কেন্দ্ৰীয় নিবন্ধসাক্ষাৎকাৰ

ড॰ ৰুবুল মাউতৰ সৈতে সাক্ষাৎকাৰ – (সাক্ষাৎগ্ৰহণ: ভাস্কৰ ভূঞা)

‘মুক্ত চিন্তা’ ই আলোচনীৰ পৰা আপোনালৈ প্ৰীতি সম্ভাষণ জনাইছোঁ৷ এজন বিজ্ঞানী হিচাপে আপুনি এতিয়া ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বৰ বিদ্বৎ মহলত পৰিচিত৷ সমান্তৰালভাৱে এজন লেখক হিচাপেও আপোনাৰ পৰিচয় ঘটিছে৷ শেহতীয়াভাৱে আপোনাৰ গৱেষণাৰ বিষয় আৰু বিজ্ঞান বিষয়টোক নৱ-প্ৰজন্মৰ মাজলৈ লৈ যাবলৈ আপুনি আৰম্ভ কৰা কাৰ্যপন্থাই অসমৰ নৱ-প্ৰজন্মক উৎসাহিত আৰু সমৃদ্ধ কৰিব বুলি আমি আশা ৰাখিছোঁ৷ অসমৰ এখন পাছপৰা অঞ্চলৰপৰা দুখ-দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম কৰি কৰি আপুনি মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ সুবিধা লাভ কৰাৰ লগতে শেহতীয়াকৈ হাভাৰ্ড বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ সুযোগ লাভ কৰিছে৷ এই বিদ্যায়তনিক দিশৰ সমান্তৰালভাৱে আপুনি লিখি উলিওৱা ‘মোৰো এটা সপোন আছে’ শীৰ্ষক আত্মজীৱনীখনেও আপোনাৰ জীৱন আৰু কৰ্মপদ্ধতিক অসমৰ ৰাইজৰ আগত বিস্তাৰিতভাৱেই চিনাকি কৰি দিছে৷ আপোনাৰ ব্যক্তিগত জীৱনটো বৰ্তমান সামাজিকভাৱেই বহল প্ৰেক্ষাপটত বহুজনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে৷
আমি এই সাক্ষাৎকাৰৰ জৰিয়তে আপোনাৰ সৈতে আপোনাৰ ব্যক্তিগত জীৱন আৰু বিজ্ঞান, বিজ্ঞান মানসিকতা গঠন সম্পৰ্কীয় কিছু বিষয় আলোচনা কৰিম৷ ইতিমধ্যেই আপুনি লিখিত বা নব্য মাধ্যমসমূহত আপোনাৰ জীৱন, গৱেষণাৰ বিষয় সম্পৰ্কে কিছু কথা কৈছে, লিখিছে বা সাক্ষাৎ প্ৰদান কৰিছে৷ তাৰ পাছতো আমি আপোনাক কিছু সেইধৰণৰে প্ৰশ্ন কৰিম যাতে অসমৰ মানুহে অসমীয়া ভাষাতে আপোনাৰ বিষয়ে আপোনাৰ দৃষ্টিভংগী সম্পৰ্কে জনাৰ সুযোগ লাভ কৰে৷ সেইদৰে এই সাক্ষাৎকাৰটো মূলতঃ ডিজিটেল মাধ্যমত প্ৰকাশ কৰিবৰ বাবে আৰু নৱ-প্ৰজন্মক উদ্দেশ্য কৰি লোৱা হৈছে৷
………………..
প্ৰশ্নঃ শৈশৱতেই অলেখ দুখ-দৰিদ্ৰতাৰে পিষ্ট হৈ নানা প্ৰতিবন্ধকতাৰ মাজেৰে আপুনি আপোনাক সৃষ্টি কৰাৰ প্ৰসংগ ‘মোৰো এটা সপোন আছে’ গ্ৰন্থখনত বিস্তাৰিতভাৱে লিখিছে৷ আজিৰ যিজন ৰুবুল মাউত, সেইজনে সেই শিশু কালৰ ৰুবুল মাউতৰ বিষয়ে এতিয়া কেনেদৰে ভাৱে? আপোনাৰ সামাজিক তথা বৌদ্ধিক উত্তৰণৰ মূল মন্ত্ৰ কি বুলি ভাৱে বা ইয়াৰ পৃষ্ঠভূমি সম্পৰ্কে কিছু কথা কওক৷
উত্তৰঃ শৈশৱলৈ উভতি গ’লে আমোদ পাওঁ, কেতিয়াবা বিস্ময়াভিভূত হওঁ৷ জীৱনত যে ইমানখিনি আহিব পাৰিলোঁ তাৰ বাবে জীৱনৰ প্ৰতি কৃতজ্ঞ হৈ পৰোঁ৷ আমাৰ জীৱনটো ভুল-শুদ্ধৰ মাজেৰে পাৰ হৈছিল; পোৱা-নোপোৱাৰ মাজেদি পাৰ হৈছিল৷ মই ভাবোঁ মানুহৰ জীৱনটোৱে তেনেকৈয়ে অতিক্ৰম কৰে, ভুল-শুদ্ধৰ মাজেদি৷ আমাৰ জীৱনবোৰো তাৰ ব্যতিক্ৰম নহয়৷ ভুলখিনি শুধৰাই আকৌ আগবঢ়া হয়৷ এইদৰে আগবাঢ়োতে কিছুমান কামে মানুহক সমাজত এক স্থান দিয়ে৷ মই ভাবোঁ মানুহে সমাজত অৰ্থাৎ ছ’চিয়েল স্পেচত এটা স্থান পাবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়৷ আমিও তাৰ ব্যতিক্ৰম নহয় আৰু বৌদ্ধিক উত্তৰণৰ কথা ক’বলৈ গ’লে অধ্যয়ন আৰু সমাজ পৰ্য্যবেক্ষণৰ অবিহনে বৌদ্ধিক উত্তৰণ সম্ভৱ নহয়৷ মই যথেষ্ট অধ্যয়ন কৰোঁ বুলি ভাবোঁ– নিজৰ সামৰ্থ্যৰে বিজ্ঞানেই হওক বা আন বিষয়েই হওক, আৰু মই ভাবোঁ ইয়ে বৌদ্ধিক উত্তৰণত যথেষ্ট সহায় কৰে৷

প্ৰশ্নঃ এসময়ত আপোনাৰ ঘৰৰ সম্পত্তি আছিল ‘খেৰৰ জুপুৰিটো’, ‘গৰু গোহালিটো’, ‘বাঁহৰ খুটা পুতি বনোৱা এখন টেবুল’, ‘শুবলৈ বাঁহৰ চাং’, ‘পোহৰ বুলিবলৈ কেৰাচিনৰ চাকি’৷ এই সম্পদকেইটাৰেই এজন মানুহ নিজৰ আগ্ৰহ আৰু ইচ্ছাশক্তিৰে আমেৰিকাৰ হাৰ্ভাড বিশ্ববিদ্যালয় পাবগৈ পাৰে৷ অসমত এনে হাজাৰ হাজাৰ শিশু আজিও এই অৱস্থাৰ লগতেই যুঁজি আছে৷ তেওঁলোকৰ জীৱনবোৰেও যাতে নিজৰ ইতিবাচক লক্ষ্যত উপনীত হ’বগৈ পাৰে তাৰ বাবে আপুনি কি ক’ব?
উত্তৰঃ আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ক বিশ্বৰ ভিতৰতে বৌদ্ধিক বিকাশৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠান বুলি অভিহিত কৰা হয়৷ গতিকে এনে এটা প্ৰতিষ্ঠানলৈ তৃণমূল পৰ্যায়ৰপৰা যোৱাটো খুব সাধাৰণ কথা নহয়৷ কিয় সাধাৰণ কথা নহয় তাৰ বিভিন্ন কাৰণ আছে৷ তাৰ ভিতৰত এটা মূল কাৰণ হৈছে হাৰ্ভাৰ্ডৰ দৰে ঠাইলৈ যাবলৈ শৈশৱৰেপৰাই এক ধৰণৰ ট্ৰেইনিঙৰ দৰকাৰ হয়৷ এক বৌদ্ধিক উত্তৰণৰ ট্ৰেইনিং৷ কিন্তু আমাৰ ভাৰতৰ দৰে উন্নয়নশীল দেশত দৰিদ্ৰতা তথা সমাজৰ বিভিন্ন প্ৰতিবন্ধকতাৰ সৈতে যুঁজ দিয়া ল’ৰা ছোৱালীয়ে হাৰ্ভাৰ্ডলৈ বা অন্য উচ্চ প্ৰতিষ্ঠানলৈ যাবলৈ দৰকাৰ হোৱা অৰ্হতাসমূহ আয়ত্ব কৰিব নোৱাৰে৷ ই আমাৰ সমাজ জীৱনৰ এক ডাঙৰ বিসংগতি অথবা আসোঁৱাহ৷ তথাপিও মই এটা কথা প্ৰায়ে কৈ আহিছোঁ– হয়, অতি নিঃস্ব অৱস্থাৰপৰা গৈ ওপৰৰ পৰ্যায় পাবলৈ বহুত হেঙাৰ আছে, তথাপিও কষ্ট কৰিলে, একাগ্ৰতা থাকিলে অলপ পলমকৈ হ’লেও লক্ষ্যত উপনীত হ’ব পাৰি৷ বিশেষকৈ বিজ্ঞানৰ ক্ষেত্ৰখনত, উচ্চ মানৰ গৱেষণা কৰিবলৈ হ’লে ওপৰৰ পৰ্যায়লৈ যোৱাটো খুব প্ৰয়োজনীয়৷ কাৰণ জ্ঞান-কৌশল-সম্পদ এই আটাইবোৰ পুঞ্জীভূত হৈ থাকে কিছুমান ওপৰৰ স্তৰৰ অনুষ্ঠানত, বিবেক থাকিলেও তলৰ অনুষ্ঠানবোৰত উচিত সুবিধা-সম্পদ নথকাৰ বাবে উচ্চমানৰ কাম কৰিব নোৱাৰি৷ সেয়েহে নিঃস্ব অৱস্থাৰ ল’ৰা-ছোৱালীক মই আহ্বান জনাম যে তেওঁলোকে একাগ্ৰতা আৰু কৃচ্ছ্ৰসাধনাৰ বলত জীৱনত যাতে আগুৱাই যায়– আমাৰ শ্ৰেণীবিভক্ত সমাজত সেইটোৱেই একমাত্ৰ পথ৷

প্ৰশ্নঃ শেহতীয়াকৈ মৃত্যুবৰণ কৰা সাহিত্যিক মন্নু ভণ্ডাৰীৰ এটা গল্প আছে নামটো ‘আই গোসাঁনীৰ থান’৷ এই গল্পটোৰ নায়িকাগৰাকীয়ে এনেদৰে দৰিদ্ৰতাৰ সৈতে যুঁজ দিছিল যে ভাবিলে আচৰিত হ’ব লাগে৷ নিজৰ সন্তানক এটা ভাল মাত নিদিছিল, কিজানি ভাল মাত দিলেই, মৰম কৰিলেই সন্তানে তাইক অমুকটো লাগে, তমুকটো লাগে বুলি আবদাৰ কৰিব! আপোনাৰ ঘৰখনৰ বিষয়ে জানোতেও এই ভাৱটোৱেই মোৰ মনলৈ আহিছিল৷ এতিয়া আপোনাৰ সাম্প্ৰতিক স্থিতিক লৈ ঘৰখন কিমান সুখী?
উত্তৰঃ তেওঁলোক সকলো ঠিকে আছে এতিয়া৷ নিশ্চয় সুখী৷

প্ৰশ্নঃ আপোনাৰ গৱেষণাৰ বিষয় হৈছে– “Hematopoietic stem & T-cell engineering, protein design, and gene editing”৷ প্ৰ’টিন ডিজাইন, জেনেটিক ইঞ্জিনিয়াৰিং বা সম্পাদনা সম্পৰ্কীয় বিষয়বোৰ আমাৰ বাবে তেনেই নতুন৷ অসমৰ সাধাৰণ শ্ৰেণীৰ পাঠকে বুজিবপৰাকৈ আপোনাৰ গৱেষণাৰ এটা সাৰাংশ আমাক জনাওক৷
উত্তৰঃ জিন এডিটিং, প্ৰ’টিন ডিজাইন আৰু টি-লিম্‌ফ’চাইট (T–lymphocyte)ৰ ইঞ্জিনীয়াৰিং- এইকেইটা বেলেগ বেলেগ প্ৰযুক্তি–ইয়াৰ কৌশলবোৰো সম্পূৰ্ণ পৃথক৷ জিন এডিটিঙৰ যোগেদি কোষৰ ভিতৰত থকা জিনৰ ভুল-ত্ৰুটি সংশোধন কৰিব পাৰি৷ এই পদ্ধতিৰ যোগেদি কোষৰ চৰিত্ৰৰ সাল-সলনি কৰিব পাৰি৷ এই পদ্ধতিৰে জেনেটিক ৰোগৰ নিৰ্মূল কৰাৰ যথেষ্ট সম্ভাৱনা আছে৷ প্ৰ’টিন ডিজাইনটো হৈছে আকৌ বিৱৰ্তনত আগেয়ে নোহোৱা প্ৰ’টিন অণুৰ সৃষ্টি কৰা৷ প্ৰ’টিন অণুবোৰ হৈছে আমাৰ শৰীৰত থকা কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ যন্ত্ৰ৷ এই যন্ত্ৰবোৰে কোষৰ ভিতৰত কাম কৰি থাকে বাবেই আমাৰ কোষবোৰ জীয়াই থাকে৷ মানুহৰ শৰীৰৰ কোষত এনেকুৱা প্ৰায় বিশ-ত্ৰিশ হাজাৰমান প্ৰ’টিন অণু থাকে৷ প্ৰ’টিন ডিজাইনৰ যোগেদি নতুন প্ৰ’টিন যন্ত্ৰ নিৰ্মাণৰ চেষ্টা কৰা হয়, যিবোৰ চিকিৎসাবিজ্ঞানত ব্যাপক ব্যৱহাৰৰ অৱকাশ আছে৷ Hematopoietic stem cell হৈছে- আমাৰ হাড়ৰ ভিতৰত থকা এবিধ কোষ ঘৰৰপৰা সৃষ্টি হয় আমাৰ তেজৰ সকলোবোৰ কোষ৷ তেজৰ কোষবোৰৰ কাম হৈছে আমাৰ শৰীৰক প্ৰতিৰক্ষা প্ৰদান কৰা৷ সেইবাবে Hematopoietic stem cellৰ পৰা সৃষ্ট কোষবোৰক একেলগে Immune কোষ বুলিও কোৱা হয়৷ T-cellও হৈছে এনে এবিধ Immune cell, যি বাহিৰা অনুজীৱ যেনে– ভাইৰাছ আদিক ধ্বংস কৰিব পাৰে৷ মোৰ গৱেষণাত এই আটাইবোৰ প্ৰযুক্তি ব্যৱহাৰ কৰি T-cell প্ৰযুক্তিৰ বিকাশ কৰা হয়, যাতে এই অভিযন্ত্ৰিত T-cell বোৰ মানুহৰ শৰীৰলৈ পঠাই বিভিন্ন ৰোগ নিৰ্মূল কৰিব পাৰি৷

প্ৰশ্নঃ জেনেটিক ৰোগ নিমূৰ্লকৰণত আপোনাৰ এই গৱেষণা কেতিয়ালৈ সাধাৰণ জনতাৰ বাবে সম্ভৱ লগতে সুলভ হ’ব বুলি আপুনি আশা কৰিছে? এইধৰণৰ গৱেষণাৰ বাবে আপুনি কিদৰে অনুপ্ৰাণিত হৈছিল?
উত্তৰঃ জেনেটিক ৰোগৰ নিৰ্মূলত এই গৱেষণাবোৰ যথেষ্ট আগবাঢ়িছে৷ যদিও এই কামবোৰ ধাপে ধাপে আগবাঢ়িছে, কিছুমান ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত ইতিমধ্যে যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে৷ যেনে- টাইপ-২ ৰ ডায়েবেটিছৰ বিৰুদ্ধে নিৰ্মাণ কৰি উলিওৱা কৃত্ৰিম বিটাকোষ ইতিমধ্যে ৰোগীৰ শৰীৰত স্থাপন কৰি এই ৰোগ প্ৰতিহত কৰা হৈছে৷ পাৰকিনচন’ৰ ক্ষেত্ৰতো যোৱা বছৰ কৃত্ৰিমভাৱে তৈয়াৰ কৰা স্নায়ুকোষ ৰোগীৰ মগজুত স্থাপন কৰা হৈছে৷ ঠিক তেনেকৈ চকুৰ বিকাৰ বা কেন্সাৰ আদি ৰোগতো কৃত্ৰিমভাৱে তৈয়াৰ কৰা কোষ ব্যৱহাৰ কৰি ৰোগ নিৰ্মূল কৰা হৈছে আৰু তেনেকুৱা বহুত পৰীক্ষা-নিৰীক্ষা চলি আছে৷

প্ৰশ্নঃ কোভিদ-১৯ৰ দৰে অন্যান্য মহামাৰী অনাগত দিনত নিশ্চিতৰূপত পৃথিৱীলৈ পুনৰ আহিব৷ এইধৰণৰ মহামাৰীৰ সৈতে যুদ্ধ কৰিবলৈ পৃথিৱীৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ জগতখন কিমান পৰিমানে শক্তিশালী বুলি আপুনি অনুভৱ কৰে? স্বাস্থ্যখণ্ডৰ উন্নতিৰ বাবে এই মহামাৰীয়ে আপোনালোকৰ দৰে বিজ্ঞানীসকলক কেনেদৰে সজাগ আৰু সচেতন কৰি তুলিছে?
উত্তৰঃ যোৱা পোন্ধৰ-বিশ বছৰত বিজ্ঞানলৈ আমূল পৰিৱৰ্তন আহিল৷ এইবাৰ কোভিদ-১৯ৰ বিৰুদ্ধে হোৱা যুঁজখনত বহুতো প্ৰযুক্তি যাৰ উদ্ভাৱন যোৱা বিশবছৰৰ ভিতৰত হৈছিল, সেইবোৰেই প্ৰধান ভূমিকা পালন কৰিলে৷ Next generation DNA sequencing, Cryoelectron microscopy, Protein design আৰু engineering technology, RNA delivery আদি প্ৰযুক্তি যোৱা বিশ বছৰৰ ভিতৰতে বিকাশ হোৱা আৰু এই প্ৰযুক্তিবোৰে ইমান ডাঙৰ ভূমিকা পালন কৰিলে যে এবছৰৰ ভিতৰতে ভেক্‌চিন নিৰ্মাণ সম্ভৱ হ’ল যিটো দহ বছৰৰ আগতে হয়তো কল্পনাই কৰিব পৰা নগ’লহেঁতেন৷ মই ভাবোঁ যে ভৱিষ্যতে এনে কোনো মহামাৰী আহিলে আমাৰ সকলো প্ৰযুক্তি মজুত আছে– মাত্ৰ ক্লিনিকেল ট্ৰায়েলৰ কামখিনিহে ইমান খকাখুন্দাকৈ কৰিব নোৱাৰি৷ অৱশ্যে ভাইৰাচৰ গঠন আৰু উৎপৰিৱৰ্তন আদি কাৰকৰ ওপৰতো বিষয়টো কিছু পৰিমাণে নিৰ্ভৰ কৰিব৷

প্ৰশ্নঃ আপুনি ‘মোৰো এটা সপোন আছে’ৰ এঠাইত কৈছে– সঁচা কথা ক’বলৈ দ্বিধা নাই- মই হ’লে অন্তঃকৰণেৰে একাগ্ৰতাৰে কেতিয়াও প্ৰাৰ্থনা নাগাইছিলোঁ৷ কথাষাৰ আজিৰ পটভূতি যদি সোধোঁ– ঈশ্বৰ সম্পৰ্কে আপোনাৰ শৈশৱৰ ধাৰণা কেনে আছিল? এতিয়া সেই সম্পৰ্কীয় স্থিতি কেনে? আপুনি ‘ঈশ্বৰ’ৰ ধাৰণাটো বিশ্বাস কৰেনে? আপোনাৰ যুক্তিৰ সপক্ষে কিছু কথা জানিব খোজোঁ‌।
উত্তৰঃ মই ঈশ্বৰক বিশ্বাস নকৰোঁ, নৱম-দশম শ্ৰেণীত থাকোঁতেও কৰা নাছিলোঁ আৰু এতিয়াতো ১০০ শতাংশই নাস্তিক৷ ভগৱানৰ উদ্ভাৱন জুই আৰু প্ৰস্তৰৰ আহিলা উদ্ভাৱনৰ দৰেই এক মহান উদ্ভাৱন আছিল৷ ই এটা সময়লৈকে আইন-কানুন-নীতি আদিৰ ক্ষেত্ৰত মানৱ সভ্যতা বিৱৰ্তন হোৱাত যথেষ্ট ভূমিকা পালন কৰিছিল৷ কিন্তু এতিয়া সেইবোৰ আউট্‌ডেটেড্‌, পুৰণিকলীয়া হৈ পৰিছে৷ গতিকে বিৱৰ্তনৰ লগে লগে মানুহে এই কথাটো অনুধাৱন কৰিব৷

প্ৰশ্নঃ আপুনি অসমৰ পৰিৱেশতে ডাঙৰ-দীঘল হোৱা, ইয়াৰ সমাজ-ব্যৱস্থা আৰু মানুহৰ সামাজিক প্ৰথা সম্পৰ্কেও অৱগত৷ আজিৰ তাৰিখতো অসমত ধৰ্মৰ নামত, সংস্কৃতিৰ নামত বিভিন্ন অন্ধবিশ্বাস গভীৰ ৰূপত ঘৰে-ঘৰে সিপাই আছে৷ ধৰ্মীয় গোড়ামী, অন্ধতা আদি বিষয়বোৰো সেই পূৰ্বৰ দৰেই আছে৷ এই বিষয়বোৰৰ উদ্ধৰ্ত গৈ বিজ্ঞান মানসিকতাৰে পুষ্ট সমাজ এখন গঠনৰ বাবে আমাৰ অসমৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰখন কোনবোৰ দিশত আগবঢ়াটো বিচাৰে৷
উত্তৰঃ মানুহৰ মানসিক দিগন্ত যেতিয়ালৈকে প্ৰসাৰিত নহয়, তেতিয়ালৈকে ধৰ্মীয় তথা সাংস্কৃতিক গোড়ামী থাকিবই৷ মই ভাবোঁ আমাৰ সমাজখনৰ বৌদ্ধিক বিৱৰ্তন আন বহুতো সমাজতকৈ পলমকৈ হৈছে৷ সেয়েহে হয়তো বহুক্ষেত্ৰত আমাৰ গোড়ামী অলপ বেছি৷ ইয়াত বিজ্ঞানে বহু ভূমিকা ল’ব পাৰে৷ বিজ্ঞানক তৃণমূল পৰ্যায়লৈকে নিব পাৰিলে মানুহৰ মানসিক দিগন্ত প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে৷

প্ৰশ্নঃ বিজ্ঞানৰ তাত্ত্বিক বিষয়বোৰৰ সৈতে সংযুক্ত হৈ বা তাৰ অভিজ্ঞতাৰ আধাৰত আপুনি বৰ্তমানৰ সামাজিক প্ৰেক্ষাপটক কেনেদৰে পৰ্যবেক্ষণ কৰে? আমাৰ ভাৰতবৰ্ষত ‘বিজ্ঞান’তকৈ এতিয়াও ধৰ্ম বিষয়টোতে অধিক পৰিমাণে গুৰুত্ব দিয়া হয়৷ ইয়াৰ অন্তৰালত ৰাজনৈতিক কাৰকো বিশেষ পৰিমাণে আছে৷ এনে পৰিৱেশত অনাগত প্ৰজন্মক বিজ্ঞান আৰু বিজ্ঞান মানিসিকতাৰে সমৃদ্ধ হ’বলৈ আমাৰ কেনেধৰণৰ পৰিকল্পনা বা পৰিকাঠামোৰ প্ৰয়োজন হোৱা উচিত বুলি অনুভৱ কৰে?
উত্তৰঃ মোৰ ধাৰণা আমাৰ সমাজৰ মানুহে প্ৰচলিত এটা নেৰেটিভ খুব সতকাই গ্ৰহণ কৰি লয়৷ মোৰ মতে যিকোনো নেৰেটিভকে এবাৰ প্ৰশ্ন কৰা উচিত৷ আমি বিজ্ঞানত সেইটোৱেই কৰোঁ৷ প্ৰশ্ন নকৰাকৈ গ্ৰহণ কৰা সত্য খুব ক্ষতিকাৰক হ’ব পাৰে যিটো হৈ আছে আমাৰ ধৰ্মীয় গোড়ামীৰ ক্ষেত্ৰত৷ ৰাজনীতিৰ কথাটোৱেই বেলেগ– আমাৰ ভাৰতীয় ৰাজনীতি ইমান অদূৰদৰ্শী যেন লাগে যে ৰাজনীতি কৰা সকলে যেন মাত্ৰ পাঁচবছৰৰ কাৰণেহে নিজৰ পেটটোৰ কথা ভাবে৷ দূৰ ভৱিষ্যতে আমাৰ উত্তৰ পুৰুষক যে এই ধৰ্মীয় গোড়ামীবোৰে বিস্তৰ ক্ষতি কৰিব পাৰে সেই কথা কোনো দিনে ভাবিব নোৱাৰা যেন লাগে৷ কিন্তু এই কথাও লক্ষ্য কৰা গৈছে যে এই ধৰ্মীয় গোড়ামীৰ উত্থানে বহুলোকক ধৰ্মৰ প্ৰয়োজনীয়তাৰ বিষয়ে নতুনকৈ চিন্তিত কৰি তুলিছে৷ মোৰ এনে বন্ধুও আছে যি আজি দহ বছৰৰ আগতে দোৰ্ঘোৰভাবে ধৰ্মীয় গোড়ামীবোৰ মানি চলিছিল, কিন্তু এতিয়া বহু লোকৰ ধৰ্মৰ প্ৰতি বিতৃষ্ণা জাগি উঠাৰ সময়ত আজি কালি তেওঁলোকেও নিজকে ধৰ্মীয় বা হিন্দু বুলি ক’বলৈ লাজ কৰা হৈছে৷ ডাৰউইনে বিৱৰ্তনৰ প্ৰক্ৰিয়াবোৰৰ বিষয়ে লিখা আজি ডেৰশ বছৰ হৈছেহে, এই ডেৰশবছৰতে ইতিমধ্যে যথেষ্ট সংখ্যক মানুহে ধৰ্মৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে৷ মোৰ বোধেৰে এটা সময়ত ধৰ্ম এটা পৌৰাণিক প্ৰথালৈ ৰূপান্তৰিত হ’ব আৰু মানুহে নিজকে ধৰ্ম মানি চলোঁ বুলি ক’বলৈ লাজ কৰা হ’ব৷

প্ৰশ্নঃ আপুনি দীৰ্ঘদিন বিদেশৰ মাটিত আছে৷ বিজ্ঞান চৰ্চাৰ দিশত সেই দেশৰ সৈতে আমাৰ দেশখনৰ কেতিয়াবা তুলনা কৰি চাইছেনে? শেহতীয়াকৈ বিশ্বৰ বিজ্ঞান প্ৰযুক্তিলৈ ভাৰতবৰ্ষই বা অসমৰ দৰে ৰাজ্যসমূহে আগবঢ়োৱা অৱদানক আপুনি কেনেদৰে পৰ্যবেক্ষণ কৰে?
উত্তৰঃ ভাৰত বা অসমত বিজ্ঞান এতিয়াও অতি চালুকীয়া অৱস্থাত আছে৷ যোৱা পঞ্চাশ বছৰত মৌলিক তথা প্ৰায়োগিক বিজ্ঞানত ভাৰতৰ অৱদান তেনেই নগন্য৷ এনে হোৱাৰ মূলতে বহু ৰাজনৈতিক-সামাজিক কাৰণ জড়িত হৈ আছে যিবোৰ পুংখানুপুংখকৈ বিশ্লেষণ কৰি ইয়াৰ প্ৰতিকাৰ বিচৰাৰ সময় আহি পৰিছে৷ আমি বিভিন্ন সময়ত বিভিন্ন অনুস্থানত এই কথাবোৰ কৈ আহিছোঁ৷

প্ৰশ্নঃ আপুনি ‘ধূসৰতাত সংহত শ্ৰাৱণ’ শীৰ্ষক এখন চুটিগল্পৰ কিতাপো ইতিমধ্যে প্ৰকাশ কৰিছে৷ ‘মোৰো এটা সপোন আছে’ শীৰ্ষক গ্ৰন্থখনে ইতিমধ্যেই অসমৰ কিতাপৰ বজাৰত এটা আন্দোলনৰ সৃষ্টি কৰিছে৷ আপুনি সাহিত্য ৰচনাৰ আবে আগ্ৰহী হোৱাৰ প্ৰেক্ষাপট সম্পৰ্কে কিছু কথা কওকচোন৷ শেহতীয়াকৈ এইধৰণৰ গ্ৰন্থ প্ৰকাশ কৰাৰ কথা পৰিকল্পনা কৰিছে নেকি?
উত্তৰঃ মই সদায় সাহিত্যৰ এজন সচেতন পাঠক বুলি নিজকে গণ্য কৰি আহিছোঁ৷ বিজ্ঞানৰ সৈতে জড়িত থকাৰ বাবে অতি বেছিকৈ লিখিব নোৱাৰিলেও, সাহিত্যৰ নিয়মীয়া পাঠক৷ ‘মোৰো এটা সপোন আছে’খন ইংৰাজীত লিখাৰ পিছত এতিয়া অন্য এখন লিখিবলৈ আৰম্ভ কৰিছোঁ৷

প্ৰশ্নঃ বিজ্ঞান চৰ্চাৰ বাবে কেতিয়াবা ভাৰতবৰ্ষলৈ, অসমলৈ একেবাৰে গুছি অহাৰ কথা ভাবে নেকি? ভাৰতবৰ্ষ বা অসমক লৈ আপোনাৰ তেনে কোনো পৰিকল্পনাৰ আছে নেকি?
উত্তৰঃ ইমান সক্ৰিয়ভাৱে এতিয়াই ভবা নাই৷ পিছত ভাবিম৷

প্ৰশ্নঃ অসমত যুক্তিবাদ প্ৰসাৰ আৰু বিজ্ঞান মানসিকতা গঠনৰ বাবে ‘মুক্ত চিন্তা’ ই-আলোচনীখনে কিছু কাম কৰি আছে৷ আলোচনীখনলৈ আপোনাৰ কিবা পৰামৰ্শ?
উত্তৰঃ ভাল লাগিছে৷ অসমত যুক্তিবাদ প্ৰসাৰ আৰু বিজ্ঞান মানসিকতাৰ গঠনৰ বাবে ‘মুক্ত চিন্তা’ই ভূমিকা গ্ৰহণ কৰি আহিছে৷ শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ যে অসমৰ বহুতো সংবাদ পত্ৰ তথা মিডিয়াই যুক্তিবাদী তথা বিজ্ঞান প্ৰসাৰৰ কথা কোৱাৰ পৰিৱৰ্তে চৰকাৰী প্ৰপাগণ্ডা তথা ধৰ্মীয় গোড়ামীৰ পক্ষত ঠিয় দিছে৷ ‘মুক্ত চিন্তা’ই সদায় মুক্তভাৱে চিন্তা কৰি সমাজৰ গোড়ামীৰ বিৰুদ্ধে মাত মাতি থাকিব বুলি আমি আশাবাদী৷

Print Friendly, PDF & Email

4 thoughts on “ড॰ ৰুবুল মাউতৰ সৈতে সাক্ষাৎকাৰ – (সাক্ষাৎগ্ৰহণ: ভাস্কৰ ভূঞা)

  • নৱজ্যোতি তামুলী

    বৰ ভাল লাগিল |ঈশ্বৰ সম্পৰ্কীয় ধাৰণায়ে আমাৰ দৰে অজ্ঞেয়বাদীক আৰু এঢাপ আগুৱালে |
    বিজ্ঞান চৰ্চাৰ বাবে অসমলৈ আহিলে বিজ্ঞান পিছপৰি থাকিব বুলি অনুমান কৰোঁ |

    Reply
  • মনোজ কু মহন্ত

    বৰ ভাল লাগিল৷ তেখেতৰ দৃষ্টিভংগীবোৰ পোন আৰু স্পষ্ট৷ মনকৰিবলগীয়া!

    Reply
  • Bishal Anurag

    উপকৃত হ’লো

    Reply
    • Pulin kumar Neog

      সাক্ষাৎকাৰটো পঢ়ি সুখী হ’লো।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *