অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (তৃতীয় সংখ্যা)

মোৰ বিশ্ববীক্ষা-(মূল-আলবার্ট আইনষ্টাইন, অসমীয়া অনুবাদ – ডঃ শিৱনাথ বৰ্মন)

বিস্ময়কৰ আমাৰ অৱস্থান এই ধৰণীত! আমি প্রত্যেকেই ইয়াত আছো ক্ষণিক বসতিৰ বাবে ; নাজানাে ইয়াত আমাৰ অস্তিত্বৰ উদ্দেশ্য কি ? কিন্তু মাজে মাজে ভাৱ হয় -যেন এক উদ্দেশ্য আছে। গভীৰতৰলৈ নগৈয়াে প্রাত্যহিক জীৱনৰ দৃষ্টিকোণৰ পৰা কব পাৰোঁ যে, ইয়াত আমাৰ অস্তিত্ব আনৰ বাবে, বিশেষকৈ সেইসকলৰ বাবে যিসকলৰ হাঁহি আৰু মংগলৰ ওপৰত নির্ভৰ কৰে আমাৰ সুখ ; তদুপৰি সেই অগণন, অজ্ঞাত ব্যক্তিসকলৰ বাবেও যিসকলৰ, ভাগ্যৰ স’তে আমি গঁথা এক সহানুভূতিৰ সূত্রৰে। দিনটোত শতবাৰ মই স্মৰণ কৰোঁ — মােৰ মৃত আৰু জীৱিত সমস্ত সহব্যক্তিৰ শ্রমৰ ভিত্তিত কিদৰে গঠিত হৈছে মােৰ বহিৰংগ আৰু অন্তৰংগ জীৱন; আৰু কিদৰে মই সচেষ্ট হ’ব লাগিব, তেওঁলােকৰ পৰা গ্ৰহণ কৰা দান সমভাৱেই মই পৰিশােধ কৰিব লাগিব। সৰল জীৱনৰ প্রতি মই তীব্রভাৱে আকৃষ্ট। অন্যান্য ব্যক্তিৰ কার্যাৱলীৰ পৰা প্রয়ােজনাধিক ঋণ মই গ্রহণ কৰিছোঁ– এই চিন্তাই প্রায় মােক বিমর্ষিত কৰি ৰাখে। শ্রেণী বৈষম্যক মই ন্যায়ৰ পৰিপন্থী বুলি আৰু মােৰ বিচাৰত ই জোৰ-জুলুমৰ ভিত্তিত প্রতিষ্ঠিত বুলি গণ্য কৰোঁ। শাৰীৰিক আৰু মানসিক দুয়াে ক্ষেত্ৰতে সৰল জীৱন সকলােৰে কাৰণে ভাল বুলি মই ভাবোঁ। ব্যক্তি-স্বাতন্ত্র্যৰ প্রতি, দার্শনিক অর্থত, মই ঘােৰ অবিশ্বাসী ; কাৰণ আমি প্রত্যেকেই কাম কৰোঁ কেৱল বাহিৰৰ বাধ্য-বাধকতাতেই নহয়, বৰং এক অন্তৰ্লীণ আৱশ্যকতাবােধ (inner necessity) অনুসৰিও। ‘ মানুহে যি ইচ্ছা তাকে কৰিব পাৰে, কিন্তু তেওঁ কি ইচ্ছা কৰিব তাক থিৰাং কৰিব নােৱাৰে- শ্বপেনহাৱাৰৰ এই উক্তিয়ে ডেকাবয়সত মােক প্রভাৱিত কৰিছিল দ’কৈ, আৰু জীৱনৰ কাঠিন্যৰ মুখা-মুখি হােৱাৰ সময়ত সি মােৰ নিজৰেই হওক বা আনৰেই হওক-ই আজিও মােৰ মন প্রশমিত কৰি ৰাখে। এই অনুভূতি ধৈৰ্য আৰু সহিষ্ণুতাৰ অবিৰাম উৎস ; আমাৰ আৰু আনৰ জীৱনকো, গুৰুতৰভাৱে নলবলৈ, বৰং এক কৌতুকপূর্ণ অর্থত ইয়াক গ্রহণ কৰিবলৈ ই আমাক শিক্ষা দিয়ে।
নিজৰ অস্তিত্বৰ অৰ্থ সন্ধান, বস্তুধর্মী দৃষ্টিকোণৰ পৰা, মােৰ মতে মুৰ্খতা। কিন্তু প্রত্যেক ব্যক্তিৰে থাকে কেতবোৰ নির্দিষ্ট আদর্শ—যি নির্ণয় কৰে তেওঁৰ প্রযত্ন আৰু বিচাৰ-বুদ্ধিৰ দিশ। এই অর্থত যিবােৰ আদর্শ মােৰ সমুখত আলােকদীপ্ত হৈ থাকে, সিবােৰ হ’ল সত্য, শিৱ আৰু সুন্দৰ। সুখ আৰু স্বাচ্ছন্দ্যক জীৱনৰ চৰম আদর্শ বুলি মই কেতিয়াও ভাবিব নােৱাৰোঁ; নৈতিকতাৰ এনে ভিত্তি হ’ব পাৰে, মই ভাবো, কেৱল জন্তুৰ ক্ষেত্ৰতহে। সমধর্মী ব্যক্তিৰ সৈতে এক আত্মীয়তাবােধ, আৰু কলা আৰু বিজ্ঞানত নিহিত চিৰ অপ্রাপ্যৰ সন্ধান – এই দুইৰ ব্যতিৰেকে জীৱনটো মােৰ বাবে অর্থশূন্য। মানৱীয় আকাংক্ষাৰ যিবােৰ সাধাৰণ সীমা, যেনে -সম্পত্তি, বাহ্যিক সাফল্য, খ্যাতি, বিলাস-ইবোৰক চিৰকালেই মই চাই আহিছোঁ গৰিহণাৰ চকুৰে। এক সৰল আৰু অনাড়ম্বৰ জীৱন মই ভাবো, সকলােৰে বাবেই শুভ, শাৰীৰিকভাৱে আৰু মানসিকভাৱেও। সামাজিক ন্যায় আৰু সামাজিক দায়িত্বৰ প্রতি মােৰ আছে এক গভীৰ আৱেগিক বােধ। কিন্তু ইয়াৰ বিপৰীতে ব্যক্তিৰ লগত পােনপটীয়া সহযােগিতাৰ প্রতি মই অনাকাংক্ষী। মই যেন ঠিক এটা ঘোঁৰাৰ দৰে যি সদায় বন্ধা একেখন গাড়ীৰ লগত, যি উদ্যোগী নহয় দলবদ্ধ কৰ্মৰ বাবে। কোনাে দেশ বা ৰাষ্ট্ৰৰ, কোনাে বন্ধুচক্ৰৰ, আনকি নিজ পৰিয়ালৰো মই আন্তৰিকভাৱে অন্তৰ্ভুক্ত নহওঁ। এই সম্পর্কবোৰৰ লগত, মােৰ ক্ষেত্ৰত, অহৰহ জড়িত হৈ থাকে এক ধৰণৰ বন্ধনমুক্তি, নিঃসংগতাৰ এক অনুভূতি যি বয়সৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পাইছে। এনে বিৰক্তি বহু সময়ত বেদনাদায়ক ; কিন্তু সহব্যক্তিসকলৰ লগত বুজাপৰা আৰু সহানুভূতি সম্পর্কৰ এনে অভাৱে মােক কাহানিও অনুতপ্ত কৰােৱা নাই। সচাঁ , ইয়াৰ ফলত মই হেৰুৱাইছো মানুহৰ উল্লাসী আৰু লঘূচিত্ত প্রকৃতি ; আনহাতে আনৰ ৰীতি- নীতি, মতামত, কু-সংস্কাৰ আদিৰ পৰা ই মােক কৰি তুলিছে স্বাধীন, আৰু সদা-পৰিৱৰ্তিত ভিত্তিৰ ওপৰত নিজৰ মানসিক শান্তি প্রতিষ্ঠা কৰাৰ প্রলােভনৰ পৰা ই মােক দিছে মুক্তি। মােৰ ৰাজনৈতিক মতাদর্শ হ’ল গণতন্ত্র। প্রতিজন মানুহকে আমি সম্মান জনাব লাগিব ব্যক্তিৰূপে আৰু কাকো পৰিণত কৰিব নালাগিব উপাস্য দেৱতাত। অথচ নিয়তিৰ কেনে পৰিহাস যে মই নিজেই হৈ পৰিছো মােৰ সহব্যক্তিসকলৰ অত্যধিক আৰু অনাৱশ্যক প্রশংসাৰ তথা শ্রদ্ধাৰ পাত্র, যদিও ই মােৰ স্বকীয় দোষ বা গুণৰ বাবে হােৱা নাই। এই প্রশংসা উৎসাৰিত হৈছে খুব সম্ভৱ মােৰ সীমিত ক্ষমতাৰে মই আগবঢ়োৱা কেতবােৰ ধাৰণাক জনসাধাৰণে বুজাৰ অতৃপ্ত আকাংক্ষাৰ পৰা। এই বিষয়ে মই সম্পূর্ণ সচেতন যে সামাজিক ক্ষেত্রত এক নির্দিষ্ট আদর্শত উপনীত হবলৈ হ’লে চিন্তা কৰিব আৰু আদেশ দিব লাগিব অৱশেষত এজন ব্যক্তিয়ে আৰু তেওঁ কান্ধ পাতি লব লাগিব প্রায় সমস্তখিনি দায়িত্বও। কিন্তু যিসকল চালিত হয়, তেওঁলােকক জোৰ কৰিব নালাগিব ; নেতা পছন্দ কৰিবলৈ তেওঁলােকক দিব লাগিব স্বাধীনতা। সামাজিক শ্রেণী-বৈষম্যক ন্যায়ৰ পৰিপন্থী বুলি আৰু চৰম বিশেষণত ই জোৰ-জুলুমৰ ভিত্তিত প্রতিষ্ঠিত বুলি মই গণ্য কৰাে। মােৰ দৃঢ় বিশ্বাস যে জোৰ-জুলুমৰ স্বৈৰাচাৰী পদ্ধতি সােনকালেই অধঃপতিত হয় ; কাৰণ জোৰ-জুলুমে নৈতিকভাৱে হীনসকলক আকর্ষণ কৰে সহজেই। সময়ে প্রমাণ কৰিছে যে বিখ্যাত স্বৈৰাচাৰীসকলৰ উওৰাধিকাৰী হয় সদায় এটা দুৰ্বৃত্তৰ দল। জীৱন-উৎসৱৰ প্রকৃত মূল্যবান বস্তুপদ হ’ল, মই ভাবোঁ, ৰাষ্ট্ৰ নহয়, বৰং সৃজনশীল আৰু সচেতন ব্যক্তিৰ বৃন্দ ; কাৰণ জনতা যেতিয়া চিন্তাত স্থূল আৰু অনুভূতিত অচেতন হৈ থাকে, তেতিয়া কেৱল এওঁলােকেহে জন্ম দিয়ে জীৱনৰ মহৎ আৰু শ্রেষ্ঠ সম্পদ ৰাশিৰ।
এই বিষয়টোৱে মােক সোঁৱৰাই দিয়ে জাকৰুৱা মনৰ (herd mind ) সেই জঘন্যতম সৃষ্টিটোৰ কথা,’সামৰিকতা’ নামৰ ঘৃণনীয় পদ্ধতিটোৰ কথা। সংগীতৰ তালে তালে শাৰী পাতি আগবাঢ়ি যােৱা মানুহজন মােৰ পক্ষে ঘৃণাৰো অযােগ্য ; এটা ডাঙৰ মগজু তেওঁ লাভ কৰিছে ভুলক্রমে, ৰাজহাড় ডালেই তেওঁৰ বাবে যথেষ্ট। আদেশ দৰ্শিত বীৰত্ব, চেতনাহীন হিংসা, দেশপ্ৰেমৰ নামত হােৱা মাৰাত্মক বুর্বকামিবােৰ, অন্তৰেৰে সৈতে মই ঘৃণা কৰোঁ এইবােৰক। যুদ্ধ হীন আৰু ঘৃণনীয় -ইয়াত অংশ লোৱাতকৈ মই বৰং ৰাজী আছোঁ টুকুৰা-টুকুৰকৈ কটা যাবলৈকে। মানৱতাৰ ওপৰত বহা এনে ঘৃণ্য দাগ অতি শীঘ্ৰেই ম’চ যােৱা উচিত। মানৱ-চৰিত্ৰৰ ওপৰত থকা মােৰ বিশ্বাসে কয় যে এই দাগ নিচিহ্ন হ’লহেতেন বহুপূর্বে, যদিহে ব্যৱসায়িক আৰু ৰাজনৈতিক কাৰণত পঢ়াশালি আৰু বাতৰি-কাকতবােৰৰ জৰিয়তে ৰাষ্ট্রসমূহৰ সৎবােধ পদ্ধতিমূলক ভাবে কলুষিত কৰি পেলােৱা নহ’লহেঁতেন! আমি লাভ কৰিব পৰা অভিজ্ঞতাসমূহৰ ভিতৰত যি সুন্দৰতম, সি হ’ল ৰহস্যময়তা। ই সকলাে প্রকৃত কলা আৰু বিজ্ঞানৰ উৎস। যাৰ বাবে এনে অনুভূতি পৰকীয়; যি কেতিয়াও আচৰিত হ’বলৈ, বিস্ময়ত
বিনম্র হবলৈ শিকা নাই, তেওঁ তুল্য ওজন মৃতকৰ, এডাল পুৰি নিঃশেষ হৈ যোৱা মমবাতিৰ। আতংক-মিশ্ৰিত হ’লেও এই ৰহস্যময়তাই ধর্মৰো উৎস। আমাৰ বােধগম্যতাৰ উৰ্ধত কিবা আছে, যি প্রকটিত হয় উচ্চতম প্রজ্ঞা আৰু উজ্জ্বলতম সৌন্দর্যৰ ৰূপত। এনে জ্ঞান, এনে অনুভূতিয়েই হ’ল প্রকৃত ধার্মিকতাৰ উৎস। এই অর্থত, কেৱল এই অর্থতহে, মই নিজকে এজন অতীৱ ধর্মনিষ্ঠ ব্যক্তি বুলি গণ্য কৰোঁ। আমাৰ আৰ্হিৰে গঠিত এজন ঈশ্বৰ, যি নিজৰ সৃষ্ট প্রাণীসমূহক শাস্তি আৰু পুৰষ্কাৰ দিয়ে, যি ঈশ্বৰ মানৱীয় দুবলতাৰ প্রতিফলন মাত্ৰ-তেনে ঈশ্বৰ মোৰ বাবে অকল্পনীয় । দৈহিক মৃত্যুৰ পিছত ব্যক্তিৰ কিবা থাকিব পাৰে বুলিও মই নাভাবো ; এনে ভাৱনা দুর্বল চিতীয়া মানুহৰ ভয় আৰু অহংবােধৰ সৃষ্টি। শাশ্বতত প্রবিষ্ট জীৱনৰ ৰহস্যময়তা সম্পর্কে,অস্পষ্টভাৱে দৃষ্ট বিশ্বখনৰ বিস্ময়কৰ গঠন সম্পর্কে কৰা ধ্যান,আৰু প্ৰকৃতিৰ মাজত প্ৰকাশিত বৈদগ্ধ্যৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ অংশ এটাক জনাৰ বিনীত প্রচেষ্টাই মােৰ বাবে যথেষ্ট।

Leave a Reply

Your email address will not be published. Required fields are marked *