অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (চতুৰ্থ সংখ্যা)

অতিমাৰীৰ যুগত অযৌক্তিকতা আৰু গণমানসিকতা-(কমলনয়ন মিশ্ৰ)

অযৌক্তিকতা বা বৈজ্ঞানিক যুক্তি বিৰোধী প্ৰতিক্ৰিয়াশীলতাৰ ইতিহাস আধুনিক পুঁজিবাদী সভ্যতাৰ ইতিহাসৰ সৈতে অংগাংগী ভাৱে যুক্ত। আধুনিক ইউৰোপত বুৰ্জোৱা শ্ৰেণীৰ উত্থানৰ লগে লগে এফালে যিদৰে শ্ৰমিক শ্ৰেণীৰ বিশ্বজোৰা সংগঠন সমূহৰ জন্ম হৈছিল আনফালে সোঁপন্থী, যুক্তি বিৰোধী ক্ষমতাৰ বহুতৰপীয় কেন্দ্ৰবোৰৰো বিস্তাৰ ঘটিছিল। প্ৰথম বিশ্বযুদ্ধৰ পৰৱৰ্তী ইটালীত গঢ় লৈ উঠা ফেঁচীবাদৰ প্ৰথম উকমুকনি শুনিবলৈ পোৱা গৈছিল উনৈছ শতিকাৰ শেষৰ পিনে, সেয়াও ফ্ৰান্সৰ দৰে সেই সময়ৰ অগ্ৰনী ৰাষ্ট্ৰত!


ভাৰতবৰ্ষতো সাম্ৰাজ্যবাদ আৰু তাৰ বিৰুদ্ধে গঢ়ি উঠা গণ অভ্যুত্থান তথা শ্ৰমিক শ্ৰেণীৰ ৰাজনীতিৰ বিপৰীত মেৰুত সংগঠিত আৰ এছ এছ আৰু মুছলিম লীগৰ ক্ৰমাৎ শক্তি বৃদ্ধিয়ে এক বিশ্বজোৰা সাধাৰণ প্ৰৱণতাকেই সূচাইছিল, যি প্ৰৱণতা ১৮৮০ চনৰ শ্ৰমিক শ্ৰেণীৰ আন্তঃৰাষ্ট্ৰীয়তাবাদৰ সূচনাৰ সময়ৰ পৰাই প্ৰভাৱশালী হৈ উঠিছিল।


আমি বসবাস কৰা বৰ্তমানৰ সংকটাচ্ছন্ন নব্য উদাৰবাদী পুঁজিবাদৰ যুগত দেশে দেশে শ্ৰেণী শাসকে অযৌক্তিকতা আৰু ঘৃণাৰ অতীত মতাদৰ্শকেই পুনৰ নতুন ৰূপত সংগঠিত কৰিছে। কৰ’ণা ভাইৰাছৰ স্পাইক গ্লাইক’প্ৰটিন সমূহৰ দৰে শাসন ক্ষমতাৰ চক্ৰটো গঠন কৰা নানা বৰণৰ বাহুবোৰ(tentacles) (যেনে মিডিয়াগোষ্ঠী, সংগঠিত ট্ৰ’ল বাহিনী) প্ৰতিনিয়ত শক্তিশালী হৈ উঠিছে। বিশ্বৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হোৱা সোঁপন্থী অভ্যুত্থান তথা মৌলবাদী শাসনৰ কেন্দ্ৰ সমূহৰ সৈতে নব্য উদাৰবাদৰ সহাৱস্থান মনকৰিবলগীয়া। কৰ’ণা অতিমাৰীয়ে সৃষ্টি কৰা মানৱতাৰ এই মহা সংকটৰ পটভূমিত বিজ্ঞান বিৰোধিতা , ঘৃণা আৰু নিষ্ঠুৰতাৰ সকলো ভাষাৰ আৰত অহৰহ চলি থকা শাসক শ্ৰেণীৰ ৰাজনীতিকেই আমি পৌনঃপৌনিক ৰূপত দেখিছো। নিকটতম ভৱিষ্যততো তাক অধিক তীব্র আৰু দানৱীয় ৰূপত দেখিবলৈ সাজু হৈছো।


যোৱাটো শতিকাৰ শেষৰ পৰা পৰিৱেশ বিজ্ঞানী সকলে জীৱাষ্ম ইন্ধনৰ প্ৰয়োগ তথা লেকামহীন নগৰায়নৰ ফলত সৃষ্ট সেউজ গৃহ গেছৰ নিৰ্গমণ আৰু গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ কথা সোঁৱৰাই আহিছিল। গোলকীয় উষ্ণতা বৃদ্ধিয়ে এই শতিকাত কিদৰে মানৱজাতিৰ অস্তিত্বৰ প্ৰতি প্ৰবল ভাবুকিৰ সৃষ্টি কৰিব, তাক বাৰম্বাৰ দোহাৰি আহিছিল।


মাৰ্ক্সীয় পৰিস্থিতি বিদ্যাৰ প্ৰসিদ্ধ গৱেষক তথা অধ্যাপক জন বেলিমি ফষ্টাৰে বিশ্ব পুঁজিবাদ সৃষ্ট ভয়াৱহ পৰিবেশ সংকটক তেওঁৰ বহুল চৰ্চিত Vulnerable Planet গ্ৰন্থত সবিস্তাৰে তুলি ধৰিছিল। আমেৰিকান লিখক আৰু গৱেষক Joel Kovel ৰ The Enemy of the Nature আছিল এই বিষয়ক এক অন্যতম গ্ৰন্থ। কিন্তু এই সমস্ত আশংকা তথা পৃথিৱীখনক ৰক্ষা কৰাৰ আকাংক্ষাক বৃদ্ধাংগুষ্ঠ দেখুৱালে মাৰ্কিন পুঁজিৰ ৰক্ষাবাহী ইয়াৰ গভীৰ শাসন তন্ত্ৰই। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পেৰিছ জলবায়ু চুক্তিৰ বিৰুদ্ধে হেঙাৰৰ সৃষ্টি কৰাতেই ক্ষান্ত নাথাকি বেপৰোৱা উদ্ধতালিৰে পৰিবেশ সম্পৰ্কীয় সমস্ত নীতিকেই কাৰ্যতঃ নস্যাৎ কৰিলে। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এক অন্তৰংগ আলাপত এগৰাকী ছাত্ৰীৰ এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ গোলকীয় উষ্ণতাক আমি বহু সময়ত হঠাৎ এনেয়ে অনুভৱ কৰিব পৰা গৰম যেন লগা কথা বুলি ৰগৰ কৰিছিল। দৰাচলতে গৱেষণালব্ধ সত্যৰ প্ৰতি অৱহেলা আৰু ভ্ৰূকুটি প্ৰদৰ্শন সোঁপন্থী, বৰ্ণবাদী প্ৰমুখ্যে ধৰ্মীয় পুনৰুত্থানবাদী ৰাষ্ট্ৰনেতাসকলৰ এক অন্যতম বৈশিষ্ট্য। ভাৰতৰ হিন্দুত্ববাদী শাসন তন্ত্ৰটোৱে তথা ইয়াৰ সবাতোকৈ আদৰৰ ডনাল্ড ট্ৰাম্পৰ চৰকাৰে যোৱা জানুৱাৰী- ফেব্ৰুৱাৰী মাহত প্ৰকাশিত কেইবাখনো আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰত শংকা প্ৰকাশ কৰা কৰ’ণা ভাইৰাছৰ লক্ষণবিহীন সংক্ৰমণ(asymptomatic transmission)ৰ সম্ভাৱনীয়তাৰ কথাক সমূলি আওকাণ কৰিছিল। সেইবাবে কৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজলৈ অহা তবলীগ জামাতৰ বিদেশী সদস্যসকলে বিনা স্বাস্থ্য পৰীক্ষাৰে ভাৰতত প্ৰবেশ কৰিবলৈ সক্ষম হৈছিল। আমি নাজানো; বহু বিদেশী লোকে ভিৰ কৰা, লক্ষ লক্ষ জনতাৰ সমাগম ঘটা কুম্ভ মেলা বা অম্বুবাচীৰ বেলিকা এই গাফিলতিৰ পৰিণাম কেনে নিদাৰুণ হৈ উঠিলহেতেন! এনে অক্ষমনীয় গাফিলতি আৰু অৱহেলাক জনচক্ষুৰ পৰা ঢাকি ৰাখিবলৈ প্ৰ’পাগণ্ডাৰ নিৰ্মাণ কৰা হয়।


ফেচীবাদী বৈশিষ্ট্য যুক্ত যিকোনো শাসনতন্ত্ৰই , পোষকতা কৰা অপযুক্তি আৰু ঘৃণাৰ মতাদৰ্শক নায্য ৰূপ দিয়াবলৈ ইয়াৰ শত সহস্ৰ হাতোৰা মেলি কাল ধুমুহাৰ গতিৰে সামাজিক ঐক্য আৰু সম্প্ৰীতিৰ বান্ধোন ছিঙি পেলায়। এনে প্ৰক্ৰিয়াৰ অংশস্বৰূপেই নিজামুদ্দিনৰ ঘটনাৰ পৰৱৰ্তী সময়ত ভুৱা ভিডিঅ’ৰ ব্যাপক পয়োভৰ ঘটে। এনে ভিডিঅ’ আৰু উৰা বাতৰিয়ে উজনি তথা মধ্য অসমৰ কেইবা ঠাইতো ভয় আৰু ঘৃণাত ভীতিগ্ৰস্ত জনতাক ইয়াৰ কল্পিত শত্ৰু নিধন কৰিবলৈ ব্যাপকভাৱে ৰাজপথলৈ উলিয়াই আনে। এনে তাৎক্ষণিক গণ হিষ্টিৰিয়াৰ আৰত যুগ যুগ ধৰি সোমাই থকা অপযৌক্তিক উন্মাদনা, অন্ধবিশ্বাস তথা চেতন আৰু অৱচেতন ভাৱে থিতাপি লোৱা ভুৱা ধৰ্মীয় শ্ৰেষ্ঠত্বৰ ভাৱনাই মুখ্য কাৰকৰ কাম কৰে। বহু সময়ত এনেবোৰ কাৰকেই ফেচীবাদৰ উত্থানৰ বাবে প্ৰয়োজনীয় mass psychology নিৰ্মাণত সহায়ক হৈ উঠে। এই ধৰণৰ গণমানসিকতা আচলতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ জনসমষ্টিৰ মাজতেই শিপাই আছে। ঠায়ে ঠায়ে চিকিৎসক – নাৰ্চৰ প্ৰতি হিংসুক আচৰণ ,মুছলমান ধৰ্মীয় মানুহক সামাজিকভাৱে বৰ্জন, চৈয়দ আব্দুল মালিকৰ প্ৰতি অপমান আৰু বিদ্বেষৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰত হিন্দু সাধুৰ ভিৰৰ দ্বাৰা সংঘটিত গণহত্যালৈকে এই সময় যেন এক দুৰ্বিষহ যন্ত্ৰণাত পৰিণত হৈছে! সৰ্বত্ৰ বিভেদ, ঘৃণা আৰু মৃত্যুৰ উদ্‌যাপনকাৰী সামাজিক মাধ্যমৰ দস্যু ৰাজনৈতিক শক্তিয়ে দৰাচলতে নিজেই এই বিপদজনক গণ মানসিকতাৰ মহামাৰীৰ বীজ সিঁচিছে ,যাৰ বলি হৈ প্ৰাণ হেৰুৱাব লগীয়া হৈছে সকলো ধৰ্ম আৰু বৰ্ণৰ মানুহে

গণ মানসিকতা ৰ অন্য এটি দিশৰ প্ৰতিও আমি সচেতন হ’ব লাগিব। নব্য উদাৰবাদৰ যুগত গনতান্ত্ৰিক ভাৱে প্ৰতিষ্ঠিত স্বৈৰতন্ত্ৰৰ বাবেও এই গণ মানসিকতাৰ প্ৰয়োজন। পুৰুষতান্ত্ৰিক পৰিয়াল ব্যৱস্থাৰ কঠোৰ পিতৃ গৰাকী, কৰ্প’ৰেট সাম্ৰাজ্যৰ বছ অথবা শক্তিশালী প্ৰতিষ্ঠানৰ প্ৰতি প্ৰশ্নহীন আনুগত্যই সৃষ্টি কৰা এক দাসসূলভ মনোবৃত্তিৰ পৰাই দৰাচলতে ‘বিপদৰ ত্ৰাণকৰ্তা স্বৰূপ’ ৰাষ্ট্ৰনায়কৰ ৰাজনীতিৰ ওচৰত নিজৰ সমস্ত ভাগ্যক সপি দিয়াৰ এক গণ মানসিকতা সৃষ্টি হয় নেকি? সম্প্ৰতি আমি নাগৰিক (citizen) আৰু নাগৰিক চেতনাৰ যুগৰ পৰা Statizen অৰ্থাৎ এক কেন্দ্ৰীভূত ৰাষ্ট্ৰশাসনৰ অনুগত মানুহৰ যুগত প্ৰবেশ কৰা নাইনে? কৰ’ণা অতিমাৰীৰ সময়ত চৰকাৰৰ স্বাস্থ্যনীতি তথা দায়ৱদ্ধতাৰ ওপৰত সংগতভাৱে প্ৰশ্ন উত্থাপন কৰা স্বতন্ত্ৰ নাগৰিকৰ মানসিকতাৰ বিপৰীতে আমি প্ৰত্যক্ষ কৰিছো Statizen সূলভ গণ মানসিকতাক। এনে মানসিকতাৰ বলতেই ৰাষ্ট্ৰনায়কৰ আজ্ঞা মৰ্মে কাঁহী বাতি বজোৱা অথবা এটি বিশেষ তাৰিখত ‘দিয়া’ জ্বলোৱাতেই ক্ষান্ত নাথাকি এইবোৰ কাৰ্যৰ আৰত থকা ভাইৰাছ প্ৰতিৰোধী তৰংগ বিজ্ঞান আৰু জ্যোতিষ বিদ্যাৰ মাহাত্ম্য পৰ্যন্ত বিচাৰি চলাথ কৰা হয়। অপবিজ্ঞানবাদী,প্ৰকৃত বৈজ্ঞানিক চেতনাৰ বিৰোধী এই গণ মানসিকতাৰ আজীৱন বিৰোধিতা কৰিছিল এলবাৰ্ট আইনষ্টাইনে।

কৰ’ণা অতিমাৰীৰ সৈতে অহা অজ্ঞানতা বা ছদ্মজ্ঞান আৰু বিভেদৰ ‘ভাইৰাছ’ বিধৰ সমাজ-ৰসায়নৰ মূল আধাৰ কি?


ভাৰতবৰ্ষৰ প্ৰাচীন ইতিহাসৰ যুক্তিবাদী লোকায়তী দৰ্শন আৰু ঐতিহ্যক তল পেলাই উঠি আহিছিল বৈদিক ব্ৰাহ্মণ্যবাদ। কালক্ৰমত এই ব্ৰাহ্মণ্যতন্ত্ৰই প্ৰাতিষ্ঠানিক হিন্দু ধৰ্মৰ মূল ভেটিত পৰিণত হৈছিল। ক’ৰণা অতিমাৰীৰ যুগত শাসকীয় পৃষ্ঠপোষকতাত আমি দেখা ব্ৰাহ্মণবাদী ৰাম নৱমী পূজা অথবা কৰ’ণাৰ প্ৰতিষেধক গো-মূত্ৰৰ উৎসৱৰ আয়োজন আদিয়েই মূলতঃ হিন্দুত্ববাদী ৰাজনীতি! এই ৰাজনীতি তথা ই লালন পালন কৰা ধৰ্মীয় পৰম্পৰা মূলগত ভাৱে অপযৌক্তিক তথা অপবিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত। অধিকাংশ মানুহে এইবিধ ছলনাময় ৰাজনীতিকেই বিশুদ্ধ ‘হিন্দু ধৰ্ম ‘বুলি মূৰ্খৰ দৰে পতিয়ন যায় আৰু ইয়াৰ ফান্দত ভৰি থয়। ইছলামিক পাকিস্তানতো ভিন্ন ৰঙী মৌলবাদী ৰাজনীতিৰ কৰাল গ্ৰাসৰ পৰিণতিতেই প্ৰশাসনৰ হেজাৰ নিষেধাজ্ঞাৰ পিছতো মছজিদে মছজিদে জনসমাগম বন্ধ নহয়। আপাতঃ অৰাজনৈতিক তবলীগ জামাতৰ ইছলামিক ধৰ্মীয় ক্ৰিয়াকাণ্ডও মৌলিক বিজ্ঞান আৰু আধুনিক যুক্তিবাদী দৰ্শনৰ পৰিপন্থী। এই অদ্ভুত সামাজিক ধৰ্মাচৰণ তথা কঠোৰ নিষ্ঠাৰে বাধ্যতামূলক নীতি নিয়ম পালন কৰাৰ মানসিকতাৰ পৰাই স্বৈৰতান্ত্ৰিক ধৰ্মীয় ফেঁচীবাদ ৰ অনুগত সৈন্য বাহিনী তৈয়াৰ কৰা হয় । ছুন্নী মূলীয় সন্ত্ৰাসবাদ ৰ আৰত এই বিশুদ্ধ ইছলামিক পৰম্পৰা চৰ্চাৰ এক সৰ্বগ্ৰাসী ভূমিকা আছে। সি যি কি নহওক আমাৰ সামাজিক পৰিমণ্ডলত জাপি দিয়া এই ধৰ্মীয় ৰাজনীতি বা অ-ৰাজনীতিয়েই দৰাচলতে বিভেদৰ ‘ভাইৰাছ’ বিধৰো মূল আধাৰ! সম্পূৰ্ণ ব্যক্তিগত পৰ্যায়ত ধৰ্মীয় চিন্তা বা আচৰণৰ দ্বাৰা অভ্যস্ত লোকএজনৰ জীৱনৰ সৈতে এই ‘ভাইৰাছ’ বিধ কদাপিও যুক্ত নহয়। ব্যক্তিগত জীৱনত ধৰ্ম চৰ্চা কৰা ব্যক্তি এজনেও পৰিশেষত ৰাজহুৱা বিজ্ঞান আৰু যুক্তিবাদী পৰিবেশৰ প্ৰভাৱতেই বিজ্ঞানৰ দৰ্শনক আকোৱালি লোৱাৰ সম্ভাৱনা বাঢ়ি যায়। কিন্তু ভাৰতবৰ্ষৰ দৰে বিকাশশীল ধৰ্মনিৰপেক্ষ দেশত ৰাষ্ট্ৰীয় ৰাজনীতি আৰু ধৰ্মীয় প্ৰতিষ্ঠান তথা সংগঠনৰ মাজৰ সম্পৰ্কই এনে পৰ্যায় পাইছে যে ধৰ্মীয় আচৰণে এক অদ্ভুত সামাজিক আৰু গণ সাংস্কৃতিক ৰূপ পৰিগ্ৰহণ কৰিছে। বিভিন্ন সময়ত একক ধৰ্মীয় আচৰণকেই ভাৰতীয় জীৱন পদ্ধতিৰ ৰূপত তুলি ধৰা হৈছে। ধৰ্মগ্ৰন্থৰ অপৰিৱৰ্তনীয় পাঠ( text ) আৰু নীতি নিয়ম তথা ধৰ্ম পালনৰ কৰ্মকাণ্ডী চৰিত্ৰই আমাৰ প্ৰকৃতিজগত আৰু ঠুনুকা (fragile )জাগতিক পৃথিৱী খনক নেওচা দিব পৰাকৈ আধিভৌতিক,বিশ্বাস নিৰ্ভৰ পৰম সত্ত্বাৰ সাধনা আৰু চিন্তাত মানুহক আজিৰ যুগতো আৱদ্ধ কৰি ৰাখিছে। অনাগত বহু যুগলৈ হয়তো মাৰ্ক্স কথিত হৃদয়হীন আৰু আত্মাহীন বাস্তৱ পৃথিৱীখনৰ ‘হৃদয়’ আৰু ‘আত্মা’ ৰূপে ধৰ্মই তাৰ সামাজিক আৰু ৰাজনৈতিক ভিন্ন অৱতাৰেৰে ব্যক্তিমনক পংগু কৰি ৰাখিব। কৰ’ণা ভাইৰাছৰ দৰে অতিমাৰীৰ সংক্ৰমণে অপবিজ্ঞান, ঘৃণা আৰু ধৰ্মীয় বিদ্বেষৰ শত সহস্ৰ দুৱাৰ বোৰো মুকলি কৰি দিলে। এই দুৱাৰবোৰ যে নৰকৰ দুৱাৰ সেয়া সংখ্যাগৰিষ্ঠ ধৰ্মপ্ৰাণ জনগণে বুজি উঠিব লাগিব, অন্যথাই এই ভুখণ্ডত মানুহৰ পৰিৱৰ্তে ভৱিষ্যতে চয়তানৰ শাসন চলিব,লগতে চলি থাকিব সিহঁতৰ পোহনীয়া অসংখ্য ভূত প্ৰেতৰো অবাধ ৰাজত্ব!

সহায়ক সূত্ৰপঞ্জী::
১. Sternhill::The Birth of Fascist Ideology:From Cultural Rebellion to Political Revolution.
২. Aijaz Ahmed:: On Communalism and Globalization, Offensives of the Far Right.
৩. James Wilson::Test not find not(Frontline; April 24 ,2020)

Print Friendly, PDF & Email

One thought on “অতিমাৰীৰ যুগত অযৌক্তিকতা আৰু গণমানসিকতা-(কমলনয়ন মিশ্ৰ)

  • নূপুৰ বৰা

    পঢ়ি ভাল লাগিল|

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *