অনুবাদকবিতানিবন্ধ

পাবলো নেৰুডাৰ পাঁচটা কবিতা (অনুবাদ :: অৰুণ কুমাৰ শৰ্মা)

কাব্যকৃতী
(Ars poetica)

এপিনে ছায়া আনপিনে অনন্ত ব্যাপ্তি,
ইফালে গাভৰুৰ জাক সিফালে দুৰ্গৰ প্রহৰী
মাজত থিতাপি লোৱা আজৱ হৃদয়
আৰু সৰ্বনাশী স্বপ্নবোৰে
হঠাৎ ধাৰণ কৰে বিৱৰ্ণ ৰূপ,
প্ৰতিটি দিনৰ শোকে
জুৰুলা কৰা এক বৰলাৰ
তাপিত পৰাণৰ হা-হুতাশে
চূর্ণ কৰে মোৰ কপাল,
হায় মোৰ নিদ্ৰালসতাত চকুৰ
অগোচৰে পান কৰা প্ৰতি টোপাল পানী
আৰু কঁপি কঁপি কাণত বজা প্ৰতিটি শব্দ,
লালন কৰোঁ মই একেই অমনোযোগী তৃষ্ণা, সেই একেই ঠাণ্ডা জ্বৰ,
সদ্যোজাত এক ৰৱ, এক কুটিল যন্ত্ৰণা—
যেন এতিয়াই লম্ভিব চোৰৰ দ’লে
অথবা ভূতৰ পালে—
এক গভীৰভাবে প্ৰোথিত
আবৃত খোলাৰ ভিতৰত
নিগৃহীত এগৰাকী পৰিচাৰিকাৰ দৰে,
এটি কৰ্কশ ঘণ্টাধ্বনিৰ দৰে,
যেন এখন মলিন আইনা,
যেন এটি ঘোপ মৰা পৰিত্যক্ত ভাৰা ঘৰ,
য’ত ভাৰাতীয়াবোৰে ৰাতি
প্ৰবেশ কৰে বেহুচ হৈ
আৰু মজিয়াত পেলাই থয় সিঁচৰতি কৰি
দুৰ্গন্ধযুক্ত বাহী কাপোৰ
যিবোৰ অতিকৈ উন্মনা ফুলৰ সুগন্ধৰ বাবে—
ইয়াতোকৈ কম বিমৰ্ষতাৰে,
অন্য ধৰণে ক’ব লাগিলে, হয়তো কোৱা যায়:
কিন্তু তুমি জানিব বিচৰা,
কঠিন সত্যটো হ’ল
এই যে এছাটি পগলা বতাহে অতৰ্কিতে
আঘাত কৰে মোৰ কলিজাত,
আৰু মোৰ শোৱনি কোঠাত
ভাগি পৰে সীমাহীন অন্ধ ৰাতি,
অথবা বলিদানৰ বাবে
হৈ চৈ লগায় এটি জ্বলন্ত দিনে,
যদি মই এতিয়াই ভৱিষ্যতবাণী কৰিব লাগে ,
মই দুখেৰে ক’বই লাগিব যে
মোৰ চাৰিওকাষৰ বিভিন্ন সামগ্ৰীয়ে অনুত্তৰ থাকি মাথোঁ কোৱাকুই কৰে
ই যেনএক বিৰামহীন আন্দোলন,
থিৰ কৰিব নোৱাৰা এটি নাম।


কবিতা
(Poetry)

কি যে ঘটিল সেই বয়সত—কবিতাই
আহিল মোক বিচাৰি।
মই নাজানোঁ, ক’ৰ পৰা ওলাল ই,
শীতকালিৰ পৰা, নে নৈৰ বুকুৰ পৰা।
কেতিয়া যে কেনেকৈ আহিল,
একোৱেই নাজানোঁ,
সেয়াটো নহয় কোনো কণ্ঠধ্বনি,
নহয় শব্দ কিম্বা নৈঃশব্দ,
পিছে এয়া সত্যৃ,
মোক কোনো এটি ৰাস্তাৰ পৰা,
ৰাতিৰ শাখা-প্ৰশাখাৰ পৰা,
হঠাৎ আনবোৰৰ মাজৰ পৰা,
চাৰিওপিনে আগচি ধৰা
হিংস্ৰ জুইৰপৰা,
নতুবা অকলে উভতি আহোতে,
মোক মাতি অনা হৈছিল,
অথচ তেতিয়া মোৰ চেহেৰাই নাছিল
আৰু ইয়ে মোক বৰ আমোদ দিছিল৷

মই কি ক’ম ভাবি পোৱা নাছিলোঁ,
মোৰ মুখৰ জনা নাছিল
কোনো নাম-ধাম,
মোৰ চকুযুৰি আছিল অন্ধ,
আৰু মোৰ ভিতৰত কিহ’বাৰ উচপিচনি,
জ্বৰৰ নে পাহৰি থকা পাখিৰ,
আৰু মই নিজেই নিজৰ বাট লৈছিলোঁ
বুজি লৈ সেই জুইৰ আদৱ,
আৰু লিখিছিলোঁ অস্পষ্ট প্ৰথম শাৰী,
সাৰগৰ্ভহীন,আজেবাজে,
সমূলি অৰ্থহীন,
জ্ঞান-গৰিমাহীনৰ
বিশুদ্ধ জ্ঞান,
আৰু মই দেখিছিলোঁ সাউৎ কৰে
আকাশখন অনাবৃত হোৱা,
দেখিছিলোঁ মুকলি হোৱা
গ্ৰহ-নক্ষত্ৰপুঞ্জ,
দেখিছিলোঁ হেন্দোলিত উদ্ভিদজগত,
শৰ,জুই আৰু ফুলেৰে
বিদ্ধ
ছিদ্ৰায়িত ছাঁ,
কুণ্ডলিত ৰজনী, সমগ্ৰ বিশ্ব।
আৰু মই, তেনেই মতলীয়া
এক ক্ষুদ্ৰাতিক্ষুদ্ৰ প্ৰাণী,
এই বিশাল তাৰকাখচিত শূণ্যত,
ৰহস্যৰ স’তে যাৰ আত্মীয়তা
যাৰ কদৰ,
আৰু মোৰ ভাব হ’ল
মই যেন এই নিখিল বিশ্বৰৃ
অতল তলিৰ
এক লাগতীয়া অংশ,
এই ভাবি মই ঘূৰি ঘূৰি নাচিব ধৰিলোঁ
ৰাশি ৰাশি তৰাৰ স’তে,
আৰু মোৰ হৃদয়ক
উজাৰি দিলোঁ বতাহত
বতাহৰ বোকোচাত৷

আকৌ আহিল শৰৎ
(Autumn Returns)

অনাই বনাই ফুৰা বিধবা এগৰাকীৰ
দুলি থকা ওৰণিৰ দৰে
ঘণ্টাধ্বনিৰ পৰা ছিটিকি পৰে
এটি শোকাতুৰ দিন,
এয়াচোন ৰং বিৰঙৰ খেল,
মাটিত মুখ গোঁজা চেৰীৰ সপোন,
পানী আৰু চুমাৰ বৰণ সলাব’লে
অস্থিৰভাবে আহি থকা
ধোঁৱা আৰু ধোঁৱাৰ পুঞ্জ৷

ঠিক বুজাব পাৰিছোঁনে নাই নাজানোঁ:
সুদূৰ আকাশ ফালি যেতিয়া নামে ৰাতি,
নিজানত অকলশৰে কবিয়ে
খিৰিকীত কাণ পাতি শুনে
শৰতৰ ধাৱমান অশ্বৰ পদধ্বনি
আৰু শুনে গচকি খচকি ফান্‌ ফান্‌ কৰা
পাতবোৰৰ আৰ্তনাদৰ শব্দ তেওঁৰ ধমনীত,
আকাশতচোন সেয়া কিবা,
ষাঁড়ৰ জিভাৰ দৰে ডাঠ,
চৌদিশে কি যেন এক অনিশ্চয়তাৰ ভাব৷

সকলো থান্‌-থিত লগাৰ পাছত,
অপৰিহাৰ্য উকিলজন, হাতবোৰ,
গাড়ীৰ তেল, মদৰ বটল,
জীয়াই থকাৰ সকলো সমল আৰু
সৰ্বোপৰি বিছনাবোৰ,
ভৰি পৰে ৰক্তাক্ত তৰলেৰে,
আৰু মানুহবোৰে লেতেৰা কাণবোৰত
ঢালি দিয়ে তেওঁলোকৰ গোপন কথা,
আততায়ীবোৰে ছিৰিৰে নামে,
কিন্তু এইবোৰৰ পাছতো,
শৰতৰ তজবজীয়া বুঢ়া ঘোঁৰাটোৰ
অন্তহীন সেই কম্পমান চেঁকুৰ।

বুঢ়া শৰতৰ ঘোঁৰাৰ থুঁতৰিত ৰঙা দাড়ি
দুগালত বিভীষিকাৰ ফেন
তাৰ পিছে পিছে অহা বায়ুৰ চেহেৰা সমুদ্ৰৰ দৰে
তাৰ গাৰ পৰা নিগৰে পুতি থোৱা পচনৰ অস্ফূট গোন্ধ৷

প্ৰতিদিনে আকাশৰ পৰা বিন্দু বিন্দুকৈ
টোপাটোপে সৰে ধোঁৱা বৰণীয়া ৰং,
কপৌবোৰে সানি দিয়ে সেই ৰং পৃথিৱীৰ বুকুত:
পাহৰণি আৰু লোতকেৰে গোঁঠা সেই ৰচী,
বছৰজুৰি ঘণ্টাবোৰত শুই থকা সেই সময়,
সৰ্বত্ৰ,
জীৰ্ণ সেই বস্ত্ৰ, তুষাৰপাত অৱলোকন কৰা
ৰমণীৰ জাক, কোনোকালে মৰিম বুলি নভবা
সেই ক’লা আফিঙৰ ফুল—
সকলোবোৰ আহি পৰে বৰষুণ নেওচি
মোৰ উত্তোলিত হাতত।

কিছু কথা খোলোচাকৈ কব বিচাৰিছোঁ
(I’am Explaining A Few Things)

যদি তোমালোকে সোধা:
ক’ত সেই লাইলেক ফুল?
ক’ত সেই আফিং ফুলৰ পাহিৰ বিমূৰ্ত দৰ্শন?
আৰু নেৰানেপেৰা কিনকিনিয়া বৰষুণজাক
যিয়ে তাৰ কথাবোৰ সুমাই থয়
খোৰোং আৰু চৰাইৰ পাখিত?

আজি ক’ত হেৰাল সেইবোৰ,
ৰবা,
মই তোমালোকক সকলো বুজাই ক’ম৷

মই আছিলোঁ মাদ্ৰিদৰ উপকণ্ঠত,
য’ত আছিল ঘণ্টা, ঘড়ী আৰু বৃক্ষ৷

তাৰ পৰাই দেখা যায়
কেস্তিলেৰ শুকান মুখৰ ওপৰেৰে
চামৰাৰ সমুদ্ৰ।

মোৰ ঘৰখনক কোৱা হৈছিল
ফুল-বাৰী, কাৰণ ইয়াৰ বেৰৰ
ফাটত মুখ গুজি চৌপাশে ফুলিছিল
বক ফুল: এমখা ল’ৰাছোৱালী আৰু
কুকুৰ-মেকুৰীৰে ভৰা ঘৰখন
আছিল চালে চকু-ৰোৱা৷

মনত পৰেনে ৰাউল?
পৰেনে ৰাফেল তোমাৰ?
ফেডেৰিকো, তোমাৰ চাগে মনত পৰে
গ্ৰীষ্মৰ উত্তাপত মোৰ ঘৰৰ বাৰাণ্ডাই
বাৰাণ্ডাই ফুলবোৰে প্ৰাণ পাই
কেনেকৈ জক্‌মকাই নাচিছিল,
আৰু হাউলি পৰিছিল তোমালোকৰ মুখত?
হে ভাই,হে ভাই মোৰ!

সকলোপিনে বিৰাজ কৰিছিল
মুকলি কণ্ঠ, উৎফুল্লিত প্ৰাণ,
বেচা-কিনাৰ আনন্দ, ৰৈ বৈ যোৱা খাদ্য,
আৰগেলিচ্‌ চহৰৰ উপকণ্ঠৰ বজাৰৰ
মাছপট্টিৰ মাজত দোৱাতৰ দৰে
সেই শিলৰ মূৰ্ত্তি:
মহমহীয়া তেলৰ গোন্ধ,
হাত আৰু ভৰিৰ মধুৰ সঞ্চৰণ
ৰংৰহইচেৰে মুখৰিত ৰাস্তা,
সহজ-সৰল জোখ-মাখ আৰু ওজনেৰে ভৰপূৰ
সৌহাৰ্দ্যপূৰ্ণ জীৱন,
স্তুপীকৃত মাছ,
নিস্তাপ বেলিয়ে ঘৰৰ চালত
বিৰিঙায় ৰংচঙীয়া পোহৰ,
বায়ুকলবোৰে তাকে ৰ লাগি চায়,
হাতীৰ দাঁতৰ দৰে চিকুণ আলু,
সমুদ্ৰৰ ঢৌৰ দৰে বিস্তাৰিত দ’মাদ’মে বিলাহী৷

হঠাৎ এদিন ৰাতিপুৱা
সকলোকে চকিত কৰি
ভমককৈ জ্বলিল জুই
মাটি ফুটি ওলোৱা বিয়াগোম জুইয়ে
এপিনৰ পৰা গো-গ্ৰাসে গিলি গ’ল মানুহ—
আৰু এই যে জুই জ্বলিল, জ্বলিয়েই থাকিল,
আৰম্ভ হ’ল গুলী-বাৰুদৰ খেল,তেজৰ বন্যা,
আকাশীযানেৰে মূৰ আৰু ডকাইতৰ দ’লে,
আঙঠি আৰু চাহেবাসকলক লৈ দস্যুৰ দ’লে,
আশীষ বৰষাৰ ছলেৰে সন্যাসীক সাৰথি কৰি
কালান্তকৰ দ’লে,
জপিয়াই পৰিল আকাশৰ পৰা,
শিশুবোৰক খুন কৰাৰ বাবে,
হোৰাহোৰে ওলোৱা শিশুৰ তেজেৰে
ৰাঙলী হ’ল ৰাস্তা,
সৰল শিশুৰ তেজৰ দৰে সেই তেজ
বৈ থাকিল নিৰ্বিকাৰে৷

সিহঁতক দেখি শিয়ালেও ঘৃণাত মুখ ঘূৰোৱা হ’ল,
শিলক বিদ্ধ কৰা কাঁইটীয়া গছেও
সিহঁতক দেখিলেই ঘিণ কৰা হ’ল,
বিষাক্ত সাপেও সিহঁতক দেখিলেই
নাক বিকটোৱা হ’ল৷

তোমালোকৰ স’তে থাকি
মই দেখিছোঁ ফোৱাৰাৰ দৰে উথলি
ছিটিকি পৰা স্পেইনৰ ৰক্ত,
দেখিছোঁ গৰ্ব আৰু ছুৰীৰ একক তেজৰ
ঢৌৱে বুৰোৱা তোমালোকক!

হে বিশ্বাসঘাটক জেনেৰেলৰ দ’ল!
পাপিষ্ঠ বেইমানৰ দ’ল!
চা, মোৰ এই মৃত ঘৰটো,
চা, এই চুৰ্ণাকৃত স্পেইন:
চা, আজি প্ৰতিটি ঘৰৰ পৰা ফুলৰ সলনি
খেদি আহিছে জ্বলন্ত ধাতুবোৰে,
আৰু চা,স্পেইনৰ একো একোটি গাঁতৰ পৰা
পুনৰ দুৰন্তভাবে ওলাই আহিছে স্পেইন
আৰু প্ৰতিটি মৃত শিশুৰ বুকুৰ পৰা
আবিৰ্ভূত হৈছে চকু চমকোৱা এটি এটিকৈ ৰাইফেল,
প্ৰতিটি পাপৰ পৰা ভূমিষ্ঠ হব ধৰিছে
একোটাকৈ বুলেট,
যিবোৰে এদিন ভেদিব তহতঁৰ পাষাণ হৃদয়,
কৰিব থকা সৰকা৷

হে মোৰ ভাইসকল,
তোমালোকে এতিয়া নিশ্চয় নোসোধা:
কিয় কবিয়ে নিলিখিলে
সপোন আৰু সেউজী পাতৰ কথা,
কিয়ইবা নৰচিলে মাতৃভূমিৰ
বৃহৎ বৃহৎ আগ্নেয়গিৰিৰ গাঁথা?

আহা, চাই যোৱা তেজে ধোৱা ৰাস্তাবোৰ
আহা, চাই যোৱা
তেজে ধোৱা ৰাস্তা,
চাই যোৱা ৰাস্তাত তেজৰ ডোঙা।

মাদ্ৰিদত পদাৰ্পণ আন্তৰ্জাতিক ব্ৰিগেডৰ
(The Arrival In Madrid Of The International Brigades)

বোকা আৰু ধোঁৱাৰে মলিন
ঠেঁটুৱা শীতৰ এটি বৰ কষ্টকৰ মাহ,
নতজানু এটি মাহ, অৱৰোধ আৰু দুৰ্ভাগ্যেৰে
ভৰা বিষণ্ণ এটি মাহ;
তেনে ক্ষণত চোৱাহেঁতেন,
মোৰ খিৰিকীৰ ভিজা আয়নাৰে
দেখিলাহেঁতেন, উদ্যত ৰাইফেলধাৰী
তেজেৰে চপ্‌চপীয়া দাঁত জেঙেৰোৱা
শিয়ালৰ হোৱা—
আৰু বুজিলাহেঁতেন
এনে নিকৰুণ সময়ত
আমাৰ সন্মুখত মাথোঁ গোলাবাৰুদৰ
কাণফালা শব্দৰ বাহিৰে সপোন বুলিবলৈ
একোৱেই নাছিল,
ভাব হৈছিল সমগ্ৰ পৃথিবী যেন
গোটে গোটে গিলি খোৱা ৰাক্ষস
আৰু ক্ৰোধাগ্নিৰে ভৰা৷
তেনে এক বীভৎস সময়ত,
মাদ্ৰিদৰ শীতৰ বৰফ ঠেলি,
কুঁৱলীসনা দোকমোকালি পুৱাতে,
মই নিজ চকুৰে, মোৰ উদ্বেলিত হৃদয়েৰে
অহা দেখিছিলোঁ সেই অকুতোভয়
উজ্বল ৰত্নৰ দ’ল,
স্বল্পসংখ্যক যদিও, অত্যুৎসাহী,প্ৰস্তৰকঠিন,
সৈনিকৰ এক দুৰ্জেয় বাহিনী৷

সেয়া আছিল এক নিদাৰুণ সময়,
যেতিয়া তিৰোতাসকলে বহন কৰিবলগীয়া হৈছিল
শূণ্য  হৃদয়ত ভয়ংকৰভাবে দক্‌দকীয়া
কয়লাৰ একোকুৰা জুই
আৰু যন্ত্ৰণা-কাতৰ মৃত্যু,
যি মৃত্যু আন কোনো মৃত্যুতকৈ
তীক্ষ্ণতৰ আৰু তিক্ততৰ,
যিবোৰ ভৰি পৰিছিল পথাৰে-সমাৰে,
অথচ সৌ সিদিনালৈকে সেই পথাৰ
গৌৰবান্বিত হৈ আছিল সোণালী গমৰ খেতিৰে।
ৰাস্তাৰ ওপৰেৰে মানুহৰ চূৰ্ণীত ৰক্ত বৈ গৈ
মিলিত হৈছিল ঘৰগৃহস্থীৰ ভাঙি পৰা
হৃদয় বিদাৰি নিগৰা অশ্ৰুবাৰিধাৰাত৷
ছিন্নভিন্ন শিশুৰ হাড়, শোকসন্তপ্ত মাতৃৰ
হৃদয়বিদাৰক নিস্তব্ধতা,
অসহায়, অৰক্ষিতসকলৰ
চিৰদিনৰ বাবে নিমীলিত চকু,
এইযে দুখ আৰু হেৰোৱাৰ বেদনা,
এখন যেন থুই থুই কৰা বাগিচা।

কমৰেডসকল,
তেনে এটা পৰতে মই দেখিছিলোঁ
তোমালোকক,
মোৰ দুচকু জুৰি এতিয়াও গৰ্ব,
কিয়নো ফেঁহুজালি ৰাতিপুৱাৰ কুঁৱলী ফালি
স্পেইনৰ শুধ বগা কপালৰ পিনে
মই তোমালোকক অহা দেখিছিলোঁ,
নীৰৱ আৰু কঠিন
বোৱাৰীপুৱাৰ ঘণ্টাধ্বনিৰ দৰে,
গুৰুগম্ভীৰ পদধ্বনিৰে তোমালোক আহিছিলাঁ,
দূৰ সুদূৰৰ দেশবোৰৰ বিভিন্ন প্ৰান্তৰ পৰা,
আহিছিলাঁ তোমালোক চেনেহী মাতৃদেশৰ
সপোনবোৰক একাষৰীয়া কৰি;
উষ্ণ মধুৰতা আৰু বন্দুক লৈ
স্পেইনৰ চুকে কোণে তোমালোক সোমাই পৰিছাঁ
ইয়াৰ চহৰ ৰক্ষা কৰিবলৈ,
য’ত পিশাচী দংশনে
অৱশ্যম্ভাৱী কৰিছিল
স্বাধীনতাৰ বিলোপ আৰু অপমৃত্যু।

ভাইসকল,এতিয়াৰে পৰা
তোমালোকৰ সততা আৰু শৌৰ্য,
তোমালোকৰ পৰাক্ৰমৰ মহান কাহিনী
কি শিশু, কি পুৰুষ,প্ৰতিগৰাকী নাৰী
আৰু বৃদ্ধৰ মুখে মুখে উচ্চাৰিত হব,
আশা হেৰুওৱাসকলেও আস্থাৰে
উদ্দীপিত হব, গন্ধকৰ বায়ুৰে
প্ৰদূষিত খনিগৰ্ভলৈকে ই
বিস্তাৰিত হব, ক্ৰীতদাসৰ অমানুষিক
অৱজ্ঞাভৰা জীৱনৰ অৱসান ঘটাব,
যেন আকাশৰ ৰাশি ৰাশি তৰাবোৰে,
স্পেইন আৰু সমগ্ৰ বিশ্বৰ ধান আৰু ঘেহুৰ
শীহবোৰে তোমালোকৰ নাম
আৰু তোমালোকৰ কঠিন-কঠোৰ সংগ্ৰাম
তথা বিজয়গাথাক লিপিৱদ্ধ কৰিব
যুগজয়ী সোণালী আখৰেৰে,
জীৱন্ত এজোপা ৰঙচুৱা ওক গছৰ দৰে৷
যিহেতু তোমালোকে নিস্বাৰ্থ
বলিদানৰ বিনিময়ত স্থাপন কৰিব পাৰিছা
হেৰোৱা বিশ্বাস
হেজাৰ জনৰ খালী হৃদয়ত,
আৰু তোমালোকৰ প্ৰাচুৰ্যতা আৰু মহানতাৰে
পুনৰ ৰোপণ কৰিব পাৰিছা
বিশ্বজুৰি বীজ আস্থাৰ,
তোমালোকে বৰণ কৰা সাহসী মৃত্যুৱে
ৰক্তৰ প্ৰস্তৰকঠিন উপত্যকাৰ বুকুৱেদি
বোৱাই নিছে ইস্পাত আৰু আশাৰে সমৃদ্ধ
শান্তিৰ কপৌবোৰৰ এক সুবিশাল তটিনী।

Leave a Reply

Your email address will not be published. Required fields are marked *