ৰাইজৰ ধাৰণা আৰু আচৰণ গঢ় দিয়াত মিডিয়াৰ শক্তি ।। অৰ্ণৱ বৰ্মন
মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা
মিডিয়া সদায়েই এনে এক শক্তি হিচাপে পৰিগণিত হৈ আহিছে যিয়ে এখন সমাজৰ সামূহিক চিন্তা চেতনাক গঢ় দিব পাৰে। সেই তাহানিৰ বাতৰি কাকতৰ পৃষ্ঠাৰ পৰা বৰ্তমানৰ টেলিভিছনৰ পৰ্দা আৰু ম’বাইলৰ স্ক্ৰীণলৈ, মিডিয়াই যিধৰণে তথ্যবোৰ প্ৰেৰণ কৰে তাৰ দ্বাৰাই আমি পৃথিৱীখনক কেনেদৰে চাম অথবা আমি কেনেদৰে ভাবিম সেয়া গঢ় লয়। মিডিয়াই কেৱল তথ্যই ৰিপোৰ্ট কৰে তেনেকুৱা নহয়, ই আমাৰ চিন্তা, আবেগ, আচৰণ আদিকো যুগ যুগ ধৰি প্ৰভাৱিত কৰি আহিছে। আমাৰ অৱচেতন মনৰ ওপৰত মিডিয়াৰ এক অসাধাৰণ ক্ষমতা আছে আৰু এই ক্ষমতাৰ দ্বাৰাই মিডিয়াই আমাৰ অজানিতে আমাৰ ভাৱ ধাৰণাক কম বেছি পৰিমাণে গঢ় দিয়ে। ইতিহাসত এনে অন্তহীন উদাহৰণ আছে য’ত মিডিয়াই কেৱল ঘটনাৰ বাতৰিয়েই প্ৰকাশ কৰা নাছিল, বিভিন্ন নেৰেটিভো গঢ় দিছিল। যুদ্ধৰ প্ৰতি জাতি এটাক একত্ৰিত কৰাই হওক অথবা কোনো জাতি-ধৰ্ম-বৰ্ণৰ প্ৰতি সাধাৰণ মানুহৰ মনত ঘৃণাৰ সৃষ্টি কৰাই হওক, সকলোতে মিডিয়াৰ অৰিহণা আছে। এইখিনিতে দুটামান উদাহৰণ আগবঢ়াইছোঁ – দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজীসকলে তেওঁলোকৰ বিচাৰধাৰা প্ৰচাৰ কৰিবলৈ আৰু তেওঁলোকৰ সপক্ষে জনমত গঠন কৰিবলৈ বিভিন্ন ধৰণৰ মিডিয়া ব্যৱহাৰ কৰিছিল যেনে ৰেডিঅ’, চিনেমা, বাতৰি কাকত আদি। নাজী শাসকে চৰকাৰী ৰাজসাহায্য দি ‘people’s radio’ নামৰ ৰেডিঅ’ অতি কম দামত ৰাইজৰ মাজত বিতৰণ কৰিছিল আৰু এই ৰেডিঅ’ৰ জৰিয়তে নিজৰ প্ৰপাগাণ্ডাসমূহ ৰাইজৰ মাজত প্ৰচাৰ কৰি নিজৰ আদৰ্শক মহিমামণ্ডিত কৰিছিল আৰু ইহুদীসকলক কলংকিত কৰিছিল। এই প্ৰচাৰ অত্যন্ত ফলপ্ৰসূ আছিল আৰু ই প্ৰতিপক্ষক শত্ৰুৰূপে দেখুৱাইছিল। নাজী শক্তি আৰু বিচাৰধাৰা প্ৰচাৰৰ উদ্দেশ্যে তেওঁলোকে ‘Triumph of the will’ ৰ দৰে চিনেমা নিৰ্মাণ কৰিছিল আৰু জাৰ্মান ফেচিবাদৰ প্ৰচাৰ কৰিছিল। প্ৰেছসমূহক কঠোৰভাৱে নিয়ন্ত্ৰিত কৰা হৈছিল আৰু কেৱল Pro-Nazi বাতৰিসমূহকহে ছপা হ’বলৈ দিয়া হৈছিল। ঠিক তেনেদৰে, ভিয়েটনামৰ যুদ্ধ – যিখন যুদ্ধক First television war বুলিও কোৱা হয়। এইখন ইতিহাসৰ প্ৰথমখন যুদ্ধ যিখন টেলিভিছনৰ পৰ্দাত সম্প্ৰচাৰিত হৈছিল, যিয়ে যুদ্ধৰ বৰ্বৰতা, হত্যা-হিংসাক আমেৰিকাবাসীৰ ঘৰে ঘৰে টেলিভিছনৰ পৰ্দাত সম্প্ৰচাৰিত কৰিছিল। টেলিভিছনৰ পৰ্দাত যুদ্ধৰ কঠোৰতম বাস্তৱ – আহত সৈনিক, অসামৰিক লোকৰ মৃত্যু আৰু ধ্বংস আদি নিজ চকুৰে দেখি মানুহৰ মোহভংগ হৈছিল আৰু যুদ্ধৰ প্ৰতি মনত বিদ্বেষৰ সৃষ্টি হৈছিল। সংবাদ মাধ্যমৰ কভাৰেজত যুদ্ধৰ যি মানৱীয় ব্যয় সেয়া ভালদৰে ফুটি উঠিছিল যিয়ে যুদ্ধ বিৰোধী জনমত গঠনত ইন্ধন যোগাইছিল। যুদ্ধৰ নিষ্ঠুৰতা আৰু বৰ্বৰতাৰ দৃশ্যই মানুহক যুদ্ধৰ বিৰুদ্ধে মাত মাতিবলৈ ক্ষমতা প্ৰদান কৰিছিল। যুদ্ধবিৰোধী প্ৰতিবাদ, বিক্ষোভ, পদযাত্ৰা আদি ক্ৰমান্বয়ে সাধাৰণ হৈ পৰিছিল যাৰ পৰিণতিত অৱশেষত আমেৰিকাই সৈন্য প্ৰত্যাহাৰ কৰিছিল। জনমত গঠনত মিডিয়াই জগোৱা অৰিহণাৰ এটা শেহতীয়া উদাহৰণ হ’ল ২০২৪-ৰ আমেৰিকাৰ নিৰ্বাচন। আমেৰিকান বিলিয়নাৰ ইল’ন মাস্কে নিজৰ অতিশয় জনপ্ৰিয় সামাজিক মাধ্যম X (formerly known as Twitter)ৰ জৰিয়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ডনাল্ড ট্ৰাম্পৰ সপক্ষে জনমত গঠনত যথেষ্ট অৰিহণা জগাইছিল। মাস্কে Xৰ জৰিয়তে সক্ৰিয়ভাৱে ট্ৰাম্পৰ হৈ প্ৰচাৰ চলাইছিল, বিভিন্ন ভুৱা দাবী শ্বেয়াৰ কৰিছিল আৰু তেওঁক প্ৰত্যক্ষভাৱে সমৰ্থন কৰিছিল, তেওঁৰ পোষ্টত লাখ লাখ লাইক-কমেন্ট পাইছিল। লগতে বিভিন্ন X ব্যৱহাৰকাৰীয়ে ট্ৰাম্পৰ সপক্ষে দিয়া পষ্টসমূহৰ reach বৃদ্ধিত সহায় কৰিছিল আৰু মাজে সময়ে আমেৰিকাৰ নিৰ্বাচন সম্বন্ধীয় বিভিন্ন বিবাদগ্ৰস্ত মতামত প্ৰকাশ কৰি বাতৰিৰ শিৰোনাম দখল কৰি আছিল যিয়ে ট্ৰাম্পক নিৰ্বাচন উত্তীৰ্ণ হোৱাত সহায় কৰিছিল। এনেদৰেই অতীতৰ পৰা বৰ্তমানলৈকে মিডিয়াই মানুহৰ আবেগ আৰু আচৰণক প্ৰভাৱিত কৰি আহিছে। মিডিয়াই বিভিন্ন মনোবৈজ্ঞানিক তত্ত্বৰ আলমত আমাৰ মন মগজুক হেক কৰি আহিছে। কোনো এটা ঘটনাৰ বাতৰি কি ধৰণে উপস্থাপন কৰা হয় তাৰ ওপৰত ভিত্তি কৰি আমাৰ মগজুয়ে সেই ঘটনাটোৰ ওপৰত মত গঠন কৰে। উদাহৰণস্বৰূপে, এটা প্ৰতিবাদক এটা চেনেলত ‘শান্তিপূৰ্ণ পদযাত্ৰা’ আৰু আনটোত ‘বিশৃংখল বিদ্ৰোহ’ বুলি দেখাব পাৰে। বাতৰিৰ হেডলাইন, বেকগ্ৰাউণ্ড মিউজিক আৰু চিত্ৰই আমাৰ দৃষ্টিভংগীক প্ৰভাৱিত কৰে। ঠিক তেনেদৰে যিকোনো ঘটনাৰ ধনাত্মক অথবা ঋণাত্মক দিশটো বেছিকৈ দেখুৱাই মানুহৰ মনত ধনাত্মক অথবা ঋণাত্মক দৃষ্টিভংগীৰ সৃষ্টি কৰিব পাৰে। ভয়, খং, দেশপ্ৰেম, ধৰ্মপ্ৰেম তথা জাতিপ্ৰেমৰ দৰে মানবীয় আবেগ অনুভূতিবোৰক ব্যৱহাৰ কৰি মিডিয়াই আমাৰ চিন্তাক প্ৰভাৱিত কৰে। মিডিয়াৰ এইবোৰ কৌশলৰ ফলত আমাৰ মনত যুক্তিৰ আগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় যাৰ ফলত আমাৰ যুক্তিসংগত চিন্তা বাধাগ্ৰস্ত হয়।
এতিয়া প্ৰশ্ন হয় যে মিডিয়াই আমাৰ চিন্তা চেতনাক অনবৰতে প্ৰভাৱিত কৰি ৰাখিব বিচৰাৰ আৰৰ কাৰণ কি? ইয়াৰ আঁৰত বিভিন্ন শক্তিয়ে ক্ৰিয়া কৰি আছে। মিডিয়াৰ পৰ্দাৰ আঁৰত ৰাজনীতিবিদ, বিভিন্ন প্ৰতিষ্ঠান আৰু ধনী ব্যক্তিয়ে নিজৰ লাভৰ বাবে ইয়াক ব্যৱহাৰ কৰে। ৰাজনৈতিক দলে নিজৰ বিচাৰধাৰা প্ৰচাৰৰ বাবে, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে নিজৰ সামগ্ৰীৰ মাৰ্কেটিঙৰ বাবে আৰু বিভিন্ন ধনী ব্যক্তিয়ে নিজৰ ব্ৰেণ্ড ভেলু তৈয়াৰ কৰিবৰ বাবে ইয়াক ব্যৱহাৰ কৰে। বৰ্তমান বিশ্বত মিডিয়াই আমাৰ জীৱনৰ সৈতে এনেকৈ জড়িত হৈ পৰিছে যে ই কেৱল আমি কি দেখো আৰু শুনো তাকেই নিৰ্ধাৰণ নকৰে, বৰং আমি কেনেকৈ ভাবোঁ, অনুভৱ কৰোঁ আৰু জীয়াই থাকোঁ তাকো নিয়ন্ত্ৰণ কৰে। মিডিয়া আমি বাস্তৱতাক চোৱা এখন লেন্সত পৰিণত হৈছে। মিডিয়াই বিভিন্ন ঘটনা পৰিঘটনাক এনেধৰণে দেখুৱায় যিয়ে যুক্তিতকৈ আবেগক, নীতিতকৈ লাভক আৰু ন্যায়তকৈ বিশেষাধিকাৰক প্ৰাধান্য দিয়ে। ফলত এনে এক সমাজৰ সৃষ্টি হৈছে যিখন সমাজ দিনক দিনে প্ৰকৃত গুৰুত্বপূৰ্ণ বিষয়বোৰৰ পৰা আঁতৰি গৈ আছে। এই মিডিয়াৰ দ্বাৰা পৰিচালিত জীৱনে এনে এক বিশ্ব সৃষ্টি কৰিছে য’ত তুচ্ছ বিষয়ৰ জয় হয়, প্ৰভাৱশালীসকলৰ আধিপত্য থাকে, আৰু সমাজৰ মাৰ্জিনেলাইজ লোকসকলৰ সমস্যাবোৰৰ পৰা সমাজৰ দৃষ্টি আতৰ কৰি পেলোৱা হয়। গৰিষ্ঠসংখ্যক মানুহে আজিকালি গুৰুত্বপূৰ্ণ বাতৰি বিচাৰি নাযায়; তেওঁলোকে উত্তেজনাময় শিৰোনামৰ পিছত দৌৰে। সেয়েহে কোনোবা চেলিব্ৰিটী নেতাক হাত কড়ি বান্ধি লৈ যোৱা দৃশ্যই কেইবাদিন ধৰি সামাজিক মাধ্যমত খলকনি লগাই থাকে, মানুহৰ মনত খং-ৰাগৰ সৃষ্টি হয় কোনোবা নেতাৰ আইনী অধিকাৰ খৰ্ব হোৱাক লৈ, নেতাৰ সমৰ্থনত ফেচবুক পষ্ট ভৰি পৰে। ইয়াৰ বিপৰীতে কোনোবা সাধাৰণ নাগৰিকৰ আইনী অধিকাৰ খৰ্ব হ’লে সেয়া কিন্তু কোনো নিউজ চেনেলৰ বাতৰিৰ শিৰোনামত দেখা নাযায়, কোনোবাই বেআইনী একাউণ্টাৰৰ বলি হ’লেও মিডিয়াই সেইধৰণৰ কাণ্ডক গ্লৰিফাই কৰাহে দেখা যায় যাৰ ফলত সাধাৰণ জনতাৰ মনত একাউণ্টাৰ বিৰোধী প্ৰতিক্ৰিয়াৰ বিপৰীতে হৰ্ষোল্লাসৰ সৃষ্টি হোৱা দেখা যায়। এইধৰণে মিডিয়াই দুটা একেই আইনী অধিকাৰ খৰ্ব হোৱাৰ ঘটনাৰ প্ৰতি সাধাৰণ জনতাৰ মনত দুটা সম্পূৰ্ণ বিপৰীতধৰ্মী প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।
য’ত শাসক পক্ষৰ একেটা বাতৰি দিনে নিশাই চলাই ৰখা হয় আৰু বহুত গুৰুত্বপূৰ্ণ বাতৰিয়ে টেলিভিছনৰ পৰ্দাত ঠাই বিচাৰি নাপায়। শাসকক মহিমামণ্ডিত কৰিবলৈ আৰু চেনেলৰ TRP বঢ়াই ব্যৱসায় কৰিবলৈ টেলিভিছনৰ পৰ্দাত চিঞৰি চিঞৰি যুদ্ধৰ উৰাবাতৰি-পাকিস্তান অধিগ্ৰহণৰ কৰাৰ দৰে মিছা বাতৰি প্ৰচাৰ কৰিবলৈও কুন্ঠাবোধ নকৰে। মানুহে ‘মামা’ৰ প্ৰেছ বাইট শুনিবলৈ ৰৈ থাকে যাৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দক বেদবাক্যৰ দৰে প্ৰচাৰ চলোৱা হয়। কোনোবা বৃদ্ধ নেতাই আজিও অতি সযতনে মিডিয়াৰ সহায়ত নিজৰ ব্ৰেণ্ড ভেলু বৰ্তাই ৰাখে। মিডিয়াই মহিমামণ্ডিত কৰি ৰখা এই ব্যক্তিসকলে জনসাধাৰণৰ চিন্তাশক্তিৰ ওপৰত আধিপত্য বিস্তাৰ কৰে। আম্বানী-আদানীহতৰ দৰে বৃহৎ ব্যৱসায়ীয়ে দিনক দিনে বৃহৎ পুঁজি হস্তগত কৰি আহিছে, তেতিয়া মিডিয়াই তেওঁলোকৰ সফলতাক ৰাষ্ট্ৰৰ জয়জয়কাৰ হিচাপে প্ৰচাৰ চলায়। মিডিয়াই তেওঁলোকৰ সাফল্যক দেশৰ গৌৰৱৰ উৎস হিচাপে উদযাপন কৰে, যেন তেওঁলোকৰ সমৃদ্ধিয়ে দেশৰ গৰিষ্ঠসংখ্যক সাধৰণ দুখীয়া জনতাকো সমৃদ্ধিশালী কৰি তুলিব। মিডিয়াই মহিমামণ্ডিত কৰি ৰখা এই ব্যক্তিসকলে জনসাধাৰণৰ চিন্তাশক্তিৰ ওপৰত আধিপত্য বিস্তাৰ কৰে আৰু গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰ কৰি ৰাখে। আম্বানী-আদানীহঁতৰ দৰে বৃহৎ ব্যৱসায়ীয়ে দিনক দিনে বৃহৎ পুঁজি হস্তগত কৰি ধনী হৈ গৈ থাকে আৰু মিডিয়াই তেওঁলোকৰ সফলতাক ৰাষ্ট্ৰৰ জয়জয়কাৰ হিচাপে প্ৰচাৰ চলায়, তেওঁলোকৰ সাফল্যক দেশৰ গৌৰৱৰ উৎস হিচাপে উদযাপন কৰে, যেন তেওঁলোকৰ সমৃদ্ধিয়ে দেশৰ গৰিষ্ঠসংখ্যক সাধৰণ দুখীয়া জনতাকো সমৃদ্ধিশালী কৰি তুলিব। য’ত দেশৰ কোটি কোটি মানুহে মৌলিক প্ৰয়োজনীয়তাখিনি পূৰণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হয় আৰু মুষ্টিমেয় কিছুলোকে অকল্পনীয় সম্পদ সঞ্চয় কৰি ৰাখে, এইবোৰ খবৰক কেতিয়াও প্ৰয়োজনীয় গুৰুত্ব প্ৰদান কৰা হয়। ধনীক শ্ৰেণীৰ মিডিয়াৰ ওপৰত থকা নিয়ন্ত্ৰণে মানুহক তেওঁলোকৰ পক্ষত উল্লাস কৰিবলৈ শিকায়, আৰু দৰিদ্ৰতা আৰু সাধাৰণ ৰাইজৰ সমস্যাবোৰক আওকাণ কৰাই ৰাখে। মিডিয়াই নিৰ্বাচিতভাৱে কিছুমান কাহিনী প্ৰকাশ কৰি আৰু আন কিছুমানক আওকাণ কৰি এক শ্ৰেণীবিভাজনৰ সৃষ্টি কৰে—য’ত অভিজাত শ্ৰেণীৰ জীৱনক উদযাপন কৰা হয়, আৰু সমাজৰ পিছপৰা লোকৰ সংগ্ৰামক উপেক্ষা কৰা হয়। যাৰ ফলত এনে এখন সমাজৰ সৃষ্টি হৈছে য’ত ক্ষমতাশালীৰ উদ্বেগসমূহ সকলোৰে উদ্বেগ হৈ পৰে। মিডিয়াই প্ৰচাৰ কৰা নেৰেটিভসমূহ সদায় এক নিৰ্দিষ্ট আৱেগ জাগ্ৰত কৰিবলৈ ডিজাইন কৰা হয়—কোনো চেলিব্ৰিটিৰ কেলেংকাৰীৰ উত্তেজনা, কোটিপতিৰ সফলতাৰ গৌৰৱ অথবা কৃত্ৰিম সংকটৰ ভয়—যিবোৰে বাকী সমাজত ঘটি থকা অন্যায় আৰু সমস্যাসমূহৰ প্ৰতি আমাৰ গুৰুত্বক আতৰাই ৰাখে। উদাহৰণস্বৰূপে, যেতিয়া কোনো প্ৰাকৃতিক দুৰ্যোগে কোনো গাঁৱলীয়া অঞ্চল ক্ষতিগ্ৰস্ত কৰে মিডিয়াই হয়তো সেই ঘটনাটোৰ সংক্ষিপ্ত কভাৰেজ হে দিয়ে, সেয়াও কেৱল নাটকীয় দৃশ্য বা ৰাজনৈতিক দোষাৰোপৰ জৰিয়তে। কিন্তু বানপানীৰ ফলত যিবোৰ মানৱীয় ক্ষতি—যেনে কৃষকে হেৰুৱা শস্য, ঘৰৰ পৰা উচ্ছেদ হোৱা পৰিয়াল, বিদ্যালয় হেৰুৱা শিশু, বানাগ্ৰস্তই পাব লগা ক্ষতিপূৰণ আদিৰ কথা প্ৰায়ে শিৰোনামত নাহে। তাৰ পৰিৱৰ্তে, মিডিয়াৰ মনোযোগ চহৰকেন্দ্ৰিক বাতৰি বা মিডিয়াৰ বাণিজ্যিক স্বাৰ্থৰ সৈতে সংগতি থকা বিশ্বৰ বিভিন্ন ঘটনাৰ ফালে থাকে। এই মিডিয়াৰ দ্বাৰা প্ৰভাৱিত সমাজে মানুহৰ সমালোচনাত্মক চিন্তাশক্তি ক্ষয় কৰে। যেতিয়া মানুহে অবিৰতভাৱে সংবেদনশীল আৰু উত্তেজনাপূৰ্ণ বাতৰিবোৰ গ্ৰহণ কৰে, তেতিয়া তেওঁলোকে প্ৰশ্ন কৰাৰ বা দৃষ্টিভংগী বিচৰাৰ ক্ষমতা ক্ৰমাত হেৰুৱায় পেলায়। মিডিয়াই তৈয়াৰ কৰি দিয়া বাস্তৱটোৱে তেওঁলোকৰ বাস্তৱতা হৈ পৰে, আৰু স্বাধীন চিন্তাৰ সলনি মিডিয়াই নিৰ্মাণ কৰি দিয়া মতামতৰ সৈতে সন্মতি আহে। দ্বিতীয়তে মিডিয়াই দৰিদ্ৰতা, জাতিগত হিংসা আৰু পৰিৱেশৰ অৱক্ষয়ৰ দৰে গুৰুত্বপূৰ্ণ সমস্যাৰ পৰা মনোযোগ আঁতৰাই নিয়ে, যাৰ ফলত সেইবোৰ জনসাধাৰণৰ দৃষ্টিৰ পৰা অদৃশ্য হৈ পৰে আৰু কেতিয়াও ৰাজনৈতিক বৈতৰণীৰ বিষয়বস্তু হ’বলৈ সুযোগ নাপায়। তৃতীয়তে, ই সামাজিক বিভাজনক গভীৰ কৰে। মিডিয়াই এচাম ধনী আৰু বিশেষ প্ৰভাৱশালী লোকৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত সমাজত এনে এক প্ৰতিচ্ছবিৰ সৃষ্টি হয় য’ত অভিজাত শ্ৰেণীক আকাংক্ষিত ব্যক্তি হিচাপে দেখা যায়, আনহাতে প্ৰান্তীয় লোকসকলক উপেক্ষাৰ পাত্ৰ কৰি তোলা হয়। ইয়াৰ ফলত এনে এক সমাজৰ সৃষ্টি হয় য’ত মানুহৰ মনত কেবল সেইসকল ব্যক্তি বা সমুদায়ৰ প্ৰতি হে সহানুভূতিৰ সৃষ্টি হয় যিসকল মিডিয়াৰ মানদণ্ডত “খবৰৰ যোগ্য” বুলি গণ্য কৰা হয়। শেষত, ই মানৱীয় দুৰ্দশাৰ প্ৰতি সংবেদনশীলতা হেৰুৱাই পেলোৱা এচাম নাগৰিকৰ সৃষ্টি কৰে। যেতিয়া জীৱিকা ধ্বংস হোৱা এগৰাকী মহিলাৰ কান্দোনে আমাক স্পৰ্শ নকৰে, যেতিয়া দলিতৰ মৃত্যুৱে ক্ষোভৰ সৃষ্টি নকৰে, যেতিয়া পকী বেৰ খহি পৰি ফুটপাথত মহিলা ঢুকোৱা খবৰো গুৰুত্বহীন হৈ যায়, তেতিয়া যেন আমি আমাৰ মানৱতাৰ কিবা এটা মৌলিক গুণ হেৰুৱাই পেলাওঁ।
মিডিয়াৰ দ্বাৰা পৰিচালিত জীৱনৰ পৰা মুক্তি পাবলৈ আমি প্ৰথমে ইয়াৰ প্ৰভাৱ আমাৰ ওপৰত বুজি পোৱা উচিত। আমি যিবোৰ কাহিনী গ্ৰহণ কৰোঁ, সেইবোৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিব লাগিব, যিবোৰ কাহিনীক নিস্তব্ধ কৰা হৈছে সেইবোৰ বিচাৰি উলিয়াব লাগিব, আৰু যিবোৰ কণ্ঠ উপেক্ষিত হৈছে সেইবোৰক প্ৰসাৰিত কৰিব লাগিব। ইয়াৰ বাবে সচেতন প্ৰচেষ্টাৰ প্ৰয়োজন— স্বাধীন মিডিয়া উৎসৰ সৈতে জড়িত হোৱা, উপেক্ষিতসকলৰ কথা শুনা, আৰু কেৱল বিনোদনৰ বাবে নহয়, গুৰুত্বপূৰ্ণ বিষয়বোৰক অগ্ৰাধিকাৰ দিয়া মিডিয়া সংস্থাসমূহৰ বাতৰি চোৱা আদি। কল্পনা কৰক, যদি মিডিয়াই কোনো চৰকাৰী অথবা প্ৰভাৱশালী বেচৰকাৰী সংস্থাৰ অবহেলাৰ ফলত মৃত্যু হোৱা অথবা ক্ষতিগ্ৰস্ত হোৱা সাধাৰণ নাগৰিকৰ খবৰবোৰো সেই উৎসাহেৰে প্ৰচাৰ কৰিলেহেঁতেন, যিদৰে তেওঁলোকে চেলিব্ৰিটি কেলেংকাৰীসমূহ প্ৰচাৰ কৰে । কল্পনা কৰক, যদি জনসাধাৰণে ক্ষোভেৰে সঁহাৰি জনাই ন্যায় আৰু দায়বদ্ধতাৰ দাবী জনালেহেঁতেন। এনে এখন পৃথিৱী সম্ভৱ, কিন্তু কেৱল তেতিয়াহে, যেতিয়া আমি মিডিয়াৰ কবলৰ পৰা আমাৰ স্বাধীনতা পুনৰ উদ্ধাৰ কৰিম। মিডিয়াৰ প্ৰভাৱৰ পৰা আমাৰ চিন্তাশক্তিক স্বাধীন কৰিবলৈ আমিও কিছু সক্ৰিয় পদক্ষেপ ল’ব লাগিব। আমি সেইসকল সাংবাদিক আৰু প্ৰকাশন গোষ্ঠী অথবা মিডিয়া সংস্থাকহে সমৰ্থন কৰা উচিত যিসকলে সংবাদ মাধ্যমৰ প্ৰচলিত ব্যৱস্থাক প্ৰত্যাহ্বান জনায়, আৰু যিসকলে বিভাজনকাৰী আৰু ঘৃণা বিয়পাব পৰা বাতৰি বিক্ৰী কৰে তেওঁলোকক প্ৰত্যাখ্যান কৰা উচিত। আমি সমাজৰ সকলো জাতি-বৰ্ণ-ভাষাৰ মানুহৰ প্ৰতি সহানুভূতি গঢ়ি তুলিব লাগিব। বাতৰিৰ সত্যতা বিচাৰ কৰিবলৈ শিকিব লাগিব। বিভিন্ন উৎসৰ পৰা বাতৰিৰ সত্যাসত্য বিচাৰ কৰিহে তাক প্ৰচাৰ কৰিব লাগিব। মিডিয়াৰ উত্তেজনা উদ্দীপক বাতৰিসমূহ চাই আমি আবেগৰ বশৱৰ্তী হোৱাৰ বিপৰীতে যুক্তিৰে বিচাৰ বিবেচনা কৰিহে নিজৰ মত গঢ়ি তোলাৰ অভ্যাস গঢ়ি তুলিব লাগিব। মানৱ সমাজৰ ওপৰত মিডিয়াৰ প্ৰভাৱ যদিও অপৰিহাৰ্য তথাপিও, আমি কিন্তু শক্তিহীন নহয়। ইয়াক বুজি, প্ৰশ্ন কৰি আৰু নিজৰ মনক চোকা কৰি আমি চিন্তাশক্তিৰ নিয়ন্ত্ৰণ ল’ব পাৰোঁ। মিডিয়া সাক্ষৰতা, সমালোচনাত্মক চিন্তাধাৰা, সামাজিক সজাগতা আদিৰ দ্বাৰা আমি আমাৰ মনটোক মিডিয়াই প্ৰচাৰ কৰিব বিচৰা এজেণ্ডাৰ পৰা বচাই ৰাখিব পাৰোঁ ।

