অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (তৃতীয় সংখ্যা)

মৌলিক বিজ্ঞান আৰু ৰূপান্তৰৰ সংগ্ৰাম (অতিথি সম্পাদকৰ কলম)-(কমল নয়ন মিশ্ৰ)

ৰূপান্তৰৰ মহাশিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিখ্যাত কবিতা এফাঁকিৰে আৰম্ভ কৰিব খুজিছোঁ।

সৌ আকাশত নীহাৰিকা উৰে, ক’ত জীৱন, ক’ত ৰূপৰ, ক’ত গুণৰ, বৰ্ণ, গন্ধ, গানৰ, সুৰৰ প্ৰকাশ প্ৰেৰণা, মাটি পানীৰে ৰূপ লবলৈ বিশ্ব ভুৱন ঘূৰে…
তাত ময়ো আছিলো, মই হ’বলৈ ৰৈ,তাত তোকো দিছিলে নসজাকৈ, নগঢ়াকৈ থৈ…
…তাত সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে
।”

শিল্পীৰ পৃথিৱী‘ শীৰ্ষক কালজয়ী ৰচনাখনিত সন্নিবিষ্ট জ্যোতিপ্ৰসাদৰ এই কবিতা স্তৱকটিৰ মহাজাগতিক, বিৱৰ্তনীয় আৰু বিশ্বমানৱিক গভীৰ তাৎপৰ্যক অনুধাৱন কৰা দৰকাৰ। নৱজাগৰণৰ পৰৱৰ্তী বিংশ শতিকাৰ ইউৰোপত বিকশিত উদাৰনৈতিক দৰ্শন, মহাকাশ বিজ্ঞান তথা বিৱৰ্তনীয় বিজ্ঞান আৰু আনফালে সমাজ ৰূপান্তৰৰ বৈপ্লৱিক মতাদৰ্শৰ সৈতে নতুনকৈ পৰিচিত হোৱা জ্যোতিপ্ৰসাদে বিশ্বসৃষ্টিৰ সৈতে ধৰ্মীয় ঈশ্বৰ বা কোনো সৰ্বশক্তিমান সৃষ্টিকৰ্তাক যুক্ত কৰাৰ প্ৰয়োজনবোধ কৰা নাছিল; বৰঞ্চ নীহাৰিকা বা নেবুলা অৰ্থাৎ দূৰ মহাকাশৰ তৰা জন্ম পোৱা কেতবোৰ অঞ্চলৰ পৰা বিৱৰ্তনৰ জোৱাৰত উটি অহা পৃথিৱীখন,প্ৰকৃতি আৰু মানুহৰ এক বিৰল ব্ৰহ্মাণ্ডীয় সাযুজ্যৰ পিনে তেওঁৰ আলোকসন্ধানী দৃষ্টিক প্ৰসাৰিত কৰিছিল। একবিংশ শতিকাৰ মহাকাশ তথা জীৱবিজ্ঞানৰ অগ্ৰগতিয়ে এই জ্যোতিপ্ৰসাদীয় বীক্ষাকেই সত্য প্ৰমাণিত কৰিছে আৰু অপযুক্তি তথা প্ৰতিক্ৰিয়াশীল অন্ধতাৰ বিপৰীতে উত্তৰণৰ সংগ্ৰামখনত সন্মুখীন হ’ব পৰা বিভিন্ন দাৰ্শনিক প্ৰশ্নৰো সমিধান দিছে। আজিৰ বিজ্ঞান বিৰোধী প্ৰতিক্ৰিয়াশীলতাৰ বিৰুদ্ধে যুঁজখনৰ বাবেই বিজ্ঞানৰ দৰ্শন আৰু তাৰ আধাৰিত এক যুক্তিযুক্ত মতাদৰ্শ নিৰ্মাণৰ প্ৰশ্নটিও সন্মুখলৈ আহিছে। মৌলিক বিজ্ঞানৰ সিদ্ধান্তসমূহে একবিংশ শতিকাত মানৱ প্ৰজ্ঞাৰ এক বিৰল আৰু সৰ্বাত্মক ৰূপক প্ৰতিভাত কৰি তুলিছে। এই প্ৰজ্ঞা আধুনিকতাৰ এক অন্যতম উপাদেয় ।ধৰ্মীয় প্ৰহেলিকা আৰু ভাৱবাদী অনিৰ্নেয়তাক অতিক্ৰমি এই প্ৰজ্ঞাৰ আলোকে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ পৰা মানৱ বিৱৰ্তন তথা পৰিবেশ আৰু পৃথিৱীৰ ভৱিষ্যতলৈকে গতিশীল ইতিহাস- সময়ৰ এক জটিল মহাচিত্ৰ আমাৰ সন্মুখত ডাঙি ধৰিছে । Intelligence design-ৰ প্ৰৱক্তাসকলে প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা বহু মিলিয়ন বছৰৰ পৰিক্ৰমাত সংঘটিত মানৱ-বিৱৰ্তনৰ ডাৰউনীয় তত্ত্বক নাকচ কৰি এক মহা বুদ্ধিমান, সৰ্বময় সৃষ্টিকৰ্তা বা অতি ক্ষমতাসম্পন্ন এলিয়েন জাতিৰ দ্বাৰা পৃথিৱীত মানুহৰ সৃষ্টি সম্ভৱ হোৱাৰ তত্ত্বক বেছ জনপ্ৰিয় কৰিবলৈ সক্ষম হৈছিল। কিন্তু মহাকাশ পদাৰ্থবিদ্যাৰ শেহতীয়া বহু গৱেষণাই এক বিপৰীত প্ৰতিচ্ছৱিহে আমাৰ সন্মুখত তুলি ধৰিলে। এই গৱেষণাই ক্ৰমশঃ বিশ্বব্ৰহ্মাণ্ডখনকেই যেন আমাৰ ওচৰ চপাই আনিলে। কেইবাবিলিয়ন বছৰৰ পূৰ্বে সংঘটিত অকল্পনীয় ভৰৰ নিউট্ৰন তৰাৰ মাজৰ সংঘৰ্ষ, দৈত্যকায় তৰাৰ বিষ্ফোৰণৰ তথ্যই বহু অজানা ৰহস্যৰ দুৱাৰ যেন মুকলি কৰি দিলে। যোৱা বৰ্ষৰ মে’ মাহত Nature পত্ৰিকাত প্ৰকাশিত এক গৱেষণাপত্ৰৰ যোগেদি Imre Bartos আৰু Szablocs Marka নামৰ গৱেষকদ্বয়ে সূৰ্য আৰু সৌৰজগতৰ গ্ৰহবোৰৰ জন্মৰ বহু পূৰ্বেই সংঘটিত দুটা ঘূৰ্ণীয়মান নিউট্ৰন তৰাৰ মাজত সংঘৰ্ষই কেনেদৰে আইৰণ, এলুমিনিয়াম, মেগনেছিয়ামৰ দৰে গধুৰ ধাতৱ মৌল তথা জীৱ সৃষ্টিৰ বাবে প্ৰয়োজনীয় মৌলসমূহ যেনে কাৰ্বন, নাইট্ৰ’জেন আদি সৃষ্টি কৰিছিল আৰু কালক্ৰমত সেই মৌলবোৰেই আমাৰ হাটীপতি তাৰকাৰাজ্যৰ চৌপাশে সিচৰিত হৈ ভৱিষ্যতৰ সৌৰজগতখনলৈও আহিছিল তাৰ বিস্তৃত ব্যাখ্যা আগবঢ়াইছে। আমাৰ কোষে লাভ কৰা সকলো শক্তিৰ মুখ্য উৎস ATP (Adenosine Triphosphate) তথা আমাৰ DNA ত থকা ফছফৰাছ (P) ,সমগ্ৰ তাৰকাৰাজ্যৰেই এবিধ অতিশয় বিৰল মৌল। ২০১৩ চনত বিখ্যাত Science পত্ৰিকাত প্ৰকাশিত Phosphorus in the young supernova remnant Cassiopeia A শীৰ্ষক অন্য এক গৱেষণাই পৃথিৱীৰ পৰা ১১০০০ আলোকবৰ্ষ দূৰত্বত সংঘটিত Cassiopeia A নামৰ তৰা এটিৰ ছুপাৰন’ভা বিষ্ফোৰণৰ অৱশিষ্ট অংশত ফছফৰাছৰ উপস্থিতি প্ৰমাণ কৰিছিল। দ্বিতীয়তে, কেপলাৰ নামৰ দূৰবীণৰ সহায়ত সৌৰজগতৰ বাহিৰত অৱস্থিত পৃথিৱীসদৃশ বহুতো গ্ৰহৰ উপস্থিতি প্ৰমাণিত হৈছে। পৃথিৱীৰ দৰেই এই গ্ৰহবোৰ নক্ষত্ৰসমূহৰ Habitable zone অৰ্থাৎ বসবাসযোগ্য সেইবোৰ অঞ্চলত অৱস্থিত য’ত উষ্ণতা আৰু বিকিৰণৰ ফালৰ পৰা এক নাতিশীতোষ্ণ পৰিৱেশ বিৰাজমান। এনে বহু পৰ্যবেক্ষণ তথা গৱেষণাই এয়া নিশ্চিত কৰিলে যে পৰমসত্ত্বাৰ ইচ্ছা বা কোনো নিপুণ সৃষ্টিকৰ্তাৰ খেয়ালী মন বা চৈতন্যৰ পৰিৱৰ্তে নক্ষত্ৰ এটিৰ অস্তিত্ব আৰু তাৰ প্ৰভাৱেই জীৱ সৃষ্টিৰ সম্ভাৱিতাক নিৰূপণ কৰিবলৈ সক্ষম।জীৱসৃষ্টিৰ বাবে অনুকূল পৃথিৱীসদৃশ এক পৰিৱেশত জীৱনৰ মৌলিক উপাদানসমূহৰ দ্বাৰা গঠিত DNA নামৰ অতি সুস্থিৰ জৈৱ অণুবিধত সংঘটিত ধীৰ গতিৰ পৰিৱৰ্তনেই যে এদিন মানুহৰ দৰে উন্নত প্ৰাণীৰ বিকাশ সম্ভৱ কৰিছিল, তাত কোনো সন্দেহ নাই। মানুহ আৰু চিম্পাঞ্জীৰ DNA-ৰ প্ৰায় ৯৭ শতাংশই হুবহু একে। অকল সেয়াই নহয়, এটি এককোষী বেক্টেৰিয়া বা ড্ৰছ’ফিলা মাখিৰ DNA আৰু প্ৰ’টিনৰ সৈতে মানুহৰ DNA বা প্ৰ’টিনৰ অদ্ভুত সাদৃশ্যই তথাকথিত Intelligence design ৰ তত্ত্বৰ অন্তঃসাৰশূন্যতাকেই প্ৰতিপন্ন কৰিলে ।


তথাপিও কিন্তু অপবৈজ্ঞানিক, প্ৰতিক্ৰিয়াশীল চিন্তা আৰু তত্ত্বৰ ৰূপত বৈজ্ঞানিক প্ৰজ্ঞা বিৰোধী ধৰ্মীয় মৌলবাদে বিশ্বৰ বিপুল সংখ্যক মানুহৰ চেতনাক বিকৃতি আৰু অজ্ঞানতাৰ কৰাল গ্ৰাসত নিমজ্জিত কৰি ৰাখিছে। বিংশ শতিকাত বৈজ্ঞানিক গৱেষণাক পুঁজিবাদী মুনাফাৰ দ্বাৰা নিয়ন্ত্ৰিত প্ৰযুক্তিকেন্দ্ৰিক পণ্য উৎপাদন তথা সামৰিক ৰাষ্ট্ৰবাদৰ স্বাৰ্থত নিয়োজিত কৰা হৈছিল। ফলত বৈজ্ঞানিক চেতনাৰ এক বিশ্বমানৱিক, বিশ্বজনীন উপলব্ধিৰ স্তৰলৈ উত্তৰণৰ পথো যেন ৰুদ্ধ হৈ পৰিল। ভাৰতৰ দৰে দেশৰ অৰ্ধসামন্তবাদী, সামাজিক ধৰ্মীয় পৰিৱেশত বিজ্ঞানচৰ্চা বহু সময়ত অন্ধবিশ্বাস বিৰোধী কাৰ্যক্ৰমনিকা বা কেৱল ‘জনপ্ৰিয়’ বিজ্ঞানৰ প্ৰসাৰতেই সীমাবদ্ধ হৈ ৰোৱা দেখা যায়। সামাজিক আৰু নৈতিক প্ৰমূল্যসমূহৰ স্খলন,পুৰণি মূল্যবোধৰ অৱলুপ্তি তথা বজাৰবাদী ব্যৱস্থাই কঢ়িয়াই অনা এক অমানুষিক প্ৰতিযোগিতাৰ প্ৰত্যাহ্বানে ক্ৰমশঃ দৰ্শনৰ জগততো সংকটৰ সূচনা কৰিছে। এই বহুমাত্ৰিক সংকটৰ চাকনৈয়াত ভাৰতৰ অতি প্ৰভাৱশালী মধ্যশ্ৰেণীটোৱে আধুনিক বিজ্ঞানৰ ভাষাৰে ধৰ্মীয় আধ্যাত্মিকতাৰ জ্ঞান দিয়া আৰু দাৰ্শনিক প্ৰশ্নবোৰৰ সমিধান আগবঢ়োৱা চতুৰ, ক্ষমতাশালী,অপবিজ্ঞানবাদী বাবা তথা গুৰুসকলৰ শৰণাপন্ন হৈছে। উত্তৰ-ঔপনিবেশিক দেশসমূহত পলমকৈ বিকশিত নব্যউদাৰবাদী পুঁজিবাদে প্ৰতিক্ৰিয়াশীল মৌলবাদ তথা উগ্ৰ ফেঁচীবাদী শক্তিসমূহক ইয়াৰ লুণ্ঠনৰ স্বাৰ্থতেই শক্তিশালী কৰি তুলিছে। কেৱল সংসদীয় ৰাজনৈতিক প্ৰতিৰোধ সংগ্ৰামৰ দ্বাৰাই ভাৰতৰ দৰে দেশৰ এই ফেচীবাদী গণঅভ্যুত্থানক প্ৰতিহত কৰিব পৰা নাযাব। সামাজিক অনুষ্ঠান তথা চিন্তা-চেতনাৰ প্ৰতিটো স্তৰতে ফেচীবাদে ইয়াৰ অৱদমনক নায্যতা প্ৰদান কৰিবলৈ তাৰ নিজস্ব ‘বিজ্ঞান আৰু যুক্তি‘ৰ কাঠামো তৈয়াৰ কৰি লয়। নাজী আমোলৰ অৱদমনক নায্যতা দিবলৈ তথাকথিত Race Science-ৰ বিকাশ সাধন কৰা হৈছিল, একেদৰে ভাৰতবৰ্ষতো গোৰক্ষকৰ সন্ত্ৰাসক যুক্তিৰ পোছাকেৰে আৱৰিবলৈ Cow Science বা গো বিজ্ঞানৰ চৰ্চা আৰম্ভ হৈছে। কট্টৰ পুৰুষতান্ত্ৰিক, আৰ্যৰক্তৰ শ্ৰেষ্ঠত্বত বিশ্বাসী ভাৰতৰ একমাত্ৰ ফেচীবাদী সংগঠনটোৱে জেনেটিক ইঞ্জিনিয়াৰিঙৰ দ্বাৰা সুন্দৰ, সুঠাম, ‘দেশভক্ত’ পুত্ৰ সন্তান সৃষ্টিৰ পৰিকল্পনা হাতত লৈছে। এনে বৰ্ণবাদ তথা তাৰ আশ্ৰিত ঘৃণাৰ মতাদৰ্শক প্ৰত্যাহ্বান জনোৱাৰ বাবেই আমাক ইতিহাস পৰ্যবেক্ষণ আৰু অধ্যয়নৰ একেবাৰে নতুন DNA-ভিত্তিক গৱেষণাৰ জ্ঞানৰো প্ৰয়োজন হ’ব। এনে গৱেষণাৰ সবিশেষ সামৰি দুখনকৈ নতুন গ্ৰন্থ প্ৰকাশিত হৈছে। এখন হ’ল Tony JosephEarly Indians; আৰু আনখন David Reich-ৰ Who we are ,How we got here. এই গৱেষণাৰ বিষয়ে কিছু কথা কবলৈ ওলাইছোঁ।


দৰাচলতে বৈদিক আৰ্যসকলৰ ভাৰতলৈ আগমন ঘটিছিল নে ভাৰতত জন্ম পোৱা আৰ্য গোষ্ঠীয়ে বিশ্বৰ আন ঠাইলৈ সভ্যতা আৰু সংস্কৃতিক কঢ়িয়াই নিছিল?
প্ৰাকবৈদিক সভ্যতা হৰপ্পাৰ বাসিন্দাসকলৰ বংশদ্ভোৱসকল আজিৰ ভাৰতবৰ্ষত আছেনে? আৰ্যসকলে অনাসংস্কৃত আৰু বৈদিক সভ্যতাক শ্ৰেষ্ঠ ভাৰতীয় ঐতিহ্য অ্যাখ্যা দিয়া গৈৰিক শিবিৰটোৱে মানি নল’ব যে প্ৰাক বৈদিক হৰপ্পা সভ্যতাৰ পতনৰ সময়ছোৱাত ইণ্ডো ইউৰোপীয় ভাষিক মূলৰ তথাকথিত আৰ্যগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল খ্ৰীপূৰ্ব ২০০০ আৰু ১০০০-ৰ ভিতৰত ।
২০১৩ চনত প্ৰকাশিত এক গৱেষণাত ভাৰতীয় মানুহৰ mtDNA বা মাইট’কন্দ্ৰিয়াত থকা DNA ৰ তথ্য বিশ্লেষণ কৰি পোৱা গৈছিল যে বিগত প্ৰায় দহহেজাৰ বছৰ জুৰি ভাৰতীয় মানুহৰ mt DNA ৰ কোনো পৰিৱৰ্তন ঘটা নাই, অৰ্থাৎ বাহিৰৰ কোনো প্ৰভাৱশালী DNA-ত থকা জিনৰ উপস্থিতি ভাৰতীয় মানুহৰ mt DNA ত প্ৰায় শূন্য। অৰ্থাৎ আজিৰ এশ ত্ৰিছ কৌটি ভাৰতীয় দহ-পোন্ধৰ হেজাৰ বছৰৰ পূৰ্বৰ কোনো মাতৃৰ বংশধৰ! কাৰণ mt DNA কেৱল মাতৃৰ ডিম্বাণুৰ পৰাহে সন্তানলৈ প্ৰৱাহিত হয়। যোৱা দুহেজাৰ বছৰত শক, হুন, মোগল, বৃটিছ আদি বহু বিদেশী শত্ৰুৰ আক্ৰমণ; সাম্প্ৰদায়িক দাংগা আৰু দেশ বিভাজনৰ হেজাৰ ধুমুহা পাৰ হৈ গৈছে। কিন্তু ভাৰতীয় মানুহৰ এই জৈৱিক আৰু সাংস্কৃতিক ঐক্যতান এতিয়াও শক্তিশালী ৰূপতেই আছে! কিন্তু ২০১৮ চনত প্ৰকাশিত প্ৰায় ৯২জন বিজ্ঞানীৰ সন্মিলিত প্ৰচেষ্টাৰ ফচল,”The Genomic Formation of South and Central Asia” শীৰ্ষক অন্য এক সুদীৰ্ঘ আৰু নিৰ্ণায়ক গৱেষণাই দেখুৱালে যে উত্তৰ ভাৰতীয় পুৰুষৰ ক্ষেত্ৰত প্ৰায় সোতৰ শতাংশৰেই Y ক্ৰমজমত (পুৰুষৰ XY ৰ বিপৰীতে স্ত্ৰীৰ ক্ষেত্ৰত XX ক্ৰম’জ’ম পোৱা যায়) থকা DNA ৰ হুবহু মিল পোৱা যায় মধ্য এছিয়া আৰু ইউৰোপৰ ইণ্ডো-ইউৰোপীয় ভাষা ব্যৱহাৰ কৰা বিশাল জনসমষ্টিৰ সৈতে। অৰ্থাৎ এই ভাষিক আৰ্যসকলেই আছিল আজিৰ উত্তৰ ভাৰতীয় মানুহৰ আদি বাসিন্দা। ইয়াৰে ভাৰতত প্ৰবেশ কৰা আৰ্যসকল আছিল পশুপালক, অশ্বাৰোহী পুৰুষৰ দল! এই পুৰুষদলেই পৰৱৰ্তী ভাৰতত পুৰুষতান্ত্ৰিক প্ৰমূল্যসমূহক গজগজীয়া কৰি তুলিছিল, আনহাতে বিস্তৰ অনাৰ্যকে ধৰি আদি ভাৰতীয় বাসিন্দাসকলক বা প্ৰাক্‌বৈদিক হৰপ্পা সভ্যতাৰ বংশধৰসকলৰ এটা অংশক দক্ষিণ ভাৰতলৈও ঠেলি পঠিয়াইছিল। ভাৰতত সোমোৱাৰ পূৰ্বেই ইউৰোপ আৰু এছিয়াৰ বহু ঠাইত এই প্ৰব্ৰজনকাৰীসকলে পূৰ্বৰ জনগোষ্ঠীৰ চিন-মোকাম নাইকীয়া কৰি পেলাইছিল। তাৰ প্ৰমাণ সেই জনগোষ্ঠীবোৰৰ DNA-ৰ অৱলুপ্তি, যি DNA-ৰ স্বাক্ষৰ সেই ঠাইবোৰত বাস কৰা আজিৰ জনসমষ্টিৰ মাজত আৰু পোৱা নাযায়।
জেনেটিকছ বিশেষকৈ মানৱ-জিনীয় বিজ্ঞানৰ গৱেষণাই এনেদৰেই আমাৰ সন্মুখৰ কেইবাখনো ৰুদ্ধ দুৱাৰ যেন মুকলি কৰি দিছে। যোৱা দশক দুটিত ভাৰতীয় ইতিহাস গৱেষণাৰ ক্ষেত্ৰখনক এক সমৰস্থলীত পৰিণত কৰা হৈছিল। শাসকীয় ৰাজনীতিকসকলক ইতিহাসবিদ আৰু ইতিহাসবিদসকলক ৰাষ্ট্ৰ বিৰোধী (anti national) সজোৱা হৈছিল। কিন্তু জিনীয়বিজ্ঞানৰ তথ্যক আওকাণ কৰাটো সিমান সহজসাধ্য নহয়।তাৰ বিপৰীতে পৰম্পৰাগত ইতিহাস গৱেষণাত ব্যৱহৃত সমল তথা খনন আদিৰ দ্বাৰা আঁহৰিত বিভিন্ন তথ্যক ভিন্ন উদ্দেশ্যৰে, ভিন্ন স্বাৰ্থত ব্যৱহাৰ কৰাটো সম্ভৱ। এই যে আমি জিনীয় তথ্য বা DNA-ৰ বিষয়ে উল্লেখ কৰিছো, সি আচলতে বহু হেজাৰ বছৰৰ, আনকি লাখ বছৰ, বা মিলিয়ন বছৰৰ পুৰণি কোনো জীৱৰ তথ্যও আমাক দিবলৈ সক্ষম!
মানৱ জিন’ম (Human Genome Project)ৰ গৱেষণাই বিশ্বৰ প্ৰতিজন মানুহৰে DNA 99.9 শতাংশ একেই বুলি প্ৰমাণ কৰিছে। তথাপি জিনীয়বিজ্ঞানৰ বিকৃতিৰে মানুহক পদানত কৰি ৰাখিব খোজা শ্ৰেষ্ঠ জিন বনাম নিকৃষ্ট জিনৰ বৰ্বৰ বিভাজনৰ অন্ত পৰা নাই।
********************************************
বিজ্ঞানৰ দৰ্শন আৰু যুক্তিবাদৰ পোহৰত সমাজ পৰিৱৰ্তনৰ ৰাজনৈতিক দৰ্শনক আমি কিদৰে নতুন ৰূপত সমৃদ্ধ কৰিম আৰু বৰ্তমানৰ নবীন পুৰুষ আৰু নাৰীক ভৱিষ্যতৰ চিন্তাশীল অথবা জ্যোতিপ্ৰসাদৰ ভাষাত ‘শিল্পীৰূপী জনতা‘ ৰূপে গঢ় দিম? এনে প্ৰশ্নৰ অৱতাৰণা এইবাবেই জৰুৰী হৈছে কাৰণ, এফালে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যদি জয়জয়কাৰ শুনা গৈছে তেন্তে আনফালে শুনা গৈছে সন্মিলিত ঘৃণা আৰু বৰ্বৰতাই সভ্যতা আৰু মানৱতাৰ সন্মুখলৈ নমাই অনা মহা সংকটৰ প্ৰতিধ্বনি। এই সন্ধিক্ষণত সেয়েহে ৰাজনৈতিক সংগ্ৰামৰ সৈতে বিজ্ঞান আৰু বৈজ্ঞানিক চেতনাৰ হকে সংগ্ৰামকো যুক্ত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। প্ৰকৃতিত তথা জীৱদেহত চলি থকা অণু-পৰমাণুৰ গতিপ্ৰকৃতি আৰু তাৰ পৰিৱৰ্তনশীল ছন্দৰ আলমত দ্বন্দ্বাত্মক বস্তুবাদে (Dialectical materialism) আমাক সমকালৰ বিভিন্ন ঘটনাপ্ৰৱাহ আৰু তাৰ আঁৰৰ বহু বিপৰীতমুখী কাৰক আৰু সিবোৰৰ প্ৰভাৱ তথা ক্ৰিয়া-প্ৰতিক্ৰিয়াক অবিচ্ছিন্ন অথচ চিৰ পৰিৱৰ্তনশীল ৰূপত চাবলৈ শিকাইছে। প্ৰতিক্ৰিয়াশীল, যন্ত্ৰৱৎ, পৰম্পৰাগত চিন্তাৰ কাৰাগাৰত নিমজ্জিত লোকে প্ৰকৃতি তথা সমাজৰ গৰ্ভত চলা এই চিৰায়ত বিৰোধধৰ্মীতাক প্ৰত্যক্ষ কৰিব নোৱাৰে। সেইবাবে সকলোকে ধাহিমুহি একে সাঁচত গঢ়ি তোলাৰ ভয়ানক বিকৃতিকে ‘স্বাভাৱিক’ বুলি গণ্য কৰে এইসকলে। ফলস্বৰূপে এক নেতা, এক দেশ, এক ধৰ্ম , এক সংস্কৃতি আৰু এক অৰ্থনীতিৰ শ্লোগানে বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। এই জনপ্ৰিয়তাৰ আঁৰত থকা পাশৱিক সংখ্যাগৰিষ্ঠতাই দৰাচলতে ফেচীবাদৰ মূল আধাৰ। যেনে বিধৰ্মীৰ বিৰুদ্ধে কোৰাণত থকা কেতবোৰ আপত্তিজনক, প্ৰৰোচনামূলক কথাৰ দোহাই দিয়েই ভাৰতত মুছলমানবিৰোধী হিন্দুত্ব ফেচীবাদে প্ৰচাৰ চলাইছে যে ইছলামিক জেহাদী সন্ত্ৰাসবাদ দৰাচলতে দেশ আৰু কাল নিৰপেক্ষ; ই ধ্বংসকামী কোৰাণৰেই সৃষ্টি! কিন্তু এই সন্ত্ৰাসবাদ সৃষ্টিৰ আঁৰৰ ভূ-ৰাজনৈতিক, অৰ্থনৈতিক বিভিন্ন কাৰক, বাহ্যিক শক্তিৰ নিৰবিচ্ছিন্ন প্ৰভাৱ তথা ৰক্তক্ষয়ী সাম্ৰাজ্যবাদী যুদ্ধ আদিৰ ইতিহাসক আওকাণ কৰি ইয়াৰ সামগ্ৰিক ৰূপটোক তুলি ধৰিব পৰা যাবনে? ঘৃণাৰ সদাগৰসকলে কিন্তু চিন্তাৰ এই জটিল দ্বন্দ্বমূলক পথ পৰিক্ৰমাত খোজ পেলাবলৈ দুখ লগাকৈ অক্ষম। ইছলামিক মৌলবাদী, ফেচিষ্টসকলেও সিহঁতৰ চিৰআধিপত্যবাদক বজাই ৰাখিবলৈ এফালে যিদৰে বৈজ্ঞানিক সৃষ্টিতত্ত্বৰ মৌলিক আৰু স্বতন্ত্ৰ জ্ঞানক নস্যাৎ কৰিছে, আনফালে পশ্চিমীয়া সাম্ৰাজ্যবাদৰ বিৰোধিতাৰে আধুনিকতা আৰু গণতন্ত্ৰৰ সমস্ত মানৱতাবাদী উপাদানৰ বিৰুদ্ধেই যুদ্ধ ঘোষণা কৰিছে।
সকলো ধৰ্মৰ মৌলবাদীসকলে সিহঁতৰ ক্ষমতা আৰু আধিপত্যৰ স্বাৰ্থতেই ধৰ্মৰ নিজস্ব ভাষা বা ৰূপ প্ৰতিৰূপ তৈয়াৰ কৰে, প্ৰয়োজনত উদাৰবাদৰ মুখাও পৰিধান কৰে। ধৰ্মীয় মৌলবাদক অতীতলৈ উভতি গৈ ধৰ্মৰ কোনো উদাৰ, সহনশীল বা ‘আচল ঐতিহ্য‘ৰ পুনৰুদ্ধাৰেৰে পৰাভূত কৰিব পৰা নাযাব। কাৰণ বাহ্যিক আচাৰ ,পদ্ধতি আৰু পৰম্পৰাযুক্ত ধৰ্মাচৰণেই অপৰিৱৰ্তনীয় ৰূপত ঐতিহ্য আৰু সংস্কৃতিৰ নামলৈ শেষত উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতিৰ মূল চালিকা শক্তি হৈ উঠে। অপবিজ্ঞানকে ধৰি মানৱতাৰ পৰিপন্থী সকলো চিন্তাৰ বিৰুদ্ধে মতাদৰ্শগত সংগ্ৰামৰ পথ অতিশয় জটিল। আমি মৌলিক বিজ্ঞানৰ জ্ঞানৰ আলোকতেই মাৰ্ক্সবাদৰ দৰে সমাজ-পৰিৱৰ্তনৰ ৰাজনৈতিক দৰ্শনক নতুন বিশ্ব পৰিস্থিতিত নতুন ৰূপত বুজি উঠিব লাগিব। মহাকালৰূপী কৃষ্ণ গহ্বৰক বুজিবলৈ যিদৰে আপেক্ষিকতাবাদ সেইদৰে কণিকাৰ ক্ষুদ্ৰ চলমান জগতখনক বুজি উঠিবলৈও কোৱান্টাম বিদ্যাৰ জ্ঞান অপৰিহাৰ্য। আপেক্ষিকতাবাদ, কোৱান্টাম বিদ্যা, বিৱৰ্তনীয় বিজ্ঞান আৰু পৰিস্থিতি বিদ্যাৰ সৈতে সমাজ পৰিৱৰ্তনৰ দৰ্শনক একীভূত কৰি এক নতুন সৰ্বতত্ত্বৰ (Theory of everything)নিৰ্মাণ সম্ভৱ নে ?

Leave a Reply

Your email address will not be published. Required fields are marked *