ৰাজস্থানৰ ‘কোটা’-ৰ অকথিত কাহিনী (অন্তিম অংশ)— (মূল : মৃদুলিকা ঝা; ভাবানুবাদ : পংকজ কুমাৰ নেওগ)
ৰাজস্থানৰ কোটা কোচিং চেণ্টাৰৰ বাবে বিখ্যাত আৰু এতিয়া শিক্ষাৰ্থীসকলৰ আত্মহত্যাৰ বাবে কুখ্যাত। NEET আৰু JEE আকাংক্ষীসকলৰ ইয়াত কোনো বন্ধু নাই আৰু হোষ্টেলৰ কোঠাত অকলে অকলে থাকিবলৈ পছন্দ কৰে। এনে লাগে যেন কোটাই ল’ৰা-ছোৱালীবোৰক নিঃসঙ্গতাৰ বাবেহে গ্ৰুম কৰে। যিসকল সমস্যাত পৰে তেওঁলোকক দেখা পোৱাৰ লগে লগে ঘৰলৈ ঘূৰাই পঠিওৱা হয়!
কোটাৰ এখন থানাৰ ছাত্ৰ কোষ বিভাগত (Student Cell Department) বহি থাকোঁতে ফোনটো বাজি উঠে। ফোনটোৰ আনটো মূৰত NEET পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই ডাক্তৰ হ’বলৈ কোটালৈ অহা ছোৱালী এগৰাকী– এতিয়া তাই নিজকে হত্যা কৰাৰ কথা কৈছে। “মই এই ছোৱালীজনীক লগ ধৰিব বিচাৰোঁ”- মই পুলিচ বিষয়াজনক কওঁ। মুখত অলপ উদ্বেগ আৰু পূৰ্বাভাসেৰে তেওঁ কয়, “এই ধৰণৰ গোচৰবোৰ বেয়া হ’বলৈ বেছি সময় নালাগে। তাই ৬ নং মহলাত থাকে, ছয় ছেকেণ্ডৰ ভিতৰতে সকলো শেষ হ’ব পাৰে”। এই কল প্ৰথম বা শেষ নাছিল। মই তাত বহি থাকোঁতেই কেইবাবাৰো ফোনটো বাজি উঠে। সিহঁত আটাইবোৰে NEET আৰু JEEত শীৰ্ষস্থান দখল কৰি এজন সফল ডাক্তৰ বা অভিযন্তা হোৱাৰ সপোন লৈ কোটালৈ আহিছিল। কিন্তু এই সপোনবোৰ এতিয়া দুখৰ সাগৰত ডুবি যাব ধৰিছে। চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে ২৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰাণ কাঢ়ি লৈছে, বছৰৰ প্ৰায় চাৰি মাহ এতিয়াও বাকী আছে এথোন!
কোটা এতিয়া যুদ্ধপথত। বৰ্তমান ভাৰতৰ আত্মহত্যাৰ ৰাজধানী বুলি অভিহিত এই চহৰখনে নিজৰ ভাৱমূৰ্তি সলনি কৰাৰ প্ৰয়োজন আহি পৰিছে। কাউন্সেলাৰৰ পৰা আৰম্ভ কৰি ৰাজপথৰ ৰিক্সাৱালা, চাহৱালা সকলোবোৰ এতিয়া একো একোজন চোৰাংচোৱা। তেওঁলোকে “সমস্যাজনিত ছাত্ৰ-ছাত্ৰী”সকলক চিনাক্ত কৰি প্ৰশিক্ষণ কেন্দ্ৰসমূহক অৱগত কৰিবলৈ সাজু যাতে সেইসকলক তৎক্ষণাত ঘূৰাই পঠিয়াব পৰা যায়। “পচি যোৱা আপেল এটাক আমি কিয় পাচিৰ বাকীবোৰক নষ্ট কৰিবলৈ দিম”?—এটা অতি সুনামধন্য কোচিং ইনষ্টিটিউটৰ মিডিয়া এডভাইজাৰে কয়। “কিন্তু অনুগ্ৰহ কৰি মোৰ নামটো নক’ব”-তেওঁ লগতে ক’বলৈ নাপাহৰে। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক লগ পোৱাৰ সময়ত বহুতো বিশেষজ্ঞৰো সন্মুখীন হওঁ। তেওঁলোক সকলোৱে স্বীকাৰ কৰে যে তেওঁলোকে মহানগৰীত আত্মহত্যাৰ ঘটনা ৰোধ কৰিবলৈ বহুত চেষ্টা কৰিছে কিন্তু সমস্যা চহৰখন বা কোচিং ইনষ্টিটিউটৰ নহয় ই ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকৰ মাজত নিহিত হৈ আছে। কোটাৰ এটা শীৰ্ষ প্ৰতিষ্ঠানৰ পৰামৰ্শদাতা ডাঃ হৰিশ শৰ্মাৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ লগে লগে টেবুলত থোৱা মানুহৰ মগজুৰ চিৰামিক মডেল এটা পোনে পোনে মোক দেখুৱায়। পেঞ্চিলেৰে আঙুলিয়াই তেওঁ আমাৰ মগজুৰ গঠন বুজাবলৈ চেষ্টা কৰে। “এইটো এবাৰ চাওক আৰু আপুনি সকলো বুজি পাব”- তেওঁ কয়। ডাঃ শৰ্মাই কয়, “দাঁতৰ বিষ হ’লে কাঠমিস্ত্ৰীৰ ওচৰলৈ নহয় দন্ত চিকিৎসকৰ ওচৰলৈহে যাব লাগে। ল’ৰা-ছোৱালীহঁতে এইবোৰ কথা বুজি নাপায়। সিহঁতে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লগত কথা পাতি সময় নষ্ট কৰে আৰু তাৰ পিছত কথাবোৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়”।
“তেন্তে, আপোনাৰ ওচৰলৈ অহা ছাত্ৰ-ছাত্ৰীসকলে কেতিয়াও আত্মহত্যাৰ কোনো চিন্তা অনুভৱ কৰা নাইনে”? মোৰ প্ৰশ্ন উত্তৰহীন হৈ থাকি যায়। এটা সময়ত তেওঁ “এনে শিক্ষাৰ্থী”ৰ (আত্মঘাতী মানসিকতাৰ) লক্ষণসমূহৰ বৰ্ণনা আগবঢ়ায়। “সততে ৰাতি দেৰিকৈ ফোন কলবোৰ আহে। তেওঁলোকে নিজৰ অনুভৱবোৰ ব্যক্তিগতভাৱে শ্বেয়াৰ কৰিবলৈ ভাল নাপায়। কাউন্সেলিং চেচনবোৰ ২৪ ঘন্টা চলি থাকে। আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰোঁ, বুজাবলৈ চেষ্টা কৰোঁ। প্ৰয়োজন হ’লে দোভাগ নিশা হোষ্টেললৈ লৰালৰিকৈ যাওঁ। বহু সময়ত আমি আনকি অভিভাৱকসকলকো জড়িত কৰোঁ যাতে তেওঁলোকে সমস্যাবোৰ বুজিব পাৰে” ডাঃ শৰ্মাই কয়। “এনে ছাত্ৰ-ছাত্ৰীকো কোটাৰ পৰা ‘বিতাৰিত’ কৰা হৈছে নেকি?” “হয়, বহু সময়ত। যদি পৰিস্থিতি ভয়াৱহ হৈ পৰে আৰু পঢ়া-শুনাৰ পৰা কিছু সময় বিৰতি দিও কোনো লাভ নহয় আমি তেওঁলোকক ঘৰলৈ ঘূৰাই পঠিয়াও”। “তেনেহলে কোচিং ইনষ্টিটিউটবোৰে দায়িত্ব এৰাই চলিবলৈ চেষ্টা কৰিছে নেকি”? “চাওক মেডাম, কোচিং চেণ্টাৰ এটা শিক্ষাদানৰ বাবেহে, চিকিৎসাৰ বাবে নহয়। ই হস্পিতাল নহয়। আমি সকলো প্ৰচেষ্টা চলাওঁ কিন্তু পৰিস্থিতিৰ উন্নতি নহ’লে কি কৰিম? বহুত সময়ত মাক-দেউতাকসকলৰো ভুল। আমি তেখেতসকলৰ বাবেও প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰোঁ, কিন্তু বেছিভাগ অভিভাৱকে ঘৰলৈ উভতি যাবলৈ খৰখেদা লগায়। তেওঁলোকে মাত্ৰ নিজৰ সন্তানক ইয়াত ভৰ্তি কৰি গুচি যায়”-ডাঃ শৰ্মাই অভিযোগ আনে।
আধা ঘণ্টাৰ বৈঠকত ডাঃ হৰিশ শৰ্মাই মোক মগজুৰ গঠন দেখুৱায় আৰু তেওঁৰ ষ্টেচনড্ কাউন্সেলাৰসকলক প্ৰশংসা কৰে কিন্তু জীয়া প্ৰশ্নসমূহৰ পৰা আঁতৰি থাকে। আমি কোনো তথ্য-পাতিৰ কথা নাপাতো, সেয়া তেওঁৰ বিশেষজ্ঞতাৰ ডমেইন নহয়। যিসকল ছাত্ৰ-ছাত্ৰীক ‘কাম নাই বা কাম শেষ’ বুলি ঘূৰাই পঠিওৱা বুলি কোৱা হৈছিল তেওঁলোকৰ কথাও তেওঁ একো উল্লেখ নকৰে। বাহিৰলৈ ওলাই আহোঁতে বহুতো ছাত্ৰ-ছাত্ৰীক দুপৰীয়াৰ জুইৰ দৰে ৰ’দত খোজ কাঢ়ি ফুৰা দেখা পাওঁ—একে ধৰণৰ টি-চাৰ্ট পিন্ধি, একেধৰণৰ বেগ আৰু ছাতি লৈ ঘূৰি ফুৰিছে। প্ৰতিখন মুখত একেই নিস্তেজতা। সকলোৱে খৰখেদাকৈ খোজ কাঢ়িছে—এনে ভাৱ হয় যেন মনত সকলোৰে একেটা ভয়—“মই পিছ পৰি থাকিব নোৱাৰোঁ”। কোটাত মই এটা অদ্ভুত কথা আৱিষ্কাৰ কৰোঁ— ইয়াৰ হোষ্টেলবোৰত কেৱল এজনীয়া কোঠা আছে, আন ছাত্ৰ বা ছাত্ৰীৰ সৈতে শ্বেয়াৰ কৰিব দিয়া নহয়। কিন্তু, কিয়? এই প্ৰশ্নটো সোধাত লেণ্ডমাৰ্ক চিটি হোষ্টেল এছ’চিয়েশ্যনৰ মুৰব্বী ভগৱান বিৰলাই কয়, “দুগৰাকী বায়েক-ভনীয়েকো ইয়াত একেলগে থাকিব নোৱাৰে। প্ৰথমতে আহি শ্বেয়াৰ ৰুমৰ দাবী কৰে কিন্তু সেইটো এমাহ নৌহওঁতেই সলনি কৰে। গতিকে আমি এজনীয়া কোঠা বনাবলৈ আৰম্ভ কৰিছোঁ। যেতিয়া আমি টুইন-শ্বেয়াৰিঙৰ বাবে কেইটামান কোঠা ৰাখিছিলোঁ সেইবোৰ খালী হৈ পৰি আছিল”। অজানিতে এই চহৰখনে শিক্ষাৰ্থীসকলক নিসংগতাৰ প্ৰশিক্ষণ দিয়ে। ঘৰ এৰি ইয়াত থাকি পঢ়া-শুনা কৰা কুমলীয়া মনবোৰক শিকাইছে যে চৌপাশৰ ছাত্ৰ-ছাত্ৰীসকল বন্ধু নহয়, প্ৰতিযোগীহে। তেওঁলোকক পৰাস্ত কৰিব পাৰিলেহে নিজে জয়ী হ’ব পাৰিব।
প্ৰতিদিনে পাঠ গভীৰ আৰু গম্ভীৰ হৈ গৈ থাকে। সকলোবোৰ কথাই স্ক’ৰ আৰু ৰেংকিঙৰ সৈতে জড়িত। এই সকলোবোৰৰ মাজত কোন ছাত্ৰই কেইটা ক্লাছ ক্ষতি কৰিলে, কোনে ৰাতিৰ আহাৰ খাব নাপালে এইকথাবোৰৰ কোনেও গুৰুত্ব নিদিয়ে। দৰাচলতে কিছুমানৰ বাবে ই এটা ডাঙৰ সকাহ— “অ’, দৌৰৰ পৰা আৰু এজন বাহিৰ হ’ল”! সমগ্ৰ চহৰখনতে অসংখ্য ল’ৰা-ছোৱালীক লগ পাওঁ কিন্তু মাজ বাটতে বিদায় ল’বলগীয়াসকলৰ বাবে চিন্তা কৰিবলৈ কাৰো আজৰি নাই। সকলো যেন নিজৰ নিজৰ দৌৰত আবদ্ধ হৈ পৰিছে— কেৱল আগবাঢ়িছে মেচিনৰ দৰে। এজন ছাত্ৰই মোক কয়, “দুৰ্বল ছাত্ৰ এজনৰ সৈতে বন্ধুত্ব কৰিলে কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত হ’ব নোৱাৰোঁ, আনহাতে ভাল ছাত্ৰ এজনৰ লগত বন্ধুত্ব কৰি তেওঁৰ লগত তাল মিলাবলৈকো ভয় লাগে। ইয়ালৈ অহাৰ পিছত সেইবাবে মোৰ কোনো বন্ধু নাই। তাৰ ক্লান্ত কণ্ঠ শুনি এনে ভাব হয় যেন সি এইখিনি পাবলৈ বহুযোজন খোজ কাঢ়ি আহিছে। আত্মহত্যাৰ ঘটনা সংঘটিত হ’লেও অনেক ক্ষেত্ৰত তেনে চেষ্টা কৰা ছাত্ৰ বা ছাত্ৰীক বাচি অহা দেখা যায়। এইসকলে আনৰ “মন প্ৰদূষিত” কৰা অনুচিত। আত্মহত্যাৰ পৰা ৰক্ষা পোৱাসকলকো সেয়েহে কোনেও নিবিচাৰে আৰু খৰখেদাকৈ সিহঁতক ঘৰলৈ প্ৰেৰণ কৰা হয়। কোচিং চেণ্টাৰ আনকি আৰক্ষীয়েও আশংকা কৰে যে তেওঁলোকৰ জীৱন, সংগ্ৰাম বা মৃত্যুৰ প্ৰতি থকা নেতিবাচক চিন্তা ভাইৰাছৰ দৰে বিয়পিব পাৰে।
কেইসপ্তাহমানৰ আগতে কোটাত হেল্পলাইন নম্বৰৰ সৈতে এটা ছাত্ৰ কোষ স্থাপন কৰা হৈছিল। ছাত্ৰ-ছাত্ৰীসকলে ফোন কৰি নিজৰ সমস্যাসমূহ শ্বেয়াৰ কৰিব পাৰে আৰু দিনটোৰ যিকোনো সময়তে পৰামৰ্শদাতাসকলৰ সৈতে কথা পাতিব পাৰে। পোষ্টাৰবোৰ দেখিয়েই এই চহৰৰ জৰুৰীকালীন অৱস্থা বুজিব পাৰি। শিক্ষাৰ্থীৰ আত্মহত্যা দুই ডজন মান হ’লেও তেনে আত্মঘাতী হোৱাৰ চিন্তা হয়তো হাজাৰজনৰ মনত জীয়াই আছে। ছাত্ৰ কোষৰ দায়িত্বত আছে অতিৰিক্ত আৰক্ষী অধীক্ষক চন্দ্ৰশীল ঠাকুৰ। চমু মিটিঙ এখনত তেওঁৰ লগত বহি থাকোঁতে তেওঁৰ ফোনটো কেইবাবাৰো বাজি উঠে। ফোনত আছিল কান্দি থকা এগৰাকী ছোৱালী আৰু পঢ়া-শুনা এৰি স্থানীয় গুণ্ডাবোৰৰ লগত থাকিবলৈ আৰম্ভ কৰা ১৭ বছৰীয়া ল’ৰা এটা। ঠাকুৰে কয়, “ল’ৰাজন এতিয়া ছাত্ৰ নহয়, সি অপৰাধী হোৱাৰ দিশে আগবাঢ়িছে। গুৰুতৰ কিবা ঘটাৰ আগতেই আমি এনেধৰণৰ ব্যক্তিক চিনাক্ত কৰি ঘূৰাই পঠিয়াই দিওঁ। আমি প্ৰতি বছৰে প্ৰায় ২০০ৰ পৰা ৪০০টা এনে চেমনীয়াক চিনাক্ত কৰি ঘূৰাই পঠিয়াওঁ”, ঠাকুৰে কয়। আৰক্ষী বিষয়াগৰাকীয়ে পুনৰ কয়, “এই ছাত্ৰ-ছাত্ৰীসকলৰ বেছিভাগেই হেৰাই গৈছে; অনেকেই হতাশ হৈ পৰিছে। যদি আমি অনুভৱ কৰোঁ যে সিহঁত ঘৰৰ পৰা আঁতৰি থাকিব নোৱাৰে, আমি অভিভাৱকসকলক জড়িত কৰি সিহঁতক ঘূৰাই নিবলৈ কওঁ”।
কিন্তু তাৰ পিছত কি হয়? ওভতাই পঠোৱা এই ল’ৰা-ছোৱালীবোৰৰ কোনো ফ’ল’-আপ আছেনে? এই সন্দৰ্ভত বোধকৰো কাৰো হাতত কোনো তথ্য নাই। হয়তো সেইসকল আছিল চহৰখনত ভয় বিয়পোৱা “ভাইৰাছ”ৰ দৰে। এটা তিক্ত সুৰত হোষ্টেল এছ’চিয়েচনৰ ভগৱান বিৰলাই কয়, “এইটো নহয় যে ইয়ালৈ আহি চিৰদিনৰ বাবে কঠোৰ পৰিশ্ৰম কৰি থাকিব লাগিব। মাত্ৰ এবছৰ বা দুবছৰমান। তাৰ পিছত সকলো ঠিক-ঠাক হৈ পৰিব। কোনো ছাত্ৰই যদি এইখিনিও কৰিব নোৱাৰে তেনেহলে কোচিং চেণ্টাৰ, হোষ্টেল বা চহৰৰ দোষ নেকি”? তেওঁৰ এটা বৈধ যুক্তি আছে। ইয়াত কোনো কোচিং ইনষ্টিটিউট, হোষ্টেল বা চহৰৰ দোষ নাই। ভুলটো এইখিনিতেই যে সমগ্ৰ ব্যৱস্থাটো চেম্পিয়ন উৎপাদনত কেন্দ্ৰীভূত হৈ আছে। পিছ পৰি ৰোৱা ল’ৰা-ছোৱালীবোৰক কোনেও লক্ষ্য নকৰে বা সিহঁতক সোনকালে পাহৰি যোৱা যায়। লক্ষ্য কৰিলেও সিহঁতক দাগ বা কুখ্যাতিৰ ৰূপত চোৱা হয়। হয়তো অলপ সংবেদনশীলতা, অলপ কোমলতাই পৰিস্থিতি শুধৰোৱাত সহায় কৰিব পাৰে। কোটাত মোৰ সময় শেষ হৈ আহিছিল— হাতত আছিল মাত্ৰ এটা ঘণ্টা। মোৰ সন্মুখত বিভিন্ন কোচিং ইনষ্টিটিউটে লগোৱা সফল ছাত্ৰ-ছাত্ৰীৰ কেইবাখনো পোষ্টাৰ। বিজয়ৰ চিন আঙুলিৰে প্ৰদৰ্শন কৰি থকা বিভিন্ন ইউনিফৰ্মত অসংখ্য মুখ। এইবোৰেই জয়ী হৈছে। তেওঁলোকৰ আঁৰত আৰু বহুতো আছে যিসকল হাৰিছে, কিছুমানে আনকি নিজৰ প্ৰাণো হেৰুৱাইছে। উত্তৰ প্ৰদেশৰ পৰা ফোনত কথা পাতি কোটাত আত্মহত্যা কৰি মৃত্যু হোৱা এজন ছাত্ৰৰ মাতৃয়ে বিলাপ কৰি কয়, “যিটো ল’ৰাই সামান্য জ্বৰতে মোৰ নাম লৈ কেঁকাইছিল, সি নিজৰ প্ৰাণ ল’বলৈ ফাঁচ বান্ধোতে কিমান চাগে যন্ত্ৰণাত ভুগিছিল, ঐ! এই কোটাই মোৰ জীৱনটো ধ্বংস কৰি পেলালে”।