অসমৰ উচ্ছেদৰ ৰাজনৈতিক-অৰ্থনীতি ।। শঙ্কৰ শইকীয়া
মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা
যোৱা প্ৰায় চাৰে চাৰি বছৰ ধৰি অসমত বুলডজাৰৰ আতংকেৰে যেনেদৰে উচ্ছেদ অভিযান চলি আছে সেই অভিযানত বহুতে উৎফুল্লিত হোৱাৰ সময়ত সততে এটা প্ৰশ্ন উত্থাপন হৈছে, – আপুনি এই বুলডজাৰ অভিযানেৰে কৰা উচ্ছেদক সমৰ্থন কৰে নে নকৰে: কিন্তু উচ্ছেদৰ বিষয়টোটোত থাওকতে সমৰ্থন কৰোঁ বা নকৰোৰে উত্তৰ দিব পৰা প্ৰশ্ন এইটো নহয়! কাৰণ, দ্বিতীয় প্ৰশ্ন এটাও প্ৰথমটোৰ লগতে সন্মুখলৈ আহে প্ৰশ্নটো হ’ল, কিয় সমৰ্থন কৰে বা কিয় নকৰে? দেখা গৈছে, ইয়াতো দুটা শিবিৰ আমি প্ৰত্যক্ষ কৰিছোঁ। এটা বুলডজাৰ আতংকেৰে উচ্ছেদ কৰা শাসকৰ সমৰ্থকসকল আৰু আনটো উচ্ছেদে কাৰ স্বাৰ্থ সুৰক্ষিত কৰিব বুলি প্ৰশ্ন কৰোঁতাসকল। লগতে এই প্ৰশ্নটোও আহিব, এই উচ্ছেদ বিদেশী বহিস্কাৰৰ বাবে নে উচ্ছেদৰ পিছত মুকলি কৰা ভূমি ভাৰতৰ বৃহৎ পুঁজিৰ গৰাকী আৰু জনবিৰোধী শাসকৰ হাতলৈ হস্তান্তৰ নে জনকল্যাণৰ হকে ব্যৱহাৰ কৰিব?
এইখিনিতে দিনৰ পোহৰৰ দৰে এটা কথা পৰিস্কাৰ হৈ আছে যে বৰ্তমানৰ অসম আৰু কেন্দ্ৰৰ শাসকীয় দল পোনপটীয়াকৈ লেমটৌ পুঁজিবাদ (Crony Capitalism)-ৰ (কোনো কোনো অৰ্থনৈতিক বিশ্লেষকে ইয়াক ধান্দাৰ পুঁজিবাদ বুলিও কৈছে) সেৱকহে মাথোন! এতেকে, বৰ্তমানৰ শাসকীয় দলৰ প্ৰতিটো কামকাজ এই লেমটৌ বা ধান্দাৰ পুঁজিবাদৰ স্বাৰ্থতহে যে কৰিছে তাৰ প্ৰমাণ আমি এই বুলডজাৰ আতংকেৰে কৰা উচ্ছেদ অভিযানৰ ৰাজনৈতিক-অৰ্থনীতিলৈ চালেই ওলাই পৰিব। সেইপিনৰ পৰা উচ্ছেদৰ বিষয়টোত আমাৰ স্পষ্ট অভিমত হ’ল, বিধিসংগত উচ্ছেদ সমৰ্থন নকৰাৰ প্ৰশ্নই নুঠে। কিন্তু সি হ’ব লাগিব সম্পূৰ্ণ আইনী পদ্ধতিৰে, ন্যায়ালয়ৰ সকলো বিধিনিষেধ আৰু অনুমোদন সাপেক্ষে! উচ্ছেদ কৰা মাটি থাকিব লাগিব ৰাজ্যৰ হাতত, ৰাজ্যৰ স্বাৰ্থত, জনকল্যাণৰ হকে!
বুলডজাৰ আতংকেৰে কৰা উচ্ছেদ অভিযানৰ ৰাজনীতি : যোৱা প্ৰায় চাৰে চাৰি বছৰ ধৰি বিভিন্ন ঠাইত কৰা উচ্ছেদ অভিযানক চৰকাৰে (১) অবৈধ অনুপ্ৰৱেশকাৰী উচ্ছেদ, (২) বাংলাদেশী উচ্ছেদ, (৩) মুছলমান উচ্ছেদ হিচাপে প্ৰতিপন্ন কৰিব বিচাৰিছে! ইয়াৰ জৰিয়তে ধৰ্মীয় মেৰুকৰণৰ দ্বাৰা প্ৰভাৱিত অসমীয়া মধ্যবিত্তই আশ্বস্ত হোৱাৰ সমল বিচাৰি পাইছে যে এইবাৰ শেনৰ এজাত। সুদীৰ্ঘ দিন সমাধান নোহোৱা বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰ আগবাঢ়িছে। এই চৰকাৰে ধৰি ধৰি খেদিব !
সেইদৰে, চৰকাৰ আশ্বস্ত হৈছে যে উল্লিখিত তিনিটা আবেগেৰে ধৰ্মীয় মেৰুকৰণ সফল কৰি ২০২৬ চনত মুছলমান বিৰোধী হিন্দুৰ একত্ৰিত ভোটেৰে দিছপুৰৰ ক্ষমতা দখল কৰিব পৰা যাব। কিন্তু, যি তিনিটা বাগধাৰাৰে উচ্ছেদ অভিযান সংবিধান আৰু ন্যায় ব্যৱস্থাৰ সকলো বিধি-বিধান উলংঘা কৰি আগবাঢ়িলে সেইটো কিন্তু সময়ত বুমেৰাং হোৱা পৰিলক্ষিত হ’ল। আৰম্ভণিতে গৰুখুটি-ধলপুৰ আদি ঠাইত উচ্ছেদ অভিযান চলালে। উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰাতেই ক্ষান্ত নথাকি উচ্ছেদৰ সমৰ্থক তথা সাংবাদিকে মৃতকৰ দেহৰ ওপৰতো জঁপিয়াবলৈ সামান্যতমো কুণ্ঠাবোধ নকৰিলে! কিন্তু, সেই উচ্ছেদিতসকলৰ মাজত বিদেশী বাংলাদেশী ওলোৱা কোনো খবৰ নোলাল। বিপৰীতে, উচ্ছেদিতসকলক চৰকাৰে পুনৰ্সংস্থাপন কৰিলে! অৰ্থাৎ, স্থায়ী ভোটাৰ হ’ল বুলিও বহুতে অভিযোগ কৰিলে! অৰ্থাৎ বাংলাদেশী অভিধাৰে উচ্ছেদ আৰু সংস্থাপন দুয়োটাই কৰি (উচ্ছেদৰ)ভয় আৰু(সংস্থাপনৰ) সহানুভূতি দুয়োটাই আদায় কৰিলে! এতেকে ভোটকেইটা নিশ্চিত হ’ল!
এইষাৰ কথা সকলো চিন্তাশীল ব্যক্তিয়ে প্ৰশ্ন কৰিছে যে, যদি উচ্ছেদ কৰা মানুহখিনি বিদেশী বাংলাদেশী হয় তেনেহ’লে লগে লগে প্ৰশ্ন আহিব (১) অসম চুক্তি ১৯৭১-ৰ পিছত কেনেদৰে মানুহখিনি সোমাল? সীমান্ত নিৰাপত্তা বাহিনীয়ে কি কৰিছিল? (২) যদি উচ্ছেদ কৰা মানুহখিনি বিদেশী বাংলাদেশীয়েই হয়, তেওঁলোকক কিয় বহিস্কাৰ নকৰি সংস্থাপন দিয়া হ’ল! (৩) বাংলাদেশৰ সৈতে বিদেশী প্ৰত্যাৰ্পন চুক্তি কৰা হ’লনে? যদি নহ’ল, কিয় নহ’ল? ইত্যাদি। আনকি এনে প্ৰশ্নও উত্থাপন হৈছে,- যিবোৰ মাটিৰ পৰা উচ্ছেদ কৰা হৈছে সেই সকলো সংৰক্ষিত বনাঞ্চল হয় নে ? শাসকীয় দলৰ নিৰ্বাচনী ঘোষণা পত্ৰত উল্লেখ কৰা প্ৰতিশ্ৰুতি অনুসৰি ভূমিহীনক ভূমি আৰু পট্টাহীনক পট্টা দিয়া হ’ল নে? এনে অলেখ প্ৰশ্ন উচ্ছেদৰ বিষয়টোৰ লগত জড়িত হৈ আছে!
ইতিমধ্যেই আমি উল্লেখ কৰিছোঁ যে, এই উচ্ছেদৰ জৰিয়তে যিটো ধাৰণা দিবলৈ যত্ন কৰা হৈছে, সেইটো হ’ল— উচ্ছেদিত সকল বাংলাদেশী, এতেকে বিদেশী! এনেদৰে সৰ্বসাধাৰণ ৰাইজৰ মনত এনে ধাৰণা দিবলৈ যত্ন কৰা হৈছে যে চৰকাৰে আপোচহীনভাবে এপিনৰ পৰা বিদেশী বাংলাদেশী সৰ্বোপৰি মুছলমান খেদিছে! [হাস্যকৰ কথা যে কেইদিনমানৰ আগেয়ে কেইজনমানক বাংলাদেশ সীমান্তত গতিয়াই থৈ আহিছিল (?) (push back) শুনা গ’ল পুনৰ ওভতাই ৰাখিব লগীয়া হ’ল!] বাস্তৱিকতে সেই কথাষাৰ সঁচা নহয়!
গুৱাহাটীৰ শিলসাঁকোৰ উচ্ছেদিতসকল বিদেশীও নহয়, বাংলাদেশীও নহয়। সকলো খিলঞ্জীয়া। মিকিৰ বামুণী গাঁও, পলাশবাৰী, বৰদুৱাৰ, কাৰ্বি আংলং, উকিয়ামৰ কুলসী এইসকল তো বিদেশী নহয়, মুছলমানো নহয়’, খিলঞ্জীয়া! আনকি, গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ কাষত সত্ৰ-কেন্দ্ৰীক কৈটাসিদ্ধি গাঁৱতো উচ্ছেদৰ জাননী দিছিল! য’ত ১৮০৫ চনত প্ৰতিষ্ঠা কৰা কৈটাসিদ্ধি সত্ৰ আছে। সেইসকলৰ এজনো মুছলমান নহয়। শেহতীয়াকৈ ৰামচৰণীমৌজাৰ গড়লগাৱঁৰ১০৫ জন খিলঞ্জীয়া ব্যক্তিৰ নামত বিমানবন্দৰ উন্নয়নৰ নামত৭০ বিঘা ১৬ লেচা মাটি অধিগ্ৰহণৰ জাননী দিছে। দুই চাৰিজন বাদ দি এইসকল লোকৰ উপাধি শৰ্মা , ঠাকুৰীয়া, দাস, ডেকা , কলিতা ইত্যাদি। সেয়েহে কেৱল ধৰ্মীয় আবেগৰ ট্ৰাম্প কাৰ্ডখনেৰে ভোট বেংকৰ স্থায়ী ব্যৱস্থাৰ অপকৌশল বুলি এই উচ্ছেদ অধিগ্ৰহণ আদি চৰ্চিত হৈছে ! আনহাতে , প্ৰচাৰ চলোৱা হৈছে যে মুছলমান উচ্ছেদ কৰিছে কিন্তু বাস্তৱিকতে সৰহসংখ্যক খিলঞ্জীয়া জনগোষ্ঠী লোকক উচ্ছেদ কৰিছে ! তথ্যই দেখুৱাইছে — মুঠ উচ্ছেদ কৰা ৫৫,০০০ বিঘা মাটিৰ ৬,০০০ বিঘাতহে মুছলমান বসতি প্ৰধান অঞ্চল বাকী খিলঞ্জীয়া জনজাতীয় -আদিবাসী লোকৰ ভুমি উচ্ছেদ কৰিছে ৪৯,০০০ বিঘা । সেইদৰে , উচ্ছেদিত অঞ্চলসমূহৰ জনবিন্যাসলৈ চালেই মিছা প্ৰচাৰৰ স্বৰূপ ওলাই পৰে। মিকিৰ-বামুণীগাঁৱত কাৰ্বি জনগোষ্ঠী আৰু আদিবাসী, পৰ্বতঝোৰাত বড়ো জনগোষ্ঠী, কাৰ্বি-আংলঙত কাৰ্বি, নগা জনগোষ্ঠী আৰু আদিবাসী, লাইকা দধিয়াত মিচিং জনগোষ্ঠী , আমচাঙত বড়ো, কাৰ্বি আৰু মিচিং জনগোষ্ঠী, প্ৰস্তাৱিত বৰদুৱাৰ টাউনশ্বিপ অঞ্চলত ৰাভা, গাৰো, বড়ো জনগোষ্ঠীৰ লগতে আদিবাসী, ডিমা হাচাওত কাৰ্বি আৰু ডিমাচা , চাপৰত মুছলমানৰ লগতে হিন্দু জনসংখ্যাও আছে । দেখা গৈছে, যে যি প্ৰচাৰ চলোৱা হৈছে সেয়া সঁচা নহয় বৰং ই খিলঞ্জীয়া জনগোষ্ঠীক উচ্ছেদ কৰাৰহে গভীৰ অভিসন্ধি বাকীবোৰ কোৱা কথা !
উচ্ছেদৰ অৰ্থনীতি : ভাৰতৰ ভূ-তাত্বিক গৱেষণাৰ তথ্য প্ৰকাশ পোৱাৰ পিছত এইটো আৰু লুকাই থকা নাই যে কাৰ্বি আংলঙত পৰ্যাপ্ত পৰিমাণৰ দুৰ্লভ খনিজ লৱন, ডিমা হাচাওত চূণশিল , নগাঁৱৰ কলিয়াবৰত চিলিকা, ধুবুৰীত লো-ৰ আকৰৰ ওপৰিও গ্ৰেফাইট, ভেনাডিয়াম, লিথিয়াম, ক’বাল্ট, বেটাৰী আৰু অৰ্দ্ধ-পৰিবাহী নিৰ্মাণত সহায়ক হোৱা খনিজ পদাৰ্থৰ সন্ধান পোৱা গৈছে! এই কথা এতিয়া মানুহৰ মুখে মুখে যে ইতিমধ্যে আদানী আৰু আম্বানীৰ হাতত উচ্ছেদ কৰা বহু ভূমি হস্তান্তৰ কৰা হৈছে! ইয়াতো প্ৰশ্ন উত্থাপন হ’ব যে অসমৰ মানুহে অসমৰ অৰ্থনৈতিক বিকাশৰ বাবে উদ্যোগ নিবিচাৰে নেকি? আমি স্পষ্ট কৰি দিব বিচাৰোঁ যে উদ্যোগ অসমে নিশ্চয় বিচাৰে , অসমৰ অৰ্থনৈতিক উন্নতিও বিচাৰে।কিন্তু ব্যক্তিগত খণ্ডত নহয় ৰাজহুৱা খণ্ডত বিচাৰে! সম্পদ অসমৰ, লাভবান অসম হ’ব লাগে। অসমৰ সম্পদেৰে ব্যক্তিগত পুঁজিপতি আৰু এচাম উচ্চবিত্ত মন্ত্ৰী-বিধায়ক লাভবান হোৱাটো অসমে নিবিচাৰে।
এনে ক্ষেত্ৰত আমি যদি প্ৰকৃততে উচ্ছেদৰ ৰাজনৈতিক-অৰ্থনীতি অনুধাৱন কৰিব নোৱাৰোঁ তেন্তে হ’লে কেৱল মিছা প্ৰচাৰৰ ধামখুমীয়াত দিক্ ভ্ৰান্ত হৈ প্ৰকৃত সত্য উন্মেচনত আমি বাৰে বাৰে ব্যৰ্থ হ’ম! বাৰে বাৰে প্ৰতাৰিত হ’ম ।

