গল্প-কবিতা

গা অগ্নিবৰষা গান (অৰুণ কুমাৰ শৰ্মা)

ফুটছাইৰ তলতে আছা যে লুকাই
আহ আহ ওলাই আহ
অগ্নি বৰষা গান।

নল মৰি মৰি গজালি ওলায়
সেয়াটো মিছা কথা নহয়
প্ৰতিশ্ৰুতিবোৰো যে ফুটুকাৰ ফেন
সেয়াওটো মিছা কথা নহয়
ধনকুবেৰৰ পেটত যে আমাৰ সম্পদ
কোন সতে ক’বা সেয়া মিছা।

কিহৰ গৰজত
বাহুবলীসৱে পাতে ফান্দ
সেউজী পৃথিৱীক কোনে কৰে মৰুভূ
কোনে তৰে মৰিচীকাৰ জাল
তৃষাতুৰ কৰি আমাৰ পানীবোৰ
ঘোদালি-বিদালি কোনে থৈ যায়৷

সপোনৰ পাতে পাতে কাৰ
তৰ্জনী আঙুলি
কোনে দিয়ে শ্ৰুতলিপি
কি সপোন দেখিম নেদেখিম
কাৰ দৌৰাত্ম্যই
আমাৰ সপোনক কৰে থানবান৷

ফুটছাইৰ তলতে আছা যে লুকাই
আহ আহ ওলাই আহ
অগ্নি বৰষা গান।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *