অনুবাদকবিতা

পিঞ্জৰাৱদ্ধ এটা সিংহ ( A Lion In A Cage )-(মূল : নাজিম হিকমেত অনুবাদ : অৰুণ কুমাৰ শৰ্মা)

লোৰ পিঞ্জৰাত বন্দী সিংঘটোলৈ চোৱাঁ
মন কৰা তাৰ চকু দুটিলৈ
:খঙত জ্বলিপকি তিৰবিৰাই থকা
যেন তীখাৰ দুখন খোলা ডেগাৰ
সি কেতিয়াও সম্ভ্ৰম বাদ নিদিয়ে
যদিওবা তাৰ প্ৰচণ্ড খং
এই আহে এই যায়
এই যায় এই আহে

গলধনত বিচাৰি নাপাবা
মেৰিওয়া পেটি
হালধীয়া পিঠিত দেখিবা এতিয়াও
পুৰি থকা চাবুকৰ কোবৰ দাগ

মেলি ধৰা আগঠেঙৰ মূৰত
দেখিবা দুটা তাম বৰণীয়া থাবা
উদ্ধত শিৰত
ডাল ডালকৈ থিয় হৈ আছে কেশৰ

তীব্ৰ তাৰ ঘৃণা
এই আহে এই যায়
এই যায় এই আহে……..

যেন পোতাশালৰ বেৰত
তল-ওপৰকৈ
লৰচৰ কৰি থকা
মোৰ বন্দী ভাইৰ ছাঁ ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *