নিবন্ধবিজ্ঞান-প্ৰযুক্তি

ডায়েবেটিছ ৰোগীৰ খাদ্য: ভাত খাব নে ৰুটি খাব ।। ডা: কুঞ্জন শইকীয়া

(পূৰ্বৰ খণ্ডটিৰ বাবে ইয়াত টিপক)

এই প্রশ্ন সকলো ডায়েবেটিছ ৰোগীৰে মনত উদয় হয়। এখন সৰু ৬ ইঞ্চি জোখৰ ৰুটি আৰু ১/৩ কাপ ভাতৰ তুলনা কৰিলে দেখা যায় যে কাৰ্বহাইড্ৰেটৰ পৰিমাণ ভাতত থাকে ১৮ গ্রাম আৰু ৰুটিত থাকে ১৫ গ্রাম। প্ৰটিনৰ পৰিমাণ ৰুটিত অলপ বেছি ৩ গ্রাম আৰু ভাতৰ তুলনাত ৰুটিয়ে কমকৈ চুগাৰ বঢ়ায়। বগা ভাততকৈ ৰুটিৰ আঁহ আৰু ভিটামিনৰ পৰিমাণো বেছি। গতিকে এই দিশৰ পৰা চাবলৈ গ’লে ৰুটি অলপ বেছি উপকাৰী। আনহাতে ৰুটিতকৈ ভাত চোবাবলৈ বা হজম কৰিবলৈ সহজ। গতিকে দাঁতৰ দুৰ্বলতা থকা বা হজমশক্তি ভাল নথকা লোকৰ বাবে ভাত উপযোগী। আটাত Gluten নামৰ পদাৰ্থ থাকে যি Gluten Sensitive মানুহৰ বাবে সমস্যাৰ সৃষ্টি কৰে। কিন্তু ভাত Glutenৰ পৰা মুক্ত হোৱা বাবে এই ফালৰ পৰা নিৰাপদ।

ভাৰতৰ এখন বিখ্যাত জার্নেল হ’ল Indian Journal of Endocrinology Metabolism (IIEM) ইয়াৰ ২০২০ চনৰ মে-জুন মাহত প্রকাশিত হৈছিল এখন গুৰুত্বপূর্ণ গৱেষণা পত্র -“Glycemic Index of Wheat and Rice are Similar When Consumed as Part of a North Indian Mixed Meal” গৱেষকদ্বয় আছিল Shikha Nayak আৰু SV Madhu। এই প্ৰৱন্ধত এই কথা তেওঁলোকে আঙুলিয়াই দিছে যে আচলতে ৰুটি বা ভাত কাকো কেতিয়াও অকলে খোৱা নহয়। দাইল, শাক-পাচলি আদিৰ সৈতেহে গ্রহণ কৰা হয়। ইয়াকে Mixed Meal বুলিও কোৱা হয়। এনেদৰে Mixed Mealৰ অংশৰূপে খালে ৰুটি বা ভাতৰ G.I প্রায় একে হৈ পৰে। নিজৰ পৰম্পৰাগত খাদ্যাভাস কোনেও সলনি কৰিব নোৱাৰে। যুগ যুগ ধৰি অসমীয়া আৰু আন আন ভাতক প্রধান খাদ্য হিচাপে খোৱা জাতিসমূহে ইয়াকে খাই জীৱন নিৰ্বাহ কৰি আহিছে। গতিকে দেহৰ অভ্যন্তৰৰ পাকস্থলী, ক্ষুদ্রান্ত, বৃহদান্ত, মগজু সকলোতে অভ্যস্ত হৈ থকা ভাতক সলনি কৰি সম্পূৰ্ণৰূপে ৰুটি খোৱা সম্ভৱ নহয়। গতিকে ৰুটি খাব নোৱাৰিলেও পৰিমিত পৰিমাণৰ ভাত, শাক-পাচলি আদিৰ সৈতে খাই গ্লুক’জৰ মাত্ৰা সঠিক কৰি ৰাখিব পাৰি।

অসমীয়াৰ প্ৰিয় যি ভাত তাৰ GI মাত্রা কমোৱাৰ কিবা উপায় আছে নেকি? উত্তৰত ক’ব লাগিব যে তাৰ এটা ফলদায়ক পদ্ধতি হ’ল Resistant Starch তৈয়াৰ কৰা। ৰাতি সিজোৱা ভাত তিয়াই ৰাখি ৰাতিপুৱাই খোৱা অৰ্থাৎ পইতা ভাত ডায়েবেটিছ ৰোগীৰ বাবে ভাল বুলি কোৱা হয়। ভাত ঠাণ্ডাকৈ ৰাখিলে তাত থকা কাৰ্বহাইড্ৰেটৰ ৰাসায়নিক গাঁথনি সলনি হৈ Resistant Starchৰ ৰূপ লয়। এই খাদ্য ক্ষুদ্রান্তত সহজে হজম নহয় আৰু সেইবাবে তেজত গ্লুকজৰ পৰিমাণ খুউব লাহে লাহে বাঢ়ে। এনে ধৰণে তৈয়াৰ কৰিবলৈ গৰম ভাতক ফ্রিজত ৪°C ত ২৪ ঘণ্টাৰ বাবে ঠাণ্ডা হ’বলৈ দিয়া হয়। তাৰ পাছত তাক উলিয়াই পুনৰ গৰম কৰিলে ৰাসায়নিক পৰিৱৰ্তন হৈ Resistant Starch লৈ ৰূপান্তৰিত হয়। ৰোগীসকলে এই পদ্ধতি প্রয়োগ কৰি উপকৃত হ’ব পাৰে।

ভাত আৰু ৰুটিৰ পৰিৱৰ্তে মিলেটৰ ব্যৱহাৰ :

সদায়েই প্রধান খাদ্যৰূপে ব্যৱহৃত হৈ থকা দুবিধ খাদ্যৰ পৰিৱৰ্তে কম G.I. বিশিষ্ট কোনো খাদ্যক ব্যৱহাৰ কৰিব পাৰি নেকি তাৰ চিন্ত-চর্চা চলিয়েই আছে। এই বিষয়ৰ ওপৰত Frontiers in Nutritionৰ ২০২১ চনৰ ২৮ জুলাইৰ সংখ্যাত এটা সুন্দৰ গৱেষণা প্ৰকাশ পাইছিল। ইয়াত গৱেষকে ভাত আৰু ৰুটিৰ পৰিৱৰ্তে Millet (মিলেট) খাদ্য গোটৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। জোৱাৰ, বাজৰা আদি হ’ল ইয়াৰ উদাহৰণ। মিলেট খাদ্যৰ GI. বহু পৰিমাণে কম, তদুপৰি ই আঁহযুক্ত হোৱাৰ লগতে এণ্টিঅক্সিডেণ্ট আৰু ভিটামিনেৰে চহকী।

বেচন:

বেচনৰ G.I খুউব কম, মাত্র ১০, গতিকে ই ডায়েবেটিছ ৰোগীৰ বাবে এক ভাল খাদ্য হ’ব পাৰে। বেচনত ভিটামিন B1, B2 আৰু Pyridoxine থাকে। প্রটিন আৰু মেগনেছিয়াম ইয়াত পোৱা যায়। তদুপৰি বেচন হ’ল গ্লুটেনৰ পৰা মুক্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *