সদগুৰু নে ঠগগুৰু, বিজ্ঞান নে অপবিজ্ঞান-(ভাৰ্গৱ বৰঠাকুৰ)
’কা’-বিৰোধী আন্দোলনটো তীব্ৰতৰ হৈ থকাৰ মুহূৰ্ততে প্ৰধানমন্ত্ৰী মোডীয়ে সদগুৰুৰ ’কা’-সমৰ্থনকাৰী ভিডিঅ’ এটা ছ’চিয়েল মিডিয়াত এৰি দিয়াৰ কথা হয়তো বহুতৰে মনত আছে৷ এজন আধ্যাত্মিক গুৰু কিমান জনপ্ৰিয় হ’লে তেওঁৰ মন্তব্যৰে ৰাইজৰ ৰাজনৈতিক সমৰ্থন আদায় কৰিবলৈ খোদ প্ৰধানমন্ত্ৰীৰ দৰে ব্যক্তিয়ে এনে চেষ্টা চলাব পাৰে! এনেধৰণৰ গুৰুবোৰ কিয় ইমান জনপ্ৰিয়? এই আধ্যাত্মিক গুৰু (Spritual guru)সকলৰ বিষয়ে আলোচনা কৰাৰ আগত ’অধ্যাত্মবাদ’ সম্পৰ্কে চমুকৈ জানি থোৱা ভাল হ’ব৷ বস্তুবাদী যুক্তিবাদ আৰু অধ্যাত্মবাদ—এই দুই বিপৰীত ‘বাদ’ৰ দ্বন্দ্ব দৰ্শনৰ ইতিহাসত পোৱা যায়৷ বাস্তৱত আমি দেখি থকা জগতখনেই কিছুমান দাৰ্শনিকৰ বাবে নিছক মায়া৷ এচাম আধুনিক দাৰ্শনিকে নামকৰণ কৰা “Simulation hypothesis“অৰ ধৰণাবোৰো ঠিক একেধৰণৰ৷ ’অধ্যাত্মবাদ’ত এটা বয়সৰ পাছত লোভ-ভোগ-বাসনা পৰিত্যাগ কৰি ’আধ্যাত্মিক চিন্তা’ কৰিলেহে মানুহৰ উপকাৰ হয় বুলি এটা ধাৰণা দিয়া হয়৷ ‘অধ্যাত্ম’ শব্দটোৰ অৰ্থবোৰ এনেধৰণৰ—আত্মাক অধিকাৰ কৰি থকা, আত্মা বিষয়ক, পৰমাত্মা সম্পৰ্কীয় ইত্যাদি৷ অধ্যাত্মবাদৰ মূল হ’ল আত্মাৰ অস্তিত্ব৷ ড° খৰ্গেশ্বৰ ভূঞাদেৱে তেওঁৰ “বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে ধৰ্ম, আত্মা আৰু জন্মান্তৰবাদ” শীৰ্ষক গ্ৰন্থখনত কৈছে—“…আত্মাৰ তিনিটা চৰ্ত লৈ সৃষ্টি হৈছে অধ্যাত্মবাদ৷ এই তিনিটা চৰ্ত হ’ল—১) আত্মাৰ অমৰত্বত বিশ্বাস ২)পৰম পিতা বা পৰমাত্মাত বিশ্বাস আৰু ৩) পৰলোকত বিশ্বাস…৷ ” সাতে-পাঁচে মিলি আত্মা, পৰমাত্মাৰ কান্ধত উঠিয়েই আহিল স্বৰ্গ-নৰকৰ ধাৰণা৷ প্ৰায়বোৰ প্ৰাতিষ্ঠানিক ধৰ্মতেই অধ্যাত্মবাদৰ কথা আছে৷ আৰু এই অধ্যাত্মবাদৰ প্ৰবক্তা হিচাপেই জীৱিকা আৰম্ভ কৰিছে বহু ‘আধ্যাত্মিক গুৰু’ৱে৷
ভাৰতীয় মাৰ্কেটত ধৰ্মগুৰু, বাবাজী, মাতাজী ইত্যাদি ধৰণৰ স্বয়ম্ভূ ঈশ্বৰপুৰুষৰ চাহিদা বহুত বেছি৷ ৰাজনৈতিক, অৰাজনৈতিক বিষয়ৰ পৰা অপবিজ্ঞানৰ জনপ্ৰিয়কৰণতো এইসকলৰ অৱদান সৰ্বাধিক৷ এই সম্পৰ্কে বিশিষ্ট বিজ্ঞানী তথা বিজ্ঞানমনস্কতা আন্দোলনৰ অন্যতম বাৰ্তাবাহক পুষ্প এম ভাৰ্গৱে ’Angels, devil and science’ নামৰ গ্ৰন্থখনৰ এঠাইত কৈছে –“প্ৰকৃততে মানৱ সভ্যতাৰ ইতিহাসত সদায়ে কিছুমান মানুহে নিজকে অলৌকিক শক্তিৰ অধিকাৰী বুলি দাবী কৰি আহিছে আৰু এই শক্তিক বৈষয়িক উন্নতি, সন্তুষ্টি, ব্যক্তিগত অহংকাৰ, সন্মান আৰু প্ৰতিপত্তি লাভৰ বাবে জনগণৰ দুৰ্বল অংশৰ মাজত ব্যৱহাৰ কৰি আহিছে৷ কেৱল ভাৰতেই নহয়, বিশ্বৰ সকলো ঠাইতেই এইটো ঘটি আহিছে৷ অৱশ্য আন দেশৰ তুলনাত ভাৰতৰ ঈশ্বৰপুৰুষসকল বেছিকৈ মূৰ দাঙি উঠা যেন লাগে৷ এইটো সম্ভৱ হৈছে – এই ঈশ্বৰ পুৰুষসকলৰ আধুনিক জনসম্পৰ্ক ৰক্ষাকাৰী পদ্ধতিসমূহ ব্যৱহাৰ কৰা কাৰণে৷ আংশিকভাৱে এইটোও এটা কাৰণ যে অলৌকিক সত্তাত বিশ্বাস স্থাপনৰ বাবে এক অন্তনিৰ্হিত ইচ্ছা পূৰ্বৰপৰাই দেশৰ জনগণৰ মাজত ৰৈ আছে আৰু ইয়াৰ কাৰণ হ’ল অজ্ঞতা আৰু সমাজত মানুহে পৰম্পৰা, ৰীতি-নীতি, দেশাচাৰ আৰু ধৰ্মীয় গোড়ামি খামোচ মাৰি থকা অৱস্থাটো৷ …ধৰ্ম, ধৰ্মীয় গোড়ামি, বিশ্বাস, ৰীতি-নীতি, পৰম্পৰা আৰু দেশাচাৰ আদিৰ নিৰ্দেশনাক নিঃচৰ্তভাৱে গ্ৰহণ কৰাৰ মাজেৰে অন্ধবিশ্বাস আৰু অলৌকিক শক্তিত পৰম বিশ্বাস স্থাপনেই খুব সম্ভৱ বিজ্ঞানমনস্কতা বিকাশত ডাঙৰ বাধা৷ আমাৰ দেশত বিজ্ঞানৰ প্ৰশিক্ষণ পোৱাসকলকে ধৰি উচ্চশিক্ষিতসকলো ইয়াৰ ব্যতিক্ৰম নহয়৷ উদাহৰণস্বৰূপে সত্য চাই বাবাৰ ভক্তসকলৰ মাজত বহুতো বিজ্ঞানী আৰু বুদ্ধিজীৱী দেখিবলৈ পোৱা যায়৷ তেওঁলোক স্পষ্টভাৱেই বিজ্ঞামনস্কতাশূন্য ব্যক্তি৷ আজিৰ তাৰিখত বিজ্ঞানমনস্কতাৰ অধিকাৰীজনকহে বিজ্ঞানী বা বুদ্ধিজীৱী বুলি বিবেচনা কৰা উচিত৷ …”
( অনুবাদ: ডা: জয়দেৱ শৰ্মা, সমীক্ষণ, অক্টোবৰ-ডিচেম্বৰ, ২০১৭)
গুৰু, বাবাজী, মাতাজী বুলি ক’লেই বহুতৰে মনত বিশেষ কিছুমান ছবি মনলৈ আহে৷ শুদ্ধ বগা অথবা গেৰুৱা কাপোৰ পৰিধান কৰা, কপালত দীঘলকৈ চন্দনৰ ফোঁটেৰে সজ্জিত কোনোবা ঐশ্বৰিক গুণসম্পন্ন মানুহ তথা খুব সৰল জীপন যাপন কৰা মানুহ৷ আচলতে তেনে নহয়৷ বাবা, গুৰু এইসকলে সদায়ে নিজক বিভিন্ন কৌশলেৰে সাধাৰণ মানুহতকৈ বেলেগ দেখাব বিচাৰে৷ ইয়াৰোউপৰি বিভিন্ন চমৎকাৰী কাৰুকাৰ্যৰে বুজাবলৈ চেষ্টা কৰে যে তেওঁলোকৰ ওচৰত এনে জ্ঞান আছে যি আন মানুহৰ ওচৰত নাই৷ যাৰদ্বাৰাই তেওঁবোৰে মানুহৰ সমস্যাবোৰৰ সমাধান দিব পাৰে৷ পুৰণি গুৰুবোৰে সাধাৰণতেই সৰল জীৱন যাপন কৰা দেখা গৈছিল, কিন্তু আধুনিক কালৰ গুৰুবোৰৰ ক্ষেত্ৰত তেনে দেখা নাযায়৷ সদগুৰু বোলাজনে বিদেশী কোম্পানীৰ দামী গাড়ী, হেলিকপ্টাৰ চলাই ঘূৰে৷ ঠিক সেইদৰে ৰাম ৰহিমেও বহু বিদেশী দামী গাড়ীত ফুৰিছিল৷ বলিউডী ফিল্মৰ হিৰ’ হিচাপেও দেখা পোৱা গৈছিল৷ এনে বহু বাবা, গুৰু আছে যি বহু কৌশলেৰে সাধাৰণ মানুহৰপৰা বহু ধন-সম্পত্তি ঘটি আছে৷ সেই ধনৰ কিছু অংশৰে নিজকে ‘ফিলানথ্ৰপিষ্ট’ (Philanthropist) হিচাপে প্ৰক্ষেপিত কৰিবলৈ বহু সামাজিক কামত অংশ লোৱাও দেখা যায়৷ তেওঁলোকে ভালদৰে জানে যে এনেবোৰ সামাজিক কাম-কাজে মানুহক আকৰ্ষিত কৰিব পাৰে তথা নতুন নতুন অনুৰাগী সৃষ্টিৰ ক্ষেত্ৰত সহায় কৰিব৷
এই বাবা, গুৰুবোৰৰ বহু অন্ধ অনুৰাগী থাকে যি কোনো যুক্তি-বিবেকৰে পৰিচালিত নহৈ, গুৰু/বাবাৰ সকলো কথা মানি লয় বা তেওঁলোকৰ বাবে যিকোনো কাম কৰি দিব পাৰে৷ ৰাম ৰহিমক পুলিচে ধৰাৰ সময়ত অন্ধ অনুৰাগীয়ে সৃষ্টি কৰা ভয়ানক পৰিস্থিতিৰ কথা চাগে সকলোৰে মনত আছে৷ যাৰ বাবে তেওঁক হেলিকপ্টাৰেৰে জে’ললৈ নিব লগা হৈছিল৷ গডমেনৰূপে পৰিচয় দিয়া ধৰ্মগুৰু ৰাম পাল জে’ললৈ যোৱাৰ সময়তো এনে কিছু ঘটনাৰ সূচনা হৈছিল৷ মানুহবোৰ এই গুৰুবোৰৰ ভক্ত হোৱাৰ আগতে আচলতে তেওঁলোকৰ জীৱনৰ পুৰণি অধ্যায়বোৰ জানি নলয় বা ভালদৰে জানিব নিবিচাৰে৷ বহু মানুহে গুৰুৰ বৰ্তমানৰ জনপ্ৰিয়তা দেখিয়ে তেওঁলোকৰ অনুৰাগী হৈ ৰয়৷ সদগুৰুৰৰ ক্ষেত্ৰতো তেনে বহু বিতৰ্কমূলক ঘটনা চৰ্চা হোৱা দেখা যায়৷ সদগুৰু বোলাজনৰ ওপৰত তেওঁৰ পত্নীৰ হত্যাৰ গোচৰ আছে, কিন্তু এই বিষয়ে তেওঁক যেতিয়া সোধা হয় তেওঁ বৰ অদ্ভূত কথাৰে মানুহক আভুৱা ভৰা দেখা যায়৷ সদগুৰুৰ মতে – তেওঁৰ ঘৈণীয়েক বোলে মৰা নাছিল, শৰীৰটোহে এৰি গৈছিল৷
আমাৰ সমাজৰ বাবে বেয়া দিন তেতিয়া আহে যেতিয়া অধিকাংশ মানুহেই এই গুৰুবোৰৰ সকলো কথাকে বিশ্বাসত লয়৷ কোনো এটা বিষয়ত মন্তব্য দিয়াৰ সাংবিধানিক অধিকাৰ সকলোৰে থাকে৷ কিন্তু সমস্যাটো তেতিয়া হয় যেতিয়া এই জনপ্ৰিয় (?) গুৰু/বাবাবোৰক ৰাজনীতি, অৰ্থনীতি, বিজ্ঞান আদি সকলো বিষয়তে মন্তব্য খোজা হয় আৰু তেওঁলোকৰ সকলো কথাকে বিশ্বাস কৰি প্ৰচাৰ কৰা আৰম্ভ কৰে৷ সদগুৰুক মানুহে এজন আধ্যাত্মিক গুৰু হিচাপেহে মানি লৈছে, তদুপৰি তেওঁৰ বিজ্ঞান, ৰাজনীতিৰ ওপৰত কোনো কাৰিকৰী জ্ঞান নাই অথবা এই বিষয়বোৰৰ তেওঁ কোনো বিশেষজ্ঞ নহয়৷ গতিকে এই বিষয়বোৰৰ ওপৰত তেওঁৰ মন্তব্যৰ আলোচনা কৰা যুক্তিযুক্ততা ক’ত? যেতিয়া দেশৰ প্ৰধান মন্ত্ৰীৰ দৰে ব্যক্তিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে সদগুৰুৰ মন্তব্য প্ৰচাৰ কৰি মানুহক প্ৰভাৱান্বিত কৰিব বিচাৰে, তাতকৈ আৰু দুৰ্ভাগ্যপূৰ্ণ কথা কি হ’ব পাৰে৷ ধৰা হ’ল X নামৰ ব্যক্তিজন এজন বিশ্ববিখ্যাত খেলুৱৈ, তেওঁৰ অনুৰাগীৰ সংখ্যাও বহু কোটি৷ কিন্তু সেইবুলি তেওঁ বিজ্ঞানৰ জটিল বিষয় বা অৰ্থনীতিৰ সম্পৰ্কত কৰা মন্তব্য যে সকলো শুদ্ধ হ’ব তেনে নহয়৷ নিশ্চয় তেওঁৰো এই বিষয়ে মত থাকিব পাৰে, কিন্তু তেওঁৰ যিহেতু এই বিষয়বোৰৰ ওপৰত কোনো ‘কাৰিকৰী জ্ঞান’ নাই, গতিকে এনেবোৰ বিষয়ত আলোচনা কৰোতে তথ্যসূত্ৰৰ উল্লেখ কৰাটো দৰকাৰ৷
সদগুৰুৰ দৰে মানুহবোৰে বিজ্ঞানক আন্তৰিকতাৰে গ্ৰহণ কৰিব নোখোজে৷ তেওঁলোকে অবৈজ্ঞানিক কথাৰে মানুহক ভাববাদী চিন্তাধাৰাৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা এটাত সদায়ে বৰ্তি থাকে৷ সদগুৰুৱে কিদৰে কিছুমান অপবিজ্ঞানৰ প্ৰচাৰ কৰি আছে তাৰ এটা উদাহৰণ লোৱা যাওক৷ সদগুৰুৱে কৈছিল, মানুহৰ মৃত্যুৰ পাছত বোলে দহ-এঘাৰ দিনলৈ হাতৰ নখ আৰু চুলি দীঘল হৈ থাকে৷ বিজ্ঞানৰ দৃষ্টিভংগীৰে সকলো কথা চিন্তা কৰিব নোখোজাসকলে হয়তো এই কথাটো সহজে মানি ল’ব আৰু সদগুৰুক এজন জ্ঞানীৰূপে সহজে মানি ল’ব৷ কিন্তু বিজ্ঞানৰ মতে কথাটো তেনে নহয়৷ আমি জানো যে মানুহৰ মৃত্যু হোৱা লগে লগে হৃদযন্ত্ৰটো বিকল হৈ পৰে যাৰ বাবে তেজ চলাচলো বন্ধ হৈ পৰে৷ তেজ চলাচল বন্ধ হোৱা মানে নখ, চুলিও দীঘল হ’ব নোৱাৰে৷ আচলতে মৃত্যুৰ লগে লগে দেহৰ বাকী অংশবোৰ ‘Dehydration’ৰ বাবে লাহে লাহে সৰু হৈ যোৱা যেন লাগে বাবেই নখ আৰু চুলিবোৰ তুলনামূলকভাৱে দীঘল দেখি৷ সদগুৰুৱে আন ধৰ্মগুৰু, আধ্যাত্মিক গুৰুৰ দৰেই চন্দ্ৰগ্ৰহণ/সূৰ্যগ্ৰহণৰ সময়ত খাদ্য গ্ৰহণ নকৰিবলৈ বিভিন্ন পৰামৰ্শ দিয়া দেখা যায়৷ সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণ এক মহাজাগতিক পৰিঘটনা৷ গ্ৰহণত আমাৰ স্বাভাৱিক জীৱনধাৰণক বাঘ্যাত জন্মোৱা, খোৱাৰ আহাৰত বৰবিহ সৃষ্টি কৰিব পৰা কোনোধৰণৰ ৰশ্মি নিৰ্গত নহয়৷ এয়া বিজ্ঞানৰ সত্য৷ গ্ৰহণ সম্পৰ্কত সৃষ্টি হোৱা অন্ধবিশ্বাসৰ বিৰুদ্ধে “নাছাই” ইতিমধ্যই স্পষ্টীকৰণ আগ বঢ়াইছে (আগ্ৰহীসকলে এই লিংকতগৈ পঢ়ি চাব পাৰে – https: //eclipse2017.nasa.gov/eclipse-misconceptions৷) গ্ৰহণ সম্পৰ্কত থকা ভ্ৰান্ত ধাৰণা বা অন্ধবিশ্বাসসমূহ দূৰ কৰিবলৈ দেশৰ বিভিন্ন ঠাইত বিজ্ঞানমনস্ক যুক্তিবাদী লোকসকলে বিভিন্ন প্ৰচেষ্টা আগ বঢ়াই আহিছে৷ বিজ্ঞানী তথা যুক্তবাদীসকলে গ্ৰহণৰ সময়ত “আহাৰ নোখোৱা”ৰ দৰে অযুক্তিৰ বিশ্বাসসমূহ দূৰ কৰিবৰ বাবে সমূহীয়া আহাৰ গ্ৰহণ কাৰ্যসূচীৰ আয়োজন কৰি গ্ৰহণত খোৱা আহাৰে যে একো অপকাৰ নকৰে তাৰ সজাগতা সৃষ্টি কৰি আহিছে৷ শেহতীয়াকৈ সদগুৰুৱে শিৱৰাত্ৰীক ধৰ্মীয় অনুষ্ঠানতকৈ মহাজাগতিক পৰিঘটনাৰ লগত ৰিজাবৰ চেষ্টা কৰিছিল৷ ইয়াৰ মূল উদ্দেশ্য হ’ল ধৰ্ম বা ধৰ্মীয় আচাৰ-আনুষ্ঠানক বৈজ্ঞানিক পৰিভাষাৰে মানুহৰ মাজত জনপ্ৰিয় কৰা৷ প্ৰায়বোৰ আধুনিক ধৰ্মগুৰুৱেই এইদৰে নিজ নিজ ধৰ্মক উচ্চ দেখাবলৈ ছদ্মবিজ্ঞানৰ (Pseudoscience) আশ্ৰয় লোৱা দেখা যায়৷ ভাবক, সেইচাম মানুহৰ বিজ্ঞানচেতনা কোন পৰ্যায়ৰ যি এনে এজন অপবিজ্ঞানৰ ধ্বজাবাহকক দেশৰ শীৰ্ষস্থানীয় শিক্ষানুষ্ঠানলৈ অতিথি বক্তাৰূপে আমন্ত্ৰণ কৰে!
সদগুৰুৰ দৰে আধুনিক গুৰুৰ প্ৰতি মানুহৰ ইমান আকৰ্ষণ কিয়? কেৱল এই ধৰ্মগুৰু, আধ্যাত্মিক গুৰুৱেই নহয়, আন ভাগ্য ব্যৱসায়ীসকলৰ প্ৰতিও মানুহ সহজে কিয় আকৰ্ষিত হয়? মনোবিজ্ঞানীসকলে ইয়াৰ কাৰণ হিচাপে ক’ব বিচাৰে –
1) To gain control over uncertainity.
2) To decrease feeling of helplessness.
3) people believe in superstitions to try to restore some prediction and control to their world.
তদুপৰি যান্ত্ৰিকতাৰ পৰা উৎপন্ন হোৱা মানসিক চাপে মানুহৰ এনেবোৰ আধ্যাত্মিক গুৰুৰ প্ৰতি আকৰ্ষণ বঢ়ায়৷ গুৰুৰ আকৰ্ষণীয় আধুনিক জনসম্পৰ্ক ৰক্ষাকাৰী পদ্ধতিসমূহ তথা আকৰ্ষণীয় বক্তৃতা অনুষ্ঠান ইয়াৰ অন্যতম প্ৰধান কাৰণ যাৰ বাবেই মানুহে এই গুৰুসকলৰ আকৰ্ষণীয় বক্তৃতাত কিছু মানসিক প্ৰশান্তি লাভ কৰাৰ লগতে সমস্যা সমাধানৰ বাট বিচাৰি যায়৷ তেওঁলোকৰ বক্তৃতাবোৰ যদি ভালদৰে শুনা যায়, দেখা যাব বক্তৃতাবোৰত বহু জটিল শব্দৰ ব্যৱহাৰ৷ যাৰ বাবেই সাধাৰণ মানুহে তেওঁলোকক বহু জ্ঞানীৰূপে ভাবি লয়৷ সদগুৰুৰ বক্তৃতাবোৰত সাধাৰণতে Inner engineering, cosmos, consiousnessঅৰ দৰে বহু জটিল শব্দৰ ব্যৱহাৰ দেখা যায়৷ এই ভক্তিৰ বাবেই বহু ৰাজনৈতিক নেতা, জনপ্ৰিয় তাৰকা, উচ্চশিক্ষিত ব্যক্তি এনে গুৰুসকলৰ ওচৰলৈ যায়৷ ৰাম ৰহিমৰ দৰে তথাকথিত গুৰুৰ ওচৰলৈও হাৰিয়ানা, পাঞ্জাবৰ বহু ৰাজনৈতিক নেতা ভোট বিচাৰি গৈছিল৷ যেতিয়া ৰাজনৈতিক বা আন কোনো জনপ্ৰিয় ব্যক্তি এই গুৰুসকলৰ ওচৰলৈ যায় তেওঁলোকৰ স্থান সমাজত বহু ওপৰলৈ উঠি যায় আৰু সমাজৰ সকলো বিষয়তে হস্তক্ষেপ কৰিবলৈ সুবিধা পায়৷ এই ধৰ্মগুৰুসকলে নিজেও স্থিতাৱস্থাৰ সমৰ্থনত তথা ৰাজনৈতিক নেতা-পালিনেতাৰ লগত সু-সম্পৰ্ক ৰাখি চলিব বিচাৰে, যাতে তেওঁলোকৰ বেপাৰত কোনো অসুবিধাৰ সৃষ্টি নহয়৷ সদগুৰু এজন হিন্দুত্ববাদ (হিন্দুত্ববাদ হৈছে ’এটা ৰাজনৈতিক এজেণ্ডা’)ৰ প্ৰবক্তা৷ বৰ্তমান সময়ত সদগুৰুৰ ৰাজনৈতিক বিষয়ত দিয়া বিভিন্ন মন্তব্যবোৰ ভালদৰে চালে বুজিব পাৰি তেওঁ যে আওপকীয়াকৈ হ’লেও ’হিন্দুত্ববাদী’ চৰকাখনৰ সপক্ষে মন্তব্য কৰি আছে৷ সদগুৰুব্য cow lynching, ৰাম মন্দিৰ, ৩৭০, এন আৰ চিৰ দৰে বহু স্পৰ্শকাতৰ ৰাজনৈতিক বিষয়বোৰত ’হিন্দুত্ববাদী’ চৰকাৰখনৰ হৈ বিজ্ঞাপন দিয়া যেনহে দেখা যায়৷ গতিকে সময় থাকোতেই মানুহে যগি ৱাচুদেৱৰ দৰে গুৰুবোৰ সদগুৰু নে ঠগগুৰু ইয়াৰ সঠিক উপলব্ধি কৰা উচিত৷