অনুবাদকবিতা

লাজৰ পিয়লা— (মূল: আদনান কফীল দৰৱেশ :: অনু: বিতোপন গগৈ)

যদি কেতিয়াবা এনেকুৱা হয়
যে এজন ফেচিষ্টৰ সৈতে
মই চাহৰ টেবুলত
একেলগে বহিব লাগে
আৰু সেই দুৰ্ভাগ্যপূৰ্ণ মুহূৰ্তত
ভীৰুতা
বা উদাৰতা
বা শিষ্টাচাৰ
অথবা সামাজিকতা
মোৰ আদৰ্শৰ সমুখত যদি ঠিয় দিয়ে
তেতিয়া মই আন একো কৰিব নোৱাৰিলেও
এইটোতো কৰিবই পাৰোঁ যে
নিজৰ গাত
সেই গৰম লাজ পিয়লা
ঢালি ল’ব পাৰোঁ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *