গৌতম বুদ্ধৰ অষ্ট-মাৰ্গ আৰু পদাৰ্থবিজ্ঞান ।। ড০ পবন কুমাৰ চহৰীয়া
মুক্ত চিন্তা। দ্বাদশ বছৰ। দ্বিতীয় সংখ্যা
প্ৰাচীন গ্ৰীকসকলে যিদৰে চাৰিটা বা ভাৰতীয়সকলে মাত্ৰ পাঁচটা মৌলিক বস্তুৰপৰাই সকলো বস্তুৰ সৃষ্টি হয় বুলি ভাবিছিল, ঠিক একেদৰেই আধুনিক পদাৰ্থবিজ্ঞানীসকলেও ভাবিছিল যে সকলোবিলাক পদাৰ্থৰ গঠন মাত্ৰ কেইটামান মৌলিক কণিকাৰ সহায়তেই ব্যাখ্যা কৰিব পাৰি। কিন্তু যোৱা শতিকাৰ পঞ্চাশ আৰু ষাঠিৰ দশকত ইমানবোৰ মৌলিক গুণবিশিষ্ট কণিকাৰ আৱিষ্কাৰ হ’ল যে সেইবোৰে আমাৰ ধ্যান-ধাৰণাত খেলিমেলি লগাই দিলে। এটা কথা পিছে ঠিক যে পৰীক্ষাগাৰত আৱিষ্কাৰ হোৱা বেছিভাগ কণিকাই ক্ষণস্থায়ী, অতি কম সময়ৰ ভিতৰতে সিঁহত বেলেগ বেলেগ কণিকালৈ ৰূপান্তৰিত হয়। ক্ষণস্থায়ী হৈ বেলেগ কণিকালৈ ৰূপান্তৰিত হ’লেও সিহঁতৰ প্ৰত্যেকৰে ভৰ, আধান আৰু আন বৈশিষ্ট্যৰে এক নিজস্ব স্বাধীন পৰিচয় আছে। গতিকে প্ৰশ্ন হয়, পদাৰ্থৰ গঠনত এই সকলোবোৰ কণিকাই অংশীদাৰ নেকি ? তাত্বিক পদাৰ্থবিজ্ঞানীৰ দৃঢ় বিশ্বাস, প্ৰকৃতিৰ নিয়ম কেতিয়াও ইমান জটিল হ’ব নোৱাৰে, পদাৰ্থৰ মৌলিক গঠনত ইমানবোৰ কণিকাই ভাগ নলয়। এতিয়ালৈকে নেদেখা প্ৰকৃতিৰ কোনো নিয়মৰ কাৰণেহে আমি ইমানবোৰ কণিকাক বেলেগ বেলেগ দেখিছোঁ, কিন্তু দৰাচলতে সিহঁতৰ অন্তৰত একেধৰণৰ মাত্ৰ কেইটামান কণিকাহে লুকাই আছে। তেওঁলোকৰ বিশ্বাস : আপাতত: সামঞ্জস্যহীন এই সকলোবোৰ কণিকাৰ মাজত এনেকুৱা এক অন্ত:সলীলা বান্ধোন আছে, যি বান্ধোনৰ ৰহস্য ভেদ কৰিব পাৰিলে পদাৰ্থৰ গঠন কেৱল মাত্ৰ কেইটামান কণিকাৰ সহায়তেই ব্যাখ্যা কৰিব পৰা যাব। এই বিশ্বাসৰ বশ:বৰ্ত্তী হৈয়েই তাত্বিক পদাৰ্থবিজ্ঞানী লাগি গ’ল এই শতাধিক কণিকাক বিভিন্ন ধৰণে শ্ৰেণীবিভক্ত কৰাত, সিহঁতৰ মাজত থকা মিল-অমিলবোৰ নিৰীক্ষণ কৰি এক সৰল আন্ত:গাঠনি উদ্ভাৱন কৰাত। ১৯৬২ চনত মুৰে গে’ল-মান (Murray Gell-Mann) আৰু জৰ্জ জুইগ (George Zweig)নামৰ দুজন মাৰ্কিন যুক্তৰাষ্ট্ৰীয় তাত্বিক পদাৰ্থবিদে নিউট্ৰন আৰু প্ৰট’নৰ গঠন সম্বন্ধে স্বকীয়ভাৱে এক আৰ্হি দাঙি ধৰিলে। তেওঁলোকৰ এই আৰ্হি মতে প্ৰট’ন, নিউট্ৰন দৰাচলতে মৌলিক কণিকা নহয়, ইহঁত প্ৰত্যেকেই আন তিনিটা বেলেগ মৌলিক কণিকাৰহে সমষ্টি। এয়াই এতিয়া আমি সকলোৱে জনা কোৱাৰ্ক মডেলৰ(Quark Model) আৰম্ভণি। জৰ্জ জুইগে এই কণিকাকেইটাক নাম দিছিল এইচ (ace) আৰু মুৰে গে’ল-মানে নাম দিছিল কোৱাৰ্ক (quark)। গে’ল-মানে বিখ্যাত আইৰিচ লেখক জেমচ্ জয়চৰ ‘ফিনেগান্চ ৱেক'(Finnegan’s Wake) নামৰ গ্ৰন্থৰ তলৰ বাক্যৰ পৰা লৈছিল এই নাম ।
Three quarks for Muster Mark!
Sure he has not got much of a bark
And sure any he has it’s all beside the mark.
—James Joyce, Finnegans Wake
এই মডেলে লাহে লাহে প্ৰতিষ্ঠা লাভ কৰাৰ লগে লগে মানুহে গে’ল-মানে দিয়া কোৱাৰ্ক নামটোকেই গ্ৰহণ কৰিলে।এনেয়ো যিকোনো নতুন ধাৰণা বা নতুন কণিকাৰ নাম দিয়াত গে’ল-মান ওস্তাদ আছিল। জাৰ্মান ভাষাত হেনো কোৱাৰ্ক শব্দৰ অৰ্থ হৈছে ‘অৰ্থহীন’ (meaningless)। গে’ল-মানে নিজেও প্ৰথম অৱস্থাত নিজেই প্ৰস্তাৱ কৰা এই কোৱাৰ্ক কণিকাৰ কোনো বাস্তৱ অস্তিত্ব নাই বুলি ভাৱিছিল। এইটো কেৱল মাথো এক গাণিতিক আৰ্হি বুলিহে বিবেচনা কৰিছিল। কিন্তু ভাগ্য তেওঁলোকৰ প্ৰতি সুপ্ৰসন্ন হ’ল আৰু কোৱাৰ্কে বিভিন্ন ৰেহৰূপেৰে সময় যোৱাৰ লগে লগে পৰীক্ষাগাৰত নিজৰ বাস্তৱ অস্তিত্ব প্ৰকাশ কৰিবলৈ ধৰিলে। জৰ্জ জুইগৰ ‘এচ’ নাম তল পৰিল। কোৱাৰ্কৰ ধাৰণা দিয়া প্ৰথম ব্যক্তিৰ এজন হিচাপে তেওঁ যিমান গুৰুত্ব পাব লাগিছিল নাপালে। বিজ্ঞানৰ ইতিহাসত হোৱা এনেকুৱা বহুতো ঘটনাৰ দৰে তেঁৱো অৱহেলিত হৈয়েই ৰ’ল।
সেই সময়ত আৱিষ্কাৰ হোৱা শতাধিক কণিকাবোৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ নিৰ্ণয় কৰি সেইবোৰক বিভিন্ন শ্ৰেণীত বিভক্ত কৰাৰ প্ৰচেষ্টাত। বিভিন্ন ধৰ্মৰ প্ৰতি লক্ষ্য ৰাখি কণিকাবোৰক বিভিন্ন ধৰণে ভাগ কৰা হৈছিল। ভৰৰ ওপৰত বিবেচনা কৰিও সেইবোৰক দুটা ভাগত ভাগ কৰা হৈছিল। এই দুভাগ হ’ল: লেপ্টন আৰু হেড্ৰন। লেপ্টন (lepton) মানে হ’ল কম ভৰৰ কণিকা আৰু হেড্ৰন (hadron) মানে বেছি ভৰৰ কণিকা। ইলেক্ট্ৰন, নিউট্ৰিন’, মুৱন আদি লেপ্টন আৰু প্ৰট’ন, নিউট্ৰন, পায়ন ইত্যাদি বেছি ভৰৰবোৰ হ’ল হেড্ৰন। কোৱাৰ্ক আৰ্হিৰ জনক গে’ল-মানে বিশেষকৈ তাত্বিকভাৱে চেষ্টা কৰিছিল এই হেড্ৰনবোৰৰ মাজত কিবা যোগসূত্ৰ আছে নেকি তাক উদ্ভাৱন কৰিবলৈ। এই বিষয়ে অধ্যয়ন কৰিবলৈ তেওঁ অংক-শাস্ত্ৰৰ এটা বিশেষ শাখাৰ সহায় লৈছিল। গে’ল-মানে দেখিলে যে তিনিটা মৌলিক উপাদান লৈ এই হেড্ৰন কণিকাবোৰ বেলেগ বেলেগ গ্ৰুপত ভাগ কৰিলে প্ৰত্যেকটো গ্ৰুপতে আঠটাকৈ কণিকা থকা বহুতো গ্ৰুপ ওলায়। অৰ্থাৎ আঠটা আঠটা কণিকাক এটা এটা গোটত সিহঁতৰ বিভিন্ন ধৰ্ম অনুসাৰে সজাব পাৰি। এই আঠ সংখ্যাটোৰ ৰহস্যই তেওঁক বেছ আচৰিত কৰি তুলিছিল। অকল বিজ্ঞানতেই নহয়, সাহিত্য, দৰ্শন, সংগীত, কলা সকলোতে সিদ্ধহস্ত আছিল গে’ল-মান। গৌতম বুদ্ধৰ বিষয়েও তেওঁ গভীৰভাৱে অধ্যয়ন কৰিছিল। গৌতম বুদ্ধৰ অষ্ট-মাৰ্গৰ তুলনাৰে কণিকাবোৰক এই আঠটা আঠটা থুপত ভাগ কৰা প্ৰণালীটোক গে’ল-মানে নাম দিলে ‘অষ্ট-পন্থা’ (Eight-fold way)। মানৱ জীৱনৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ হিচাপে গৌতম বুদ্ধই যি অষ্ট-পন্থাৰ কথা উল্লেখ কৰিছিল, অসংখ্য মৌলিক কণিকাই দিয়া মানসিক যন্ত্ৰণাৰপৰা মুক্তিৰ উপায় হিচাপেও গে’ল-মানে এই অষ্ট-পন্থাই সৰ্বোচ্চ পথ বুলি দেখিছিল। ইমানদিনে কণিকাবোৰক সুশৃংখলভাৱে সজাব নোৱাৰাৰ বেদনাৰ পৰা হয়তো গে’ল-মানেও এই পন্থা অৱলম্বন কৰি কিছু মুক্তি পাইছিল! কিন্তু বিজ্ঞানীৰ মুক্তি আৰু সাধাৰণ মানুহৰ মুক্তি একে নহয়। বিজ্ঞানীৰ মনত এটা বেদনাৰ পৰা মুক্তিয়ে আন এটা বেদনা বা সমস্যাৰ জন্ম দিয়ে। গে’ল-মানে দেখিলে যে তেওঁৰ এই ‘অষ্ট-পন্থা’ শুদ্ধ হ’’বলৈ হ’লে তাৰ লগতে আৰু কিছুমান গোট থাকিব লাগিব য’ত দহটা কণিকা একেলগে থাকিব। কিন্তু দহটাৰ গোট সেই ‘দশ-সংঘ’ (decuplet)ত স্থাপন কৰিবলৈ সেই সময়ত মাত্ৰ চাৰিটাহে জনা কণিকা আছিল, বাকী ছয়টা স্থানেই খালী, তাত কোনো প্ৰাৰ্থী নাই। গতিকে গে’ল-মানৰ এই অষ্ট-পন্থাৰ ধাৰণাক গুৰুত্ব সহকাৰে লোৱা বিজ্ঞানীও বৰ বেছি নাছিল। কিন্তু লাহে লাহে সেই ঠাইবোৰ নতুন নতুন কণিকাই পূৰাব ধৰিলে, অলপ দিনৰ ভিতৰতে পাঁচটা নতুন কণিকা আবিষ্কাৰ হ’ল আৰু এটা মাত্ৰ স্থান খালী হৈ থাকিল। গে’লমানৰো সাহস বাঢ়িল আৰু ১৯৬২-৬৩ চনত এখন আন্তৰ্জাতিক বিজ্ঞান সন্মিলনত তেওঁ সদম্ভে ঘোষণা কৰিলে যে এই খালী ঠাই পূৰাবলৈ আৰু এটা কণিকা থাকিবই লাগিব, গতিকে সেই কণিকাটো বিচাৰি উলিওৱাটো পৰীক্ষাত্মক পদাৰ্থবিজ্ঞানীসকলৰ দায়িত্ব- “আপোনালোকে তাক সোনকালে বিচাৰি উলিয়াওক”। এই শেষত লগা কণিকাটোৰ নামো দিছিল অদ্ভূত : ওমেগা (Ω)। ওমেগা হ’ল গ্ৰীক ভাষাৰ বৰ্ণমালাৰ একেবাৰে শেষৰ আখৰ। তেওঁ কৰা ভৱিষ্যতবাণীমতে এই কণিকাটোৰ আধান ইলেক্ট্ৰনৰ(ঋণাত্মক) আধানৰ সমান কাৰণেই কণিকাটোক সাধাৰণতে ওমেগা মাইনাচ বুলিয়ে উল্লেখ কৰা হয়। সন্মিলনীত উপস্থিত থকা এজন আমেৰিকান নিকোলাচ চেমুৱচ নামৰ পদাৰ্থবিজ্ঞানীয়ে যেতিয়া এই নতুন কণিকাটোক কি ধৰণে বিচাৰিব লাগিব বুলি কফি খাই থাকোতে গে’ল-মানক সুধিলে, তেতিয়া গে’লমানে নেপকিন এখনতে ছবি আকি হেনো বুজালে এই কণিকাটোক কেনেকৈ পৰীক্ষাগাৰত ধৰিব পৰা যাব। বিজ্ঞানীজনে নেপকিনখন পকেটত আৰু মগজুত কিছু পৰিকল্পনা সুমুৱাই আমেৰিকা পালেগৈ। এবছৰৰ ভিতৰতে আমেৰিকাৰ ব্ৰুকহাভান নেশ্যনেল লেবৰটৰীৰ এই নিকোলাচ চেমুৱচ নামৰ বিজ্ঞানীজন আৰু চাইৰেকাচ বিশ্ববিদ্যালয়, ৰকেষ্টাৰ বিশ্ববিদ্যালয়ৰ তেওঁৰ সহযোগীসকলে ঠিক গে’ল-মানে ভৱিষ্যবাণী কৰা কণিকাটোকেই পৰীক্ষাগাৰত ধৰা পেলালে। আৱিষ্কৃত কণিকাটো আৰু গে’ল-মানৰ ‘অষ্ট-পন্থা’ত প্ৰয়োজন হৈ থকা কণিকাটোৰ ধৰ্মবোৰ একেবাৰে মিলি গ’ল। গে’ল-মানৰ এই অষ্ট-পন্থাই ওপৰোক্ত কণিকাটো আৱিষ্কাৰৰ পাছতেই বিজ্ঞানীৰ মাজত ভীষণ সমাদৰ আৰু জনপ্ৰিয়তা লাভ কৰিব ধৰিলে। এইখিনিতে এটা কথা উল্লেখ কৰা দৰকাৰ যে এই ওমেগা মাইনাচ কণিকাটোৰ বিষয়ে ভৱিষ্যৎবাণী কৰাৰ ক্ষেত্ৰত গে’ল-মানৰ লগতে য়ুভাল নীমে’ন (Yuval Ne’eman) নামৰ ইজৰাইলী পদাৰ্থবিদজনৰো নাম লোৱা হয়। নীমে’ন ইজৰাইলৰ এক সেনাধিনায়ক আৰু পাছলৈ মন্ত্ৰী হৈছিল। ইয়াৰ মাজতে পদাৰ্থবিজ্ঞানৰ গৱেষণা। কিছুদিন তেওঁ ইংলণ্ডত থকা ইজৰাইলৰ দূতাবাসত কাম কৰিবলগা হৈছিল আৰু সেই সময়তেই তেওঁ এই মৌলিক অৱদান আগবঢ়াইছিল। কি আচৰিত লাগে! ইহুদীসকল এনেই ইমান বিখ্যাত জাতি হোৱা নাই।
ওপৰত উল্লেখ কৰা হৈছিল যে গে’ল-মানে এই ‘অষ্ট-পন্থা’ৰ সন্ধান পাইছিল গণিত-শাস্ত্ৰৰ এক বিশেষ শাখা গ্ৰুপ-থিয়ৰিৰ প্ৰয়োগেৰে। এই গ্ৰুপ-থিয়ৰিৰ যিটো গ্ৰুপ তেওঁ প্ৰয়োগ কৰিছিল সেইটোৰ মূল উপাদান তিনিটা। তিনিটা মূল উপাদান থাকে কাৰণে ইয়াৰ নামেই হ’ল SU(3)। এই S এ বুজাইছে স্পেচিয়েল আৰু U য়ে বুজাইছে ইউনিটাৰি, ৩ সংখ্যাটোৱে বুজাইছে তাৰ মৌলিক উপাদান তিনটা। ইয়াৰ অৰ্থ জনাৰ বিশেষ প্ৰয়োজন নাই। মাত্ৰ কেনেকৈ বিমূৰ্ত গণিতৰ প্ৰয়োগে আমাক প্ৰকৃতিৰ ৰহস্যৰ সন্ধান দিব পাৰে, পদাৰ্থৰ ভিতৰখন কেনেকুৱা তাক ক’ব পাৰে, গণিতৰ অধ্যয়ন কিয় ইমান অপৰিহাৰ্য সেই কথাটোৰ গুৰুত্ব বুজাবৰ কাৰণেহে উল্লেখ কৰা হ’ল। এই যে তিনিটা মূল উপাদান থকা গণিতৰ গ্ৰুপটোৰ পৰাই তেওঁ এই হেড্ৰন কণিকাবোৰক আঠটা অথবা দহোটাকৈ থকা বিভিন্ন সমষ্টি বা থুপত ভাগ কৰিব পাৰিলে আৰু তেওঁ ভবা ধৰণেই বাকী কণিকাকেইটাও আৱিষ্কাৰ হ’ল, এই কথাটোৱে গে’ল-মানক এটা নতুন পথৰ সন্ধান দিলে।
গে’ল-মান মানুহজন অতি অদ্ভূৎ প্ৰকৃতিৰ আৰু মানৱ সভ্যতাৰ সকলোবোৰ জ্ঞানৰ ভাণ্ডাৰ আছিল। কন্ফাৰেন্সত যোগ দিবলৈ পৃথিৱীৰ যলৈকে নাযাওঁক কিয়, নতুন ছাত্ৰ-ছাত্ৰীক যদি লগ পায় তেতিয়া হেনো প্ৰথমে নামটো সুধি লৈছিল আৰু সেই নামটো কেনেকৈ ক’ৰপৰা আহিল তাৰ ওপৰত এটা লেকচাৰ দিহে পদাৰ্থবিজ্ঞানৰ কথা আৰম্ভ কৰিছিল। পদাৰ্থবিজ্ঞানৰ ন’বেল বঁটা (১৯৬৯) যেতিয়া গ্ৰহণ কৰিছিল তেতিয়া ন’বেল ভাষণৰ শেষখণ্ড চুইডেনৰ ভাষাত দি সকলোকে আচৰিত কৰি তুলিছিল। গৌতম বুদ্ধৰ অষ্ট-মাৰ্গে এইজন মহান বিজ্ঞানীক তেওঁৰ কামত প্ৰভাৱিত কৰাৰ কথাই আমাক একেলগে আশ্চৰ্য আৰু গৌৰৱান্বিত কৰে।
