হেৰোৱা হেঁপাহৰ ব’হাগ ।। অনামিকা শৰ্মা
মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা
ব’হাগ মানে হেঁপাহৰ, মৰমৰ এষাৰি মাত
ব’হাগ মানে লঠঙা গছৰ কুঁহিপাত
ওপচি পৰিছে কেউফালে আমদানিৰ ভঁৰাল
গাঁৱতো তাঁতৰ শালত শুনা নাই উঘা চেৰেকীৰ মাত
ঢোল, পেঁপা, গগণা, বাঁহীৰ শব্দত
লাখটকীয়া মঞ্চত হাজাৰ টকাৰ মেক-আপ ঘঁহি
নাচনীৰ মকৰা বুলনিৰ লয়লাস।
ব’হাগৰ বতৰত ৰাষ্টাৰ গাঁতত মৃত্যুৰ কিৰিলী
শংকিত বাউলী বতাহে কঁপাইছে আইৰ বুকুখনি
মৃতজনেও চিৰশান্তিত শুব নোৱৰা এই পৃথিৱীত
মোৰ হৃদয়ত বজা নাই চেনাইৰ পেঁপাৰ মাত
আই,
তোৰ কলিজাত বাজিছেনে-
পিতায়ে দোভাগ ৰাতি
তোলৈ মনত পেলাই বজোৱা
সেই মিঠা বাঁহীৰ হৃদয় জুৰোৱা সুৰ?
বৰদৈচিলাজনীয়ে উৰুৱাই নিয়া চালিখনৰ
চেনেহৰ জৰীৰে আতি আতি বন্ধা পজাটিলৈ চাই
পিতাইৰ কলিজাখন মোচৰ খাই চকুলো ওলায়
আইয়ে পিতাইৰ উমাল বুকুত মূৰ থৈ
হেৰোৱা হেঁপাহৰ বিহুটিক সুঁৱৰি
আশাৰ শলিতা জ্বলায় ।

