দুটি কবিতা ।। উৎপল বৰকটকী
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
টোপনি
নিৰুদ্দেশ হৈ আছিলোঁ
মোৰ শৰীৰটোৱে মোক বিচাৰি ফুৰিছিল
সময়ৰ চাৰণ-ভূমিত
দুহাত শূন্য
অনুস্তেজ দুটোপাল চকুত
স্তব্ধ— টোপনিৰ স্বৰ!
কুশলে থাকিবা
মেঘে বৰ্ষা হৈ মাটি সাবটি লোৱাৰ পাছতো
মই জানো তুমি উলটি নাহা৷
মই তিতি আছোঁ—
বৰষুণ আৰু অশ্ৰুৰ সাগৰত…
দুহাত সাবটি কবিতাৰ আখৰ কাটি
মই বাৰে বাৰে কৈছিলোঁ—
মই প্ৰেমিক,
মোৰ কবিতাবোৰ মিছা নহয়৷
কি বিড়ম্বনা,
কোনোৱে বিশ্বাস নকৰিলে৷
ক’তবাৰ ক’লোঁ—
মিছা কথা মই নিলিখোঁ কবিতাত…
সৰিলে সৰক চকুৰ নিয়ৰ ফুল,
গ’লে যাওক কথাবোৰ ইকাণ-সিকাণ বাগৰি…
কবিতাত মই মিছা কথা নিলিখোঁ।
যি বাটেদি মই খোজ দিছিলোঁ
সেই বাটতে ৰৈ
নিয়ৰ ফুলত হেৰোৱাই পেলাইছোঁ
কোমল দুভৰি৷
এতিয়া একো অনুগ্ৰহ নাই…
নকৰোঁ৷
কুশলে থাকিবা ৷

