ৰিচাৰ্ড পি ফাইনমেন আৰু বিজ্ঞান শিকাৰ পদ্ধতি (নৱজোতি বড়া)
আজি কিছুদিনৰ আগতে কটন কলেজৰ পদাৰ্থবিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° পবনকুমাৰ চহৰীয়াদেৱৰ ‘আইনষ্টাইন ষ্টিফেন হকিং ঈশ্বৰ কণিকা ইত্যাদি’ গ্ৰন্থখন পঢ়িছিলোঁ। গ্ৰন্থখনত সন্নিৱিষ্ট ৰিচাৰ্ড পি ফাইনমেন নামৰ খ্যাতনামা পদাৰ্থবিজ্ঞানীজনে আগবঢ়োৱা মতামতসমূহে বিজ্ঞানৰ মূল্য আৰু ইয়াক শিকাৰ পদ্ধতি সম্পর্কে অনুপ্ৰেৰণা যোগায়। ড° চহৰীয়াদেৱৰ গ্ৰন্থখনৰ দ্বাৰা ফাইনমেন সম্পৰ্কে পঢ়ি লাভ কৰা অনুভৱবোৰ পাঠকৰ সৈতে ভাগবতৰা কৰিবলৈ এইবাবেই বিচাৰিছোঁ যে বিজ্ঞান অধ্যয়নৰ অপৰিহাৰ্যতাৰ কথা আমি স্বীকাৰ কৰিব লাগিব, লগতে তাক (বিজ্ঞান) শিকাৰ পদ্ধতিসমূহৰ সম্পর্কেও জ্ঞাত হ’ব লাগিব।
নিউইয়র্কৰ এটা ইহুদী পৰিয়ালত ১৯১৮ চনত জন্মগ্রহণ কৰা ফাইনমেনে ১৯৪১ চনত পদাৰ্থবিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকনল’জিত পদাৰ্থবিজ্ঞানৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰা ফাইনমেনে ১৯৫৫ চনত কোৱাণ্টাম পদাৰ্থবিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৬৫ চনত ন’বেল বঁটা লাভ কৰিছিল। আমেৰিকাৰ জাতীয় বিজ্ঞান শিক্ষক সংস্থাৰ শিক্ষকসকলৰ আগত তেওঁৰ মতে বিজ্ঞান কি— বিজ্ঞান কিদৰে শিকিব লাগে, সেই সন্দৰ্ভত প্ৰদান কৰা বক্তব্যৰ জৰিয়তে বিজ্ঞান অধ্যয়নৰ অপৰিহাৰ্যতা আৰু ইয়াৰ মূল্যৰ কথা বুজা যায়।
পোছাক প্ৰস্তুত কৰা কোম্পানীত কাম কৰা দেউতাকৰ ফাইনমেনক বিজ্ঞানী কৰাৰ আছিল প্ৰবল হাবিয়াস। তেওঁৰ দেউতাকে সৰুতে বননি এখনলৈ ফুৰাবলৈ লৈ গৈছিল আৰু তাত থকা চৰাই-চিৰিকটি, গছ-গছনিক ভালদৰে নিৰীক্ষণ কৰিবলৈ উৎসাহ দিছিল। এদিন তেওঁলোকে চৰাইয়ে গাৰ পাখিবোৰ ঠোঁটেৰে খুঁচৰি থকা কথাটোৰ সম্পর্কে আলোচনা কৰিছিল। চৰাইৰ পাখিবোৰ কোঁচ খাই অপৰিপাটি হৈ থাকে বাবে পোন কৰিবলৈ খুঁচৰি থাকে বুলি দেউতাকক তেওঁ কৈছিল। কেৱল পোন কৰিবলৈ খুঁচৰি নাথাকিবও পাৰে, বেলেগ কাৰণো থাকিব পাৰে। দেউতাকে চৰাইটোৰ গাত ওকণি থাকিব পাৰে অথবা পৰজীৱীয়ে বাহ লোৱাৰ বাবেও ঠোঁটেৰে খুঁচৰি থাকিব পৰাৰ সম্ভাৱনীয়তাৰ কথা কৈছিল। আমাৰ কল্পনাৰ দ্বাৰাই সত্য আমি অনুধাৱন কৰিব নোৱাৰোঁ। যিকোনো এটা ঘটনা নিৰীক্ষণৰ দ্বাৰা আমি উপনীত হোৱা সিদ্ধান্তসমূহ সত্য নহ’বও পাৰে, সামগ্রিক প্ৰক্ৰিয়াটোৰ দ্বাৰা আহৰণ কৰা কথাবিলাক জীৱনৰ বহুমূলীয়া সম্পদ হিচাপে গণ্য হ’ব পাৰে। এই উদাহৰণটোৰ দ্বাৰা ফাইনমেনক তেওঁ তাকে শিকাবৰ বাবে যত্ন কৰিছিল।
ফাইনমেনে বিশ্বাস কৰিছিল বিজ্ঞান মানে হৈছে অধ্যৱসায়েৰে কৰা নিৰীক্ষণ। ধৈৰ্যৰে কৰা অধ্যৱসায়-নিৰীক্ষণ কেতিয়াও অথলে নাযায়। সেই বিশ্বাস ল’ৰা-ছোৱালীক, ছাত্ৰ ছাত্ৰীক সৰুৰে পৰাই শিকাব লাগে। ঘণ্টাৰ পাছত ঘণ্টা, দিনৰ পাছত দিন ব্যৰ্থ হৈ থাকিলেও এদিন সফলতাই আহি ধৰা দিয়ে। ফাইনমেনে সৰুতে পোৱা সেই শিক্ষা, অধ্যৱসায়েৰে কৰা নিৰীক্ষণৰ ফল যে এদিন পোৱা যায় বুলি সৰুতে গঢ় লোৱা বিশ্বাসৰ ফলত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল।
পূৰ্বৰ প্ৰজন্মই দিয়া শিক্ষাবোৰক নিজৰ অভিজ্ঞতা, পৰীক্ষা-নিৰীক্ষণ ইত্যাদিৰ দ্বাৰা সত্যাসত্য বিচাৰ কৰাটোৱেই হৈছে বিজ্ঞান। আমি যেনেকৈ নীতি শিক্ষাৰ পাঠ আওৰাই থাকোঁ, ঠিক তেনেকৈ আমাৰ জীৱনৰ কাৰণে মানৱ-জাতিৰ ভৱিষ্যতৰ বাবে তথা পৃথিৱীখনক সুন্দৰকৈ চাবৰ বাবে সকলোকে বিজ্ঞানৰ মূল্য, বিজ্ঞান অধ্যয়নৰ অপৰিহাৰ্যতাৰ কথা সোঁৱৰাযই থকা আৱশ্যক।