বিবিধ চিন্তা

ৰাভা, তুমি জীয়াই আছা ৰঙা হিয়াৰ নিভৃত কোণত – (ৰাজদ্বীপ মহন্ত)

চৌদিশে পুলিচৰ অনুসন্ধান। গাঁৱে-গাঁৱে, ঘৰে-ঘৰে তালাচী। স্বাধীন দেশৰ চৰকাৰে তেওঁৰ মূৰটোৰ বাবদ ঘোষণা কৰিছে ৭৩০ টকাৰ পুৰস্কাৰ। হঠাতে পুলিচৰ ফান্দত ভৰি দিলে প্ৰতাপ চন্দ্ৰ ৰাভাই। চিপাহী-বিষয়াৰ সোধ-পোছত যাতে মুখৰ পৰা একোৱেই নোলায়, তাৰবাবে প্ৰতাপ ৰাভাই নিজৰ জিভাখন কাটি মাটিত পেলাই দিলে। নিমিষতে ৰাঙলী হৈ পৰিল প্ৰতাপৰ শৰীৰ। এনে আত্মত্যাগ আছিল কাৰ বাবে? পুলিচ-চিপাহীৰ প্ৰশ্ন- বিষ্ণুপ্ৰসাদ ৰাভা ক’ত? এই প্ৰশ্নটিৰ উত্তৰ দিয়াৰ অপাৰগতাৰ বাবেই প্ৰতাপ ৰাভাই চিৰদিনৰ বাবে নিজৰ বাকশক্তিৰ ৰুদ্ধতাক স্বাগতম জনালে আৰু তেতিয়া ব্ৰিটিছ চৰকাৰৰ আৰক্ষী বিভাগৰ চুবেদাৰ গোপালদাস ৰাভাৰ পুত্ৰ, উত্তৰাধিকাৰ সূত্ৰে ২০০০ বিঘা মাটিৰ মালিক বিষ্ণুপ্ৰসাদ ৰাভাই এদিন যদি অসমৰ প্ৰান্তে-প্ৰান্তে গাঁৱৰ গৰীব-দুখীয়া কৃষক ৰাইজক শোষণ কেনেকৈ কৰা হৈছে, সেয়া তেওঁলোকক অৱগত কৰাই সজাগ কৰিছে, আন এদিন আকৌ গভীৰ অৰণ্যত সংশয়ৰ মাজত দেশীয় পুলিচৰ পৰা নিৰাপত্তাৰ খাতিৰত আত্মগোপন কৰিছে আৰু সেই নিশাৰ অৰণ্যৰ গভীৰ আন্ধাৰৰ মাজত সতীৰ্থ সংগ্ৰামীসকলৰ লগত শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘পথেৰ দাবী’ৰ নায়ক সব্যসাচী বিষয়ক এক আড্ডা দিছে।

সাম্ৰাজ্যবাদী শোষক ব্ৰিটিছৰ পৰা ভাৰতবৰ্ষক স্বাধীন কৰাৰ সংগ্ৰাম তেতিয়া তুংগত। সেই স্বাধীনতা আন্দোলনৰ সংগ্ৰামে ৰাভাক যেন হাত-বাউল দি মাতিলে। কোচবিহাৰৰ ভিক্ট’ৰিয়া কলেজত অধ্যয়নৰত বিষ্ণুপ্ৰসাদ ৰাভাই কোচবিহাৰত চলি থকা ৰিজেণ্ট আৰু দেৱান বিৰোধী আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিলে।ৰাজবাৰীৰ সিংহদ্বাৰত খোদিত কৰিলে-

“ৰাজ্যে আছে দুইটি পাঠা/একটি কালো, একটি সাদা।।
ৰাজ্যেৰ যদি মংগল চাও/দুইটি পাঠাই বলি দাও।।”

ৰাভাৰ সংগ্ৰামী জীৱনৰ এয়া যেন আৰম্ভণি। বুকুৰ বহল অংশত মানুহৰ প্ৰতি প্ৰেম কঢ়িওৱা ৰাভাৰ সমগ্ৰ জীৱন যেন এতিয়া জনতাৰ ওচৰত সমৰ্পিত। নিষ্পেষিত-শোষিত দৰিদ্ৰ ৰাইজৰ সাহসৰ প্ৰতিভূ ৰাভাই এতিয়া সংগ্ৰামৰ কণ্টকময় পথত খোজ পেলোৱাৰ সময় সমাগত।

বুকুৰ একোণত প্ৰেমাস্পদৰ প্ৰতি লুকুৱাই ৰখা ভালপোৱাবোৰ প্ৰেয়সীৰ ওচৰত অৱগত কৰাৰ অক্ষমতাত ৰাভাই উকা কাগজ ভৰাই তুলিলে-

“লগন উকলি গ’ল
তেও যে নহ’ল কোৱা,
মনৰ কথাটি মোৰ
হিয়াত গুপুতে থোৱা।”

আকৌ যেতিয়া বুকু উকা কৰি জীৱনৰ আঁউসী ৰাতিবোৰত চকুলো উপহাৰ দি প্ৰিয়তমা ৰাভাৰ পৰা আঁতৰি কোনো দূৰ-দিগন্তলৈ মেলানি মাগিলে, সেই সময়লৈকে ভাৱবাদী ৰাভাই অপূৰ্ণ আশাৰ পূৰ্ণতা বিচাৰি লিখিলে-

“পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা।
পূৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা?”

সেই ভাৱবাদী ৰাভাই তেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে জীৱন গঢ়াত ব্ৰতী। অসমৰ খাটিখোৱা ৰাইজৰ দুখ-দৰিদ্ৰতা তেওঁৰ সহ্যাতীত। ইয়াৰ কাৰণ বিচাৰি তেওঁ সমিধান উলিয়ালে-

“কীৰ্তন-দশম-নামঘোষা
হওক আমাৰ সৌৰ্য্য
নাট, গীত, নাম, বৰগীত
হওক ৰণৰ তুৰ্য্য”

১৯৪৭ চন, ভাৰতবৰ্ষৰ শাসনভাৰ বৃটিছৰ হাতৰ পৰা দেশীয় ধনী শ্ৰেণীৰ হাতলৈ স্থানান্তৰিত হ’ল। ঘোষণা হ’ল স্বাধীনতাৰ। অৱশ্যে এই স্বাধীনতাত মেহনতী জনসাধাৰণৰ দুৰৱস্থাৰ উত্তৰণ হোৱা চাৰি দলিত-শ্ৰমিক জীৱনৰ দুখ-কষ্ট যেন বৃদ্ধি পাবলৈহে ধৰিলে। লগে লগেই মোহভংগ ঘটা একাংশ সংগ্ৰামীৰ লগতেই ৰাভাই সজোৰেৰে ঘোষণা কৰিলে- এই স্বাধীনতা ভুৱা। ৰাভাই লগতে লিখিলে-

“স্বাধীনতাৰ স্বৰূপ কিনো বাৰু সোধোগই ব’ল,
আহ ভাই আহ, সৰ্বহাৰা গৰীব দুখীৰ দল,
আজি হেনো ভাৰত স্বাধীন অসম স্বাধীন হ’ল।”

চল্লিশৰ দশকৰ আৰম্ভতে বিপ্লৱী কমিউনিষ্ট পাৰ্টি আৰু পঞ্চাশৰ দশকৰ মাজভাগত ভাৰতীয় কমিউনিষ্ট পাৰ্টিত বিষ্ণুপ্ৰসাদ ৰাভাই যোগদান কৰে। তেওঁ গভীৰভাৱে মাৰ্ক্সবাদ অধ্যয়ন কৰাত মনোনিৱেশ কৰিলে। যিয়ে তেওঁৰ চঞ্চল-অস্থিৰ শিল্পী জীৱনলৈ সাগৰ সংগমৰ পূৰ্ণতা আৰু গভীৰতা কঢ়িয়াই আনিলে (হেমাংগ বিশ্বাস ৰচনাৱলী,পৃ:৮১৮) তাৰ লগে লগেই ভাৱবাদৰ পৰা ৰাভাই বিদায় ল’লে। পৰিৱৰ্তন হ’ল ভাবাদৰ্শৰ। ৰাভাই অনুধাৱন কৰিলে অসমৰ জনতাৰ দুখ-কষ্ট। তেওঁ প্ৰকৃত শত্ৰু তথা শোষক শ্ৰেণীক চিনাক্ত কৰিলে-

“দুখীয়াৰ কলিজা নিগৰি লৱ
টুপি টুপি তেজ শুহি শুহি পিৱ
ৰুকি ৰুকি মঙহ চোবাই খাৱ
কুৰুকি হাড়কেইডালো চোবাৱ
হুঁচিয়াৰ হুঁচিয়াৰ
ধনী মহাজন জমিদাৰ”

জনতাৰ মুক্তিৰ বাবে পণ লোৱা ৰাভাই সতীৰ্থ সংগ্ৰামীৰ লগত গাঁৱে-গাঁৱে সোমাই পৰিল। মাৰ্ক্সবাদৰ তত্ত্বগধুৰ কথাবোৰ অতি সহজ ভাষাত ৰাভাই দীন-দৰিদ্ৰক বুজালে। ৰাইজৰ আগত তেওঁ পুঁজিবাদৰ জঘন্যতা ঘোষণা কৰি ক’লে- “ধনতন্ত্ৰবাদ-আইনৰ সহায় লৈ হাজাৰ জনৰ ল’ৰা-ছোৱালীৰ মুখৰ ভাত কাঢ়ি আনি এজনৰ ল’ৰা-ছোৱালীৰ মুখত ভাত ভৰোৱা, হাজাৰজনৰ ল’ৰা-ছোৱালীৰ গাৰ কাপোৰ কানি খহাই এজনৰ ল’ৰা-ছোৱালীক পিন্ধোৱা, হাজাৰজনৰ ঘৰ-বাৰী ভাঙি আনি এজনৰ ঘৰ-বাৰী সজোৱা, হাজাৰজনৰ আলিৰ সীমা ঠেলি নিজৰ সম্পত্তি বঢ়োৱা,  হাজাৰ জনক ফাঁকি দি নিজৰ ধন বেছি কৰা, বেছি ধনৰে কাৰখানা পাতি কম দৰমহাতে কুলি-কুলিয়নীক খটোৱা, কাৰখানাত বনোৱা  বস্তু বেছি দামত বিক্ৰী কৰি বহু লাভ পোৱা- এইবোৰ কৰা কায়দা-কৌশলৰ নীতিক ধনতন্ত্ৰবাদ বোলে।”

তেওঁ সৰ্বসাধাৰণ ৰাইজৰ সীমাহীন শক্তিৰ ওচৰত নতশিৰ হৈ গালে-

“তই খুৱাৱ বিশ্ববাসীক
মাটি ফালি ধান
তই যোগাৱ ধনী শ্ৰেণীক
অস্ত্ৰ শক্তিমান
কাৰখানা কল তোৰেই সৃজন
পথাৰ সুবহল।”

সেই কৃষক-শ্ৰমিক, যিসকল নিষ্পেষিত-নিপীড়িত, তেওঁলোকৰ দুৰাৱস্থাৰ  মূল হোতা তথা শোষকক ধ্বংস কৰিবলৈ ৰাভাই শক্তিমান কৃষক, মজদুৰ ন-জোৱানক আহ্বান জনালে-

“ধ্বংস কৰ ধ্বংস কৰ
ধনীৰ অহংকাৰ
দয়া-ময়া নকৰিবি
ক্ষমাৰ দিন যে গ’ল
হাল, কোৰ, দা, হাতুৰী লৈ
ৰণলৈ যাওঁ ব’ল।”

গীত ৰচনা, সুৰ সাধনা, নৃত্য, চিত্ৰাংকন আদি সকলো সুকুমাৰ কলাতে নিজৰ প্ৰতিভা ৰাভাই প্ৰদৰ্শন কৰিছিল। যাৰ নৃত্য দেখি নৃত্য বিশাৰদ উদয়শংকৰে ৰাভাক ভূয়সী প্ৰশংসা কৰিছিল। সুনিপুণ খেলুৱৈ ৰাভাই অভিনয় কলাতো নিজৰ পাৰদৰ্শিতা দেখুৱাইছিল। গীত-কবিতাৰ  উপৰিও ৰচনা কৰিছিল গল্প, উপন্যাস। কিন্তু ৰাভাৰ এই কলাৰ সাধনা মাত্ৰ কলাৰ বাবেই নাছিল। “নিমাতী কইনা”ৰ মাজেদিয়ে জ্যোতিপ্ৰসাদে প্ৰকাশ কৰি গৈছে যে অপৰূপ ৰূপ-সৌন্দৰ্য্যৰ অধিকাৰী কিন্তু মূক জনতাৰ মুখত মাত ফুটোৱা অৰ্থাৎ প্ৰতিবাদমুখৰ কৰি তোলাই প্ৰকৃত শিল্পী-সাহিত্যিকৰ লক্ষ্য হোৱা উচিত। জি.ভি প্লেখানাভে তেখেতৰ ‘কলা আৰু সমাজ জীৱন’ শীৰ্ষক গ্ৰন্থখনত অভিমত দাঙি ধৰিছে যে শ্ৰমকাৰী জনগণৰ সৰ্বাত্মক মুক্তিৰ অৰ্থে আৰু শ্ৰেণীপ্ৰভু বুৰ্জোৱাহঁতৰ বিৰুদ্ধে থিয় দিব নোৱাৰে মানে আধুনিক সমাজত প্ৰকৃত অৰ্থত সৎ শিল্প-সাহিত্যৰ সৃষ্টি হ’ব নোৱাৰে। জ্যোতিপ্ৰসাদৰ ধাৰণাৰ এই প্ৰকৃত শিল্পীজনৰ ভূমিকাতেই যেন অৱতীৰ্ণ হৈছিল এহাতে ষ্টেনগান আৰু আনহাতে কলম তুলি লোৱা সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা। সেইবাবেই তেজপুৰ সাহিত্য সভাত তেওঁ কৈছিল- “মানুহে মোক শিল্পী বুলি কয়- যদি মই শিল্পী হওঁ, বিধাতাৰ আশীৰ্বাদত মই শিল্পী হোৱা নাই- ৰাইজৰ আশিসতহে মই শিল্পী হৈছোঁ। ৰাইজৰ হিয়া-কোহঁৰ পৰা এটুপি এটুপি সুন্দৰৰ ৰহ বুটলি আনি মই মোৰ মনকোঁহত ভৰাই লওঁ। সেই মন-কোহঁকে ৰহ-ঘৰা মৌ-কোঁহ ৰচি ভৰাই তাৰ পৰা টোপাল টোপাল ৰস নিঙাৰি নিঙাৰি নিগৰি নিগৰি উলিয়াই ৰাইজক বিলাই দিওঁ। সেয়েহে ৰাইজৰ লগত মোৰ জীৱনৰ সম্পৰ্ক ওতপ্ৰোতভাৱে জড়িত আৰু সেইকাৰণে ৰাইজৰ দুখত মই সমদুখী, ব্যথাত সমব্যথী।”

স্থিতিশীলতাৰ পৰিৱৰ্তে গতিশীল সংস্কৃতিক স্বাগতম জনাই ৰাভাই ঘোষণা কৰিছিল- “গান, নাচ, কাব্য, শিল্প দৰ্শন, ধ্যান-ধাৰণাই নাইবা আচাৰ-অনুষ্ঠান, ভদ্ৰতা, শিষ্টাচাৰ, নীতি-নিয়মেই আচলতে কৃষ্টি বা সংস্কৃতি বা কালচাৰ নহয়; দৰাচলতে বাস্তৱ প্ৰয়োজনত যাৰ জনম, মানুহৰ জীৱন সংগ্ৰামত যি শকতি, জীৱন যাত্ৰাৰ বাস্তৱ উদ্দেশ্য সিদ্ধিত যি মুকুতি, সেয়েহে আচল কৃষ্টি, প্ৰকৃত সংস্কৃতি।”

সংকীৰ্ণ জাতীয়তাবাদৰ উৰ্ধত ভিন্ন জনগোষ্ঠীৰ অসমীয়া হিন্দু সমাজত আত্মবিলোপনৰ ধাৰণাক প্ৰত্যাহ্বান জনাই ৰাভাই জনতাৰ মূল শত্ৰু ধনতন্ত্ৰবাদক চিনাক্ত কৰি কোনো জাতি বা জনগোষ্ঠীৰ প্ৰতি অন্ধ বিদ্বেষ নিবিষ্ট কৰাৰ পৰিৱৰ্তে সমাজতন্ত্ৰতহে জাতিসমূহৰ মুক্তি তথা বিকাশ আৰু ঐক্য সম্ভৱ বুলি অনুধাৱন কৰিছিল।

এই মূল শত্ৰুক চিনি গৰীৱ কৃষক-শ্ৰমিকৰ দুখ-সুখত বিলীন হৈ সমাজতন্ত্ৰৰ লক্ষ্য অভিমুখী সংগ্ৰামৰ এক সতীৰ্থ হোৱাৰ বাবেই যেতিয়া দেশীয় চৰকাৰে কঁকালত পঘাৰে বান্ধি ৰাভাক কাৰাগাৰলৈ চোঁচোৰাই নিছিল, সম্প্ৰতি ‘কলাগুৰু’ ৰাভাক লৈ বন্দনা কৰা একাংশ বুদ্ধিজীৱী-জাতীয়তাবাদীৰ মুখৰ পৰা তেতিয়া কোনোধৰণৰ প্ৰতিবাদৰ শব্দ খহি পৰা নাছিল। কাৰণ ‘পৰজনমৰ শুভ লগনত’ গীতৰ স্ৰষ্টা ‘কলাগুৰু’ ৰাভা তেওঁলোকৰ তথাকথিত ‘জাতীয়তাবাদ’ৰ অন্তৰালৰ ক্ষমতাৰ খেলখনত ভালদৰেই খাপ খায়; কিন্তু ৰাভাৰ জীৱন সংগ্ৰামৰ যি দৰ্শন, শোষিত কৃষক-শ্ৰমিকৰ মুক্তি সংগ্ৰামৰ যি দৰ্শন-চিন্তা-আদৰ্শ, সেয়া তেওঁলোকৰ ক্ষমতাৰ খেলখনৰ বিৰুদ্ধে যেন একো একোপাত ব্ৰহ্মাস্ত্ৰ। সেয়েহে চেঙেলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত এক প্ৰতিযোগিতা অথবা গীত-মাতৰ এক সাংস্কৃতিক সন্ধিয়া, ধূপ-ধূনাৰে ৰাভাৰ ফটোত মালা অৰ্পণ কৰিয়েই তেওঁলোকে ৰাভাক স্মৰণ কৰিবলৈ সদাপ্ৰস্তুত।

কোনো এক নিৰ্দিষ্ট তাৰিখত এটি সাংস্কৃতিক সন্ধিয়াৰ মাজত ৰাভা সীমাবদ্ধ হ’ব নোৱাৰে। ‘লগন ওকলি গ’ল’, ‘পৰজনমৰ শুভ লগনত’ শীৰ্ষক গীতৰ মাজতেই ৰাভা আৱদ্ধ থাকিব নোৱাৰে। সেই শোষিত-নিষ্পেষিত দৰিদ্ৰ সৰ্বসাধাৰণ, যিসকল সামাজিক ন্যায়ৰ পৰা ক’ৰবাত বঞ্চিত হৈ ৰৈছে, যিসকলে অৰ্থনৈতিক সমতাৰ বিশাল পাৰ্থক্যত পেটৰ ক্ষুধাৰ তাড়নাত নিজ সন্তান চুমিলাক অন্য কাৰোবাৰ হৈ দাসত্ব জীৱনৰ বাবে এৰি দিবলৈ বাধ্য হৈছে; অনলাইন শিক্ষাৰ ধাম-খুমীয়াত, টেকন’লজীৰ দৌৰাত্ম্যত যি সকল ‘দেশৰ ভৱিষ্যত’ প্ৰজন্মই সংবিধানৰ কোনো পৃষ্ঠাত লিপিৱদ্ধ হৈ থকা ‘শিক্ষাৰ অধিকাৰ’ৰ পৰা বঞ্চিত হৈ কোনো হোটেলৰ চাহৰ পিয়লা ধুবলৈ বাধ্য হৈছে; সেই অধিকাংশ বঞ্চিত জনসাধাৰণৰ হৈ বিভিন্ন বিভেদতাৰ সাম্প্ৰতিক ষড়যন্ত্ৰৰ বাধাৰ প্ৰাচীৰ নেওচি প্ৰকৃততেই সংগ্ৰাম কৰা প্ৰতিজন সংগ্ৰামীৰ হৃদয়ৰ বিশালতাত ৰাভা জাগ্ৰত। ৰাভা জীয়াই আছে তেওঁলোকৰ হৃদয়ৰ সোপানত আৰু সেই হৃদয়ৰ পৰাই ৰাভাৰ উদ্দাত্ত কন্ঠ-

“উঠিছে নবীন সূৰ্য্য
বাজিছে নবীন তূৰ্য্য
জাগে দীন-হীন শৌৰ্য্য
উজ্জীৱিত নৱ-বীৰ্য্য
পাতে নৱ-জন-গণ ৰাজ
সুখৰে পঞ্চায়ত ৰাজ!!”

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *