নিবন্ধবিজ্ঞান-প্ৰযুক্তি

সৌৰজগতৰ অন্তিম পৰিসীমা আৰু ওৰ্ট মেঘ (পংকজ বৰুৱা)

আমি সকলোৱে জানোঁ যে সূৰ্যক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰি থকা গ্ৰহ আৰু সেইবোৰৰ উপগ্ৰহ, বামণ গ্ৰহ, গ্ৰহাণু, ধূমকেতু, উল্কা আদিক লৈয়েই আমাৰ সৌৰজগতখন। সূৰ্যক যদি কেন্দ্ৰ বুলি ধৰোঁ, তেনেহ’লে তাৰ পৰা ক্ৰমান্বয়ে ৫,৭৯,০৯,০৫০ কিঃমিঃ আঁতৰত আছে বুধগ্ৰহ। প্ৰায় ১০,৮২,০৮,০০০ কিঃমিঃ আঁতৰত আছে শুক্ৰ গ্ৰহ। প্ৰায় ১৪,৯৫,৯৭,৮৭১ কিঃমি মানে ১ জ্যোৰ্তিবিজ্ঞান একক চমুকৈ 1 AU দূৰত্বত আমাৰ পৃথিৱীখন আছে। প্ৰায় ২২,৭৯,৩৯,২০০ কিঃমিঃ দূৰত্বত আছে মংগল গ্ৰহ। মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত, সূৰ্যৰ পৰা প্ৰায় ২.২ AU-ৰ পৰা ৩.২ AU দূৰত্বত আছে Asteroid Belt বা গ্ৰহাণু-পটি৷ এই গ্ৰহাণু-পটিতে আছে চেৰেছ নামৰ বামণ গ্ৰহটো।
সূৰ্যৰ পৰা ৭৭৮.৫৭ নিযুত কিঃমিঃ দূৰত্বত আছে বৃহস্পতি গ্ৰহ। ১৪৩.৩৫ কোটি কিঃমিঃ আঁতৰত আছে শনি গ্ৰহ।  প্ৰায় ১৯.২১ AU দূৰত্বত আছে ইউৰেনাছ গ্ৰহটো৷ প্ৰায় ৪৫৪ কোটি কিঃমিঃ আঁতৰত আছে নেপচুন গ্ৰহ। নেপচুন গ্ৰহৰ পাছতে ৩০ AU-ৰ পৰা ৫০ AU দূৰত্বলৈকে বিস্তৃত হৈ আছে  কুইপাৰ বেল্ট। এই কুইপাৰ বেল্ট বা পটিতে আছে সৌৰজগতৰ আন কেইটামান বামণ গ্ৰহ— প্লুটো, সূৰ্যৰ পৰা গড় দূৰত্ব প্ৰায় ৫৯০ কোটি কিঃমিঃ; হাওমেয়া (Haumea) সূৰ্যৰ পৰা গড় দূৰত্ব প্ৰায় ৪৩.১৮ AU; মেক মেক (MAKE MAKE) সূৰ্যৰ পৰা গড় দূৰত্ব প্ৰায় ৪৫.৪৩ AU।
এই কুইপাৰ বেল্টৰ পাছতে আছে আৰু কেইটামান বাওনাসদৃশ জ্যোতিষ্ক ক্ৰমে কোৱাওৰ (Quaoor), ছেদনা (Sedna) ওৰকাছ (Orcus) আৰু গং গং (Gong Gang)৷ কুইপাৰ পটিৰ পৰা আঁতৰত ৬৭.৮৬ AU দূৰত্বত আছে ইৰিছ (Eris) নামৰ আন এক বামণ গ্ৰহ। এই ইৰিছেই হ’ল এতিয়ালৈকে আৱিষ্কৃত সৌৰজগতৰ আটাইতকৈ দূৰৰ জ্যোতিষ্ক।
সূৰ্যৰ পৰা প্ৰায় ১০০০-ৰ পৰা ২০০০ জ্যোৰ্তিবিজ্ঞান একক দূৰত্বৰ পৰা আৰম্ভ হৈছে ওৰ্ট মেঘ বা ওৰ্ট ডাৱৰ যাক ইংৰাজীত Oort Cloud বুলি কোৱা হয়। এই ওৰ্ট মেঘ অঞ্চল সূৰ্যৰ পৰা প্ৰায় ১ লাখ জ্যোতিৰ্বিজ্ঞান একক দূৰত্বলৈকে বিস্তৃত হৈ আছে। এই দূৰত্ব ধৰক আমাৰ নিকটবৰ্তী নক্ষত্ৰ প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰৰ দূৰত্বৰ মাজৰ আধা।
ওৰ্ট মেঘ অঞ্চলে আমাৰ সৌৰজগতৰ একেবাৰে বৰ্হি অঞ্চলক প্ৰতিনিধিত্ব কৰে। ওৰ্ট মেঘ অঞ্চলৰ শেষ সীমাই হ’ল সৌৰজগতৰ শেষ সীমা। সূৰ্য আৰু প্লুটোৰ দূৰত্বতকৈ ২০০ গুণ অধিক দূৰত্বৰ পৰা আৰম্ভ হোৱা এই ওৰ্ট মেঘ কিছুমান পাতল বিস্তাৰিত হৈ থকা হিম-টুকুৰাৰ সমষ্টি। ওৰ্ট মেঘৰ অস্তিত্ব সিন্ধান্তগতহে, এই ডাৱৰক সৃষ্টি কৰা সামগ্ৰীসমূহক আজিলৈকে পৃথিৱীৰ শক্তিশালী দূৰবীক্ষণ যন্ত্ৰও আয়ত্ত কৰিব পৰা নাই। কিন্তু কেতিয়াবা এই অঞ্চলৰ পৰা কিছুমান টুকুৰা সৌৰজগতৰ অন্তভাগৰ ফালে সোমাই আহে; তেতিয়া ইয়াৰ অস্তিত্বৰ উমান পোৱা যায়৷ ২০০ বছৰৰ অধিক সময়ৰ ব্যৱধানত এবাৰ সূৰ্যক পৰিক্ৰমা কৰা বহু ধূমকেতুৰ  উৎপত্তি এই ওৰ্ট মেঘ অঞ্চল। এনে ধূমকেতু মানে Comet-বোৰত সৌৰজগতৰ উৎপত্তিৰ বহু তথ্য সঞ্চিত হৈ আছে।
নাছাৰ এজন প্ৰবক্তাৰ মতে ওৰ্ট মেঘৰ সংৰচনাৰ বিষয়ে অধিকতম জ্ঞান সৌৰজগতৰ উৎপত্তি আৰু বিকাশৰ সিন্ধান্তগত মতবাদৰ পৰা আহৰণ কৰা। ওৰ্ট মেঘৰ গঠন, সংৰচনা আৰু অস্তিত্বক লৈ ভিন্ন মত আছে। বহু লোকৰ মতে ওৰ্ট মেঘৰ সৃষ্টি সেই সময়তে হৈছিল যেতিয়া আমাৰ সৌৰজগতৰ কেইবাটাও গ্ৰহ প্ৰায় ৪৬০ কোটি বছৰৰ আগত সৃষ্টি হৈছিল। যিদৰে মংগল আৰু বৃহস্পতিৰ মাজত শিলাময় গ্ৰহসমূহ গঠন হোৱাৰ পাছত অৱশিষ্টখিনি গ্ৰহাণু-টুকুৰা হিচাপে থাকি গ্ৰহাণু-পটি বা Asteroid Belt সৃষ্টি কৰে, ঠিক তেনেকৈ বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন আদিৰ দৰে বিশাল গ্ৰহ সৃষ্টি হোৱাৰ পাছত থাকি যোৱা অৱশিষ্টখিনিয়ে কুইপাৰ বেল্ট আৰু ওৰ্ট মেঘৰ সৃষ্টি কৰে।
আন এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে আমাৰ সূৰ্যই হাতীপটিৰ চাৰিওফালে পৰিক্ৰমা কৰি থকা অৱস্থাত অন্য নক্ষত্ৰৰ পৰা সামগ্ৰী চুৰি কৰে— প্ৰধানকৈ ধূমকেতু। আমাৰ নিকটবৰ্তী নক্ষত্ৰ-প্ৰণালী আল্ফা চেণ্টাউৰিক দীৰ্ঘম্যাদী কালেৰে পৰিক্ৰমা কৰা কোনো ধূমকেতু আমাৰ সৌৰজগতৰ কাষ চাপি আহিলে ইয়াক সূৰ্যৰ মধ্যাকৰ্ষণ বলে নিজৰ ফালে টানি আনে আৰু ই ওৰ্ট মেঘ অঞ্চলত লাগি ধৰে। ওৰ্ট মেঘক সৃষ্টি কৰা বৰফৰ অংশবোৰৰ সংৰচনা কুইপাৰ বেল্টত থকা টুকুৰাবোৰৰ সৈতে প্ৰায় সমান।
ইষ্ট’নিয়ান জ্যোতিৰ্বিজ্ঞানী আৰ্নেষ্ট অ’পিকে পোন-প্ৰথমে এই কথা প্ৰকাশ কৰে যে দীৰ্ঘম্যাদী সময়ত সূৰ্যক পৰিক্ৰমা কৰা ধূমকেতুসমূহ সৌৰজগতৰ একেবাৰে কিনাৰৰ অংশৰ পৰা আহিব পাৰে। ইয়াৰ পাছত নেডাৰলেণ্ডৰ জ্যোৰ্তিবিজ্ঞানী জা হেন্দ্ৰিক ওৰ্টে ১৯৫০-ৰ দশকত  সৌৰজগতৰ বৰ্হিভাগত এক বিশাল ডাৱৰৰ অস্তিত্বৰ কথাৰ ভৱিষ্যতবাণী কৰে। পাছলৈ এই অঞ্চলৰ নাম Oort Cloud নামে নামাকৰণ কৰা হয়।
হেন্দ্ৰিক ওৰ্টে মত আগ বঢ়াইছিল যে ধূমকেতুবোৰে গ্ৰহ বা সূৰ্যক খুন্দা মাৰিব বা এই বিশাল কোনো পিণ্ডৰ শক্তিশালী কক্ষপথৰ নিকট সম্পৰ্কলৈ আহিলে ই আমাৰ সৌৰজগতৰ পৰা বাহিৰ হৈ যাব। তেওঁ আৰু কয় যে ধূমকেতুৰ আমি যি নেজ দেখা পাওঁ ই আচলতে সূৰ্যৰ কাষ চপাৰ লগে লগে ইয়াৰ বিকিৰণৰ ফলত জ্বলি উঠা গেছৰ অংশ। ধূমকেতু বা নেজাল তৰাবোৰ (Comet) সূৰ্যৰ বেছি ওচৰ চাপিলে ই জ্বলি উঠিব, সেয়ে তেওঁৰ মতে এনে নেজাল তৰাই তাৰ জীৱনৰ সকলো সময় সম্ভৱতঃ একে কক্ষপথত কটোৱা নাই।
নাচাৰ প্ৰবক্তাৰ মতে কেতিয়াবা কেতিয়াবা ওৰ্ট মেঘত থকা টুকুৰাবোৰক ইয়াৰ কক্ষপথৰ পৰা বিতাৰিত কৰি বাহিৰ কৰি দিয়ে। এনে হোৱাৰ কাৰণ চাগে তাত থকা আৰু অন্যান্য টুকুৰাবোৰৰ মাজত মধ্যাকৰ্ষণ বলৰ বাবে হোৱা টনা-আঁজোৰা আৰু এনেকৈ কক্ষচ্যুৎ হোৱা টুকুৰাবোৰে ধূমকেতু হিচাপে সৌৰজগতৰ ভিতৰভাগৰ দিশে গতি কৰে আৰু সূৰ্যৰ কাষ চাপি অহাৰ লগে লগে জ্বলি উঠি নেজাল তৰাৰ সৃষ্টি কৰে। এক বিশাল সময়ৰ ব্যৱধানত পৰিক্ৰমা কৰা এক ধূমকেতু হ’ল C/2013 A1 Siding Spring, যি ২০১৪ চনত মংগল গ্ৰহৰ নিচেই কাষেৰে পাৰ হৈ যায়। ওৰ্ট মেঘ অঞ্চলৰ পৰা অহা এই ধূমকেতুক পুনৰ ৭,৪০,০০০ বছৰৰ পাছতহে দেখা পোৱা যাব। ১০০ কিঃমিঃ আকাৰৰ এনেধৰণৰ আন এক ধূমকেতু হ’ল Comet C/2014 UN271 যি ২৩ জানুৱাৰী ২০৩১ চনত সূৰ্যৰ আটাইতকৈ ওচৰৰে পাৰ হৈ যাব। সেই সময়ত এই ধূমকেতু আমাৰ পৰা প্ৰায় ১১ AU দূৰত্বত থাকিব। এই ধূমকেতু আমাৰ সৌৰজগতৰ পৰিসীমাৰ ওৰ্ট মেঘৰ পৰা আহিছে আৰু সূৰ্যক এবাৰ পৰিক্ৰমা কৰিবলৈ প্ৰায় ৫৫ লাখ বছৰ লাগে। এই ধূমকেতুৱে সূৰ্যৰ পৰা আটাইতকৈ বেছি ১ আলোকবৰ্ষ দূৰত্ব পৰ্যন্ত পায়গৈ। এনেধৰণৰ বহু ধূমকেতুৰ উৎপত্তি স্থল যে এই ওৰ্ট মেঘ অঞ্চল এই কথা সৰ্বস্বীকৃত।
যদি সঁচাকৈয়ে ওৰ্ট মেঘৰ অস্তিত্ব আছে, ই আমাৰ সৌৰজগতৰ বাবে অদ্বিতীয় নহয়। বহু বিজ্ঞানীৰ মতে এনে সংৰচনা আন বহু Planetary system-ৰ আশে পাশেও আছে, কিন্তু আজিলৈকে আমাৰ নিজৰ সৌৰজগতৰ ওৰ্ট মেঘকে চাব পৰা নাই—আন গ্ৰহ-প্ৰণালীৰ চোৱাটোতো বহু দূৰৈৰ কথা! ভয়জাৰ মহাকাশযানে ওৰ্ট মেঘক চোৱাৰ দিশে আগবাঢ়িছে  আৰু আগন্তুক ৩০০ বছৰৰ পাছত এই যানে ওৰ্ট মেঘ অঞ্চলৰ সীমাত উপস্থিত হৈ তাত প্ৰৱেশ কৰিব। কিন্তু দূৰ্ভাগ্যৰ কথা, এই মহাকাশযানে ওৰ্ট মেঘত কি দেখা পাব— তাৰ তথ্য পৃথিৱীলৈ পঠিয়াবলৈ সক্ষম নহ’ব, কিয়নো ভয়জাৰ মহাকাশযানত থকা শক্তিৰ উৎস ওৰ্ট মেঘ পোৱাৰ বহু আগতে শেষ হ’ব আৰু তাত লাগি থকা উপকৰণসমূহ অচল হৈ পৰিব আৰু পৃথিৱীৰ লগত ভয়জাৰৰ সংযোগ বিচ্ছিন্ন হৈ মহাকাশৰ বুকুত হেৰাই যাব। ভয়জাৰ মহাকাশযান ওৰ্ট মেঘত প্ৰৱেশ কৰাৰ পাছতো ওৰ্ট মেঘৰ বিষয়ে আমি একোৱে জানিবলৈ সক্ষম নহ’ম।
বহু বিজ্ঞানীয়ে আমাৰ সৌৰজগতৰ কম্পিউটাৰ অনুৰূপৰ সহায়ত ওৰ্ট মেঘ অঞ্চলত আন এক বিশাল গ্ৰহ Planet 9-ৰ উপস্থিতিৰ কথাও দৰ্শায়। তেওঁলোকৰ মতে এই গ্ৰহ আমাৰ পৰা ইমান বেছি দূৰত আছে যে ইয়াক আমাৰ শক্তিশালী দূৰবীণবোৰতো ধৰা নপৰে। হয়তো আগন্তুক সময়ত হয়তো শক্তিশালী স্পেছ টেলিস্কোপৰ সহায়ত এই সকলো ৰহস্যৰ সমাধান হ’ব আৰু ওৰ্ট মেঘৰ বিষয়ে অধিক জানিব পাৰিম।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *