গল্প-কবিতা

উভতি ৰ’দৰ বাটেৰে (জ্যোৎস্না হাজৰিকা)

দাইলতে আলু এটা আৰু ভাতকেৰেলা এটা দি ৰাতিপুৱাৰ আহাৰ সাজু কৰিলে তাই। ফ্ৰিজত কণী আছে যেতিয়া হৈ যাব বুলি মনতে ভাবিলে তাই। আজি ছমাহৰ পৰা এইখন ৰুটিনেই চলি আহিছে ৰিমিৰ। অৱশ্যে বেয়াও লগা নাই তাইৰ। দুপৰীয়াৰ সাজটো অফিচতে হৈ যায়। খাই ভাল পোৱা পুৰুষ সহকৰ্মীকেইজনৰ কৃপাত দুপৰীয়া কেতিয়াবাহে নিৰামিষ খায়। সন্ধিয়া মন গ’লে ৰান্ধে নহ’লে অৰ্ডাৰ দিয়ে। মুঠতে বিন্দাচ লাইফ। চাকৰিসূত্ৰে এই নতুন চহৰখনৰ বাসিন্দা হৈছে তাই। টাউনৰ মাজতে তাইৰ ভাড়াঘৰটো। ঘৰটোত গোটেইখিনি সা-সুবিধা থকাৰ বাবে তাইৰ অসুবিধা অকণো হোৱা নাই। ঘৰৰ মালিকনী বৰমাজনীও বৰ মৰমিয়াল। গতিকে তাইৰ স্বাধীন জীৱনটোত ক’তো আউল নলগাকে চলি গৈছে— মাজে মাজে বিয়া বাৰুৰ কথা লৈ দুই এটা কামোৰ খোৱাৰ বাহিৰে!

ছমাহমান পঢ়া শুনা কৰাৰ পিছত বেংকৰ পৰীক্ষাৰ দুটা ঢাপ অতিক্ৰমি এয়া নতুন চহৰত তাইৰ নতুন যাত্ৰা। ছোৱালী হোৱাৰ কাৰণে যেনিবা নগৰ এলেকাতে নিযুক্তি পালে। ল’ৰা হোৱা হ’লে চাগে ক’ৰ পাণ্ডৱবৰ্জিত জেগাত থাকিব লাগিলহেঁতেন ঠিক নাই! হওক তেও ছোৱালী হৈ কিবা এটাতো লাভ হ’ল।

দুজনী বায়েকৰ পিছত বহু পূজা-পাতলৰ অন্তত তাইৰ জন্ম। অনবৰতে চকুপানী টুকি থকা মাক আৰু খঙাল দেউতাকৰ ওচৰত তাই কাহানিও একো আব্দাৰ কৰি পোৱা মনত নপৰে। তাই বুজন হোৱালৈকে ঘৰলৈ অহা মিতিৰ-কুটুমে মাক-দেউতাকক সান্ত্বনা দি যোৱা এতিয়াও মনত আছে। পেটমোছা ভায়েকটোৰ জন্মৰ পিছতহে যেনিবা বেলিটো উদয় হ’ল! দুটাকৈ গুটিধানৰ ভড়াল, গাঁৱৰ স্কুলৰ চকিদাৰৰ চৰকাৰী চাকৰিটোৱেও কিন্তু দেউতাকৰ তিনিজনী ছোৱালীৰ বাপেক হোৱাৰ দুখটো পাতলাব নোৱাৰিলে। বায়েক দুজনীৰ অৱশ্যে গাৰ উজ্জ্বল বৰণটোৰ বাবে ৰাইজৰ ভাষাত সোনকালে গতি লাগিল! সিহঁতক বিয়া দিয়াৰ পিছত জোঁৱায়েই নিলে নে যমেই নিলে কোনেও চিন্তা কৰা আজিলৈকে দেখা নাই। নিয়মো নাই।

গণ্ডগোলটো পিছে তাইৰ বেলিকাহে লাগিল। বি.এ পাছ কৰাৰ পিছৰ পৰা দৰা বিচাৰোঁতে মাষ্টাৰ ডিগ্ৰীও কমপ্লিট হ’ল! তাৰ পিছত মাকে পূজা-পাতল আৰম্ভ কৰোঁতে তাইও নতুনকৈ পঢ়া-শুনা আৰম্ভ কৰিলে। তাৰ মাজত ল’ৰাও ঢেৰ আহিল। কাৰোবাৰ যদি তাইৰ নাকটো পছন্দ নহ’ল, কাৰোবাৰ আকৌ চকুহাল পছন্দ নহ’ল! এইবোৰ ইণ্টাৰভিউতকৈ চাকৰিৰ ইণ্টাৰভিউটো বেছি ভাল হ’ল, চাকৰিটোও মিলিল! ছোৱালী হৈ জন্ম লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মানুহ হোৱাৰ সুযোগ পালে তাই! আচৰিতধৰণে জীৱনটো সলনি হৈ গ’ল তাইৰ। ঘৰবুঢ়ী ছোৱালী বুলি মুখ ঘূৰোৱা কেইজনেও ‘আইজনী কেতিয়া আহিলি, ভালে আছনে?’ বুলি মাতষাৰ লগোৱা হ’ল!

লখিমী ছোৱালীজনীয়ে ঘৰখনো চকুত লগা কৰিলে। তাইৰ জন্মৰ ক্ষণটোও হেনো বহুত ভাল আছিল। আগতে মুখচোকা বুলি বদনাম কৰা মিতিৰ-কুটুমেও তাইৰ খোলাখুলিকৈ কথা কোৱা স্বভাৱটোও বখানিলে। মুঠতে সময়বোৰ তাইৰ হ’ল। জীৱনটো নিজৰ বুলি ভাবিবলৈ সাহসকণ গোট খালে। সৰুৰে পৰা অভাৱ নোহোৱাকৈ ডাঙৰ হৈছে যদিও প্ৰতিটো মুহূৰ্ত যেন সংশয়ৰ মাজেৰেই পাৰ হৈছিল সিহঁতৰ। প্ৰথম সন্তান ছোৱালী হোৱাৰ দুখ, দ্বিতীয় সন্তানো ছোৱালী হোৱাৰ দুখত মৰহি থকা ঘৰখনত তাইতকৈ অনাহুতা কোনো নাছিল। তাইৰ পৰীক্ষাৰ সুন্দৰ ৰিজাল্টবোৰেও কাকো আশ্বস্ত কৰিব পৰা নাছিল। ছোৱালী মানুহ!

তাইৰ অনুপস্থিতিতো পিছে ঘৰখনত বিয়াৰ আলোচনা চলিয়েই আছে। পাৰ্থক্য মাত্ৰ এটাই এইবেলি চেহেৰা নেদেখাকৈয়ে ছোৱালী পছন্দ কৰিছে মানুহবোৰে! হাজাৰ হ’লেও চাকৰি কৰা ছোৱালী! মাকৰ মতে তাইৰ হেনো বিয়া নামিছে!

বিয়াৰ কথা অৱশ্যে তায়ো নভৱা নহয়। কাৰনো মন নাযায় নিজাকৈ ঘৰখন পাতিবলৈ! কিন্তু ঘৰ পাতিবলৈ গৈ মন ভঙাৰ পক্ষপাতী মুঠেও নহয় তাই! একে লগত কাম কৰা ৰূপমৰ কথাবোৰ বেয়া নালাগে তাইৰ। সপোন দেখিব পৰা! পিছে তাৰ মাক-বাপেকৰ বা তাইৰ নাক-চকুবোৰ পছন্দ হয় নে নহয় বুলি ভাবি ভয় খায় তাই! বেংকত যোগদান কৰাৰ পিছত অৱশ্যে তাইৰ এৰালছিগা চিন্তাবোৰৰো ভালেখিনি নাকী লাগিল। সময়ৰ অভাৱ। দুদিনমান ৰূপমৰ লগত কথাও পাতিছিল। এনেই টাইম পাছ! তাইও টাইম পাছ কৰিব পৰা হ’ল! ক’ত থওঁ ক’ত নথওঁ লাগে তাইৰ এই উত্তৰণৰ বতৰা! পিছে অলপ ঘনিষ্ঠ হওঁতেই তোমাক জিনছতকৈ ছেলোৱাৰতহে ভাল লাগে বুলি ফেনাবলৈ লোৱাৰ পৰা বাদ দিলে তাই। আজি কাপোৰ সলাবলৈ কৈছে, কাইলৈ যদি জন্মগত ফেঁচা নাকটো সলাই থৈ আহিব কয় কি কৰিব তাই! মনতে ভাবে, জন্মোতেই চৰ্ত নামানিলোঁ, প্ৰেমত কিহৰ চৰ্ত!

দ্বিতীয় আৰু চতুৰ্থটো শনিবাৰে লক্ষ্মী ছোৱালীজনী ঘৰলৈ যায়। কথাই কথাই চকুপানী টোকা মাকজনীৰ মুখখন পোহৰ হয়। দেউতাকে মাংস অকণ আনে! পোহৰ পোহৰ মুখবোৰে একেলগে বহি খায়। দুজনীকৈ ক’লী গাইৰ গাখীৰ খাই ডাঙৰ হোৱা পেটমোচাই মেট্ৰিক দিবলৈ বছৰে বছৰে অহা যোৱা কৰি থকা দেখি তাকো ঘৰৰ আগতে দোকান এখন খুলি দিলে লক্ষ্মী ছোৱালীজনীয়ে। ঘৰৰ পদূলিৰ পৰা পিৰালিলৈকে পকী হয়, বাপেকৰ বুকুখন এবেগেত ওখ হয়!

দুই-এদিনতে মানুহ এঘৰ অহাৰ কথা। ল’ৰা চৰকাৰী চাকৰিয়াল। সকলো ঠিকেঠাকে মিলিলে বিয়া হেনো খাটাং। তিনিদিনৰ ছুটী লৈ তাইৰ ঘৰমুখী যাত্ৰা। পদূলিমুখত দুখন পোহৰ পোহৰ মুখ। কাৰোবাৰ পছন্দৰ তুলাচনীত হাৰি যোৱাৰ শংকা নোহোৱা আবিয়ৈ ছোৱালী তাই। ৰ’দৰ বাটেৰে পোহৰমুখী যাত্ৰা তাইৰ, ভাল লাগিলেহে সম্পৰ্ক গঢ়িব বুলি ক’ব পৰাকৈ আজি সাহসী ছোৱালী তাই। ইয়াতকৈ আৰু লাগেনো কি—জীৱনত জী থাকিবলৈ!

One thought on “উভতি ৰ’দৰ বাটেৰে (জ্যোৎস্না হাজৰিকা)

  • অনুমিত্ৰা ফুকন

    গল্পটো পঢ়ি ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *