শতবৰ্ষত ভূপেন হাজৰিকা আৰু আমি ।। কৌশিক দাস
মুক্ত চিন্তা। দ্বাদশ বছৰ। প্ৰথম সংখ্যা
বিশ্বৰ সংগীত-সংস্কৃতিৰ জগতখন যিসকল ক্ষণজন্মা শিল্পীয়ে আলোকিত কৰি নিজেও কাললৈ ভাস্বৰ হৈ আছে, সেইসকলৰ মাজত অসমৰ ভূপেন হাজৰিকাও অন্যতম। এই চলিত বর্ষটো (২০২৫-২৬) আছিল এইগৰাকী শিল্পীৰ “জন্মশতবৰ্ষ”। এই টোকাটো লিখাৰ পৰত শিল্পীগৰাকীৰ “জন্মশতবৰ্ষ” আহি অন্তিম ক্ষণত উপনীত হৈছে। এই “জন্মশতবৰ্ষ”ৰ উপলক্ষে মুক্ত চিন্তাক এইবাৰ ‘ভূপেন হাজৰিকা বিশেষ সংখ্যা’ হিচাপে সজাই তুলিবলৈ প্রয়াস কৰা হৈছে।
কোনো ব্যক্তিৰ “জন্মশতবৰ্ষ”ৰ প্রকৃত তাৎপৰ্যনো কি? সঁচা কথা, ব্যক্তি-জীৱনৰ সময়ৰ লেখেৰে বিচাৰ কৰিলে এশ বছৰ কম সময় নহয়—এটা শতিকা। সেইবাবে মানুহে আনন্দ-উদ্দীপনাৰ মাজেৰে প্রিয় ব্যক্তিৰ “জন্মশতবৰ্ষ”ৰ আনুষ্ঠানিকতা পালন কৰাটো প্রায় স্বাভাৱিক। তাৰ লগে লগে কিন্তু আমি আৰু এটা কথা মনত ৰখা উচিত। সুদীৰ্ঘ এটা শতিকাত নিৰন্তৰভাৱে চলমান সমাজখনত বহুতো ৰূপান্তৰ-পৰিৱৰ্তন, উত্থান-পতন, অৱৰোহণ-আৰোহণৰ ঘটনা সংঘটিত হয়। সেয়েহে, একোজন কালজয়ী সৃষ্টিশীল শিল্পীৰ “জন্মশতবৰ্ষ” কেবল এক আনুষ্ঠানিক উৎসৱ বা উপৰুৱা উদযাপনৰ বিষয় নহয়; ই হ’ল তেনে শিল্পীৰ জীৱন-দৰ্শন, সৃষ্টিৰাজি আৰু চিন্তাৰাজিৰ পৰিৱৰ্তিত সময়ৰ প্রেক্ষাপটত পুনৰ মূল্যায়ন আৰু বিশ্লেষণৰ এক ঐতিহাসিক সময়। তেনে বিচাৰ-বিশ্লেষণ আৰু অনুসন্ধানে বহুতো হেৰাই যোৱা বা অনাৱিষ্কৃত আপুৰুগীয়া তথ্য পোহৰলৈ অনাৰ সম্ভাৱনা থাকে।
“জন্মশতবৰ্ষ”ৰ প্রসংগটো ভূপেন হাজৰিকাৰ ক্ষেত্রত আৰু এটা কাৰণে বিশেষভাৱে গুৰুত্বপূৰ্ণ। দীৰ্ঘ সময় ধৰি নিজৰ সৃষ্টিশীলতাৰ মান উন্নত কৰি ৰখাটো সৃষ্টিশীল শিল্পী এগৰাকীৰ বাবে এটা কঠিন প্রত্যাহ্বান। বহু ক্ষেত্রত দেখিবলৈ পোৱা যায় যে প্রতিভাবান শিল্পীৰ প্রতিভাৰ দ্যুতিৰ তীব্রতা খুব সৰহ সময়লৈ বৰ্তি নাথাকে—আকাশত হঠাৎ জিলিকি উঠা উল্কাৰ দৰেই তেওঁলোকৰ সৃষ্টিশীলতা হঠাতেই অন্তৰ্হিত হৈ পৰে। এই ক্ষেত্রত ভূপেন হাজৰিকা আছিল অসমত বিৰল ব্যতিক্রম। প্রায় সত্তৰ বছৰৰ সুদীৰ্ঘ সময় তেখেত সাংস্কৃতিকভাৱে অতিশয় সক্রিয় হৈ আছিল। সেই সময়খনিত অসমে প্রত্যক্ষ কৰিছিল বিভিন্ন সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক উত্থান-পতন। কিছুমান ঘটনা আহিছিল প্রচণ্ড ধুমুহাৰ দৰে, কেতিয়াবা পৰিৱেশ-পৰিস্থিতি হৈ পৰিছিল নিস্তেজ-নিৰুদ্যম, কেতিয়াবা আকৌ আশাৰ স্পন্দনে সমাজখনক খুন্দা মাৰিছিলহি। শৈশৱৰেপৰাই ভূপেন হাজৰিকাৰ শৈল্পিক আৰু সাংগীতিক সত্তাটোৱে যেন প্রকাশৰ বাট বিচাৰি আছিল। তেনে প্রকাশৰ আঁৰত তেওঁৰ বিস্ময়কৰ প্রতিভা আৰু ঐকান্তিক সাধনাৰ লগতে চৌপাশৰ সমাজ-বাস্তৱতা আছিল এটা নিৰ্ণায়ক কাৰক। একেবাৰে কম বয়সত—তেৰ বছৰত—ভূপেন হাজৰিকাই সৃষ্টি কৰিছিল, ‘অগ্নিযুগৰ ফিৰিঙতি মই’। তেতিয়াৰ সামাজিক পটভূমিটোৱে শিশু ভূপেন হাজৰিকাৰ তীক্ষ্ম আৰু সংবেদনশীল মনটোক বৰ্ণবাদ, শ্রেণী-শোষণ আদিৰ প্রতি অতিকৈ বিক্ষুব্ধ কৰি তুলিছিল; সেইসমূহৰপৰা পৰিত্রাণো বিচাৰিছিল—আৰু তাৰ ফলতেই সেই সৰু ল’ৰাটিয়ে আজিও সমানেই প্রাসংগিক হৈ থকা অমৰ গীতটিৰ জন্ম দিছিল। শিল্পীজনাৰ সুদীৰ্ঘ কালৰ সক্রিয় জীৱনৰ আদি চোৱা পাৰ হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলন, বংগৰ মৰ্মন্তুদ দুৰ্ভিক্ষ, দেশ বিভাজনে অনা সীমাহীন দুৰ্যোগ, কমিউনিষ্টৰ উদ্দীপনাময় সংগ্রাম, গান্ধী-হত্যা আদিৰ দৰে বহুতো ঘটনাৰ ঝঞ্ঝাৰ মাজেৰে। এমেৰিকাৰপৰা উভতি অহাৰ পাছতো অসমত কমিউনিষ্টসকলৰ সংগ্রামৰ তীব্রতা অক্ষুন্ন আছিল। বাহুল্য নকৰি ক’ব পাৰি যে ভাষা আন্দোলনৰ সিপিঠিৰ বৰ্বৰতা, খাদ্য আন্দোলন, মাধ্যম আন্দোলন, জৰুৰী অৱস্থা, তথাকথিত ‘অসম আন্দোলন’, বিভিন্ন উগ্রপন্থী আৰু সন্ত্রাসবাদীৰ উত্থান আৰু পতন—এইধৰণৰ অজস্র সামাজিক-ৰাজনৈতিক ঘটনাক্রমৰ সাক্ষী হৈ আছিল ভূপেন হাজৰিকাৰ দীৰ্ঘ সৃষ্টিশীল জীৱনটো। তেনে ঘটনাৱলীৰ মৰ্মৰ সৈতে ভূপেন হাজৰিকাৰ ঐকান্তিক পৰিচয় আছিল। তেওঁ কেৱল এজন গায়ক, গীতিকাৰ বা সংগীত পৰিচালক নাছিল; তেওঁ আছিল অসমৰ সমাজ-সত্তাৰ এক অংগস্বৰূপ। সমগ্র সৃষ্টিশীল কালচোৱা ঘটনাঘন পৰিৱৰ্তিত পৰিস্থিতিবোৰৰ মাজৰে আগবাঢ়ি যোৱা এইজন বিস্ময়কৰ প্রতিভাসম্পন্ন, সামাজিকভাৱে অতি সচেতন গণশিল্পীৰ জীৱন-পৰিক্রমাৰ বস্তুনিষ্ঠ বিচাৰ বৰ জৰুৰী। গতিকে, ভূপেন হাজৰিকাৰ “জন্মশতবৰ্ষ”ই সমগ্ৰ অসমবাসীকে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ সমান্তৰালভাৱে তেওঁৰ আদৰ্শৰ প্ৰাসংগিকতা পুনৰুজ্জীৱিত কৰাৰ এক অমূল্য সুযোগ প্ৰদান কৰিছিল।
ভূপেন হাজৰিকাৰ এই “জন্মশতবৰ্ষ” উপলক্ষে অসমৰ বিভিন্ন প্রান্তত গুণমুগ্ধসকলৰ উদ্যোগত কিছুমান কাৰ্যসূচীৰ ৰূপায়ণ কৰা হৈছে। মুক্ত চিন্তায়ো ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ আৰম্ভণিতেই তেওঁৰ বহুমুখী প্ৰতিভাৰ বহুমাত্রিক দিশ কিছুমানক সামৰি চিন্তা-চৰ্চা কৰাৰ পৰিকল্পনা হাতত লৈছিল। এইটো কথাত কোনো সন্দেহ নাই যে ভূপেন হাজৰিকাৰ দৰে বিশাল প্রতিভাৰ বৈচিত্ৰ্যময় সকলোবোৰ দিশ এখনি অনলাইন আলোচনীয়ে সামৰি লোৱাটো সম্ভৱ নহয়। তথাপিও মুক্ত চিন্তাৰ ফালৰপৰা এক সুচিন্তিত পৰিকল্পনা কৰা হৈছিল যাতে তেওঁৰ বৈচিত্র্যময় জীৱন আৰু কৃতিক সামৰি একাধিক বিশ্লেষণাত্মক প্ৰবন্ধ প্ৰকাশ কৰিব পৰা যায়। তেনে পৰিকল্পনাক বাস্তৱায়িত কৰিবলৈ আলোচনীখনৰ সম্পাদনা সমিতিয়ে ৰাজ্যৰ বহুসংখ্যক লেখক, গৱেষক আৰু সাংস্কৃতিক কৰ্মীক নিৰ্দিষ্ট বিষয়ত লিখিবলৈ অনুৰোধ জনাইছিল। কিন্তু পৰিতাপৰ কথা, যি পৰিমাণৰ সঁহাৰি আৰু উৎসাহ আশা কৰা হৈছিল, সেয়া পৰিলক্ষিত নহ’ল। প্ৰতিশ্ৰুতি দিয়াৰ পাছতো বহুতেই সময়মতে লেখা যোগান নাধৰিলে।
গতিকে এই প্ৰসংগতে এটা গুৰুতৰ প্রশ্নৰ উত্থাপিত হ’ব। ভূপেন হাজৰিকাৰ দৰে এক যুগান্তকাৰী ব্যক্তিত্বৰ জন্মশতবৰ্ষটো যি ব্যাপকতা, গভীৰতা আৰু আন্তৰিকতাৰে উদযাপিত হ’ব লাগিছিল, বাস্তৱত যেন তেনে নহ’ল। বহুতো কাৰ্যসূচী আনুষ্ঠানিকতা আৰু ক্ষণস্থায়ী আড়ম্বৰৰ মাজতে আৱদ্ধ হৈ ৰ’ল। ভূপেন হাজৰিকাৰ দৰ্শনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শক্তিশালী অংশটো আছিল তেওঁৰ প্ৰতিবাদী সত্তা। তেওঁ সদায় আছিল খাটি খোৱা শ্ৰমিক, কৃষক আৰু নিষ্পেষিত মানুহৰ পক্ষত। কিন্তু বৰ্তমান চৰকাৰী বা প্রশাসনিক পৰ্যায়ত উদযাপিত উৎসৱসমূহত ভূপেন হাজৰিকাৰ এই প্ৰতিবাদী, বিক্ষুব্ধ আৰু বিপ্লৱী দিশটো লুকুৱাই ৰখা হয়। তেওঁক কেৱল এজন সুৰকাৰ বা আৱেগিক গায়ক হিচাপে উপস্থাপন কৰি তেওঁৰ মূল বৈপ্লৱিক সত্তাটোক নিৰ্বাপিত কৰি থোৱা হয়।
এনে এক প্ৰেক্ষাপটত, তেনে আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰ মুখলৈ নাচাই ৰাইজে স্বতঃস্ফূৰ্তভাৱে “ভূপেন চৰ্চা”ক এক আন্দোলন হিচাপে চলাই নিব লাগিছিল। কিন্তু ৰাইজ আৰু আমাৰ সচেতন সমাজখনৰ মাজতো তেনে গভীৰ বৌদ্ধিক চৰ্চা বা আলোচনাৰ ধাৰা দেখা নগ’ল। উৎসৱৰ কোলাহলত ম্লান হৈ পৰিল তেওঁৰ চিন্তাৰ মূল্যায়ন। আমাৰ সমাজখনৰ এই মানসিক আৰু বৌদ্ধিক স্থবিৰতা এক গভীৰ চিন্তনীয় বিষয়।
তেনে নিৰুদ্যম পৰিৱেশ, নানান সীমাবদ্ধতা আৰু অপূৰ্ণতাৰ মাজতো মুক্ত চিন্তাই—আশানুৰূপ সঁহাৰি নোপোৱা সত্ত্বেও—যিসকল লেখকে নিজৰ দায়িত্ববোধ আৰু ভূপেন হাজৰিকাৰ প্ৰতি থকা অকৃত্রিম শ্ৰদ্ধাৰ বাবে সময়মতে লেখা আগবঢ়ালে, তেওঁলোকৰ লিখনিসমূহৰে এইবাৰৰ সংখ্যাটি সজাই তোলা হৈছে।
ভূপেন হাজৰিকাক কেৱল স্মৰণ কৰা বা তেওঁৰ জন্মদিন-মৃত্যুদিনত কেইটামান গীত বজোৱাতেই আমাৰ দায়িত্ব শেষ নহয়। তেওঁক বুজিবলৈ হ’লে আমাক লাগে এক বস্তুনিষ্ঠ আৰু ধাৰাবাহিক চৰ্চা। পৰম্পৰাগত আৰু পৰিচিত ৰোমাণ্টিক গণ্ডীৰ বাহিৰলৈ আহি “ভূপেন্দ্ৰ চৰ্চা” কৰাটো খুবেই জৰুৰী।

