সংগীতৰ সাগৰ-বিশাল তৰংগই খহাব পাৰে নেকি পৰিচয় ভিত্তিক বিদ্বেষৰ ভেটি? -(সন্দিপন তালুকদাৰ)
ধৰি লওক আপুনি খোজ কাঢ়ি গৈ আছে আৰু হঠাৎ দেখা পালে যে অলপ দূৰৈত এডাল সাপে চুৰ্চুৰাই আছে। আপোনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কি হ’ব? নিশ্চিতভাৱে সাপডালৰ পৰা নিজকে এক সুৰক্ষিত দুৰত্বলৈ লৈ অনা নহয় জানাে? সেই মুহূৰ্তত সাপডাল কিমান বিষাক্ত বা বিষাক্ত হয় নে নহয় এইবােৰ বিচাৰ কৰি থকা নহয়। ঠিক এনেধৰণৰ অজস্ৰ উদাহৰণ পােৱা যাব যিবােৰত আমি সাম্ভাব্য বিপদৰ বিষয়ে বেছি একো ভবা চিন্তা নকৰাকৈয়ে সিদ্ধান্ত লৈ পেলাব পাৰো। আৰু সেই মতেই আমাৰ ব্যৱহাৰাে ৰূপায়িত হৈ পৰে। এইবাৰ ইয়াৰ ঠিক বিপৰীত এটা উদাহৰণ লোৱা হওক। ধৰি লওক আপুনি এখন অচিনাকি ঠাইলৈ গৈছে য’ত আপোনাৰ কোনো আত্মীয় নাই। আৰু সেই ঠাইতেই এদিন আপুনি হঠাৎ ভীষণ সমস্যাৰ সম্মুখীন হ’ল। ঠিক সেই মুহূৰ্তত আপােনাৰ ভাষাত কেইটামান শব্দ যদি দূৰৈত ভাহি অহা শুনে আপুনি কি কৰিব? যিপিনৰ পৰা সেই শব্দ কেইটা ভাহি আহিছে সেইপিনে উধাতু খাই নাযাবনে?
নিজৰ কাৰণে বিপদ বা লাভৰ সৃষ্টি কৰিব পৰা পৰিস্থিতি এটা আৰু সেই পৰিস্থিতিৰ মােকাবিলা কৰি তাৎক্ষণিক সিদ্ধান্ত লব পৰাটোত আমি জানাে খুব বেছি ভবা চিন্তা কৰো? এইবােৰ আমাৰ অলক্ষিতেই হৈ গৈ থাকে। এই ক্ষীপ্ৰতা, সিদ্ধান্ত লােৱাৰ নিপুণতা আমি কেনেকৈ আয়ত্ত কৰিলো? বিজ্ঞানৰ দৃষ্টিভংগীৰে যদি চাব খোজো তেতিয়া মগজুৰ বিকাশ আৰু বিৱৰ্তনৰ কথাই আহে।লক্ষাধিক বছৰৰ আগতে আফ্ৰিকাৰ পৰা আধুনিক মানৱে প্ৰব্ৰজন কৰাৰ পৰা বিৱৰ্তনৰ বহুতো একা বেকা,ওখোৰা মোখোৰা পথ অতিক্ৰম কৰি আহিছে। এই এঁকা বেকা বহু পথৰ যাত্ৰাৰ শেষত ওপজা আজিৰ মানৱ জাতিৰ উন্নত মগজু, যি মগজুৱে নীলা আকাশৰ পৰিসীমা জুখি পেলোৱাৰ কথা ভাবিব পাৰে, যি মগজুৰ জোৰত বিশাল মহাসাগৰৰ পানীৰ আয়তন জুখি পেলোৱাটো সম্ভৱ হৈছে বা কৃষ্ণ গহ্বৰৰ গভীৰতাও নিৰ্ণয় কৰাটো সম্ভৱপৰ হৈ উঠিব পাৰে। ওপৰত উল্লেখ কৰা দৈনন্দিন জীৱনৰ অংশস্বৰূপ কামবােৰো এই মগজুৱেই কৰে। এতিয়া প্ৰশ্ন হ’ল এইবােৰক আমি কি বুলি ক’ম? জীয়াই থকাৰ আহিলা নে বিৱৰ্তনৰ শিক্ষা নে আন কিবা? আচলতে এই দুয়োটাই বুলি কব পাৰি। সাপডাল দেখাৰ লগে লগেই আমাৰ মগজুৱে গণনা কৰি পেলাই কি কৰিব লাগে। যিজন মানুহক কোনােদিনেই সাপে খােটা নাই সেইজনেও আনকি সাম্ভাব্য বিপদ আৰু তাৰ পৰা নিজক সুৰক্ষিত স্থানলৈ অলক্ষিতেই লৈ যায় এইধৰণৰ কথাবােৰক পূৰ্বৱৰ্তী ধাৰণা (PREJUDICE) বা পূৰ্বৱৰ্তী শিক্ষা বুলি কব নােৱাৰি নে? জীৱনৰ বিভিন্ন পৰ্যায়ত পােৱা শিক্ষা যেনে ডাঙৰৰ পৰা শুনা, বেলেগৰ লগত ঘটা ঘটনা আদিৰ পৰা হােৱা অভিজ্ঞতাবােৰক আমি মগজুত থুপাই লওঁ। আন ভাষাত মগজুক আমি প্ৰগ্ৰেমিং কৰোঁ আৰু মগজুৱে পৰিস্থিতিৰ সাপেক্ষে আমাক নির্দেশনা দিয়ে। স্নায়ুবিজ্ঞানৰ (NEUROSCIENCE) ৰ গৱেষণা অনুযায়ী পূৰ্বৱৰ্তী ধাৰণা অনুধাৱনত মানুহৰ মগজুৰ আটাইতকৈ সক্ৰিয় অংশটো হ’ল এমিগডেলা(AMYGDALA)। এই AMYGDALA মগজুৰ এক ক্ষুদ্ৰ অংশ যাৰ আকাৰ কাঠ বাদাম (ALMOND) একোটাৰ সমান এনে আকাৰৰ দুটা ALMOND মিলি AMYGLADA গঠিত হয়। এনে ক্ষুদ্ৰ অংশই বাহ্যিক জগতৰ পৰা মগজুলৈ যােৱা প্ৰায় প্ৰতিটো সংকেত (SIGNAL) বিশ্লেষণ কৰিব পাৰে। মানে আমি দেখা পােৱা বা আন আন সকলো সংকেত এই AMYGDALA ৰ মাজেৰে পাৰ হৈ যায়। AMYGDALAই এই আটাইবােৰ সংকেতৰ পৰা বিপদজনক আৰু লাভজনক সংকেতবােৰক বাচি উলিয়ায়। বিপদজনক সংকেতবােৰৰ প্ৰতিক্ৰিয়াত AMYGDALAই আকৌ মগজুৰ বিশেষ কেতবােৰ অংশক সক্ৰিয় কৰি তোলে। যিবােৰে সন্মিলিতভাৱে বিশেষ একো নভবাকৈয়ে সিদ্ধান্ত লৈ পেলাব পৰাত সহায় কৰে। ঠিক তেনেদৰে ভাল সংকেতবােৰক অইন কেতবােৰ অংশলৈ পঠিয়াই আৰু সেইবােৰ অংশৰ সন্মিলিত সক্ৰিয়তাৰ ভিত্তিত আমিও প্ৰতিক্ৰিয়া দিও। এয়া এক অতি থুলমূল ধাৰণা, বা কব পাৰি যে হাতী মাৰি ভুৰুকাত ভৰোৱা ধৰণৰ কথা৷ মগজুৰ ক্ৰিয়া -প্ৰতিক্ৰিয়া ইয়াতকৈ অনেক জটিল।
Prejudice এনেধৰণেই বিৱৰ্তনৰ মাজেৰে মানৱ মগজুত থিতাপি লয়হি। আৰু এই কথাও ঠিক যে এই prejudice মানুহৰ কাৰণে লাভৱান বুলি বিৱৰ্তনৰ প্ৰক্ৰিয়াত প্ৰতিপন্ন হৈছিল। বিখ্যাত স্নায়ু বৈজ্ঞানিক ডেভিদ এমাডিও (David Amadio) তথা আন বহুতেই এই বৈৱৰ্তনিক লাভৰ এতিয়া আন এক প্ৰেক্ষাপটলৈ আহো ।প্ৰশ্ন কৰিব পাৰি ,এই prejudice ৰ দ্বাৰা কেৱল লাভেই হৈছে নেকি? নে ইয়াৰো আছে মানৱ জাতিক জোকাৰি যাব পৰা কলংকিত অধ্যায়? Prejudice প্ৰসূত চিন্তা ধাৰাই মানৱ ইতিহাসত বহুতো ভয়ানক ঘটনাৰ সূচনা কৰি আহিছে। সামাজিক ক্ষেত্ৰত পূৰ্বৱৰ্তী ধাৰণাই বিষম ৰূপ লোৱাও দেখা পোৱা যায়। এই পূৰ্বৱৰ্তী ধাৰণাৰ ফলতেই বিশেষ পৰিচয়ৰ মানুহক সমাজৰ এক বহল অংশই হেয় দৃষ্টিৰে চাই। যেনে বিশেষ সাজ পৰিধান কৰা মানুহ, বিশেষ খাদ্যাভাসী লোক, বিশেষ ৰীতি-নীতি মনা লোকক সমাজৰ বহল অংশই হেয় দৃষ্টিৰে চোৱা আমি দেখো। আমাৰ সমাজো ইয়াৰ ব্যতিৰেকে নহয়। আকৌ এই পূৰ্বৱৰ্তী ধাৰণাই চৰম স্থিতি পায় গণসংহাৰ,গণহত্যা ইত্যাদিত। উদাহৰণস্বৰূপে হিটলাৰৰ ইহুদী গণহত্যাৰ কথাই ধৰা যাওক। ইহুদী মানেই জাৰ্মান মানুহৰ শত্ৰু, ইহুদী মানেই অপশক্তি, এই ধৰণৰ কথা মানুহৰ সামূহিক মনস্তত্বত (collective psyche) সুমুৱাই দিয়া হৈছিল। আমাৰ ভাৰতীয় সমাজ আজিৰ দিনত এনে ভয়ানক ভাৱধাৰাৰ পৰা সম্পূৰ্ণ মুক্তনে? কথাবোৰ জুকিয়াই চালেই আমি বুজি পাম। দেশত শেহতীয়াভাৱে সংঘটিত হোৱা সম্প্ৰদায় বিশেষৰ কিছু লোকৰ ভিৰৰ দ্বাৰা সংঘটিত গণহত্যা (mob lynching)ৰ ঘটনাবোৰ এই ভয়ানক মানসিকতাৰে পৰিচয় নহয়নে? সামাজিক মনোবিজ্ঞানে prejudice বা পূৰ্বৱৰ্তী ধাৰণাক সমাজৰ এজন মানুহে আন এজনক কেনে দৃষ্টিৰে চায়, তাৰ ওপৰত ভিত্তি কৰি সংজ্ঞাৱদ্ধ কৰিছে। এই সংজ্ঞা অনুসৰি যেতিয়া এজন মানুহক তেওঁ যি গোটৰ অংশীদাৰ তাৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰা হয় আৰু তেওঁৰ চৰিত্ৰ বা ব্যক্তিত্বও সেই ভিত্তিতেই অংকন কৰা হয়,তেতিয়া তাক prejudice বা পূৰ্বৱৰ্তী ধাৰণা বুলি অভিহিত কৰা হয়। পূৰ্বৱৰ্তী ধাৰণাৰ বশৱৰ্তী হৈ যেতিয়া মানুহক বিচাৰ কৰা হয় তেতিয়া সমাজৰ এটা গোটৰ মানুহে অইন এটা গোটৰ মানুহৰ সম্পৰ্কে সচৰাচৰ ভুল সিদ্ধান্তত উপনীত হয় আৰু নিজৰ গোটৰ (in-group) মানুহৰ প্ৰতি সদয় আৰু বেলেগ গোটৰ (out group) মানুহৰ প্ৰতি নিৰ্দয় ভাৱ পোষণ কৰে। প্ৰশ্ন হয়,যদি মানৱ বিৱৰ্তনৰ দীঘলীয়া পথৰ কোনো এটা পৰ্যায়ত পূৰ্বৱৰ্তী ধাৰণা এক লাভজনক বৈশিষ্ট্য ৰূপে চিহ্নিত হৈছিল তেন্তে সভ্যতাৰ পথেৰে অগ্ৰসৰ হোৱা মানৱ জাতিৰ পথত ই দুৰ্ভাৱনীয় কাইট সদৃশ হৈ পৰিল কিয়? ইয়াৰ দুটি কাৰণৰ কথা ভাবিব পাৰি ।প্ৰথমটো হ’ল সামাজিক স্থিতি। যেতিয়া বিশেষ সমুদায় বা গোটৰ মানুহ সম্পৰ্কে ভ্ৰান্ত ধাৰণা অহৰহ কৈ থকা হয় তেতিয়া সেই সমুদায় বিশেষৰ প্ৰতি ঘৃণা, হেয় ভাৱ সমাজৰ বহল অংশৰ মানুহৰ মনত প্ৰোথিত হৈ পৰে। কালক্ৰমত সেই সমুদায় বিশেষক সমাজৰ শত্ৰু জ্ঞান কৰাৰ বাট প্ৰশস্ত হৈ পৰে। এয়া সামাজিক মনস্তত্বৰ প্ৰেক্ষাপটত কৰা বিশ্লেষণ ।দ্বিতীয়টো হ’ল জৈৱিক (biological)। এই ক্ষেত্ৰত মগজু ক্ৰিয়াই অধিক মহত্ত্বপূৰ্ণ। সমুদায় বিশেষৰ প্ৰতি সমাজত প্ৰতিষ্ঠিত হেয় ধাৰণাই মগজুৰ ক্ৰিয়া কলাপত কেনে প্ৰভাৱ পেলাব পাৰে তাৰ বিশ্লেষণ স্নায়ু বৈজ্ঞানিক সকলে গৱেষণা কৰি উলিয়াইছে। মূলতঃ এই ধৰণৰ গৱেষণাই পূৰ্বৱৰ্তী ধাৰণাৰ দ্বাৰা পৰিচালিত মগজুৰ কোনবোৰ অংশ সক্ৰিয় হৈ পৰে সেয়া বিচাৰি উলিয়ায়৷ তাৰ বাবে বহুল প্ৰচাৰিত আহিলা হ’ল মগজুৰ Scanning কৰা,অথবা মগজুৰ ভিতৰৰ ফটো লোৱা । FMRI(Functional Magnetic Resonance Imaging) বা PET(Positron Emission Tomography) আদিৰ দৰে উচ্চ মানদণ্ডৰ সৰঞ্জাম এই ক্ষেত্ৰত ব্যৱহৃত হয় । উদাহৰণ এটা লোৱা যাওক৷ এজন আমেৰিকানক এজন শ্বেতবৰ্ণৰ মানুহৰ ফটো দেখুওৱা হ’ল । সেই ফটো খন চাওতে আমেৰিকান জনৰ মনত নিশ্চয় ভাল বা বেয়া ভাব আহিব। এতিয়া এই ভাববোৰে মগজুৰ কোন কোন অংশ সক্ৰিয় কৰি তোলে সেয়া FMRI বা PET ৰ দ্বাৰা স্কেন কৰা যায় । যদি আমেৰিকান জন শ্বেতবৰ্ণৰ মানুহৰ প্ৰতি পূৰ্বৱৰ্তী ধাৰণাৰ দ্বাৰা প্ৰভাৱিত হয় তেন্তে তেওঁৰ সেই শ্বেতবৰ্ণ মানুহজনৰ প্ৰতি হেয় ভাব থাকিব । তেনে ক্ষেত্ৰত মগজুৰ কি অংশ সক্ৰিয় হয় সেয়া চাব পৰা যায়।
…..এই ধৰণৰ গৱেষণাত প্ৰতিষ্ঠিত হৈছে যে পূৰ্বৱৰ্তী ধাৰণাৰ হেয় ভাৱে মগজুৰ সেইবোৰ অংশ সক্ৰিয় কৰি তোলে যিবোৰ ভয় বা বিতৃষ্ণা আদি ভাৱৰ উদয় হওতে সক্ৰিয় হৈ থাকে । এনেধৰণৰ বহুতো গৱেষণা আজি সহজলভ্য । এই ক্ষেত্ৰত মানুহৰ মগজুৰ Amygdala অংশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
:সাংগীতিক লয় আৰু পূৰ্বৱৰ্তী ধাৰণা:
এতিয়া প্ৰশ্ন হ’ল পূৰ্বৱৰ্তী ধাৰণা সামাজিক ব্যাধি হিচাপে দেখা দিয়াৰ পৰা হাত সাৰিব পৰাৰ কিবা উপায় আছেনে? এই বিষয়েও আন্তৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট গৱেষণা হৈছে। এনে গৱেষণাবোৰত ওলোৱা উপায়সমূহৰ ভিতৰত সংগীতৰ ব্যৱহাৰ উল্লেখযোগ্য। সংগীতৰ লয়ে মনত কি মূৰ্ছনা তোলে সেয়া জানো কোৱাৰ প্ৰয়োজন আছে! সংগীতৰ ব্যৱহাৰ নোহোৱা কোনো সমাজ এই পৃথিৱীত পাবলৈ নাই। কিন্তু কথাটো হ’ল এই সংগীতক সামাজিক পূৰ্বৱৰ্তী ধাৰণাৰ পৰা হাত সাৰিবলৈ কেনেধৰণে ব্যৱহাৰ কৰিব পৰা যায়? এই ক্ষেত্ৰত সমগ্ৰ বিশ্বতে খলকনি তোলা এক অধ্যয়ন হ’ল পৰ্তুগালৰ ফেলিক্স নেট’ৰ অধ্যয়ন। তেওঁৰ “Can music reduce National prejudice….” শীৰ্ষক গৱেষণা পত্ৰখনত পৰ্তুগালৰ ১১ বছৰীয়া ছাত্ৰ ছাত্ৰীক আন্তঃ-সাংস্কৃতিক সাংগীতিক প্ৰশিক্ষণ দিয়াৰ কথা কোৱা হৈছে। কেইবামাহজোৰা এই প্ৰশিক্ষণৰ ফলত পৰ্তুগীজ ছাত্র ছাত্ৰী ৰ মনত পৰ্তুগালত বসবাস কৰা এক ব্ৰাজিলীয় মূলৰ সম্প্ৰদায়ৰ প্ৰতি থকা পূৰ্বৱৰ্তী ধাৰণাৰ হেয় ভাৱ লাঘৱ হোৱা পৰিলক্ষিত হৈছিল। আকৌ যিবোৰ ছাত্র ছাত্ৰীয়ে সেই সাংগীতিক প্ৰশিক্ষণ পোৱা নাছিল সেইসকলৰ মন সম্প্ৰদায় বিশেষৰ প্ৰতি পূৰ্বৱৰ্তী ধাৰণাৰ বশৱৰ্তী হৈ আছিল। এই গৱেষণাই বহু কথা মুকলি কৰি দিয়ে। এনে গৱেষণা আন বহুতো হ’ল আৰু ফলপ্ৰসু হিচাপেও পৰিগণিত হৈছে। পিছে বিজ্ঞানীসকল আন এটা কথাত থমকি ৰৈছে। সংগীতৰ তাল আৰু লয় শব্দ তৰংগৰ সমষ্টি। এই শব্দ তৰংগৰ সমষ্টিয়ে মানৱ মস্তিষ্কৰ পৰিৱৰ্তন কেনেকৈ আনে সেয়া এক গভীৰ গৱেষণাৰ বিষয়। ভাৰতবৰ্ষ বিভিন্ন সাংস্কৃতিক উপাদানেৰে সমৃদ্ধিশালী। ভিন্ন সাংগীতিক অৱয়ৱো এই দেশত সহজলভ্য। ভাৰতীয় সংগীতক পূৰ্বৱৰ্তী ধাৰণাৰ সামাজিক ব্যাধি ৰোধ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যাবনে? এই বিষয়ে এতিয়াও একো গৱেষণা বা অধ্যয়ন হোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। আমাৰ অসমো লোক সংস্কৃতিৰ বিভিন্ন উপাদানেৰে সমৃদ্ধ। অসমৰ লোকগীত বোৰ এই ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিনে? আমাৰ ধাৰণা, অসমৰ লোক সাংস্কৃতিক উপাদানৰ পৰা সাংগীতিক সমল বিচাৰি পূৰ্বৱৰ্তী ধাৰণাৰ সামাজিক ব্যাধি ৰোধৰ ক্ষেত্ৰত যদি আগুৱান হ’ব পৰা যায়, তেন্তে নিশ্চিতভাৱে আমি বিশ্বৰ সন্মুখত সমৃদ্ধিশালী জাতি ৰূপে থিয় দিবলৈ সক্ষম হম।