যেতিয়া পৃথিৱীয়ে ল’লে ‘ৰামধেনু-বৰণ’ – ( ডাঃ ৰাজীৱ ভট্টাচাৰ্য)
শিশুটিয়ে ক’লে- ‘ব’লা ওলাই যাওঁ
পৃথিৱীখনকে ৰামধেনু কৰোঁগৈ ব’লানা’
শিশুটিৰ আকুল শুভ্ৰ কণ্ঠস্বৰ পৃথিৱীয়ে শুনিলে চাগে
নৈপাৰৰ প্ৰকৃতি স্থপতি শিলবোৰে ল’লে ৰামধেনু বৰণ
নৈখন হ’ল সাতোৰঙী ঢৌ সাথৰ
চৰাইৰ কণ্ঠস্ৰোতত সিঁচৰতি সাতো আবিৰ
বালিচন্দাবোৰ একো একোটি ৰামধেনু বৰণ
নিয়ৰ টোপাল
দেউতাৰ কবিতাত মীনাকৰা ৰামধেনু বৰণৰ
বৰণীয়া শোভা
জুহালৰ কাষতে
মলঙী এলান্ধু হোৱা
মাৰ সপোনবোৰ
এতিয়া ৰামধেনু বৰণীয়া ফুল একোপাহ
তোমাৰ খোপাত
সাৰ পোৱা মাধৈমালতীৰ গোন্ধে
ল’লে
ৰামধেনু ৰূপ
বাসন্তী উছৱ হ’ব এইবেলি পতা
ঢৌ খেলো খেলো খেলো খেলো
মতলীয়া উঠন বুকুৰ ৰামধেনু পৰশ
আৰু
পৰমাৰ সেউজ নিশাহ লগ লগালেহি
ৰামধেনু বৰণীয়া
ধেনুভিৰীয়া
সপোন সপোন লগা
এখন সাঁকোৱে
এতিয়া ৰামধেনুময়
অনুভূতি আমাৰ
শিশুটিৰ নিষ্পাপ আকুতি
পৃথিৱীয়ে শুনিলে চাগে