গল্প-কবিতা

সোঁতাল দিখৌ-(সুপ্ৰকাশ ভূঞা)

বাটছোৱাৰ দুয়োকাষ বাঁহগছে আৱৰা। গৈ থাকোঁতে এতিয়া সুৰংগ এটালৈ সোমাই যোৱা যেন লাগিছে। লেংপেঙীয়া গৰুহালে গাড়ীখন দুজন মানুহৰ স’তে কোনোমতে টানিছে। ভদ্ৰই ক’ৰপৰা যে বাহনখন যোগাৰ কৰিলে, গোসাঁয়েহে জানে! তেনেই সোলোক-ঢোলোক। কোনোমতে চলিছে।

ব’হাগৰ এপষেক গৈছেহে এথোন। আগেয়ে এনুৱা দিনত ঢোলে গুম্‌গুমাই থাকে। গা-মন তেনেই ৰহী-পতংগ — যেন উৰি যাওঁ-মৰি যাওঁ। এতিয়া কথা দোছোৰা। গোটেইখন নিমাওমাও। অত বাটছোৱা আহিলোঁ, দেও মনিচ এটা দেখিবলৈ নাই। পথাৰৰ পৰা ভেকেটা-ভেকেট গোন্ধ এটাই উঠি আহি আমাক লগ দিছেহি। ন-কৈ দিয়া বৰষুণত পথাৰ এতিয়া চপ্‌চপীয়া। বন-বাত ওপৰলৈ উঠি আহিছে। ক’ত কাৰ মৰাশ পৰি আছে ঠিক নাই। ৰজাৰ চৰে যাকে ধৰা পেলাইছে, চাওদাঙে তাকে কচুকটা দিছে। দিনৌ বৰশীত ওলমাইছে, শূলত দিছে, অংগক্ষত কৰিছে। পোতাশালত বন্দী হৈছে কত!

ন-ৰজাক এই বিহুতে ছল কৰি কাটিলে মাদৈয়ে। তাৰ পাছদিনাই মাদৈৰ দেৱৰেক ৰাজপাটত উঠিছে। বহিয়ে শতৰু বিষয়া, সন্ত- মহন্তক ধৰাই অনাইছে। ততাতৈয়াকৈ বিচাৰ কৰি শূলত দিয়াই দ্ৰোহৰ সঁচ মাৰিলে! তাৰপাছৰে পৰা বৈৰী বিচাৰি গাঁৱে-ভূঞে ৰজাঘৰীয়া মানুহে পিয়াপি দি ফুৰিছে। সন্দেহত যাকে-তাকে চোঁচৰাই-বগৰাই ধৰি আনিছে, গুৰুলা-গুৰুলকৈ পিতিছে। মানুহৰ গাত ক’ত আৰু বিহু লাগিব। বিহু গুচি বিহ হৈছে!

চোৰাংচোৱাৰ পৰা এতিয়া আৰু আমাৰ চিন্তাৰ কাৰণ নাই। ভদ্ৰকাই নিজেই ৰজাঘৰীয়া বাব থকা লোক। তেনে দায়িত্ব পালিয়ে মোক লৈ আনিব লগাত পৰিছে তেওঁ।

কিমান দিনৰ মূৰত সোণাইক লগ পাম আজি!

সিদিনাও আছিল মাঘ নে ব’হাগৰ কোনোবা এটা দিন! কোনোবা এটা উছবত ৰাজবিষয়া এজনৰ চকুত পৰিছিল সোণাই। গধূলিলৈ তাইৰ ঘৰলৈ কটকী গৈছিল। দেউতাকৰ স’তে কথা হৈছিল।

: বৰ আই কুঁৱৰীৰ সহায়ৰ বাবে সোণাইক বাছনি কৰা হৈছে। দেউতাক নথৈ আনন্দিত হৈছিল। বোলে “সৰ্কদেউ ইছৰক কিঞ্চিৎ সহায় কৰিবলৈ পোৱাটোও ভাইগৰ কথা!”

মানুহৰ কিমান হাবিয়াস থাকে। সোণাইৰ গাত নিশ্চয় কিবা ৰাজলক্ষণ আছে! আস্‌, আমাৰ জীৱন ধইন! দেউতাক একেবাৰে গদ্‌গদ হৈ পৰিছিল।

পাছদিনা সোণাইৰ মুখে এই কথা শুনি মই বলিয়াৰ দৰে হৈছিলোঁ।

: আমাৰ কি হ’ব সোণাই?
: কপালত যি লিখা আছে তাকে …
: কপালক ধিয়াই বহি থাকিলে আমাৰ একো নহ’ব। ব’ল আমি ভাটীৰ ফাললৈ পলাই যাওঁ।
: নাই, মই নোৱাৰোঁ। পিতাই কথা দিছে। আমি নাইকিয়া হ’লে আমাৰ ঘৰ দুখনে কিমান হাৰাশাস্তি খাব এবাৰ ভাৱ!

মই নীৰৱে ৰ’লোঁ। সোণাই মোৰ বুকুত সোমাল। লাহে লাহে পানী-কাউৰীৰ পাখিৰ দৰে আন্ধাৰ নামি আহিছে। নৈৰ পানীখিনিও তেনেই কলচীয়া দেখাইছে। এই জনমত মোৰ আৰু সোণাইৰ স’তে সতকাই দেখাদেখি নহ’ব। কাৰ চকুত পৰিলি তই সোণাই? কিয়নো গৈছিলি? খঙে-ক্ষোভে মোৰ বাহু বন্ধন কঠিন হৈ আহিছিল। জালত লগা মাছ এজনীৰ দৰে তাই ধৰফৰাইছিল।

বননিৰ ওপৰতে আমি কিমান পৰ পৰি থাকিলোঁ– গমেই নাপালোঁ। সোণাইৰ উচুপনিতহে সম্বিৎ ঘূৰি আহিল। বৰ অসহায় অনুভৱ কৰিলোঁ। ফান্দত লগা বাঘৰ দৰে মনে বাৰে বাৰে হাওৰিয়াই উঠিব খুজিছিল তেতিয়া।

তাৰ পাছত সোণাই যি গ’ল গ’লেই। মই সকলো পাহৰি খেতিৰ কামতে দেহে-কেঁহে লাগিলোঁ। এইবাৰ খেলে প্ৰতি ৰুপিত মাটি বঢ়াই দিছে। টানিব নোৱৰা হৈ গৈছে সবেই। ৰাজভঁৰালৰো যে ইমান হুতাহ! নিৰিখ মতে দিব নোৱাৰিলে ঘৰৰ ভঁৰালৰ পৰাই উঠাই নিব সমস্ত– আনকি গৰু-গাই, হাঁহ-পাৰও।

: জলকা লাগি নাথাকিবি। তোলৈ আমি সোণাইতকৈ ভাল ছোৱালী চাম। তাই মহামাৰীত গ’ল বুলিয়ে ভাবি ল’। এনেকৈ থাকিলে, কাৰ ৰোষত পৰিবি একো গম-গতি নাপাবি।– মই মুজুৰা পৰি থকা দেখি আয়ে কৈছিল।

ইমান ভয় ভয়কৈ জীয়াই থকাটো কি জীৱনেই হ’ল! ইমান দেহা মাৰি খেতি কৰিবনো কিয় লাগে, যদিহে নিজৰ ভঁৰালেই নভৰে? আই-পিতায়ে ইয়াকে ভাগ্য বুলি অকাতৰে মানি লয়! আমাৰ লগৰ অনেকেও। কিন্তু সোণাইৰ ঘটনাটোৱে মোৰ বুকুত পকা অঙঠা এটা এৰি গ’ল। উমি উমি সি মোক জ্বলাই থাকিবলৈ ল’লে। ওৰে দিন-ওৰে ৰাতি।

ৰাইজখন কোন-কাহানিবাৰে পৰা জ্বলি-পকি আছে। গুৰু দুজনাই যেতিয়াৰে পৰাই নাম-ধৰ্ম প্ৰচাৰিলে — জীৱনৰ আন এটা ফাল দেখিলে আটায়ে। এনে হোৱা হ’লে জগতখন কিমান যে সুখ-শান্তিৰ হ’লহেঁতেন! মুকুতিৰ সেই পথে বহুতকে হাত-বাউল দিলে। ৰজাঘৰ কঠোৰ হ’ল। গুৰুজনাই প্ৰাণ লৈ ভাটী পালেগৈ। এনেবোৰ কথা পিতাহঁতৰ মুখত শুনিছিলোঁ। পিতাহঁতৰো মন আছিল, গুৰুত শৰণ লৈ শিচ্‌ হ’বলৈ, পিছে ৰজাৰ ৰোষত পৰাৰ ভয়?

হ’লেও ভয়ে মানুহক বেছি দিনলৈ দমাই নথয়। থ’ব নোৱাৰে। মানুহৰ আত্মাখন বোলে সদায়ে নিৰ্ভয়। তাক কোনেও মাৰি-কাটি শেষ কৰিব নোৱাৰে। জীৱনে সদায় সাহৰ গুণ গায়।

গুৰু দুজনাৰ সত্ৰবোৰ বাঢ়ি বাঢ়ি গৈ আছে। কেইবাটাও ভাগ হ’ল ইতিমধ্যে। সৱাতোকৈ আদৰ বাঢ়িল কাল সংহতিৰ। আটাইতকৈ উদাৰ ভাগ এইটো– সকলোৰে বাবে ইয়াৰ বাট মুকলি হ’ল।

দিনক দিনে ধনে-জনে শক্তিমন্ত হৈ গৈ আছে সেই সত্ৰ। শিচবোৰ কি কম কামিলা!

ইফালে, শাক্ত ধৰ্মৰ গৰিমা কমিছে– এই ভাবে এচামৰ চকুৰ টোপনি হৰিছে। যিমানেই সিহঁতে ৰজাৰ ওচৰলৈ গৈ গৈ অভিযোগ তৰিছে, সিমানেই সত্ৰাধিকাৰ- মহন্তৰ ওপৰত জোৰ-জুলুম চলিছে। তাৰ লেখ-জোখ নাই।

এবাৰ ৰজাই বিষয়াৰ কথা শুনি মহন্ত এজনাক চাওদাঙৰ হতুৱাই ছোৱা ছোৱাকৈ কটাই দিখৌত পেলালে। ভকতসবে সেই শ সৎকাৰ কৰা গ্লানিকৰ কাহিনী শুনাইছিল।

তাৰ পাছত কত উপদ্ৰৱ গ’ল। এজনে আকৌ নিজৰ ঠাইৰ গুৰু-গোঁসাইক নেওচা-কেওচা দি আনিলেগৈ কোনোবা বঙলুৱাক। সেইজনাই সকলোতে বিগ্ৰহ সোমোৱালে। অকল এই সত্ৰৰ শিচ্‌খিনিয়েহে নিজ খুঁটি ধৰি থাকিল। তাকে দেখি বৰ কুঁৱৰী এগৰাকীয়ে মহন্ত-বৈষ্ণৱক ধৰাই আনি কপালত বলিৰ তেজেৰে ফোঁট দি দুৰ্গা মূৰ্তিৰ আগত সেৱা কৰালে। তেতিয়াৰে পৰা কঁদোবাহত চপৰা পৰিলে গোঁ গোঁৱাই থকাৰ দৰে আছে শিচ্‌বোৰ তলে তলে। পদে পদে ভকত-বৈষ্ণৱক ইমান অপমান! নিৰীহ কাৰণেই সহি থাকিলে। একেৰাহে জোকাই থাকিলে ভতুৱাটোৱেও একামোৰ মাৰিব।

তাকেই হ’ল। এদিন ৰাইজখনে সমস্বৰে চিঞৰিলে,
‘মৰি যাওঁ মাৰি যাওঁ।
গুৰু ঋণ শুজি যাওঁ।।’

ৰাজকোঁৱৰ এজনক সিংহাসনৰ লোভ দেখুৱাই, তেওঁৰ সাহায্যত ৰাজধানীৰ তলা-নলা বুজি লৈ, শিচ্‌-ভকতে ৰণত ৰজাঘৰীয়া সেনাক ঘটুৱালে। দ্ৰোহী নেতা এতিয়া বৰবৰুৱা হ’ল; পুতেক শিঙৰি ঘৰত উঠি সিংহাসনত বহিল।

আৰু আমি ভাবিলোঁ– আমাৰ ভালদিন আহিল। ৰজাঘৰৰ খেতি-খোলা কৰি, কৰ-কাটল দিয়ে দেহা পেলাব নেলাগে আৰু আমি– ভয়ত ভজি ভজি। এটা যুগৰহে যেন অন্ত পৰিছে। আকাশ ধিয়াই বাঢ়ি যোৱা বাঁহগাঁজবোৰলৈ চাই উশাহ সলালোঁ। কিমান অন্যায়-অত্যাচাৰ সহিলে ৰাইজখনে– ভকত-বৈষ্ণৱসকলে– আটাইকে সমজ্ঞান কৰে মহন্তই। সেই গুৰুৰে শিচ্‌ বহিছে সিংহাসনত। পৰ্জাই আশাৰে মূৰ তুলি চালে।

পিছে বাঁহ বাঢ়িলে কিতোনো হ’ব? বগলী বহি দোঁৱাই পেলালে আগ। কি শুনিলে এই দুই কাণে! এশ নাৰীক কাৰেঙতে বন্দী কৰি ৰাখিছে ন-ৰজাই। বয়সীয়া কুঁৱৰীয়ো সাৰি যোৱা নাই। এনে লুচ্ছামি দেখি-শুনি নাক কোঁচাইছে মানুহে। শাসনতকৈ কাৰেঙৰ লাহ-বিলাহতহে চকু ন-ৰজা আৰু পাৰিষদৰ। খেমতা পালে একেই হয় চাগে সব– আশাহত মানুহবোৰে আলচিলে। ময়োতো ভাবিছিলোঁ– সোণাই হয়তো ঘৰলৈ ঘূৰি আহিব।

: সোণাই আৰু আগৰ সোণাইজনী হৈ থকা নাই ৰজাৰ কাৰেঙত। তাইৰ আশা বাদ দে।– আই-পিতায়ে কোৱাৰ পাছতো, সকলো জানি-বুজিয়ো, নাজানো– কিয় মই সদায়ে শেষত গৈ থৈ সোণাইলৈ বাট চাব খোজোঁ। দিনবোৰ বিশেষ একো সলনি নহ’ল। তথাচ ন-ৰজাক লৈ আমাৰ আশা একেবাৰে শেষ হৈ যোৱা নাছিল। বিহু আহিল। দিখৌৰ ন-পানীৰ দৰে উতলা বতাহে গা-মনত ঢৌ ভাঙিলেহি।

পিছে কি হ’ল? বিহু গুচি বৰবিহ হ’ল। বৰ কুঁৱৰীয়ে ছলাহী কথাৰে ন-ৰজাক হুঁচৰিৰ আগত সেৱা কৰিবলৈ আনি কাটিলে। মানুহ সাজু কৰিয়ে থৈছিল বোলে কুঁৱৰীয়ে। ৰাজধানীত থকা আটাইবোৰ শিচ্‌-ভকত বন্দী হ’ল, খেনো কটা গ’ল। এইবাৰ বিহুৱে দেওধনী নাচিলে। নিজৰ তেজ-ঘাম দি দি শতেক-পুৰণি ৰাজ পৰম্পৰাৰ সৌধ বৰ্তাই ৰাখিব বিচৰা মানুহবোৰ মাতাল হৈ পৰিল। সেই যে অজাতি ৰাজপাটত উঠিল বুলি এচামৰ পেটলৈ ভাত নোযোৱা হৈছিল, সিহঁতে এতিয়া বিহুটো সুখেৰে পাতিব পাৰিব!

আৰু বুজিবলৈ একো বাকী নাথাকিল, এই জাতিটোৰ আচল মৰণপণ যুঁজখন আৰম্ভহে হ’ল। অবিবেচক ৰজাই নিজেতো মৰিলেই, বাকীখিনিকো ভয়ংকৰ সংকটলৈ ঠেলি থৈ গ’ল।
অনেকে জানিছিল, ময়ো মুকলিকৈ সমৰ্থন কৰোঁ এই সত্ৰৰ শিচ-ভকতক। মহন্তৰ ওচৰত শৰণ ল’বলৈয়ো গুণা-গঁথা কৰি আছিলোঁ। পিতাইৰ হকা-বাধাতহে পিছ হুঁহুকি আছিলোঁ। এতিয়া চৰে যদি এই কথা লগায়গৈ, হয় মোৰ ডিঙি কাটিব, নহয় পোতাশালত শিকলি লগাই পেলাই থ’ব।

তেনে সময়তে শুনিলোঁ– সোণাইৰ কথা। এৰা, সোণাই! মাদৈৰ ধৰ্মৰক্ষা কৰিলে বোলে সোণায়ে। ৰাতি ৰাতি কুঁৱৰীৰ সাঁজ পিন্ধি লুটুৰা ৰজাৰ শয্যাসংগিনী হৈছিলগৈ সোণাই। আটায়ে শলাগিলে কুঁৱৰীৰ বুদ্ধিমত্তাক। আৰু সোণাই? সোণাই এজনী সাধাৰণ লিগিৰী। কুঁৱৰীৰ সেৱাৰ বাবে উছৰ্গিত। কেৱল মইহে সোণাইৰ কথা ভাবি ছট্‌ফটাইছিলোঁ। বথি এখনত পেলাই লৈ মাছ কচাদিহে মোক যেন কচিছিল আৰু নিমখ-তেল সানি দিছিল। আস্‌, সোণাই! তাইক লগ পাবলৈ মন গ’ল মোৰ। মাথোন এবাৰ। ৰজাৰ চাওদাঙে কেতিয়া ধৰি নিয়ে মোক, তাৰ একো ঠিক নাই। তেতিয়া আৰু আমাৰ কোনোদিনেই দেখা নহ’ব। গমি-পিতি চাই সোণাইক লগ পোৱাৰ একমাত্ৰ উপায় এটি উলিয়ালোঁ। মোৰ ঘোষণা শুনি আইৰ-পিতাইৰ মূৰত যেন আকাশী সৰগখনহে ভাগি পৰিল। যি শুনিলে, মুখৰ মাত হৰিল।

এতিয়া মই বিশেষ শক্তিৰ অধিকাৰী। মই যি বিচাৰোঁ, তাকে দিবলৈ সাজু ৰজাঘৰ। তাৰ বাবে ভদ্ৰকাইক পাছিছে। আৰু মই যেতিয়া সোণাইক লগ পোৱাৰ মনোবাঞ্ছা বেকত কৰিলোঁ, এই ভদ্ৰ কায়েই সকলো বন্দোৱস্ত কৰি দিলে। আমাৰ অস্থি-চৰ্মসাৰ গৰু গাড়ীখন হেকেৰ-পোকেৰকৈ প্ৰকাণ্ড শিলিখা এজোপাৰ তলত ৰ’লহি। ঠাইডোখৰত মানুহৰ বসতি নাই বুলিয়ে ক’ব পাৰি। কিছু দূৰৈত সৰুকৈ এটি আটকধুনীয়া ঘৰ– ৰাজবিষয়াৰ আমোদ-প্ৰমোদৰ বাবে সজোৱা। তাতে আছেহি সোণাই। চোতালতে গাৰোৱান জনৰ স’তে কথা পাতি আন এজনী লিগিৰী থিয় হৈ আছে। হয়তো ৰূপহী। আমি গৈ চোতাল পোৱাৰ লগে লগে দুয়োৱে কথা পতা বন্ধ কৰি সম্ভ্ৰমেৰে থিয় হৈ ৰ’ল।

: আপুনি ভিতৰলৈ যাব পাৰে। সোণাই ৰৈ আছে।
বাক্য ব্যয় নকৰি মই আগবাঢ়িলোঁ।

কোঠাৰ ভিতৰত অনুজ্জ্বল পোহৰ। কাপোৰৰ আঁৰত শুকান এখন মুখ– ক’লা পৰি আছে। হয়তো ভয়ত। তাই একে ঠাইতে থিয় হৈ থাকিল। মনত জমা হৈ থকা আটাইেবাৰ প্ৰশ্ন যেন মুহূৰ্তৰ ভিতৰতে উধাও হ’ল কোনোবা মুলুকলৈ। মই তাইৰ নিচেই কাষত থিয় দি ৰ’লোঁগৈ।

তাৰ পাছৰ সময়খিনি চাকিগছৰ শলিতাৰে গৈ জুইশিখা এটি হৈ কঁপি কঁপি জ্বলি থাকিল। তেনেকৈয়ে থাকক সেয়া। আচলতে কোঠাৰ ভিতৰৰ সেই সময়কণ আমি মন-গহনত সামৰি-সুতৰি থ’ম আমৰণ।
কথাবোৰ নোকোৱাকৈয়ে থাকক। তাইৰ চকুলৈ চাই মই যি বুজিছিলোঁ, তায়ো বুজিছিল। জোনাকৰ পৰশত কঁপি উঠা সেই সময়ে মাজে মাজে হিকটিয়াইছিল আৰু গেঙাইছিল। ক’ম বুলি ভাবি অহাবোৰ কোৱা নহ’ল। কিছুমান কথা কেৱল নিজৰ মাজতে থাকি যোৱা ভাল। কৈ দিয়া মানেই যেন হানি কৰা। জিভা ছিঙি দিলেও, শৰীৰৰ পৰা অংগ বিচ্ছিন্ন কৰি দিলেও, কচি কচি গাত নিমখ দি দিলেও কিছুমান কথা আৰু কোৱা নাযায়। তাৰ মাজতো কিবাকিবি পতা হ’ল। চুটি চুটিকৈ, ঠাৰে-সিঞাৰে, অস্ফুটস্বৰে। বেৰৰো যে কাণ থাকে। আনকি দুয়ো থাকোঁতেও অদৃশ্য কাৰোবাৰ উপস্থিতি এটাই আমাক শংকিত কৰি ৰাখিছিল। এই জনমত মুকলিমুৰীয়াকৈ নিৰলে লগ পোৱা কোনোদিন সম্ভৱ নহ’ব আমাৰ। সোণাইক লগ পাবলৈ আহি থাকোঁতেই মই এই কথা বুজি উঠিছিলোঁ। তথাপি নাজানো কিয় এনেকৈ লগ পাবলৈ আহিলোঁ, কিয় নিজ ইচ্ছাৰ বিপৰীতে এই ঘোষণা কৰিলোঁ– এতিয়া মই একোৱেই বুজাই ক’ব নোৱাৰিম। যেনেকৈ ক’ব নোৱাৰিলোঁ এই অস্থিৰ-বন্ধ্যা সময়ক; এই নৈৰাজ্যক ঘিন কৰিছিলোঁ।

মানুহৰ মুকুতিৰ দুৰ্মুদ স্বপ্নক বাৰে বাৰে মোহাৰি পেলাবলৈ বিচৰা, মুখত মুখোৰা লগোৱা এই সময়ৰ পৰা আমি মুক্তি বিচাৰিছিলোঁ। জানো– বহু যুঁজ-বাগৰ, তেজ আৰু মৃত্যুৰ বিনিময়ত সেই দিন আহিব। আহিবই। সেই দিন আমি নেদেখিম। আমাৰ পাছৰ অনেকেই নেদেখিব। নিফুটে বহু তেজ-মাংস, সপোন-বাসনা মাটিত মিলি যাব। কিন্তু মুকুতিৰ সেই তেজাল পুৱাটিলৈকে বাচি থাকিবলৈ বুকুত ইমান বাসনাই তল্‌বলাই উঠে!

মোৰ আকস্মিক ঘোষণাত লগৰীয়াবোৰ আচৰিত হৈছে। সিহঁতে ভাবিছিল, ময়ো সিহঁতৰ দৰে যুঁজি যাম। কিন্তু নিজে বিশ্বাস নকৰা কথা এটা মই কেনেকৈ ক’ব পাৰিলোঁ! কেতিয়াবা কোনোবা এনে ব্যৱস্থাৰ মেৰপাকত বন্দী হ’ব লগা হৈছেনে? হয়তো হৈছিল, হৈছে আৰু হ’ব। কিন্তু কেনেকৈ কোৱা যায়, যি কৰা হ’ল, কৰি আছে সেয়া তেওঁ ঘিন কৰিছিল বুলি? এনে প্ৰহসনমূলক নিৰুপায়তো পৰে মানুহ! কোৱা নাযায় কেৱল। কোনেও মোক একো নুসুধিলে। সোণায়েও। নাজানো, মই কি কৰিবলৈ গৈ আছোঁ তাই জানে নে নাই!
দুৱাৰত টোকৰ পৰিল। নিঃশব্দে ওলাই আহিলোঁ।

: এতিয়া ক’লৈ? ভদ্ৰকায়ে সুধিলে।
: গৈ থাকক। ক’ম। খৰধৰকৈ তেওঁ নিজৰ জেগাত বহিলহি আৰু গৰু দুটাৰ পিঠিত লৰুৰে কোবাই গাড়ীখন সচল কৰি তুলিলে। তেওঁৰ হয়তো খং উঠিছে। ভাগৰো লাগিছিল। নিৰুপায় হৈ, বাধ্যত পৰি মোৰ নিৰ্দেশ মানিব লগীয়া হৈছে‌। চেঁচা বতাহ এজাকে চোকা তৰোৱালৰ দৰে আমাৰ গালে-মুখে হানিছেহি। ৰাতি গহীন হৈ গৈ আছে।

: নৈৰ ফালে লৈ ব’লক। মোৰ কথা মতেই গাড়ী আগবাঢ়িল।

এসময়ত আমি নৈৰ পাৰ পালোঁহি। ভদ্ৰকাই গাড়ীতে বহি থাকিল। মই অকলেই নামি গ’লোঁ।

ৰাতিটোৱে নৈখনৰ স’তে জাৰণিখন গিলি পেলাইছে। কোনখন নৈ, কোনখন জাৰণি একো ধৰিব নোৱাৰি। নামি যাওঁতে আন্ধাৰতে গম পাইছোঁ মাটি কুমলিছে। ন-পানী বাঢ়ি আহিছে লাহে লাহে। চেঁচা বতাহজাক বাঢ়ি আহিছে আৰু হাড়লৈকে কঁপাই গৈছে। তথাপি মোৰ গাত ওলমি থকা আটাইবোৰ কাপোৰ এখন এখনকৈ খুলি দলিয়াই দিলোঁ। এসময়ত এই কাপোৰ সাঁজ মই কিমান হেঁপাহেৰে ৰাখিছিলোঁ। এতিয়া বোকা-পানীৰ ওপৰতে সেইবোৰ অ’ত-ত’ত পৰি থাকিল এথানি-এবানিকৈ সাইলাখ মোৰ বাসনাময় সপোনবাৰৰ দৰে।

চেঁচা মাটিতে ওপৰমুৱাকৈ পৰি থাকিলোঁ। নোমৰ গুৰিলৈকে তীক্ষ্ণ শীতলতাৰ খোঁচ। পিছে তাতকৈয়ো খুঁচিছে সোণাইৰ মুখখনে। তাইৰ চকু-মুখত হেজাৰ প্ৰশ্ন আছিল। সোধা নহ’ল। মোৰো কোৱা নহ’ল একো। তাই মাথোন কৈছিল, বৰ কুঁৱৰী যেতিয়া ঢুকাব, তেওঁৰ প্ৰিয় বয়-বস্তুৰ লগতে তাইকো মৈদামত দিব। তায়ো যে কুঁৱৰীৰ প্ৰিয়। ভিতৰৰ ধোঁৱা-কোঁৱাত শেহ উশাহৰ স’তে যেতিয়া তাই যুঁজিব, মোৰ মুখখন তাই মনত পেলাব!– হাঁহি পেলাইছিলোঁ মই খঙতে। কেনেকৈ বুজাওঁ সেয়া মই বিচৰা নাছিলোঁ কেতিয়াও। কেৱল তাইৰ হাতত হাত থৈ কৈছিলোঁ,
— হ’ব দে, এই জনমত তোক লগ পোৱাৰ হেঁপাহ পূৰণ হ’ল। লগ নাপামেই বুলি ভাবিছিলোঁ। তাই যি বুজিব লাগে বুজিছিল। নিফুট তৰা হৈ ৰৈ যাব এই নোকোৱা কথা।

আচলতে সেইখিনি কোৱাৰ অৰ্থ আৰু সাহ এতিয়া কোনোটোৱেই নাই। তাৰ আগতেই আমি গুচি যামগৈ। কিমান যুগৰ মূৰত মানুহবোৰে মুকলিমুৰীয়াকৈ কথা হ’ব। নাঙঠ-পিঙঠকৈ ল’-ছালি এজাকে এই নৈৰ বুকুত উকিয়াই উকিয়াই সাঁতুৰিব আৰু পাৰত বহি ৰ’দত গা শুকুৱাব! সেই ৰ’দ জলমল দিনটোলৈকে জীয়াই থকাৰ হেঁপাহ হয় দেখোন মোৰো। এই কথা জানো, সেই দিনটো এদিন আহিব। আহিবই। শ-ৰ পাহাৰ সাজি, মন-মগজুত ভয় বিয়পাই, কোনোৱেই বেছিদিন টিকি থাকিব নোৱাৰে। কোনো এক মতক কেন্দ্ৰ কৰি গঢ়ি তোলা আগ্ৰাসী কপটালি এদিন নিশ্চিহ্ন হৈ যাব। তেতিয়া কেৱল মানুহ থাকিবগৈ, মানুহ!

ন-ৰজাই মৰণ-ফান্দত ভৰি থৈ এতিয়া অগণন শিচ্‌-ভকতৰ হেৰাই যোৱাৰ বাট এটা কাটি থৈ গ’ল। মানুহে কেতিয়ালৈ বুজিব — শাসনৰ বাঘজৰী হাতত তুলি লোৱাটো ল’ৰা-ধেমালি নহয। পিছে হেৰাই গৈয়ো দ্ৰোহীসকলে অত্যাচাৰী ৰাজশক্তিক শিকনি দি যাব। নিশকতীয়াও যে নকৰিব তেনেওতো নহয়!

নৈৰ পাৰত জোঁৰৰ পোহৰ দেখা গ’ল। নিশ্চয় ভদ্ৰকাই। পলম হোৱা দেখি মোক বিচাৰি আহিছে। সি চিঞৰি মাতি আছে। মোৰহে মাতিবলৈ মন যোৱা নাই। দেৱীপূজালৈ আৰু বাৰু কিমান দিন বাকী? ময়েইতো ঘোষণা কৰি থৈছোঁ, কেঁচাইখাইতীৰ ষাঁড় হ’ম বুলি। আৰু এই বাবেই তোক লগ পোৱা সম্ভৱ হ’ল, সোণাই! ৰজাঘৰে মোৰ ইচ্ছা পূৰণ কৰিলে। তোক লগ পাবলৈ অনুমতি দিলে। কেঁচাইখাইতীৰ আগত তেজৰ নৈ এখন হৈ মই হেৰাই যাম। এই কথা তোক আৰু কোৱা নহ’ল।

সোণাই অ’, এই ধুনীয়া পিথৱীখনত তোৰ স’তে একেলগে বাচি থাকিবলৈ মোৰ যে কিমান মন এতিয়াও, এই কথা মই কাক, কেনেকৈ বুজাওঁ?

কোমোৰা এটাৰ দৰে চুঁচৰি-বাগৰি সন্তৰ্পণে আগবাঢ়িলোঁ।
আৰু আন্ধাৰতে ঘূৰি ফুৰা খোজবোৰৰ উমান লৈ পানী-যুঁৱলিত খাপ পিতি পৰি ৰ’লোঁ নিঃসাৰে। কন্ধৰ দৰে।


Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *