰ ভিতৰতে ৰোগীৰ ৰোগৰ বিভিন্ন দিশ আৰু পৰ্যায় চাই চিকিৎসকে ঔষধসমূহ দিয়ে।
আৰম্ভণিতে ৰোগীসকলক ঔষধৰে (OAD) চিকিৎসা প্রদান কৰা হয়। ইনচুলিন হ’ল বেজীৰ ৰূপত লোৱা চিকিৎসা। ৰোগীয়ে সাধাৰণতে ইনচুলিন ল’বলৈ ভাল নেপায়। সৰহ সংখ্যক ৰোগীয়ে ইনচুলিন ল’বলৈ ভয় কৰে আৰু ৰোগৰ শেষ অৱস্থা পালেহি বুলি ভয় খায়। এই সন্দেহসমূহ একেবাৰে অমূলক। ইনচুলিনৰ বিষয়ে কিছু কথা তলত দিয়া হ’ল।
(ক) ইনচুলিনৰ গ্লুকজৰ মাত্ৰা নিয়মীয়া কৰিব পৰা ক্ষমতা বেছি আৰু OAD-সমূহে বিফল হ’লেও ইনচুলিনেই ত্রাণকৰ্তাৰ স্থান লয়।
(খ) ইনচুলিনৰ গ্ৰহণে শৰীৰত কোনো ক্ষতি নকৰে। মানৱ শৰীৰৰ ভিতৰত ইনচুলিন থাকেই সুস্থ অৱস্থাত, ইয়াত কেৱল সেই অভ্যন্তৰৰ ইনচুলিন নোহোৱা হোৱাত বা কমি যোৱাত বাহিৰৰ পৰা ৰাসায়নিকভাৱে তৈয়াৰ কৰি বেজীৰে দিয়া হয়।
(গ) ৰোগীৰ অৱস্থা আৰু পৰ্যায় হিচাপে চিকিৎসকে ইনচুলিন দিয়াৰ সিদ্ধান্ত লয়। কোনো ক্ষেত্ৰত ইনচুলিনৰ প্ৰয়োজন এশ শতাংশ যেনে TYPE 1 ডায়েবেটিছ বা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত হোৱা GDM। আনহাতে TYPE 2 ডায়েবেটিছত কেতিয়াবা ইনচুলিন সোনকালেও দিয়া হয় (EARLY INSULIN THERAPY)। সাধাৰণতে মুখেৰে খোৱা ঔষধসমূহ এটা নিৰ্দিষ্ট মাত্ৰালৈ প্ৰয়োগৰ পাছত গ্লুকজ নিয়মীয়া নহ’লে ইনচুলিন আৰম্ভ কৰা হয়। সেয়ে ইনচুলিন ল’বলগীয়া হোৱা মানে নিৰাশ হৈ পৰাৰ কোনো কাৰণ নাই।
(ঘ) হস্পিতালত ভৰ্তি হোৱা ৰোগীক OAD-ৰ সলনি সাধাৰণতে ইনচুলিন দিয়া হয়। ইনচুলিনৰ উপস্থিতিয়ে গ্লুকজৰ মাত্ৰাৰ অতি সোনকালে নিয়মীয়া কৰাত সহায়ক হয় আৰু ৰোগীয়ে আন ৰোগসমূহৰ পৰা সোনকালে আৰোগ্য লাভ কৰে। একেদৰে যিসকল ৰোগীৰ অস্ত্ৰোপ্ৰচাৰ হ’ব লগা থাকে যেনে গল ব্লাডাৰ বা এপেনডিক্স আদিৰ তেওঁলোককো ভৰ্তি কৰি ইনচুলিনৰ প্ৰয়োগ কৰি গ্লুকজৰ মাত্ৰা নিয়মীয়া কৰাৰ পাছতহে চিকিৎসকে অস্ত্ৰোপ্ৰচাৰ কৰে। অস্ত্ৰোপ্ৰচাৰ সম্পূৰ্ণ হোৱাৰ পাছত প্ৰায় ৫ দিনৰ পৰা ৭ দিনমান ইনচুলিন দি থকা হয় যাতে শৰীৰৰ ভিতৰৰ ক্ষতসমূহ আৰু অস্ত্ৰোপ্ৰচাৰৰ চিলাই আদি সম্পূর্ণৰূপে শুকাই যায়। শৰীৰৰ যিকোনো ঘা থাকিলে বা DIABETIC FOOT ULCER থাকিলে ইনচুলিন লোৱা অত্যন্ত প্রয়োজন কাৰণ ইনচুলিনৰ ক্ষত বা ঘা শুকুৱাৰ গুণ থাকে।
(ঙ) পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গ’লে যেনেকৈ পানী খোৱাৰ পাছত শৰীৰে আৰাম পায়, ঠিক তেনেদৰে ইনচুলিন ল’লেও গ্লুকজৰ অত্যাচাৰত জৰ্জৰিত ৰোগীৰ শৰীৰে সুস্থতা আৰু প্ৰফুল্লতা অনুভৱ কৰে। ইনচুলিনৰ উপস্থিতিয়ে শৰীৰত তেজৰ গ্লুকজ কমাই দিয়ে আৰু দেহৰ অংগ- প্ৰত্যংগই গ্লুকজৰ যি অপকাৰী প্ৰভাৱ (TOXIC EFFECT) তাৰ পৰা ৰেহাই পায়। যিসকল ৰোগীৰ উচ্চ মাত্ৰাত গ্লুকজৰ উপস্থিতিৰ ফলত ওজন কমি দেহ শুকাই গৈছে, শৰীৰৰ সকলো সজীৱতা লোপ পাইছে তেওঁলোকে ইনচুলিন ল’লে ইয়াৰ নাটকীয় পৰিৱৰ্তন দেখা পায়। ৰোগীসকলে প্ৰায়ে এই কথা কয় যে ইনচুলিন আৰম্ভ কৰাৰ পাছত গা আগতকৈ বহুত ভাল হৈছে আৰু শৰীৰলৈ নতুন শক্তি অহা যেন হৈছে।
(চ) কেতিয়াবা ইনচুলিন আৰম্ভ কৰাৰ পাছত গ্লুকজ ইমান সুন্দৰকৈ নিয়ন্ত্ৰণ হৈ যায় যে ক্ৰমাগতভাৱে ইনচুলিনৰ পৰিমাণ কম কৰি বন্ধ কৰিও দিব পৰা যায়। গতিকে ইনচুলিন ল’লে যে তাক লৈয়েই থাকিব লাগিব এই কথাও সম্পূর্ণ সত্য নহয়। নতুনকৈ মধুমেহ হোৱা ৰোগীয়ে প্ৰথম অৱস্থাতে কিছুদিন ইনচুলিন ল’লে পিছত ইনচুলিন বন্ধ হোৱাৰ উপৰিও অতি ন্যূনতম ঔষধ (OAD) প্রয়োগেৰে শৰীৰো সুন্দৰকৈ নিয়ন্ত্ৰণ হৈ থকা দেখা যায়।
ইনচুলিনৰ বিভিন্ন প্ৰকাৰ আৰু তাৰ প্ৰয়োগৰ বিষয়ে বিশদ আলোচনা চিকিৎসা শাস্ত্ৰৰ অন্তৰ্গত। ইয়াত পুনৰ আগৰ OAD-ৰ দৰে ইনচুলিনৰো এখন তালিকা দিয়া হৈছে, ৰোগীৰ ইনচুলিনৰ সৈতে চিনাকিৰ বাবে।

ৰোগৰ ওপৰত নিৰ্ভৰ কৰি ইনচুলিন এবাৰৰ পৰা চাৰিবাৰলৈকে গোটেই দিনটোত দিয়া হয়। কেইবাৰ ইনচুলিন দিব সেই কথা চিকিৎসকে ৰোগীজনক পৰীক্ষা কৰি সকলো দিশ চাই সিদ্ধান্ত লয়। আহাৰ খোৱাৰ কিমান সময় আগতে ইনচুলিন ল’ব তাৰ বিষয়ে ৰোগীৰ প্ৰায় এটা অস্পষ্ট ধাৰণা থাকে। বিভিন্ন প্ৰকাৰৰ ইনচুলিনৰ দেহত গ্লুকজৰ মাত্ৰা কমোৱা কাম আৰম্ভ কৰাৰ আৰু শৰীৰৰ ভিতৰত অৱস্থিতিৰ সময় বেলেগ বেলেগ হয়। এই তলত দিয়া বৰ্ণনাৰ পৰা এই কথা স্পষ্ট হ’ব।
(ক) RAPID ACTING ইনচুলিনে ৫-ৰ পৰা ১৫ মিনিটৰ ভিতৰতে (ইনচুলিন লোৱাৰ পাছত) কাম কৰা আৰম্ভ কৰে আৰু ইহঁত শৰীৰত ৩ ঘণ্টাৰ পৰা ৪ ঘণ্টা থাকে। সেয়ে এই শ্ৰেণীৰ ইনচুলিন লোৱাৰ পাছৰ ৫-ৰ পৰা ১৫ মিনিট পাছত আহাৰ গ্ৰহণ কৰিব পাৰে।
(খ) SHORT ACTING ইনচুলিনে ৩০ মিনিটৰ ভিতৰত কাম কৰা আৰম্ভ কৰে আৰু এনে ইনচুলিন লোৱা ১৫-ৰ পৰা ৩০ মিনিটৰ ভিতৰত আহাৰ গ্ৰহণ কৰিব।
(গ) LONG ACTING INSULIN-ৰ আহাৰৰ সময়ৰ লগত সম্পৰ্ক নেথাকে আৰু এটা নির্দিষ্ট সময়ত ইয়াক লোৱা হয়।
(ঘ) PREMIX INSULIN-ৰ ভিতৰত REGULAR & NPH-এ (30/70 আৰু 50/50) ৩০ মিনিটৰ ভিতৰত কাম কৰে আৰু ১৫-ৰ পৰা ৩০ মিনিটৰ পাছত আহাৰ গ্ৰহণ কৰিব পাৰে। আনহাতে LISPRO আৰু ASPART-ৰ Premix শ্ৰেণীৰ ইনচুলিন লোৱাৰ ৫-ৰ পৰা ১৫ মিনিটৰ পাছত আহাৰ খাব পাৰে।
(ঙ) এক নতুন শ্রেণীৰ ইনচুলিন FAST ACTING ASPART (FIASP) অতি সোনকালে তেজত প্ৰৱেশ কৰে আৰু সেয়ে এই ইনচুলিন লোৱাৰ লগে লগে খাব পাৰি।
OAD (ORAL ANTI-DIABETIC DRUG) আৰু খাদ্য গ্ৰহণৰ সময়
GLIMEPERIDE : আহাৰৰ সৈতে খাব লাগে।
GLICLAZIDE : আহাৰৰ সৈতে খাব লাগে।
GLIPIZIDE : আহাৰৰ ৩০ মিনিট আগতে।
PIOGLITAZONE : আহাৰৰ লগত সম্বন্ধ নেথাকে।
REPAGLINIDE : আহাৰৰ ১৫-ৰ পৰা ৩০ মিনিট সময় আগতে।
ACARBOSE : আহাৰৰ আৰম্ভণিতে, প্ৰথম গৰাহ খাদ্যৰ লগতে।
DPP-IV INHIBITORS : আহাৰৰ সৈতে।
SGLT-R INHIBITORS : আহাৰৰ সৈতে।
ডায়েবেটিছৰ এবিধ টেবলেটত কেতিয়াবা দুটা বা তিনিটালৈকে বেলেগ বেলেগ শ্ৰেণীৰ ঔষধ মিহলি হৈ থাকে। গতিকে খাদ্যৰ লগত সময়ৰ হিচাপ বেলেগ হ’বও পাৰে। যিকোনো ঔষধ গ্রহণৰ সময় চিকিৎসকৰ নিৰ্দেশ মতেহে হ’ব লাগে। ৰোগীসকলে যাতে এই বিষয়ত সম্পূৰ্ণৰূপে চিকিৎসকৰ পৰামৰ্শ মতে চলে। খাদ্যৰ আৰু ঔষধৰ সময় ইফাল সিফাল হ’লে বিপদ ঘটাৰ সম্ভাৱনা থাকে। ইনচুলিন প্রথম আৱিষ্কাৰ হোৱাৰ পাছত VIAL আৰু SYRINGE-ৰ দ্বাৰা দিয়া হৈছিল। এই VIAL আৰু SYRINGE এতিয়াও ব্যৱহাৰ কৰা হয়। ইয়াতকৈ উন্নত আৰু ল’বলৈ সুবিধা হ’ল কলমৰ দৰে আকৃতিৰ নতুন ইনচুলিন পেনসমূহ (INSULIN PEN)। তদুপৰি এই কলমবোৰৰ বেজীটো বেছি চুটি আৰু মিহি হয় (৫ মি.মি. আৰু ৪ মি.মি.)। আনহাতে পুৰণা পদ্ধতিৰ যি ইনচুলিন চিৰিঞ্জ সেইবোৰৰ বেজীটো অলপ মোটা আৰু দীঘল হয় (৬ মি.মি.)। অৱশ্যে ইনচুলিন কলমবোৰৰ দাম VIAL আৰু SYRINGE-ৰ তুলনাত বেছি হয়।
ৰোগীসকলৰ ইনচুলিনৰ বেজীৰ খোচৰ প্ৰতি ভয় আৰু শংকা থাকে। কিন্তু এই বেজীবোৰ ভালদৰে নিয়মমতে ল’লে আৰু সঘনাই সলনি কৰি থাকিলে অকণো নিবিষায়। ইনচুলিন লোৱাৰ পদ্ধতি শুদ্ধ হ’ব লাগে আৰু একে ঠাইতে ইনচুলিন নলৈ পদ্ধতিগতভাৱে লোৱা ঠাইবোৰ সলনি কৰিব লাগে। এই বিষয়ে চিকিৎসকে বা চিকিৎসকৰ সহকাৰীসকলে ইনচুলিন দিয়াৰ সময়ত সকলো কথা বুজাই দিয়ে আৰু লোৱাৰ পদ্ধতি প্ৰদৰ্শন কৰে। সময়ে সময়ে এই পদ্ধতিসমূহ সলনি হৈও থাকে। সেয়ে এই নিয়মসমূহ ৰোগীয়ে চিকিৎসক বা তেওঁৰ সহকাৰীসকলৰ পৰা ভালকৈ শিকি আয়ত্ত কৰি ল’ব লাগে।
ইনচুলিনৰ বাহিৰেও আজিকালি বেজী ৰূপে লোৱা নতুন ডায়েবেটিছৰ ঔষধ ওলাইছে। ইহঁত ইনচুলিন নহয় আৰু এই শ্রেণীক GLP-1 RECEPTOR AGONIST (GLP-1 RA) বুলি কোৱা হয়। EXENATIDE, DULAGLUTIDE, LIRAGLUTIDE, LIXISENATIDE আদি হ’ল ইয়াৰ উদাহৰণ। LIXISENATIDE দিনে এবাৰকৈ ল’ব পাৰি, EXENATIDE দিনে দুবাৰকৈ, LIRAGLUTIDE-ও দিনে এবাৰকৈ লোৱা হয়। DULAGLUTIDE আৰু ONCE WEEKLY EXENATIDE সপ্তাহত এবাৰকৈ লোৱাৰ সুবিধা আছে। এই শ্ৰেণীৰ ঔষধ হৃদৰোগৰ প্ৰতিৰোধৰ বাবে বিশেষভাৱে উপকাৰী বুলি দেখা গৈছে। তদুপৰি আটাইতকৈ ভাল কথা হৈছে যে যিসকল ডায়েবেটিছ ৰোগী অতি বেছিকৈ শকত আৰু এই অত্যাধিক ওজনেই যাৰ বাবে ডাঙৰ অন্তৰায় তেওঁলোকে এই শ্ৰেণীৰ বেজী ব্যৱহাৰৰ পৰা উপকৃত হ’ব পাৰে। ইহঁতৰ নিয়মীয়া ব্যৱহাৰ কৰিলে ভালেখিনি ওজন হ্রাস হ’ব পাৰে। এই শ্ৰেণীৰ বেজীৰ ব্যাপক ব্যৱহাৰৰ মুখ্য বাধা হ’ল ইহঁতৰ অত্যাধিক মূল্য। ভৱিষ্যতে দাম কমিলে আৰু সকলোৱে ব্যৱহাৰ কৰিব পৰা হ’লে ডায়েবেটিছ বেজীৰ চিকিৎসাত ই বৰ সহায়ক হ’ব।
ডায়েবেটিছ ৰোগৰ চিকিৎসাৰ সবাতোকৈ ডাঙৰ অন্তৰায় হ’ল মানুহৰ মনত ৰোগৰ বিষয়ে থকা ভুল ধাৰণা। বহু ৰোগীয়ে ডায়েবেটিছ ৰোগৰ ঔষধ সদায়েই খাই থাকিব লাগিব নেকি বুলি প্ৰশ্ন কৰে। এই ৰোগ হ’ল জীৱনজোৰা ৰোগ আৰু ইয়াৰ চিকিৎসাও সেয়ে সদায়ৰ বাবে। প্রয়োজনীয় ঔষধ আৰু ইনচুলিন ল’বই লাগিব, কেৱল তেওঁলোকৰ পৰিমাণ আৰু প্ৰকাৰৰ ভিন্নতা আহিব পাৰে। আমাৰ সমাজত এই কথা বহুলভাৱে প্রচলিত যে ডায়েবেটিছ ৰোগৰ ঔষধসমূহ সদায় ব্যৱহাৰ কৰিলে শৰীৰৰ অভ্যন্তৰৰ লিভাৰ আৰু বৃক্ক আদি ধ্বংস হৈ যাব। কথাটো হ’ল আচলতে তাৰ বিপৰীতহে। ঔষধ গ্ৰহণ নকৰিলে বাঢ়িব শৰ্কৰাৰ মাত্ৰা আৰু সিহে এই সকলো জটিল অৱস্থাৰ সৃষ্টি দেহত কৰিব। যিকোনো ৰোগৰ ঔষধ বহু কষ্টকৰ, দীঘলীয়া বৈজ্ঞানিক প্ৰক্ৰিয়াৰ মাজেৰে উদ্ভাৱন আৰু তৈয়াৰ হয়৷ এবিধ ঔষধ উদ্ভাৱনৰ পাছত প্ৰথমতে জন্তুৰ শৰীৰত আৰু তাৰ পৰা পৰ্যায়ক্রমে মানৱ দেহত পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছতহে বজাৰত মুকলি কৰি দিয়া হয়। অতি কটকটীয়া ছিদ্রবিহীন প্রক্রিয়াৰ মাজেৰে পাৰ হোৱাৰ পাছতহে এবিধ ঔষধে ব্যৱহাৰৰ অনুমতি পায়৷ গতিকে ৰোগীসকলে নিজৰ বাবে জীৱনদায়িনী এই ঔষধবোৰৰ উপযুক্ত ব্যৱহাৰ চিকিৎসকৰ পৰামৰ্শমতে কৰি ডায়েবেটিছৰ পৰা হ’ব পৰা অপকাৰিতাৰ পৰা হাত সাৰি স্বাস্থ্যকৰ জীৱন লৈ জীয়াই থাকিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *