গল্প-কবিতা

কি ভাবিছে আপুনি? ।। মৃদুল হাজৰিকা

মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা

কি ভাবিছে আপুনি?
দেশৰ কথা!
সমাজৰ কথা!
নে পৰিয়ালৰ কথা!

উগ্ৰধৰ্মৰ শক্তিৰ কথা
ভবাৰ দেশত
মানুহৰ কথা
কি ভাবিব আপুনি?

মন্দিৰক শীৰ্ষ কৰি
ভবাৰ দেশত
পথাৰৰ কথা
কি ভাবিব?

ধৰ্মটো দেখোন
নিজৰ শৰীৰতে আছিল
অসুৰক কিয়
মন্থন কৰিবলৈ দিলে?

মন্দিৰটোও আছিল
আপোনালোকৰ হৃদয়ত
কিয় অসুৰৰ হাতত
অৰ্পণ কৰিলে?

মনৰ মন্দিৰ নাই বাবেই
আপুনি আমাৰ
কাষত নাই,
আৰু আমিও নাই
আপোনাৰ কাষত।
বিচ্ছিন্ন হৈ গলোঁ
আমি আপোনালোকৰ পৰা,
আৰু আপোনালোক
আমাৰ পৰা
নভবাকৈয়ে

আজি ৰজাৰ মেলত হেনো
ধৰ্মৰহে কথা,
বিবাহৰহে কথা,
অশ্লীল ভাষাই
খুঁটি পুতি বহিছে
শৃংখল ছিঙাৰ
বাট গঢ়িছে
ৰাইজমেলত,
আপোনাৰ পথাৰ
আপোনাৰ ভঁৰাল
আপোনাৰ আখলৰ কথা
নাই এই ৰাইজমেলত।

আপোনাৰ স্বাস্থ্য
আপোনাৰ শিক্ষা
বনিয়াৰ পকেটত,
ৰাজ ভঁৰাল টনকিয়ালত
ব্যস্ত সিহঁত।

এতিয়া হেনো দেশত
অৰ্থনীতি জ্বলিছে
নে জ্বলাইছে!

বিদেশৰ বেংকত
সিহঁতৰ টকাবোৰ
অক্ষত আছে।

খাদ্যৰ তালিকাত
সিহঁতৰ ব্যঞ্জন
এধানমানো নকমে,
এতিয়া খাজানাবোৰ বাঢ়িল
মূল্যবোৰ আৰু বাঢ়িব।

এতিয়া সিহঁতে
আন্ধাৰ আনি আছে
আন্ধাৰত ধুমুহা আনি আছে।

আনি থকা ধুমুহাত
আপোনাৰ
ঘৰ উৰিব
ভঁৰাল উৰিব
গোহালি উৰিব
মন ভাঙিব,
মাথো থাকিব
ৰাজপথটো।

কিন্তু—
ৰাজপথৰ কাষৰ গছবোৰ
আছেনে নাই
এবাৰ চাইছেনে!
উৰণীয়া সেতুয়ে
থপিয়াই নিয়া গছবোৰ
বণিয়াৰ পেটত
সম্পদ হৈ গজে।

কি ভাবিছে আপুনি?

আপোনাৰ পৰিয়াল
আপোনাৰ সমাজ
আপোনাৰ দেশ
বচাবলৈ
আজি আছে
কেৱল ৰাজপথটো।

কিন্তু—
ৰাজপথত সাজি থৈছে
ৰজাৰ বেৰিকেড
ৰজাৰ প্ৰতিৰোধৰ বাবে।

পিছে—
কি ভাবিছে আপুনি?

ধৰ্মটো অকণমান
নিলগাই ৰাখি
নিজৰ শৰীৰটো
এবাৰ চাওকচোন
চিন্তাবোৰ
বিশৃংখল হৈছে নেকি!
আপুনি বাৰু অমানুহ হৈছেনেকি!
ভাবক, অনুভৱ কৰক,
যেন এটা বেক্টেৰিয়াহে
ক্ৰমশঃ আঁতৰিছে।

এবাৰ ভাবকচোন—
এখন বহল পথাৰৰ মাজেৰে
বৈ অহা বঙিয়াটোৰ
জলধাৰাত জিলিকি থকা
আপোনাৰ মুখখন,
কাষত
টঙী ঘৰৰ সৈতে
আপোনাৰ মৰমৰ পথাৰখন,
পথাৰে কিন্তু প্ৰশ্ন নকৰে
আপোনাৰ ৰাষ্ট্ৰ ধৰ্ম কি?
পথাৰে বিচাৰিছে আপোনাৰ হাতখন
আপোনাৰ কোৰখন
আপোনাৰ নাঙলেৰে সৈতে
কৰ্মৰে ধৰ্ম গঢ়া
আপোনাৰ অন্তৰৰ হেঁপাহকণ।

মনত ৰাখিব,
এদিন
গছবিহীন ৰাজপথত
তপত বায়ুৰ সঞ্চালনত
আপোনাৰ দুভৰিয়ে
যেতিয়া নাচিব
এই গণ উত্তাপত
ৰাজপথতে
এদিন ৰজাৰ
বেৰিকেড জ্বলিব।

Leave a Reply

Your email address will not be published. Required fields are marked *