গল্প-কবিতা

হেংদাং।। ববিতা কলিতা

মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা
ৰাজপথৰ ব্যস্ততা!
পে পো। পে পো।
ফু-কন-লুং ফঁচি আছে ট্ৰেফিক জামত। মোগলকলীয়া যুদ্ধবৰ্মতকৈও কঠিন ধাতুৰে নিৰ্মিত চৈধ্যফুটীয়া ফু-কন-লুঙৰ শৰীৰ হাতীবন্ধা জৰীৰে নিকপকপীয়াকৈ বন্ধা। স্পীড ব্ৰেকাৰৰ হেন্দোলনিত ফুকনলুং ওফৰি পৰাৰ ভয় এতিয়া আৰু নাই।
পিছে বৰফুকনৰ হাতখন সুদা দেখোন! সেনাপতিৰ হাতৰ উদ্যত হেংদাংখন ক’লৈ গ’ল? নে “আছে হেংদাং লোৱা নাই, ল’লে হেংদাং ৰক্ষা নাই” নীতিতেই চলিছে ফুকনলুং?
গাড়ীখনত ঠাই কম হোৱা বাবে হয়তো হেং-দাংখন কাষতে থকা মৰাপাটৰ মোনাখনত সুমুৱাই থোৱা হৈছে।
অচিনাকি মানুহে গুঠা মৰাপাটৰ বিশেষ মোনাখন!
পে পো। পে পো।
কাণেৰে তেজ ওলাই অহাকৈ গাড়ীৰ হৰ্ণ বজোৱাৰ অবাধ প্ৰতিযোগিতা এখন চলিছে। হৰ্ণবোৰ যেন বাক হৈ ইজনে-সিজনক অশ্লীল গালি-গালাজহে কৰিছে।
“যাবিনে নাই বে? অফিচ আছে মোৰ?”
“কে* তোৰহে আছেনে অফিচ? আমি কি ঘোঁৰাৰ ঘাঁহ কাটিবলৈ ৰৈ আছোঁ ইয়াত।”
পে পো পে পো। হৰ্ণৰ উত্তৰ হৰ্ণে দিছে।
পিছে কোনে শুনিছে কাৰ কথা? ক্ৰমাৎ বাঢ়ি অহা শব্দ প্ৰদূষণে যেন গিলি পেলাইছে লাচিতৰ উদাত্ত কণ্ঠটি,
“দেশতকৈ মোমাই ডাঙৰ নহয়।”
“হেৰ’ মোমাই ডাঙৰ হওক বা নহওক,দেশতকৈ কিন্তু টকা ডাঙৰ। নহয়নে ছাৰ? হাঃ হাঃ হাঃ।”
হৰ্ণতকৈও ডাঙৰকৈ ওলাল বাসৱ কলিতাৰ হাঁহিটো।
প্ৰশাসনিক বিষয়া লাচিত দাসে ষ্টেয়াৰিংডাল ধৰি থাকিয়েই লাহেকৈ মূৰ দুপিয়াই শলাগি থ’লে। কলিতাৰ দৰে মানুহৰ সৈতে ইমান ফ্ৰেংক হ’ব নোৱাৰি। হেজাৰ হ’লেও পদবীৰ কথা আছে। ক’বলৈ গ’লে অফিচটোৰ তেঁৱেইতো সেনাপতি। বৰফুকন । ফুকনলুং।
“ছাৰ, গ্ৰীণ লাইট জ্বলিছে। ফু-কন-লুং গ’লগৈ।”
-কলিতাই প্ৰশাসনিক বিষয়া লাচিত দাসলৈ চাই ক’লে।
চিগনেল পোৱাৰ পাছত ষোল্লচকীয়া ট্ৰাকখনে লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্ত্তিটো কঢ়িয়াই আগুৱাই গ’ল।
“ছাৰ,আপোনাৰ নামটো কোনে দিছিল বাৰু?”
-হঠাতে সুধি দিলে কলিতাই।
নিম্নবৰ্গৰ সহায়ক বাসৱ কলিতা কথাচহকী মানুহ। কথা কোৱাৰ পাছতহে তেওঁ কেতিয়াবা ভাবি চায়, কথাখিনি ক’ব লাগিছিল নে নাই।বহু সময়ত ভাবিও নাচায়।
“নাজানো।”
দাস বিৰক্ত হৈছিল। গাড়ী চলাই থকা সময়ত তেওঁ কথা পাতিবলৈ এনেয়েও টান পায়। তাতে আৰু কেউপিনে ট্ৰেফিক আইনক বুঢ়া আঙুলি দেখুওৱা চালকেৰে ভৰ্তি। কাৰ খুন্দাত কোন ওফৰি পৰে, তাৰ ঠিকনা নাই।
কথাখিনি ভাবি শেষ কৰাৰ আগতেই নিয়মবহিৰ্ভূতভাৱে দাসৰ চৰকাৰী গাড়ীখন অভাৰটেক কৰি ফৰ্ছুনাৰ এখন আগুৱাই গ’ল। কথমপিহে দাসৰ গাড়ীখনৰ হেডলাইটটো জেগাত ওলমি থাকিল।
“দেখিলেনে ছাৰ? যান-বাহন আইন বুলি একোৱেই নাই এতিয়া। ঘৰৰপৰা ওলাবৰ পৰত থাপনাত ধূপ দুডাল জ্বলাই “অপৰাধ বিনাশন” বুলি ঘোষাভাগি ধৰিয়েই আহিব লাগে। তিৰী-ছলিকো মাত-বোল লগাই আহিব লাগে। বোলো কাল হৌ না হৌ।”
দাসে “হুম” বুলি সামৰি থ’লে।
“আচলতে আইন আমি কোনেনো মানিছোঁ? প্ৰফেশ্যনেল ইথিক্সবোৰ কোনেনো মানিছে? চৰকাৰেও শপত পাঠ কৰি ৰাইজক ঠগিছে। আমিও চাকৰি চাকৰি বুলি ঈশ্বৰক খাটনি ধৰি, চাকৰিৰ প্ৰথম দৰমহাৰে নামঘৰত শৰাই এখন দি আজৰি হৈ লৈছোঁ। তাৰপাছত সেই একেই দুৰ্নীতিৰ বোকাত ইজনে-সিজনক ভৰিত ধৰি চোঁচৰাই আনি বোকা ভাওনা খেলিছোঁ।
“বোলো, আজি গৰখা ঘৰত পেক ভাওনা আছে,
কায় কায় যাবি সংকালে ওলবি।”
নন্দোৎসৱ বুলি কথা নাই। বাৰমাহে চলে এতিয়া বোকা ভাওনা। বোকাত লেটি লোৱাৰ পাছত কোন দাস, কোন কলিতা চিনিব নোৱাৰা অৱস্থা হয়গৈ।”
দাসে ঘপহকৈ ব্ৰেক মাৰি দিয়ে। টলকিব নোৱাৰি কলিতা আগলৈ হাউলি পৰে।
“মাৰিব নেকি হে ছাৰ?”
প্ৰশ্নটি এৰি দি উত্তৰলৈ বাট নাচায় কলিতাই। তেওঁৰ দৃষ্টি সন্মুখৰ ষোল্লচকীয়াখনত। লাচিতক কঢ়িওৱা ট্ৰাকখন পুনৰ ৰৈ গৈছে ট্ৰেফিক জামত।
“চিট বেল্টডাল মাৰি লওক কলিতা।”
-দাসে অলপ কঠিন মাতেৰে ক’লে।
চিট বেল্ট মাৰিবলৈ ভাল নাপালেও কলিতাই চিট বেল্টডাল খপজপকৈ মাৰি লয়।
সেনাপতিৰ আদেশ অমান্য কৰিব নোৱাৰি।
বেল্টডাল মাৰি উঠি কলিতাই পিন্ধি থকা চাৰ্টটোৰ ওপৰৰ বুটামটো খুলি পেলায়। দিনকদিনে গৰমটো অসহনীয় হৈ আহিছে। উন্নয়নৰ নামতেই হওক বা কাৰোবাৰ কমিশ্যনৰ নামতেই হওক, ৰাইজে এইকণ গৰম সহিবই লাগিব দিয়কচোন। চৰকাৰী গাড়ীখনৰ এচিটো বেয়া হৈ আছে। দাসে ইচ্ছা কৰিলে সেইকণ নিজে ঠিক কৰিব পাৰে। কিন্তু নকৰে। চৰকাৰে কৰিব! ৰাজহুৱা শৌচাগাৰত পানী নমৰাৰ দৰে কথাবোৰ।
উপায় নাপাই গাড়ীৰ খিৰিকীখনকে খুলি দিলে কলিতাই। সন্মুখত সেয়া ৰূপোৱালী চাদৰ এখনৰ দৰে ঢৌ খেলি পৰি আছে মহাবাহু ব্ৰহ্মপুত্ৰ! ওপৰত ঐতিহাসিক শৰাইঘাট দলং। দলংখনৰ ওপৰত ট্ৰেফিক জামত ৰৈ আছে শ শ বাহন। তাৰে এখন বাহনৰ ওপৰত বাগৰি আছে চৈধ্যফুটীয়া লাচিত। পিছে তেওঁৰ হাতত উদ্যত হেংদাংখন আজি নাই। সেয়ে ৰামসিংহৰ সেনাৰো আৰু ভয় নাই। মৰাপাটৰ মোনা এখনত হেংদাংখন সোমাই আছে। লাচিতৰ সেনানিমুঠি কোনেও নজনাকৈ আফুগুটি হৈ পৰিছে।
কলিতাই মন কৰিলে লাচিতৰ ধাতুৰ চকুযুৰিত তেতিয়াও জ্বলি আছিল সময়ে মচিব নোৱাৰা জুই একুৰা। অশ্বক্ৰান্ত, ইটাখুলি, কামাখ্যা ক’তোৱেই পৰাজিত কৰিব পৰা নাছিল মোগলে দুৰ্দান্ত লাচিতক। লাচিত অপৰাজেয়।
লাচিত!
বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাই যে লিখিছিল “শৰাইঘাট নাই, শৰাইঘাট আছে। আচলতে “লিখিব লাগিছিল-“লাচিত নাই,লাচিত আছে।”
কথাখিনি মনত পৰাৰ লগে লগে কলিতাই ড্ৰাইভিং চিটত বহি থকা লাচিত দাসলৈ চায়। আগৰ জামানা নাই। ঘোচ খাই পেটুৱা হোৱা অফিচাৰবোৰ এতিয়া সোঁৱৰণী হ’ল। বডি বিল্ডিং কৰি টিপটপ এতিয়াৰ অফিচাৰৰ চেহেৰা। পেটলৈ চালে জিভাখনৰ দৈৰ্ঘ্য অনুমান কৰিব নোৱাৰি।
“ছাৰ, কথা এটা মনলৈ আহিছে। এই ধৰক, শৰাইঘাটত কেনেবাকৈ আজিও যুদ্ধ হ’লে, নেতৃত্ব কোনে দিবনো? দেশৰ বাবে প্ৰাণ দিবলৈ ওলাবনে আজিৰ লাচিত সেনা? আছেনে আজিও মাটি, পানী সকলোতে শতৰুক ৰুধিব পৰা পৰাক্ৰমী সেনাবোৰ? আছেনে সেই সাহ, সেই শৌৰ্য্য বীৰ্য?
-কলিতাই সুধিলে।
“উভতি আহকচোন কলিতা। আপুনি পোন্ধৰ শতিকাতেই ৰৈ আছেচোন।”
-দাসে ব্যংগ কৰিলে।
“কিন্তু শতিকা সলনি হ’লেই সলনি হয় জানো দেশাত্মবোধ? এতিয়াও দেশৰ বাবে কত জোৱানে প্ৰাণ আহুতি দি আছে। কিন্তু কিয়? আমাৰ দৰে ঘোচখোৰক সুৰক্ষা দিবৰ বাবেই ফুলকুমলীয়া ল’ৰাবোৰ পৰি আছে তেজৰ নৈত? তাৰ ওপৰেদি সজোৱা দলঙেৰে আমাৰ গাড়ী আগুৱাব পে পো পে পোকৈ। সন্মুখত হাতী বন্ধা জৰীৰে বান্ধ খাই ষোল্লচকীয়াত চিত হৈ পৰি থাকিব ফু-কন লুং?”
কলিতাৰ মনটো গধুৰ হৈ পৰে। তেওঁ নিজেওতো এই চিষ্টেমটোৰে অংশীদাৰ হৈ পৰিছে। লাচিত দাসৰেই সেনা তেওঁ। তেওঁলোকে এইজনা লাচিতৰ নিৰ্দেশমতেই কোৰ মাৰিছে, খাৱৈ খান্দিছে, দুখীয়া, নিচলাৰ টকাৰ ছান কাঢ়ি বান্ধি গৈছে টকাৰ অভেদ্য গড়। এতিয়া হেনো টকাৰ গড়তকৈ নিৰাপদ আৰু একোৱেই নাই। চিষ্টেমটোৰ বাবে টকাতকৈ দেশ ডাঙৰ নহয়। ডাঙৰ নহয় দেশৰ মানুহ।
কলিতাই দেখি আহিছে তেওঁ লগ পোৱা বিষয়াসকলৰ দুমুখীয়া চৰিত্ৰ। ৰাইজৰ ধন আত্মসাৎ কৰাৰ হেজাৰ চাতুৰীৰে পৰিচিত তেওঁ। ৰাইজে গামোচাৰে আদৰা ৰাজপত্ৰিত বিষয়াসকলৰ কত কলংকিত ইতিহাসৰ সাক্ষী তেওঁৰ এই পকা চুলিকেইডাল।
“কেছ টকা ল’বৰ পৰত অলপ সাৱধান হওক কলিতা। ভিজিলেন্সৰ মানুহে য’তে-ত’তে অপৰেশ্যন চলাই দিব পাৰে।”
“হ’ব ছাৰ।”
“আজি অনলাইন কিমান আহিছে কলিতা?”
“গন্তি কৰাই নাই ছাৰ।”
“কৰক গন্তি। ধন ঘটিবলৈ হ’লে এলাহ এৰিব লাগিব। লাচিতৰ সেনাই সিদিনা শুই দিয়া হ’লে গড় বান্ধিব পাৰিলেহেঁতেননে?”
সেনাপতিৰ নাম আৰু উপাধিবোৰ ভিন্ন। অথচ একেবোৰ নিৰ্দেশকে মানি আহিছে কলিতাই। পৰিতাপৰ কথাটো হ’ল এই বিষয়াসকল খাটি অসমীয়া। গাত লাচিতৰ তেজ থকা খিলঞ্জীয়া অসমীয়া!
পুৰণি দিনবোৰলৈ মনত পৰে কলিতাৰ। তাহানিৰ গাত ৰ’দ নলগা আৰু বৰষুণ নপৰা মানুহবোৰৰ হাড়ত এতিয়া বন গজিল। হওঁতে কলিতাহঁতৰ পিতৃকলীয়া শালি মাটি এডৰা আছিল। সেই মাটিডৰাৰ পৰা বছৰটো খাব পৰাকৈ ধানো আহিছিল। বাৰীত দুই-এপদ পাচলি হৈছিল। পুখুৰীতো খাই বই বেচিব পৰাকৈ মাছ আছিল। দেউতাকে সেইখিনিতেই সন্তোষেৰে চলিব জানিছিল। বয়স হোৱাত তেওঁক ৰাইজে জোৰকৈ সত্ৰাধিকাৰৰ বাবটো দিলে। খেতি-খোলা তেওঁ ভালকৈ চাব নোৱাৰা হ’ল। বাসৱ কলিতা আৰু তেওঁৰ ভায়েক দুজন দেউতাকৰ মাটিৰহে উত্তৰাধিকাৰী হ’ল। পিতাকে নিজ হাতে সজোৱা সপোনটোৰ উত্তৰাধিকাৰী নহ’ল।
“খেতি কৰি কি হ’বনো দাদা? আজি কালি খেতিয়কৰনো কি দাম আছে? কিন্তু মাটিৰ দাম আৰু সোণাৰ দাম সমান হৈছে। মাটিখিনি বেচি আমি চহৰত দুমহলীয়া ঘৰ এটা সাজিব পাৰোঁ। ইয়াত কাৰো ভৱিষ্যত নাই। আমাৰো নাই। আমাৰ ল’ৰা-ছোৱালীৰো নাই।”
বিক্ৰী হ’ল মাটি। বঙালে দুগুণ দাম দি কিনিলে সেই মাটি।
এটা বিলাসী জীৱনৰ সপোনে আত্মসমৰ্পন কৰোৱালে লাচিতৰ উত্তৰপুৰুষক। বাসৱ কলিতাই তেওঁৰ ভাগৰ মাটি বেচা টকাৰে চাকৰি এটা কিনিলে।
“উপৰুৱা টকা থকা চাকৰি। দৰমহা চুবই নালাগে। উপৰুৱা টকাৰে পাঁচ বছৰতে মূলধন উঠি যাব।”
অফিচৰ এইখন চকীতে সত্ৰাধিকাৰৰ পুত্ৰ বাসৱ কলিতাৰ মূলধন উঠোৱাৰ যাত্ৰা আৰম্ভ হৈছিল। তেওঁক নেতৃত্ব দিয়া সেনাপতিসকলৰ নামবোৰহে সলনি হৈছিল। কামবোৰ একেই আছিল।
“কি হ’ল হে কলিতা? ইমান সময় কথা নোকোৱাকৈ থাকিলে বিশ্বৰেকৰ্ড হৈ নাযাবনে?”
-দাসে কটাক্ষ কৰিলে।
“ৰেকৰ্ডটো হৈছেই ছাৰ। আমি অসমীয়াবোৰে কৰি পেলাইছোঁ ৰেকৰ্ড।”
“কিহৰ ৰেকৰ্ড? বিহুৰ, ঝুমাইৰ নে বাগুৰুম্বাৰ?”
“নাই ছাৰ। হাত দঙা ৰেকৰ্ড।”
কলিতাৰ কথা শুনি লাচিত দাসৰ মুখখন আন্ধাৰ হৈ পৰিল।
“আমি যতই নিলিখোঁ কবিতা, নাগাওঁ গান, আমি অসমীয়াবোৰ সদায় দুখীয়া হৈয়েই থাকি যাম। ধনী দেখুৱাবলৈকে আমি হাল এৰিলোঁ। পথাৰবোৰ হয় বঙালক নহয় বণিয়াক বিক্ৰী কৰিলোঁ। আমাৰ অৰ্থব্যৱস্হা নিজ হাতে আনৰ হাতত তুলি দি নিজে অস্ত্ৰ-শস্ত্ৰ লৈ আনৰ দেশত আত্মগোপন কৰি থাকিলোঁ, নিজৰ সম্পদ নিজে ধ্বংস কৰিলোঁ, আন্দোলন সংগঠন কৰি চান্দা খুজি ফুৰিলোঁ। চান্দা কি ছাৰ? ভিক্ষা খুজিলোঁ আমি, ভিক্ষা। তাৰপিছতো আমি ফিটাহি মাৰিবলৈ নেৰিলোঁ আমাৰ গাত লাচিতৰ তেজ আছে বুলি। আছে নেকি আমাৰ গাত লাচিতৰ তেজ? নৰিয়া গাৰে প্ৰবল প্ৰতাপী মোগলক খেদি পঠিওৱা তেজ আছে জানো আমাৰ গাত? ঘোচৰ টকাৰে মদ খাই খাই পানী কৰি পেলাইছোঁ আমাৰ তেজ। পানী কি, স্বাৰ্থসিদ্ধিৰ বাসনাই আমাক কুমেৰুৰ কঠিন বৰফৰ লেখীয়া কৰি পেলাইছে।”
“আজি দুটুপি বেছিকৈ ধৰিলে নেকি কলিতা? যা তা বকিছে যে?”
“বেছিকৈ ধৰিলেও মই মিছা কথাতো কোৱা নাই ছাৰ।”
দাসৰ গাড়ীখনে গন্তব্যস্থান পাবলৈ আৰু বেছিপৰ নাছিল। লাচিতক কঢ়িওৱা গাড়ীখন তেতিয়া কলিতাৰ নজৰৰ পৰা আঁতৰ হৈছিল।
“চাহ একাপ খাব নেকি কলিতা?”
-দাসে ব্যস্ত চাহৰ দোকান এখনৰ সন্মুখত গাড়ীখন ৰাখিলে।
“চাহ নাখাম কিয় ছাৰ? চাহ খাই খাইয়েই মই চহৰত মাটি কিনিলোঁ। দুমহলীয়া ঘৰ সাজিলোঁ। ল’ৰা-ছোৱালীক নামী-দামী স্কুলত পঢ়ুৱালোঁ। চাহ খামতো ছাৰ।”
সঁচাকৈ নিচা হৈছিল বাসৱ কলিতাৰ। লাচিত দাসে অৱসৰলৈ মাত্ৰ এটা দিন থকা মানুহজনলৈ চালে। মানুহজন দুৰ্বল হৈ পৰিছে। নতুন ইনিংছ এটাৰ বাবে তেওঁ শাৰীৰিক আৰু মানসিকভাৱে সাজু হৈ থকা নাই। অন্তৰ্দ্বন্দত ভূগিছে মানুহজন। আচলতে এই জেনেৰেশ্যনটো তামাম হিপক্ৰেটিক। কথা আৰু কামৰ মাজত মুঠেই মিল নাই। আৱেগ আৰু যুক্তিৰ মাজতো কোনো সন্তুলন নাই। দুই নম্বৰীও কৰিব আৰু পাপবোধতো ভূগিব।
লাচিত দাসে হুমুনিয়াহ এটা কাঢ়ি কলিতালৈ চাহৰ কাপটো সামান্য ঠেলি দিলে।
“কলিতা, চাহ খাওঁক।”
বাসৱ কলিতাই পোৱালিটোৱে মেজত থৈ যোৱা ধোঁৱাবলা চাহকাপলৈ চাই ৰ’ল।
একাপ চাহৰ দাম কিমান? দুইহাজাৰ নে দুই লাখ?
বাসৱ কলিতাই জীৱনত কিমানবাৰ নিলাম কৰিছে একোকাপ চাহক।
“দাদা, চাহ-পানী খাবলৈ কিবা এটা দিলে কামটো হ’বনে?”
-নিমাখিত যেন লগা ল’ৰাটোৱে সুধিছিল কলিতাক।
“কামটো হ’ব। দামটো অলপ বেছি পৰিব।”
“কিমান বেছি দাদা?”
“এই ধৰা বিশমান।”
“কিন্তু চাহ পানীৰ বাবে বিশ লাখ? এটা চাকৰিৰ দাম বিশ লাখ?
আমি খেতিয়ক মানুহ দাদা? ক’ৰপৰা দিম ইমান টকা?”
“খেতিয়ক হ’লে ভালহে। মই নিজেই চাকৰিৰ বাবে মাটি বিকি টকা দিছিলোঁ। তেতিয়া মাটিৰো দাম কম আছিল। চাকৰিৰো দাম কম আছিল। এতিয়া দুয়োটাৰে দাম একে অনুপাততে বাঢ়িছে। বিকি দিয়া। উপৰুৱা টকা থকা চাকৰি। পাঁচ বছৰতে আহি যাব আচল। আৰু শুন। যি কৰ, সোনকালে কৰিবি। এইটো মাহতেই অৱসৰ ল’ম মই।”
তেওঁক এবাৰ লগ পাবলৈ অফিচে-কেণ্টিনে, বাটে-ঘাটে খাপ পিটি থকা যুৱকজনলৈ মনত পৰি গ’ল বাসৱ কলিতাৰ।
কি কৰিছে বাৰু সি এতিয়া? তেওঁৰ কথাতেই বিকি পেলালে নেকি সি মাটিখিনি?
অফিচ পোৱাৰ পিছত বাসৱ কলিতাই যুৱকজনে দি যোৱা নম্বৰটোত ডায়েল কৰিলে।
“কিবা ব্যৱস্থা হ’লনে মেহতাব?”
“নাই দাদা। গ্ৰাহকেই পোৱা নাই।”
“ক’ত আছেনো তোমাৰ মাটিখিনি?”
“দাদা, আপুনি আহে যদি মই দেখুৱাই দিম। গ্ৰাহক পালে আপুনিয়ে ক’ব। আমাৰ মানুহৰ আজিকালি মাটি কিনা-বেচা কৰাটো টান হৈ পৰিছে।”
বাসৱ কলিতাই পলম নকৰি মেহতাৱৰ স্কুটীৰ পিছফালে বহি ল’লে।
“দাদা, এই গছজোপাৰপৰা সৌ পকী পোষ্টটোলৈকে।”
-মাটিখিনি কলিতাক দেখুৱাই দিলে মেহতাবে।
কিন্তু কি দেখিলে বাসৱ কলিতাই? এখন পথাৰ নে এছোৱা এৰি অহা সময়ক? গলধনত পৰি থকা খোপাটিৰে গছজোপাৰ তলত সেইজন তেওঁৰ সত্ৰাধিকাৰ পিতাক। দুচকুত তেওঁৰ পথাৰখন হেৰুওৱাৰ বেজাৰ। একালত বাসৱ কলিতাৰ দেউতাকে খেতি কৰা পথাৰখনত এতিয়া মেহতাবৰ বাপেকে খেতি কৰিছে। অইন অইন পথাৰৰ দৰে এইখন পথাৰ কংক্ৰিটৰ হৈ যোৱা নাই। পথাৰখনতে গজি উঠিছে গাত ৰ’দ নলগা আৰু বৰষুণ নপৰা এজাক মানুহ।
“থাকক দে মেহতাব। মাটিখিনি বিকিব নালাগে।”
“কিন্তু মাটি নিবিকিলে ইমানবোৰ টকা ক’ত পাম?”
“মেহতাব, চাকৰি কৰাটো জৰুৰী নেকি?”
“খেতিয়কৰ কিবা মূল্য আছে নেকি দাদা?”
বাসৱ কলিতা যেন সময় চক্ৰৰ ওলোটা দিশে গতি কৰিছে। তেওঁ উভতি যাব নে আগলৈ চাব?
“বাৰু। তোমাৰ কামটো কৰি দিবলৈ চেষ্টা কৰিম মই মেহতাব।”
মেহতাবৰ দুচকুত তেতিয়াও প্ৰশ্নবোধক চাৱনি এটা লাগি আছিল। টকা নোহোৱাকৈ হ’ব জানো কাম? চাকৰিটো আইনমতে সিয়েই পাব লাগে। কিন্তু অন্য এজন দাবীদাৰে লেঠাটো লগাইছে। সংখ্যালঘূ মানুহ সি। পাব জানো সি তাৰ প্ৰাপ্য?
কলিতাই মেহতাবক পিঠিত চপৰিয়াই আশ্বাস দিলে।
“হৈ যাব কাম।”
কলিতাই ভাবিছিল, লাচিত দাস আজিৰ প্ৰজন্মৰ মানুহ। তেওঁ নিশ্চয় অৱসৰী কৰ্মচাৰী এজনৰ শেষ প্ৰাৰ্থনাটি স্বীকাৰ কৰিব।
“কি যে কয় নহয় কলিতা? আপুনি এইখন খেলৰ পুৰণি খেলুৱৈ। আপুনি জানেই দেখোন এই ধনৰ অংশ ক’ৰ পৰা ক’লৈ যায়। মই অকলেই খাম জানো বিশ লাখ টকা?”
বাসৱ কলিতাই বুজি পালে সেনাপতিৰ ইংগিত। টকাৰ গড় বান্ধিবলৈ হ’লে আৱেগিক হৈ লাভ নাই। অনুগত সেনাৰ দৰে দিনে ৰাতি কাম কৰি যাব লাগিব।
“হ’ব ছাৰ। চাহপানীৰ বাবে আমাকো কিবা অলপ।”
“পাই যাব কলিতা। কাইলৈ আপোনাৰ ফেয়াৰৱেল শকতকৈয়ে দি দিম।”
“বাসৱ কলিতাই তেওঁৰ সঞ্চিত পুঁজিৰ পৰা নগদ বিশলাখ টকা উলিয়াই আনি সেনাপতিৰ হাতত অৰ্পণ কৰিলে।”
লগে লগে তৎপৰ হৈ উঠিল ভিজিলেন্স।
“চলিউশ্যনটোত আঙুলিকেইটা বুৰাই দিয়ক মিঃ দাস।”
পলকতে ৰঙীন হৈ পৰিল লাচিতৰ আঙুলি। মোগলৰ তেজেৰে নহয়! ঘোচৰ টকাত লাগি থকা পাউদাৰেৰে।
তাৰমানে বাসৱ কলিতাৰ লগত সেইজন মেহতাব নাছিল? দুৰ্নীতি নিবাৰক শাখাৰ মানুহ আছিল সেইজন?
লাচিত দাসৰ বুজোঁতে পলম হ’ল।
“আপুনি কামটো ভাল নকৰিলে। আপোনাক চাই ল’ম কলিতা।”
যাবৰ পৰত ভাবুকি এটা দি গ’ল লাচিত দাসে।
কলিতা সেইবোৰলৈ নৰ’ল। মেহতাবৰ কামটো কৰিবলৈ তেওঁ তৎপৰ হৈ পৰিল। গধূলি হোৱাৰ আগতে তেওঁ কাগজখিনি সাজু কৰি পেলালে।
“দাদা, আপোনাক কি বুলি ধন্যবাদ দিম?”
“ধন্যবাদ নালাগে মোক। ইমান নিঃস্বাৰ্থ মানুহ নহয় মই। এই টকাখিনি লোৱা আৰু আমাৰ পিতাইৰ মাটিখিনি আমাক ঘূৰাই দিয়া।”
বাসৱ কলিতাই তেওঁৰ জীৱনত উপাৰ্জন কৰা সমস্ত উপৰুৱা ধন মেহতাবৰ হাতত তুলি দি তেওঁৰ পিতৃকলীয়া মাটিখিনি ওভতাই আনিলে।
ঘোচখোৰ বিষয়া লাচিত দাসৰ ওপৰত তদন্ত চলি থাকিল। তালাচীৰ কোবত চাচপেণ্ডেড লাচিতৰ টকাৰ গড়টো জৰ্জৰকৈ খহি পৰি উঁই হাঁফলু এটাৰ আকাৰ ধাৰণ কৰিলে।
কলিতা তেতিয়া পথাৰৰ মানুহ। গাত ৰ’দ নলগা আৰু বৰষুণ নপৰা মানুহ।
কলিতাহঁতৰ পথাৰখনৰ সন্মুখৰ উদ্যানখনত লাচিত বৰফুকনৰ চৈধ্যফুটীয়া পূৰ্ণাংগ ধাতুৰ মূৰ্ত্তিটো প্ৰতিষ্ঠা কৰা হ’ল। লাচিতৰ ধাতুৰ চকুযুৰিত তেতিয়াও জ্বলি আছিল দেশাত্মবোধৰ অনিৰ্বাপিত জুই একুৰা আৰু এখন হাতত চিকমিকাই আছিল উদ্যত হেংদাংখন।
আনখন হাতৰ তৰ্জ্জনী আঙুলিৰে লাচিতে বাৰু কাক আঙুলিয়াই দেখুৱাইছে?
আজিৰ শৰাইঘাট কোনখন?
আজি দেশৰ শতৰু কোন?
লাচিত বৰফুকনে সন্মুখলৈ টোঁৱাই থকা আঙুলিটোলৈ কলিতাই মূৰ তুলি চাব নোৱাৰা হ’ল। ধৃত বিষয়া লাচিত দাসে ৰঙাঘৰত নোপোৱা শাস্তিখিনি বাসৱ কলিতাই যেন মুকলি পথাৰখনতে পাবলৈ ধৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *