সামাজিক ৰীতি নীতি আৰু জনস্বাস্থ্য-এটি চমু অৱলোকন -(ডা০ চিন্ময়ী বৰঠাকুৰ)
শৰীৰ, ব্যাধি আৰু অন্ধবিশ্বাস এই তিনিটা শব্দৰ লগত আৰু দুটা শব্দ যোগ কৰিবলৈ ভাল পাম, এক – জনস্বাস্থ্য, দুই – সামাজিক আচাৰ-অনুষ্ঠান আৰু ৰীতি-নীতি ইত্যাদি। কিয়নো, সামাজিক ৰীতি-নীতিয়ে ৰোগ, স্বাস্থ্য আদিৰ সম্পৰ্কে মানুহৰ ধ্যান ধাৰণাক বহুলাংশে প্ৰভাৱান্বিত কৰে আৰু ৰোগ প্ৰতিহত বা নিৰাময় কৰিবলৈ লোৱা ব্যৱস্থা আদিৰ ওপৰতো ই ব্যৱহাৰিক তথা সামাজিক-মনস্তাত্বিক সালসলনি আনি দিয়ে । সেয়ে সমাজত প্ৰচলিত বিশ্বাস, ৰীতি-নীতি আদিওও জড়িত হৈ পৰে জনস্বাস্থ্যৰ লগত। এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ উপৰোক্ত কথাখিনিৰ লগতে চিকিৎসা শাস্ত্ৰৰ বাহিৰৰ আন এনে বহু সামাজিক কাৰক আছে যিবোৰে স্বাস্থ্য নিৰ্দ্ধাৰণ কৰে আৰু সেই কাৰণেই স্বাস্থ্যক মাথো চিকিৎসা সম্পৰ্কীয় কথা বুলি ভাবি থকাটোও এক প্ৰকাৰৰ সামাজিক ব্যাধিয়েই। এই ধৰণৰ সামাজিক কাৰকৰ প্ৰভাৱৰ বিষয়ে বুজি উঠি তাৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ বাবেই, পশ্চিমীয়া দেশ বোৰে জাৰ্ম থিঅ’ৰি, এন্টিবায়টিকৰ আৱিস্কাৰ আদিৰ আগতেই সংক্রামক ৰোগ নিয়ন্ত্ৰণত যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি মুক্ত যুক্তিবাদী চিন্তাৰ প্ৰসাৰ, শিক্ষাৰ বিস্তাৰ তথা বিজ্ঞানৰ ন ন আৱিষ্কাৰে এই ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল। পৰৱৰ্ত্তী কালত চিকিৎসা বিজ্ঞান আৰু চিকিৎসা পদ্ধতিত হোৱা অভূতপূৰ্ব উন্নয়নে এই সফলতা ত্বৰান্বিত কৰি তোলে ।
কিন্তু ভাৰতৰ দৰে দেশে স্বাধীনতাৰ পিছতো এনে ক্ষেত্ৰত সমানে আগবাঢ়িব নোৱাৰিলে। শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক অনগ্ৰসৰতা এতিয়াও যি এক বুজন সংখ্যক লোকৰ মাজত বিৰাজমান- স্বাস্থ্য সম্পৰ্কীয় সুস্থ আচাৰ-ব্যৱহাৰ গঢ়ি উঠাত সি এক হেঙাৰ হিচাপে থিয় দিলে। অৱশ্যে আমাৰ দেশৰ শিক্ষিতৰ মাজতো বিজ্ঞান মনস্কতাৰ অভাৱ দেখা যায় । যি কি নহওক, সমাজত প্ৰচলিত অসুস্থ ব্যৱহাৰে অৱশেষত জনস্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। উদাহৰণ স্বৰূপে শিশুৰ জন্মৰ পিছত নাইত (cord stump) ‘ছাগ্লী হাগা’ লগোৱা ৰ প্রথা একবিংশ শতিকাৰ আগভালৈকে আছিল বুলি ব্যক্তিগত ভাৱে জ্ঞাত। পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত অংশ হিচাপে আমি সমাজলৈ গৈ একোটা পৰিয়ালৰ স্বাস্থ্যৰ বিষয়ে আনুষংগিক সমস্তখিনি অধ্যয়ন কৰি ৰোগৰ ডায়গ্ন’চিচ আৰু ইয়াৰ আৰ্থ সামাজিক বিশ্লেষণো কৰিব লাগে। তেনে এক পাঠৰ বাবে যাওঁতে পৰিয়ালৰ প্ৰথম সন্তান ৰ মৃত্যু হোৱাৰ কাৰণ জানিবলৈ চেষ্টা কৰোঁতে এই খিনি কথা জানিব পৰা গৈছিল। জন্মৰ আঠ দিনৰ পিছত শিশুটিৰ মৃত্যু হৈছিল । প্ৰশ্ন কৰোতে কৰোতে ওলাইছিল জ্বৰ হৈ মৃত্যু মুখত পৰাৰ আৰু নাইত ছাগলী ৰ গোবৰ(ছাগ্লী হাগা) লগোৱাৰ কথা । তেওঁলোকৰ বহুতৰে মাজত হয়তো তেতিয়া এয়া বহুল প্রচলিত নিয়ম আছিল । ই এক মাৰাত্মক কথা কাৰণ এনে ধৰণৰ কামৰ ফলত টিটেনাচ বা আন ইনফেক্শ্যন হৈ নৱজাতকটি মৃত্যু মুখত পৰিব পাৰে। আনকি এতিয়াও ইনফেক্শ্যন/চেপ্চিচ এইবোৰ শিশুৰ মৃত্যুৰ মূল কাৰণবোৰৰ ভিতৰত অন্যতম কাৰণ হিচাপে চিহ্নিত হৈ আছে। অসমকে ধৰি ভাৰতৰ কেইবাখনো ৰাজ্যৰ শিশু মৃত্যুৰ হাৰ এতিয়াও উদ্বেগজনক ভাবে বেছি। এনে ধৰণৰ মৃত্যু ৰোধৰ বাবেই সদায় ‘5 C (clean)’ ৰ ওপৰত গুৰুত্ব দি অহা হৈছে, তাৰে ভিতৰত এটা হৈছে “কৰ্ড ষ্টাম্প”ত কোনো বস্তু লগাব নালাগে। সেই দৰেই শিশু স্বাস্থ্য পৰিপন্থী আন এটা আচাৰ উনুকিয়াবলৈ বিচাৰিছোঁ, মাতৃদুগ্ধৰ ক’ল’ষ্ট্ৰামভাগ পেলাই দিয়াটো। জন্মৰ পিছত প্রথম দুদিন মান নিঃসৰণ হোৱা এই মাতৃ দুগ্ধ পান কৰা অতি প্রয়োজনীয় যিহেতু ইয়াত প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা বহুতো পদাৰ্থ থাকে আৰু সেই কাৰণে ক’ল’ষ্ট্ৰামক প্রথম টীকা বুলিও কোৱা হয়। হয়তো এইখিনিতে প্ৰশ্ন উঠিব পাৰে সকলো শ্রেণীৰ লোকৰ মাজত এনে আচাৰ এতিয়াও সমানে দেখা পোৱা যায় নে? নিশ্চয় নাযায়। প্ৰথমতেই উল্লেখ কৰাৰ দৰে সামাজিক ভাৱে অনগ্ৰসৰ মানুহৰ মাজতেই বেছি। আৰু শিশুৰ মৃত্যুৰ হাৰ ফঁহিয়াই চালেও পোৱা যায় সমাজৰ অনগ্ৰসৰ, বঞ্চিত মানুহৰ মাজত এনে মৃত্যুৰ হাৰ অধিক। গতিকে এই বিষয় বোৰৰ ওপৰত বিস্তৃত অধ্যয়ণৰ এতিয়াও প্রয়োজনীয়তা আছে।
ইয়াৰ সমান্তৰাল ভাৱে থকা আন কেতবোৰ আচাৰ ব্যৱহাৰ একে আষাৰেই নস্যাৎ কৰি দিয়াও অনুচিত (পূজা পাতলৰ কথা খিনি একাষৰীয়া কৰি ৰাখিছো)। যেনেদৰে আই ওলালে আছুতীয়াকৈ আৰু পৰিস্কাৰ পৰিচ্ছন্ন কৈ ৰখা কাৰ্য্যটো ভাল কথা। আকৌ কিছুমান জনগোষ্ঠীৰ মাজত প্রচলিত এটা প্রথাৰ কথা পঢ়িবলৈ পাইছিলো যে তেওঁলোকৰ কাৰোবাৰ যদি গুপ্তাংগত কোনো ধৰণৰ ৰোগ হয়, তেওঁলোকে হাবিৰ মাজত থকা দেৱীৰ ওচৰলৈ লৈ যায় আৰু দেৱীৰ নিৰ্দ্দেশ মতে পূজা কৰাৰ লগতে, সেই ব্যক্তিজনক অকলশৰে থাকিবলৈ দিয়া হয়, আন লোকৰ লগত কোনো ধৰণৰ শাৰিৰীক, যৌন সম্পৰ্ক ৰক্ষাৰ পৰাও বাৰণ কৰা হয়। আদিতে ৰোগ কিয় হয়, কেনেকৈ হয় নুবুজিলেও এটা কথা হয়তো লক্ষ্য/পৰ্য্যবেক্ষণ কৰিছিল যে ৰোগ এজনৰ পৰা আনজনলৈ সংক্রমিত হব পাৰে দৈহিক দূৰত্ব বজাই নাৰাখিলে। সেয়ে এইবোৰ ব্যৱস্থা তৈয়াৰ কৰি লোৱা হৈছিল । কিন্তু দুখৰ বিষয় ভাল পৰম্পৰাটো পালন কৰাটোও সকলোৰে বাবে সমানে সম্ভৱ নহয়, বিশেষকৈ “নগৰীয়া দৰিদ্ৰ” সকলৰ বাবে।
ৰোগৰ বিস্তৃতি আৰু কাৰক ৰ বিষয়ে কৰা অধ্যয়নৰ ক্ষেত্ৰত ‘পৰ্য্যবেক্ষণ’ (observation) এটা গুৰুত্বপূৰ্ণ মেথড, প্রথম পদক্ষেপ। তাৰ ওপৰত ভিত্তি কৰি অধিক গৱেষণাই ঠন ধৰি উঠে। সেই বাবেই মানুহৰ সাধাৰণ পৰ্য্যবেক্ষণৰ ভিত্তিত গঢ়ি উঠা কিছু নিয়ম একে আষাৰেই উলাই কৰিব পৰা বিধৰো নহয়। গতিকে “ব্যক্তিৰ সামাজিক জীৱন হিচাপে পালন কৰা আচাৰ-ব্যৱহাৰৰ ওপৰত বিষদ গৱেষণাৰ অতীৱ প্রয়োজন”। কাৰণ স্বাস্থ্য সন্মত আচাৰ-ব্যৱহাৰ গঢ়ি তোলাটো, মানুহৰ অভ্যাস পৰিৱৰ্তন কৰাটো এক জটিল প্রক্রিয়া। সংঘবদ্ধ প্রচেষ্টাৰেহে এই কাম সম্ভৱপৰ হব।