পাহাৰৰ শিখৰত।। মূল বাংলা: সুনীল গঙ্গোপাধ্যায়, অনুবাদ: নিৰোদ শৰ্মা
মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা
বহুদিন ধৰি মোৰ এখন পাহাৰ কিনাৰ চখ
কিন্তু পাহাৰ কোনে বিক্ৰী কৰে সেয়াটো মই নাজানো
যদি তেওঁক পালোঁহেঁতেন দেখা
দামৰ বাবে নবজিলহেতেঁন
মোৰ নিজস্ব এটা নদী আছে
পাহাৰটোৰ সলনি দিলোঁহেঁতেন তেওঁক নদী
কোনেনো নাজানে নদীৰ দাম পাহাৰতকৈ বেছি
পাহাৰ স্থিৰ অথচ নদী প্ৰবহমান
তথাপিও মই নদীৰ সলনি কিনিলোঁহেতেঁন পাহাৰ
কাৰণ মই ঠগ খাব বিচাৰোঁ
নদীখনো অবশ্যে কিনিছিলোঁ মই এটা দ্বীপৰ
বিনিময়ত
মোৰ শৈশৱত এটা সৰু অথচ সুন্দৰ দ্বীপআছিল
য’ত আছিল অসংখ্য পখিলা
শৈশৱত দ্বীপটো আছিল মোৰ অতিকৈ প্ৰিয়
যৌৱনত দ্বীপটো মোৰ বাবে জোখত বৰ সৰু যেন লাগিল
চিপচিপীয়া প্ৰবাহমান সৰু নদীখন মোৰ বেচ পচন্দ হ’ল
বন্ধুবৰ্গই কৈছিল এই টুকুৰা দ্বীপৰ বিনিময়ত
ইমান ডাঙৰ এখন নদী
বা: তইতো জিকি গ’লি সঁচাকৈ
জয়ৰ আনন্দত মই যেতিয়া বিহ্বল হৈ পৰিছিলোঁ
তেতিয়াই ভাল পাই পেলাইছিলোঁ নদীখনক
নদীয়ে দিছিল মোক বহু প্ৰশ্নৰ উত্তৰ
যেনে আজি ইয়াত বৃষ্টি হ’বনে সন্ধ্যাবেলা
নদীয়ে কৈছিল
ইয়াত বলিব আজি দক্ষিণৰ গৰম বতাহ
বৃষ্টি হ’ব মাথোঁ এটা সৰু দ্বীপত
সেয়া কি প্ৰবল বৃষ্টি
যেন এটি উৎসৱ
সেই দ্বীপলৈ আৰু উভতিব পৰা নাই কোনোদিনে
সকলোৱে জানে শৈশৱলৈ আৰু উভতিব পৰা নাযায় কোনোকালে
এতিয়া মই এটা পাহাৰ কিনিব খোজোঁ
সেই পাহাৰৰ কাষত থাকিব গহীন অৰণ্য
মই অতিক্ৰমি যাম সেই অৰণ্য
তাৰ পিছত মাথোঁ ৰুক্ষ কঠিন পাহাৰ
একেবাৰে শিখৰত মোৰ মূৰৰ ওপৰত আকাশ
তলত বিপুলা পৃথিৱী
চৌপাশে তীব্ৰ নিৰ্জনতা
নুশুনিব কোনোৱে মোৰ কণ্ঠস্বৰ তাত
মই ঈশ্বৰ নামানো
তেওঁ মোৰ মূৰৰ কাষত নত হৈ নহ’ব থিয়
মই মাথোঁ দশোদিশক উদ্দেশ্যি কম
প্ৰত্যেক মানুহেই অহংকাৰী
ইয়াত মই অকলশৰীয়া
ইয়াত মোৰ কোনো অহংকাৰ নাই
ইয়াত জয়ী হোৱাৰ সলনি ভাল লাগে ক্ষমা খুজি
হে দশোদিশ মই কোনো দোষ কৰা নাই
মোক ক্ষমা কৰি দিয়া।
(মুখ্য সম্পাদকৰ টোকা : সুনীল গঙ্গোপাধ্যায়ৰ এইটো কবিতাৰ অনুবাদ মুক্ত চিন্তাৰ তৃতীয় বছৰ, তৃতীয় সংখ্যাত প্ৰকাশ পাইছিল। ভিন্নজনে কৰা অনুবাদৰ ৰস বেলেগ বেলেগ; লগতে, তেনে ভিন্নতা অনুবাদৰ কলা-কৌশলৰ সন্দৰ্ভত পাঠকৰ বাবেও শিক্ষাপ্ৰদ। আগতে প্ৰকাশ হোৱা অনুবাদটি পঢ়িবলৈ ইয়াতে টিপক।)

