৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাগল্প-কবিতাষষ্ঠ বছৰ

অজ্ঞাত প্ৰস্থান (চাও ৰাহুল শ্যাম)

আতংক হৈছে যোৱা ৫০০০ বছৰৰ ইতিহাসৰ এক স্বাভাৱিক প্ৰতিক্ৰিয়া। দুটাকৈ বিশ্বযুদ্ধ পাৰ হৈ গ’ল, তৃতীয়টোও সমাগত। একবিংশ শতিকাৰ আৰম্ভণিতে ইৰাক-বাগদাদত ISIS ৰ ৰক্তস্নানৰ বিভৎসতাই সকলো আতংককে চেৰ পেলাইছিল। আমেৰিকা-ৰাছিয়া, উত্তৰ কোৰিয়া-দক্ষিণ কোৰিয়া, ভাৰত-চীন-পাকিস্থান, মধ্যপ্ৰাচ্য, চাৰিওফালে কেৱল হিংসা আৰু বিভৎসতাৰ শিহৰণ। উন্নত দেশসমূহৰ মাজত ক্ষমতাৰ অৰিয়াঅৰি আৰু আনফালে অনুন্নত দেশসমূহৰ মাজত ধৰ্ম নামৰ এক বিষাক্ত বিষবাষ্পৰ অভ্যুত্থান। পাৰমাণবিক আক্ৰমণৰ প্ৰস্তুতি তুংগত ক্ষমতালোভী দেশৰ। কোনেও কাকো বিশ্বাসত নলয়, চুকে কোণে যুদ্ধৰ আখৰা, ভূ-জল-বায়ু একো বাদ পৰা নাই। এনেক্ষেত্ৰত বিশ্বশান্তিৰ ধাৰণা অমূলক। এতিয়া প্ৰশ্নটো হ’ল “গ্ৰেটেষ্ট শ্ব’ অন দ্যা আৰ্থ: অলিম্পিক”ক বাদ দি এনে কোনো পটভূমি আছেনে য’ত সমগ্ৰ পৃথিৱীবাসী একগোট হৈ মানৱজাতিৰ বাবে কাম কৰাৰ থল আছে? উত্তৰটো ধনাত্মক। যদি বিশ্বব্ৰহ্মাণ্ডৰ কোনোবা প্ৰান্তৰ পৰা “এলিয়েন” আহি যুদ্ধৰ পাতনি মেলে তেতিয়া হয়তো বিশ্ববাসী একগোট হৈ ইয়াক ৰোধৰ বাবে চেষ্টা চলাব। কিন্তু তেতিয়াও ISIS ৰ দৰে মানুহৰূপী পশুকেইটাৰ, ধৰ্মৰ বেপাৰীকেইটাৰ, ক্ষমতালোভীকেইটাৰ যে সৎ বুদ্ধি উদয় হ’ব তাত সন্দেহৰ থল আছে। সি যি নহওক, এনে এখন যুদ্ধৰ যদি ভৱিষ্যতে পাতনি মেলে তেতিয়া পৃথিৱীবাসীৰ পৰাজয় ঘটাটো নিশ্চিত। কাৰণ আমি এতিয়াও আমাৰ নিকটতম গ্ৰহটোতে ভৰি থৈ পোৱা নাই। তেনেক্ষেত্ৰত কোটি কোটি আলোকবৰ্ষ পাৰ হৈ, কাল আৰু মাত্ৰাৰ প্ৰাচীৰ ভাঙি উপস্থিত হোৱা মগজুবোৰ যে মানুহতকৈ উন্নত হ’ব সেইটো ধূৰূপ। অৰ্থাৎ পৃথিৱীবাসীৰ পৰাজয় নিশ্চিত। এয়া হ’লে মানৱ জাতিৰো ইমানতে অন্ত পৰিব। পৃথিৱীত পুনৰ জীৱ সৃষ্টি হোৱালৈ পৃথিৱীৰ জীৱনকালো অন্ত পৰিব। সকলো ধ্বংস হ’ব। আতংকৰো অন্ত পৰিব। তাৰ পাছত?

একচত্বাৰিংশ শতিকাৰ শেষৰফালে সময়বোৰ মানৱজাতিৰ বাবে বৰ জটিল হৈ পৰিল। পৃথিৱীৰ অৱস্থা দূঃখজনক, চহৰ-নগৰ, বাট-পথ সকলো ধ্বংসস্তুপত পৰিণত হৈছে। দুটাকৈ মহামাৰীয়ে মানৱ সভ্যতাৰ অগ্ৰগতিক নিঃচিহ্ন কৰাত আংশিক সফল হোৱাৰ পাছত আন এক কুহেলিকাময় দুৰ্যোগ নামি আহিল ‘অ’জন বিন্ধা’ৰ ৰূপত। বায়ুমণ্ডলৰ অক্সিজেনৰ স্তৰ অভাৱনীয় ভাৱে নিম্নগামী হ’ব ধৰিলে। দক্ষিণ গোলাৰ্দ্ধৰ এণ্টাৰ্কটিকাৰ ওপৰত প্ৰায় চল্লিশ মিলিয়ন বৰ্গকিলোমিটাৰৰো বৃহৎ অ’জন বিন্ধা সৃষ্টিৰ ফলস্বৰূপে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ সাংঘাটিকভাৱে কমি আহিব ধৰিলে, তাৰ বিপৰীতে পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি পাব ধৰিলে। তিনি চতুৰ্থাংশ জনসংখ্যাৰ ইতিমধ্যে মৃত্যু ঘটিছে, জীৱ-জন্তু, পক্ষীকূল, কীট-পটঙ্গ একো বাদ পৰা নাই। চাৰিওফালে এক ‘ডিষ্ট’পিয়ান’ ছবি। সেউজী ধৰণীয়ে জীৱনৰ সুবাস হেৰুৱালে, বিনন্দীয়া প্ৰকৃতিয়ে জীৱকূলেৰে গঢ়া আমোঘ ৰং হেৰুৱালে, আৰু হেৰুৱালে সভ্যতাৰ উত্তৰণৰ সুৰীয়া সমন্বয়। পৃথিৱীখন যেন শেষ নিঃশ্বাসৰ বাবে সাজু হৈছে! মানৱ সভ্যতাৰ বিলুপ্তি যেন অৱধাৰিত। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায় নাইনে? আছিল যদিও হয়টো এতিয়া বহু পলম হৈ গ’ল। কৰ্মফল। বাকী জীয়াই থকা এক চতুৰ্থাংশ এতিয়া ভৱিষ্যতৰ আশংকাত দগ্ধ…

…৩১ অক্টোবৰ, ৪০৪৭ চন, শনিবাৰ।
আৰাইজোৱানা চহৰ, পশ্চিম আমেৰিকা।
১০ বাজি ৪৫ মিনিট , সন্ধ্যালগ্ন।

চুবুৰিটোৰ সকলোবোৰ ওলাই আহিছে উৎসৱৰ দিনা। আজি মৃতকৰ উৎসৱ। ইষ্টাৰ নামৰ ছোৱালীজনীও ওলাই আহিছিল লগৰবোৰৰ লগত “prank” খেলিবলৈ। প্ৰথমে তাই গ্ৰেভয়াৰ্ডত মম জ্বলাবলৈ গ’ল। ছাৰ্চ (গীৰ্জা) এটাৰ ভগ্নাৱশেষৰ পৰা দক্ষিণে আপেলৰ বাৰীখন পাৰ হ’ব লাগে। গ্ৰেভয়াৰ্ডৰ কফিনবোৰত (টম্ব) শাৰী শাৰীকৈ মমবাতি জ্বলি আছিল। তাইৰ লগৰ এমা আৰু কাৰ্মেলাহঁতে আগতেই আহি জ্বলাই গ’ল চাগে। তায়ো টম্ব এটাত এপেকেট মম জ্বলাই উভতিল। আপেলৰ বাৰীখন পাৰ হওঁতেই সিপিনৰ পৰা কোনোবা এটাক আহি থকা দেখিলে। লগতে অলপ আঁতৰৰ জাৰণিখনৰ পৰা এক নীলা পোহৰ তিৰবিৰাই থকা দেখিলে। টমে হয়তো তাইক prank কৰিব আহিছে। মূৰত স্কাল্ মাস্ক লগাই।

“Happy Halloween….”, ইষ্টাৰে মাত লগালে।

আগন্তুকে ক্ষন্তেক তভক মাৰি তাইলৈ চালে। তাৰ পাছত আগন্তুকে নীলা পোহৰৰ জ্যোতিটোক অনুসৰণ কৰি গ্ৰেভয়াৰ্ডৰ পিনে ধীৰ গতিৰে বাট ল’লে। ডালত থকা ফেঁচাটোৱে দুবাৰমান কুৰুলীয়ালে। অলপ পাছতে ইষ্টাৰে দেখিলে যে সেই মানুহটো চক্ৰাকাৰে প্ৰচণ্ড বেগত ঘূৰি থকা নীলা পোহৰকণাৰ উৎসটো পোৱাৰ ঠিক আগতেই নিমিখতে অদৃশ্য হৈ পৰিল। তাইৰ মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল যদিও মৰসাহ কৰি এখোজ দুখোজকৈ সেই অদৃশ্য হোৱাৰ ঠাইডোখৰলৈ আগবাঢ়ি গ’ল। এয়া কি! তাতচোন তাই পিন্ধি থকা ক্ৰছ্ চেইনডাল পৰি আছে। তাই নিজৰ ডিঙিত হাত বুলাই চাই দেখে যে চেইনডাল নাই! এক প্ৰচণ্ড ‘Déjà vu’ ৰ অনুভৱে তাইৰ গোটেই গাটো জোকাৰি গ’ল। তাইৰ এনে লাগিল যেন কিছু সময়ৰ আগেয়ে তাই এই নীলা জ্যোতিটো অনুসৰণ কৰি আহি পোৱাৰ আগমুহূৰ্ততে নিথৰ হৈ পৰিছিল। কিজানি হেৰাই যোৱা আগন্তুকজন তায়েই আছিল? তাৰ মানে তাই কিছু সময় পূৰ্বৰ নিজৰ প্ৰতিবিম্বটোকেই অনুসৰণ কৰিছিল! অচেতন হোৱাৰ আগে আগে হঠাৎ তাই চাৰিওফালে আন্ধাৰ আৰু প্ৰচণ্ড ঠাণ্ডা অনুভৱ কৰিলে। নীলা পোহৰৰ এক চুঙাকৃতিৰ (cylindrical path) চাকনৈয়াত তাইৰ চেতনাই গতি কৰিব ধৰিলে।

টুৱেণ্টি মিনিটছ এগ’ ::

গ্ৰেভয়াৰ্ড ।

অমাৱস্যাৰ ৰজনী, আকাশত দুই এচপৰা  ক’লা মেঘ। বৰষুণ অহাৰ আগজাননী হিচাপে ওক্ গছৰ পাত দুই এটা বতাহত সৰিছে। হঠাৎ কাণ তাল মৰা মেঘৰ গৰ্জন শুনিবলৈ পোৱা গ’ল। আকাশৰপৰা এচমকা বিজুলী চকু চাট্ মৰাকৈ আহি বাওঁফালৰ শাৰীটোৰ ১৩ নম্বৰ কফিনটোৰ কাষতে থকা এটা ধাতুৰ বাকছত আহি পৰিলগৈ। আইৰিচ সাগৰৰ চেঁচা বতাহজাকে ওখ ওখ ওক্ আৰু পাইন গছত কোবাই গৈছেহি। পোটাপুখুৰীটোৰ কাষে কাষে গজা নলখাগৰীবোৰত বতাহ সোমাই জয়াল এক সুৰ তুলিছে। – মেলাঙ্কলী টিউন। এনেতে সেই বিজুলী পৰা টম্বটোৰ কাষত এটা শব্দ হ’ল, যেন তীব্ৰ বেগত ঘূৰ্ণি বতাহহে আহিছে। টম্বটোৰ ওপৰত গোজ খাই থকা ক্ৰছডাল উঘাল খাই পৰিল। চুক এটাৰ পৰা ক’লা মেকুৰী এটা ৰাউচি জুৰি দৌৰ দিলে। কফিনটোৰ পৰা প্লেটখন ওফৰি ক’ৰবাত পৰিলগৈ। এনেতে চাৰিওফালৰ পৰিবেশটোৰ উষ্ণতা বৃদ্ধি পাব ধৰিলে আৰু এক নীলা জ্যোতি প্ৰায় ছয় মিটাৰমান ব্যাসাৰ্ধৰ জোখত চক্ৰাকাৰে প্ৰচণ্ড বেগত ঘূৰিব ধৰিলে। এই অতিঘূৰ্ণন গতিয়ে চাৰিওফালৰ মাধ্যাকৰ্ষণিক ক্ষেত্ৰক অতি শক্তিশালী কৰি তুলিলে; ইমানেই শক্তিশালী যে সময় প্ৰায় ২০/৩০ মিনিট মন্থৰ হৈ গ’ল। তাৰ ঠিক সন্মুখতে কিছু আঁতৰত থকা জোপোহা গছডাল ক্ষন্তেকতে অন্তৰ্ধান হৈ গ’ল। মম জ্বলাবলৈ অহা ছোৱালী এজনী পৰম আশ্বৰ্যত ভয়ে ভয়ে সেইফালে আগুৱাই যাওঁতে তায়ো সেই একে ঠাইতে অন্তৰ্ধান হৈ গ’ল। কেনেবাকৈ তাইৰ ডিঙিত পিন্ধি থকা ক্ৰছ্ চেইনডাল, তাইৰ ঈশ্বৰ, সেই ঠাইত পৰি ৰ’ল।

একবিংশ শতিকাৰ সময়তে মানুহে সমান্তৰাল মহাবিশ্বৰ উপস্থিতিৰ বিষয়ে আংশিক উমান পাইছিল।  চুইজাৰলেণ্ডৰ জেনেভাস্থিত ‘Large Hadron Collider’ নামৰ বৃহৎ কণিকা ত্বৰক যন্ত্ৰটোত Higgs boson কণিকাৰ আৱিষ্কাৰ আৰু পাছত বিজ্ঞানীসকলে সেই যন্ত্ৰটোত ক্ষুদ্ৰ কৃষ্ণগহ্বৰৰ উৎপত্তিৰ বাবে আগ্ৰহেৰে বাট চাই আছিল। ইয়াৰ কাৰণ আছিল, এক নিৰ্দিষ্ট পৰিমাণৰ উচ্চ শক্তিত যদি LHCত ক্ষুদ্ৰ কৃষ্ণগহ্বৰৰ উৎপত্তি ধৰা পৰে, তেন্তে ই দীঘ, প্ৰস্থ, উচ্চতা আৰু সময়ৰ উপৰিও যে অন্য মাত্ৰা (Extra dimension/Higher dimension) আছে তাকে সূচাব। কাৰণ তেতিয়া কৃষ্ণগহ্বৰৰ উচ্চ শক্তিসম্পন্ন ‘গ্ৰেভিটি কণা’বোৰ এই ‘Extra dimension’ত হেৰাই যোৱাটো নিৰীক্ষণ কৰিব পৰা যাব। পিছে এই বিষয়ে পাছৰ সময়ত বিশেষ একো নতুন তথ্য মুকলি ন’হলগৈ। সমান্তৰাল মহাবিশ্বৰ ধাৰণাটো এটা বিবাদমান কল্পকথা হৈ ৰ’ল। অৱশ্যে কিছুসংখ্যক তাত্বিক পদাৰ্থবিজ্ঞানীয়ে সমান্তৰাল মহাবিশ্ব আৰু উচ্চ মাত্ৰাৰ ধাৰণাক বিশ্বাস কৰিছিল। এইসকলৰ ভিতৰত অন্যতম আছিল আমেৰিকাৰ তাত্বিক পদাৰ্থবিজ্ঞানী ‘MichioKaku’। তেখেতে ধাৰণা কৰিছিল যে সুদূৰ ভবিষ্যতে মানৱজাতিয়ে হয়তো প্লাংক শক্তি (Plank energy)ৰ ব্যৱহাৰত কাৰ্য্যদক্ষ হৈ উঠিব। প্লাংক শক্তি হৈছে সেই পৰম শক্তি যি উৎপন্ন হৈছিল বিগ্ ব্যেঙৰ মুুুহূৰ্তত, যি শক্তিয়ে গ্ৰেভিটি আৰু সময়কো নিয়ন্ত্ৰণ কৰিব পাৰে, আনকি অন্তৰীক্ষ-সময়কো (Space-time) ভাঁজ কৰিব পাৰে। প্ৰায় (10)^90 বিলিয়ন ইলেক্ট্ৰন ভল্টৰ এই পৰম শক্তিয়ে অন্তৰীক্ষকো (Space) উতলায়, আনকি Space-timeকো অস্থিৰ কৰি তোলে আৰু ইয়েই কিজানি অন্য এখন মহাবিশ্বলৈ দুৱাৰ মুকলি কৰি দিয়ে। তাত্বিক পদাৰ্থবিজ্ঞানৰ এক তত্ত্ব মতে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ নিচেই কাষতে উচ্চ মাত্ৰাত অসংখ্য বিশ্বব্ৰহ্মাণ্ড অৱস্থিত। প্লাংক শক্তিৰ প্ৰয়োগেৰে উচ্চ মাত্ৰাৰ এই অচিন জগতলৈ মানৱ সভ্যতা এসময়ত  হয়তো যাবলৈ সক্ষম হ’ব বুলি তেওঁ ধাৰণা কৰিছিল।

প্ৰায় শতিকাযোৰা নিৰৱচ্ছিন্ন গৱেষণাৰ পাছত মানৱ জাতিয়ে প্লাংক শক্তি কণিকা ত্বৰক যন্ত্ৰ নিৰ্মাণৰ এক আৰ্হি প্ৰস্তুত কৰি উলিয়াবলৈ সক্ষম হ’ল।  হয়তো ই অতি ক্ষুদ্ৰ কৃষ্ণগহ্বৰৰ সৃষ্টি কৰিব, নহয় এক নিৰ্দিষ্ট পৰিসৰৰ ত্ৰিমাত্ৰিক অন্তৰীক্ষ ভাঁজ কৰি উচ্চ মাত্ৰাৰ এক অজ্ঞাত জগতলৈ দুৱাৰ মুকলি কৰিব। বিজ্ঞানীসকলৰ আশা আছিল যে এই যন্ত্ৰটোৱে প্লাংক শক্তিক এক নিৰ্দিষ্ট ব্যাসৰ পৰিসৰৰ ভিতৰত নিয়ন্ত্ৰিত ব্যৱহাৰ কৰিব পৰা যাব। কিন্তু এনে সময়তে আমেৰিকা আৰু ৰাছিয়া মহাদেশৰ মাজত লাগি থকা শীতল যুদ্ধই এক ভয়াবহ সময়ৰ আগজাননী দিলে। ইপিনে ভাৰত-চীন-পাকিস্থানৰ বিবাদে চৰম ৰূপ ধাৰণ কৰি ৰাষ্ট্ৰসংঘৰ শান্তি আলোচনা নাকচ কৰিলে আৰু এখন পূৰ্ণাঙ্গ যুদ্ধৰ বাবে সাজু হ’ল। সময় নিৰুপায়, তৃতীয় বিশ্বযুদ্ধৰ ধ্বংসলীলা অৱধাৰিত আছিল। অৱশেষত শান্তি চুক্তিৰ দলিল ভৰিৰে গচকি মানৱ জাতিৰ তেজত নিহিত হৈ থকা জিঘাংসা আৰু পাশৱিকতাৰ মুক্ত প্ৰকাশ ঘটিল। দুটাকৈ হাইড্ৰজেন বোমাৰ বিস্ফোৰণ আৰু ৰাসায়নিক অস্ত্ৰৰ ব্যাপক প্ৰয়োগে মানৱ সভ্যতাৰ ৰাজহাড় একেবাৰে পেলাই দিলে। পৃথিৱীখন এক মৃত গ্ৰহত পৰিণত হ’বলৈ ক্ষণ গণিব ধৰিলে। প্লাংক শক্তি যন্ত্ৰটো নিৰ্মাণ কৰা হ’ল নে ন’হল, যদি হ’ল তাৰ পৰীক্ষণ হ’লনে বা যন্ত্ৰটো ধ্বংস কৰা হ’ল নে কোনো অজ্ঞাত স্থানত লুকুৱাই ৰখা হ’ল এই সকলোবোৰ এক ৰহস্য হৈ ৰৈছিল। কোনেও কল্পনা কৰা নাছিল মানৱ সভ্যতাৰ এক বীজ কোনো অজ্ঞাত প্ৰস্থানেৰে এই মৃতপ্ৰায় জগতৰ পৰা অপসাৰিত হৈ চকু মেলিব যুগান্তৰৰ এক তেজাল পুৱাত… ।

Leave a Reply

Your email address will not be published. Required fields are marked *