অতিথি সম্পাদকৰ চ'ৰাঅষ্টম বছৰ প্ৰথম সংখ্যা

উৎপাদন বৃদ্ধিয়েই খাদ্য সুৰক্ষা নহয়-(অৰূপ শাণ্ডিল্য)

উন্নয়নমূলক কাম-কাজ, কৃষিভূমিৰ শ্ৰেণী পৰিবৰ্তন,লাভজনক নোহোৱা বাবে কৃষিকাৰ্য বাদ দিয়াকে ধৰি বিভিন্ন কাৰকৰ বাবে অসমৰ কৃষিভূমিৰ দ্ৰুত সংকোচন আৰম্ভ হৈছে।অৱশ্যে বৈজ্ঞানিক পদ্ধতিৰ অৱলম্বন, শস্য উৎপাদনক্ষম বীজৰ ব্যৱহাৰ আদিৰ বাবে বিভিন্ন কৃষিজাত সামগ্ৰীৰ উৎপাদন আগতকৈ বাঢ়িছে।কিন্তু অস্থিৰ বতৰ, জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ, কৃষিকাৰ্যত ব্যয় বৃদ্ধি, ভুল অৰ্থনৈতিক নীতি, চৰিত্ৰ সলনি হৈ হঠাতে ভয়াবহ ৰূপ ধৰণ কৰা বানপানী আদি কাৰকৰ পৰিপ্ৰেক্ষিতত কৃষি, পশুপালন আৰু আনুসংগিক বৃত্তিৰ সৈতে পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত অসমৰ ৭০ শতাংশ লোক সম্প্ৰতি সংকটৰ গৰাহত।আনহাতে অসমৰ মাত্ৰ  শতাংশ কৃষকেহে নূন্যতম সমৰ্থন মূল্যত উৎপাদিত ফচল বিক্ৰী কৰিবলৈ সক্ষম হয়।বাকী ৯৫ শতাংশৰ অধিকাংশই আধামূলীয়াকৈ বা তাতোকৈ কম মূল্যত বিক্ৰী কৰিবলৈ বাধ্য হৈ আহিছে।

ৰাজ্যৰ কৃষি বিভাগে উৎপাদনৰ অভিলেখ গঢ়াত গুৰুত্ব দিছে যদিও কৃষক পৰিয়ালৰ আয় বঢ়া নাই। ফলত কৃষিকাৰ্যকে বৃত্তি হিচাপে লোৱা সমাজৰ ৭০ শতাংশ লোক সামগ্ৰিকভাৱে খাদ্য সুৰক্ষা আৰু পৰিপুষ্টিৰ পৰা বঞ্চিত হৈ আহিছে।এন এছ এছ অ’ ৰ ২০১২-১৩ বৰ্ষৰ জৰীপ অনুসৰি, অসমৰ এটা কৃষক পৰিয়ালৰ মাহিলি গড় আয় মাত্ৰ ৬,৬৯৫ টকা।সৰ্বভাৰতীয় গড় ৬,৪২৬ (উৎসঃ Agricultural Statistics at a Glance 2016 ) সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত অসমৰ কৃষকৰ সামগ্ৰিক অৱস্থা আৰু আয়ৰ তথ্য যুগুতাবলৈ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰকৰণ আয়োগ(SITA) ৰ জড়িয়তে ব্যৱস্থা লোৱা হৈছিল।ছমাহৰ ভিতৰত এই কাম কৰা কথা আছিল যদিও কেবাবছৰ পাৰ হৈ যোৱাৰ পিছতো সেয়া হৈ নুঠিল।

অসমত প্ৰয়োজনতকৈ মাথো চাউলহে বেছিকৈ উৎপাদন হয়।অন্য খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত আমি আজিও আত্মনিৰ্ভৰশীল হ’ব পৰা নাই।উদ্বেগৰ কথা যে, চাউল উদ্বৃত্ত হোৱাৰ পিছতো অসমলৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত বিতৰণ কৰা চাউল আহে পঞ্জাৱ, হাৰিয়ানাৰ পৰা।অসমৰ কৃষকৰ চাউল ক্ৰয় কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীন হিতাধিকাৰীক দিয়াৰ ব্যৱস্থাৰে কৃষকৰ আয় বৃদ্ধিৰ পদক্ষেপ এই পৰ্যন্ত ৰাজ্য চৰকাৰে লোৱা নাই।কেৱল উৎপাদন বাঢ়িলেই নহ’ব,উৎপাদনকাৰীৰ আয় বঢ়াটোহে মূল কথা।কাৰণ বৰ্দ্ধিত আয়ৰ সৈতে জড়িত আছে, ক্ষুধা নিবাৰণ, খাদ্য সুৰক্ষা আৰু পৰিপুষ্টিৰ কথাও।‘‘ ২০২১ বৰ্ষত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ১৩.৭৮ লাখ মেট্ৰিক টন চাউল আৰু ৬৭,৫১৮ মেট্ৰিক টন আটা বিতৰণ কৰা হৈছিল” (উৎসঃ Statistical Handbook Assam, 2021, পৃঃ 352)

অসমত কৃষক পৰিয়ালৰ সংখ্যা ২০১৫-১৬ বৰ্ষৰ কৃষি জৰীপ মতে ২৭,৪১,৭২২টা । ইয়াৰে ৮৫ শতাংশ ক্ষুদ্ৰ আৰু উপান্ত কৃষক।এওঁলোকৰ গড় কৃষিভূমিৰ পৰিমাণ ০.৩৬ হেক্টৰ ( অসমৰ অৰ্থনৈতিক জৰীপ, ২০২১-২২, পৃঃ৬৫) জৰীপৰ তথ্যমতে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনলৈ ২০১১-১২ৰ স্থিৰ মূল্যৰ ভিত্তিত কৃষি আৰু অনুসংগিক খণ্ডৰ অৱদান আছিল ১৮.৪৮ শতাংশ।১০ বছৰ পূৰ্বে অৰ্থাৎ ২০১১-১২ বৰ্ষত আছিল, ১৯.৮৯ শতাংশ(পৃঃ ৪১)।প্ৰায় সত্তৰ শতাংশ লোক জড়িত থকাৰ পিছতো কৃষি আৰু অনুসংগিক খণ্ডৰ অৱদান বৃদ্ধিৰ পৰিবৰ্তে হ্ৰাস পাবলৈ ধৰিছে।২০২০-২১ বৰ্ষৰ অসমৰ অৰ্থনৈতিক জৰীপত উল্লেখ আছে,“ ভূমিস্খলন, গঢ়াখহনীয়াৰ উপৰি নগৰীকৰণ, উদ্যোগিকীকৰণ,ৰাস্তা-ঘাট নিৰ্মাণকে ধৰি অন্যান্য আন্তঃগাঁঠনিমূলক কামৰ বাবে কৃষিভূমিৰ পৰিবৰ্তন আদি কাৰকে ইয়াৰ বাবে জগৰীয়া।”(পৃ ৭৮)

অসমত ধানেই এতিয়াও প্ৰধান খেতি হিচাপে পৰিগণিত হৈ আছে। তাৰ ভিতৰত শালি ধানেই অধিক মাটিত কৰা হয়।২০১০-১১ বৰ্ষত অসমত মুঠ ২৫.৭০ লাখ হেক্টৰ মাটিত ধানখেতি কৰা হৈছিল।২০২০-২১ বৰ্ষত এই পৰিমাণ হ্ৰাস পাই হ’লহি ২৩.৬০ লাখ হেক্টৰ।মাহজাতীয় শস্যৰ খেতি কৰা মাটিৰ পৰিমাণ ২০১০-১১ বৰ্ষৰ ১.১৭ লাখ হেক্টৰৰ পৰা সামান্য বৃদ্ধি পাই দহবছৰ পিছত ১.৪২ লাখ হেক্টৰ, তৈলবীজৰ খেতি কৰা মাটিৰ পৰিমাণ ২.৬৪ লাখ হেক্টৰৰ পৰা বৃদ্ধি পাই ৩.৩০ লাখ হেক্টৰ হ’লহি। কিন্তু লক্ষণীয় কথাটো হ’ল, এই সময়ছোৱাৰ ভিতৰত মুঠতে খাদ্য শস্যৰ খেতি কৰা মাটিৰ পৰিমাণ ২৭.৬৬ লাখ হেক্টৰৰ পৰা হ্ৰাস পাই হ’লহি ২৫.৫৮ লাখ হেক্টৰ (তথ্যঃ কৃষি বিভাগ, অসম)।

অসমত চাউল উৎপাদনৰ পৰিসংখ্যালৈ চোৱা যাওক। ২০০৫-০৬ বৰ্ষত অসমত চাউল উৎপাদন হৈছিল ৩৫.৫২ লাখ মেট্ৰিক টন।২০২০-২১ ত হ’ল ৫২.১৩ লাখ মেট্ৰিক টন।মাহজাতীয় শস্যৰ পৰিমাণ, ৫৫,২৫০ মেট্ৰিক টনৰ পৰা বাঢ়ি ১৫ বছৰ পিছত হ’ল ১.০৮ লাখ মেট্ৰিকটন। এই সময়ছোৱাত তৈলবীজৰ উৎপাদন ১.০৯ লাখ মেট্ৰিক টনৰ পৰা বাঢ়ি ২০২০-২১ বৰ্ষত হ’লহি ১.৯৯ লাখ মেট্ৰিক টন ( উৎসঃঅসমৰ অৰ্থনৈতিক জৰীপ,২০১০-১১, ২০২১-২২, পৃঃ ক্ৰমে ৩৯, ৩৪১)।সুদীৰ্ঘ ১৫ বছৰত তৈলবীজ আৰু মাহজাতীয় শস্যৰ উৎপাদন উল্লেখনীয় বুলি ক’ব নোৱাৰি।

২০০২-০৩ বৰ্ষত অসমত ফল-মূল উৎপাদন হৈছিল ১২.৮২ লাখ মেট্ৰিক টন। ২০২০-২১ বৰ্ষত এই পৰিসংখ্যা ২৪.৮৮ লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে।আলুজাতীয় শস্যৰ উৎপাদন ২০০২-০৩ হৈছিল, ৬.৩১ লাখ টন। ২০২০-২১ ত হ’ল ১০.৮০ লাখ টন।এই সময়ছোৱাত পাচলিৰ উৎপাদন ২৮.৪৫ লাখ মেট্ৰিকটনৰ পৰা বাঢ়ি ৫৫.৮৪ লাখ টন হৈছেহি (উৎসঃ অসমৰ অৰ্থনৈতিক জৰীপ,২০০৪-০৫, ২০২১-২২, পৃঃ ক্ৰমে ১৯, ৭৬)।

উৎপাদন বাঢ়িছে যদিও কৃষকে ন্যায্য মূল্য নাপাই আলু-পাচলি পেলাই দিয়াৰ ঘটনা প্ৰতিবছৰে ঘটিবলৈ ধৰিছে।কৃষকৰ আয় বঢ়া নাই যদিও পৰিস্থিতিৰ সুযোগ লৈ উদৰ পূৰাইছে মধ্যভোগীয়ে।অৰ্থাৎ কৃষকৰ ক্ষুধা নিবাৰণ, খাদ্য নিৰাপত্তা আৰু পৰিপুষ্টিক লৈ সংকটৰ সৃষ্টি হৈছে।

কণী, মাছ-মাংস, গাখীৰৰ উৎপাদনৰ ক্ষেত্ৰতো আমি আত্মনিৰ্ভৰ হ’ব পৰা নাই। পৰিপুষ্টি লাভৰ ক্ষেত্ৰত এইকেইবিধ সামগ্ৰীৰ গুৰুত্বৰ কথা নকলেও হ’ব।অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ পূৰ্ণ কোঁৱৰে জনোৱা মতে অসমত দৈনিক প্ৰায় ১৫ লাখ টা কণী উৎপাদন হয়।কিন্তু অন্ধ্ৰপ্ৰদেশ, পঞ্জাৱ, পশ্চিমবংগ আদি ৰাজ্যৰ পৰা দৈনিক অসমলৈ আহে, ৩৫ লাখ টা কণী।২০২৬ চনলৈ অসম কণী উৎপাদনত স্বাৱলম্বী হ’ব বুলি আশা কৰা হৈছে।ৰাজ্যৰ মীন বিভাগৰ তথ্য অনুসৰি ২০১১ চনৰ এপ্ৰিলৰ পৰা ২০১৯ চনৰ মাৰ্চলৈ অসমলৈ বহিঃৰাজ্যৰ পৰা মাছ আহিছিল ১.১৩ লাখ টন। এতিয়াও মাছৰ আমদানি বন্ধ হোৱা নাই।উত্তৰ-পূব প্ৰগতিশীল গাহৰি পালক সন্থাৰ সভাপতি মনোজ বসুমতাৰীয়ে জনাইছিল—বছৰি প্ৰায় ৩০০০ কোটি টকাৰ গাহৰি মাংসৰ ব্যৱসায় হয় অসমত।কিন্তু তৎস্বত্বেও অসমলৈ পঞ্জাৱ-হাৰিয়ানাৰ পৰা গাহৰি আহে।গুৱাহাটী আলু-পিয়াঁজ ব্যৱসায়ী সন্থাৰ বিষয়ববীয়া বিনোদ জৈনৰ তথ্য—অসমলৈ উত্তৰ প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, পশ্চিমবংগ আদি ৰাজ্যৰ পৰা দৈনিক এশ ট্ৰাক(এক ট্ৰাক= ২০ টন) আলু আৰু সপ্তাহত এশ ট্ৰাক পিয়াঁজ অসমলৈ আহে।অসমত পৰ্যাপ্ত পৰিমাণে গাখীৰো উৎপাদন নহয়।ফলত বিহাৰ, ঝাৰখণ্ড, গুজৰাট আদি ৰাজ্যৰ গাখীৰ খাবলগীয়া হৈছে অসমবাসীয়ে।প্ৰয়োজনীয় গাখীৰৰ অভাৱ যদিও অসমৰ গো-পালকে উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ আহিছে।পৰনিৰ্ভৰশীল অসমে সমাজৰ নিম্ন আয়ৰ লোকসকলৰ খাদ্য সুৰক্ষা কিমানদূৰ নিশ্চিত কৰিব পাৰিছে?

উত্তৰ লখিমপুৰৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ প্ৰবাল শইকীয়াৰ মতে আমাৰ সম্ভৱনা অপৰিসীম। সকলোকে লগত লৈ উপযুক্ত নীতিৰে আগবাঢ়িলে আমি স্বাৱলম্বী হব পাৰিম। সেই স্বাৱলম্বিতাই আমাৰ সকলো লোকৰ খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি সুনিশ্চিত কৰিব পাৰিব।

দেশৰ সেউজ বিপ্লৱৰ জনক অধ্যাপক এম এছ স্বামীনাথনে লিখিছে, “ভাৰতৰ কৃষি সম্প্ৰতি গভীৰ সংকটৰ মাজেৰে আগবাঢ়িছে। কৃষিখণ্ডৰ বিকাশৰ গতি এতিয়া নিন্মগামী।ইফালে চৰিত্ৰ সলনি হোৱা বৰ্ষাকাল আৰু জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱত শস্যৰ উৎপাদনত বিঘিনি ঘটিছে। কোনো কোনো ঠাইত আনকি খেতি সমূলঞ্চে উছন হৈছে। অস্থিৰ বজাৰৰ চৰিত্ৰই কৃষকক নায্য প্ৰাপ্তিৰ পৰা বঞ্চিত কৰিছে।পৰিণতিত আত্মঘাতী হৈছে কৃষক” (উৎসঃ Handbook of Indian Agriculture, পৃষ্ঠা ১৫)

খাদ্যশস্যৰ উৎপাদনত আত্মনিৰ্ভৰশীল নোহোৱা অসমতো জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ বিৰাজমান।বিশেষকৈ কৃষিজীৱী আৰু নিম্নআয়ৰ লোকসকলৰ খাদ্য সুৰক্ষাৰ দিশত জলবায়ু পৰিবৰ্তন এক বৃহৎ প্ৰত্যহ্বান হৈ দেখা দিছে।তদুপৰি অসমৰ বানপানীৰ চৰিত্ৰ সলনি হৈছে। ভূটান-অৰুণাচলৰ নদীবান্ধৰ পৰা এৰি দিয়া পানীয়ে কৃষিজীৱী সমাজক ভয়াবহ সংকটৰ মাজলৈ ঠেলি দিছে। অসমৰ শেহতীয়া বানেই ইয়াৰ জলন্ত উদাহৰণ।কটন বিশ্ববিদ্যালয়ৰ আন্তঃবিভাগীয় জলবায়ু গৱেষণা বিভাগৰ সঞ্চালক ড০ ৰাহুল মহন্তই কয়, অনাগত ভৱিষ্যতত অসমত জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ অধিক স্পষ্ট আৰু গুৰুতৰ হ’ব। বানপানীৰ লগতে খৰাং বতৰেও কৃষিৰ উৎপাদনত বিধি-পথালি দিব।ধান,আলু কল, মাকৈ আদিৰ উৎপাদন হ্ৰাস পোৱাৰ সম্ভাৱনাই বেছি।ফলত খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত নিম্নআয়ৰ কৃষিজীৱী লোকসকল ক্ষতিগ্ৰস্ত হোৱাটো নিশ্চিত।সেয়ে সময় থাকোতেই জলবায়ু সহনশীল কৃষি নীতি যুগুতোৱা উচিত”।

এইখিনিতে উল্লেখ কৰিব পাৰি যে এইবাৰ অসমত প্ৰাক মৌচুমী কালত (১ মাৰ্চৰ পৰা ৩১ মে’ লৈ) আৰু বৰ্ষাকাল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যজুৰি হোৱা অত্যধিক বৃষ্টিপাতে বিভীষিকাৰ সৃষ্টি কৰিছে।অত্যধিক বৃষ্টিপাত আৰু অন্যান্য কাৰকৰ ফলত হোৱা বানপানীৰ বাবে কৃষিখণ্ডত ব্যাপক সংকটে দেখা দিছে।এই সংকটৰ ফলত বহুতেই কৃষিকাৰ্য পৰিহাৰ কৰি খাদ্য সুৰক্ষা আৰু জীৱিকাৰ স্বাৰ্থত চহৰ-নগৰলৈ প্ৰব্ৰজন কৰাটো নিশ্চিত।গুৱাহাটীৰ দৰে চহৰেও এই প্ৰব্ৰজনৰ ভাৰ সহিব লাগিব।

দেশৰ লগতে অসমৰ কৃষিখণ্ডত দেখা দিয়া সংকটৰ পৰা পৰিত্ৰাণৰ কিবা উপায় আছেনে? দেশৰ অৰ্থনীতিৰ স্থবিৰতা ভঙাৰ বাবে, কৃষকৰ আয় বঢ়াৰ বাবে, খাদ্য নিৰাপত্তা-পৰিপুষ্টি সুনিশ্চিতকৰণৰ বাবে এই সংকটৰ পৰা মুক্তি লাগিবই।কেৱল উৎপাদন বৃদ্ধিয়ে সংকটমোচন কৰিব নোৱাৰে।দেশৰ প্ৰসিদ্ধ কৃষি বিশেষজ্ঞ তথা খাদ্য তথা বাণিজ্য নীতিৰ বিশ্লেষক দেৱিন্দৰ শৰ্মাই লিখিছে,“আমি প্ৰতিবছৰে কৃষিকৰ্মৰ সৈতে জড়িত বহু লোকক সংকটৰ গৰাহলৈ ঠেলি দিয়াৰ পৰিবৰ্তে, স্থানীয় উৎপাদন, স্থানীয় ক্ৰয়-বিক্ৰয়, বিতৰণৰ ওপৰত ভিত্তি কৰি এটা নতুন ব্যৱস্থা গঢ় দিব পাৰো।এই ব্যৱস্থাৰ সৈতে গ্ৰাম্য উদ্যোগক সাঙুৰি ল’লে গ্ৰাম্য অৰ্থনীতিও সমৃদ্ধ হ’ব।” (উৎসঃ Handbook of Indian Agriculture, 2020, পৃ; ২০৭)

জলবায়ু পৰিবৰ্তনৰ ফলত হোৱা লোকচানৰ পৰা কৃষকক সকাহ দি খাদ্য সুৰক্ষাৰ দিশলৈ আগবঢ়াই নিবলৈ আমি কি কৰিব পাৰো।আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বতৰ বিজ্ঞানী, পুনেৰ ট্ৰ্পিকেল মেটেৰ’ল’জীৰ অৱসৰী সঞ্চালক, অধ্যাপক বি এন গোস্বামীৰে পূৰ্বতে এই নিৱন্ধকাৰৰ সৈতে হোৱা এক আলাপত কৈছিল, কম বৰষুণ,উচ্চ তাপমান, খৰাংসদৃশ পৰিস্থিতি সহিব পৰা বিভিন্ন শস্যৰ বীজৰ জাত উদ্ভাৱন কৰিব লাগিব।

তিনি শতাধিক স্থানীয় প্ৰজাতিৰ ধানৰ বীজৰ সংৰক্ষণ আৰু জনপ্ৰিয়কৰণৰ কামত জড়িত আৰু অন্নপূৰ্ণা বীজ ভঁৰালৰ গৰাকী, যোৰহাটৰ মহান বৰায়ো পূৰ্বৰ এক কথা-বতৰাত কৈছিল যে পৰিপুষ্টি আৰু ঔষধি গুণৰ ফালৰ পৰা স্থানীয় জাতৰ ধান অতি উত্তম।এই কথা বৈজ্ঞানিকভাৱেও প্ৰমাণিত হৈছে।স্থানীয় জাতৰ সংৰক্ষণৰ সৈতে আমাৰ সংস্কৃতি, স্বকীয় পৰিচয় আৰু আমাৰ খাদ্য সুৰক্ষা জড়িত হৈ আছে।স্থানীয় বহু ধানৰ জাত জলবায়ু পৰিবৰ্তনৰ সৈতে খাপ খাব পৰা গুণসম্পন্ন।

দেশৰ প্ৰসিদ্ধ কৃষি বিজ্ঞানী ড০ বন্দনা শিৱাই তেঁওৰ ২০১৮ চনত প্ৰকাশিত ‘Water Wisdom’ শীৰ্ষক এক নিৱন্ধত উল্লেখ কৰিছে, দেশৰ কৃষি ক্ষেত্ৰলৈ জলবায়ু পৰিবৰ্তনে অনা সংকট, খাদ্য সংকট আৰু জলসংকট নিৰ্মূল কৰাৰ এটাই উপায়— জৈৱ-বৈচিত্ৰ্য নিৰ্ভৰ কৃষিকাৰ্য।বৃহৎ এলেকাজুৰি মাত্ৰ এবিধ শস্যৰ খেতি কৰা সেউজ বিপ্লৱৰ অৱদান মনোকালচাৰৰ পৰিবৰ্তে জৈৱ-বৈচিত্ৰ্যনিৰ্ভৰ কৃষিয়ে খাদ্য সুৰক্ষা নিশ্চিত কৰে।এই কৃষি পদ্ধতিত উৎপাদন বেছি, ‘সেউজ বিপ্লৱৰ কৃষিৰ ফচলৰ তুলনাত পৰিপুষ্টিও অধিক।

নলবাৰী জিলাৰ লোহাৰকাঠাত চলিতবৰ্ষৰ জানুৱাৰী মাহত লগ পাইছিলো কৃষক মন্তাজুল ইছলামক।ইছলামে প্ৰায় ২৬ বিঘা মাটিত বিধে-বিধে খেতি কৰে।তেঁও কৈছিল,“বতৰৰ পৰিবৰ্তনৰ সৈতে যুঁজিছো।বানপানীৰ পৰিবৰ্তিত ধৰণৰ সৈতেও যুঁজিছো। প্ৰায়ে বজাৰত উৎপাদিত শস্যৰ উচিত মূল্য নাপাও। তথাপি কেতিয়াও পিছুৱাই অহা নাই।”বজাৰৰ পৰা মাত্ৰ নিমখকণহে কিনি খোৱা ইছলামে শালি ধান. বড়ো ধান, বতৰৰ সকলো পাচলিৰ উপৰি কুঁহিয়াৰ,কালজিৰা,মেথি,সৰিয়হ,ধনীয়া, গুৱামুৰি, বাদাম ,মাকৈ আদিকে ধৰি কেবাবিধ শস্যৰ খেতি অলপ অলপ মাটিত কৰে।তেঁওৰ ঘৰত গৰু-ছাগলীৰ লগতে হাঁহ-কুকুৰা আৰু পুখুৰীত মাছো আছে।ইছলামে লগতে কৈছিল, কৃষিৰ লগতে পশুপালন আৰু মীনপালনৰ সৈতে জড়িত হৈছো। কোনোবা এটা খণ্ডত হোৱা ক্ষতি অইন এটা ক্ষেত্ৰৰ জড়িয়তে জোৰা মৰাৰ বাবে এনেদৰে সকলো ফালে চেষ্টা কৰিছো।যাতে উপাৰ্জনো হয় আৰু পৰিয়ালটোক পৰিপুষ্টিও দিব পাৰো।”

আদৰ্শ কৃষক ইছলামৰ কৃষিকাৰ্যৰ সম্পৰীক্ষা অসমৰ কৃষকৰ বাবে এক আৰ্হি হ’ব পাৰে।ইছলামৰ সম্পৰীক্ষাই আমাক খাদ্য-সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ দিশত আগবঢ়াই নিব।

(কৃষি আৰু গ্ৰাম্য পৰিক্ৰমা বিষয়ক লেখা-মেলা কৰি অহা অৰূপ শাণ্ডিল্য দৈনিক অসম কাকতৰ জ্যেষ্ঠ ষ্টাফ ৰিপ’ৰ্টাৰ )

Leave a Reply

Your email address will not be published. Required fields are marked *