মূল্যায়ন: বৈচিত্র্য আৰু সমস্যা ।। প্ৰসেনজিৎ চৌধুৰী
মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
মীনাক্ষীঃ আৰে! পলিটিক্স নকৰিবা বন্ধু শুনিছে? বলীনদা, আপুনি জুবিনৰ গানো শুনে নেকি? কি আচৰিত!
বলীনদাঃ কি হ’ল? একে জাঁপে চকু কপালত উঠিল যে? জুবিনৰ গান নুশুনো বুলি এফিডেভিট চহী কৰি থৈছোঁ নেকি? শুনো, আমাৰ পিছৰ প্রজন্মৰ গান-বাজনা মাজে মাজে শুনো— অৱশ্যে কাণ আৰু হৃৎযন্ত্রৰ নিৰাপত্তাৰ প্রশ্নটোক আওকাণ নকৰাকৈ কাম ফেৰা কৰোঁ। আজিৰ প্রজন্মৰ সৃষ্টিৰ প্রতি আমি গুৰুত্ব সহকাৰে চকু দিবই লাগিব, নহ’লে নতুন যুগৰ চেহেৰা-চৰিত্র বুজিবা কেনেকৈ, কেনেকৈ অনুধাৱন কৰিবা সংস্কৃতিৰ বুকুলৈ অহা পৰিৱর্তনৰ ৰেহ-ৰূপ? পিছে আমি ভূপেন হাজৰিকাৰ যুগৰ মানুহ। সেই যুগৰ সমাজমুখী গানবোৰৰ বেলেগ আমেজ পাওঁ।
মৈনাকঃ অলপ নষ্টালজিকো হৈ পৰে চাগে।
বলীনদাঃ ঠিক ধৰিছা। ভূপেনদাৰ গান শুনিলে গণনাট্য সংঘৰ কথা মনত পৰে, মনত পৰে তেতিয়াৰ আন্দোলন-আলোড়নৰ কথা।
মীনাক্ষীঃ তেওঁৰ গানৰ সেই গণমুখী চৰিত্রই আজিও আমাক অভিভূত কৰে, অনুপ্রাণিত কৰে। পিছে এটা কথা মন কৰিছে নে বলীনদা? ভূপেন হাজৰিকাক সুধাকণ্ঠ বা গণকণ্ঠ বুলিয়েই অনুৰাগীসকল ক্ষান্ত থাকিল। আনহাতে মোৰ কোনো ভগৱান নাই বুলি কোৱা জুবিনক বনাই দিলে ঈশ্বৰপুত্র।
বলীন দাঃ এয়া আবেগোচ্ছাসৰ অবাঞ্ছিত পৰিণাম। খুব সম্ভৱ অকালতে আৰু আকস্মিকভাৱে জুবিনৰ মৃত্যু নোহোৱা হ’লে ঈশ্বৰ তেওঁৰ পিতৃত্বৰ পৰা বঞ্চিত হ’লহেঁতেন।
মৈনাকঃ এনে আবেগোচ্ছ্বাসে কিন্তু মূল্যায়নৰ ক্ষেত্রত খেলিমেলিৰ সৃষ্টি কৰে। কেৱল জুবিনৰ বেলিকাই নহয়, যি কোনো ব্যক্তি, যুগ, ঘটনা আদিৰ মূল্য নিৰূপণ কৰাৰ ক্ষেত্রত আবেগৰ আধিক্যই হেঙাৰ দিয়ে।
বলীনঃ খাঁটি কথা। আবেগৰ প্রাবল্যই কেতিয়াবা উদ্দাম বন্দনাৰ আৰু কেতিয়াবা উদগ্র তিৰষ্কাৰৰ ৰূপ লয়। অবধাৰিতভাৱে মূল্যাংকন আক্রান্ত হয় অন্ধতাৰ ভাইৰাছৰ দ্বাৰা।
মীনাক্ষীঃ দেওবাৰে আমাৰ ঘৰত আড্ডা মাৰোতে মূল্যায়নৰ বিষয়টো ওলাইছিল, মনত আছে? পিছে বেবেৰিবাং কথাৰ ঠেলাঠেলিত বিষয়টো তল পৰিল।
বলীনদাঃ আড্ডা মাৰোতে এজেণ্ডা নাথাকে। গতিকে কেতিয়াবা গুৰুতৰ বিষয় গৌণ হৈ পৰাটো তেনেই স্বাভাৱিক কথা।
মীনাক্ষীঃ মূল্যায়নৰ কথা ওলাওঁতে মৈনাকে halo effectsৰ কথা কৈছিল। মৈনাক, সেই দিনা তুমি ক’বলৈ সুযোগ নোপোৱা কথাখিনি বলীনদাক কোৱাচোন।
মৈনাকঃ বলীনদাই সেইবোৰ জানেই।
বলীনদাঃ ওহোঁ, জানো বুলি ধৰি নল’বা। আজিকালি জনা কথাও নজনা হৈছোঁ। স্মৃতিৰ আর্কাইভত সাঁচি থোৱা কথাবোৰ সংগোপনে পলাই পত্রং দিয়ে। কোৱাচোন মৈনাক, halo effectৰ বিষয়ে
মৈনাকঃ Halo effectৰ সাৰমর্ম বুজিবলৈ আমি এটা উদাহৰণ ল’ব পাৰোঁ। ধৰা, ইংলেণ্ডৰ নামজ্বলা বিশ্ববিদ্যালয়ৰ এগৰাকী তীক্ষ্ণধী ব্যক্তি সুখ্যাতিৰে পি এইছ ডি ডিগ্রী লৈ আহিল। তেওঁৰ অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় পাই মানুহ আনকি বিশ্ববিদ্যালয়ৰ এচাম সহকর্মীও মুগ্ধ হ’ল। কিন্তু এই মুগ্ধতাই মানুহৰ মনত এক ধৰণৰ ভুল বা ভিত্তিহীন ধাৰণাৰ জন্ম দিলে। মানুহে ধৰি ল’লে ফৰেন-ফেৰৎ পণ্ডিত গৰাকীৰ ব্যক্তিত্বও উচ্চ মানৰ— তেওঁৰ হৃদয় মহানুভৱ, মানসিকতা মালিন্য-মুক্ত, জীৱন-শৈলী সুষম ইত্যাদি ইত্যাদি। পাণ্ডিত্যৰ গুণে মানুহৰ মনত জন্ম দিয়া এনে কল্পিত ইতিবাচক ধাৰণাবোৰ halo effectsৰ পৰিণাম।
বলীনদাঃ কোনো সন্দেহ নাই, এনে effectএ মূল্যায়নক পক্ষপাতদুষ্ট কৰিবই। জুবিনক ঈশ্বৰপুত্র আখ্যা দিয়াটো এই halo effectৰেই উদ্ভট পৰিণাম যেন লাগে।
মৈনাকঃ আপোনাৰ অনুমান এশ শতাংশ যুক্তিসম্মত। পিছে আমোদজনক কথা হ’ল, halo effectৰ বিপৰীত প্রক্রিয়াও কেতিয়াবা দেখা যায়— horn effect
মীনাক্ষীঃ horn effect? সেইদিনাতো এই বিপৰীত effectৰ কথা কোৱা নাছিলা?
মৈনাকঃ কোৱাৰ সুযোগ পালোঁ ক’ত? Halo শব্দটোৰ আঁত ধৰি আমাৰ ৰসিক বন্ধু এজনে হাল্লা-effectৰ প্রসংস উলিয়ালে।
বলীনদাঃ হাল্লা-effect?!
মৈনাকঃ কাৰোবাৰ সামান্য বা গতানুগতিক সাফল্যক লৈ মিডিয়াই ইমানেই হাল্লা কৰে যে一
বলীনদাঃ বুজিছোঁ, বুজিছোঁ। অহৰহ দেখিছোঁ, শুনিছোঁ হাস্যকৰ হাল্লা– effectৰ বিৰক্তিকৰ পৰিণাম। Performative Politicsৰ কায়দা-কিটিপ জনা চতুৰ ৰাজনীতিকে ৰাস্তাৰ কাষৰ সাধাৰণ হোটেলত বহি চাহ খোৱাৰ পৰিকল্পিত নাটক কৰিলেই মিডিয়া মুখৰ হৈ পৰে। এয়া আচলতে আত্ম-বিপননৰ কৌশলী প্রয়াস।
মৈনাকঃ কেতিয়াবা অৱশ্যে জাতীয় হীনমন্যতাৰ কাৰণেও মিডিয়াৰ পৃথিৱীত চিঞৰ-বাখৰ শুনা যায়। আনহাতে সংবাদ পত্রৰ মুনাফাৰ কথাও আছে।
বলীনদাঃ ঠিক কৈছা। আত্ম-বিপনন এটা দিশহে। অন্যান্য বহু দিশো আছে।
মীনাক্ষীঃ বলীনদা, কেতিয়াবা ভাব হয় আপোনাৰ কিছুমান ব্যাখ্যা অলপ চিনিকেল নেকি!
মৈনাকঃ জীৱনৰ বন্ধুৰ বাটত লাভ কৰা অভিজ্ঞতা তথা পর্য্যবেক্ষণৰ সৰহভাগৰেই সোৱাদ তিতা হ’লে অসতর্ক মুহূর্তত মানৱ-প্ৰেমিক মানুহো কিঞ্চিৎ চিনিকেল হৈ পৰে।
বলীনদাঃ নিভাঁজ দার্শনিক ভাষ্য।
মীনাক্ষীঃ সেইবোৰ বাদ দিয়া মৈনাক। Horn effectsৰ বিষয়ে কোৱাচোন।
মৈনাকঃ পুনৰ এটা উদাহৰণৰ সহায়ত এই বিধ effectsৰ বৈশিষ্ট্য বুজিবলৈ যত্ন কৰা যাওক। ধৰা, এজন জনপ্রিয় শিল্পী। কওঁ অত্যধিক মদ্যপান কৰে, বেয়া মাত মাতে, মঞ্চত উদ্ভণ্ডালি কৰে, নিজৰ খেয়াল-খুচি মতে চলে। আনহাতে বিভিন্ন সামাজিক সমস্যা সন্দর্ভত তেওঁৰ কেতবোৰ বক্তব্য সাহসী, স্পষ্ট, যুক্তিপূর্ণ কিন্তু অত্যধিক মদ্যপান আৰু আনুষংগিক আচৰণৰ বাবে বহুতে তেওঁৰ বক্তব্যবোৰ গুৰুত্বপূর্ণ বুলি নাভাবে। কিছুমানে আনকি তেওঁৰ ব্যক্তিত্বত এক ধৰণৰ বাতুলতা –
বলীনদাঃ মানে বটলজাত বাতুলতা-
মৈনাকঃ হয়, তেনে ধৰণৰ বাতুলতা বিচাৰি পায়। তেওঁলোকে negative biasক প্রশ্রয় দিয়ে। এই চাম মানুহে খুঁচৰি খুঁচৰি তেওঁৰ খুটহে উলিয়ায়। গোটেই প্রক্রিয়াটো horn effectৰ দৃষ্টান্ত।
বলীনদাঃ কোনো সংশয় নাই সে এই ধৰণৰ effectএ মূল্যায়নৰ বাটত হেঙাৰ দিয়ে। Halo effectৰ দৰে horn effect-এও পক্ষপাতিত্বক উদগনি দিয়ে। আৰু য’ত পক্ষপাতিত্ব থাকে তাত যথার্থ বস্তুনিষ্ঠ মূল্যায়ন সম্ভৱেই নহয়।
মীনাক্ষীঃ ইমান পৰে আমি ব্যক্তিৰ মূল্যায়নৰ ক্ষেত্ৰতহে halo effect আৰু horn effectৰ ভূমিকা কি প্ৰকাৰৰ হ’ব পাৰে তাৰ বুজ ল’বলৈ যত্ন কৰিলোঁ। পিছে সমষ্টিৰ বেলিকা অথবা এটা যুগ, এখন দেশ আৰু তাৰ সংস্কৃতিৰ মূল্যায়নৰ ক্ষেত্ৰত মৈনাকে উল্লেখ কৰা effect দুবিধে কি ধৰণৰ প্ৰভাৱ পেলাব পাৰে তাৰ স্বৰূপ বুজাৰ প্রয়োজনো আছে।
বলীনদাঃ নিশ্চয় আছে আলোচনা-বিলোচনা কেৱল ব্যক্তিতেই আবদ্ধ ৰাখিলে দুৱাৰ-খিৰিকি মাৰি বন্ধ কোঠাত সোমাই থকাৰ দৰে হ’ব। পিছে এটা কথা মীনাক্ষী, সমষ্টিৰ ক্ষেত্রত বিষয়টো অলপ জটিল যেন লাগে। এজন যুৱকে সলসলীয়াকৈ ইংৰাজী ক’ব পাৰে। এই বাকপটুতাৰ কাৰণে মানুহে ভাবি ল’ব পাৰে যে যুৱকজন জ্ঞানৰ ভূমা ভাণ্ডাৰ। ই halo effect ৰ সহজবোধ্য উদাহৰণ। সমষ্টিৰ বেলিকা কথাটো ইমান উজু নহ’বও পাৰে। তুমি কি কোৱা মৈনাক?
মৈনাকঃ তুমি গুৰুত্বপূর্ণ দিশ এটালৈ আঙুলিয়াইছা বলীনদা। জটিলতাৰ বুজ ল’বলৈ আমি এইখিনিতে ঔপনিবেশিক ইতিহাসৰ পৰা এটা উদাহৰণ ল’ব পাৰোঁ। উন্নত দেশ এখনে দখল কৰা উপনিবেশত halo effectsৰ প্রাধান্য প্রথম অৱস্থাত থকাটো স্বাভাৱিক। কিন্তু ঔপনিবেশিক শক্তিৰ বিৰুদ্ধে ক্ষোভ আৰু সংগ্রাম তীব্রতৰ হোৱাৰ লগে লগে horn effects প্রভাৱ যে বাঢ়ি যাব তাত কোনো সন্দেহ নাই।
বলীনদাঃ সুন্দৰ উদাহৰণ। তোমাৰ উদাহৰণটোৰ পৰা বুজিব পাৰি যে ৰাজনৈতিক প্রেক্ষাপটৰ পৰিৱর্তনে মূল্যায়নৰ চৰিত্রও সলনি কৰে।
মীনাক্ষীঃ মৈনাকৰ, বক্তব্য শুনি থাকোঁতে আমেৰিকাৰ লগত সম্পর্কিত কেতবোৰ প্রাসংগিক কথা মনলে আহিছে। কওঁনে?
মৈনাকঃ তুমি কওঁনে বুলি অনুমতি বিচাৰিছা কিয়?
বলীনদাঃ পিতৃতান্ত্রিক বিষবৃক্ষৰ শিপাই— তোমাৰ অজ্ঞাতেই— তোমাৰ চেতনাৰ সর্বনিম্ন স্তৰত হয়তো চুইছে গৈ!
মীনাক্ষীঃ ছৰি, ছৰি বলীনদা।
বলীনদাঃ তোমাৰ মনলে অহা কথাবোৰ কোৱাচোন।
মীনাক্ষীঃ বিজ্ঞান-প্রযুক্তিৰ অবিশ্বাস্য অগ্রগতিৰ বাবে আমেৰিকাৰ নাম আজি মানুহৰ মুখে মুখে। এই খ্যাতিৰ ফলস্বৰূপে এচাম মানুহে ধৰি লৈছে যে সেইখন দেশৰ নীতি আৰু কাম-কাজবোৰ সুবিবেচনাপ্রসূত। ই জানো halo effects ৰ পৰিণাম নহয়? আনহাতে কৃষ্ণাংগ সম্পর্কে অধিকাংশ শ্বেতাংগৰ যি প্রতিকূল ধাৰণা আৰু বৈষম্যমূলক আচৰণ তাৰ আঁৰত আছে horn elfects ৰ প্রভাৱ। শ্বেতাংগসকলে ভাবে যে, ছালৰ ৰং ক’লা হোৱাটো এক নেতিবাচক বৈশিষ্ট্য। এনে ধাৰণাৰ ফলত— horn effect ৰ পৰিণাম হিচাপে— কৃষ্ণাংগসকলক সমাজ-বিৰোধী বা অপৰাধ প্রৱণ জনগোষ্ঠী ৰূপে গণ্য কৰা হয়।
বলীনদাঃ কৃষ্ণাংগসকলৰ অপৰাধপ্রৱণতাৰ প্ৰসংগত এটা গুৰুত্বপূর্ণ তথ্য তোমাক জনাই থওঁ। অলপতে artificial intelligence ৰ বিষয়ে লিখা এখন সহজবোধ্য কিতাপ পঢ়িবলৈ যত্ন কৰি কৰিছিলোঁ। কিতাপখনৰ নাম— AI vs Mind। ছাব-টাইটেলটো কি আছিল মনত নাই। লেখকৰ কেৱল উপাধিটোহে মনত আছে Binder।
মৈনাকঃ David Alan Binder I
বলীনদাঃ সেই Binderৰ কিতাপখনত এটা বৰ গুৰুত্বপূর্ণ তথ্য পালোঁ। মার্কিন প্রশাসনে artificial intelligence ৰ সহায়ত অপৰাধক পুনঃ সংঘটন সন্দর্ভত এটা সমীক্ষা চলাইছিল। দেখা গ’ল, পুনৰ অপৰাধমূলক কাম-কাজত লিপ্ত হোৱাৰ সম্ভাৱনা শ্বেতাংগসকলতকৈ কৃষ্ণাংগসকলৰ ক্ষেত্ৰত বেছি। অথচ তেওঁলোকৰ অপৰাধৰ ৰেকর্ড শ্বেতাংগ সকলৰ দৰেই। লেখকে কৈছে যে এনে হোৱাৰ কাৰণ হ’ল— পক্ষপাতদুষ্ট তথ্যৰ ভিত্তিত algorithmক প্রশিক্ষণ দিয়া হৈছে।
মীনাক্ষীঃ কিন্তু বহুতে দেখোন কয় AI একেবাৰে নিৰপেক্ষ।
বলীনদাঃ কৰযোৰে মিনতি কৰিছোঁ মীনাক্ষী, এই বিষয়ে মোক প্রশ্ন নকৰিবা। কৃত্রিম বুদ্ধিমত্তাৰ কায়দা-কিটিপ এই অধমৰ অকৃত্রিম বুদ্ধিয়ে ঢুকি নাপায়।
মীনাক্ষীঃ ঠিক আছে বলীনদা। প্রার্থনা মঞ্জুৰ। এতিয়া পুনৰ মূল্যাংকনৰ প্ৰসংগলে আহোঁ। মৈনাক, তুমিয়েই আৰম্ভ কৰা।
মৈনাকঃ মূল্যাংকনৰ সৈতে মানুহৰ দৃষ্টিভংগী তথা মনোভাবৰ সম্পর্ক বৰ নিবিড়। সেই কাৰণে শ্রেণী, বর্ণ, ৰাজনৈতিক স্থিতি, সাংস্কৃতিক চেতনা আদিৰ পৰা আমি মূল্যায়নৰ প্রশ্নটোক নিলগাই চাব নোৱাৰোঁ। বৃটিছ সাম্ৰাজ্যবাদৰ ধ্বজাধাৰী মেকলে চাহাবে ভাৰতীয় সাহিত্য-সংস্কৃতিক উপলুঙা কৰিছিল। তেওঁৰ যি বহুচর্চিত কুখ্যাত মূল্যায়নধর্মী মন্তব্য তাত উচ্চমন্যতাৰ সাংস্কৃতিক ঔদ্ধত্যৰ সুৰ বেছ স্পষ্ট। এই ধৰণৰ বিদ্বেষাত্মক মূল্যায়নে এচাম ভাৰতীয়ৰ মনত হীনমন্যতাৰ বীজ ৰোপণ কৰিছিল, তেওলোকৰ আত্ম-মূল্যায়ন হৈ পৰিছিল পক্ষপাত-দুষ্ট। এই আত্ম-অবমাননাৰ ফলত কিছু শিক্ষিত লোকৰ মাজত অনুকৰণ-প্রিয়তা হৈ পৰিল আধুনিকতাৰ লক্ষণ।
বলীনদাঃ কিন্তু এতিয়াতো বিপৰীত প্রক্রিয়া বেছ জোৰদাৰ হৈছে!
মীনাক্ষীঃ মানে?
বলীনদাঃ বিশ্বগুৰু হোৱাৰ সদম্ভ হাবিয়াসৰ হুংকাৰ শুনা নাই? কেৱল আধ্যাত্মিক শ্রেষ্ঠতাই নহয়, আধুনিক বিজ্ঞানকো হাইজেক কৰি প্রাচীন যুগলৈ লৈ যোৱাৰ অভিযান আৰম্ভ হৈছে। কোনোবা দিনা শুনিবা, আকাশত আজিকালি বিচৰণ কৰা দ্রোণবোৰ দ্ৰোণাচার্য্যৰেই আৱিষ্কাৰ।
মৈনাকঃ সুদূৰ অতীতত আমাৰ দেশত বিজ্ঞানৰ মৌলিক চর্চা হোৱাটো সঁচা। কিন্তু আপুনি যি সাম্প্রতিক অভিযানৰ কথা কৈছে সি প্রকৃততে ঐতিহ্যৰ মূল্যায়নত অতিৰঞ্জনৰ উজ্জ্বল ৰহন সানি আত্ম-শ্রেষ্ঠত্ব প্রতিপন্ন কৰাৰ প্রয়াস।
মীনাক্ষীঃ ই দৰাচলতে ঔপনিবেশিক ভাৰতত জন্ম লোৱা সাংস্কৃতিক জাতীয়তাবাদৰ উত্তৰ-ঔপনিবেশিক অভিব্যক্তি।
মৈনাকঃ মন কৰিবলগীয়া কথা হ’ল, সাম্প্রতিক কালৰ এই উত্তৰ-ঔপনিবেশিক সংষ্কৰণক সাম্রাজ্যবাদ-বিৰোধিতাৰ পোছাক পিন্ধাই আকর্ষণীয় কৰি তোলা হয়।
বলীনদাঃ মূল্যায়নৰ বেলিকা আৰু এবিধ মানসিকতাই কেতিয়াবা বেয়া প্রভাৰ পেলায়া
মীনাক্ষীঃ কি ধৰণৰ সনসিকতাৰ কথা কৈছে বলীনদা?
বলীনদাঃ পেৰানইয়া। অসুস্থ — অযুক্তিকৰ সন্দেহপ্রবণতা। সাম্প্রদায়িক ৰাজনীতিৰ জাতকো হ’ব পাৰে, জনকো হ’ব পাৰে। এনে মানসিকতাৰ দ্বাৰা মূল্যায়নকাৰী আক্রান্ত হ’লে এটা সম্প্রদায়ক নিঃসংকোচে অপৰাধপ্ৰৱণ, চক্রান্তকাৰী বা দেশদ্রোহী ৰূপে চিহ্নিত কৰিব পাৰে।
মীনাক্ষীঃ পেৰানইয়াগ্ৰস্ত মূল্যায়নকাৰীয়ে ইতিহাসক বিকৃত কৰে বা দুই-এটা নির্বাচিত তথ্য সুচতুৰভাৱে ব্যৱহাৰ কৰি নিজৰ বক্তব্যৰ যুক্তিযুক্ততা প্রমাণ কৰিব বিচাৰে। কেৱল ধর্মৰ নামতেই নহয়, ভাষাৰ নামতো, জাতি-জনগোষ্ঠীৰ নামতো এই কুকার্য্যবোৰ চলি থাকে।
বলীনদাঃ ইতিহাস তোমাৰ অধ্যয়নৰ বিষয়। গতিকে কুকর্ম বোৰৰ বিতং খবৰ তুমি ভালদৰে জানিবা। যিমান দূৰ মনত পৰে যোৱা বছৰ তুমি এই সম্পর্কে আমাক কিছু কথা জনাইছিলা। সেইদিনা তোমাৰ বিষয় আছিল- বাঙালী আমোলাৰ চক্রান্তৰ তত্ত্ব।
মৈনাকঃ আচলতে কেউ ফালে চক্রান্তৰ ভূত দেখা মানুহে বিচাৰ-বুদ্ধিৰ সঠিক প্রয়োগ কৰিব নোৱাৰে। পিছে এটা কথা তুমি মন কবিছানে বলীনদা? আমি মূল্যায়নত বিভিন্ন সম্পর্কে আলোচনা কৰিলেও এটা গুৰুত্বপূর্ণ দিশৰ প্রতি যথাযথ মনোযোগ দিয়া নাই।
মীনাক্ষীঃ কোনটো দিশৰ কথা কৈছা?
মৈনাকঃ দৃষ্টিকোণ। মূল্যায়নৰ চৰিত্রৰ লগত দৃষ্টিকোণৰ সম্পর্ক অতি ঘনিষ্ঠ। এই সন্দর্ভত অলপ আভাস দিছোঁৱেই। কিন্তু সেয়া যথেষ্ট নহয়। প্রকৃততে প্রতিটা মূল্যায়নৰ আঁৰত দৃষ্টিকোণৰ ভূমিকা অনুভৱ কৰা যায়। অৱশ্যে এই ভূমিকা, সকলো ক্ষেত্রত পোনপটীয়া বা পৰিকল্পিত নহ’বও পাৰে। পিছে এটা কথা খাটাংকৈ ক’ব পাৰি— দৃষ্টিকোণৰ প্রশ্নটোক আওকাণ কৰিলে আমি মূল্যায়নৰ মর্মবস্তু অনুধাৱন কৰিব নোৱাৰিম।
বলীনদাঃ যথার্থ যুক্তি।
মীনাক্ষীঃ মৈনাকে যি দৃষ্টিকোণৰ কথা কৈছে তাৰ নমুনা ইতিহাসৰ পাতত সিঁচৰতি হৈ আছে। এটা সহজ নমুনা দিওঁ। ঊনৈশ শতিকাত বহু ভাৰতীয় মনীষীয়ে ভাবিছিল যে ভাৰতত বৃটিছৰ আগমন-
বলীনদাঃ মানে শাসন আৰু সাম্রাজ্য বিস্তাৰ
মীনাক্ষীঃ সেই শাসন তেওঁলোকৰ দৃষ্টিত আছিল এক ঈশ্বৰ-নির্দেশিত পৰিঘটনা। এই ব্যাখ্যাই জানো তেওঁলোকৰ গভীৰ আনুগত্যৰ আভাস নিদিয়ে?— তেওঁলোকৰ ৰাজনৈতিক দৃষ্টিকোণৰ আভাস নিদিয়ে?
মৈনাকঃ নিশ্চয় দিয়ে।
বলীনদাঃ গুৰুত্বপূৰ্ণ কথা হ’ল, এই ৰাজনৈতিক দৃষ্টিকোণৰ গুৰিত আছিল মনীষীসকলে প্রতিনিধিত্ব কৰা শ্রেণীটোৰ স্বার্থ।
মৈনাকঃ অন্ততঃ এই স্বার্থ তেওঁলোকৰ আনুগত্যৰ প্রধান আধাৰ আছিল বুলি ক’ব পাৰি। আনহাতে মীনাক্ষীয়ে উল্লেখ কৰা মোহাচ্ছন্ন ব্যাখ্যাই মনীষী সফলৰ আস্তিক্য-অনুপ্রাণিত ইতিহাস-দর্শনৰো ইংগিত দিয়ে। বৃটিছ-ৰাজৰ যি ভূমিকা তাৰ মূল্যায়নৰ ক্ষেত্রত এনে ঈশ্বৰাশ্রয়ী ব্যাখ্যাই উনৈশ শতিকাৰ ৰাজনৈতিক মনস্তত্ত্বক নিশ্চয় প্রভাৱ পেলাইছিল— অন্ততঃ সাম্ৰাজ্যবাদ-বিৰোধী জাতীয়তাবাদৰ উত্থানৰ আগলৈকে।
বলীনদাঃ তোমাৰ শেষৰ বাক্যটোৰ নেগুৰত নিহিত আছে এক ঐতিহাসিক টার্নিং পইণ্টৰ সমাচাৰ। ৰাজনৈতিক জাতীয়তাবাদে ক্রমশঃ মূৰ দাঙি উঠাৰ পিছত বৃটিছ-ৰাজৰ মূল্যায়ন অন্য ধৰণে, হ’ব ধৰিলে। প্রায় সমান্তৰাল সংস্কাৰ আন্দোলনকো পোনে পোনে বা কৌশলেৰে সমালোচনা কৰা আৰম্ভ কৰিলে ঐতিহ্যগৰ্বী জাতীয়তাবাদীসকলে। ঊনৈশ শতিকাৰ ভাৰতৰ ই এক অবাঞ্ছিত অধ্যায়— ৰাজনৈতিক জাতীয়তাবাদ আৰু সংস্কাৰপন্থাৰ স্থায়ী সুষম সমন্বয় নঘটিল।
মীনাক্ষীঃ ঠিক কৈছে বলীনদা। মহাৰাষ্ট্ৰৰ পণ্ডিতা ৰামাবাঈকে চাওক। তেওঁৰ ব্যক্তিত্ব তেজস্বী, ভাবধাৰা অসাধাৰণ, কর্মৰাজি অকুতোভয়। নাৰীবাদী দৃষ্টিকোণৰ পৰা এই গুণসমূহৰ তাৎপর্য্য অপৰিসীম। কিন্তু জাতীয়তাবাদী শিবিৰে এনে মূল্যায়নক কেতিয়াও হয়ভৰ নিদিয়ে। নক’লেও হ’ব যে খৃষ্ট ধর্মত দীক্ষিত নোহোৱা হ’লেও পণ্ডিতা ৰামাবাঈৰ চিন্তা আৰু কাম-কাজে জাতীয়তাবাদী বা পৰম্পৰাৰ নিভাঁজ অনুৰাগীৰ সমর্থন-সহানুভূতি নাপালেহেঁতেন।
মৈনাকঃ ৰামাবাঈৰ কথা ওলাল যেতিয়া ইয়ং বেংগলৰ বিষয়েও দুআষাৰ কওঁ। সত্যৰ অন্বেষণ অৰু ব্যক্তিস্বাতন্ত্র্য আছিল তেওঁলোকৰ মূলমন্ত্র। কলিকতাৰ হিন্দু কলেজৰ মুক্তচিত্ত শিক্ষক ডিৰোজিওৰ একান্ত অনুগামী এচাম ছাত্রই দেশীয় ঐতিহ্যক বুঢ়া আঙুলি দেখৱাবলৈ তিলমানো কুণ্ঠা বা শংকা বোধ কৰা নাছিল। তেওলোকৰ লিখা-মেলা আছিল নির্ভীক, আচৰণ বেপৰোৱা— কেতিয়াবা আক্রমণাত্মাকো (আনকি গোমাংস খাই প্রতিবেশীৰ শান্তি ভংগ কৰাৰ দৰে ঘটনাও তেওঁলোকে ঘটাইছিল। মূল্যায়নৰ বেলিকা এওঁলোকৰ ভূমিকম্পক জাতীয়তাবাদী শিবিৰে সন্দেহ আৰু অবজ্ঞাৰ দৃষ্টিৰে চোৱাটোৱেই প্রত্যাশিত। কিন্তু যিসকল ৰেডিকেল অপ্রিয় প্রশ্নেৰে পৰম্পৰাৰ ভেঁটি থৰক-বৰক কৰিবলৈ যিসকলে ভয় নকৰে তেওঁলোকৰ বিচাৰত ইয়ং বেংগল বিসম্বাদৰ প্রতিভূ, আমূল ৰূপান্তৰৰ প্রবক্তা।
বলীনদাঃ তোমাৰ যুক্তিত দ্বিমত হোৱাৰ প্রশ্নই নুঠে। পিছে এটা কথা মন কৰিছানে?
মৈনাকঃ কি?
বলীনদাঃ আমি জাতীয়তাবাদৰ প্রতি মনোযোগ দিছোঁ যদিও সমগোত্রীয় আন এটা কনচেপ্টৰ প্রসংগ আলোচনাৰ মাজলৈ অনা নাই।
মীনাক্ষীঃ আপুনি নিশ্চয় দেশপ্রেম মানে patriotism ৰ কথা ক’ব বিচাৰিছে।
বলীনদাঃ তুমি অন্যমনস্ক বুলি মৈনাকে এনেই অভিযোগ কৰে। আমাৰ এই আলোচনাই কোন পিনেগতি লৈছে তুমি ঠিকেই অনুমান কৰিব পাৰিছা। এৰা, দেশপ্রেমৰ কথাই ক’ব বিচাৰিছোঁ। দেশপ্রেম আৰু জাতীয়তাবাদ এই দুটা শব্দ সচৰাচৰ আমি একে অর্থতেই ব্যৱহাৰ কৰোঁ। এই কথাত আপত্তি কৰিবলগীয়া একো নাই। পিছে সূক্ষ্মভাৱে ফঁহিয়াই চালে দেখিবা যে জাতীয়তাবাদ আৰু দেশপ্রেমৰ মাজত কোনো পার্থক্য নাই বুলি ক’ব নোৱাৰি। এইবোৰ অৱশ্যে একাডেমিক বিষয়। আড্ডাত নহয়, গম্ভীৰ বাতাৱৰণত গলগলীয়া মাতেৰে পেপাৰ প্রেজেণ্ট কৰি তত্ত্বগধূৰ চর্চাৰ কাৰণে উপযুক্ত এই বিষয়বোৰত আমাৰ দৰে মানুহে মূৰ সুমুৱাবলৈ গ’লে ভূচুং পহু হ’ব লাগিব।
মীনাক্ষীঃ আপোনাৰ লাইব্রেৰীৰ আছুতীয়া আৰু পৰিচিত পৰিৱেশত চলি থকা আমাৰ এই আড্ডাত ভূচুং পহু হোৱাৰ কোনো সম্ভাবনা নাই। গতিকে নির্ভয়ে আপোনাৰ বক্তব্য পেচ কৰক।
বলীনদাঃ সাধাৰণতে জাতীয়তাবাদৰ ৰাজনৈতিক চৰিত্র থাকে — স্বাধীনতাৰ দাবী, ক্ষমতাৰ আংশিক হস্তান্তৰ কৰণ, বঞ্চনা দূৰীকৰণ ইত্যাদি ইত্যাদি। আনহাতে তীব্র স্বকীয়তা-চেতনা — আনকি আত্ম-শ্রেষ্ঠতাৰ ধাৰণাও ইয়াৰ এক লেখত ল’বলগীয়া লক্ষণ।
মীনাক্ষীঃ আপোনাৰ বক্তব্যৰ মূল সুৰটো ধৰিব পাৰিছোঁ। কিন্তু ইয়াৰ লগত মূল্যায়নৰ প্রশ্নটোৰ সম্পর্ক কি?
মৈনাকঃ সেইটোহে আচল কথা, নহয় জানো বলীনদা?
বলীনদাঃ ধৰা, মীনাক্ষীয়ে আমাৰ স্বাধীনতা সংগ্রামৰ বিষয়ে এখন কিতাপ লিখা আৰম্ভ কৰিছে। তাৰ অসম বিষয়ক অধ্যায়টোত মনিৰাম দেৱানৰ নাম থাকিবনে?
মীনাক্ষীঃ কিয় নাথাকিব? ভাৰতৰ প্রথম স্বাধীনতা সংগ্রামৰ শ্বহীদ তেওঁ। ফাঁচী কাঠত দেশৰ হকে প্রাণ দিছিল। কেৱল মনিৰামৰ নাম উল্লেখ কৰিলেই নহ’ব, তেওঁৰ বিষয়ে অলপ বিতংকৈ লিখিব লাগিব আপুনি কল্পনা কৰা কিতাপখনত। মনিৰামক বাদ দি আমাৰ ৰাজনৈতিক জাতীয়তাবাদৰ বৃত্তান্ত জানো লিখা যায়?
বলীনদাঃ এতিয়া প্রশ্ন হ’ল, তোমাৰ কিতাপৰ সেই অধ্যায়ত আনন্দৰাম ঢেকিয়াল ফুকনৰ নাম থাকিবনে? যদি থাকে তেন্তে স্বাধীনতা সংগ্রামত তেওঁৰ অৱদানৰ বিষয়ে কি লিখিবা?… কি হ’ল হে? কিবা এটা উত্তৰ দিয়া।
মীনাক্ষীঃ মানে… ভাৱিছোঁ, স্বাধীনতা সংগ্রামত তেওঁৰ অৱদান কি ধৰণৰ আছিল?
বলীনদাঃ আচল পইণ্ট সেইটো। গুণাভিৰাম বৰুৱাই লিখা আনন্দৰামৰ জীৱনীৰ পৰা জনা যায় সে চিপাহী বিদ্রোহৰ সময়ত আনন্দৰামৰ স্থিতি আছিল মনিৰামৰ বিপৰীত মেৰুত। অথচ আনন্দৰামৰ দেশপ্রেমক তুমি প্রশ্ন কৰিব নোৱাৰা। তেওঁ মাতৃভূমিক ফুলনিৰে সজাই তোলাৰ সপোন দেখিছিল, আধুনিক শিক্ষাৰ আলোকেৰে অসমীয়াৰ মন উদ্ভাসিত হোৱাটো কামনা কৰিছিল, মাতৃ-ভাষাৰ অনাদৰ-অৱমাননা দূৰ কৰাৰ চেষ্টাত ব্রতী হৈছিল। এই গৰাকী মনীষীক দেশপ্রেমিক নুবুলিলে কাক তুমি দেশপ্রেমিক বুলিবা?
মৈনাকঃ তাৰমানে, অনমনীয় সাম্রাজ্যবাদ-বিৰোধী জাতীয়তাবাদী দৃষ্টিকোণৰ পৰা দেশপ্রেমিক আনন্দৰামৰ মূল্যাংকন কৰিব গ’লে আমাৰ সিদ্ধান্ত আসোৱাহপূর্ণ হ’ব। আমি এক ধৰণৰ reductionism ৰ কবলত পৰিম। অর্থাৎ বাজনৈতিক স্থিতিকেই মূল্যাংকনৰ একমাত্র মাপকাঠি হিচাপে গণ্য কৰা হ’ব।
বলীনদাঃ এনে কট্টৰ তথা যান্ত্রিক পদ্ধতিৰ ফলত বিচাৰ-ব্যাখ্যা সহজসাধ্য আৰু সহজবোধ্য হৈ পৰে ঠিকেই, কিন্তু ইতিহাস-চৰ্চাৰ যি বহুমাত্রিক চৰিত্র— সকলো দিশ বিবেচনা কৰি বস্তুনিষ্ঠভাৱে সত্য-সন্ধানৰ যি পদ্ধতি— তাৰ চিন-মোকাম তাত নাথাকে।
মৈনাকঃ বলীনদা, আপোনাৰ বক্তব্যৰ লগত এষাৰ কথা যোগ দিওঁ নে?
বলীনদাঃ নিশ্চয়। বৃদ্ধ বয়সৰ কথা-বতৰাত হৰেক ফাঁক — অনিচ্ছাকৃত ফাঁক থাকি যোৱাটো সম্ভব। মন কৰিবা, ফাকি নহয়, ফাঁকৰ কথাহে কৈছোঁ। কোৱাচোন, তুমি কি কথা যোগ দিব বিচাৰিছা।
মৈনাকঃ মনিৰামৰ ৰাজনৈতিক জাতীয়তাবাদ বা আনন্দৰামৰ দেশপ্রেমৰ মূল্যায়নৰ বেলিকা তেওঁলোকৰ বিবিধ সীমাবদ্ধতাৰ, শ্রেণীগত আৰু ঐতিহাসিক সীমাবদ্ধতাৰ প্রতিও চকু দিব লাগিব। নহ’লে বীৰ-বন্দনাৰ কবলত পৰাৰ সম্ভাৱনা প্রচুৰ।
বলীনদাঃ ছেঃ, এই কথাষাৰ ক’বলে পাহৰি যাব লাগে নে? মস্তিষ্কৰ জটিল নেট ৱর্কত বিজুটি ঘটিলেহে এনে হোৱাটো সম্ভৱ।
মীনাক্ষীঃ সেইবোৰ ফুচুৰি কথা বাদ দিয়ক বলীনদা। অলপ আগতে আপুনি কট্টৰ আৰু যান্ত্রিক বিচাৰ-ব্যাখ্যাৰ কথা কৈছিল। এই প্রকাৰ বিচাৰ-ব্যাখ্যাই সূচনা কৰা তাণ্ডৱলীলা দেখা গৈছিল সত্তৰৰ দশকৰ কলিকতাত। এচাম নক্সাল-পন্থীয়ে বংগৰ কিছু মনীষীৰ বিৰুদ্ধে বিষোদ্গাৰ কৰি, তেওঁলোকৰ মূর্তি ভাঙি ভয়ংকৰ আৰু অভাবনীয় পৰিস্থিতি সৃষ্টি কথাৰ কথা আমি জানো।
বলীনদাঃ জানো মানে কিতাপ-আলোচনীতহে পঢ়িছা। আমি নিজ চকুৰে সেই কালাপাহাৰী কাৰবাৰ দেখি আহিছোঁ।
মীনাক্ষীঃ এই চাম নক্সালে মনীষীসকলৰ মূল্যায়নৰ বেলিকা সূক্ষ্ম বিচাৰবোধৰ পষিচয় দিব পৰা নাছিল।
বলীনদাঃ আচলতে তেওঁলোকৰ চিন্তা-ভাবনা বাইনেৰী বেষ্টনতেই আৱদ্ধ আছিল। ঊনৈশ শতিকাৰ মনীষী সকলৰ ভূমিকা বিচাৰ কৰোঁতে তেওঁলোকৰ উত্তপ্ত মস্তিষ্কত এটা ধাৰণাই নিৰঙ্কুশ আধিপত্য বিস্তাৰ কৰিছিল — ব্যক্তিগৰাকী হয় সাম্রাজ্যবাদ-বিৰোধী, নহয় সাম্ৰাজ্যবাদৰ অনুচৰ, হয় দেশপ্রেমিক, নহয় দালাল। বিদ্যাসাগৰৰ দৰে মনীষীও উগ্র বিচাৰৰ দৌৰাত্ম্যৰ পৰা ৰেহাই পোৱা নাছিল।
মৈনাকঃ এয়া dichotomous thinkingৰ অনিষ্টকৰ পৰিণাম। গাঢ় ক’লা বা শুধ বগা দুটা ৰঙৰ বাহিৰে অন্য সম্ভাবনাৰ কথা এই চিন্তা-পদ্ধতিয়ে প্রশ্ৰয় নিদিয়ে। অৰ্থাৎ, হয় নায়ক, নহয় খলনায়ক। চিন্তাই জটিল একোটা পৰিঘটনা বা বিশেষ কোনো মনীষীৰ বহুমাত্রিক ব্যক্তিত্ব তথা ভূমিকাক সৰলীকৃত ৰূপ দিয়ে।
মীনাক্ষীঃ সেই কাৰণে সত্তৰৰ দশকৰ উত্তাল সময়ছোৱাত ঊনৈশ শতিকাৰ প্রবাহমান নদীৰ বুকুত জিলিকি থকা যিকোনো ৰৌ-বৰালী-
বলীনদাঃ সর্বনাশ !!
মীনাক্ষী + মৈনাকঃ কি হ’ল?
বলীনদাঃ শ্রীমতীয়ে পুৱাই কৈছিল এক কিলো ৰৌ মাছ আনিবলৈ। আজি আলহী অহাৰ কথা। তোমালোকৰ লগত আড্ডা মাৰি মূল্যায়নৰ মেৰ-পাকত সোমাই নিজৰ বিপদ নিজেই চপাই ললোঁ।
মৈনাকঃ ৰ’বা বলীনদা। আপোনাৰ ৰৌ মাছ, লোকেল ৰৌ, এইমাত্র আনি দিছোঁ।
বলীনদাঃ নালাগে, নালাগে। অপদার্থ হিচাপে এই অধমৰ মূল্যায়ন ইতিমধ্যে হৈ গৈছে, এতিয়া পৰশ্ৰমজীৱীৰূপে তিৰষ্কৃত হোৱাৰ কোনো বাসনা নাই। বিদায়।
(ৰচনাকাল: ২৬/১/২৬)

