চিন্তা কৰোঁ আহক ।। অঞ্জনা গোস্বামী
মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা
অনুবাদ সাহিত্যই এটা জাতিৰ সাহিত্যৰ ভঁৰাল অতীতৰ পৰাই সমৃদ্ধ কৰি আহিছে। সাহিত্যৰ ভিন্ন স্বাদ, জ্ঞানৰ মৌকোঁহ আহৰণ, জাতীয় চেতনা জাগ্ৰত কৰাৰ সম্বলসমূহৰ ক্ষেত্ৰত অনুবাদ সাহিত্যই বিশেষ ভূমিকা পালন কৰি আহিছে। অসমীয়া সাহিত্য জগতত ত্ৰয়োদশ-পঞ্চদশ শতিকাত অনুবাদ সাহিত্যই প্ৰাধান্য পোৱাৰ দৰে আজি বিংশ-একবিংশ শতিকাতো অনুবাদ সাহিত্যৰ প্ৰতি আগ্ৰহ তথা সচেতনতা ৰক্ষাৰ কাৰণে বিদ্বৎ সমাজে গুৰুত্ব আৰোপ কৰা দেখা যায়। সাহিত্য সদায় পাঠক কেন্দ্ৰিক। পাঠক অবিহনে ই জীপাল হৈ উঠিব নোৱাৰে। অনুবাদ সাহিত্যৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয়। ইতিমধ্যে ২০২৪ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত এখন অনূদিত গ্ৰন্থই আমাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়; যাৰ নাম ‘চিন্তা কৰোঁ আহক’।
অসমীয়া সমাজ আৰু সাহিত্যৰ জগতলৈ অনবদ্য সংযোজন নৰেন্দ্ৰ ডাভোলকাৰৰ Please Think-ৰ অনূদিত গ্ৰন্থ ‘চিন্তা কৰোঁ আহক’। গ্ৰন্থখনৰ নামকৰণতে নিহিত হৈ আছে মানুহৰ মন-মগজুত পোখাই থকা পুৰণিকলীয়া বিভ্ৰান্তিকৰ বিষয়বোৰ নতুন ধ্যান-ধাৰণাৰে এবাৰ ফঁহিয়াই চোৱাৰ বিনম্ৰ আহ্বান। যুক্তি-বিকাশ সমিতি, অসমৰ সভাপতি, নাট্যকাৰ, নাট পৰিচালক, প্ৰৱন্ধকাৰ, অনুবাদক মুনীন শৰ্মাৰ মানসিক চেতনাৰ পৰিমণ্ডলতে সৃষ্টি হয় উল্লিখিত গ্ৰন্থৰ অনুবাদ প্ৰচেষ্টা।
১৯৪৫ চনত মহাৰাষ্ট্ৰৰ চাতাৰাত জন্মগ্ৰহণ কৰা নৰেন্দ্ৰ ডাভোলকাৰ অন্ধবিশ্বাস কুসংস্কাৰবিৰোধী আন্দোলনৰ অগ্ৰণী নেতা হোৱাৰ কাৰণেই আততায়ীৰ হাতত মৃত্যুবৰণ কৰিব লগা হয়। ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধত, নিস্বাৰ্থ মনোভাবেৰে কাম কৰি যোৱা, জীৱনৰ মোহ পৰিত্যাগ কৰি কৰ্মকে জীৱনৰ সৰ্বস্ব ৰূপে গ্ৰহণ কৰা লোকক মৃত্যুৱে মৃত কৰিব নোৱাৰে, তেওঁলোকে মৃত্যুক জয় কৰে; ডাভোলকাৰ ইয়াৰ সুন্দৰ উদাহৰণ। ডাভোলকাৰৰ বিজ্ঞানমনস্ক আৰু যুক্তিবাদী চিন্তাৰ পূৰ্বেই দক্ষিণ ভাৰতৰ মুক্তি-যুঁজাৰু প্ৰেমানন্দৰ প্ৰেৰণাত মহাৰাষ্ট্ৰত শ্যাম মানৱ আৰু ডাভোলকাৰৰ প্ৰচেষ্টাত ‘অখিল ভাৰতীয় অন্ধশ্ৰদ্ধা-নিৰ্মূলন সমিতি’ গঠিত হয় যদিও ১৯৮৯ চনত ডাভোলকাৰৰ নেতৃত্বত ‘মহাৰাষ্ট অন্ধশ্ৰদ্ধা-নিৰ্মূলন সমিতি’ নামেৰে আন এটা সংগঠনৰ জন্ম হয়। তেখেতৰ বিজ্ঞানমনস্ক আৰু যুক্তিবাদী চিন্তাৰে নিজৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰি সংগঠিতভাৱে কাৰ্যক্ষেত্ৰত অগ্ৰসৰ হৈছিল।
আজি কিছুবছৰৰ পৰা কাকতে-পত্ৰই, সভাই-সমিতিয়ে, বিদ্যালয়-মহাবিদ্যালয়ে অনুষ্ঠিত কৰা আলোচনাসভাত অন্ধবিশ্বাস, কুসংস্কাৰবিৰোধী চিন্তা-চৰ্চা হোৱা পৰিলক্ষিত হয়। কেইবছৰমানৰ আগতে উচ্চতৰ মাধ্যমিক পৰ্যায়ত ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ নামৰ এটি পাঠ সন্নিৱিষ্ট কৰা হৈছে। এই বৈজ্ঞানিক মানসিকতাকে এক কথাত বিজ্ঞানমনস্কতা বুলি অভিহিত কৰা হয়। পাঠটোৰ লগত সংগতি ৰাখি অথবা প্ৰাসংগিক গ্ৰন্থ হিচাপে ডাভোলকাৰ অথবা মুনীন শৰ্মাৰ গ্ৰন্থখন অতিশয় পঠন যোগ্য এখন গ্ৰন্থ।
ডাভোলকাৰে গ্ৰন্থখনত বিজ্ঞানমনস্কতা প্ৰকৃতাৰ্থত কি, ইয়াৰ বৈশিষ্ট্য, ইয়াক কেনেদৰে মানুহে কৰ্ষণ কৰিব পাৰিব আৰু ইয়াৰ লগত সংপৃক্ত হৈ থকা প্ৰাসংগিক বিষয় যেনে—মানুহৰ ভ্ৰমাত্মক চিন্তাৰ প্ৰক্ৰিয়া, অন্ধবিশ্বাসৰ জালত পেলাই মানুহক নিষ্পেষণ কৰাৰ কূটকৌশল, ধৰ্মীয় গোড়ামিৰে জীৱন দুৰ্বিসহ কৰি তোলা সামাজিক চিত্ৰপটখন অনুধাৱন কৰিবলৈ হ’লে ‘Please Think’ অথবা ‘চিন্তা কৰোঁ আহক’ গ্ৰন্থখনে ছাত্ৰ-শিক্ষক তথা সৰ্বসাধাৰণৰ লোকক উপকৃত কৰিব বুলি আমাৰ বিশ্বাস। কেৱল তেওঁলোককেই নহয় বিজ্ঞানমনস্কতাৰ প্ৰতি শ্ৰদ্ধা থকা সমাজ-সচেতন প্ৰতিগৰাকী ব্যক্তিকে ই পথ নিৰ্দেশনা দিব। গ্ৰন্থখনত লেখকে যুক্তিবাদী দৃষ্টিভংগীৰে সমাজখনক অন্ধবিশ্বাস -কুসংস্কাৰৰ পৰা মুক্ত কৰিবপৰা বিভিন্ন দিশ পুংখানুপুংখভাৱে দাঙি ধৰাত সক্ষম হৈছে। এজন শিক্ষক হিচাপে গ্ৰন্থখনে মোৰ মন-মগজুত স্পৰ্শ কৰি যোৱাৰ লগতে মোৰ দৃষ্টিৰ প্ৰসাৰতা প্ৰদান কৰিলে। যিহেতু ই পাঠ্যক্ৰমত সন্নিৱিষ্ট এক বিষয় সেয়ে গ্ৰন্থখন সন্দৰ্ভত একাষাৰ লিখাৰ হেঁপাহ ইয়াতেই সৃষ্টি হয়।
বৈজ্ঞানিক মানসিকতাকে এক কথাত বিজ্ঞানমনস্কতা বুলি অভিহিত কৰা হয়। এই বিজ্ঞানমনস্কতা সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে ইয়াৰ মাজত বিভিন্ন দিশ সাঙোৰ খাই থকা বিষয়টোৰ গভীৰতালৈ যাওঁতে বিজ্ঞান আৰু বিজ্ঞানমনস্কতাৰ মাজত থকা প্ৰভেদ, ইয়াৰ লগত সংযোজিত হৈ থকা অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্মীয় গোড়ামি, মানুহৰ মাজত পৰম্পৰাগতভাৱে চলি অহা ক্ষতিকাৰক অহেতুক ধ্যান-ধাৰণা, ভ্ৰান্তিকৰ চিন্তা-চেতনা, ধৰ্মীয় বিশ্বাসৰ কাৰণে অহেতুক অৰ্থ ব্যয়ৰ দ্বাৰা জুৰুলা হোৱা মানুহৰ জীৱনচৰ্যা আদি বিষয়বোৰ ডাভোলকাৰে পুংখানুপুংখকৈ আলোচনা কৰিবলৈ যত্ন কৰিছে। বিজ্ঞানমনস্কতাই সদায় সত্যানুসন্ধানৰ পক্ষত অৱস্থান কৰে। এই সত্যানুসন্ধানত ভয়, অজ্ঞতা আৰু আলস্যক মানুহে একাষৰীয়া কৰিব পাৰিব লাগিব। এনে বিষয়বোৰ স্পষ্টভাৱে বুজিবৰ কাৰণে তেওঁ গ্ৰন্থখনত বিভিন্ন প্ৰাসংগিক উদাহৰণ দাঙি ধৰিছে। তদুপৰি ধৰ্মৰ ধ্বজাবাহক নেতাসকলে কিদৰে মানুহক মোহাচ্ছন্ন কৰি তোলে ইয়াৰ বিশ্লেষণো গ্ৰন্থখনত প্ৰতিপাদন কৰা হৈছে। ধৰ্মান্ধতাত ডুব গৈ বা ডুবাই ৰাখি প্ৰকৃত সত্যানুসন্ধানৰ পৰা মানুহক কেনেদৰে আঁতৰাই ৰখা হয় এনে আলোচনা ইয়াত উত্থাপন কৰা দেখা যায়। ধৰ্মৰ গইনা লৈ একশ্ৰেণী স্বাৰ্থান্বেষী লোকে মানুহক শোষণ-নিষ্পেষণ কৰাৰ কূটকৌশল ৰচনা কৰাৰ বিষয়ে তেখেতে উদাহৰণসহ বিশ্লেষণো আগবঢ়াইছে। প্ৰাচীন কিছুমান পৰম্পৰাগত ভ্ৰমাত্মক চিন্তাই মানুহক বিভ্ৰান্ত কৰাৰ চিত্ৰ, ইয়াৰ উপৰিও অন্ধবিশ্বাস, ভ্ৰমাত্মক চিন্তা কুসংস্কাৰ আদিৰ দ্বাৰা মানুহৰ মনত সৃষ্টি হোৱা মানসিক চাপ আৰু এই চাপে সৃষ্টি কৰা শাৰীৰিক ব্যাধি আদিৰ দ্বাৰা কেনেদৰে মানুহ চিকাৰ হ’ব লগা হয় সেই সম্পৰ্কেও সমাজৰ পৰা বাস্তৱ অভিজ্ঞতা আহৰণেৰে উপস্থাপন কৰিবলৈ লেখকে যত্ন কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল বিজ্ঞানমনস্কতাৰ কাৰণে বিজ্ঞানভিত্তিক দৃষ্টিভংগীৰ প্ৰয়োজনীয়তা সৰ্বাধিক যদিও বিজ্ঞানচৰ্চা কৰা লোক মাত্ৰেই বিজ্ঞানমনস্ক হ’ব সেই কথা যে শেষ সিদ্ধান্ত নহয়। এজন বিজ্ঞানীও বিজ্ঞানমনস্ক লোক নহ’ব পাৰে অথচ এজন সাধাৰণ মানুহো এই চিন্তাৰে অগ্ৰসৰ হোৱাৰ দৰে তাৎপৰ্যপূৰ্ণ কথাটি গ্ৰন্থখনত প্ৰতিপাদন কৰা হৈছে।
লেখক ডাভোলকাৰে গ্ৰন্থখনত উল্লেখ কৰিছে যে অন্ধবিশ্বাস-কুসংস্কাৰবিৰোধী আন্দোলনৰ মূল উদ্দেশ্য হৈছে অৰ্থহীন ধ্যান-ধাৰণাবোৰৰ বিৰোধিতা কৰি সিহঁতৰ স্থানবোৰ যুক্তিবাদী মূল্যবোধ আৰু কৰ্ম প্ৰেৰণাৰে পূৰ্ণ কৰা। অৱশ্যে ইয়াৰ কাৰণে মানুহৰ প্ৰয়োজন খং-ৰাগৰ বিপৰীতে প্ৰেম-ভালপোৱা আৰু সহমৰ্মিতাৰে আগবাঢ়ি যোৱাৰ পণ। ইয়াৰ উপৰিও গুৰুত্বপূৰ্ণ কথা হ’ল, তেখেতেসকলে অন্ধবিশ্বাস-কুসংস্কাৰ আদি মানুহৰ মাজৰ পৰা আঁতৰাবৰ কাৰণে সত্যানুসন্ধানৰ পথৰ নিদৰ্শন জনসাধাৰণক দিয়াৰ কাৰণে বাস্তৱ ঘটনাৰ উদাহৰণেৰে প্ৰতিপন্ন কৰি দেখুৱাবলৈ যত্ন কৰা পৰিলক্ষিত হয়। সেয়ে গ্ৰন্থখনে এক বিশেষ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে বুলি ক’লে অত্যুক্তি কৰা নহ’ব।
আমাৰ সমাজ-জীৱনত বিজ্ঞানমনস্কতা সম্পৰ্কে চিন্তা-চৰ্চা কৰা হৈছে যদিও কেনেকৈ কোন পথেৰে আগবাঢ়ি গ’লে আমি আমাৰ লক্ষ্যত সাৰ্থকভাৱে উপনীত হ’ব পাৰিম সেই সম্পৰ্কে জনসাধাৰণক সচেতন কৰিবৰ কাৰণে ডাভোলকাৰৰ Please Think অথবা মুনীন শৰ্মাৰ ‘চিন্তা কৰোঁ আহক’ গ্ৰন্থখনৰ অধ্যয়নে পথ নিৰ্দেশনা দিব পাৰিব বুলি বিশ্বাস হয়।
সমাজ সচেতন, অসমৰ পটভূমিত অন্ধবিশ্বাস-কুসংস্কাৰবিৰোধী আন্দোলনৰ একান্ত কৰ্মী, যুক্তিবাদী চিন্তাৰে পৰিচালিত, প্ৰৱন্ধকাৰ মুনীন শৰ্মাই ডাভোলকাৰৰ গ্ৰন্থখন অসমীয়া লোকৰ কাৰণে অসমীয়া ভাষাত অনুবাদ কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিয়ে নিশ্চয় অনুবাদকৰ কষ্টসাধ্য কামটি হাতত লয়। তেখেতে অতি সহজ-সৰল ভাষাত গ্ৰন্থখন নিজা বাক্-ভংগীৰে ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰে। লক্ষণীয় কথা যে পাঠকে গ্ৰন্থখন অধ্যয়ন কৰি যাওঁতে কোনো ঠাইতে দ্ব্যৰ্থবোধ অথবা বোধগম্যতাত উজুতি খাব লগা নহয় যেন মোৰ অনুভৱ। এখন অনূদিত গ্ৰন্থৰ সফলতা তাতেই নিহিত হৈ থাকে। গ্ৰন্থখনৰ অনুবাদৰ প্ৰসংগত তেখেতে বিনম্ৰভাৱে উল্লেখ কৰিছে—এই অনুবাদে “ডাভোলকাৰ ডাঙৰীয়া’ৰ প্ৰতি অন্যায় কৰা নাই বুলি ৰাইজে ভাবে, তেন্তে সেয়াই হ’ব আমাৰ পৰম সন্তুষ্টি”। বিষয়বস্তুৰ যথাযথ উপস্থাপন আৰু ভাষা সাৱলীল হোৱা বুলি পাঠকে অনুভৱ কৰিলে অনুবাদকক পৰম সন্তুষ্টি দিয়ে। গ্ৰন্থখন পঢ়োঁতে এনে অনুভৱ হয় যেন অনুবাদকে নিজা অনুভৱ আৰু জ্ঞানেৰে ইয়াক প্ৰণয়ন কৰিছে। সেয়ে তেখেতৰ এই কষ্টসাধ্য কৰ্মই পাঠকৰ পৰা নিশ্চয় সমাদৰ লাভ কৰিব।
গ্ৰন্থখনৰ আৰম্ভণিতে, প্ৰাক্-কথন আৰু উত্তৰ-কথন নামৰ দুটা অধ্যায় অসমৰ আগশাৰীৰ চিন্তাবিদ, প্ৰাৱন্ধিক, বুদ্ধিজীৱী প্ৰসেনজিৎ চৌধুৰীয়ে ডাভোলকাৰৰ বিজ্ঞানমনস্ক চিন্তা-চৰ্চা, যুক্তিবাদী বিচাৰ-বিশ্লেষণ আৰু কাৰ্যপন্থাত থকা নিৰ্ভীকতাৰ বিষয়ে তথ্যসমৃদ্ধ এটি চমু আলোচনা আগবঢ়াইছে। অন্ধবিশ্বাস আৰু কুসংস্কাৰ আন্দোলনৰ অগ্ৰণী নেতা নৰেন্দ্ৰ ডাভোলকাৰে নিজে জনসাধাৰণৰ মাজত সোমাই গৈ কৰা সত্যানুসন্ধান আৰু কাৰ্যাৱলী সম্পৰ্কে বিভিন্ন দিশ সামৰি আলোচক চৌধুৰীয়ে কৰা আলোচনাটিয়ে গ্ৰন্থখনক এক বিশেষ মৰ্যাদা প্ৰদান কৰিছে বুলি ভাবিব পাৰি। বিজ্ঞানমনস্ক চিন্তাৰে পৰিচালিত, অন্ধবিশ্বাস-কুসংস্কাৰবিৰোধী আন্দোলনত বিশ্বাসী ব্যক্তি মাত্ৰেই গ্ৰন্থখন অধ্যয়নৰ দ্বাৰা উপকৃত হ’ব বুলি মই গ্ৰন্থখন অধ্যয়নেৰে উপলব্ধি কৰিলোঁ। সেয়ে পাঠক সমাজলৈ গ্ৰন্থখনৰ এটি পৰিচয় আগবঢ়াবলৈ যত্ন কৰিছোঁ। গ্ৰন্থখনে জনসাধাৰণৰ চিন্তাক উদ্দীপ্ত কৰক আৰু পাঠকৰ সমাদৰ লাভ কৰক, এয়ে কামনা কৰিলোঁ।

