বিবিধ চিন্তা

‘মুক্ত চিন্তা’ৰ এটা দশক ।। মীনাক্ষী বৰুৱা

মুক্ত চিন্তা। ১০ম বছৰ ।। ৬ষ্ঠ সংখ্যা

মুক্ত চিন্তা অনলাইন আলোচনীখনৰ সৈতে মোৰ চিনাকি হয় ২০১৭ চনত। দেউতাৰ আত্মজীৱনী “জনহিতৈষী স্বপ্ন আৰু মোৰ সুদিন-দুৰ্দিন”ৰ উন্মোচনী অনুষ্ঠানৰ বিষয়ে ফে’চবুকত এটা পোষ্ট লিখিছিলোঁ। তাৰিখ আছিল ২ মে’। ৰাতিপুৱাই এটা অচিনাকি নম্বৰৰপৰা ফোন আহিল। ক’লে, মই কৌশিক দাসে কৈছোঁ, যোৰহাটৰ পৰা। আপুনি আপোনাৰ দেউতাৰ কিতাপৰ বিষয়ে লিখা পোষ্টটোৰ ব্যক্তিগত কথাখিনিৰ অকণমান সম্পাদনা কৰি আমাৰ অনলাইন আলোচনী মুক্তচিন্তালৈ দিব নেকি?” তেতিয়া মই লেখামেলা কৰিবলৈ লোৱা এবছৰ হোৱাই নাছিল কিজানি। তেনেস্থলত আলোচনী এখনৰ সম্পাদকে মোক ফোন কৰি লেখা বিচাৰিছে। এয়া কম আনন্দৰ কথানে? মনটো আনন্দত নাচি উঠিল। মুহূৰ্ততে খবৰটো আমাৰ ঘৰখনতো বিয়পি পৰিল। দেউতাৰ মুখ উজলি উঠিল। লেখাটো দিলোঁ। আলোচনীত প্ৰকাশ হ’ল। তেতিয়ালৈকে এই আলোচনীখনৰ বিষয়ে মই একো নাজানিছিলোঁ। নিজৰ লেখা প্ৰকাশৰ পাছত আলোচনীখনত প্ৰকাশ পোৱা অন্যান্য লেখাসমূহো পঢ়াৰ সুযোগ পালোঁ। অনুভৱ হ’ল লেখাবোৰ গভীৰ বোধসম্পন্ন। তেনে এখন আলোচনীত মোৰ লেখাও প্ৰকাশ পাইছে! ভিতৰি ভিতৰি অলপ গৌৰৱেই অনুভৱ কৰিলোঁ। যি নহ‌ওক, এই কথাটোৱে মোৰ আত্মবিশ্বাসত বাৰুকৈয়ে সাৰ-পানী যোগালে। গ্ৰন্থ বিষয়ক বহুকেইটা টোকাও আলোচনীখনত প্ৰকাশ হ’ল।

দিন গৈ আছে। এদিন ফোন আহিল বৰ্ণালী বৰুৱা বাইদেউৰপৰা। ক’লে- “তোমাক ‘মুক্ত চিন্তা’ৰ অতিথি সম্পাদকৰ দায়িত্বটো এবাৰ দিব খুজিছোঁ।” ইতিমধ্যে মোৰ “সাহিত্য ডট্ অৰ্গ”ৰ সম্পাদনাৰ অভিজ্ঞতা হৈছিল। বুজি উঠিছিলোঁ এই দায়িত্ব বৰ সহজ নহয়। গতিকে বাইদেউক অনুৰোধ জনালোঁ মোক যেন এই দায়িত্ব নিদিয়ে। বাইদেৱে সাহস দিলে আৰু দায়িত্বটো এদিন পালনো কৰিলোঁ। এনেকৈয়ে আলোচনীখনৰ সৈতে ম‌ই দূৰে দূৰে থাকিও যুক্ত হৈ পৰিলোঁ। নিয়মীয়াকৈ নিলিখিলেও প্ৰায়েই সৰু-সুৰা লেখা লিখি থাকিলোঁ।

ইণ্টাৰনেটৰ আগৰ দিনবোৰত এটা সময় আছিল, দৰকাৰী কিবা এটা তথ্য বিচাৰিবলগীয়া হ’লে পুৰণি “প্ৰান্তিক” আলোচনীৰ পাতত বিচাৰি ফুৰিছিলোঁ। এতিয়া সেই কামটো কম সময় আৰু কম কষ্টতে “মুক্তচিন্তা – মুক্ত মনৰ যুক্তিৰ স্পন্দন” ৰ পৃষ্ঠাত বিচাৰি উলিয়াব পৰা হলোঁ। ম‌ই যদি নিজকে আজি প্ৰশ্ন কৰোঁ, এই আলোচনীখনে মোক বিগত আঠ বছৰত কি দিলে? তাৰ উত্তৰ একে আষাৰে হ’ব – মানসিক পুষ্টি আৰু মানসিক স্বাস্থ্য দিলে। ব্যক্তিগত বিভ্ৰান্তি আৰু দুৰ্বলতাবোৰৰ সৈতে মোক মুখামুখি কৰোৱাই দিলে। জীৱন বাটত সঠিক চিন্তাৰ গুৰুত্ব উপলব্ধি কৰাত সজাগ কৰি দিলে। বিচাৰ-বিশ্লেষণৰ স্তৰ উন্নত কৰাৰ বাবে এটা পৰিৱেশ দিলে। এয়া গ্ৰহণ কৰা বা নকৰা সম্পূৰ্ণ ব্যক্তিগত কথা। তাত কোনো মানসিক-আবেগিক হেঁচা নাই। এই পৰিৱেশ বিজ্ঞানমনস্কতাৰে সৃষ্ট পৰিৱেশ।

‘মুক্ত চিন্তা’ এটা যৌথ পৰিয়াল। তাত নীৰৱে, নিৰলসভাৱে আৰু আপোন মনোভাৱেৰে সদস্যসকলে আজি দহবছৰ ধৰি কাম কৰি আছে। ব্যক্তিগত অসুবিধাৰ হেতু সদস্যৰ সাল-সলনি ঘটিলেও এই অব্যৱসায়িক আলোচনীখনৰ উদ্দেশ্যৰ ক্ষয়-ক্ষতি নোহোৱাকৈ পৰিয়ালটিৰ আটাইকেউজন সদস্যই নিষ্ঠা সহকাৰে কাম কৰি থকা দেখিছোঁ।‌ বাগি মৰা কথা, পাল মৰা কাৰ্য‌ই প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্যত নেতিবাচক প্ৰভাৱ পেলায়। এই কথা প্ৰতিজন সদস্য‌ই উপলব্ধি কৰি ‘মুক্তচিন্তা’ আলোচনীখনে এটা সুন্দৰ অথচ কঠিন বাটেৰে বাট বুলি আছে। উদ্দেশ্য বিজ্ঞানমনস্ক, যুক্তিপূৰ্ণ আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধসম্পন্ন এখন সমাজ নিৰ্মাণ কৰা। ইয়াৰ অংশীদাৰ হ’বলৈ পাই ম‌ই গৌৰৱবোধ কৰাৰ লগতে উপকৃত হোৱাৰ সুযোগ পাইছোঁ। ৫ জুলাই তাৰিখে আলোচনীখনে দহ বছৰ সম্পূৰ্ণ কৰিব। দশকপূৰ্তিৰ এই গৌৰৱোজ্জল ক্ষণত কৃতজ্ঞতাৰ লগতে যাচিছোঁ আন্তৰিক অভিনন্দন আৰু হিয়াভৰা শুভেচ্ছা।

Leave a Reply

Your email address will not be published. Required fields are marked *