অনুবাদকবিতা

তোমাৰ ফাইলত গাঁৱৰ বতৰ একেবাৰে গোলাপী   (মূলঃ আদম গণ্ডৱী;  অনুবাদঃ বিতোপন গগৈ)

তোমাৰ ফাইলত গাঁৱৰ বতৰ একেবাৰে গোলাপী
কিন্তু এইবোৰ তথ্য ভুৱা এই দাবী মাত্ৰ কাগজী

সিফালে ঢোল পিটি আছে তেওঁ গণতন্ত্ৰৰ
এইফালে পৰ্দাৰ আঁৰত কাৰবাৰবোৰ বৰ্বৰ নবাবী

ধনী আৰু দুখীয়াক ইয়াত দেখাত সমান যেন লাগে
পুঁজিবাদৰ ভেটিটোৰ প্ৰাথমিক দোষটো এইটোৱে

তোমাৰ টেবুলখন ৰূপৰ মদৰ গিলাচটো সোণৰ
ইয়াত কাপটো আজিও ভগা মুকুতাৰ ঘৰৰ।

Print Friendly, PDF & Email

One thought on “তোমাৰ ফাইলত গাঁৱৰ বতৰ একেবাৰে গোলাপী   (মূলঃ আদম গণ্ডৱী;  অনুবাদঃ বিতোপন গগৈ)

  • Jnanashree Saikia

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *