কেন্দ্ৰীয় নিবন্ধনিবন্ধ

গ্রাফিক নেৰেটিভ বা গ্ৰাফিক সাহিত্য ।। প্ৰাৰ্থনা গগৈ

মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা

ছবি থকা কিতাপ এখনে শিশুক সদায় আকৰ্ষণ কৰে৷ শিশুৰ মনটো কোমলতাৰে ভৰা৷ শিশুৰ সহজাত কৌতূহলে সদায় অজানক জনাৰ বা সুন্দৰতাৰ সন্ধান কৰে৷ শিশুৰ মনস্তত্ত্বৰ এই কৌতূহল আৰু ৰঙীন মনটোক লৈয়ে প্ৰথম কমিকবোৰ ৰচনা কৰা হৈছিল৷ এই কমিকবোৰৰ বিকাশ হৈয়ে গ্ৰাফিক সাহিত্যৰ জন্ম হয় আৰু এই সাহিত্যই বিংশ শতিকাৰ শেষৰ দশককেইটাত মূলসুঁতিৰ গ্ৰন্থৰ বজাৰত নিগাজীকৈ ঠাই এখন দখল কৰে৷ আমেৰিকা যুক্তৰাষ্ট্ৰতে গ্ৰাফিক নেৰেটিভৰ প্ৰথম জন্ম হৈছিল যদিও ইউৰোপৰ আন ঠাইৰ কমিক আৰু জাপানী মাংগাবোৰ ইয়াৰ পূৰ্বসুৰী বুলি ক’ব পাৰি৷ এই গ্ৰাফিক নেৰেটিভত গ্ৰাফিক ন’ভেলবোৰৰ লগতে গ্ৰাফিক ননফিচনবোৰকো সাঙুৰি লোৱা হয়৷ অক্সফৰ্ড ইংৰাজী অভিধানে গ্ৰাফিক উপন্যাসৰ সংজ্ঞা এইদৰে আগবঢ়াইছে, “গ্রাফিক উপন্যাস হৈছে কমিক-ষ্ট্ৰিপ ফৰ্মেটত কিতাপ হিচাপে প্ৰকাশিত সম্পূৰ্ণ দৈৰ্ঘ্যৰ বিশেষকৈ কল্পবিজ্ঞান বা কল্পকাহিনী।” কিছুমান গ্ৰাফিক গ্ৰন্থ চাইলেণ্ট যিবোৰত শব্দ নাথাকে, কেৱল ছবি থাকে আৰু কিছুমানত চিত্ৰ বা দৃশ্য কলা আৰু শব্দৰ মাধ্যমেৰে এটি কাহিনী উপস্থাপন কৰা হয়৷ মূলসুঁতিৰ সাহিত্যত ঠাই দখল কৰা গ্ৰাফিক উপন্যাসবোৰৰ কাহিনী দীঘল আৰু এটি পূৰ্ণাংগ কাহিনী তুলি ধৰি হয়৷

জাপানী মাংগা

যিহেতু গ্ৰাফিক নেৰেটিভৰ বিকাশৰ সৈতে জাপানী মাংগাৰ এটি সম্বন্ধ আছে, সেয়েহে জাপানী মাংগানো কি-এইবিষয়ে ধাৰণা স্পষ্ট হ’লে বুজাত সুবিধা হ’ব৷ দৃশ্যকলাৰ সহায়ত গল্প কোৱাৰ পদ্ধতিৰপৰাই জাপানী মাংগাৰ উৎপত্তি হৈছিল৷ আধুনিক জাপানী পপ সংস্কৃতিত (Pop culture) মাংগাৰ স্থান সুকীয়া৷ বৰ্তমান অসমৰ চুকেকোণে থকা গাঁৱৰ শিশুসকলেও জাপানী মাংগা আৰু এনিমেই (anime) চৰিত্ৰবোৰ চিনি পায়৷ প্ৰথমাৱস্থাত ভাসমান পৃথিৱীৰ সৌন্দৰ্য আৰু ঘটনাৱলীক কেন্দ্ৰ কৰিয়েই মাংগা শিল্পীসকলে মাংগাবোৰ ৰচনা কৰিছিল৷ জাপানত মাংগা শব্দটোৱে সকলো ধৰণৰ কমিকচক (comics) বুজায় কিন্তু আন ঠাইত জাপানী ভাষাত ৰচিত বা জাপানৰ এই কমিকচ বা গ্ৰাফিক নেৰেটিভক মাংগা বুলি বুজায়৷ সকলো কমিকছৰ (comics) দৰেই মাংগা হৈছে এক চিত্ৰ বা ছবিৰ শৃংখলা, যিবোৰক আখ্যান বা কালক্ৰমিক ক্ৰম হিচাপে পঢ়িব পৰাকৈ ডিজাইন কৰা হয়৷ মাংগাত ব্যৱহৃত শব্দৰ সংখ্যা কম আৰু ছবিৰ ফ্ৰেমৰ ভিতৰত থকা “বেলুন”ত সীমাবদ্ধ থাকে৷

বিংশ শতিকাৰ মাজভাগৰ পৰাই মাংগাবোৰ জনপ্ৰিয় হৈ পৰে আৰু বজাৰ দখল কৰে৷ কাহিনী কথনত বিষয়বস্তুৰ ভিন্নতা অহাত মাংগাৰ জনপ্ৰিয়তা বৃদ্ধি পায়৷ তদুপৰি ভিন্ন স্তৰৰ-শিশু, কিশোৰ আৰু প্ৰাপ্তবয়স্ক পাঠকৰ বাবে মাংগাবোৰ ৰচনা হয়৷ বৰ্তমান সময়ত জাপানৰ গ্ৰন্থ বিক্ৰীৰ শতকৰা ৪০ শতাংশ মাংগাই আগুৰি লৈছে৷ একবিংশ শতিকাৰ আগভাগৰপৰাই মাংগাবোৰে বিশ্ব পাঠক আৰু দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি জনপ্ৰিয় হৈ পৰে৷ মাংগাৰ সমানে জনপ্ৰিয় আন এবিধ শিশু মনোৰঞ্জনৰ মাধ্যম হৈছে এনিমেই চৰিত্ৰবোৰ৷ সকলোবোৰ এনিমেই চৰিত্ৰই মাংগাৰ কাহিনীৰ ওপৰত নিৰ্মিত নহয়৷ এই জনপ্ৰিয় মাংগাৰ চৰিত্ৰবোৰ ক্ৰমাৎ ভিডিঅ’ গেম, সামগ্ৰী আৰু এনিমেটেড চিনেমালৈ পৰিসৰ বৃদ্ধি পোৱাত শিশুসকলৰ দৈনন্দিন জীৱনত মাংগাৰ সাংস্কৃতিক আৰু সামাজিক উপস্থিতি সবল হোৱা দেখা যায়৷ আনকি জাপানত মাংগাৰ জনপ্ৰিয়তা ইমানেই বেছি যে জাপানৰ ৰেলৱে ষ্টেচন বা যিকোনো কমিউনিটি প্লেচত মাংগা কেফবোৰ (Japanese Manga Cafe) গঢ় লৈ উঠে৷ এই কেফবোৰত মাংগা চিৰিজৰ বিভিন্ন কমিকবোৰ সংৰক্ষণ কৰা হয় আৰু অধ্যয়নৰ বাবে পাঠকক এটি পৰিৱেশ দিয়া হয়৷

গ্ৰাফিক সাহিত্যৰ ইতিহাস

কমিক বা গ্ৰাফিক আৰটিষ্টসকলে যেতিয়া সৃষ্টিশীল শিল্পৰ জগতখনত কবি আৰু উপন্যাসিকৰ ঠাই ল’লে তেতিয়াৰপৰাই গ্ৰাফিক সাহিত্যৰ বিকাশ হ’ল৷ সেয়েহে একে আষাৰে ক’ব পাৰি যে কমিক বা কমিকছৰপৰাই উত্তৰণ হৈ গ্ৰাফিক সাহিত্যৰ জন্ম হৈছে৷ এই সাহিত্যৰ বিকাশৰ ধাৰাটোৰ প্ৰথম স্তৰত ফেণ্টাছী, বিজ্ঞানৰ কল্প কাহিনী আৰু চুপাৰহিৰ’ৰ থ্ৰিমেই গ্ৰন্থবোৰৰ মূল বিষয় আছিল৷

গ্ৰাফিক নভেল শব্দটো ভুমুকি মৰাৰ সময়তে সেই সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত বজাৰ দখল কৰি আছিল ডিচি কমিকচয়ে৷ কিছুমান ক্ষেত্ৰত “গ্ৰাফিক নভেল” উপাধিটো এটা বিপণন শব্দহে আছিল৷ বহুতো গ্ৰাফিক গ্ৰন্থৰ শিৰোনাম পুনৰ পেকেজ কৰা পুৰণি আলোচনীৰ সংখ্যাৰে গঠিত আছিল আৰু পৃষ্ঠাৰ সংখ্যা পঞ্চাশতকৈ কম আছিল। ফ্ৰেংক মিলাৰৰ জাপানীজ মাংগাৰপৰা অনুপ্ৰেৰিত ৰনিনকে ধৰি আন কিছুমান কমিকচৰ যথেষ্ট নাম আছিল। তথাপিও প্ৰত্যক্ষ বজাৰৰ প্ৰথম বছৰবোৰ কমিকচৰ অনুৰাগীসকলে ছুপাৰ-হিৰো, কল্পবিজ্ঞান আৰু ফেণ্টাছীৰ কাহিনীৰ প্ৰতিহে আকৰ্ষিত আছিল৷ ১৯৯০ চনৰ মাজভাগলৈকে গ্ৰাফিক আখ্যানসমূহত এই ধাৰাটো চলিছিল৷ এই গ্ৰন্থবোৰৰ বৈশিষ্ট্য্য আছিল ক্ৰমান্বয়ে ক’লা ৰং আৰু কোলাহলপূৰ্ণ পৃষ্ঠাৰ গঠন। মাৰ্ভেল আৰু ডিচি কমিকচক উপকৃত কৰা সৰু, অধিক লক্ষ্যভিত্তিক প্ৰিন্ট ৰানৰ স্ব-প্ৰকাশিত কমিকচবোৰ বজাৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিছিল। লাহে লাহে গ্ৰাফিক গ্ৰন্থবোৰে ফিকচন আৰু ননফিকচন-দুয়োটা ফৰ্মৰে বিকাশ ঘটাই লেখকৰ বিষয়ভিত্তিক থ্ৰীমসমূহ সাঙুৰি ল’লে৷

প্ৰথম অৱস্থাত টিপিকেল কমিকচবিলাকৰ দৈৰ্ঘ্য চল্লিশ বা পঞ্চাশ পৃষ্ঠাৰ আছিল৷ সমকালীন মূলসুঁতিৰ গ্ৰন্থৰ বজাৰত নিজৰ স্হান অধিকাৰ কৰিবলৈ কমিকচ আৰটিষ্টসকলে গ্ৰন্থৰ আকাৰ বঢ়াই পাঠকৰ দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হয়৷ ১৯৭৬ চনৰপৰা ধাৰাবাহিকভাৱে প্ৰকাশিত ৰিচাৰ্ড কৰ্বেনৰ (Richard Karben) ফেণ্টাচি অভিযোজন ব্লাডষ্টাৰকে (Bloodstar Creative Series) ধৰি বহুতো প্ৰাচীন দীৰ্ঘ-ফৰ্মৰ কমিক এই ধাৰাসমূহৰ অন্তৰ্গত৷ ১৯৮০ চনত মাউছৰ (MAUS) উপৰিও দুটা ছুপাৰহিৰ’ আখ্যান ইয়াৰ আটাইতকৈ পৰিচিত উদাহৰণ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল: ফ্ৰেংক মিলাৰৰ বেটমেন: দ্য ডাৰ্ক নাইট ৰিটাৰ্নছ Batman:The Dark Knight Returns (১৯৮৬) আৰু এলান মুৰৰ ৱাচমেন (Watchmen) (১৯৮৭)। “গ্ৰাফিক নভেল” নামাকৰণেৰে মূলতঃ মাৰ্ভেল আৰু ডিচি ছিৰিজৰ বিক্ৰীৰ বাবে এক কৌশল হিচাপে কাম কৰিছিল। এলান মুৰে কৈছিল যে ‘গ্ৰাফিক নভেল’ টাৰ্মটো এক মাৰ্কেটিঙ কৌশলৰ বাদে একো নহয় আৰু কমিক আৰু গ্ৰাফিক নভেলৰ মাজৰ মৌলিক পাৰ্থক্য একেবাৰে কম৷ The Rising of Graphic Novel গ্ৰন্থখনত লেখক আলেকজেণ্ডাৰ ডানষ্টে (Alexander Dunst) কৈছে যে এলান মুৰৰ এই কথাষাৰৰপৰা আমি কব পাৰো যে গ্ৰাফিক নভেল কমিকচৰে এটি প্ৰকাৰ বা ভিন্নতা যেনেকৈ বাঘ মেকুৰী ফেমিলিৰ অন্তগৰ্ত৷ সেই সময়ত প্ৰকাশিত প্ৰাথমিক ছুপাৰহিৰ’ আৰু ফেণ্টাচি গ্রাফিক উপন্যাসসমূহ আৰু কমিকচৰ মাজৰ ব্যৱধান একেবাৰে ক্ষীণ আছিল৷ নিজৰ পৰিভাষা আৰু প্ৰকাশৰ আৰ্হিৰ বাহিৰে আন একোৱেই অমিল নাছিল। কেৱলমাত্ৰ গ্ৰাফিক ন’ভেল নামাকৰণেৰে এক নান্দনিক বিকাশৰ সম্ভাৱনা মুকলি কৰি দিছিল। এই ধাৰা 1990 মানলৈকে চলিছিল৷ মুৰৰ কথাষাৰৰ বিপৰীতে এলিচন বেচডেলে কয় যে এই তথাকথিত কমিকচবোৰ কেৱল গ্ৰাফিক ন’ভেল নহয় বৰঞ্চ এক প্ৰকাৰৰ সাহিত্য আৰু তেওঁৰ জীৱনীভিত্তিক ‘Fun Home’-এ দহখন শ্ৰেষ্ঠ গ্ৰাফিক গ্ৰন্থৰ ভিতৰত স্থান পায়৷ বেচডেল (Alison Bechde), খ্ৰাইশ ৱেৰ (Chris Ware) আৰু স্পাইগেলমেনে (Art Spiegelman) গ্ৰন্থৰ প্ৰতিযোগিতাত গ্ৰাফিক গ্ৰন্থত পুৰস্কাৰ বুটলিবলৈ ধৰে আৰু তেওঁলোকৰ সৃষ্টিসমূহ চিত্ৰ সংগ্ৰহালয়ত প্ৰদৰ্শিত হয়৷

দ্বিতীয় বিশ্বযুদ্ধৰ হল’কাষ্টৰ ট্ৰেজেদীক লৈ ৰচিত ‘MAUS’ নামৰ গ্ৰন্থখনৰ লেখক গ্ৰাফিক আৰটিষ্ট আৰ্ট স্পাইগেলমেনে এটা সাক্ষাৎকাৰত কৈছিল যে কমিকচৰ বাবে পুথিভৰাঁলসমূহত এখন ঠাই অধিকাৰ কৰাৰ প্ৰয়োজনীয়তা আছিল৷ সেয়েহে কমিকচক এক শিল্পলৈ উন্নীত কৰিবৰ বাবেই তেওঁৰ দৰে শিল্পীৰ লগতে আন বহু কেইজনে চেষ্টা কৰে৷ যদিওবা গ্ৰাফিক সাহিত্যৰ সমালোচকসকলে স্পাইগেলমেনেই এককভাৱে গ্ৰাফিক গ্ৰন্থৰ সৃষ্টিত অৰিহণা যোগাইছিল বুলি স্বীকৃতি দিয়ে৷ স্পাইগেলমেনৰ উপৰিও সেই সমকালীন সময়ৰ বহুকেইজনক সেই কৃতিত্ব দিয়া হয়৷ স্পাইগেলমেনে এটি সাক্ষাৎকাৰত শংকা প্ৰকাশ কৰি কৈছিল যে কমিকছৰপৰা অলপ পৃথক কৰি গ্ৰাফিক গ্ৰন্থৰ বিকাশ নোহোৱা হ’লে হয়তো নহ’লে সময়ৰ গতিত কমিকবোৰ হয়তো হেৰাই গ’লহেঁতেন৷ কিয়নো কোনো এক মাধ্যম জীয়াই থাকিবলৈ হ’লে শিল্পলৈ উন্নত হ’ব লাগিব৷ সেয়েহে পুথিভঁৰাল, কিতাপৰ দোকান আৰু সংগ্ৰহালয়ত কমিকৰ (comics) বাবে এখন সুকীয়া ঠাই উলিয়াবৰ বাবে স্পাইগেলমেনে গ্ৰাফিক ন’ভেলৰ কলেৱৰ বৃদ্ধি কৰি আৰু বিষয়বস্তুক আৰ্টৰ মাধ্যমেৰে প্ৰকাশ কৰি সাহিত্যৰ এক genre লৈ উন্নীত কৰে৷

শিশুসকলৰ বাবে ৰচিত কমিক বা কমিকছবোৰ প্ৰথমতে কোনো আলোচনী বা বাতৰিকাকতত প্ৰকাশিত ধাৰাবাহিক আছিল৷ এখন কমিকছ কাহিনী আৰু চিত্ৰৰ সমাহাৰত পূৰ্ণাংগ ৰূপত প্ৰকাশ হোৱাৰ পাছৰপৰাই গ্ৰাফিক গ্ৰন্থ শব্দটো জনপ্ৰিয় হৈ পৰে৷ পাছত গ্ৰাফিক নেৰেটিভে এক সুকীয়া স্থান দখল কৰি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰে৷ এই গ্ৰাফিক নেৰেটিভত স্ব প্ৰকাশিত কমিক, বাতৰিকাকতৰ সকলো কমিক ষ্টিপ অন্তভুৰ্ক্ত হোৱা নাছিল৷

কমিক(Comic বা comics) গ্ৰন্থৰ সমালোচক ৰিচাৰ্ড কাইলে প্ৰথম 1964 চনত কেপাআলফা (Capa-Alpha) নামৰ এখন নিউজলেটাৰত ‘গ্ৰাফিক’ শব্দটো ব্যৱহাৰ কৰিছিল৷ কমিক এমেচাৰ প্ৰেছ এলাইন্সয়ে এই নিউজলেটাৰখন প্ৰকাশ কৰিছিল৷ পুনৰ এইজন সমালোচকে সকলোবোৰ দীৰ্ঘ কমিকচৰ বিপৰীতে কলাসুলভ উপস্থাপন থকা কমিকছবোৰকহে গ্ৰাফিক ন’ভেল নামটো দিয়ে৷ ১৯৭৮ চনত আমেৰিকান কাৰ্টুনিষ্ট উইল আইজনাৰৰ ‘এ কনটেক্ট উইথ গড’ (A Contract with God) নামৰ গ্ৰন্থখন প্ৰকাশ হোৱাৰ লগে লগে গ্ৰাফিক ন’ভেল শব্দটো জনপ্ৰিয় হৈ পৰে আৰু সচেতন পাঠকৰ মাজত বহুল প্ৰচাৰিত হয়৷ আৰ্ট স্পাইগেলমেনৰ ‘Maus’’ ৰ দুয়োটা খণ্ডই আমেৰিকান গ্ৰন্থৰ বজাৰত জনপ্ৰিয় হৈ পৰে আৰু এই গ্ৰন্থখনে সন্মানীয় পুলিৎজাৰ বঁটা পাবলৈ সক্ষম হয়৷ সেই একে সময়তে ‘Watchman’ নামৰ ন’ভেলখনেও গ্ৰন্থৰ বজাৰত বিপুল সমাদৰ পায়৷

বৰ্তমান গ্ৰাফিক সাহিত্যই কমিকছ, গ্ৰাফিক উপন্যাস আৰু মাংগাক (Japenese Manga) সামৰি লয়৷ কেৱল যে কাহিনী কথনত গ্ৰাফিক গ্ৰন্থবোৰৰ কাহিনী উপস্থাপনত আৰ্টৰ শৈলী সলনি হৈছিল এনে নহয়, কমিকছ গ্ৰন্থবোৰতকৈ গ্ৰাফিক ন’ভেলবোৰৰ থিম চিৰিয়াছ হ’বলৈ ধৰে৷ স্পাইগেলমেনৰ ‘’MAUS’ মাৰ্জান চট্ৰাপিৰ ‘Persepolis’, বেচডেলৰ ‘Fun Home’ আদি গ্ৰন্থসমূহে একোটা চিৰিয়াছ বিষয়ক তুলি ধৰিছে৷ স্পাইগেলমেনৰ দেউতাক(Vladek Spiegelmen) আৰু তেওঁৰ পৰিয়ালে কেনেকৈ নাজী বাহিনীৰ নিৰন্ধ্ৰ অত্যাচাৰৰ বলি হৈছিল আৰু তেওঁ কেনেকৈ সেই অত্যাচাৰ আৰু নৃশংসতাৰপৰা উলাই আহি এজন হল’কাষ্ট চাৰভাইভৰ হৈ এক তীব্ৰ মানসিক যন্ত্ৰণাত জীৱন নিয়াইছিল সেইয়াই ‘MAUS’ ৰ দুয়োটা খণ্ডতে আছে৷ ফৰাচী ইৰাণীয়ান লেখিকা মাৰ্জান চট্ৰাপীৰ ‘Persepolis’ ত আছে ইৰাণত পেলভী শ্বাহসকলৰ পতন, আয়তোল্লা ৰহুল্লা খোমেইনিৰ নেতৃত্বত তথাকথিত ইছলামিক উত্থানৰ সময়ছোৱাত হত্যা, হিংসা, প্ৰতিবাদৰ এক বাস্তৱ ছবি৷ উল্লেখিত তিনিখন গ্ৰন্থই আত্মজীৱনীমূলক৷ আন এখন উল্লেখনীয় গ্ৰাফিক ন’ভেল হৈছে চীনা আমেৰিকান লেখক Gene Luen Yang-ৰ -“American Born Chinese”৷ এই গ্ৰন্থখনত প্ৰটাগ’নিষ্ট হৈছে আমেৰিকাত ডাঙৰ দীঘল হোৱা এজন চীনা কিশোৰ৷ এই গ্ৰন্থখনৰ ষ্টৰি টেলিং ইমানেই মনোগ্ৰাহী যে চীনা উপখ্যানৰ ব্যৱহাৰে এক অনন্যা মাত্ৰা দিছে৷

আমাৰ দেশতো আৰ্টিষ্ট অৰিজিত সেনে প্ৰথম গ্ৰাফিক উপন্যাস ‘River of Stories’ উলিয়ায়৷ সেনৰ গ্ৰন্থখনে নৰ্মদা বচাও আন্দোলনক থ্ৰিম হিচাপে লৈ চিত্ৰশিল্প আৰু শব্দৰ সমাহাৰত উপস্থাপন কৰিছে৷ এই গ্ৰন্থখনৰ চিত্ৰ ইমানেই শক্তিশালী যে কৃষকৰ সেই নিজ মাটি আৰু সংস্কৃতিৰ বাবে কৰা আন্দোলনক নান্দনিকতাৰে তুলি ধৰিছে৷ সেনৰ আন এখন জনপ্ৰিয় গ্ৰন্থ হৈছে ‘Food and Farning’৷ মটিভেচনেল স্পীকাৰ মালবিকা আয়াৰৰ জীৱন সংগ্ৰামৰ কাহিনীক লৈ ৰচিত হৈছে গ্ৰাফিক ন’ভেল হৈছে ‘MAI’ আৰু সাবিত্ৰী বাই ফুলেৰ বৰ্ণবাদৰ বিৰুদ্ধে আৰু নিম্ন বৰ্গৰ বিশেষকৈ নাৰী শিক্ষাৰ সপক্ষে কৰা আন্দোলনক লৈ ৰচিত হৈছে ‘A Gardener in the Wasteland’৷ বি আৰ আম্বেদকাৰৰ জীৱলকাহিনীক লৈ ৰচিত Bhimyana গ্ৰাফিক বায়’গ্ৰাফীখন শিশুসকলৰ মাজত অতি জনপ্ৰিয়৷ বহু গ্ৰাফিক গ্ৰন্থ প্ৰকাশ হৈছে যদিও আমাৰ দেশত এতিয়াও গ্ৰাফিক সাহিত্য চালুকীয়া অৱস্থাতে আছে৷

শেষত আমি কব পাৰোঁ যে কমিকছৰপৰাই উত্তৰণ হৈ গ্ৰাফিক নভেলৰ উৎপত্তি হৈছে কিন্তু এই গ্ৰাফিক গ্ৰন্থৰ শিল্প গুণ কমিকছতকৈ নি:সন্দেহে বেছি আৰু থ্ৰিমৰ ভিন্নতা আছে৷ কমিক্সৰ দৰে কেৱল কল্পকাহিনীৰ চিত্ৰায়ন নহয়৷ শিশুৰ লগতে প্ৰাপ্তবয়স্ক পাঠকেও এই গ্ৰন্থসমূহৰ ৰসাচ্ছাদন কৰিব পাৰে৷ আমাৰ অসমত এই কমিকছবোৰত এনে সম্পৰীক্ষা হোৱা নাই৷ টিংকল, ৰংমনৰ (বৰ্তমান প্ৰকাশ বন্ধ হৈছে) দৰে কমিকছ আলোচনীৰ পৰ্যায়তে আছে৷ গ্ৰাফিক গ্ৰন্থৰ প্ৰকাশ যিহেতু এটি খৰচী কাৰবাৰ আমাৰ প্ৰকাশক হ’লেও ইমান কম পাঠক থকা বজাৰ এখনত প্ৰকাশ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে৷ ইউৰোপ, আমেৰিকা আৰু জাপানত এই প্ৰকাৰৰ গ্ৰন্থৰ চাহিদা বেছি৷ ভাৰতৰ আন ঠাইত শিশুসকলৰ বাবে গ্ৰাফিক গ্ৰন্থৰ প্ৰকাশ হৈছে৷

এচাম সমালোচকে ক’ব বিচাৰে যে মূলসুঁতিৰ সংবাদ মাধ্যমেই গ্রাফিক নভেল শব্দটোক জনপ্ৰিয় কৰিছিল৷ শিশুৱে পঢ়া কমিকছৰ পৰা এই কিতাপবোৰ বস্তুগতভাৱে পৃথক বুলি ধাৰণাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি গ্ৰাফিক ন’ভেলবোৰৰ থিম আৰু ফৰ্ম সলনি কৰা হৈছিল৷ নিউজষ্টেণ্ড বা বুকষ্টৰত পোৱা কমিকবোৰতকৈ গ্ৰাফিক ন’ভেলবোৰৰ আকাৰ, দৃশ্য কলা, ৰং, আদিবোৰক এক কলাত্মক ৰূপ দিয়া হৈছিল৷ সংবাদ মাধ্যমৰ মনোযোগে গ্ৰাফিক ন’ভেলৰ জনপ্ৰিয়তাত সহায় কৰিছিল৷ সেয়েহে কেতিয়াবা গ্ৰাফিক ন’ভেলৱে কমিকছ শব্দটোক বদনাম কৰিছিল৷

****

গ্রাফিক নভেলৰ এটা মূল বৈশিষ্ট্য হ’ল কাহিনী উপস্থাপনৰ বাবে ৰং আৰু পেনেলৰ ব্যৱহাৰ। কমিকছতকৈ গ্ৰাফিক উপন্যাসৰ ফৰ্ম উন্নত আৰু দৈৰ্ঘ্য বেছি৷ আগৰেপৰা প্ৰকাশ হৈ থকা কমিকছবোৰ বাতৰিকাকত বা আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল আৰু নিউজষ্টেণ্ড বা বুকষ্টৰবোৰত পোৱা গৈছিল৷ বিপৰীতে গ্ৰাফিক ন’ভেলবোৰে চিত্ৰ আৰু শব্দ শিল্পৰ সহায়ত এটি সম্পূৰ্ণ দীঘলীয়া কাহিনী কোৱাৰ প্ৰাধান্য দেখা যায়৷ কমিকছবোৰ বিশেষকৈ শিশুৰ বিনোদনৰ বাবে ৰচনা কৰা হৈছিল৷ সেয়েহে অলৌকিক আৰু আধিভৌতিক কাহিনীয়ে প্ৰাধান্য পাইছিল আৰু লগতে কিছুমান কমিক বৃহত্তৰ আখ্যানৰ পৰা উদ্ধৃত কৰা হৈছিল৷

কমিকছ পঢ়ি ভাল পোৱা এচাম পাঠকেও বয়স বাঢ়ি যোৱাৰ লগে লগে এক প্ৰকাৰৰ পৰিপক্ক কাহিনীৰ গ্ৰাফিক উপন্যাসক আদৰণি জনাইছিল৷ তদুপৰি গ্ৰাফিক নেৰেটিভত ব্যৱহৃত ভিজুৱেলে পাঠকক কাহিনীৰ সৈতে সংযোগ স্থাপন কৰাত সহজ কৰি তোলে৷ বিংশ শতিকাৰ শেষৰ তিনিটা দশকত গ্ৰাফিক ন’ভেলে প্ৰথম গ্ৰন্থৰ বজাৰত আত্মপ্ৰকাশ কৰে৷ এই গ্ৰন্থসমূহৰ নিমাৰ্ণ কৌশলত নানা দৃশ্যকলাৰ ৰং আৰু পেনেলৰ বিন্যাস, ছাঁ আৰু পোহৰৰ ব্যৱহাৰ, আদি দিশবোৰলৈ গুৰুত্ব দিয়া হয়৷ আমেৰিকা আৰু গ্ৰেট বৃটেইনতে প্ৰথম গ্ৰাফিক ন’ভেল ৰচনাৰ আৰম্ভণি হয়৷

বিশ্বৰ কিছুমান বৃহৎ প্ৰকাশন প্ৰতিষ্ঠানৰ শেহতীয়া সংযোজনে গ্রাফিক নভেলৰ সম্প্ৰসাৰিত বজাৰখনক প্ৰতিফলিত কৰে। ২০১৯ চনত পেংগুইন ৰেণ্ডম হাউছে ৰেণ্ডম হাউচ গ্রাফিক (Random House Graphic) গঠন কৰে, যিটো বিভাগে শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে গ্রাফিক উপন্যাস প্রকাশক গুৰুত্ব দিয়ে। প্ৰায় একে সময়তে হাৰ্পাৰকলিন্সে তেওঁলোকৰ নিজাকৈ গ্রাফিক নভেল ইম্প্ৰিণ্ট হাৰ্পাৰ এলি (Harper Alley) মুকলি কৰে। পাব্লিচাৰ্ছ উইকলিৰ এক প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি যোৱা বছৰ প্ৰাপ্তবয়স্ক গ্রাফিক নভেলৰ বিক্ৰী ২৯% বৃদ্ধি পোৱা দেখা গৈছে৷ ছপা গ্ৰন্থৰ বজাৰ সংকোচিত হৈ অহাৰ সময়ত গ্ৰাফিক ন’ভেলৰ এই উত্তৰণৰ যাত্ৰা নিঃসন্দেহে আশাব্যঞ্জক৷

তথ্যসূত্ৰ:

  • The Rising of Graphic Novel–Alexander Dunst
  • Google Art and Culture

Leave a Reply

Your email address will not be published. Required fields are marked *