নাথান ব্ৰাউন আৰু এলাইজা ব্ৰাউন (৩য় অংশ) : অসমীয়া ভাষা-সাহিত্যৰ সেৱাত একুৰি বছৰ ।। প্ৰবীণ কুমাৰ নেওগ
মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা
(পূৰ্বৰ খণ্ডটিৰ বাবে ইয়াত টিপক)
শিৱসাগৰত খোপনি আৰু অসমীয়া জনজীৱনলৈ বৰঙণি
শদিয়াত উপস্থিত হৈয়েই ব্ৰাউন দম্পতীয়ে অসমীয়া ভাষাটো আয়ত্ত কৰিবলৈ যত্ন কৰিছিল। তেওঁলোকক সহায় কৰিবলৈ কোনো নাছিল, নাছিল কোনো দোভাষী। নাথান ব্ৰাউন আৰু শ্ৰীমতী ব্ৰাউনে গছ এজোপা, ফল এটা বা কোনো বস্তুলৈ আঙুলিয়াই তাৰ নামটো স্থানীয় মানুহক সোধে আৰু মানুহগৰাকীয়ে যি বুলি উচ্চাৰণ কৰে, সেই উচ্চাৰণ আৰু উচ্চাৰকৰ ওঁঠৰ গতিশীলতা লক্ষ্য কৰি ৰোমান লিপিৰে শব্দটো নোটবুকত লিখে। এনেকৈয়ে অসীম কষ্টেৰে অসমীয়া শব্দবোৰ তেওঁলোকে সংগ্ৰহ কৰিছিল।
কষ্টেৰে অসমীয়া ভাষা আৰু লিপি শিকি লৈ নাথান ব্ৰাউন কিতাপৰ অসমীয়া অনুবাদ আৰু শ্ৰীমতী ব্ৰাউনে স্কুলীয়া পাঠ্যপুথি যুগুতোৱাৰ কামত লগাৰ সমান্তৰালভাৱে শ্ৰীমতী ব্ৰাউনে ৩০-৪০ টা ল’ৰাক দৈনিক তিনি-চাৰি ঘণ্টা পঢ়াবলৈ ল’লে। কিছু আগেয়েই ৰেভাৰেণ্ড চাইৰাছ বাৰ্কাৰৰ পত্নীয়ে আৰম্ভ কৰা স্কুলখনকে শ্ৰীমতী ব্ৰাউনে হাত পাতি ধৰিলে। ব্ৰাউন দম্পতীৰ প্ৰচেষ্টাত কেইজনীমান ছোৱালীও বিদ্যালয়লৈ আহিবলৈ ধৰিলে। তেতিয়া মানুহৰ মাজত ছোৱালীক শিক্ষা দিয়াৰ বিৰুদ্ধে প্ৰৱল অন্ধধাৰণা অব্যাহত আছিল। এঠাইত শ্ৰীমতী ব্ৰাউনে লিখিছিল, “নিজৰ ছোৱালীজনীক স্কুললৈ যোৱাত বাধা দিবলৈ এবাৰ এগৰাকী মাকে তাইক তিনি টকাত বেচি দিছিল।” (In one case, the mother, to prevent her child attending the school, sold it for three rupees ! – The Whole World Kin, page 223).
জয়পুৰৰ পৰা ছপাশাল আৰু আখৰবোৰ ১৮৪৩ চনত শিৱসাগৰলৈ লৈ অনা হ’ল আৰু এই এই ছপাশালতে নিউ টেষ্টামেণ্টখনো অসমীয়াত নতুনকৈ ছপাই উলিওৱা হ’ল। ১৮৪৫ চনত শিৱসাগৰৰ পৰা বদলি হোৱাৰ পাছত বৃটিছ কেপ্টেইন হেনয়ে তেওঁৰ শক্তিশালী পকী বাংলোটো আৰু চৌহদটো ছপাশাল স্থাপন আৰু মুদ্ৰকৰ আবাসস্থল হিচাপে ব্যৱহাৰ কৰিবলৈ মিছনক উপহাৰ দিলে। কমিছনাৰ মেজৰ জেনকিনচেও মিছনলৈ বৃহৎ পৰিমাণৰ বাৰ্ষিক বৰঙণি আগবঢ়াইছিল। তেওঁ এটা ছপাশালো কিনি দিছিল।
তিনিবাৰকৈ মানৰ আক্ৰমণৰ সময়ৰ পৰা মিছনেৰীসকলে শিৱসাগৰত থিতাপি লোৱালৈকে অসমৰ শিক্ষা সামাজিক পৰিবেশত মূলতঃ বিৰাজ কৰিছিল শূণ্যতা। ইতিমধ্যে অসমীয়া ভাষাক ৰজাঘৰে বিদায় দিছিল। অসমৰ অফিচ বিদ্যালয়ত তেতিয়া বঙলা ভাষা। এনে সময়তে ব্ৰাউন দম্পতীৰ পৃষ্ঠপোষকতাত মিছনেৰীসকলে ব্যাকৰণবিহীন অসমীয়া ভাষাটো আয়ত্ত কৰি অসমীয়াত পুথি-পাঁজি ছপা কৰিছিল আৰু অসমীয়া ভাষাত বিদ্যালয় পাতিছিল। কেৱল বিদ্যালয়েই নহয়, তেওঁলোকে অন্ধবিশ্বাসৰ বিৰুদ্ধে বিজ্ঞানৰ প্ৰচাৰ, ছোৱালীবোৰৰ বাবে চিলাই, বোৱা-কটা আদিৰ শিক্ষা, বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা, নিজে খেতি কৰি খেতি কৰাৰ শিক্ষা আদিও স্থানীয় ৰাইজক প্ৰদান কৰিছিল। নিজৰ সৰু ল’ৰা-ছোৱালীকেইটাৰ সৈতে ইয়াত থাকোঁতে শ্ৰীমতী ব্ৰাউনে বিছজনীমান থলুৱা গাই পুহিছিল। হুইটনি এলিজাবেথ ব্ৰাউনে এই বিষয়ে শ্ৰীমতী ব্ৰাউনৰ উদ্ধৃতিৰ পৰা লিখিছে যে “অসমীয়া গৰুবোৰ এবিধ অপুষ্টিজনিত আৰু বিষন্ন চেহেৰাৰ প্ৰাণী। শীতল দেশৰ সুশোভিত, কোমল ঘাঁহৰ পৰিৱৰ্তে ইহঁতৰ আহাৰ হৈছে জংঘলী ঘাঁহ, যিবোৰ দেশীয় ম’হৰ বাবেহে অধিক উপযোগী। এই গৰুবোৰে দিনটোত কেৱল এবাৰহে গাখীৰ দিব পাৰিছিল, আৰু প্ৰতিজনী গৰুৱে গড় হিচাপে এবাৰত এক পিণ্ট (০.৫৫০ লিটাৰ) মানহে গাখীৰ দিছিল। এই বিলাকক অতি বিৰল ধৰণৰ গৰু বুলি গণ্য কৰিব পাৰি। কিন্তু, দেশখনে গৰুবোৰক আহাৰৰ জৰিয়তে যি অভাৱ পূৰণ কৰিব নোৱাৰে, সেই অভাৱ পূৰণ কৰা হয় ভক্তিৰ জৰিয়তে। স্থানীয় লোকসকলে এই প্ৰাণীবোৰক ‘মা’ আৰু ‘দেউতা’ বুলি মাতে, কাৰণ তেওঁলোকৰ বিশ্বাস অনুসৰি মৃত্যু হোৱা আত্মীয়সকলৰ আটাইতকৈ বিশুদ্ধ আৰু উচ্চ আত্মাসমূহে গৰুৰ দেহত বাস কৰে। সেয়েহে কোনোবাই যদি ইহঁতক অশ্ৰদ্ধাৰে ব্যৱহাৰ কৰে, তেন্তে তেওঁৰ বিপদ অৱশ্যম্ভাবী।” (The Assamese cow is a scrawny, dejected-looking creature. Instead of the fine succulent grasses of the temperate regions, its nourishment consists of a coarse wiry diet of jungle grass, more suited to the native buffalo. Mrs. Brown was obliged to maintain at least twenty cows when her young family was about her. They could only be milked once a day, averaging about
a teacupful apiece, and that was considered a rare specimen which could be depended upon for a pint at a time. But what the country fails to furnish the poor beast in the way of nourishment is made up in reverence. The
natives call these animals “Mother” and “Father”, the most exalted and pure of the spirits of their departed relatives being supposed to inhabit these bovine bodies, and woe to him who lays a sacrilegious hand on them. (The Whole World Kin, page 236).
সেই সময়তে এটা ঘটনা ঘটিছিল। মিষ্টাৰ চি. বুলি উল্লেখ হোৱা এজন চিকিৎসক নতুনকৈ মিছন চৌহদৰ নিকটৱৰ্তী বৃটিছ কেন্টনমেন্টলৈ আহিছিল। স্থানীয় নীতি-নিয়মৰ লগত পৰিচিত নোহোৱা বিষয়াজনে কেন্টনমেন্টৰ ভিতৰতে গৰু এজনী গুলিয়াই মাৰিলে। লগে লগে কেন্টনমেন্টৰ চিপাহীবিলাক উত্তেজিত হৈ বিষয়াজনক প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে তেওঁৰ ঘৰ ঘেৰাও কৰিলে, যাৰ ফলত জীৱন ৰক্ষাৰ বাবে তেওঁ ঘৰৰ পৰা পলাব লগা হ’ল। পাছত চিকিৎসকজনক ৰাস্তাত পাই পোন্ধৰ বিছজনমান মানুহে বৰ বেয়াকৈ লাঠি আদিৰে মাৰপিত কৰিলে। চিপাহীবোৰ ইমানেই উত্তেজিত হৈ পৰিছিল যে নিজৰ আৰু পৰিয়ালৰ নিৰাপত্তাৰ বাবে চিকিৎসকজনে ৰাতিৰ সময়ত পুনৰ আক্ৰমণ কৰাৰ ভয়ত পৰিয়ালসহ এখন নাৱত শিৱসাগৰ পুখুৰীৰ মাজত আশ্ৰয় ল’ব লগা হ’ল। নাথান ব্ৰাউনে লিখিছে, ‘মই চিকিৎসকজনৰ পৰিয়ালৰ বাবে বিছনা-পত্ৰ আদি পুখুৰীৰ মাজত থকা তম্বুযুক্ত নাওখনত দি থৈ আহিলোঁগৈ’।
তেওঁলোকে ৰচনা কৰিছিল বহুবোৰ স্তুতি-গীত। মূলতঃ খ্ৰীষ্টান ধৰ্ম বিষয়ক হ’লেও এই স্তুতি-গীতবোৰে অসমীয়া ভাষা সাহিত্যৰ চাকিগছ জ্বলাবলৈ লৈছিল। শ্ৰীমতী ব্ৰাউনে বাল্য-বিবাহ বন্ধ কৰিবলৈ চেষ্টা কৰিলে। আগবিয়া হৈ নোযোৱা তেওঁৰ নিজৰ ছাত্ৰীহঁতক চৈধ্য পোন্ধৰ বছৰলৈকে নিজৰ লগত ৰাখিলে। এনেদৰে তেওঁ এটা নতুন কাম কৰি পেলালে। শ্ৰীমতী ব্ৰাউনে নিজৰ ঘৰটোত ৰাখিব নোৱৰা ছোৱালীবোৰক মিছন চৌহদৰ আন খ্ৰীষ্টান পৰিয়ালবোৰত ৰখাৰ ব্যৱস্থা কৰিলে। পৰিষ্কাৰ-পৰিছন্নতা, শৃংখলাবদ্ধতা আৰু মৃতব্যয়িতাৰ শিক্ষাও শ্ৰীমতী ব্ৰাউনে ছোৱালীবোৰক দিছিল। বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ যত্ন লোৱাৰ লগতে ছোৱালীবোৰে কেনভাছত থকা নমুনাৰ পৰা কোমল উল সুতাৰে ক্ৰছ চিলাই আৰু এম্ব্ৰয়দাৰী কৰিবলৈও শিকিছিল। সুন্দৰ এখন ফুলনিও তেওঁলোকে নিৰ্মাণ আৰু পৰিচালনা কৰিছিল।
The Whole World Kin ৰ অনুবাদত ইমৰান হুছেইনে লিখিছে, “শ্ৰীমতী ব্ৰাউনে অসমীয়া শিশুহঁতৰ বাবে সুশোভিত বাৰখন পুথি ইংৰাজী, বাংলাৰ পৰা অনুবাদ কৰি তাত নিজৰ কিছু কথাও যোগ দি প্ৰস্তুত কৰি উলিয়ালে। … সৰু সৰু গল্পপুথিকেইখন ছপাশালৰ পৰা ছপা হৈ অহাৰ পাছত নিজৰ ছাত্ৰ-ছাত্ৰীহঁতৰ মাজত বিলাই দি নিজৰ শ্ৰম সাৰ্থক হোৱা যেন অনুভৱ কৰিলে। … অসমীয়া শিশুহঁতৰ প্ৰয়োজনত লিখা সেইকেইখনেই প্ৰথম অসমীয়া পুথি।”
১৮৪৬ চনৰ জানুৱাৰী মাহত নাথানে ‘অৰুণোদই’ৰ প্ৰথম সংখ্যাটো যুগুতাই উলিয়াইছিল। এইখন আছিল ‘ধৰ্ম বিজ্ঞান আৰু সাধাৰণ জ্ঞানৰ এখন মাহেকীয়া আলোচনী’। আলোচনীখনৰ গোটেই চিত্ৰবোৰ স্থানীয় শিল্পীয়ে খোদাই কৰি প্ৰস্তুত কৰিছিল। কেৱল ধৰ্ম প্ৰচাৰ নহয়, দেশ বিদেশৰ বিভিন্ন খবৰৰ লগতে বিজ্ঞান, ভূগোলৰ কথাও ইয়াত সন্নিৱিষ্ট হৈছিল।
“ব্রাউনে অসমীয়া ভাষাক অত্যন্ত প্ৰশংসা কৰিছিল; ইয়াৰ মুক্ত, মনোমোহা ধ্বনিমাধুৰী, ইয়াৰ চিত্ৰশৈলীৰ সংস্কৃতীয় লিপি, ইয়াৰ অদ্ভুত শব্দবিন্যাস আৰু বাগধাৰাই তেওঁক প্ৰায় স্থানীয় মানুহৰ দৰে আকৰ্ষণ কৰিছিল। সকলোতকৈ বেছি, তেওঁ আনন্দ পোৱা কথা আছিল যে ইয়াৰ ইউৰোপীয় ভাষাবোৰৰ সৈতে স্পষ্ট এক পাৰিবাৰিক সাদৃশ্য আছিল। তেওঁ প্ৰমাণ কৰিলে যে অসমীয়া বঙালী ভাষাৰ অধীন নহয়, আৰু ইয়াৰ প্ৰকৃত উৎপত্তি প্ৰাচীন সংস্কৃতৰ পৰা হৈছে বুলি দৃঢ়ভাৱে প্ৰতিপন্ন কৰিছিল। অসমীয়াভাষী স্থানীয় লোকৰ সৈতে মৌখিক কথা-বতৰা আৰু তেওঁলোকৰ পৰা উপলব্ধ পুথি পঢ়াৰ দ্বাৰা সংগৃহীত তথ্যবোৰক পদ্ধতিগত ৰূপ দিবলৈ, ১৮৪৮ চনত তেওঁ কিছু ব্যাকৰণীয় ৰূপৰ পৃষ্ঠা প্ৰস্তুত কৰিছিল। কামটো আশা কৰাতকৈ সীমাৰ বাহিৰলৈ প্ৰসাৰিত হোৱাৰ ফলত, প্ৰায় আশী পৃষ্ঠাৰ এখন অসমীয়া ব্যাকৰণ প্ৰকাশিত হ’ল, যাৰ নাম দিয়া হৈছিল “Grammatical Notices”। ………..Grammatical Notices নতুনকৈ আগমন কৰা মিছনাৰীসকল আৰু অন্যান্য বিদেশীসকলৰ বাবে এক অতি সহায়ক গ্ৰন্থ আছিল; কিতাপখন প্ৰকাশৰ আগতেই চাহিদা উঠিছিল, আৰু চৰকাৰৰ পৰা ধন্যবাদো লেখকে লাভ কৰিছিল। স্থানীয় লেখকে লিখা অসম দেশৰ এখন বুৰঞ্জীও ১৮৪৪ চনত ব্ৰাউনে ছপাই উলিয়াইছিল আৰু বিদ্যালয়সমূহৰ হিতাৰ্থে স্থানীয় ম্যাজিষ্ট্ৰেটজনৰ ব্যয়ত প্ৰকাশ কৰি বিদ্যালয়বোৰত বিলাই দিছিল।”(Mr. Brown admired the Assamese language; its open, agreeable vocalization, its picturesque Sanscritic characters, its quaint inflections and idioms, became almost native to him. Above all, he delighted in its marked family likeness to the European tongues. He vindicated its independence of Bengali, and maintained its legitimate descent from the ancient Sanscrit. To systematize the facts he had gathered by oral use of Assamese with the natives and reading their books, he
prepared in 1848, a few sheets of grammatical forms, and the work extending beyond what was anticipated, an Assamese grammar of eighty pages was published, under the title of “Grammatical Notices.”……….The Grammatical Notices were a welcome help to newly arrived missionaries and other foreigners ; the book was
called for before it was bound, and the thanks of government were conveyed to the author. One of the histories of the country by native authors, was prepared
for the press by Mr. Brown, in 1844, and issued for the
benefit of the schools at the expense of the resident
magistrate. – The Whole World Kin, page 416-417).
১৮৩৮ চনৰ জুলাইলৈকে ব্ৰাউনে কৰা ভাঙনিসমূহ আৰু আন পুস্তিকাবোৰ ছপোৱা হৈছিল। প্ৰথম দুবছৰত ২৫ পৃষ্ঠাৰ পুথিৰ ৪৬০০ কপি ছপাই উলিওৱা হৈছিল আৰু ১৮৫১ চনলৈকে সমুদায় বিৰাশী লাখতকৈও অধিক পৃষ্ঠা তেওঁলোকে ছপাইছিল।
১৮৫৩-৫৪ চনত অসমত ব্যাপকভাৱে কলেৰা লাগিল। শিৱসাগৰতে ১৫-২০ হাজাৰ মানুহৰ মৃত্যু হ’ল। নগাঁও আৰু গুৱাহাটীতো একেই হাৰত মানুহ মৰিল। মিছনেৰীসকলৰ হাতত কিছু ঔষধ আছিল। এই ঔষধ তেওঁলোকে সাধাৰণ ৰাইজৰ চিকিৎসাৰ বাবেও প্ৰদান কৰিছিল। অৱশ্যে এনে ৰোগৰ বাবে ডাইনী ভুতক জগৰীয়া কৰি বেজৰ ওচৰ চপা আৰু দৰৱ খালে জাত যাব বুলি ভবা লোকৰ সংখ্যাও কম নাছিল। ১৮৫৪ চনৰ ডিচেম্বৰত ব্ৰাউনে Harmony বা “Life and Gospel of Christ” খন অসমীয়ালৈ ভাঙনিৰ কাম সম্পূৰ্ণ কৰিলে। এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া। ব্ৰাউনে Pilgrims Progress খনৰো বহুখিনি ভাঙনি কৰিলে।
আমেৰিকাৰ খ্ৰীষ্টান পৰিয়ালবোৰৰ দৰে শ্ৰীমতী ব্ৰাউনে কেইজনীমান অসমীয়া অনাথ বা পৰিত্যক্ত ছোৱালীক তুলিও লৈছিল। পাছলৈ সিহঁতক শিক্ষা-দীক্ষাৰে পৰিপুষ্ট কৰি খ্ৰীষ্টান ল’ৰা-বোৰৰ মাজতে বিয়া দিয়াৰো ব্যৱস্থা কৰিছিল। কুন্তী নামৰ ১৩ বছৰীয়া ব্ৰাহ্মণ ছোৱালী এজনীকো তাইৰ বিধবা মাকে মিছনেৰীসকলৰ হাতত তুলি দিছিল।

