কেন্দ্ৰীয় নিবন্ধনিবন্ধ

প্ৰকৃত জুবিনজনক আমি জানিলোনে? ।। ভবেশ নাথ

মুক্ত চিন্তা। একাদশ বছৰ।।  দ্বিতীয় সংখ্যা

জুবিন গাৰ্গক এজন গায়ক হিচাপেই অসমৰ ৰাইজে জানে। জুবিন গাৰ্গৰ যি কণ্ঠ, সেই কণ্ঠ‌ই আপ্লুত নকৰা মানুহ হয়তো অসমত নোলাব। কিন্তু অকল গায়ক হিচাপেই যদি আমি আমাৰ মৰমৰ শিল্পীগৰাকীক বিশ্লেষণ কৰিবলৈ যাওঁ, তেতিয়া হয়তো ক’ৰবাত আমাৰ ভুল হৈ যাব। জুবিন গাৰ্গ কি আছিল, এই প্ৰশ্নটোতকৈ জুবিন গাৰ্গ কি নাছিল—এই প্ৰশ্নটোহে হয়তো এই সময়ত বেছি প্ৰাসংগিক হ’ব। সেইকাৰণেই চাগে সাহিত্যিক, গদ্য শিল্পী হোমেন বৰগোহাঞিদেৱে জুবিন গাৰ্গ সম্পৰ্কত কৈছিল, “জুবিন একেধাৰে গায়ক, অভিনেতা, খেলুৱৈ আৰু ৰাজনৈতিকভাৱে সক্ৰিয় এজন শিল্পী, ঠিক বিষ্ণুৰাভাৰ দৰে“। জুবিন গাৰ্গৰ সমস্ত জীৱন পৰিক্ৰমা পৰ্যবেক্ষণ কৰিলে এই কথাটোৰ এশ শতাংশ উমান নাপালেও কিছু কথা নিশ্চয় পোহৰলৈ আহিব। বলিউডৰ গ্লেমাৰসৰ্বস্ব সংগীত জগতখনক এৰি আহি মৰহি যোৱা অসমীয়া চিনেমা উদ্যোগটোক ঠন ধৰি উঠাবলৈ মিছন চাইনা, কাঞ্চনজংঘাকে আদি কৰি বহু চিনেমাত তেওঁ নিজেই অভিনয় কৰি ৰাইজক দেখুওৱালে যে অসমীয়া চিনেমাৰ উদ্যোগটোক জীয়াই ৰাখিব পৰা যায়। ‘কলা গুৰু বিষ্ণুৰাভা ফাউণ্ডেচন’ৰ নামত দুখীয়া শিল্পীক আৰ্থিক সাহায্য দিয়াৰ নামত অসমৰ চাৰিওফালে ফুটবল খেলৰ আয়োজন কৰি তেওঁ আৰ্থিক অনুদানৰ স্বাৰ্থত নিজে খেল খেলি ঘূৰি ফুৰিছিল। বিভিন্ন সময়ত চৰকাৰবিৰোধী তেওঁৰ ৰাজনৈতিক বক্তব্যবোৰ অসমৰ ৰাইজে শুনিছে। সেইবাবেই চাগে হোমেন বৰগোহাঞি দেৱে জুবিন গাৰ্গৰ মাজতো গণশিল্পী বিষ্ণুৰাভাৰ চৰিত্ৰৰ কিছু সাদৃশ্য বিচাৰি পাইছিল।

নব্বৈ দশকৰ সময়। পৃথিৱীজুৰি অৰ্থনৈতিক আৰু সাংস্কৃতিকভাৱে বিৰাট এক পৰিৱৰ্তনৰ সময়। নৱ্য ঔপনিবেশিক স্বাৰ্থৰ বাবে গোটেই বিশ্বজুৰি নতুন অৰ্থনৈতিক উদাৰীকৰণ ৰাজনীতিৰ নামত উন্নত দেশসমূহে উন্নয়নশীল আৰু অনুন্নত দেশসমূহক পদানত কৰাৰ ন ন কৌশল প্ৰয়োগ কৰিছে তেতিয়া। ভাৰততো তাৰ নেতিবাচক প্ৰভাৱ পৰিবলৈ ধৰিছে। থলুৱা কৃষ্টি, সংস্কৃতি আৰু ভাষাই তাৰ নিজস্বতা হেৰুৱাই অৰ্থনৈতিক উদাৰীকৰণ ৰাজনীতিৰ স্বাৰ্থত নিজক বিসৰ্জন দিয়াৰ সময় আছিল সেয়া। অসমীয়া ভাষা আৰু সংস্কৃতিও এই সংকটৰ উৰ্দ্ধত নাছিল। এইখিনি সময়তেই অসমত জুবিন গাৰ্গে নিজস্ব এক সাংগীতিক ধাৰাৰে অসমৰ ৰাইজৰ মাজত প্ৰৱেশ কৰিলে। সেই সময়ত হয়তো তেৱোঁ জনা নাছিল (ইতিমধ্যে বিভিন্ন সাক্ষাৎকাৰত তেওঁ এই কথা কৈছে) তেওঁৰ এই নৱ সাংগীতিক ধাৰাটোক ৰাইজে আঁকোৱালি ল’ব নে নাই! কিন্তু যেতিয়াই নব্বৈ দশকৰ প্ৰাৰম্ভিক পৰ্যায়ত ‘অনামিকা’ নামৰ এলবাম অসমৰ ৰাইজৰ মাজলৈ আহিল, দেখা গ’ল যে ৰাইজে বিপুলভাৱে তেওঁৰ সেই সাংগীতিক ধাৰাটোক মৰ্যদা দি আঁকোৱালি লৈছে; তাৰ পিছত তেওঁ আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে থমকি ৰ’ব লগা নহ’ল।

জুবিন গাৰ্গৰ গীতৰ বিশ্লেষণ কৰিব পৰাৰ ধৃষ্টতা আমাৰ নাই। কিন্তু কিয় জুবিন গাৰ্গৰ গীতে অসমৰ সকলো মানুহৰ মন প্ৰাণ চু‌ই গৈছিল— সেই সম্পৰ্কে আলোকপাত কৰাৰ নিশ্চয় প্ৰয়োজনীয়তা আছে। ইতিমধ্যে কোৱা হৈছে যে জুবিন গাৰ্গৰ উত্থানৰ সময়খিনি আছিল সাংস্কৃতিকভাৱে এক দ্বন্দ্বৰ সময়। কি এই দ্বন্দ্ব? থলুৱা সংস্কৃতিক নিশ্চিহ্ন কৰাৰ আৰ্থ-সামাজিক ৰাজনীতি, আনফালে পাশ্চাত্য সংস্কৃতিৰ আগ্ৰাসন। জুবিন গাৰ্গে এই দুয়ো দ্বন্দ্বৰ মাজেৰে নতুন এক অসমীয়া সংগীতৰ কাঠামো গঢ়ি তাক বিকাশ কৰাৰ প্ৰচেষ্টা হাতত ল’লে। জুবিন গাৰ্গে অনামিকাত গোৱা “হাঁহিলে তুমি মুকুতা মণি সৰে” শীৰ্ষক গীতটিত পাশ্চাত্যৰ সুৰ যিমান পৰিমাণে আছে, অৰ্থাৎ প্ৰথম আৰম্ভণিখিনি পাশ্চাত্যৰ সংগীতৰ ভংগীমাৰে যিমান হাই নোটত তেওঁ গালে, তাৰ ঠিক পৰৱৰ্তী অন্তৰাটো “বহু দিনৰে পৰা নিশা জাগি”—এইখিনি একেবাৰে আমাৰ থলুৱা সংগীতৰ সুৰত ল’ নটত গালে‌। গোটেই গীতটোৱে এনেধৰণৰ এক পৰিক্ৰমাৰে আগ বাঢ়িছে‌। অৰ্থাৎ পাশ্চাত্য আৰু থলুৱা মাটিৰ সুৰ দুয়োটাৰে সংমিশ্ৰণ তেওঁ ঘটাইছিল তেওঁৰ গীতত। যাৰ বাবে এতিয়াও অসমৰ ৰাইজে সেই ‘অনামিকা’ এলবামৰ গীত শুনিলে আমনি অনুভৱ নকৰে। অকল এয়াই নহয়, থলুৱা লোক সংগীতৰ ব্যৱহাৰ কৰি জুবিন গাৰ্গে বহু গীত গাইছে য’ত আধুনিকতায়ো পৰশ পাইছে। যেনেদৰে জ্যোতিপ্ৰসাদে থলুৱা বিয়া নাম, ”আগে দিয়া পাছে দিয়া, আগে দিয়া পাছে দিয়া , পঞ্চ আয়তীৰে কি ৰাম ৰাম’— এই সুৰটো ব্যৱহাৰ কৰি জ্যোতিপ্ৰসাদে লিখিছিল, গাইছিল–“গছে গছে পাতি দিলে, ফুলৰে শৰাই….”। জুবিন গাৰ্গেও ঠিক জ্যোতিপ্ৰসাদৰ দৰে নহলেও পদ্ধতিগতভাৱে এই দিশটোকেই প্ৰতিনিধিত্ব কৰিছিল। তেওঁ নিজেই এক সাক্ষাৎকাৰত কৈছিল, ‘লাজুকী মন’ এলবামৰ “উৰুঙা উৰুঙা মাঘৰে বিহু, সেমেকা সেমেকা ৰঙালী বিহু”— এই গীতটিত আমাৰ যি ওজাপালি আছে তাৰ সুৰ ব্যৱহাৰ কৰিছিল। জুবিন গাৰ্গৰ বিভিন্ন গীতত জনগোষ্ঠীয় সংস্কৃতিৰ সুৰ ব্যৱহাৰৰ বহু নিদৰ্শন আমি পাওঁ। ‘যন্ত্ৰ’ এলবামৰ “এই মায়াৰ ধৰাত, দুদিন মাথো থাকিবা তুমি” এই গীতটিৰ সুৰ কাৰ্বি জনগোষ্ঠীয় লোককৃষ্টিৰ লগত জড়িত। আনকি এই গীতটিত তেওঁ কাৰ্বি গায়িকা (পখিলা লেকথেপি) এগৰাকীৰ কণ্ঠ‌ও ব্যৱহাৰ কৰিছে‌। এই গীতটিৰ মাজেৰে জুবিন গাৰ্গে সমাজলৈ যি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে সেয়াও লক্ষণীয়। গীতটিত জুবিন গাৰ্গে কৈছে, “এই মায়াৰ ধৰাত/ দুদিন মাথোঁ থাকিবা তুমি জীৱন গ’লেই গ’ল / নিবলে’ একোকে নেপাবা তুমি / লোৱা লোৱা আৰু লোৱা/ খোৱা খোৱা আৰু খোৱা/ একো নাই /মাৰা মাৰা / আৰু মাৰা /চেপি চেপি তেজ খোৱা / শূন্য হায়/ আমাৰো যি প্ৰাণ/ তোমাৰো সেই প্ৰাণ / শিলেৰে খোদিত সময় / মৰণ নামৰ নদী / তোমাৰো বাবে বয় / জোৱাৰত সকলো সমান / যিমানেই নেবান্ধা বান্ধোন /সিমানেই জুৰিব কান্দোন /নিজৰে শিৰতে কালপুৰষ…..”। অৰ্থাৎ জীৱনৰ সংজ্ঞা প্ৰতিজন মানুহৰ ক্ষেত্ৰতে একেই। সকলো দুদিনৰ মাথো আলহী। নিজৰ লোভ-মোহ-আকাংক্ষাৰ স্বাৰ্থত আমি নিজক পাহৰি নৈতিক জীৱনক বিসৰ্জন হয়তো দিব পাৰোঁ; কিন্তু সকলোৰে বাবেই ‘একেই সমান মাটি, সাজিবলৈ একেই কবৰ।’ প্ৰচলিত ব্যৱস্থাই আপোনাক, মোক সকলোকে কেৱল বেছিকৈ লবলৈ, খাবলৈ, পাবলৈ হয়তো উৎসাহিত কৰিছে; কিন্তু এই সকলোবোৰৰ অৰ্থ হৈছে বিৰাট এক শূন্য। জীৱন মানে যে সামগ্ৰিকভাৱে মানুহৰ উত্তৰণৰ স্বাৰ্থত নিজক নিয়োজিত কৰাৰ এক প্ৰক্ৰিয়া সেই কথা জুবিন গাৰ্গে গীতটিৰ মাজেৰে বুজাইছিল। এই কথাবোৰেই আজিৰ পৰা হাজাৰ বছৰ আগতে শংকৰদেৱে লোভ, মোহ মায়া এৰি কেৱল মানুহৰ মাজত কৃষ্ণৰ সান্নিধ্য বিচাৰি জীয়াই থাকিবলৈ অনুপ্ৰেৰিত কৰি মানুহক মানুহ হিচাপে ভাবিবলৈ শিকাইছিল।

আন এটি গীত জুবিন গাৰ্গৰ ‘শিশু’ এলবামত সন্নিৱিষ্ট, “কাঁহী বাতি ঘটি লোটা লৈ, থাকা হিচাপ কৰি দিন, আহিমে ম‌ই এদিন, মোৰে নাও ভটীয়াই নৌকা ভৰায় আনিমে মা চা আহিবগৈ আমাৰ সুদিন ঐ”। সম্পূৰ্ণ গোৱালপৰীয়া লোকসংগীতৰ এক সুৰ‌। নৈ পৰীয়া এক জীৱনগাঁথা‌। পিতৃয়ে নিজৰ পৰিয়ালৰ স্বাৰ্থত বাহিৰত কাম কৰিবলৈ গৈছে, নিজৰ মাকক সান্তনা দি কৈছে যে আমাৰো ভাল দিন আহিব, মাথো অপেক্ষা কৰা। এই গীতটিৰ পৰৱৰ্তী অন্তৰাত নিজৰ ঘৈণীয়েক পদুমীক কৈছে—“ভৰ বাৰিষাৰে নদী দেখি/ নাখাবা ভয় পদুমী/অ মোৰ সোণ পদুমী/পুতেৰকে সাৰথি কৰি যদি/দিন নাযায় নুপুৱাই নদীৰ ফালে চালেই হল এবাৰ/আহিমে মই ভটিয়াই নাও বাই।” অৰ্থাৎ পদুমীক দুখ কৰিবলৈ মানা কৰি, পু্ত্ৰৰ সান্নিধ্যত যদি দিন পাৰ নহয়, নদীৰ ফালে চাবলৈ আহ্বান জনাই গিৰিয়েকে কৈছে , ‘ম‌ই উভতি অহাৰ ক্ষণটোলৈ অপেক্ষা কৰা‌, তুমি সাহস পাবা’। একেবাৰে শেষৰ অন্তৰাটোত কৈছে, “পঢ়ি-শুনি ডাঙৰ হ’ব বোপা/কিনিব ঘৰ-বাৰী নতুন/নাও চলাই চলাই এই দুই হাত/জিৰণি ল’ব এদিন/নাহাঁহে আৰু কোনেও আমাক / সৰু দুখীয়া বুলি/নেখেদে আৰু কোনেও আমাক/নৈ চপনীয়া বুলি অ পদুমী” । অসমত যদি আটাইতকৈ উচ্ছেদৰ বলি হ’ব লগা কোনোবা জনগোষ্ঠী আছে, সেয়া হৈছে নৈ পৰীয়া জনগোষ্ঠীসকল। তেওঁলোকৰ নিজস্ব বুলি একোডোখৰ মাটি নাই। এঠাইৰ পৰা আন ঠাইলৈ তেওঁলোকৰ প্ৰব্ৰজিত এক জীৱন। এই জীৱন কিমান কষ্টকৰ সেয়া নৈপৰীয়া ৰাইজে জানে। কিন্তু এই কষ্টকৰ জীৱন গাঁথাৰ মাজতো নিজৰ পিতৃ- মাতৃয়ে নিজৰ পুত্ৰৰ পৰা আশা কৰিছে পঢ়ি-শুনি ডাঙৰ মানুহ হ’ব তেওঁলোকৰ পুত্ৰ। দুখীয়া বুলি সমাজে কৰা উপহাসৰ পৰা তেওঁলোক মুক্ত হ’ব। ‘নাহাঁহে আৰু কোনেও আমাক সৰু দুখীয়া বুলি’ কৈ জুবিন গাৰ্গে যেন আমাৰ সমাজৰ শ্ৰেণী বৈষম্যৰ এক চৰিত্ৰকেই  তুলি ধৰিব বিচাৰিছে।

এনেকুৱা আৰু অজস্ৰ গীত জুবিনে গাইছে‌। য’ত আছে মানুহৰ বাৰ্তা, মানুহক জাগ্ৰত কৰাৰ কণ্ঠ। ‘শব্দ’ এলবামৰ  ‘জগত পোহৰ কৰি আহিব প্লাৱন, আঁতৰাব, অমানিশা বধিব ৰাৱণ’ শীৰ্ষক গীতটিত জুবিনে ‘ৰাৱণ’ বধাৰ কথা কৈছে‌। কোন এই ‘ৰাৱণ’। নিশ্চয়, আমাৰ শাসন ব্যৱস্থাক পৰিচালিত কৰা ভণ্ডসকলৰ কথাই জুবিনে কৈছে। সেই বাবেই জুবিনে আশা কৰিছে সমাজৰ ৰাৱণবোৰক বধিবলৈ প্লাৱন আহিব‌ই। সেই ৰাৱণবোৰৰ পৰা মুক্তিয়েই জনতাৰ মুক্তি। এই গীত জুবিনে গাইছিল‌। একেদৰে ‘কা’ আন্দোলনৰ সময়ত, সমগ্র অসম ‘কা’ ৰ বিৰুদ্ধে জ্বলি থকা অৱস্থাত জুবিনে গাইছিল ‘পলিটিক্স নকৰিবা বন্ধু’। এই গীতটিত পলিটিক্স আচলতে কি, সেই পলিটিক্স কোনে কাৰ স্বাৰ্থত কৰি আছে, সেই কথা তেওঁ ৰাইজক বুজাইছিল। যি পলিটিক্স নকৰিবলৈ জুবিনে আহ্বান জনাইছিল, সেই পলিটিক্স আচলতে শাসক পক্ষৰ পলিটিক্সহে আছিল। সেইকাৰণে তেওঁ গীতটিৰ একাংশত লিখিছে, ” মন্ত্ৰী এম এল এ সব/ পাপৰ হে মাত্ৰ/ দেখিবলে খাদ্য/ আচলতে শব্দ”। অৰ্থাৎ ‘পাপৰ’-ৰ সৈতে তুলনা কৰিছে‌ আমাৰ মন্ত্ৰী এম এল এ বোৰৰ কাৰ্যক। ‘পাপৰ’ খালে শব্দ হয়, ঠিক মন্ত্ৰী এম এল এ বোৰে প্ৰতিশ্ৰুতিৰ নামত, ৰাইজৰ সমস্যাৰ সমাধানৰ নামত শব্দৰ বন্যা বোৱাৰ লেখীয়া। আনকি এই গীতটোতেই জুবিন গাৰ্গে ‘মন্দিৰ মছজিদ সেৱা কৰি লাভ নাই’ বুলিও প্ৰশ্ন উত্থাপন কৰিছে‌। কিয় কৰিছে? ঈশ্বৰ যদি থাকিলেহেতেন, তেওঁৰ সন্মুখতেই দুবেলা দুমুঠি ভাত খুটি খুটি খোৱা মানুহক শোষণ কৰা মন্ত্ৰী এম এল এ বোৰে শাস্তি নাপালেহেতেন? এইজনেই হৈছে আমাৰ জুবিন গাৰ্গ‌।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, জুবিন গাৰ্গে প্ৰায় প্ৰতিখন মঞ্চতেই গীত গোৱাৰ সময়ত কৈ আহিছিল যে “ম‌ই মৰিলে, মায়াবিনী’ গাব বা মায়াবিনী বাজিব। ‘দাগ’ চিনেমাৰ জুবিনৰ নিজস্ব কথা আৰু সুৰৰ এই গীতটিৰ এনে কি সাংগীতিক আবেদন বা তত্ত্বগধুৰ কথা গীতটিৰ মাজত সোমাই আছে যে তেওঁ তেওঁৰ মৃত্যুৰ পিছত এই গীতটি ৰাইজক গাবলৈ অনুৰোধ জনাইছিল। এই কথাটো নিশ্চয়কৈ এক আলোচনাৰ বিষয়। বহুতেই ভাবে যে ‘মায়াবিনী’ গীতটি এক প্ৰেমৰ গীত। হয়তো কিছুমানৰ মতে এইটো প্ৰেমৰেই গীত। কিন্তু অকণমান ভালদৰে পৰ্যবেক্ষণ কৰিলে দেখিব যে গীতটিৰ মাজেৰে অকল প্ৰেমৰ কথাই প্ৰকাশ পোৱা নাই, অন্য ধৰণেও গীতটিৰ বিশ্লেষণ হয়তো কৰিব পাৰি। গীতটিৰ আৰম্ভণিতেই কৈছে— “মায়াবিনী ৰাতিৰ বুকুত/ দেখা পালোঁ তোমাৰ ছবি/ধৰা দিলা গোপনে আহি হিয়াৰ কোণত/তুমি যে মোৰ শুকান মনত/নিয়ৰৰে চেঁচা টোপাল/ নামি অহা, ৰ’দৰে নৈ/ মোৰ দেহত প্ৰতি পুৱা/ ধুমুহাৰ স’তে মোৰ/ বহু যুগৰে নাচোন/এন্ধাৰো সঁচা মোৰ/বহু দিনৰে আপোন/ নিজানৰ গান মোৰ/শেষ হ’ব ভাবোঁ তোমাৰ বুকুত”।

প্ৰত্যেক মানুহৰে জীৱন ৰহস্যময়। কেতিয়া কি হয়, কোনেও ক’ব নোৱাৰে। ‘মায়াবিনী ৰাতি’ যদি সেই ৰহস্যময় জীৱনৰ প্ৰতীক বুলি ভাবোঁ; আৰু সেই ৰহস্যময় জীৱনটোক যেতিয়াই আমি বুজিবলৈ আৰম্ভ কৰোঁ; অৰ্থাৎ জুবিন গাৰ্গে কোৱাৰ দৰে ‘হিয়াৰ কোণত যেতিয়া ধৰা দিয়ে’ সেই সময়ত ৰহস্যময় এই জীৱন আমাৰ বাবে হৈ পৰে চেঁচা, উজ্জ্বলহীন, অনুপ্ৰেৰণাৰ এক উৎস। সেইবাবেই চাগে জুবিন গাৰ্গে ৰহস্যৰে ভৰা চেঁচা, উজ্জ্বলহীন জীৱনটোক “ৰ’দৰ নৈ হৈ অৰ্থাৎ উজ্জ্বলতাৰ এক প্ৰতীক হৈ নামি অহাৰ কামনা কৰিছে। কাৰণ জুবিনৰ ভাষাতেই জুবিনে গীতটিত কৈছে, জীৱন হৈছে ধুমুহা সদৃশ। নিতৌ নতুন সমস্যাৰে ভাৰাক্ৰান্ত। এন্ধাৰ আমাৰ জীৱনত থাকিব‌ই। সেইকাৰণে জুবিনে গাইছে—ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ, বহু দিনৰে আপোন..” ‘নিজান’ৰ গান বুলি জুবিনে গাৰ্গে যি কৈছে সেয়া হৈছে— মানুহৰ শেষ জীৱনৰ একাকীকত্ব, এই ৰহস্যময় জীৱনৰ পৰিসমাপ্তি। আমি এই গীতটিৰ অৰ্থ এনেকৈয়ো ভাবিব নোৱাৰোঁ জানোঁ! একেদৰে পৰৱৰ্তী অন্তৰাত জুবিন গাৰ্গে কৈছে, “প্ৰতি শৰতৰ প্ৰভাতি ফুলে/ক’ব তোমাকেই মোৰ কথা/প্ৰতি মেঘালী নিশা জোনে/ক’ব তোমাকেই মোৰ বেথা” শৰতৰ আকাশ নিৰ্মল, ঋতুৰ ৰজা শৰৎ। জীৱন যদিও জটিল, কোনোবা মুহূৰ্তত মানুহৰ জীৱনলৈও শৰৎ আহে। তেতিয়াই মানুহে জীৱনৰ কথা ভাবে নিৰ্মল শৰতৰ দৰে, জীৱনৰ প্ৰেৰণা হৈ ফুলে এই শৰত মানুহৰ জীৱনত। মেঘালী জোনে আকাশৰ আন্ধাৰ আঁতৰাই শেষ কৰিব নোৱাৰিলেও, পোহৰৰ কিঞ্চিত সন্ধানে মানুহক নতুন জীৱন দিয়ে। প্ৰথম অন্তৰাৰ এইখিনি কথা আমি এনেধৰণেও হয়তো ভাবিব পাৰোঁ। একেদৰে শেষৰ অন্তৰাত জুবিন গাৰ্গে যিটো ক’বলৈ গৈছে— জীৱনটোক লৈ অলেখ সপোন মানুহৰ। মানুহে সপোন দেখে। সেই সপোনৰ বাস্তৱতা কিন্তু কঠিন। কিন্তু জীৱনক মানুহে যেতিয়াই পাব খোজে সপোনৰ মৰীচিকাৰ পৰা আঁতৰি মানুহ বাস্তৱমুখী হবলৈ বাধ্য হয়। কিন্তু সেই বাস্তৱতাক যেতিয়া জীৱনে ঢুকি নাপায়, আকৌ মানুহ সপোনৰ পিছতেই দৌৰে, সপোনেই জীয়াই থকাৰ আশা দেখুওৱায়। সেইবাবেই চাগে জুবিন গাৰ্গে গাইছে—”দুচকুলে তোমাৰ চালে/ সপোন আঁতৰি দিঠক নামে/চুব খুজিলেই মোৰ দুহাতে/দিঠক আঁতৰি সপোন আহে…” গতিকে এইজন হৈছে আমাৰ জুবিন গাৰ্গ। বহু সময়ত জুবিন গাৰ্গৰ বহু গীতৰ বিশ্লেষণ আমি বহু ধৰণে ভাবিব পাৰোঁ আৰু তাতেই জুবিন গাৰ্গৰ কৃতিত্ব নিহিত হৈ আছে।

জীৱিত অৱস্থাৰ জুবিন গাৰ্গজনক আমি হয়তো ক’ৰবাত, কেতিয়াবা বুজাত ভুল কৰিছোঁ। প্ৰেমিক জুবিন গাৰ্গজনক বেছি বিচাৰি, সামাজিক জুবিনজনক, সমাজবাদী জুবিনজনক আমি হয়তো চিনি নাপালোঁ। আলফাৰ বিৰুদ্ধে হাতত গীতাৰ লৈ ৰাজপথত ওলোৱা জুবিনজনক হয়তো আমি অগ্ৰাহ্য কৰিলোঁ। কিন্তু জুবিন গাৰ্গে শেষ মুহূৰ্তলৈকে কৈ গ’ল—I am a socio leftiest , I am a communist.. জুবিন গাৰ্গৰ গীত আৰু জীৱিত কালৰ কৰ্ম‌ই কিন্তু এইজন জুবিন গাৰ্গকে আমাৰ ওচৰত প্ৰতিফলিত কৰিলে। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত জুবিনৰ একাউণ্টত আছিল মাত্ৰ দহ হাজাৰ টকা। সেইকাৰণেই আমি ক‌ওঁ, জুবিন গাৰ্গৰ গীতৰ, মানুহজনৰ প্ৰকৃত বিশ্লেষণ হ’ব লাগে। “মোৰ কোনো জাতি নাই ,মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভাষা নাই, মোৰ কোনো ভগৱান নাই” বুলি কোৱা জুবিন গাৰ্গজনৰ বিশ্লেষণ হ’ব লাগে। জুবিন গাৰ্গে পৰম্পৰাগত জাত-পাত ধৰ্মৰ বিৰুদ্ধে গৈছিল বাবেই লাখ লাখ মানুহ তেওঁৰ মৃত্যুত সমবেত হৈছিল। সাধাৰণ মানুহৰ মাজত বিদ্যমান ক্ষোভক প্ৰতিনিধিত্ব কৰা মানুহজন আছিল জুবিন গাৰ্গ। মাজুলীত ‘প্ৰভু ঈশ্বৰ’ বা কামাখ্যাত ‘বলি-বিধান’ৰ বিৰোধিতা কৰিব পৰা মানুহজন আছিল জুবিন গাৰ্গ। গতিকে এইজন জুবিন গাৰ্গক অসমৰ ৰাইজে কিধৰণে জীয়াই ৰাখিব, তাৰ ওপৰতেই নিৰ্ভৰ কৰিব অসমৰ ভবিষ্যত। এটা সপ্তাহৰ বাবে হিন্দু-মুছলমান, জাত-পাত সকলোৰে উৰ্ধত সমগ্র অসমবাসীক একেখন মঞ্চত থিয় কৰোৱাবলৈ সক্ষম হোৱা জুবিন গাৰ্গজনক আপুনি হেৰুৱাব নিশ্চয় নিবিচাৰে! সেইবাবেই জুবিনৰ ন্যায়ক লৈ আমি সকলো একত্ৰিত হোৱাটো এই সময়ৰ আহ্বান‌।

Leave a Reply

Your email address will not be published. Required fields are marked *