বিবিধ চিন্তা

হ’ল’কাষ্ট : ইতিহাসৰ এক ক’লা অধ্যায় – নমিতা দত্ত

১৯৩৩ চনত জাৰ্মানীত যেতিয়া নাৎসীবাহিনীৰ হাতলৈ শাসনৰ বাঘজৰী আহিল, তেতিয়াৰে পৰা জাৰ্মানী তথা জাৰ্মানীয়ে দখল কৰা অঞ্চলসমূহত ইহুদিসকলৰ দুৰ্দশা আৰম্ভ হয়। জাৰ্মানীয়ে ১৯৩৯ চনত পোলেণ্ড দখল কৰাৰ পাছত, নাৎসী বাহিনীয়ে ইহুদিসকলক জাৰ্মানীৰ (The Third Reich) পৰা পোলেণ্ডলৈ নিৰ্বাসিত কৰাৰ ব্যৱস্থা কৰিছিল। ইয়াৰ মুখ্য উদ্দেশ্য আছিল ইহুদীসকলক বাকী জনসাধাৰণৰ পৰা পৃথক কৰা। তাৰ পাছতেই আৰম্ভ হৈছিল নাৎসীবাহিনীৰ “শেষ সমিধান” (The Final Solution)। ১৯৪১ চনত ৰুছদেশৰ পশ্চিম অংশ জাৰ্মানীৰ দখলত অহাৰ পাছতেই নাৎসীবাহিনীয়ে জাৰ্মানীৰ শাসনাধীন বিভিন্ন স্থানত ইহুদি নিধনৰ বাবে নিৰ্যাতন-শিবিৰ (Concentration camp) গঠনৰ কাম আৰম্ভ কৰে। এই নৰহত্যা কেৱল জাৰ্মানীৰেই নহয়, সমগ্ৰ বিশ্ব-ইতিহাসৰেই এক ক’লা অধ্যায়, যাক জনা যায় হ’ল’কাষ্ট (Holocaust) নামেৰে। নাৎসীবাহিনীৰ এই নিৰ্যাতন-শিবিৰসমূহ মূলতঃ গঠন কৰা হৈছিল ৰাজনৈতিকভাবে দেশদ্ৰোহী হিচাপে গণ্য কৰাসকল, নিকৃষ্ট জাতি বুলি গণ্য কৰাসকল যেনে ৰোমা (Roma), শ্লাভিক আৰু বিশেষকৈ ইহুদিসকলৰ বাবে। ষাঠি লাখতকৈয়ো অধিক ইহুদি লোকক এই নিৰ্যাতন শিবিৰসমূহত হত্যা কৰা হৈছিল। তেওঁলোকক খাবলৈ দিয়া হোৱা নাছিল, সাধ্যতকৈ অধিক কামত খটুৱাইছিল আৰু নিৰ্যাতন শিবিৰৰ গেছ চেম্বাৰত বিষাক্ত গেছ দি হত্যা কৰা হৈছিল। এই নিধন যজ্ঞই সৰ্বোচ্চ স্তৰ পাইছিলগৈ আউচভিটজ (Auschwitz) শিবিৰত। ১৯৩৪ চনৰ আগভাগতে প্ৰায় ৩০,০০০তকৈয়ো অধিক ইহুদি লোকক গ্ৰেপ্তাৰ কৰি দাখাও (Dachau), বুখেনৱাল্ড (Buchenwald camp) আদি শিবিৰত হত্যা কৰা হৈছিল।

আউচভিটজৰ (Auschwitz) মূল প্ৰৱেশদ্বাৰ

১৯৩৮ চনৰ আগ ভাগতে জাৰ্মানীয়ে অষ্ট্ৰীয়া দখল কৰে। প্ৰকৃততে ১৯৩৩ চনৰ পৰাই অষ্ট্ৰীয়াত নাৎসীবাহিনীৰ প্ৰতি সমৰ্থন বৃদ্ধি পাবলৈ ধৰে আৰু ১৯৩৪ চনত নাৎসীবাহিনীয়ে অষ্ট্ৰীয়াৰ চেঞ্চেলৰ (Chancellor) এঞ্জেলবাৰ্ট ডলফাঁচক হত্যা কৰে। আনহাতে ইটালিৰ সমৰ্থন জাৰ্মানীৰ প্ৰতি বাঢ়ি অহাৰ লগে লগে অষ্ট্ৰীয়া ক্ৰমশঃ অকলশৰীয়া হৈ পৰে আৰু ১৩ মাৰ্চ ১৯৩৪ চনত অষ্ট্ৰীয়া জাৰ্মান সাম্ৰাজ্যৰ (Greater German Reich) অধীনলৈ আহে। এই ঘটনাৰ ফলস্বৰূপে হাজাৰৰো অধিক জাৰ্মান আৰু অষ্ট্ৰীয়ান ইহুদী গ্ৰেপ্তাৰ হৈ দাখাও (Dachau), বুখেনৱাল্ড (Buchenwald), চখচেনহ’ছেন (Sachsenhausen) আদিৰ দৰে নিৰ্বাসনকেন্দ্ৰ পায়গৈ। ইহুদীসকলৰ ওপৰত নিৰ্যাতনৰ মুখ্য আদৰ্শবাদ আছিল জাৰ্মান ৰক্ত কৌলীন্য। জাৰ্মানসকলৰ ধমনীত বিশুদ্ধ আৰ্যৰক্ত প্ৰবাহিত হৈ থকা বুলি কৰা অযুক্তিকৰ বিশ্বাসে তেওঁলোকৰ মাজত এক উগ্ৰ জাতীয়তাবাদৰ জন্ম দিছিল। আনহাতে ইহুদীসকলক গণ্য কৰা হৈছিল অনা-আৰ্য হিচাপে। জাৰ্মানসকলৰ জাতিগত বিশুদ্ধতা ৰক্ষা কৰিবৰ বাবে নাৎসীবাহিনীয়ে সমগ্ৰ ইউৰোপতে ইহুদীসকলক অতি বৰ্বৰতাৰে হত্যা কৰিছিল। নাৎসীবাহিনীয়ে নিৰ্মাণ কৰা নিৰ্যাতন শিবিৰসমূহ হৈছে: ক) চেলমন’ (Chelmno), খ) বেলজেক (Belzec), গ) চবিবৰ (Sobibor), ঘ) ত্ৰেব্লিংকা (Treblinka), ঙ) মাইডানেক (Majdanek), চ) আউচভিটজ (Auschwitz)। আউচভিটজ বা আউচভিটজ বাৰ্কেনাউ নাৎসীবাহিনীৰ আটাইতকৈ বৃহৎ নিৰ্যাতন তথা হত্যা শিবিৰ আছিল। দক্ষিণ পোলেণ্ডৰ উজৱিছিম (Oswiecim) নামৰ এখন ঔদ্যোগিক চহৰত অৱস্থিত আউচভিটজ প্ৰকৃততে তিনিটা শিবিৰৰ সমষ্টি আছিল: বন্দী শিবিৰ, হত্যা শিবিৰ (Extermination camp) আৰু দাস শিবিৰ (Slave labour camp)। এই আউচভিটজ শিবিৰত প্ৰায় ১০-১৫ লাখ লোকক হত্যা কৰা হৈছিল যাৰ ৯০ শতাংশই আছিল ইহুদী। বন্দীসকলক নিৰ্যাতন শিবিৰলৈ অনাৰ পাছতেই তেওঁলোকক চিকিৎসকে নিৰীক্ষণ কৰিছিল আৰু যিসকল লোক বনুৱাৰ কাম কৰিবলৈ অপৰাগ আছিল, যেনে শিশু, বয়সস্থ অথবা সন্তানসম্ভৱা মহিলা—, তেওঁলোকক “স্নানাগাৰ”লৈ বুলি লৈ যোৱা হৈছিল যিটো প্ৰকৃততে আছিল “গেছ চেম্বাৰ”। এই গেছ চেম্বাৰত পৃথকীকৃত লোকসকলক জাইক্লন-বি (Zyclon-B) নামৰ এক বিহ গেছ দি হত্যা কৰা হৈছিল। ২০০৭ চনত বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ পুৰাতত্ব বিভাগে চলোৱা এক খনন কাৰ্যত পোৱা গৈছিল যে নাৎসীসকলে এই গেছ চেম্বাৰৰ মজিয়াত এক বিশেষ ধৰণৰ টাইল (tile) ব্যৱহাৰ কৰিছিল, যি টাইল ইহুদিসকলৰ ধৰ্মীয় স্নানাগাৰত পোৱা গৈছিল। অৰ্থাৎ নাৎসীসকলে নিৰপৰাধী বন্দীসকলক পতিয়ন নিয়াবলৈ এই পন্থা অৱলম্বন কৰিছিল। কি আসুৰিক!

ইয়াৰ উপৰিও আউচভিটজৰ কোনো কোনো বন্দীক চিকিৎসা বিষয়ক পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা হৈছিল, যিবিলাক আছিল অতিশয় ঘৃণনীয় আৰু পৈশাচিক। নাৎসীবাহিনীৰ এজন উচ্চ পদস্থ বিষয়া তথা চিকিৎসাবিজ্ঞানী আছিল যোচেফ মেঙেলে, যাক “মৃত্যুৰ দেৱদূত” (Angel of Death) নামেৰে জনা গৈছিল। তেওঁ পৰীক্ষা-নিৰীক্ষাৰ নামত কাৰাবাসীসকলৰ ওপৰত অমানুষিক অত্যাচাৰ চলাইছিল। চকুৰ ৰঙৰ বিষয়ে কৰা এক পৰীক্ষাৰ বাবে তেওঁ বন্দী কিছুমানৰ চকুৰ মণিত এবিধ বিশেষ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিছিল, যাৰ ভয়ংকৰ পৰিণাম স্বৰূপে বহুতো শিশু অন্ধ হৈ পৰিছিল। বন্দীসকলৰ প্ৰজননক্ষমতা নুই কৰিবলৈ বিভিন্ন ধৰণৰ শক্তিশালী ৰশ্মি (radiation) প্ৰয়োগ কৰিছিল যাৰ পাৰ্শ্বক্ৰিয়া বন্দীসকলৰ দেহত অতি জটিলভাৱে দেখা দিছিল। যিসকল বন্দী বনুৱাই অসহনীয় শীত আৰু পুষ্টিহীনতাত ভুগি ৰুগীয়া হৈ পৰিছিল, তেওঁলোকক পিছত গেছ চেম্বাৰত হত্যা কৰা হৈছিল।

১৯৪৪ চনৰ আগভাগতে যেতিয়া ৰুছসেনাই ক্ৰমান্বয়ে জাৰ্মানীক পৰাস্ত কৰি আগবাঢ়ি আহিল, জাৰ্মান নাৎসীবাহিনীয়ে সকলো গেছ চেম্বাৰ আৰু নিৰ্যাতন শিবিৰ ধ্বংস কৰি পেলালে যাতে এই কুকৰ্মৰ বিষয়ে বিশ্ববাসী জ্ঞাত নহয়। ১৯৪৫ চনৰ ২৭ জানুৱাৰীত যেতিয়া ছোভিয়েট সৈন্যই আউচভিটজ দখল কৰে, লক্ষাধিক কয়দীৰ মাজত মাত্ৰ কেইহাজাৰমানহে তেওঁলোকে জীৱিত অৱস্থাত পাইছিল। হ’ল’কাষ্টে সমগ্ৰ ইহুদীসকলৰ জীৱন এনেদৰে বিধস্ত কৰি গ’ল যে এবাৰ এক সাক্ষাৎকাৰত এগৰাকী ইহুদিয়ে কৈছিল “After Auschwitz the human condition was no longer the same. After Auschwitz, nothing will ever be the same”।

আউচভিটজত কেইগৰাকীমান যঁজা কিশোৰ-কিশোৰী। যোচেফ মেঙেলেৰ ভয়ংকৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে তেওঁলোকক ৰাখি থোৱা হৈছিল। ১৯৪৫ চনত ছোৱিয়েট যুনিয়নৰ ৰেড আৰ্মিয়ে তেওঁলোকক উদ্ধাৰ কৰিছিল।

নাৎসীবাহিনীৰ উগ্ৰ জাতীয়তাবাদে লক্ষ লক্ষ ইহুদীৰ জীৱন পংগু কৰি পেলাইছিল। ২৭ জানুৱাৰী, অৰ্থাৎ যিটো দিনত ছোভিয়েট সৈন্যই আউচভিটজ বাৰ্কেনাউ মুক্ত কৰিছিল, সেই দিনটো হ’ল’কাষ্ট স্মাৰক দিৱস হিচাপে পালন কৰা হয়। হ’ল’কাষ্টৰ প্ৰত্যক্ষদৰ্শী ইহুদী ৰসায়নবিদ প্ৰাইম’ লেভী-এ কৈছিল, “যিহেতু এই ঘটনা এবাৰ সংঘটিত হৈছে, ই পুনৰ সংঘটিত হ’ব পাৰে। যি উগ্ৰ জাতীয়তাবাদে—, এক বিশেষ শ্ৰেণীৰ লোকৰ প্ৰতি ঘৃণাই—, হ’ল’কাষ্টৰ দৰে নৃশংস গণসংহাৰক বাস্তৱত পৰিণত কৰিলে, সেই আদৰ্শবাদ ‌এক শ্ৰেণীৰ লোকৰ মাজত আজিও সুপ্ত হৈ থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। সেয়েহে বুৰঞ্জীৰ পৰা শিক্ষা লোৱাটো অতি প্ৰয়োজন।” হ’ল’কাষ্ট কেৱল ইউৰোপীয় ইহুদীসকলৰ গণহত্যাই নহয়, ই এক ৰাষ্ট্ৰ অনুমোদিত অমানৱীয় আৰু নিষ্ঠুৰ মতাদৰ্শ। এনে আদৰ্শবাদ যাতে কোনো সমাজতে কাঠফুলাৰ দৰে গজি উঠিব নোৱাৰে তাৰ প্ৰতি সচেতন হোৱাটো সাম্প্ৰতিক সময়ত অতি জৰুৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *