অনুবাদকবিতা

কাঁচৰ ঘৰ ।। মূল হিন্দী : দীপ্তি নৱল :: অনুবাদ : ৰীতিমালা

মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা

মোৰ চাৰিওফালে, এনে লাগে যেন
কাঁচৰ দেৱালেৰে ঘেৰা
বাহিৰত অলেখ মানুহ
যিসকলে মোক দেখে
কিন্তু নুশুনে
মোৰ কণ্ঠ তেওঁলোকৰ কাষ নাপায়গৈ
তেওঁলোকেও কিজানি কিবা কিবি কয়,
কোনে জানে!

কাঁচৰ মাজেৰে মই মাথোঁ চাব পাৰোঁ
অগণন মানুহৰ মুখে
বিভ্রান্ত দৃষ্টিৰে মোলৈ চাই থকা

মই ব্যগ্ৰ হৈ চিঞৰি উঠোঁ
তেওঁলোকে তাতকৈও জোৰে চিঞৰে
তাৰ পিছত হয়ৰাণ হৈ পৰে
ময়ো ভাগৰুৱা হৈ পৰোঁ

সম্ভৱতঃ কোনো এদিন
নিজে সজা এই কাঁচৰ দেৱাল
ভাগি চূর্ণ বিচূর্ণ কৰি পেলাম
আৰু সিঁচৰতি শুভ্ৰ টুকুৰাবোৰ গচকি
ওলাই যাম দূৰণিলৈ

য’ত মই কথা কম আৰু আকাশখনে শুনিব…

2 thoughts on “কাঁচৰ ঘৰ ।। মূল হিন্দী : দীপ্তি নৱল :: অনুবাদ : ৰীতিমালা

  • Debajit kalita

    ভাল অনুবাদ৷
    কিতাপ এখনৰ কাম কৰিব পৰা হৈছে৷

    Reply
    • Ritimala Bhagabati

      অলেখ ধন্যবাদ। কিতাপৰ কথাটো ভাবিম☺️

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *