অনুবাদকবিতা

কিবা এটা জ্বলিছে (মূলঃ নবাৰুণ ভট্টাচাৰ্য ; ভাবানুবাদঃ মুনমুন সৰকাৰ)

কিবা এটা জ্বলিছে
কিহবাৰ আঁৰত, বেৰত, চুলিৰ মাজত, শ্মশানত
কিবা এটা জ্বলিছেই
মই ধোঁৱাৰ গোন্ধ পাইছোঁ
কোনোবাই বিড়ি এবাৰ হুপিছে
কোনোবাই হাউলি ফুৱাইছে কেঁচা খৰি
কোনোবাই কাৰোবাক তুলি দিছে চিতাৰ জুইত
সন্নিপাত জ্বৰত মৰি যোৱা শীৰ্ণকায় শিশু
জুইয়ে পোৰা চৰাইটো মাটিত লুটি খাই পৰিছে
কৰোবাত গেছৰ চিলিণ্ডাৰ ফুটিছে
কৰোবাত কয়লাৰ খনিত, ফটকাৰ কাৰখানাত জুই
কিবা এটা জ্বলিছে
চাৰিও চুকলৈ জুই বিয়পিছে
টোপনিৰ জালত জ্বলন্ত আঠুৱা পুৰি তললৈ সৰি পৰিছে
কিবা এটা জ্বলিছে
কিবা এটা পুৰিছে
কিবা এটা জ্বলিছে
ক্ষুধাৰ তীব্ৰ জ্বালাত
পুৰিছে নাড়ী, পুৰিছে অন্ত্ৰ
প্ৰেমত পুৰিছে যুবক
পুৰিছে শৰীৰ, তুহগুৰি
ভালপোৱাত পুৰিছে উঠি অহা ডেকাসকল
পুৰিছে গা‌, তুহগুৰি, মবিলত তিতি থকা কপাহৰ টুকুৰা
কিবা এটা জ্বলিছেই
কিবা এটা পুৰিছেই
জুইৰ ফিৰিঙতি আহি গাত লাগিছে
ঘৰ দুৱাৰ, মূল্যবোধ, বেৰত আঁৰি থোৱা বিশাল ছবি
প্ৰতিশ্ৰুতি, টেলিভিছন, দুষ্প্ৰাপ্য কিতাপ
কিবা এটা পুৰিছে
মই খুচৰি খুচৰি চাইছোঁ কি পুৰিছে
কিবা এটা জ্বলিছে
কিবা এটা পুৰিছে
জুইয়ে পোৰা হাতত পানীজোলা বান্ধিছে
কিবা এটা পুৰিছে, দপদপাই জ্বলিছে জুই
নিশব্দে পুৰিছে, মুখ বন্ধ কৰি পুৰিছে
উমি উমি জ্বলি আছে জুই একুৰা।
ধুমুহা আহিলে জুইকুৰা দপদপাই জ্বলি উঠিব
দমকলৰ গাড়ী, নাভিকুণ্ডল, সূৰ্য
প্ৰকাশ্যে, চকুৰ আগত
মানুহৰ মাজত
স্বদেশ!

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *