বিবিধ চিন্তা

গীতে-মাতে-নৃত্যৰে “মুক্ত চিন্তা’ৰ দশম বৰ্ষপূৰ্তি উদযাপন ।। ত্ৰিলোচন গগৈ

মুক্ত চিন্তা । একাদশ বছৰ।। ১ম সংখ্যা

সমাজত বিজ্ঞানমনস্কতা প্ৰচাৰ-প্ৰসাৰ আৰু যুক্তিবাদী চিন্তা-চৰ্চাৰ উদ্দেশ্যে কাম কৰি অহা অসমৰ এটি অগ্ৰণী সংগঠন যুক্তি-বিকাশ সমিতি, অসমৰ অনলাইন আলোচনী “মুক্তচিন্তা”ই চলিত বৰ্ষৰ ৫ জুলাইত আপোচবিহীন দহ বছৰ পূৰ্ণ কৰে৷ “মুক্ত চিন্তা”ৰ দশম বৰ্ষপূৰ্তি উপলক্ষে যোৱা ৬ জুলাইত যোৰহাটৰ আছিয়ানা ভবনত এটি বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত হয়৷ যুক্তি-বিকাশ সমিতিৰ যোৰহাট শাখাৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটি পৰিচালনা কৰে যুটীয়া সমন্বয়ক ত্ৰিলোচন গগৈয়ে৷ বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলে পৰিৱেশন কৰা মুক্ত চিন্তাৰ গীত “মুক্ত নহয় চন্দ্ৰ সূৰ্য” গীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে ত্ৰিলোচন গগৈয়ে৷ মুক্ত চিন্তাৰ মুখ্য সম্পাদক কৌশিক দাসে ’মুক্ত চিন্তাৰ এটা দশক’ সম্পৰ্কে আলোকপাত কৰি যুক্তি-বিকাশ সমিতি, অসম গঠনৰ পটভূমিৰ পৰা মুক্ত চিন্তা অনলাইন আলোচনীখনলৈকে এক পৰিচয়মূলক বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানটিত আলোচনীখনত প্ৰকাশিত নিৰ্বাচিত লেখাৰে মুক্ত চিন্তা প্ৰকাশনে প্ৰণয়ন কৰা দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়৷ প্ৰকাশনৰ হৈ ড° বৰ্ণালী বৰুৱা দাসে আঁত ধৰা উন্মোচনী অনুষ্ঠানটিত “স্মৰণীয় বিপ্লৱ বৰণীয় বিপ্লৱী” (সম্পাদক কৌশিক দাস, সহযোগী সম্পাদক ভবেশ নাথ) আৰু “মুক্ত চিন্তাৰ বিজ্ঞানমনস্কতা” (সম্পাদক প্ৰসেনজিৎ চৌধুৰী, কৌশিক দাস) গ্ৰন্থ দুখন উন্মোচন কৰা হয় এটি ভিডিঅ’ৰ জৰিয়তে৷ উল্লেখ্য যে ভিডিঅ’ৰ জৰিয়তে ডিজিটেলী গ্ৰন্থ উন্মোচনৰ এয়া দ্বিতীয় প্ৰয়াস৷ প্ৰথমবাৰ উন্মোচন কৰা হৈছিল চলিত বৰ্ষৰে ১৬ ফেব্ৰুৱাৰীত যুক্তি-বিকাশ সমিতিয়ে আয়োজন কৰা যুক্তি দিৱসত— “মুক্ত চিন্তাৰ সাক্ষাৎকাৰ” আৰু “ৰেইকি: বিজ্ঞান নে অবিজ্ঞান” গ্ৰন্থ দুখন৷ ইয়াৰ পিছতে গ্ৰন্থমেজ মুকলি কৰে নৃত্য পৰিচালিকা অনামিকা শৰ্মাৰ ছাত্ৰী হৰিস্না প্ৰিয়া কাশ্যপে পৰিৱেশন কৰা “তোৰে মোৰে আলোকৰে যাত্ৰা” শীৰ্ষক নৃত্যৰে৷
“মুক্ত চিন্তাৰ দহবছৰীয়া পৰিক্ৰমা— এক অৱলোকন” শীৰ্ষক বিষয়ত বৰ্ষপূৰ্তিৰ বিশেষ বক্তৃতা প্ৰদান কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক, গল্পকাৰ ড° সঞ্জীৱ পল ডেকাই৷ ড° ডেকাই বক্তব্যত সূক্ষ্ম পৰ্যবেক্ষণেৰে মুক্ত চিন্তাৰ দশকজোৰা পৰিক্ৰমাৰ এক বস্তুনিষ্ঠ পৰ্যালোচনা দাঙি ধৰে৷
অনুষ্ঠানটিৰ অন্যতম বিশেষ কাৰ্যসূচী মুক্ত চিন্তাৰ লেখক সন্মান প্ৰদান কাৰ্যসূচীত বিগত দহ বছৰৰ মুক্ত চিন্তাত সৰ্বাধিক লেখাৰ অৱদান আগবঢ়োৱা দহগৰাকী লেখক আৰু তিনিগৰাকী আলোচনীখনৰ নেপথ্যৰ কৰ্মীক বিশেষ সন্মান প্ৰদান কৰা হয়৷ বিশেষ সন্মান প্ৰাপ্ত মুক্ত চিন্তাৰ লেখক কেইগৰাকী হ’ল— ড° পূৰৱী দেৱী (ইংলেণ্ড), অৰুণ কুমাৰ শৰ্মা (গুৱাহাটী), ময়ূৰ চেতিয়া (নতুন দিল্লী), আৰহান ইনামূল (যোৰহাট), ড° খগেশসেন ডেকা (মৰণোত্তৰভাৱে সন্মানিত, গুৱাহাটী), ভাৰ্গৱ বৰঠাকুৰ (গুৱাহাটী), মীনাক্ষী বৰুৱা (গুৱাহাটী), ৰূপক বৰুৱা (যোৰহাট), ড° বসন্ত কুমাৰ বৰা (যোৰহাট) আৰু কল্যাণী কোঁৱৰ (নাজিৰা)৷ বিশেষ সন্মান প্ৰাপ্ত কৰ্মী তিনিগৰাকী হ’ল— কাৰিকৰী উপদেষ্টা পংকজজ্যোতি মহন্ত, ভাষা সম্পাদক দ্বয় ত্ৰিলোচন গগৈ আৰু বিথীকা হাজৰিকা৷ সন্মান প্ৰদান কাৰ্যসূচীটোৰ আঁত ধৰে যুক্তি-বিকাশ সমিতিৰ যোৰহাট শাখাৰ যুটীয়া সমন্বয়ক অচ্যুত মাধৱ দাসে৷
দশকপূৰ্তি উপলক্ষে আয়োজন কৰা হেডাৰ ল’গ’ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়৷ মিৰ্জাৰ ৰাজদীপ ভূঞা বিজয়ী হয়৷
দ্বিতীয় বৈঠকত “দশকৰ স্মৃতিৰে সন্মুখলৈ দৃষ্টি” শীৰ্ষক মুক্ত চিন্তাৰ লেখক, পাঠক আৰু কৰ্মকৰ্তাৰ এক অন্তৰংগ আলাপৰ অনুষ্ঠান অনুষ্ঠিত হয়৷ অসমৰ ভিন্ন প্ৰান্তৰ শতাধিক লেখক-পাঠক তথা শুভাকাংক্ষী উপস্থিত থকা অনুষ্ঠানটিত বিভিন্নজনে নিজা অভিজ্ঞতা আৰু অনুভৱ ব্যক্ত কৰে৷ অনুষ্ঠানটি শুভাৰম্ভ হয় “মুক্ত মনৰ মুক্ত মানুহ” শীৰ্ষক যুক্তি-বিকাশ সমিতিৰ সমৱেত সংগীতেৰে৷ গীত-নৃত্য-কবিতাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰম আছিল অনুষ্ঠানটিৰ অন্যতম আকৰ্ষণ৷
অনুষ্ঠানটিত যুক্তি-বিকাশ সমিতি আৰু মুক্ত চিন্তাই বিশিষ্ট চিন্তাবিদ উদয়াদিত্য ভৰালীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *